





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ, ঠিক সেই সময়তে কিবা পৰি যোৱাৰ এটা বিকট শব্দ শুনা পালোঁ। তেতিয়া তেখেতে ক'লেঃ "তোমালোকে জানানে এইটো কিহৰ শব্দ?" তেওঁ কৈছেঃ আমি ক'লোঁ, আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেতিয়া তেখেতে ক'লেঃ "এইটো এটা শিল, যিটো সত্তৰ বছৰ আগত জাহান্নামত নিক্ষেপ কৰা হৈছিল, এতিয়াহে গৈ জাহান্নামৰ তল পালে।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা বিকট শব্দ শুনা পালে, যিদৰে এটা শকত শৰীৰৰ মানুহ পৰি গলে শব্দ হয়। ইয়াৰ পিছত তেখেতে তেখেতৰ ওচৰত থকা চাহাবাসকলক এই শব্দটোৰ বিষয়ে সুধিলে। তেওঁলোকে ক'লেঃ আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালকৈ জানে। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকে শুনা পোৱা এই শব্দটো হৈছে এটা শিলৰ শব্দ, যিটোক সত্তৰ বছৰ আগত জাহান্নামৰ পাৰৰ পৰা নিক্ষেপ কৰা হৈছিল, ইমান দিনে সেইটো পৰিয়ে আছিল, এতিয়াহে গৈ তল পালে।
ছালামাহ ইবনুল আকৱা -ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, কোনো এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত বাওঁ হাতেৰে খানা খোৱাত তেখেতে তাক ক'লেঃ "সোঁ হাতেৰে খোৱা।" সি উত্তৰত ক'লেঃ মই খাব নোৱাৰোঁ। তেখেতে ক'লেঃ "তই যেন খাবও নোৱাৰ'।" কাৰণ সি অহংকাৰ কৰি তেখেতৰ নিৰ্দেশ অমান্য কৰিছিল। (বৰ্ণনাকাৰীয়ে) কৈছেঃ ইয়াৰ পিছৰ পৰা সি কেতিয়াও নিজৰ সোঁ হাত মুখৰ ওচৰলৈকে আনিব পৰা নাছিল।
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন ব্যক্তিক বাওঁ হাতেৰে খানা খোৱা দেখি তাক সোঁ হাতেৰে খাবলৈ নিৰ্দেশ দিলে, কিন্তু সি অহংকাৰ কৰি মিছাতে ক'লে যে, সি সোঁ হাতেৰে খাব নোৱাৰে। সেয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাক বদ্দুআ দি ক'লে, সি যেন সোঁ হাতেৰে কেতিয়াও খাব নোৱাৰে। ফলত আল্লাহেও নবীৰ দুআ কবূল কৰিলে আৰু সেই ব্যক্তিৰ হাত অক্ষম কৰি দিলে। এতেকে ইয়াৰ পিছত সি কেতিয়াও আৰু খোৱা বোৱা কৰিবলৈ নিজৰ সোঁ হাত মুখৰ ওচৰলৈকে লব পৰা নাছিল।
আবু উমামা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে বিদায়ী হজ্জৰ ভাষণত কৈছিলঃ "তোমালোকে তোমালোকৰ প্ৰতিপালক আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। পাঁচ ওৱাক্ত নামাজ আদায় কৰা, তোমালোকৰ নিৰ্ধাৰিত মাহৰ ৰোজা পালন কৰা, আৰু তোমালোকৰ সম্পদৰ জাকাত আদায় দিয়া, লগতে তোমালোকৰ শাসকসকলৰ নিৰ্দেশনা মানি চলা, তেতিয়াহে তোমালোকৰ প্ৰতিপালকৰ জান্নাতত প্ৰৱেশ কৰিব পাৰিবা।"
(তিৰমিজী, আহমদ)চন ১১ হিজৰীত আৰাফাৰ দিনা বিদায়ী হজ্জত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উপস্থিত লোকসকলক সম্বোধন কৰি বিদায়ী ভাষণ প্ৰদান কৰিছিল। ইয়াক হাজ্জাতুল ৱিদা এইকাৰণে কোৱা হয়, কাৰণ এইটো আছিল তেখেতৰ বিদায়ী হজ্জ, য'ত তেখেতে মানুহক সম্বোধন কৰি বিদায়ী ভাষণ প্ৰদান কৰিছিল। তেখেতে সেই ভাষণত আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে, লগতে আল্লাহৰ আদেশ মানিবলৈ আৰু তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশনা দিছে। এইদৰে আল্লাহে ফৰজ কৰা দিনে ৰাতি পাঁচ ওৱাক্ত চালাত আদায় কৰিবলৈ কৈছে। ৰমাজান মাহৰ ৰোজা ৰাখিবলৈ কৈছে। ধন-সম্পদৰ জাকাত হিতাধিকাৰীক আদায় দিবলৈ নিৰ্দেশ দিছে। এই ক্ষেত্ৰত কৃপণালি কৰিবলৈ বাৰণ কৰিছে। এইদৰে আল্লাহে যিসকলক শাসক বনাইছে, তেওঁলোকৰ গুনাহ ব্যাতিত সকলো নিৰ্দেশনা মানি চলাৰ নিৰ্দেশ দিছে। এইবোৰ কৰ্ম যিয়ে কৰিব, তাৰ প্ৰতিদান হৈছে জান্নাত।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে যেতিয়া নিজৰ ভাতৃৰ সৈতে সাক্ষাৎ কৰিবা, তেতিয়া তাক ছালাম কৰিবা। ইয়াৰ পিছত উভয়ৰ মাজত যদি গছ, দেৱাল, অথবা শিল আদিৰ দ্বাৰা অন্তৰায় হয়, তাৰ পিছত পুনৰ লগ পালে আকৌ ছালাম কৰিবা।"
(আবু দাঊদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোৰ দ্বাৰা মুছলিমসকলক ইজনে সিজনৰ সৈতে যেতিয়াই সাক্ষাৎ হ'ব তেতিয়াই ছালাম কৰিবলৈ উৎসাহিত কৰিছে। আনকি যদি দুজন ব্যক্তি একেলগে খোজকাঢ়ি গৈ আছে, তেনেতে যদি দুয়োৰে মাজত কোনো গছ, দেৱাল অথবা ডাঙৰ শিল এটাৰ জৰিয়তে অন্তৰায় সৃষ্টি হয়, ইয়াৰ পিছত যদি দুয়ো আকৌ লগ হয় তেন্তে তেতিয়াও পুনৰ ছালাম কৰিব লাগে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মই তোমালোকক এনেকুৱা বিষয়ৰ সংবাদ নিদিমনে, যাৰ দ্বাৰা আল্লাহে গুনাহ মোচন কৰে আৰু মৰ্যাদা উন্নীত কৰে?" তেওঁলোকে ক'লে নিশ্চয় জনাওক হে আল্লাহৰ ৰাছুল। তেখেতে ক'লেঃ "অনিচ্ছা সত্ত্বেও ভালকৈ ঘঁহি ঘঁহি অজু কৰা, মছজিদলৈ যাওঁতে অধিক খোজ দিয়া, এটা নামাজৰ পিছত আন এটা নামাজৰ বাবে অপেক্ষা কৰা। এইটোৱে হৈছে ৰিবাত (অৰ্থাৎ প্ৰতিৰক্ষা বাহিনীৰ দৰে কৰ্ম)"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সুধিলে যে, তোমালোকে বিচৰানে যে, মই তোমালোকক এনেকুৱা আমলৰ সংবাদ দিওঁ, যি আমল হৈছে আমলনামাৰ পৰা গুনাহ মোচনৰ কাৰণ, আৰু জান্নাতত উচ্চ মৰ্যাদা অৰ্জন কৰাৰ উপায়? চাহাবাসকলে ক'লেঃ হয় আমি এইটো বিচাৰোঁ। তেখেতে ক'লেঃ প্ৰথমঃ কষ্টকৰ হোৱা সত্ত্বেও পৰিপূৰ্ণৰূপে অজু কৰা, যেনে- শীতকালত, অথবা পানী কম থকাৰ সময়ত, নাইবা শৰীৰত কোনো বিষ-বেদনা থকাৰ সময়ত, নাইবা গৰম পানীৰে অজু কৰোঁতে। দ্বিতীয়ঃ অধিক খোজ দিয়া, অৰ্থাৎ ঘৰৰ পৰা মছজিদৰ দূৰত্ব বেছি হোৱা সত্ত্বেও খোজকাঢ়ি যোৱা। তৃতীয়ঃ নামাজৰ বাবে অপেক্ষা কৰা, আৰু ইয়াৰ বাবে অন্তৰক ওলোমাই ৰখা (অৰ্থাৎ সদায় প্ৰস্তুত হৈ থকা)। জামাআতৰ বাবে মছজিদত বহি অপেক্ষা কৰা। এটা নামাজ পঢ়াৰ পিছত আনটো নামাজৰ বাবে অপেক্ষা কৰা। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, এইটোৱে হৈছে প্ৰকৃত প্ৰতিৰক্ষামূলক কাম। কাৰণ তেওঁ চয়তানক নিজৰ নফছৰ ওপৰত প্ৰভাৱ পেলাবলৈ সকলো দুৱাৰ বন্ধ কৰিছে। নিজৰ প্ৰবৃত্তিক দমন কৰিছে। কুমন্ত্ৰণা গ্ৰহণৰ পৰা নিজকে ৰক্ষা কৰিছে। ফলত আল্লাহৰ দলে চয়তানৰ সেনা বাহিনীক পৰাস্ত কৰিছে। এইটোৱে হৈছে মহা জিহাদ। ফলত এইটো হৈছে শত্ৰুৰ বিপক্ষে প্ৰতিৰক্ষাত নিয়োজিত সেনাবাহিনীৰ কৰ্মৰ দৰে।
আবু দাৰদা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মই তোমালোকক তোমালোকৰ সকলো আমলতকৈ উত্তম এটা আমল সম্পৰ্কে সংবাদ নিদিমনে, যিটো তোমালোকৰ প্ৰতিপালকৰ ওচৰত অতিকৈ পৱিত্ৰ আৰু তোমালোকৰ মৰ্যাদা উন্নীত কৰিব। এনেকুৱা আমল যিটো সোণ-ৰূপ দান কৰাতকৈও উত্তম আৰু সেই যুদ্ধতকৈও উত্তম যি যুদ্ধত তোমালোকে শত্ৰুসকলক হত্যা কৰা আৰু সিহঁতে তোমালোকক শ্বহীদ কৰে?" চাহাবাসকলে ক'লেঃ নিশ্চয় জনাওক। তেখেতে ক'লেঃ সেয়া হৈছে, "মহান আল্লাহক স্মৰণ কৰা (অৰ্থাৎ জিকৰ-আজকাৰ কৰা)।"
(তিৰমিজী, ইবনে মাজাহ, আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সুধিলেঃ তোমালোকে বিচৰানে যে, মই তোমালোকক এনেকুৱা আমল সম্পৰ্কে সংবাদ দিওঁ তথা এনেকুৱা এটা বিষয় শিকাওঁ, যিটো তোমালোকৰ সকলো আমলতকৈ উত্তম, তথা তোমালোকৰ মালিক সৰ্বশক্তিমান আল্লাহৰ দৃষ্টিত অত্যন্ত মৰ্যাদাৱান, অতি উত্তম তথা অতি পৱিত্ৰ? লগতে যি আমলে জান্নাতত তোমালোকৰ মৰ্যাদা উন্নীত কৰিব? যিটো তোমালোকৰ বাবে সোণ-ৰূপ চাদাক্বাহ কৰাতকৈও উত্তম? আনকি যুদ্ধক্ষেত্ৰত শত্ৰুসকলৰ মুখামুখী হোৱাতকৈও উত্তম, য'ত তোমালোকে শত্ৰুপক্ষক আঘাত কৰা আৰু সিহঁতে তোমালোকক আঘাত কৰে। চাহাবাসকলে ক'লেঃ হয় আমি এইটো বিচাৰোঁ। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ সকলো সময়তে আৰু সকলো অৱস্থাতে আল্লাহৰ জিকৰ-আজকাৰ কৰা।
ছুলাইমান বিন চুৰাদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে বহি আছিলোঁ, ওচৰতে দুজন ব্যক্তিয়ে ইজনে সিজনক গালি পাৰি আছিল। তাৰে এজনৰ খঙত মুখমণ্ডল ৰঙা পৰিছিল আৰু শিৰাবোৰ ফুলি উঠিছিল। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "মই এনেকুৱা এটা বাক্য জানো, যদি এই মানুহজনে সেইটো পাঠ কৰে তেন্তে তাৰ খং দূৰ হ'ব। যদি এওঁ আউজু বিল্লাহি মিনাশ্ব শ্বাইত্বান, পঢ়ে তেন্তে তাৰ খং দূৰ হৈ যাব।" তেতিয়া লোকসকলে তাক ক'লেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তুমি চয়তানৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা।" তেতিয়া সি ক'লেঃ মই উন্মাদ নেকি?
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখতে দুজন ব্যক্তিয়ে ইজনে সিজনক গালি পাৰি আছিল। তাৰে এজনৰ ক্ৰোধত মুখখন ৰঙা পৰি গৈছিল। লগতে ডিঙিৰ সিৰাবোৰ ফুলি উঠিছিল। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ মই এনেকুৱা এটা বাক্য জানো, সেই বাক্যটো যদি এই খঙাল ব্যক্তিজনে পাঠ কৰে তেন্তে তাৰ খং দূৰ হ'ব। সেইটো হৈছেঃ আউজু বিল্লাহি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম। তেতিয়া লোকসকলে তাক ক'লে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তোমাক বিতাৰিত চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবলৈ উপদেশ দিছে। (অৰ্থাৎ আউজু বিল্লাহি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম। পাঠ কৰাৰ উপদেশ দিছে।) তেতিয়া সি ক'লেঃ মই উন্মাদ নেকি? সি ধাৰণা কৰিছিল যে, কেৱল বলিয়া বা উন্মাদ ব্যক্তিয়েহে চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰে।
আবু কাতাদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ভাল সপোন হৈছে আল্লাহৰ ফালৰ পৰা আৰু বেয়া সপোন হৈছে চয়তানৰ ফালৰ পৰা। যদি তোমালোকৰ মাজৰ কোনোবাই বেয়া সপোন দেখি ভয় পায় তেন্তে তেওঁ বাওঁফালে থু পেলোৱা উচিত। লগতে ইয়াৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত। তেতিয়া ইয়াৰ ফলত কোনো ক্ষতি নহ'ব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, আনন্দদায়ক ভাল সপোন হৈছে আল্লাহৰ ফালৰ পৰা প্ৰেৰিত। আনহাতে অপছন্দনীয় চিন্তনীয় বেয়া সপোন হৈছে চয়তানৰ ফালৰ পৰা। এতেকে যদি কোনোবাই এনেকুৱা বেয়া সপোন দেখে তেন্তে তেওঁ বাওঁফালে থু পেলোৱা উচিত, আৰু ইয়াৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত। এনেকুৱা কৰিলে তেওঁৰ কোনো ক্ষতি নহ'ব। মহান আল্লাহে এই পদ্ধতিটোক বেয়া সপোনৰ অনিষ্টৰ পৰা ৰক্ষা পোৱাৰ কাৰণ বনাইছে।
উক্ববা বিন আমিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! নাজাত কেনেকৈ পাব পাৰি? তেখেতে ক'লেঃ তুমি তোমাৰ জিভাক নিয়ন্ত্ৰণত ৰাখিবা, বেছিভাগ সময় নিজৰ ঘৰত থকাৰ চেষ্টা কৰিবা, লগতে নিজৰ গুনাহৰ বাবে কান্দিবা।"
(তিৰমিজী, আহমদ)এজন মুমিন ব্যক্তিয়ে দুনিয়া আৰু আখিৰাতত কেনেকৈ নাজাত পাব পাৰে? ইয়াৰ উপায় বিচাৰি উক্ববা বিন আমিৰ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক এটা প্ৰশ্ন কৰিছিল। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তিনিটা বিষয় উল্লেখ কৰিছিলঃ প্ৰথমঃ এনেকুৱা বিষয়ৰ পৰা নিজৰ জিভাক নিয়ন্ত্ৰণত ৰাখিবা য'ত কোনো কল্যাণ নাই। লগতে প্ৰত্যেক অনিষ্ট সাধন কৰিব পৰা কথাৰ পৰাও নিয়ন্ত্ৰণত ৰাখিবা। কল্যাণমূলক কথাৰ বাহিৰে বেলেগ কোনো কথা নক'বা। দ্বিতীয়ঃ নিৰ্জনতাত ইবাদত কৰিবলৈ ঘৰতে থাকিবা। সৰ্বশক্তিমান আল্লাহৰ আনুগত্যত সদায় ব্যস্ত থাকিবা। ফিতনাৰ পৰা ৰক্ষা পাবলৈ ঘৰতে থাকিবা। তৃতীয়ঃ হৈ যোৱা গুনাহৰ বাবে তাওবা কৰা, অনুতপ্ত হোৱা আৰু আল্লাহৰ ওচৰত অনুনয়-বিনয় কৰা।