





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বেছিভাগ সময়তে এই দুআ পাঠ কৰিছিল, (يَا مُقَلِّبَ القُلُوبِ ثَبِّتْ قَلْبِي عَلَى دِينِكَ) "হে অন্তৰ পৰিবৰ্তনকাৰী! তোমাৰ দ্বীনৰ ওপৰত মোৰ অন্তৰ দৃঢ় ৰাখিবা।" এই দেখি মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! আমি আপোনাৰ ওপৰত আৰু আপুনি লৈ অহা চৰীয়তৰ ওপৰত ঈমান আনিছোঁ, তথাপিও আমাকলৈ আপোনাৰ ভয় আছে নেকি? তেখেতে ক'লেঃ "হয়। নিশ্চয় অন্তৰসমূহ আল্লাহৰ আঙুলিসমূহৰ মাজৰ দুটা আঙুলিৰ মাজত থাকে, তেওঁ যিদৰে ইচ্ছা কৰে সেইদৰেই পৰিবৰ্তন কৰে।"
(তিৰমিজী, আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেছিভাগ সময়তে আল্লাহৰ ওচৰত এই দুআ কৰিছিল যে, আল্লাহে যেন তেখেতক দ্বীনৰ ওপৰত আৰু তেওঁৰ আনুগত্যৰ ওপৰত প্ৰতিষ্ঠিত ৰাখে, লগতে পথভ্ৰষ্টতা আৰু বক্ৰতাৰ পৰা দূৰৈত ৰাখে। আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে আশ্চৰ্য প্ৰকাশ কৰিলে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইটো ইমান কিয় পাঠ কৰে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক জনালে যে, অন্তৰসমূহ আল্লাহৰ আঙুলিসমূহৰ মাজৰ দুটা আঙুলিৰ মাজত থাকে, তেওঁ যিদৰে ইচ্ছা কৰে সেইদৰেই পৰিবৰ্তন কৰে। অন্তৰ হৈছে ঈমান আৰু কুফৰীৰ প্লেটফৰ্ম। অধিক পৰিবৰ্তন হোৱাৰ কাৰণেই আৰবী ভাষাত ইয়াক (القلب) ক্বাল্ব নামেৰে নামকৰণ কৰা হৈছে। আনকি ই কোনো পাত্ৰত উতলি থকা গলিত বস্তুতকৈ বেছি পৰিবৰ্তনশীল। সেয়ে আল্লাহে যাক ইচ্ছা কৰে তাৰ অন্তৰ হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত ৰাখে আৰু দ্বীনৰ ওপৰত অটল ৰাখে। আনহাতে আল্লাহে যাক ইচ্ছা কৰে তাৰ অন্তৰ হিদায়তৰ পৰা বক্ৰতা আৰু পথভ্ৰষ্টতাৰ পিনে পৰিবৰ্তন কৰি দিয়ে।
আবু উমামাৰ পৰা বৰ্ণিত, তেওঁ কৈছে মোক আমৰ বিন আবাছা ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছ বৰ্ণনা কৰিছে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ "ৰাতিৰ শেষাংশত মহান আল্লাহ বান্দাৰ আটাইতকৈ নিকটৱৰ্তী হয়। এতেকে যদি সেই সময়ত তুমি আল্লাহক স্মৰণকাৰীসকলৰ অন্তৰ্ভুক্ত হ'ব পাৰা তেন্তে হোৱাৰ চেষ্টা কৰা।"
(আবু দাঊদ, তিৰমিজী, নাছায়ী)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহ ৰাতিৰ শেষ তৃতীয়াংশত বান্দাৰ একেবাৰে নিকটৱৰ্তী হয়। গতিকে হে মুমিন ব্যক্তি! যদি তুমি তাওফীক পোৱা তথা সক্ষম হোৱা তেন্তে সেই ইবাদতকাৰী, জিকৰ-আজকাৰকাৰী আৰু তাওবাকাৰীসকলৰ অন্তৰ্ভুক্ত হোৱা, যিসকলে সেই সময়ত এইবোৰ ইবাদতত ব্যস্ত থাকে। কাৰণ এইটো খুবেই গুৰুত্বপূৰ্ণ সময়, ইয়াৰ সদ্ব্যৱহাৰ কৰা উচিত, তথা অধ্যৱসায় কৰা উচিত।
ছাওবান ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "মানুহে যিবোৰ দীনাৰ (স্বৰ্ণমুদ্ৰা) ব্যয় কৰে, সেইবোৰৰ মাজত সৰ্বোত্তম দীনাৰ হৈছে সেইটো, যিটো তেওঁ নিজ পৰিয়ালবৰ্গৰ বাবে ব্যয় কৰে। ইয়াৰ পিছত সেই দীনাৰ সৰ্বোত্তম, যিটো তেওঁ আল্লাহৰ পথত (জিহাদ কৰিবলৈ) নিজৰ পৰিবহণৰ বাবে ব্যয় কৰে। ইয়াৰ পিছত সেই দীনাৰ উত্তম, যি দীনাৰ তেওঁ আল্লাহৰ পথত থকা সঙ্গী-সাৰথিসকলৰ ওপৰত ব্যয় কৰে।" আবু কিলাবাই কৈছে, তেওঁ প্ৰথমে পৰিয়ালৰ কথা উল্লেখ কৰিছে। ইয়াৰ পিছত আবু কিলাবাই কৈছেঃ সেই ব্যক্তিতকৈ ডাঙৰ ছোৱাবৰ অধিকাৰী আৰুনো কোন হ'ব পাৰে, যিয়ে নিজৰ সৰু সৰু সন্তানসকলৰ বাবে ব্যয় কৰে? ইয়াৰ বিনিময়ত আল্লাহে সিহঁতক পৱিত্ৰ ৰাখে, আৰু তাৰ দ্বাৰা সিহঁতক উপকৃত কৰে আৰু সিহঁতক সহায় কৰে।
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত ধন-সম্পদ ব্যয় কৰাৰ কেইটামান শিতানৰ কথা উল্লেখ কৰিছে। লগতে যদি ব্যয়ৰ শিতান অধিক হয় তেন্তে সেই সময়ত যিটো বেছি প্ৰয়োজন সেইমতে তেখেতে শিতানবোৰ উল্লেখ কৰিছে, সেয়ে তেখেতে সেইটোক প্ৰথমে উল্লেখ কৰিছে যিটো বেছি গুৰুত্বপূৰ্ণ। এতেকে তেখেতে কৈছে যে, মুছলিমে ব্যয় কৰা সম্পদৰ আটাইতকৈ বেছি ছোৱাব হৈছে সেই সম্পদত, যিটো তেওঁ ব্যয় কৰে নিজৰ অধীনস্থ লোকৰ ওপৰত, যেনে- স্ত্ৰী আৰু সন্তান-সন্ততি। ইয়াৰ পিছত হৈছে যুদ্ধত ব্যৱহাৰ কৰা বাহনৰ বাবে ব্যয় কৰা সম্পদ। ইয়াৰ পিছত হৈছে সেইসকল সংগী-সাৰথিৰ প্ৰতি ব্যয় কৰা, যিসকলে আল্লাহৰ পথত যুদ্ধ কৰে।
আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ "যেতিয়া তোমালোকৰ মাজৰ কোনোবাই ভাল সপোন দেখা পায়, যিটোক তেওঁ পছন্দ কৰে, সেই সপোন হৈছে আল্লাহৰ ফালৰ পৰা। এতেকে এনেকুৱা সপোনৰ বাবে তেওঁ আল্লাহৰ প্ৰশংসা কৰা উচিত আৰু সেইটো বৰ্ণনা কৰা উচিত। আনহাতে ইয়াৰ বিপৰীতে যদি কোনো বেয়া সপোন দেখে, যিটোক তেওঁ অপছন্দ কৰে, তেনেকুৱা সপোন হৈছে চয়তানৰ ফালৰ পৰা। এতেকে এনেকুৱা সপোনৰ অনিষ্টৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত, লগতে এনেকুৱা সপোনৰ বিৱৰণ কাকো দিব নালাগে। ই তাৰ কোনো ক্ষতি কৰিব নোৱাৰিব।"
(বুখাৰী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, আনন্দদায়ক ভাল সপোন হৈছে আল্লাহৰ ফালৰ পৰা। সেয়ে তেখেতে উপদেশ দিছে যে, ইয়াৰ বাবে আল্লাহৰ প্ৰশংসা কৰা উচিত, আৰু প্ৰিয়জনৰ ওচৰত বৰ্ণনা কৰা উচিত। পক্ষান্তৰে বেয়া সপোন, যিটোক মানুহে অপছন্দ কৰে তথা যি সপোনে মানুহক চিন্তিত কৰে, তেনেকুৱা সপোন হৈছে চয়তানৰ ফালৰ পৰা। এনেকুৱা সপোনৰ অনিষ্টতাৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিব লাগে। লগতে এনেকুৱা সপোনৰ বিষয়ে কাকো ক'ব নালাগে। এনেকুৱা কৰিলে সেই সপোনে তাক কোনো ক্ষতি কৰিব নোৱাৰিব, কাৰণ ইয়াৰ অনিষ্টতাৰ পৰা ৰক্ষা পাবলৈ কাকো বৰ্ণনা নকৰাটোকে আল্লাহে ইয়াৰ পৰা সুৰক্ষিত থকাৰ অন্যতম মাধ্যম বনাইছে।
ছুহাইব ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: মুমিনৰ অৱস্থা বৰ অদ্ভুত। নিশ্চয় মুমিনৰ প্ৰতিটো কামেই হৈছে কল্যাণকৰ। মুমিনৰ বাহিৰে আন কাৰো বাবে এই কল্যাণৰ ব্যৱস্থা নাই। মুমিন ব্যক্তি সুখী হ'লে (আল্লাহৰ) কৃতজ্ঞতা প্ৰকাশ কৰে, এইটো তেওঁৰ বাবে কল্যাণকৰ। আনহাতে দুখ-কষ্টত আক্ৰান্ত হ'লে ধৈৰ্য্য ধাৰণ কৰে, এইটোও তেওঁৰ বাবে কল্যাণকৰ।
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুমিনৰ অৱস্থাকলৈ সৎ উদ্দেশ্যে আশ্চৰ্য্য প্ৰকাশ কৰিছে। কাৰণ মুমিনৰ প্ৰতিটো অৱস্থাই হৈছে কল্যাণকৰ, আৰু এই সুবিধা মুমিনৰ বাহিৰে আন কাৰো নাই। মুমিনে যদি আনন্দ লাভ কৰে তেন্তে আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰে। ফলত তেওঁ ইয়াৰ প্ৰতিদান লাভ কৰে। আনহাতে মুমিনক যদি কোনো বিপদ-আপদে স্পৰ্শ কৰে, তেন্তে ইয়াৰ বিনিময়ত তেওঁ আল্লাহৰ ওচৰত ছোৱাব কামনা কৰে। ইয়াৰ ফলত তেওঁ ধৈৰ্য্য আৰু ছোৱাব লাভ কৰে। গতিকে সকলো অৱস্থাতে তেওঁ ছোৱাব লাভ কৰে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া হাঁচি কৰিছিল, তেতিয়া তেখেতে মুখত, হাত অথবা কাপোৰ ৰাখিছিল আৰু শব্দ কম কৰাৰ বা লাঘৱ কৰাৰ চেষ্টা কৰিছিল।
(আবু দাঊদ, তিৰমিজী, আৰু আহমদ)ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া হাঁচি কৰিছিলঃ প্ৰথমঃ হাত অথবা কাপোৰ নিজৰ মুখৰ ওপৰত ৰাখিছিল। যাতে মুখৰ পৰা অথবা নাকৰ পৰা ওলোৱা কোনো বস্তুৱে ওচৰত থকা লোকক কষ্ট নিদিয়ে। দ্বিতীয়ঃ শব্দ লাঘৱ কৰাৰ চেষ্টা কৰিছিল, যাতে উচ্চ নহয়।
উছামা বিন ঝায়েদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে যে, তেওঁক কোৱা হ'ল, আপুনি উছমান ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰলৈ গৈ আলোচনা (কৰি বিষয়টো সমাধান) নকৰে কিয়? তেতিয়া তেওঁ কৈছিলঃ তোমালোকে ভবা নেকি যে, মই তোমালোকক শুনাই শুনাই কথা পাতিম? আল্লাহৰ শপত! মই তেওঁৰ সৈতে একান্তত কথা পাতিছোঁ, যাতে কোনো ধৰণৰ ফিতনাৰ দুৱাৰ নোখোলে। লগতে মই এইটোও পছন্দ নকৰোঁ যে, মোৰ দ্বাৰাই প্ৰথম ফিতনাৰ দুৱাৰ খোলক। লগতে শুনা! কোনোবাই আমাৰ ওপৰত শাসক নিযুক্ত হ'লেই যে, তেওঁ সৰ্বোত্তম ব্যক্তি, মই এইটোও নকওঁ, কাৰণ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "কিয়ামতৰ দিনা এজন ব্যক্তিক অনা হ'ব আৰু জাহান্নামত নিক্ষেপ কৰা হ'ব, যাৰ ফলত তাৰ পেটৰ নাড়ীভুঁৰি ওলাই আহিব। সি সেইটোক লৈ এনেকৈ ঘূৰি ফুৰিব যেনেকৈ গাধই তেলীশালৰ চাৰিওফালে ঘূৰি ফুৰে। সেই সময়ত জাহান্নামীসকল তাৰ চাৰিওফালে একত্ৰিত হ'ব আৰু ক'বঃ হে অমুক! তোমাৰ এই অৱস্থা কেনেকৈ হ'ল? তুমি সৎকৰ্মৰ আদেশ দিয়া নাছিলা জানো, আৰু অসৎকৰ্মৰ পৰা বিৰত ৰখা নাছিলা জানো? সি ক'বঃ হয়। মই সৎকৰ্মৰ আদেশ দিছিলোঁ কিন্তু মই নিজে আমল কৰা নাছিলোঁ, আৰু মই অসৎকৰ্মৰ পৰা নিষেধ কৰিছিলোঁ কিন্তু সেইটো মই নিজেই কৰিছিলোঁ।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত উল্লেখ হৈছে যে, উছামা বিন ঝায়েদক কোৱা হৈছিল যে, মানুহৰ মাজত প্ৰসাৰিত হোৱা ফিতনাক দমন কৰিবলৈ আপুনি উছমান ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে কথা নাপাতে কিয়? তেতিয়া তেওঁ কৈছিল যে, তেওঁ গোপনে তেখেতৰ সৈতে কথা পাতিছে, যাতে ফিতনা সৃষ্টিকাৰীসকলে সুযোগ ল'ব নোৱাৰে। তেওঁ দৰাচলতে মুকলিকৈ শাসকক নিন্দা কৰিব বিচৰা নাছিল। কাৰণ এইটো খলীফাৰ প্ৰতি আক্ৰমণৰ কাৰণ হ'ব পাৰে। লগতে তেওঁ কৈছিল, এইটো হৈছে ফিতনা আৰু অনিষ্টৰ এটা দুৱাৰ, যিটো মই প্ৰথমে খুলিব নিবিচাৰোঁ। ইয়াৰ পিছত উছামা ৰাদ্বিয়াল্লাহু আনহুমাই কৈছেঃ তেওঁ আমীৰক গোপনে পৰামৰ্শ দিয়ে। তেওঁ কাকো তোষামোদ নকৰে যদিও আমীৰ হয়। তেওঁ সিহঁতৰ চাটুকাৰিতা নকৰে আৰু সিহঁতৰ মুখত মিছা প্ৰশংসা নকৰে। ইয়াৰ কাৰণ হৈছে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে যে, কিয়ামতৰ দিনা এজন ব্যক্তিক অনা হ'ব আৰু তাক জাহান্নামত নিক্ষেপ কৰা হ'ব, ফলত ইয়াৰ শাস্তি তথা উৎকট গৰম সহ্য কৰিব নোৱাৰি তাৰ পেটৰ নাড়ীভুঁৰি ওলাই আহিব। সি এই অৱস্থাতে জাহান্নামত ঘূৰি ফুৰিব যিদৰে গাধই তেল আদি পেৰাৰ সময়ত তেলীশালৰ চাৰিওফালে ঘূৰে। তাৰ এই অৱস্থা দেখি জাহান্নামীসকল তাৰ চাৰিওফালে ভিৰ কৰিব, আৰু তাক সুধিবঃ হে অমুক! তুমি দেখোন সৎকৰ্মৰ আদেশ দিছিলা আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰিছিলা, তথাপিও তোমাৰ এই অৱস্থা কিয়? তেতিয়া সি ক'বঃ হয়, নিশ্চয় মই সৎকৰ্মৰ আদেশ দিছিলোঁ কিন্তু মই নিজে আমল কৰা নাছিলোঁ, আৰু মই অসৎকৰ্মৰ পৰা নিষেধ কৰিছিলোঁ কিন্তু সেইটো মই নিজেই কৰিছিলোঁ।
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যিয়ে দুজনী কন্যা সন্তানক প্ৰাপ্তবয়স্ক নোহোৱালৈকে ভালকৈ লালন-পালন কৰিব, কিয়ামতৰ দিনা তেওঁ আৰু মই এনেকৈ নিকটৱৰ্তী থাকিম।" তেখেতে এই কথা কৈ দুটা আঙুলিক একেলগ কৰি দেখুৱালে।
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যাক মহান আল্লাহে দুজনী কন্যা সন্তান দান কৰিছে অথবা দুজনী ভনীয়েক দান কৰিছে, আৰু তেওঁ সিহঁতৰ ভৰণ-পোষণকে আদি কৰি দায় দায়িত্ব পালন কৰিছে আৰু সিহঁতক সৎকৰ্মৰ নিৰ্দেশ দিছে তথা অসৎকৰ্মৰ পৰা সতৰ্ক কৰিছে। অৱশেষত সিহঁত ডাঙৰ দীঘল হৈ প্ৰাপ্তবয়স্কত উপনীত হৈছে। কিয়ামতৰ দিনা সেই ব্যক্তি আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লাম এইদৰে নিকটৱৰ্তী থাকিব। এই বুলি কৈ তেখেতে মধ্যমা আৰু তৰ্জনী আঙুলিক একেলগ কৰি দেখুৱালে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মুমিন নোহোৱাকৈ তোমালোকৰ মাজৰ কোনেও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব, আৰু তোমালোকে প্ৰকৃত মুমিন হ'ব নোৱাৰিবা যেতিয়ালৈকে তোমালোকে ইজনে সিজনক মুহাব্বত নকৰিবা। মই তোমালোকক সেই বিষয়টো জনাই নিদিমনে, যিটো কৰিলে তোমালোকৰ পৰস্পৰৰ মাজত মুহাব্বত সৃষ্টি হ'ব? সেইটো হৈছেঃ তোমালোকে পৰস্পৰে ছালাম আদান প্ৰদান কৰা।
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, জান্নাতত কেৱল মুমিন ব্যক্তিসকলেহে প্ৰৱেশ কৰিব পাৰিব। ইপিনে ঈমান পৰিপূৰ্ণ হ'বলৈ আৰু মুছলিম সমাজৰ সংশোধনৰ বাবে পৰস্পৰে মুহাব্বত ৰখাটো অনিবাৰ্য। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুহাব্বত প্ৰসাৰিত কৰিবলৈ এটা উত্তম উপায় দেখুৱাইছে। সেইটো হৈছে মুছলিমসকলৰ মাজত ছালাম প্ৰচাৰ কৰা, যিটোক আল্লাহে তেওঁৰ বান্দাসকলৰ বাবে অভিবাদন হিচাপে নিৰ্ধাৰণ কৰিছে।