





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ আমি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰত বহি আছিলোঁ, তেনেতে তেখেতে ক'লেঃ আমাক তাকাল্লুফ কৰিবলৈ অৰ্থাৎ প্ৰয়োজন নোহোৱাকৈ নিজকে কষ্ট দিবলৈ নিষেধ কৰিছে।
(বুখাৰী)ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক এনেকুৱা কোনো কাম কৰিবলৈ তথা এনেকুৱা কোনো কথা ক'বলৈ নিষেধ কৰিছে, যাৰ বাবে অপ্ৰয়োজনীভাৱে কষ্ট কৰিব লাগে।
ওমৰ বিন আবু ছালামাহ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ মই বালক অৱস্থাত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ তত্ত্বাৱধানত আছিলোঁ। খোৱাৰ সময়ত মোৰ হাত প্লেটৰ মাজত দৌৰি ফুৰিছিল, অৰ্থাৎ মই কেতিয়াবা প্লেটৰ ইফালৰ পৰা কিবা লৈছিলোঁ আকৌ কেতিয়াবা সিফালৰ পৰা লৈ খাইছিলোঁ। এই দেখি তেখেতে মোক ক'লেঃ "হে বালক! প্ৰথমে বিছমিল্লাহ কোৱা, আৰু সোঁ হাতেৰে খোৱা, লগতে নিজৰ ওচৰৰ পৰা খোৱা।" ইয়াৰ পিছৰ পৰা এইটোৱে আছিল মোৰ খোৱাৰ পদ্ধতি।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})ওমৰ ইবনু আবু ছালামাহ আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী উম্মে ছালামাহ ৰাদ্বিয়াল্লাহু আনহাৰ পুত্ৰ। তেওঁৰ ভৰণ-পোষণৰ দায়িত্ব আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অধীনত। তেওঁ হাদীছটোত জনাইছে যে, তেওঁ যেতিয়া সৰু আছিল তেতিয়া খোৱাৰ সময়ত হাত প্লেটৰ ইফালে সিফালে ঘূৰাইছিল, কেতিয়াবা ইফালৰ পৰা লৈ খাইছিল আকৌ কেতিয়াবা সিফালৰ পৰা লৈ খাইছিল। এই দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক খোৱাৰ তিনিটা নিয়ম শিকাই দিছিল। প্ৰথটো হৈছেঃ খোৱা আৰম্ভ কৰাৰ আগত "বিছমিল্লাহ" বুলি কোৱা। দ্বিতীয়টো হৈছে, সোঁহাতেৰে খোৱা। তৃতীয়টো হৈছে, নিজৰ কাষৰ পৰা তথা এফালৰ পৰা খাদ্য তুলি খোৱা।
ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ কোনোবাই যেতিয়া আহাৰ কৰে তেতিয়া তেওঁ সোঁহাতেৰে খোৱা উচিত, আৰু কিবা সেৱন কৰিলে সোঁহাতেৰে সেৱন কৰা উচিত। কাৰণ চয়তানে নিজৰ বাওঁ হাতেৰে খায় আৰু সেৱন কৰে।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিৰ্দেশ দিছে যে, মুছলিম ব্যক্তিয়ে সোঁহাতেৰে পানাহাৰ কৰিব লাগে আৰু তেখেতে বাওঁ হাতেৰে পানাহাৰ কৰিবলৈ নিষেধ কৰিছে। কাৰণ চয়তানে বাওঁহাতেৰে পানাহাৰ কৰে।
আব্বাছ বিন আব্দুল মুত্তালিব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! মোক এনেকুৱা কিবা শিকাওক যিটো মই সৰ্বশক্তিমান আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিম। তেখেতে ক'লেঃ "আল্লাহৰ ওচৰত নিৰাপত্তা কামনা কৰক।" কিছুদিন পিছত মই আকৌ আহিলোঁ আৰু ক'লোঁঃ হে আল্লাহৰ ৰাছুল! মোক এনেকুৱা কিবা শিকাওক যিটো মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিম। তেতিয়া তেখেতে মোক ক'লেঃ "হে আব্বাছ, হে ৰাছুলৰ খুৰা! আল্লাহৰ ওচৰত আখিৰাত আৰু দুনিয়াৰ নিৰাপত্তা কামনা কৰক।"
(তিৰমিজী, আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুৰা আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এটা দুআ শিকিব বিচাৰিলে যিটোৰ দ্বাৰা তেওঁ আল্লাহৰ ওচৰত দুআ কৰিব। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক দুনিয়া আৰু আখিৰাতৰ অনিষ্ট তথা বিপদ-আপদৰ পৰা নিৰাপত্তা বিচাৰি দুআ কৰিবলৈ শিকালে। আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ কিছু দিন পিছত মই আকৌ গ'লোঁ তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ যে, মোক এটা দুআ শিকাওক, যাতে মই সেইটোৰে আল্লাহৰ ওচৰত দুআ কৰিব পাৰোঁ। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক চেনেহৰ সৈতে মাতি ক'লে, হে আব্বাছ, ৰাছুল্লাহৰ খুৰা! সকলো প্ৰকাৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত নিৰাপত্তা কামনা কৰক, লগতে দুনিয়া আৰু আখিৰাতৰ কল্যাণ কামনা কৰক।
আব্দুৰ ৰহমান ইবনু আবি লাইলাৰ পৰা বৰ্ণিত, তেওঁ কৈছে যে, তেওঁলোক এবাৰ হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰত আছিল, সেই সময়ত হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে পানী বিচৰাত এজন অগ্নিপূজকে তেখেতক (ৰূপেৰে নিৰ্মিত পিয়লাত) পানী আনি দিলে, সেই অগ্নিপূজকে যেতিয়া পিয়লাটো আনি তেখেতৰ হাতত দিলে, তেখেতে সেইটোক লগে লগে দলিয়াই দিলে, আৰু ক'লেঃ মই যদি এওঁক এবাৰ বা দুবাৰতকৈ অধিকবাৰ নিষেধ নকৰিলোঁহেঁতেন তথাপিও বিষয়টো বেলেগ আছিল, অৰ্থাৎ তেখেতে যেনিবা এইটো ক'ব বিচাৰিছে যে, তেন্তে মই এইটো নকৰিলোঁহেঁতেন। কিন্তু মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ, তেখেতে কৈছেঃ "তোমালোকে মিহি অথবা মোটা ৰেচমী কাপোৰ পৰিধান নকৰিবা। এইদৰে সোণেৰে নিৰ্মিত বা ৰূপেৰে নিৰ্মিত পাত্ৰত পানী নাখাবা, আৰু এইবোৰেৰে নিৰ্মিত থালত আহাৰো নকৰিবা। কাৰণ পৃথিৱীত এইবোৰ হৈছে সিহঁতৰ বাবে, আৰু আখিৰাতত হৈছে আমাৰ বাবে"।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পুৰুষসকলক সকলো প্ৰকাৰৰ ৰেচমী কাপোৰ পৰিধান কৰিবলৈ নিষেধ কৰিছে। আনহাতে নাৰী-পুৰুষ উভয়কে সোণ-ৰূপেৰে নিৰ্মিত পানপাত্ৰ অথবা বাচন-বৰ্তনত পানাহাৰ কৰিবলৈ নিষেধ কৰিছে। তেখেতে এই কথাও জনাইছে যে, কিয়ামতৰ দিনা এইটো মুমিনসকলৰ বাবে নিৰ্দিষ্ট থাকিব, কাৰণ পৃথিৱীত তেওঁলোকে আল্লাহৰ আনুগত্যৰ কাৰণে ইয়াৰ পৰা বিৰত আছিল। পক্ষান্তৰে আখিৰাতত কাফিৰসকলক ইয়াৰ ব্যৱহাৰৰ অনুমতি দিয়া নহ'ব। কিয়নো সিহঁতে পৃথিৱীত নিজৰ জীৱনকালতেই ইয়াক ব্যৱহাৰ কৰি আহিছে আৰু সিহঁতে আল্লাহৰ আদেশ উলংঘা কৰিছিল।
ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে পৃথিৱীত ৰেচম পৰিধান কৰিব, আখিৰাতত সি ইয়াৰ পৰা বঞ্চিত হ'ব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছত স্পষ্টভাৱে বৰ্ণনা কৰিছে যে, পুৰুষসকলৰ মাজৰ যিয়ে পৃথিৱীত ৰেচম বস্ত্ৰ পৰিধান কৰিব, যদি সি তাওবা নকৰে তেন্তে শাস্তিস্বৰূপে আখিৰাতত সি ইয়াৰ পৰা বঞ্চিত হ'ব,
আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে যে, এবাৰ মুআৱিয়া (ৰাদ্বিয়াল্লাহু আনহু) মছজিদত বহি থকা এটা হালকাৰ উদ্দেশ্যে ওলাই আহিল, তেখেতে আহি ক'লেঃ কি কাৰণে তোমালোকে ইয়াত বহিছা? তেওঁলোকে ক'লেঃ আমি আল্লাহৰ জিকৰ-আজকাৰ কৰিবলৈ বহিছোঁ। তেখেতে ক'লেঃ তোমালোকে আল্লাহৰ শপত খাই ক'ব পাৰিবানে যে, তোমালোকে ইয়াৰ বাহিৰে বেলেগ কোনো উদ্দেশ্যত বহা নাই? তেওঁলোকে ক'লেঃ আল্লাহৰ শপত! ইয়াৰ বাহিৰে আমাৰ আন কোনো উদ্দেশ্য নাই। তেখেতে ক'লেঃ মই তোমালোকক অপবাদ দিয়াৰ কাৰণে শপত খুওৱা নাছিলোঁ। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত মোৰ দৰে অৱস্থান থকা ব্যক্তিসকলৰ মাজৰ কোনোৱেই মোতকৈ কম হাদীছ বৰ্ণনা কৰা নাই। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামেও এবাৰ চাহাবাসকলৰ এটা হালাকাৰ ওচৰলৈ আহি কৈছিলঃ "তোমালোকে ইয়াত কিয় বহি আছা?" তেওঁলোকে কৈছিলঃ আমি আল্লাহৰ জিকৰ-আজকাৰ কৰিবলৈ বহিছোঁ, লগতে তেওঁ আমাক ইছলামৰ যি পথ দেখুৱাইছে আৰু ইয়াৰ মাধ্যমত তেওঁ আমাক যি নিয়ামত প্ৰদান কৰিছে, তাৰ বাবে আমি তেওঁৰ প্ৰশংসা কৰি আছোঁ। তেখেতে ক'লেঃ "তোমালোকে আল্লাহৰ শপত খাই ক'ব পাৰিবানে যে, ইয়াৰ বাহিৰে বেলেগ কোনো উদ্দেশ্যত তোমালোকে ইয়াত বহা নাই?" তেওঁলোকে ক'লেঃ আল্লাহৰ শপত! ইয়াৰ বাহিৰে আমাৰ আন কোনো বেলেগ উদ্দেশ্য নাই। তেতিয়া তেখেতে ক'লেঃ "শুনা! মই তোমালোকক অপবাদ দিবলৈ শপত খুওৱা নাই, বৰং মোৰ ওচৰলৈ জিব্ৰীলে আহি সংবাদ দি গৈছে যে, সৰ্বশক্তিমান আল্লাহে তোমালোককলৈ ফিৰিস্তাসকলৰ মাজত গৌৰৱ কৰিছে।"
(মুছলিম)মুআৱিয়া ৰাদ্বিয়াল্লাহু আনহুমাই মছজিদৰ এটা হালাকাত অংশগ্ৰহণ কৰা লোকসকলৰ ওচৰত উপস্থিত হৈ সুধিছিল যে, তেওঁলোক কি উদ্দেশ্যত ইয়াত একত্ৰিত হৈছে। তেতিয়া তেওঁলোকে উত্তৰত কৈছিলঃ আল্লাহক স্মৰণ কৰাৰ বাবে অৰ্থাৎ জিকৰ-আজকাৰ কৰাৰ বাবে একত্ৰিত হৈছোঁ। তেতিয়া মুআৱিয়া ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁলোকক শপত খাবলৈ ক'লে, যাতে তেওঁলোকে শপত খাই কয় যে, জিকৰ-আজকাৰৰ বাহিৰে বেলেগ কোনো উদ্দেশ্যত তেওঁলোকে তাত বহা নাই। তেতিয়া তেওঁলোকে তেওঁৰ সন্মুখত শপত খালে। ইয়াৰ পিছত তেখেতে তেওঁলোকক উদ্দেশ্য কৰি ক'লেঃ শুনা! মই তোমালোকক কোনো অপবাদ দিয়াৰ কাৰণে অথবা তোমালোকৰ সত্যতাৰ ক্ষেত্ৰত সন্দেহ কৰি শপত খাবলৈ দিয়া নাছিলোঁ। ইয়াৰ পিছত তেখেতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত থকা তেখেতৰ অৱস্থান সম্পৰ্কে অৱগত কৰিলে, লগতে এই কথাও জনাই দিলে যে, তেখেত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্যতম ঘনিষ্ট ব্যক্তি আছিল। তেখেতৰ ঘনিষ্টতাৰ অন্যতম এটা কাৰণ হৈছে এই যে, তেখেতৰ ভনী উম্মে হাবীবাহ আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী। লগতে তেখেত নিজেই আছিল অহী লেখকসকলৰ অন্যতম। ইয়াৰ পিছতো তেখেতে খুবেই কম সংখ্যক হাদীছ বৰ্ণনা কৰিছে। ইয়াৰ পিছত তেখেতে হাদীছ বৰ্ণনা কৰিলে যে, এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰৰ পৰা ওলাই আহি মছজিদত কিছুমান লোকক বহি থকা দেখা পালে। তেওঁলোকে আল্লাহৰ জিকৰ-আজকাৰ কৰি আছিল আৰু আল্লাহে তেওঁলোকক ইছলামৰ পথ দেখুৱাৰ কাৰণে আৰু তেওঁলোকক ইয়াৰ মাধ্যমত যি নিয়ামত প্ৰদান কৰিছে তাৰ বাবে তেওঁলোকে আল্লাহৰ প্ৰশংসা কৰি আছিল। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামেও তেওঁলোকক তাত বহি থকাৰ কাৰণ সুধিছিল আৰু তেওঁলোকক শপত খুৱাইছিল, যিদৰে মুআৱিয়া ৰাদ্বিয়াল্লাহু আনহুৱে এওঁলোকক সুধিছে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক প্ৰশ্ন কৰাৰ কাৰণ সম্পৰ্কে আৰু শপত খোৱাৰ কাৰণ সম্পৰ্কে অৱগত কৰালে যে, ফিৰিস্তা জিব্ৰীল আলাইহিচ্ছালামে আহি জনাইছে যে, সৰ্বশক্তিমান আল্লাহে তোমালোককলৈ ফিৰিস্তাসকলৰ মাজত গৌৰৱ কৰিছে, তেওঁলোকৰ সন্মুখত তোমালোকৰ ফজিলত দাঙি ধৰিছে। তোমালোকৰ উত্তম আমলসমূহ তেওঁলোকক দেখুৱাইছে আৰু তেওঁলোকৰ সন্মুখত তোমালোকৰ প্ৰশংসা কৰিছে।
জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ দ্বাৰা বৰ্ণিত যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ “যেতিয়া কোনো মানুহে নিজৰ ঘৰত প্ৰৱেশ কৰে, লগতে প্ৰৱেশ কৰাৰ সময়ত আৰু খোৱাৰ সময়ত আল্লাহৰ নাম লয়, তেতিয়া চয়তানে (তাৰ সহযোগীসকলক) কয়: ইয়াত তোমালোকৰ বাবে ৰাতি কটোৱাৰ কোনো ঠাই নাই আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ বাবেও কোনো উপায় নাই। আনহাতে ঘৰত প্ৰৱেশ কৰাৰ সময়ত যদি কোনোবাই আল্লাহৰ নাম নলয়, তেতিয়া চয়তানে কয়: তোমালোকে ৰাতি কটাবলৈ ঠাই পাই গ'লা আৰু যদি আহাৰ কৰাৰ সময়ত আল্লাহৰ নাম নলয় তেতিয়া কয়: তোমালোকে ৰাতি কটাবলৈও ঠাই পালা আৰু আহাৰ কৰাৰো সুযোগ লাভ কৰিলা।"
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিৰ্দেশ দিছে যে, ঘৰত প্ৰৱেশ কৰাৰ সময়ত আৰু আহাৰ কৰাৰ সময়ত আল্লাহৰ নাম লব লাগে। অৰ্থাৎ বিছমিল্লাহ বুলি কৈ ঘৰত প্ৰৱেশ কৰিব লাগে তথা পানাহাৰ আৰম্ভ কৰিব লাগে। তেতিয়া চয়তানে তাৰ সহযোগীসকলক কয়ঃ এই ঘৰত তোমালোকৰ ৰাতি যাপন কৰাৰ কোনো সুযোগ নাই আৰু পানাহাৰৰো কোনো সুযোগ নাই। কাৰণ ঘৰৰ গৰাকীয়ে আল্লাহৰ নাম লৈ ঘৰখনক সুৰক্ষিত কৰিছে। আনহাতে যদি কোনোবাই ঘৰত প্ৰৱেশ কৰাৰ সময়ত আল্লাহৰ নাম নলয় আৰু আহাৰ কৰাৰ সময়তো যদি আল্লাহৰ নাম নলয়, তেতিয়া চয়তানে তাৰ সহযোগীসকলক কয়ঃ তোমালোকে ৰাতি থকাৰ ঠাই পাই গ'লা, আৰু এই ঘৰখনত পানাহাৰ কৰাৰো সুবিধা পালা।
আবু মুছা ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সৎ সঙ্গী আৰু অসৎ সঙ্গীৰ উদাহৰণ হৈছে আতৰ বিক্ৰেতা আৰু ভাটিত ফুঁ দিয়া কমাৰৰ দৰে। সুগন্ধি বিক্ৰেতাই হয়তো আপোনাক আতৰ উপহাৰ হিচাপে দিব, নহ'লে আপুনি তাৰ পৰা কিনি ল'ব, নাইবা আপুনি তাৰ ওচৰত থাকিলে ভাল সুগন্ধি পাই থাকিব। আনহাতে ভাটিত ফুঁ দিয়া কমাৰৰ ওচৰত বহিলে হয়তো ফিৰিঙতিয়ে আপোনাৰ কাপোৰ পুৰি দিব নাইবা আপুনি বেয়া গোন্ধ পাই থাকিব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত দুই ধৰণৰ ব্যক্তিৰ উদাহৰণ দাঙি ধৰিছেঃ প্ৰথম প্ৰকাৰঃ এনেকুৱা নেক সঙ্গী বা বন্ধু যিয়ে আল্লাহৰ ফালে পথ দেখুৱায়, আৰু যিটো কৰিলে আল্লাহ সন্তুষ্ট হয়। লগতে নেক কামত সহায় কৰে। ইয়াৰ উদাহৰণ হৈছে, আতৰ বিক্ৰেতাৰ দৰে। আতৰ বিক্ৰেতাৰ সৈতে যদি আপুনি বহে, হয়তো তেওঁ আপোনাক আতৰ উপহাৰ দিব, অথবা আপুনি তেওঁৰ পৰা কিনি ল'ব, নাইবা আপুনি তেওঁৰ সৈতে থাকিলে সুগন্ধি পাই থাকিব। দ্বিতীয় প্ৰকাৰ হৈছে বেয়া বন্ধু বা বেয়া সংগী: যিয়ে আল্লাহৰ পথৰ পৰা বিৰত ৰাখে, আৰু অসৎকৰ্মত সহযোগ কৰে, লগতে সদায় বেয়া কৰ্মত লিপ্ত থাকে। এনেকুৱা অসৎ চৰিত্ৰ লোকৰ সৈতে থাকিলে নিন্দিত হ'ব লাগিব, অন্যথা নিজেও এটা সময়ত বেয়া কামত লিপ্ত হ'ব। ইয়াৰ উদাহৰণ হৈছে কমাৰৰ দৰে, যিয়ে কমাৰ শালত সদায় জুই ফুঁৱাই থাকে, ফলত যিয়ে তাৰ সৈতে বহিব, হয়তো ফিৰিঙতিয়ে তাৰ কাপোৰ পুৰিব, অথবা সি বেয়া গোন্ধ পায়ে থাকিব।