





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত সৰ্বপ্ৰথম যি অহী আহিছিল, সেয়া আছিল নিদ্ৰাৱস্থাত নেক সপোনৰ মাধ্যমত। যি সপোন তেখেতে দেখা পাইছিল সেয়া একেবাৰে প্ৰভাতৰ কিৰণৰ নিচিনা প্ৰকাশিত (বাস্তৱ প্ৰমাণিত) হৈছিল। তাৰ পিছত তেখেতে নিৰ্জনতা পছন্দ কৰিবলৈ ধৰিলে আৰু তেওঁ ‘হিৰা’ৰ গুহাত নিৰ্জনে অৱস্থান কৰি ইবাদত কৰিবলৈ ধৰিলে। তেখেতে নিজ পৰিয়ালৰ ওচৰত উভতি আহি কিছুমান খাদ্যসামগ্ৰী লগত লৈ আকৌ উভতি গৈছিল- এনেকৈ তাত তেখেতে কেই ৰাতিমান ‘ইবাদতত মগ্ন আছিল, তাৰ পিছত খাদীজাহ ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰত উভতি আহি আকৌ সেই একেই সময়ৰ বাবে খাদ্যদ্ৰব্য লৈ গুচি গৈছিল। এনেকৈ ‘হিৰা’ গুহাত অৱস্থানকালত তেখেতৰ ওচৰলৈ সত্য (সহকাৰে ফিৰিস্তা) আগমন কৰে। তেখেতৰ ওচৰত এজন মালাক (ফিৰিস্তা) আহি ক’লে, ‘পঢ়া’। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লেঃ ‘‘মই পঢ়িব নোৱাৰোঁ”। তেখেত (চাল্লাল্লাহু আলাইহি অছাল্লাম) এ কৈছেঃ ‘তাৰ পিছত তেওঁ মোক সাৱটি ধৰি এনেকৈ চাপ দিলে যে, মই ক্লান্ত হৈ পৰিলোঁ। তাৰ পিছত তেওঁ মোক এৰি দিলে, আকৌ ক’লে ‘পঢ়া’। মই ক’লোঁঃ ‘মই পঢ়িব নোৱাৰোঁ।’ তেওঁ দ্বিতীয়বাৰ মোক সাৱটি ধৰি এনেকৈ চাপ দিলে যে, মই ভাগৰি পৰিলোঁ। তাৰ পিছত তেওঁ মোক এৰি দিলে, আৰু ক’লে ‘পঢ়া’। মই উত্তৰত ক’লোঁ, ‘মই পঢ়িব নোৱাৰোঁ।’ তাৰ পিছত তেওঁ মোক পুনৰ হেঁচা মাৰি ধৰিলে যে, মই আকৌ ক্লান্ত হৈ পৰিলোঁ। তাৰ পিছত তেওঁ মোক এৰি দিলে, আৰু ক’লেঃ ‘‘পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিয়ে সৃষ্টি কৰিছে। তেওঁ মানুহক আলাক্বৰ (ৰক্তপিণ্ডৰ) পৰা সৃষ্টি কৰিছে। পঢ়া, কাৰণ তোমাৰ প্ৰতিপালক মহামহিম।’’- (ছুৰা ‘আল-আলাক্ব ৯৬/১-৩)। তাৰ পিছত এই আয়াতসমূহ লৈ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে- প্ৰত্যাৱৰ্তন কৰিলে। তেখেতৰ হৃদয় কঁপি আছিল। তেওঁ খাদীজাহ বিন্তে খুৱাইলিদ ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰলৈ আহি ক’লে, ‘মোক চাদৰেৰে আবৃত কৰা’, ‘মোক চাদৰেৰে আবৃত কৰা।’ তেতিয়া তেওঁ তেখেতক চাদৰেৰে আবৃত কৰিলে। যেতিয়া শংকা দূৰ হ’ল। তেতিয়া তেখেতে খাদীজাহ ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰত ঘটনা বৃত্তান্ত জনাই দিলে আৰু ক’লে, মই মোৰ জীৱনক লৈ ভয় কৰি আছোঁ। খাদীজাহ ৰাদ্বিয়াল্লাহু আনহাই ক’লে, ‘আল্লাহৰ শপত, কেতিয়াও নহয়। আল্লাহে আপোনাক কেতিয়াও লাঞ্ছিত নকৰিব। আপুনি দেখোন আত্মীয়-স্বজনৰ লগত সদাচৰণ কৰে, অসহায়-দৰিদ্ৰসকলৰ দায়িত্ব বহন কৰে, নিঃসহায়ক সহযোগিতা কৰে, অতিথিক সমাদৰ কৰে আৰু সত্য পথৰ দুৰ্দশাগ্ৰস্তক সহায় কৰে’। তাৰ পিছত তেখেতক লৈ খাদীজাহ ৰাদ্বিয়াল্লাহু আনহাই তেখেতৰ খুৰাৰ ল’ৰা অৰাক্বাহ ইবনে নাওফাল ইবনে ‘আব্দিল আছাদ ইবনে ‘আব্দিল ‘উযযাহ’ৰ ওচৰলৈ গ’ল, যিয়ে অজ্ঞতা যুগত ‘ঈছায়ী ধৰ্ম গ্ৰহণ কৰিছিল। তেখেতে ইব্ৰানী ভাষা লিখিব পাৰিছিল আৰু আল্লাহৰ তাওফীক অনুযায়ী ইব্ৰানী ভাষাত ইঞ্জীলৰ অনুবাদ কৰিছিল। তেওঁ অতি বৃদ্ধ আছিল আৰু অন্ধ হৈ পৰিছিল। খাদীজাহ ৰাদ্বিয়াল্লাহু আনহাই তেখেতক ক’লে, ‘হে (মোৰ) খুড়াৰ ল’ৰা! আপোনাৰ ভতিজাৰ কথা শুনক।’ অৰাক্বাহে তেখেতক সুধিলে, ‘ভতিজা! তুমি কি দেখিছা?’ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে যি দেখিছিল, সকলো ভাঙি-পাতি ক’লে। তেতিয়া অৰাক্বাহে তেখেতক ক’লে, এইজন সেই বাৰ্তা বাহক যাক আল্লাহে মূছা আলাইহিচ্ছালামৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। হায়! মই যদি সেইদিনা থাকিলোঁহেঁতেন। হায়! মই যদি সেইদিনা জীৱিত থাকিলোঁহেঁতেন, যিদিনা তোমাৰ সম্প্ৰদায়ৰ লোকে তোমাক বহিষ্কাৰ কৰিব।’ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, ‘সিহঁতে মোক বহিষ্কাৰ কৰিব নেকি?’ তেখেতে ক’লে, ‘হয়, তুমি যি লৈ আহিছা এনেকুৱা (অহী) যিয়েই লৈ আহিছে তাৰেই লগত বৈৰিতা পূৰ্ণ আচৰণ কৰা হৈছে। সেই সময়ত যদি মই থাকোঁ, তেন্তে মই তোমাক পূৰ্ণ-সাহায্য কৰিম।’ ইয়াৰ কিছুদিন পিছতে অৰাক্বাহে ইন্তিকাল কৰিলে, আৰু অহীৰো বিৰতি ঘটিল।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই জনাইছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত পোন প্ৰথমে সত্য সপোনৰ জৰিয়তে অহীৰ আৰম্ভণি হৈছিল। তেখেতে সপোনত যি যি দেখা পাইছিল, সেইবোৰ বাস্তৱত দিনৰ পোহৰৰ দৰে প্ৰকাশ পাইছিল। ইয়াৰ পিছত তেখেতে নিৰ্জনতা পছন্দ কৰিবলৈ ধৰিলে। তেখেতে হিৰা গুহাত নিৰ্জনতাত কেইবা ৰাতি পৰ্যন্ত একেলেঠাৰীয়ে ইবাদত কৰিছিল, খোৱা বোৱাৰ বাবে কিছু সম্বল লগত লৈ গৈছিল। সেইখিনি শেষ হোৱাৰ পিছত পুনৰ ঘৰলৈ উভতি আহি উম্মুল মুমিনীন খাদীজা ৰাদ্বিয়াল্লাহু আনহাক লগ কৰিছিল, ইয়াৰ পিছত পুনৰ কেইবাদিনৰ খাদ্য সামগ্ৰী লৈ উভতি গৈছিল। অৱশেষত তেখেত হিৰা গুহাত থকা অৱস্থাতে তেখেতৰ ওচৰলৈ সত্য আহি পৰিল। তেখেতৰ ওচৰলৈ এজন ফিৰিস্তা আহিল, যাৰ নাম হৈছে জিব্ৰীল আলাইহিচ্ছালাম। তেওঁ তেখেতক ক'লেঃ পঢ়ক, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ মইতো ভালকৈ পঢ়িব নোৱাৰোঁ। তেখেতে কৈছেঃ সেই ফিৰিস্তাজনে মোক সাৱটি ধৰিলে আৰু অত্যন্ত জোৰে হেঁচা মাৰি ধৰিলে। আনকি মই অত্যন্ত কষ্ট অনুভৱ কৰিলোঁ। ইয়াৰ পিছত তেওঁ মোক এৰি দিলে, আৰু ক'লেঃ পঢ়ক। মই ক'লোঁঃ মই পঢ়িব নোৱাৰোঁ। তেওঁ মোক পুনৰ আগৰ দৰে হেঁচা মাৰি ধৰিলে, আৰু মই ক্লান্ত হৈ পৰিলোঁ। ইয়াৰ পিছত তেওঁ মোক এৰি দিলে আৰু ক'লেঃ পঢ়ক। মই ক'লোঁঃ মই পঢ়িব নোৱাৰোঁ। ইয়াৰ পিছত তেওঁ মোক তৃতীয় বাৰ হেঁচা মাৰি ধৰিলে, আৰু এৰি দিয়াৰ পিছত মোক ক'লেঃ "পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিজনে সৃষ্টি কৰিছে, তেওঁ মানুহক আলাক্বৰ (ৰক্তপিণ্ডৰ) পৰা সৃষ্টি কৰিছে। পঢ়া, কাৰণ তোমাৰ প্ৰতিপালক মহামহিম।" (ছুৰা আল-আলাক্বঃ ৩-১) তেখেত চাল্লাল্লহু আলাইহি অছাল্লামে এই আয়াত কেইটা লৈ ভীত-সন্ত্ৰস্ত অৱস্থাত উভতি আহিল, তেখেতৰ অন্তৰ মৃত্যুৰ ভয়ত কঁপি আছিল। তেখেত উম্মুল মুমিনীন খাদীজাহ বিন্তে খুৱাইলিদ ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰলৈ আহি ক'লেঃ মোক কাপোৰেৰে ঢাকি দিয়া। মোক কাপোৰেৰে ঢাকি দিয়া। ইয়াৰ পিছত তেখেতক কাপোৰেৰে ঢাকি দিয়া হ'ল, অৱশেষত যেতিয়া তেখেতৰ ভয় দূৰ হ'ল। তেতিয়া তেখেতে খাদীজা ৰাদ্বিয়াল্লাহু আনহাক সকলো কথা বিৱৰি ক'লে। লগতে তেখেতে ক'লেঃ মোৰ ভয় লাগি আছে, মই মৰি যাওঁ নেকি। তেতিয়া খাদীজা ৰাদ্বিয়াল্লাহু আনহাই ক'লেঃ নহয়, কেতিয়াও নহয়। আল্লাহে কেতিয়াও আপোনাক লাঞ্ছিত নকৰিব। কাৰণ আপুনি আত্মীয় স্বজনৰ সৈতে সদ্ব্যৱহাৰ কৰে, দুখীয়া দৰিদ্ৰ অভাৱী লোকক সহায়-সহযোগিতা কৰে। বৰং মানুহে আপোনাৰ পৰা যি পায়, সেইটো আনৰ ওচৰত নাপায়। আপুনি অতিথিক যথাযোগ্য আপ্যায়ন কৰে, লগতে সত্যৰ পথত দুৰ্দশাগ্ৰস্ত লোকক সহায় কৰে। ইয়াৰ পিছত খাদীজা ৰাদ্বিয়াল্লাহু আনহাই তেখেতক লৈ অৰাক্বাহ বিন নাওফল বিন আছাদ বিন আব্দুল উঝ্ঝাৰ ওচৰলৈ আহিল। তেওঁ আছিল খাদীজাৰ খুৰাৰ পুত্ৰ। তেওঁ আছিল এজন গুণী জ্ঞানী ব্যক্তি, অজ্ঞতা যুগতে তেওঁ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁ ইব্ৰানী ভাষা লিখিব পাৰিছিল আৰু আল্লাহৰ তাওফীক অনুযায়ী ইব্ৰানী ভাষাত ইঞ্জীলৰ অনুবাদ কৰিছিল। তেওঁ অতি বৃদ্ধ আছিল আৰু অন্ধ হৈ পৰিছিল। খাদীজাহ ৰাদ্বিয়াল্লাহু আনহাই তেওঁক ক’লেঃ ‘হে (মোৰ) খুড়াৰ ল’ৰা! আপোনাৰ ভতিজাৰ কথা শুনকচোন।’ অৰাক্বাহে তেখেতক সুধিলে, ‘ভতিজা! তুমি কি দেখিছা?’ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে যি দেখিছিল, সকলো ভাঙি-পাতি ক’লে। তেতিয়া অৰাক্বাই তেখেতক ক’লে, এইজন সেই বাৰ্তা বাহক, যাক আল্লাহে মূছা আলাইহিচ্ছালামৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। হায়! মই যদি সেই সময়ত শক্তিশালী যুৱক হৈ থাকিলোঁহেঁতেন। হায়! মই যদি সেই সময়ত জীৱিত থাকিলোঁহেঁতেন, যেতিয়া তোমাৰ সম্প্ৰদায়ৰ লোকসকলে তোমাক বহিষ্কাৰ কৰিব।’ তেতিয়া ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, ‘সিহঁতে মোক বহিষ্কাৰ কৰিব নেকি?’ তেওঁ ক’লে, ‘হয়। তুমি যি লৈ আহিছা এনেকুৱা (অহী) যিয়েই লৈ আহিছে তাৰেই লগত বৈৰিতা পূৰ্ণ আচৰণ কৰা হৈছে। সেই সময়ত যদি মই থাকোঁ, তেন্তে মই তোমাক পূৰ্ণ-সাহায্য কৰিম।’ ইয়াৰ কিছুদিন পিছতে অৰাক্বাহ বিন নাওফলৰ ইন্তিকাল হৈছিল। ইপিনে অহীৰো বিৰতি ঘটিল।
আবূ ছালামা ইবনু আব্দিৰ ৰহমানে বৰ্ণনা কৰিছে যে, জাবিৰ ইবনে আব্দিল্লাহ আল-আনচাৰী ৰাদ্বিয়াল্লাহু ‘আনহুমাই অহী বন্ধ থকা সময়ছোৱাৰ ঘটনা বৰ্ণনা কৰি কৈছে যে, "(ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ) এদিনাখন মই খোজকাঢ়ি আছিলোঁ, হঠাৎ আকাশৰ পৰা এটা শব্দ শুনা পালোঁ, ফলত মই ওপৰৰ ফালে দৃষ্টিপাত কৰিলোঁ। দেখিলোঁ, সেইজন ফিৰিস্তা যিজন হিৰা গুহাত মোৰ ওচৰলৈ আহিছিল। তেওঁ আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী ঠাইত এখন আসনত বহি আছে। তেওঁক দেখি মই শংকিত হ'লোঁ। তৎক্ষণাত মই তাৰ পৰা (ঘৰলৈ) গুচি আহি ক'লোঁঃ মোক চাদৰ জাপি দিয়া। এই ঘটনাৰ পিছত মহান আল্লাহে অৱতীৰ্ণ কৰিলেঃ {يَا أَيُّهَا المُدَّثِّرُ1 قُمْ فَأَنْذِرْ} ৰ পৰা {وَالرُّجْزَ فَاهْجُرْ} লৈকে। (ছুৰা মুদ্দাচ্ছিৰঃ ১-৫) ইয়াৰ পাছত অহীৰ ধাৰাবাহিকতা পূৰ্ণাংগৰূপে আৰম্ভ হয়।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, নুবুওৱতৰ প্ৰথম সময়ছোৱাত যেতিয়া অহী বন্ধ হৈছিল তেতিয়াৰ কথা তেখেতে বৰ্ণনা কৰি কৈছে যে, এদিন মই খোজকাঢ়ি আছিলোঁ, হঠাৎ আকাশৰ পৰা এটা শব্দ শুনা পালোঁ, লগে লগে মই ওপৰৰ ফালে দৃষ্টিপাত কৰিলোঁ, দেখা পালোঁ যে, ফিৰিস্তা জিব্ৰীল যিজন গাৰে হিৰাত মোৰ ওচৰলৈ আহিছিল, তেওঁ আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী ঠাইত চকীত বহি আছে, মই তেওঁক দেখি ভীত-সন্ত্ৰস্ত তথা আতংকিত হৈ পৰিলোঁ। ইয়াৰ পিছত মই ঘৰলৈ উভতি গৈ মোৰ স্ত্ৰীক ক'লোঁ, মোক কাপোৰেৰে মেৰিয়াই দিয়া। ইয়াৰ পিছত মহান আল্লাহে অৱতীৰ্ণ কৰিলেঃ {يَا أَيُّهَا المُدَّثِّرُ} হে বস্ত্ৰাবৃত! {قُمْ} দাৱাত দিবলৈ সাজু হওক, {فَأَنْذِرْ} আৰু সতৰ্ক কৰক সেইসকল লোকক, যিসকলে আপোনাৰ ৰিছালতৰ প্ৰতি ঈমান পোষণ নকৰে। {وَرَبَّكَ} আৰু আপোনাৰ উপাস্য তথা প্ৰতিপালকৰ {فَكَبِّرْ} শ্ৰেষ্ঠত্ব ঘোষণা কৰক আৰু প্ৰশংসা কৰক। {وَثِيَابَكَ} আৰু আপোনাৰ পোছাক-পৰিচ্ছদ {فَطَهِّرْ} ময়লা-আৱৰ্জনা তথা অপৱিত্ৰতাৰ পৰা পৱিত্ৰ ৰাখক, {وَالرُّجْزَ} আৰু মূৰ্তি-প্ৰতিমা আদি অপৱিত্ৰতা (শ্বিৰ্ক) {فَاهْجُرْ} পৰিহাৰ কৰা। ইয়াৰ পিছত অহীৰ প্ৰক্ৰিয়া শক্তিশালী হয় উঠে আৰু বৃদ্ধি হয়।
আবু হাঝিমৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই পাঁচ বছৰ পৰ্যন্ত আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ সাহচৰ্য্যত আছিলোঁ। সেই সময়ছোৱাত মই শুনিছোঁ, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এই হাদীছটো বৰ্ণনা কৰিছিল যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "বনী ইছৰাঈলৰ নবীসকলে সিহঁতক শাসন কৰিছিল। যেতিয়াই কোনো নবীৰ মৃত্যু হৈছিল, তেতিয়াই বেলেগ কোনো নবী তেওঁৰ স্থলাভিষিক্ত হৈছিল। কিন্তু শুনা! মোৰ পিছত কোনো নবী নাই, কিন্তু অনেক খলীফা হ'ব।" চাহাবাসকলে সুধিলেঃ এই ক্ষেত্ৰত আপোনাৰ দিশ-নিৰ্দেশনা কি? তেখেতে ক'লেঃ "তোমালোকে ইজনৰ পিছত সিজনৰ বাইআত কৰি তেওঁলোকৰ হক আদায় কৰিবা। নিশ্চয় আল্লাহে তেওঁলোকক জবাবদিহি কৰিব সেই সকলো বিষয় সম্পৰ্কে যিবোৰৰ দায়িত্ব তেওঁলোকক অৰ্পণ কৰা হৈছিল।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, বনী ইছৰাঈলক সিহঁতৰ নবীসকলে শাসন কৰিছিল। তেওঁলোকেই সেই যাৱতীয় দায়িত্ব পালন কৰিছিল, যিবোৰ দায়িত্ব ৰজা বাদশ্বাহসকলে পালন কৰে। যেতিয়াই সিহঁতৰ মাজত বিপৰ্যয় ঘটিছিল তেতিয়াই আল্লাহে সিহঁতৰ মাজত নবী প্ৰেৰণ কৰিছিল। যাতে সিহঁতৰ মাজত সুচাৰুৰূপে শাসন ব্যৱস্থা বাস্তৱায়ন কৰিব পাৰে আৰু সিহঁতে যিবোৰ বিধান বিকৃত কৰিছে সেইবোৰ দূৰ কৰিব পাৰে। কিয়নো মোৰ পিছত কোনো নবী নাহিব। সেয়ে সিহঁতৰ দৰে পৰিৱেশ বিনষ্ট হোৱাৰ পিছত সেইটোক সংশোধন কৰিবলৈ কোনো নবী নাহিব। কিন্তু মোৰ পিছত বহুতো খলীফা হ'ব, আৰু তেওঁলোকৰ মাজত মতানৈক্য আৰু মতভেদ দেখা দিব। এই কথা শুনি চাহাবাসকলে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে, এই ক্ষেত্ৰত আমাৰ বাবে আপোনাৰ নিৰ্দেশনা কি? তেতিয়া তেখেতে ক'লেঃ যদি এজন খলীফাৰ পিছত আন এজন খলীফাৰ বাইআত কৰা হয়। তেন্তে প্ৰথম খলীফাৰ বাইআত সঠিক বুলি গণ্য হ'ব, আৰু সেইটো পালন কৰা অনিবাৰ্য্য। পক্ষান্তৰে দ্বিতীয়জনৰ বাইআত বাতিল বুলি গণ্য হ'ব, আৰু এনেক্ষেত্ৰত বাইআত গ্ৰহণ কৰাও হাৰাম। তোমালোকে মোৰ পিছত অহা খলীফাসকলৰ হক আদায় কৰিবা, তেওঁলোকৰ অনুসৰণ কৰিবা, গুনাহ নোহোৱা তেওঁলোকৰ সকলো দিশ নিৰ্দেশনা মানিবা। কাৰণ আল্লাহে তেওঁলোকক জবাবদিহি কৰিব আৰু সোধ-পোচ কৰিব যে, তেওঁলোকে তোমালোকৰ সৈতে কেনেকুৱা আচৰণ কৰিছিল।
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, চাহাবাসকলৰ এটা দলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলক তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ গোপন ইবাদত সম্পৰ্কে সুধিলে। (তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ইবাদত সম্পৰ্কে শুনি) কোনোবাই ক'লে যে, মই কেতিয়াও বিবাহ নকৰাম, কোনোবাই ক'লে, মই আৰু কেতিয়াও মাংস নাখাওঁ, আৰু আন কোনোবাই ক'লে, মই আজিৰ পৰা বিছনাত শুবলৈ নাযাওঁ। এই খবৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পাই, তেখেতে আল্লাহৰ হাম্দ অ ছানা পাঠ কৰিলে আৰু ক'লেঃ "এই লোকসকলৰ হৈছে কি? এওঁলোকে এনেকুৱা কথা কিয় কৈছে? মই দেখোন নামাজো পঢ়োঁ আৰু টোপনিও যাওঁ, ৰোজাও ৰাখোঁ আৰু ইফতাৰো কৰোঁ, নাৰীসকলক বিবাহো কৰোঁ। এতেকে শুনা! যিয়ে মোৰ ছুন্নতৰ পৰা বিমুখ হ'ব, সি মোৰ অন্তৰ্ভুক্ত নহয়।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})কিছুমান চাহাবা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলৰ ঘৰলৈ আহি প্ৰশ্ন কৰিলে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰৰ ভিতৰত কি কি আমল কৰে। যেতিয়া তেওঁলোকে তেখেতৰ বিষয়ে জনালে, তেতিয়া সেই চাহাবাসকলে তেখেতৰ আমলৰ তুলনাত নিজৰ আমলক খুবেই নগণ্য বুলি ভাবিলে আৰু তেওঁলোকে ক'লেঃ তেখেত নবী হৈ ইমান আমল কৰে আৰু আমি কি কৰি আছোঁ, অথচ তেখেতৰ আগৰ পিছৰ সকলো গুনাহ মাফ কৰি দিয়া হৈছে। পক্ষান্তৰে যাৰ মাগফিৰাত সম্পৰ্কে কোনো নিশ্চয়তাই নাই তেনেকুৱা ব্যক্তিয়েতো আৰু অধিক ইবাদত কৰা উচিত, যাতে সেই মাগফিৰাত অৰ্জন কৰিব পাৰে। ইয়াৰ পিছত কিছুমানে ক'লেঃ মই জীৱনত কেতিয়াও বিবাহ নকৰোঁ। কিছুমানে ক'লেঃ মই আজিৰ পৰা মাংস খোৱা বাদ দিলোঁ। আন কিছুমানে ক'লেঃ মই ৰাতি আৰু নুশুওঁ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া বিষয়টো গম পালে, তেতিয়া তেখেত ক্ৰোধান্বিত হ'ল, আৰু মানুহক সম্বোধন কৰি ভাষণ প্ৰদান কৰিলে, প্ৰথমে আল্লাহৰ প্ৰশংসা কৰিলে আৰু তেওঁৰ স্তুতি কৰিলে আৰু ক'লেঃ লোকসকলৰ হৈছে কি, সিহঁতে এনেকুৱা এনেকুৱা কথা কিয় কয়? শুনা! আল্লাহৰ শপত খাই কৈছোঁ, মই তোমালোকতকৈ অধিক আল্লাহক ভয় কৰোঁ আৰু তোমালোকতকৈ বেছি তাক্বৱা অৱলম্বন কৰোঁ। কিন্তু মই টোপনিও যাওঁ, যাতে ভালদৰে ইবাদত কৰিবলৈ শক্তি আহৰণ কৰিব পাৰোঁ। মই মাজে মাজে ৰোজা নৰখাকৈও থাকোঁ, যাতে ৰোজা ৰাখিবলৈ শক্তি পাওঁ। এইদৰে মই বিবাহো কৰিছোঁ। এতেকে যিয়ে মোৰ তৰীকাৰ পৰা বিমুখ হ'ব আৰু বেলেগ পদ্ধতিক পূৰ্ণাংগ বুলি ধাৰণা কৰিব, তথা মোৰ তৰীকাৰ বাদে বেলেগ কোনো তৰীকা গ্ৰহণ কৰিব, সি মোৰ অন্তৰ্ভুক্ত নহয়।
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক যেতিয়াই দুটা বস্তুৰ যিকোনো এটা গ্ৰহণ কৰিবলৈ বিকল্প দিয়া হৈছিল, তেতিয়া তেখেতে সহজটো গ্ৰহণ কৰিছিল, যদি বিষয়টো গুনাহৰ নহয়। কিন্তু যদি বিষয়টো গুনাহৰ হয়, তেতিয়া তেখেতে ইয়াৰ পৰা আটাইতকৈ দূৰত থাকিছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও নিজৰ বাবে প্ৰতিশোধ লোৱা নাছিল। কিন্তু যদি আল্লাহৰ সীমাৰেখা কোনোবাই লংঘন কৰিছিল তেন্তে তেনে ক্ষেত্ৰত আল্লাহৰ বাবে প্ৰতিশোধ গ্ৰহণ কৰিছিল।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কেইটামান বৈশিষ্ট্য উল্লেখ কৰিছে। তেওঁ উল্লেখ কৰিছে যে, তেখেতক যেতিয়া দুটা বস্তুৰ মাজৰ যিকোনো এটা বাছি লোৱাৰ বিকল্প দিয়া হৈছিল তেতিয়া তেখেতে সহজটোক নিৰ্বাচন কৰিছিল, যদিহে সেইটোৰ দ্বাৰা গুনাহ হোৱাৰ সম্ভাৱনা নাই। কিন্তু যদি গুনাহ হোৱাৰ সম্ভাৱনা থাকে তেতিয়া তেখেতে সেইটোৰ পৰা বহু দূৰ আঁতৰি থাকিছিল আৰু কঠিনটোকে গ্ৰহণ কৰিছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও নিজৰ বাবে প্ৰতিশোধ গ্ৰহণ কৰা নাছিল। বৰং তেখেতে ক্ষমা কৰিছিল আৰু মাফ কৰি দিছিল। কিন্তু যদি কোনোবাই আল্লাহৰ সীমাৰেখা লংঘন কৰিছিল, তেতিয়া তেখেত অত্যন্ত ক্ৰোধান্বিত হৈছিল আৰু আল্লাহৰ বাবে প্ৰতিশোধ গ্ৰহণ কৰিছিল।