





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
উম্মে ছালামাহ উম্মুল মুনিনীন -ৰাদ্বিয়াল্লাহু আনহা-ৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “অদূৰ ভৱিষ্যতত তোমালোকৰ ওপৰত এনেকুৱা শাসকবৃন্দ নিয়োগ কৰা হ’ব, যিসকলৰ (কিছুমান কাম) তোমালোকে ভাল দেখিবলৈ পাবা আৰু (কিছুমান কাম) গর্হিত দেখিবলৈ পাবা। এতেকে যিয়ে (সিহঁতৰ গর্হিত কৰ্মক) ঘৃণা কৰিব, তেওঁ দায়মুক্ত হৈ যাব, আৰু যিয়ে আপত্তি তথা প্ৰতিবাদ জনাব, সেই ব্যক্তিও পৰিত্রাণ পাই যাব। কিন্তু যিয়ে (এইবোৰ কৰ্মত) সন্মত হ’ব আৰু সিহঁতক অনুসৰণ কৰিব (সি ধ্বংস হৈ যাব)।” চাহাবাসকলে ক’লেঃ আমি সিহঁতৰ বিৰুদ্ধে যুদ্ধ নকৰিমনে?’ তেখেতে ক’লেঃ “নহয়; যেতিয়ালৈকে সিহঁতে চালাত কায়েম কৰিব।”
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আমাৰ ওপৰত এনেকুৱা শাসকে শাসন চলাব, যিসকলৰ কিছুমান কাম ভাল হ'ব অৰ্থাৎ চৰীয়ত সন্মত, আৰু কিছুমান হ'ব অসৎ অৰ্থাৎ চৰীয়ত বিৰোধী। এতেকে সিহঁতৰ বেয়া কামবোৰক খণ্ডন কৰাৰ যাৰ ক্ষমতা নাই তেওঁ যদি অন্তৰেৰে সেইবোৰক ঘৃণা কৰে তেন্তে তেওঁ নিফাক আৰু গুনাহৰ পৰা দায়মুক্ত হৈ যাব। এইদৰে যাৰ ওচৰত হাত আৰু মুখৰ দ্বাৰা সেইবোৰৰ প্ৰতিবাদ কৰাৰ ক্ষমতা আছে আৰু তেওঁ যদি সেই ক্ষমতাৰ সদ্ব্যৱহাৰ কৰে তেন্তে তেৱোঁ গুনাহৰ পৰা ৰক্ষা পাব আৰু সিহঁতৰ এই পাপকৰ্মত লিপ্ত হোৱাৰ পৰা সুৰক্ষিত থাকিব। আনহাতে যিয়ে সিহঁতক সমৰ্থন কৰিব আৰু সিহঁতৰ অনুসৰণ কৰিব, সি সিহঁতৰ দৰেই ধ্বংস হ'ব। ইয়াৰ পিছত চাহাবাসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলেঃ এনেকুৱা বৈশিষ্ট্য থকা শাসকৰ বিৰুদ্ধে আমি যুদ্ধ নকৰিমনে? এই কথা শুনি তেখেতে তেওঁলোকক নিষেধ কৰিলে আৰু ক'লেঃ নহয়, সিহঁতৰ লগত তেতিয়ালৈকে যুদ্ধ নকৰিবা যেতিয়ালৈকে সিহঁতে নামাজ পঢ়িব।
আবূ মুছা আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: যেতিয়া বান্দা অসুস্থ হয় অথবা ভ্ৰমণত থাকে, তেতিয়া তাৰ বাবে সেই আমলৰ দৰেই (ছোৱাব) লিখা হয়, যিদৰে তেওঁ মুকীম অৱস্থাত সুস্থ শৰীৰে আমল কৰিছিল।
(বুখাৰী)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ ফজল আৰু তেওঁৰ ৰহমতৰ বিষয়ে জনাইছে। এজন মুছলিম ব্যক্তিয়ে সুস্থ থকা অৱস্থাত স্ব-স্থানত সাধাৰণতে যিবোৰ নেক আমল কৰে, কিন্তু বেমাৰ আজাৰৰ ফলত যদি সেইবোৰ আমল কৰিব নোৱাৰে অথবা ভ্ৰমণত যোৱাৰ কাৰণে যদি সেইবোৰ আমল কৰাত অসুবিধা হয় নাইবা আন কোনো কাৰণত কৰিব নোৱাৰে তেন্তে আল্লাহে তাক সেইবোৰ কৰ্মৰ পৰিপূৰ্ণ ছোৱাব প্ৰদান কৰে, যিদৰে সুস্থ থকা অৱস্থাত বা নিজৰ ঠাইত থকা অৱস্থাত তেওঁ কৰিছিল।
তামীম আত-দাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "দ্বীন হৈছে শুভ কামনাৰ নাম।" আমি প্ৰশ্ন কৰিলোঁ: কাৰ বাবে? তেখেতে ক’লে: "আল্লাহৰ বাবে, তেওঁৰ কিতাবৰ বাবে, তেওঁৰ ৰাছুলৰ বাবে, মুছলিমসকলৰ নেতৃবৃন্দৰ বাবে আৰু সকলো মুছলিমৰ বাবে।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা জনাইছে যে, দ্বীন হৈছে ইখলাচ আৰু সততাৰ ওপৰত প্ৰতিষ্ঠিত। সেয়ে আল্লাহে যিদৰে অনিবাৰ্য কৰিছে সেইদৰেই পৰিপূৰ্ণৰূপে পালন কৰা জৰুৰী, কোনো ধৰণৰ ত্ৰুটি আৰু প্ৰৱঞ্চনা নকৰাকৈ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সোধা হ'ল, শুভকামনা কাৰ বাবে? তেখেতে ক'লেঃ প্ৰথমঃ শুভকামনা হৈছে মহান আল্লাহৰ বাবে, অৰ্থাৎ নিৰ্ভেজালভাৱে তেওঁৰ ইবাদত কৰা আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ নকৰা। এইদৰে তেওঁৰ ৰূবুবিয়্যত, উলুহিয়্যত আৰু আচমা অচিফাতৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁৰ নিৰ্দেশনাক গুৰুত্ব দিয়া আৰু তেওঁৰ প্ৰতি ঈমান আনিবলৈ মানুহক আহ্বান কৰা। দ্বিতীয়ঃ তেওঁৰ পৱিত্ৰ গ্ৰন্থ আল-কোৰআনুল কাৰীমৰ বাবে শুভকামনা পোষণ কৰা। অৰ্থাৎ এই বিশ্বাস পোষণ কৰা যে, এইখন হৈছে মহান আল্লাহৰ বাণী আৰু তেওঁৰ সৰ্বশেষ গ্ৰন্থ, লগতে এইখনে পূৰ্বৱৰ্তী সকলো চৰীয়তক ৰহিত কৰিছে। আমি ইয়াক সন্মান কৰোঁ আৰু যথাযথভাৱে ইয়াৰ তিলাৱত কৰোঁ। ইয়াত থকা মুহকাম আয়াতসমূহৰ ওপৰত আমি আমল কৰোঁ আৰু মুতাশ্বাবিহ আয়াতসমূহক আমি গ্ৰহণ কৰোঁ, আৰু আমি ইয়াৰ বিষয়ে মানুহে কৰা অপব্যাখ্যাক খণ্ডন কৰোঁ, লগতে ইয়াৰ মাজত থকা বিভিন্ন উপদেশ আমি মানি চলোঁ আৰু ইয়াৰ জ্ঞানসমূহ প্ৰচাৰ কৰোঁ আৰু ইয়াৰ প্ৰতি মানুহক আহ্বান কৰোঁ। তৃতীয়ঃ শুভকামনা হৈছে ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে। অৰ্থাৎ আমি এই বিশ্বাস পোষণ কৰিব লাগিব যে, তেখেত হৈছে সৰ্বশেষ ৰাছুল, লগতে তেখেতে যি লৈ আহিছে তাৰ প্ৰতিও আমি বিশ্বাস কৰিব লাগিব, তেখেতৰ আদেশ মানি চলিব লাগিব, তেখেতে যি নিষেধ কৰিছে তাৰ পৰা আঁতৰি থাকিব লাগিব, লগতে একমাত্ৰ সেই পদ্ধতিতেই আমি আল্লাহৰ ইবাদত কৰিব লাগিব যিটো তেখেতে দেখুৱাইছে। তেখেতক সন্মান কৰিব লাগিব, তেখেতৰ বাৰ্তা প্ৰচাৰ কৰিব লাগিব আৰু তেখেতৰ চৰীয়ত প্ৰসাৰ কৰিব লাগিব, আৰু তেখেতৰ প্ৰতি যি যি আৰোপ কৰা হৈছে সেইবোৰক অস্বীকাৰ কৰি খণ্ডন কৰিব লাগিব। চতুৰ্থঃ মুছলিম নেতৃবৃন্দৰ বাবে কল্যাণ কামনা কৰা। অৰ্থাৎ তেওঁলোকক সত্যৰ পথত সহায় কৰা, ক্ষমতাৰ ক্ষেত্ৰত তেওঁলোকৰ সৈতে বিবাদ নকৰা, লগতে আল্লাহৰ আনুগত্য অনুসৰি তেওঁলোকে দিয়া প্ৰতিটো আদেশ মানি চলিব লাগিব। পঞ্চমঃ শুভকামনা হৈছে মুছলিমসকলৰ বাবে। তেওঁলোকক উপকাৰ কৰাৰ মাধ্যমত আৰু এহছানৰ প্ৰতি আহ্বান কৰাৰ মাধ্যমত, তেওঁলোকক বিভিন্ন ক্ষতিৰ পৰা ৰক্ষা কৰাৰ মাধ্যমত, তেওঁলোকৰ বাবে কল্যাণ পছন্দ কৰাৰ মাধ্যমত আৰু তেওঁলোকক নেক কামত আৰু তাক্বৱাৰ কামত সহায় কৰাৰ মাধ্যমত।
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, মই মোৰ এই ঘৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কওঁতে শুনিছোঁ, তেখেতে কৈছেঃ “হে আল্লাহ! মোৰ উম্মতৰ যি ব্যক্তিয়ে কোনো ধৰণৰ কৰ্তৃত্ব লাভ কৰাৰ পিছত মানুহৰ প্রতি ৰূঢ় আচৰণ কৰিব, তুমিও তাৰ প্রতি ৰূঢ় আচৰণ কৰিবা। আনহাতে মোৰ উম্মতৰ যি ব্যক্তিয়ে কোনো দায়িত্ব লাভ কৰাৰ পিছত মানুহৰ সৈতে নম্ৰ আচৰণ কৰিব, তুমিও তাৰ প্রতি নম্রতা দেখুৱাবা আৰু সদয় হ'বা।”
(মুছলিম)হাদীছটোত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেইসকল লোকৰ বিৰুদ্ধে বদ্দুআ কৰিছে, যিসকলে মুছলিমসকলৰ কোনো বিষয়ৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত তেওঁলোকৰ প্ৰতি ৰূঢ় আচৰণ কৰে তথা তেওঁলোকৰ ওপৰত কঠোৰতা অৱলম্বন কৰে, সেই দায়িত্ব সৰু হওক বা ডাঙৰ, ৰাষ্ট্রীয় সাধাৰণ দায়িত্ব হওক বা আংশিক কোনো দায়িত্ব। তেখেতে বদ্দুআ কৰি কৈছে যে, আল্লাহে যেন সিহঁতৰ প্ৰতিও সমপৰ্যায়ৰ কঠোৰতা অৱলম্বন কৰে তথা সেই অনুপাতেই যেন সিহঁতক প্ৰতিফল দিয়ে। আনহাতে যিসকলে দায়িত্ব লাভ কৰাৰ পিছত নম্ৰতা অৱলম্বন কৰিব তথা তেওঁলোকৰ সৈতে কোমল আচৰণ কৰিব আৰু তেওঁলোকৰ কামবোৰক সহজ কৰিব, আল্লাহেও তেওঁলোকৰ প্রতি কোমল হ'ব আৰু তেওঁলোকৰ যাৱতীয় কাম সহজ কৰি দিব।
মা’কিল বিন এছাৰ আল-মুঝানী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে মই ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ শুনিছোঁ তেখেতে কৈছেঃ “যিজন বান্দাক আল্লাহে জন সাধাৰণৰ ওপৰত কৰ্তৃত্ব অৰ্পন কৰে; কিন্তু সি মৃত্যুৰ সময়ত প্ৰজাৰ প্রতি প্রতাৰণা কৰা অৱস্থাত মৃত্যুবৰণ কৰে, তেনেকুৱা ব্যক্তিৰ বাবে আল্লাহে জান্নাত হাৰাম কৰি দিছে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, প্ৰতিজন দায়িত্বশীল ব্যক্তি, যাক মানুহৰ দায়িত্ব অৰ্পন কৰা হৈছে, সেয়া ৰাষ্ট্ৰৰ দায়িত্ব হওক বা নিজৰ পৰিয়ালৰ দায়িত্ব, যদি সি নিজৰ দায়িত্বত গাফিলতি কৰে আৰু প্ৰতাৰণা কৰে তথা সিহঁতৰ প্ৰতি শুভাকাংক্ষী নহয়, তেন্তে সি দ্বীন আৰু দুনিয়া উভয় অধিকাৰ খৰ্ব কৰে, আৰু সি কঠোৰ শাস্তিৰ যোগ্য হৈ পৰে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “যি ব্যক্তি আনুগত্যৰ পৰা ওলাই গৈছে আৰু জামাতৰ পৰা বিচ্ছিন্ন হৈ মৃত্যুবৰণ কৰিছে, সি প্ৰকৃততে জাহিলি অৱস্থাত মৃত্যুবৰণ কৰিছে। এইদৰে যি ব্যক্তিয়ে অন্ধভক্তিৰ পতাকাৰ তলত গোড়ামীৰ বশৱৰ্তী হৈ জাতিগত কাৰণত যুদ্ধ কৰে অথবা জাতীয়তাবাদৰ পিনে আহ্বান কৰে অথবা জাতীয়তাক সহায় কৰা অৱস্থাত নিহত হয়, সেই ব্যক্তিয়েও জাহিলি মৃত্যুবৰণ কৰে। এইদৰে যি ব্যক্তিয়ে মোৰ উম্মতৰ বিৰুদ্ধে অস্ত্র ধাৰণ কৰে আৰু তেওঁলোকৰ মাজৰ ভাল বেয়া সকলো লোককে হত্যা কৰে, মুমিন ব্যক্তিৰ প্ৰতিও কোনো ভ্ৰূক্ষেপ নকৰে আৰু প্রতিশ্রুতি দিয়া লোকৰ প্রতিশ্রুতিও পূৰণ নকৰে। সি মোৰ অন্তৰ্ভুক্ত নহয় আৰু তাৰ লগত মোৰো কোনো সম্পৰ্ক নাই”।
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা স্পষ্ট কৰিছে যে, যিয়ে ৰাষ্ট্ৰপ্ৰধানৰ আনুগত্যৰ পৰা ওলাই যাব তথা সৰ্বসন্মতিক্ৰমে ৰাষ্ট্ৰনেতাৰ বাইআত গ্ৰহণ কৰা ইছলামিক জামাত ত্যাগ কৰিব, যদি এনেকুৱা ব্যক্তিৰ সেই অৱস্থাতে মৃত্যু হয় অৰ্থাৎ জামাত পৰিত্যাগ কৰা অৱস্থাত তথা আনুগত্য নকৰা অৱস্থাত মৃত্যু হয় তেন্তে সি জাহেলী অৱস্থাত মৃত্যুবৰণ কৰিলে, কাৰণ জাহেলী যুগত লোকসকলে আমীৰৰ আনুগত্য কৰা নাছিল আৰু জামাতবদ্ধও নাছিল, বৰং সিহঁত বিভিন্ন ফিৰ্কা আৰু শিবিৰত গোট খাইছিল, যিসকলে ইজনে সিজনৰ সৈতে যুদ্ধ কৰিছিল। এইদৰে যি ব্যক্তিয়ে এনেকুৱা পতাকাৰ নেতৃত্বত যুদ্ধ কৰে য'ত সত্য অসত্যৰ মাজত কোনো পাৰ্থক্য নাই, অৰ্থাৎ যিয়ে কেৱল জাতীয়তাবাদ বা বংশৰ কাৰণে ক্ৰোধ প্ৰদৰ্শন কৰে, দ্বীন আৰু সত্যৰ কাৰণে নহয়। ফলত সি নিজৰ চাহিদা পূৰণৰ বাবে তথা আক্রোশ দমন কৰিবলৈ সঁচা মিছা পাৰ্থক্য নকৰাকৈ যুদ্ধ কৰে। এই অৱস্থাতে যদি সি নিহত হয় তেন্তে সি জাহেলী অৱস্থাত মৃত্যবৰণ কৰিব। এইদৰে যিয়ে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতৰ পৰা বিদ্ৰোহ কৰি উম্মতৰ ভাল বেয়া লোকসকলক হত্যা কৰে, কোনে কি কৰে তাৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নকৰে, আনকি মুমিন ব্যক্তিক হত্যা কৰাৰ ক্ষেত্ৰতো অকণো কুণ্ঠাবোধ নকৰে আৰু ইয়াৰ শাস্তিৰ পৰাও ভয় নকৰে। এইদৰে অংগীকাৰ কৰা লোকসকলৰ সৈতে অংগীকাৰো পূৰণ নকৰে, এইটো হৈছে কাবীৰাহ গুনাহ তথা মহা পাপ। গতিকে যিয়েই এনেকুৱা কাম কৰিব সিয়েই এই কঠিন সতৰ্কবাণীৰ আওতাত পৰিব।
আৰফাজাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "তোমালোকৰ যাৱতীয় কর্ম এজন ব্যক্তিৰ ওপৰত ন্যস্ত থকা অৱস্থাত যদি কোনোবাই আহি তোমালোকৰ একতাৰ লাখুটি ভাঙিব বিচাৰে আৰু তোমালোকৰ জামাতৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰে তেন্তে তোমালোকে তাক হত্যা কৰা।"
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মুছলিমসকল এজন আমীৰৰ অধীনত জামাতবদ্ধ হৈ থকাৰ সময়ত যদি কোনোবাই নেতৃত্ব কাঢ়ি লবলৈ বিবাদ সৃষ্টি কৰে অথবা মুছলিমসকলক যদি বিভিন্ন গোটত বিভক্ত কৰিবলৈ প্ৰয়াস কৰে, তেন্তে অনিষ্টতা দূৰ কৰিবলৈ আৰু মুছলিমসকলৰ তেজ সুৰক্ষিত কৰিবলৈ তাক বাধা দিয়া আৰু তাৰ সৈতে যুদ্ধ কৰা অনিবাৰ্য হৈ পৰে।
আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "কোনো অত্যাচাৰী শাসকৰ সন্মুখত ন্যায় কথা কোৱাটোও হৈছে জিহাদৰ এটা অন্যতম ডাঙৰ প্ৰকাৰ।"
(আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, জিহাদৰ আটাইতকৈ ডাঙৰ আৰু উৎকৃষ্ট এটা প্ৰকাৰ হৈছে অত্যাচাৰী শাসক তথা স্বৈৰাচাৰী আমীৰৰ সন্মুখত ন্যায় তথা সত্য কথা কোৱা। কাৰণ এইটো হৈছে সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধৰ অন্যতম এটা প্ৰতীক। সেয়া যিকোনো উপায়ে হওক, কথাৰ দ্বাৰা, লিখিত পত্ৰৰ দ্বাৰা বা অন্য কোনো উপায়েই হওক, উপকাৰ সাধন হ'লেই হ'ল আৰু অনিষ্টতা দূৰ হ'লেই হ'ল।
ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "অনাগত সময়ত প্ৰাধান্য দিয়াৰ ক্ষেত্ৰত অন্যায় কৰা হ'ব আৰু এনেকুৱা কিছুমান বিষয় সন্মুখলৈ আহিব যিবোৰক তোমালোকে অপছন্দ কৰিবা।" তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! তেনেকুৱা পৰিস্থিতি সম্পৰ্কে আপুনি আমাক কি উপদেশ দিয়ে? তেখেতে ক'লেঃ "তোমালোকে নিজৰ দায়িত্ব পালন কৰিবা আৰু নিজৰ অধিকাৰ আল্লাহৰ ওচৰত বিচাৰিবা।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইংগিত কৰিছে যে, অনাগত সময়ত এনেকুৱা লোকে মুছলিমসকলৰ ওপৰত শাসন কৰিব যিসকলে মুছলিমসকলৰ ধন-সম্পত্তি নিজৰ ইচ্ছামতে ব্যয় কৰিব আৰু মুছলিমসকলক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব। লগতে সিহঁতে ধৰ্ম সম্পৰ্কীয় এনেকুৱা কিছুমান কাম কৰিব, যিবোৰ তোমালোকে অপছন্দ কৰিবা। এই কথা শুনি চাহাবাসকলে তেখেতক সুধিলেঃ এনেকুৱা পৰিস্থিতিত আমি কি কৰা উচিত? ইয়াৰ উত্তৰত তেখেতে ক'লে যে, ৰাজহুৱা সম্পত্তিক সিহঁতৰ নিজৰ ইচ্ছা মতে ব্যয় কৰা কাৰ্য্যত ক্ষুণ্ণ হৈ তোমালোকে নিজৰ দায়িত্ব পালনত অৱহেলা নকৰিবা অৰ্থাৎ সিহঁতৰ নিৰ্দেশনা পালনত গা এৰা নিদিবা। বৰং তোমালোকে ধৈৰ্য্য ধাৰণ কৰিবা আৰু সিহঁতৰ কথা মানিবা, সিহঁতৰ সৈতে বিবাদ নকৰিবা। নিজৰ অধিকাৰ আল্লাহৰ ওচৰত বিচাৰিবা। লগতে আল্লাহৰ ওচৰত দুআ কৰিবা আল্লাহে যেন সিহঁতক সংশোধন কৰে আৰু সিহঁতৰ অনিষ্টতাৰ পৰা তোমালোকক ৰক্ষা কৰে।