





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
নু'মান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহে নিৰ্ধাৰণ কৰা সীমাৰেখাৰ ভিতৰত অৱস্থানকাৰী (অৰ্থাৎ সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধকাৰী) আৰু তেওঁৰ সীমাৰেখা উলংঘাকাৰী (অৰ্থাৎ সৎকৰ্মৰ আদেশ নিদিয়া আৰু অসৎকৰ্মৰ পৰা বাধা নিদিয়া) ব্যক্তিৰ উদাহৰণ হৈছে সেইসকল লোকৰ দৰে যিসকলে এখন (দুইমহলীয়া) জাহাজত উঠিলে, আসন নিৰ্বাচন কৰিবলৈ সিহঁতে লটাৰি কৰিলে। ফলত কিছুমানে ওপৰত ঠাই পালে আৰু কিছুমানে তলত। তলৰ লোকসকলে পানী লবলগীয়া হ'লে ওপৰত যাবলগীয়া হৈছিল। সেয়ে সিহঁতে চিন্তা কৰিলে যে, আমি যদি তলতে এখন ফুটা কৰি লওঁ তেন্তে আৰু ওপৰত যাবলগীয়াও নহ'ব আৰু সিহঁতক কষ্ট দিয়াও নহ'ব। এতেকে এই পৰিস্থিতিত ওপৰৰ লোকসকলে যদি তলৰ লোকসকলক বাধা নিদিয়ে তেন্তে নিশ্চিতভাৱে সকলোৱে ডুবি ধ্বংস হ'ব। আনহাতে যদি ওপৰৰ লোকসকলে তলৰ লোকসকলক এই কাম কৰিবলৈ বাধা দিয়ে তেন্তে সিহঁতেও ৰক্ষা পাব আৰু বাকী লোকসকলে সুৰক্ষিত থাকিব।
(বুখাৰী)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা উদাহৰণ দিছে, সেইসকল লোকৰ বাবে যিসকলে আল্লাহে নিৰ্ধাৰণ কৰা সীমাৰেখাৰ ভিতৰত অৱস্থান কৰে, আল্লাহৰ আদেশ পালন কৰে, মানুহক সৎকৰ্মৰ আদেশ দিয়ে আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰে, পক্ষান্তৰে সেইসকল লোকৰ বাবে যিসকলে আল্লাহে নিৰ্ধাৰণ কৰা সীমাৰেখা উলংঘা কৰে, সৎকৰ্ম পৰিত্যাগ কৰে আৰু অসৎকৰ্মত লিপ্ত থাকে, সমাজত ইয়াৰ কি প্ৰভাৱ পৰে তাৰ এটা উত্তম উদাহৰণ দি তেখেতে কৈছে, ইহঁতৰ উদাহৰণ হৈছে সেইসকল লোকৰ দৰে যিসকলে এখন দুমহলীয়া জাহাজত আৰোহণ কৰিলে। সিহঁতে নিজৰ মাজত লটাৰি কৰি নিৰ্ধাৰণ কৰিলে যে, কোনে ওপৰত বহিব আৰু কোনে তলত। ফলত কিছুমানে ওপৰত আসন পালে আৰু আন কিছুমানে পালে তলত। কিন্তু তলত থকা লোকলকলৰ যেতিয়া পানীৰ প্ৰয়োজন হৈছিল, তেতিয়া তেওঁলোকে ওপৰত যাবলগীয়া হৈছিল। সেয়ে তলত থকা লোকসকলে চিন্তা কৰিলে যে, আমি যদি তলতে এখন ফুটা কৰি লওঁ তেন্তে দেখোন আৰু ওপৰত যাবলগীয়া নহ'ব আৰু সিহঁতক কষ্ট দিয়াও নহ'ব। এতেকে এনেকুৱা পৰিস্থিতিত ওপৰত থকা লোকসকলে যদি তলৰ লোকসকলক এই কামত বাধা নিদিয়ে তেন্তে সকলোৱে ধ্বংস হ'ব। আনহাতে যদি ওপৰৰ লোকসকলে তলৰ লোকসকলক বাধা দিয়ে তেন্তে ওপৰৰ আৰু তলৰ সকলো লোকেই ৰক্ষা পাব।
আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ হে মানৱজাতি! তোমালোকে নিশ্চয় এই আয়াত পঢ়িছা, (يَا أَيُّهَا الَّذِينَ آمَنُوا عَلَيْكُمْ أَنْفُسَكُمْ لاَ يَضُرُّكُمْ مَنْ ضَلَّ إِذَا اهْتَدَيْتُمْ) অৰ্থঃ "হে মুমিনসকল! তোমালোকৰ দায়িত্ব তোমালোকৰ ওপৰতেই। তোমালোকে যদি সৎপথত পৰিচালিত হোৱা তেন্তে যিয়ে পথভ্ৰষ্ট হৈছে সি তোমালোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব।" মই এই আয়াত সম্পৰ্কে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ মানুহে যেতিয়া অন্যায়কাৰীক অন্যায় কৰা দেখিও তাৰ প্ৰতিৰোধ বা প্ৰতিবাদ নকৰিব, (তেন্তে জানি থোৱা) শীঘ্ৰেই সিহঁত আটায়েৰে ওপৰত আল্লাহৰ শাস্তি অৱতীৰ্ণ হ'ব।
(আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, ইবনে মাজাহ, আহমদ)হাদীছটোত আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, মানুহে এই আয়াতটো পাঠ কৰে। {يَا أَيُّهَا الَّذِينَ آمَنُوا عَلَيْكُمْ أَنْفُسَكُمْ لاَ يَضُرُّكُمْ مَنْ ضَلَّ إِذَا اهْتَدَيْتُمْ} হে মুমিনসকল! তোমালোকৰ দায়িত্ব তোমালোকৰ ওপৰতেই। তোমালোকে যদি সৎপথত পৰিচালিত হোৱা তেন্তে যিয়ে পথভ্ৰষ্ট হৈছে সি তোমালোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব। (ছুৰা আল-মায়িদাহঃ ১০৫) আৰু তেওঁলোকে ভাবে যে, ইয়াত কেৱল নিজৰ সংশোধনৰ কথাই কোৱা হৈছে, নিজে সংশোধন হ'লে বেলেগৰ পথভ্ৰষ্টতাই কোনো ক্ষতি নকৰিব, আৰু তেওঁলোকক সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰাৰ দায়িত্ব সম্পৰ্কে জবাবদিহি কৰা নহ'ব। গতিকে হাদীছটোত তেওঁ জনাইছে যে, বিষয়টো তেনেকুৱা নহয়। তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ মানুহে যেতিয়া অন্যায়কাৰীক অন্যায় কৰা দেখি প্ৰতিৰোধ কৰাৰ ক্ষমতা থকাৰ পিছতো তাক বাধা নিদিব, তেন্তে (জানি থোৱা) শীঘ্ৰেই আল্লাহে সিহঁত সকলোৰে প্ৰতি শাস্তি অৱতীৰ্ণ কৰিব, অৰ্থাৎ অন্যায়কাৰী আৰু মৌন হৈ থকা সকলোৰে ওপৰত।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মানুহৰ প্ৰতিটো গাঁঠিৰ বিপৰীতে চাদাক্বাহ আছে। সূৰ্য্য উদয় হোৱা প্ৰতিটো দিনতে দুজন লোকৰ মাজত সুবিচাৰ কৰাটোও হৈছে চাদাক্বাহ। কাৰোবাক বাহনত আৰোহণ কৰিবলৈ সহায় কৰা অথবা বয়-বস্তু উঠাই দিয়াটোও হৈছে চাদাক্বাহ। উত্তম কথা কোৱাটোও হৈছে চাদাক্বাহ। নামাজৰ বাবে দিয়া প্ৰতিটো খোজ হৈছে চাদাক্বাহ। পথৰ পৰা কষ্টদায়ক বস্তু আঁতৰাই দিয়াটোও হৈছে চাদাক্বাহ।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, চৰীয়তৰ অধীনস্থ প্ৰতিজন মুছলিমৰ ওপৰতে দৈনিক নিজৰ প্ৰতিটো গাঁঠিৰ বিপৰীতে চাদাক্বাহ কৰা উচিত। এইটো মহান আল্লাহে কৃতজ্ঞতা প্ৰকাশৰ উদ্দেশ্যে পালন কৰিবলৈ বিধিবদ্ধ কৰিছে, যাতে বান্দা সুস্থ থাকে। কাৰণ তেৱেঁই এইবোৰ গাঁঠি বনাইছে, যাৰ দ্বাৰা বান্দাই নিজৰ সুবিধামতে ধৰিব পাৰে আৰু প্ৰসাৰিত কৰিব পাৰে। এই চাদাক্বাহ সকলো প্ৰকাৰ নেক আমলৰ জৰিয়তে কৰিব পাৰি, কেৱল ধন-সম্পদৰ মাজতেই সীমাবদ্ধ নহয়। যেনে- দুজন বিবদমান লোকৰ মাজত মীমাংসা কৰি দিয়াটোও হৈছে চাদাক্বাহ। বাহনত আৰোহণ কৰিব নোৱাৰা ব্যক্তিক আৰোহণ কৰাত সহায় কৰা অথবা বাহনত বয়-বস্তু উঠাই দিয়াত সহায় কৰাটোও হৈছে চাদাক্বাহ, উত্তম কথা যেনে- জিকৰ-আজকাৰ, দুআ, ছালাম আদিও হৈছে চাদাক্বাহ। নামাজৰ বাবে খোজকাঢ়ি যোৱা প্ৰতিটো পদক্ষেপ হৈছে চাদাক্বাহ। ৰাস্তাৰ পৰা কষ্টদায়ক বস্তু আঁতৰাই দিয়াটোও হৈছে চাদাক্বাহ।
ওৱাইল আল-হাজৰামীয়ে কৈছেঃ ছালামা বিন য়াঝীদ আল-জু'ফী ৰাদ্বিয়াল্লাহু আনহুৱে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিছিলঃ হে আল্লাহৰ ৰাছুল! যদি আমাৰ ওপৰত এনেকুৱা লোকে শাসন কৰে যিয়ে আমাৰ পৰা সিহঁতৰ অধিকাৰ পৰিপূৰ্ণৰূপে আদায় কৰে, কিন্তু আমি পাবলগীয়া অধিকাৰ আমাক প্ৰদান নকৰে। তেনে ক্ষেত্ৰত আপোনাৰ নিৰ্দেশনা কি, এইটো শুনি তেখেতে মুখ ঘূৰাই ল'লে। তেওঁ আকৌ সুধিলে, তেখেতে আকৌ মুখ ঘূৰাই ল'লে। এইদৰে তেওঁ দ্বিতীয়বাৰ অথবা তৃতীয়বাৰ সুধিলে, তেতিয়া আশ্বআছ বিন ক্বাইছে তেওঁক টানি ধৰিলে। তেতিয়া তেখেতে ক'লেঃ "সিহঁতৰ কথা শুনিবা আৰু মানিবা, সিহঁতে যি কৰিব তাৰ প্ৰতিফল সিহঁতে ভোগ কৰিব আৰু তোমালোকে যি কৰিবা তাৰ প্ৰতিফল তোমালোকে ভোগ কৰিবা।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সেইসকল শাসকৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল, যিসকলে মানুহৰ পৰা নিজৰ হক ঠিকেই আদায় কৰে কিন্তু মানুহৰ হক সিহঁতে আদায় নিদিয়ে। উদাহৰণস্বৰূপে সিহঁতৰ প্ৰতি ইনচাফ নকৰে, সিহঁতক যুদ্ধলব্ধ সম্পদৰ অংশ নিদিয়ে, অন্যায় প্ৰতিহত নকৰে আৰু সকলোকে সমান চকুৰে নেদেখে। তেনেকুৱা শাসকৰ বিষয়ে আপুনি আমাক কি পৰামৰ্শ দিয়ে? প্ৰশ্নটো শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুখ ঘূৰাই ল'লে। যেনিবা তেখেতে বিষয়টো অপছন্দ কৰিছে। কিন্তু প্ৰশ্নকাৰীয়ে দুবাৰ অথবা তিনিবাৰ প্ৰশ্নটো কৰিলে। এই দেখি আশ্বআচ বিন ক্বাইছ ৰাদ্বিয়াল্লাহু আনহুৱে প্ৰশ্নকাৰীক টানি ধৰিলে, যাতে তেওঁ চুপ থাকে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উত্তৰ প্ৰদান কৰি ক'লেঃ সিহঁতৰ কথা শুনিবা আৰু সিহঁতৰ নিৰ্দেশ পালন কৰিবা। কাৰণ নাগৰিকক ন্যায়, ইনচাফ আৰু সিহঁতৰ অধিকাৰ পূৰণৰ যি দায়িত্ব সিহঁতৰ ওপৰত আছে, তাৰ বাবে সিহঁতেই জবাবদিহি হ'ব লাগিব। আনহাতে আনুগত্য কৰা, প্ৰাপ্য অধিকাৰ আদায় দিয়া আৰু ধৈৰ্য্য ধাৰণ কৰা আদি হৈছে তোমালোকৰ দায়িত্ব, ইয়াৰ বাবে তোমালোকে জবাবদিহি হ'ব লাগিব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "নিশ্চয় দ্বীন হৈছে সহজ-সৰল। দ্বীনি বিষয়ত যিয়েই উগ্ৰতা প্ৰদৰ্শন কৰে সি পৰাজিত হয়। এতেকে তোমালোকে মধ্যম পন্থা অৱলম্বন কৰা, আৰু মধ্যম পন্থাৰ নিকটৱৰ্তী থাকিবা, লগতে ছোৱাবৰ আশা পোষণ কৰিবা, আৰু পুৱা-গধূলি তথা ৰাতিৰ কিছু অংশত (ইবাদতৰ জৰিয়তে) সহায় প্ৰাৰ্থনা কৰা।"
(বুখাৰী)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, দ্বিনে ইছলাম সকলো ক্ষেত্ৰতে সহজ-সৰল। অপাৰগতাৰ সময়ত তথা প্ৰয়োজনতো ইয়াৰ বিধানবোৰ অত্যন্ত সহজ-সৰল। কাৰণ নম্ৰতা বা সৰলতাক পৰিহাৰ কৰি ধৰ্মীয় কামৰ গভীৰতালৈ সোমাই গ'লে অপাৰগতাই দেখা দিয়ে, অথবা কামটো সম্পূৰ্ণৰূপে বা আংশিকৰূপে বন্ধ হৈ পৰে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সীমালংঘনক পৰিহাৰ কৰি মধ্যম পন্থা অৱলম্বন কৰিবলৈ উৎসাহিত কৰিছে। গতিকে বান্দাক যিটো নিৰ্দেশ দিয়া হৈছে সেইক্ষেত্ৰত অৱহেলা কৰা উচিত নহয়। আনহাতে যিটো কৰিবলৈ সি সক্ষম নহয় তেনেকুৱা কাম জোৰজবৰদস্তি কৰাৰো প্ৰয়োজন নাই। এতেকে যদি সি কামটো পৰিপূৰ্ণৰূপে কৰিব নোৱাৰে তেন্তে যিমানখিনি সম্ভৱ সেইখিনি পালন কৰা উচিত। এইদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ধাৰাবাহিক নিয়মিতভাৱে পালন কৰা আমলৰ ছোৱাবৰ সুসংবাদ দিছে, যদিও সেয়া পৰিমাণত কম হয় আৰু সম্পূৰ্ণৰূপে আদায় কৰিবলৈও অক্ষম হয়। কিয়নো অপাৰগতা যিহেতু নিজৰ ফালৰ পৰা নহয়, সেয়ে ছোৱাবো হ্ৰাস কৰা নহয়। যিহেতু পৃথিৱীৰ জীৱন হৈছে এটা ভ্ৰমণৰ দৰে, ইয়াৰ গন্তব্য স্থান হৈছে আখিৰাত। সেয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ধাৰাবাহিক নিয়মিত ইবাদতৰ জৰিয়তে তিনিটা সক্ৰিয় সময়ত সহায় প্ৰাৰ্থনা কৰাৰ নিৰ্দেশ দিছে। ১- আল-গাদৱাহঃ অৰ্থাৎ দিনৰ প্ৰথম ভাগত। এইটো হৈছে ফজৰৰ পিছৰ পৰা সূৰ্য্য উদয় হোৱাৰ আগমূহুৰ্তলৈকে। ২- আৰ-ৰাওহাঃ অৰ্থাৎ দুপুৰীয়া সূৰ্য্য ঢাল খোৱাৰ পিছত। ৩- আদ-দুলজাহঃ গোটেই ৰাতি অথবা ৰাতিৰ কিছু অংশত। কাৰণ দিনৰ আমলতকৈ ৰাতিৰ আমল অধিক কষ্টকৰ, সেয়ে ৰাতিৰ কিছু অংশত ইবাদত কৰাৰ কথা কৈছে।
আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে (কোনো এটা অভিযানলৈ) এটা সেনাদল প্ৰেৰণ কৰিছিল, আৰু সেই সেনা বাহিনীৰ সেনাপতি নিযুক্ত কৰিছিল এজন আনচাৰী লোকক আৰু বাকীসকলক তেওঁৰ (সেনাপতিৰ) আনুগত্য কৰিবলৈ আদেশ দিছিল। (অভিযানত থকা অৱস্থাত কোনো এটা কাৰণত) সেই সেনাপতিজন ক্ৰোধান্বিত হয়। তেতিয়া তেওঁ কয় যে, “নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে তোমালোকক মোৰ আনুগত্য কৰিবলৈ আদেশ দিয়া নাইনে?” তেওঁলোকে ক’লে, “হয়, নিশ্চয় দিছে।” তেতিয়া তেওঁ ক’লে, “তেন্তে তোমালোকে কিছুমান কাঠ খৰি সংগ্ৰহ কৰি আনাগৈ।” সিহঁতে খৰি সংগ্ৰহ কৰি আনিলে। ইয়াৰ পিছত তেওঁ ক’লে, “এইবোৰত জুই লগাই দিয়া।” তেওঁলোকে তাত জুই লগাই দিলে। তেতিয়া তেওঁ ক’লে, “এতিয়া তোমালোকে সকলোৱে এই জুইত জাঁপ মাৰি দিয়া।” তেওঁলোকে এটা পৰ্যায়ত জুইত প্ৰৱেশ কৰিবলৈ সংকল্প কৰি পেলাইছিল। কিন্তু তেওঁলোকৰ মাজৰ কেইজনমানে আন কেইজনমানক বাধা দি ক’বলৈ ধৰিলে যে, “আমি এই জুইৰ পৰাই পলায়ন কৰি নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ প্ৰতি ঈমান আনিছোঁ।” এইদৰে বাদানুবাদ চলি থাকোঁতে জুই নুমাই গ’ল আৰু তেওঁৰো ক্ৰোধ ঠাণ্ডা হ’ল। ইয়াৰ পিছত এই সংবাদ নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰ পালেগৈ, তেখেতে ক’লে, “যদি সিহঁতে জুইত জাঁপ দিলেহেঁতেন তেন্তে কিয়ামত দিৱসলৈকে এই জুইৰ পৰা ওলাই আহিব নোৱাৰিলেহেঁতেন। (শুনা) আনুগত্য (কৰিব লাগে) কেৱল সৎ কামতহে।”
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে এটা সৰু সেনা বাহিনী (ছাৰিয়া) প্ৰেৰণ কৰিলে আৰু এজন আনচাৰী ছাহাবীক সেই সেনাদলৰ সেনাপতি (আমিৰ) পাতিলে, আৰু সেনাদলত থকা চাহাবাসকলক সেই সেনাপতিৰ আনুগত্য কৰিবলৈ নিৰ্দেশ দিলে। কিবা কাৰণত সেই সেনাপ্ৰধানজনে খং কৰি ক'লে যে, " নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তোমালোকক মোৰ কথা মানিবলৈ নিৰ্দেশ দিয়া নাছিলনে?" তেওঁলোকে ক'লে: "হয় (নিশ্চয় আদেশ দিছে)। তেন্তে শুনা! মই তোমালোকক আদেশ দিলোঁ যে, তোমালোকে কাঠ খৰি বিচাৰি আনি একত্ৰিত কৰা আৰু সেইবোৰৰ দ্বাৰা জুই জ্বলোৱা, আৰু সেই জুইত তোমালোকে প্ৰৱেশ কৰা। ইয়াৰ পিছত তেওঁলোকে আমীৰৰ কথামতে কাঠ খৰি গোটাই আনিলে আৰু জুই জ্বলালে। কিন্তু যেতিয়া তেওঁলোকে জুইত প্ৰৱেশ কৰিবলৈ মনস্থ কৰিলে, তেতিয়া তেওঁলোকে ইজনে সিজনৰ মুখলৈ চাই দ্বিধাদ্বন্দত পৰিল। তেওঁলোকে ক'লে: "আমি এই অগ্নিৰ পৰাই ৰক্ষা পাবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰিছোঁ, তেন্তে আমি কিয় ইয়াত প্ৰৱেশ কৰিম?" এইদৰে তেওঁলোকৰ মাজত কথোপকথন চলি থকাৰ সময়ছোৱাতে জুইৰ শিখা নুমাই গ'ল আৰু ইপিনে আমিৰৰ খঙো প্ৰশমিত হৈ পৰিল। এই বিষয়টো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উপস্থাপন কৰাত তেখেতে ক'লে: যদি তেওঁলোকে সেই আমীৰৰ কথামতে জুইত জাঁপ দিলেহেঁতেন, যিটো তেওঁলোকক শাস্তি বিহাৰ উদ্দেশ্যে জ্বলোৱা হৈছিল, তেন্তে তেওঁলোকে তাৰ পৰা কিয়ামত পৰ্যন্ত ওলাই আহিব নোৱাৰিলেহেঁতেন। জানি থোৱা! সৃষ্টিকৰ্তাৰ অবাধ্যতা কৰি কোনো কাৰণতে সৃষ্টিৰ আনুগত্য কৰা বৈধ নহয়। সৃষ্টিৰ আনুগত্য কেৱল সৎ কৰ্মতহে ওৱাজিব, পাপকৰ্মত সৃষ্টিৰ আনুগত্য বৈধ নহয়।
হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "পৰৱৰ্তী সময়ত এনেকুৱা কিছুমান শাসক হ'ব, যিসকলে মিছা কথা ক'ব আৰু (মানুহৰ প্ৰতি) অন্যায় কৰিব। এতেকে সিহঁত মিছলীয়া হোৱা সত্ত্বেও সিহঁতক যিয়ে সত্যবাদী বুলি বিশ্বাস কৰিব আৰু সিহঁতৰ অন্যায়-অত্যাচাৰত সহায়-সহযোগিতা কৰিব, সি মোৰ দলভুক্ত নহয় আৰু ময়ো তাৰ দলভুক্ত নহয়। সি মোৰ হাউজত উপস্থিতো হ'ব নোৱাৰিব। আনহাতে যিয়ে সিহঁতৰ মিছলীয়া স্বভাৱৰ কাৰণে সিহঁতক সত্যবাদী বুলি গণ্য নকৰিব আৰু সিহঁতৰ অন্যায়-অত্যাচাৰত সহযোগো নকৰিব, তেওঁ হৈছে মোৰ দলভুক্ত আৰু ময়ো তেওঁৰ দলভুক্ত। হাউজে কাউছাৰত তেওঁ মোৰ ওচৰত উপস্থিত থাকিব।"
(আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, তেখেতৰ মৃত্যুৰ পিছত এনেকুৱা কিছুমান শাসক হ'ব, যিসকলে মিছা কথা ক'ব, তথা এনেকুৱা কথা ক'ব যিবোৰ সিহঁতে নিজে নকৰিব। বিচাৰ-মীমাংসাৰ ক্ষেত্ৰত অন্যায় কৰিব। যিয়ে সেইসকল শাসকক বিশ্বস্ত বুলি গণ্য কৰিব অথবা সিহঁতৰ অন্যায়ত কথা বা কৰ্মৰ দ্বাৰা সহযোগ কৰিব, যেনে- সিহঁতৰ নৈকট্য লাভ কৰিবলৈ আৰু সিহঁতৰ ওচৰত কিবা পাবলৈ সিহঁতৰ পক্ষত ফতোৱা দিব, তেনেকুৱা লোকৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই, আৰু সিহঁতৰো মোৰ সৈতে কোনো সম্পৰ্ক নাই। কিয়ামতৰ দিনা (পানী খাবলৈ) সিহঁতে মোৰ হাউজে কাউছাৰত উপস্থিত হ'ব নোৱাৰিব। আনহাতে যিয়ে সিহঁতৰ মিছলীয়া স্বভাৱৰ সমৰ্থন নকৰিব আৰু সিহঁতৰ অন্যায়-অত্যাচাৰত সহযোগ নকৰিব, তেওঁ হৈছে মোৰ দলভুক্ত। কিয়ামতৰ দিনা তেওঁ (পানী খাবলৈ) মোৰ হাউজত উপস্থিত হোৱাৰ সুবিধা লাভ কৰিব।
চুহাইব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ পূৰ্বৱৰ্তী সময়ত এজন ৰজা আছিল। তেওঁৰ এজন যাদুকৰ আছিল। সেই যাদুকৰজন বৃদ্ধ অৱস্থাত উপনীত হোৱাত, তেওঁ ৰজাক ক'লে যে, মই বৃদ্ধ বয়সত উপনীত হৈছোঁ, সেয়েহে কোনো এজন যুৱকক মোৰ ওচৰলৈ পঠিয়াই দিয়ক, যাতে মই তাক যাদুবিদ্যা শিকাই থৈ যাব পাৰোঁ। এই কথা শুনি ৰজাই এজন যুৱকক তাৰ ওচৰত যাদুবিদ্যা শিকিবলৈ পঠিয়াব ধৰিলে। যুৱকজনৰ যাত্ৰাপথত এজন ধৰ্মযাজক আছিল। যুৱকজনে যেতিয়া সেই পথেৰে গৈছিল, তেতিয়া সেই ধৰ্মযাজকজনৰ ওচৰত বহিছিল আৰু তেওঁৰ কথা শুনিছিল। যুৱকজনে তেওঁৰ কথা শুনি মুগ্ধ হ'ল। সেয়ে যুৱকজনে যেতিয়াই যাদুকৰৰ ওচৰলৈ গৈছিল, যোৱাৰ সময়ত সদায় সেই ধৰ্মযাজকৰ ওচৰত বহিছিল। (কিন্তু পলম হোৱাৰ কাৰণে) যেতিয়া যাদুকৰৰ ওচৰলৈ আহিছিল, যাদুকৰজনে যুৱকজনক প্ৰহাৰ কৰিছিল। যুৱকজনে এই বিষয়টো ধৰ্মযাজকজনক অৱগত কৰিলে। তেতিয়া তেওঁ তাক উপায় প্ৰদান কৰি ক’লে যে, যদি তুমি যাদুকৰক ভয় পোৱা, তেন্তে ক’বা যে, ঘৰৰ মানুহে আহিব দিয়া নাছিল। আনহাতে যদি তুমি পৰিয়ালৰ ফালৰ পৰা আশংকা অনুভৱ কৰা, তেন্তে ক’বা, যাদুকৰে পলমকৈ ছুটি দিছে। এইদৰে চলি আছিল, এদিন হঠাৎ যুৱকজনে এটা ভয়ানক হিংস্ৰ প্ৰাণীৰ সন্মুখীন হ'ল, যিয়ে অহা যোৱা কৰা বাটৰুৱাৰ পথ অৱৰোধ কৰি ৰাখিছিল। এই অৱস্থা দেখি, সি মনে মনে ভাবিলে যে, আজিয়ে প্ৰমাণিত হ'ব, কোন উত্তম, যাদুকৰ নে ধৰ্মযাজক? ইয়াৰ পিছত যুৱকজনে এটা শিল হাতত লৈ ক’লে, হে আল্লাহ! যাদুকৰৰ তুলনাত ধৰ্মযাজকজন যদি তোমাৰ ওচৰত বেছি প্ৰিয় হয়, তেন্তে এই শিলৰ আঘাতত এই হিংস্ৰ প্ৰাণীটোক হত্যা কৰি পেলোৱা, যাতে মানুহে চলাচল কৰিব পাৰে। তাৰ পিছত সি সেই প্ৰাণীটোৰ ফালে লক্ষ্য কৰি সেই শিলটো নিক্ষেপ কৰিলে আৰু প্ৰাণীটো নিহত হ'ল। ফলত, মানুহে পুনৰ যাতায়াত আৰম্ভ কৰিলে। ইয়াৰ পিছত সেই যুৱকজনে ধৰ্মযাজকজনৰ ওচৰলৈ আহি সম্পূৰ্ণ ঘটনা বিৱৰি ক’লে। তেতিয়া ধৰ্মযাজকজনে ক’লে, হে মোৰ প্ৰিয় শিষ্য! আজিৰ পৰা তুমি মোতকৈও শ্রেষ্ঠ। তোমাৰ মর্যাদা ইমান উচ্চ পৰ্যায়লৈ উপনীত হৈছে যে, তুমি শীঘ্ৰেই পৰীক্ষাৰ সন্মুখীন হ'বা। যদি তুমি পৰীক্ষাৰ সন্মুখীন হোৱা, তেন্তে মোৰ কথা গোপন ৰাখিবা। ইপিনে যুৱকজনে আল্লাহৰ আদেশত জন্মান্ধ আৰু কুষ্ঠৰোগীসকলক আৰোগ্য প্ৰদান কৰিবলৈ ধৰিলে আৰু মানুহৰ বিভিন্ন বেমাৰ-আজাৰ নিৰাময় কৰিবলৈ ধৰিলে। ৰজাৰ পৰিষদবৰ্গৰ এজন ব্যক্তি অন্ধ হৈ পৰিছিল। তেওঁ এই সংবাদ শুনাৰ পিছত বহুতো উপহাৰ আৰু দান-দক্ষিণা লৈ যুৱকজনৰ ওচৰত আহি উপস্থিত হ’ল আৰু ক’লে, তুমি যদি মোক আৰোগ্য প্ৰদান কৰিব পাৰা, তেন্তে এই সকলো সম্পদ তোমাক প্ৰদান কৰিম। এই কথা শুনি যুৱকজনে উত্তৰ দিলে যে, মই কাকো আৰোগ্য প্ৰদান কৰিব নোৱাৰোঁ, আৰোগ্য কেৱল আল্লাহে প্ৰদান কৰিব পাৰে। তুমি যদি আল্লাহৰ ওপৰত ঈমান পোষণ কৰা, তেন্তে মই আল্লাহৰ ওচৰত দু’আ কৰিম, তেওঁ তোমাক আৰোগ্য দান কৰিব। ইয়াৰ পিছত তেওঁ আল্লাহৰ ওপৰত ঈমান আনিলে, ফলত আল্লাহে তেওঁক আৰোগ্য প্ৰদান কৰিলে। তাৰ পিছত, সেই ব্যক্তি গৰাকী অন্যান্য দিনৰ দৰে এদিন ৰজাৰ বৈঠকত আহি বহিল। ৰজাই তেওঁক প্ৰশ্ন কৰিলে যে, কোনে তোমাক তোমাৰ দৃষ্টিশক্তি ওভোতাই দিলে? তেওঁ ক'লে, মোৰ প্ৰতিপালকে। এই উত্তৰ শুনি ৰজাই পুনৰ প্ৰশ্ন কৰিলে। মোৰ বাহিৰে তোমাৰ বেলেগ কোনো প্ৰতিপালক আছে নেকি? তেওঁ উত্তৰ দিলে, মোৰ আৰু আপোনাৰ তথা সকলোৰে প্ৰতিপালক (ৰব্ব) হৈছে মহান আল্লাহ। এই উত্তৰ শুনি, ৰজাই তেওঁক বন্দী কৰি অবিৰাম শাস্তিৰ নিৰ্দেশ দিলে। অৱশেষত তেওঁ সেই যুৱকজনৰ বিষয়ে ৰজাক জনাই দিলে, আৰু তাৰ পিছত সেই যুৱকজনক গ্ৰেপ্তাৰ কৰি আনা হ’ল। ৰজাই যুৱকজনক সুধিলে, হে বালক! তোমাৰ যাদু এতিয়াই ইমান পৰ্যায়লৈ উপনীত হৈছেনে যে, তুমি অন্ধ আৰু কুষ্ঠৰোগীকো আৰোগ্য প্ৰদান কৰিব পাৰা! যুৱকজনে ক'লে, মই কাকো আৰোগ্য দান কৰিব নোৱাৰোঁ। আৰোগ্য প্ৰদান কৰে কেৱল আল্লাহে। এই উত্তৰ শুনি, ৰজাই তাক কঠোৰ শাস্তি দিবলৈ ধৰিলে। শাস্তি সহ্য কৰিব নোৱাৰি, যুৱকজনে অৱশেষত ধৰ্মযাজকৰ কথা ৰজাক জনাই দিলে। তাৰ পিছত, ধৰ্মযাজকজনক গ্ৰেপ্তাৰ কৰি আনা হ’ল আৰু তেওঁক কোৱা হ’ল, তুমি তোমাৰ দ্বীন (ধৰ্ম) ত্যাগ কৰা। তেওঁ অস্বীকাৰ কৰিলে। ইয়াৰ পিছত এটা কৰত আনিবলৈ নিৰ্দেশ দিলে আৰু সেইটো তেওঁৰ মূৰৰ ওপৰত ৰাখি তেওঁৰ মূৰ দুফাল কৰি পেলালে। ইয়াৰ পিছত, সেই যুৱকজনকো উপস্থিত কৰা হ’ল, আৰু তাকো কোৱা হ’ল, তুমি তোমাৰ দ্বীন (ধৰ্ম) ত্যাগ কৰা। সি অস্বীকাৰ কৰিলে। ফলত ৰজাই কেইজনমান লোকক নিৰ্দেশ দিলে যে, ইয়াক অমুক পৰ্বতলৈ লৈ যোৱা, আৰু ইয়াকলৈ সেই পৰ্বতৰ শৃংগত আৰোহণ কৰি ইয়াৰ পৰা স্বীকাৰোক্তি লোৱা, যদি ই নিজৰ ধৰ্ম ত্যাগ কৰে তেন্তে ভাল, নহ’লে ইয়াক পৰ্বতৰ ওপৰৰ পৰা পেলাই দিবা। ইয়াৰ পিছত সিহঁতে তেওঁক লৈ সেই পৰ্বতত আৰোহণ কৰিলে। তেতিয়া যুৱকজনে আল্লাহৰ ওচৰত দু’আ কৰিলে, হে আল্লাহ! তুমি যিদৰে ইচ্ছা, সেইদৰে মোক ইহঁতৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰা। তৎক্ষণাত পৰ্বত কঁপিবলৈ ধৰিলে, ফলত সিহঁত পাহাৰৰ পৰা তললৈ লুটি খাই পৰি গ’ল, আৰু যুৱকজন ৰক্ষা পৰিল। ইয়াৰ পিছত যুৱকজন পুনৰ ৰজাৰ দৰবাৰত আহি উপস্থিত হ'ল। ৰজাই তাক দেখি আশ্চৰ্য হৈ প্ৰশ্ন কৰিলে, তোমাৰ লগৰ বিলাক ক’ত? তেওঁ ক'লে, আল্লাহে মোক সিহঁতৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিছে। ইয়াৰ পিছত ৰজাই আকৌ তেওঁৰ কিছুমান সহচৰৰ হাতত সেই যুৱকজনক সমৰ্পণ কৰি ক’লে, তোমালোকে ইয়াক নাৱত উঠাই সাগৰৰ মাজত লৈ যোৱা। তাৰ পিছতো যদি সি নিজৰ ধৰ্ম ত্যাগ নকৰে তেন্তে তোমালোকে ইয়াক সাগৰত নিক্ষেপ কৰিবা। সিহঁতে যুৱকজনক লগতলৈ সাগৰত গ’ল। যুৱকজনে পুনৰ আল্লাহৰ ওচৰত দু’আ কৰিলে, হে আল্লাহ! তুমি যেনেকৈ ইচ্ছা, তেনেকৈ মোক ইহঁতৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰা। তৎক্ষণাত নাও ওলটি গ’ল। ফলত সিহঁত পানীত ডুবি মৰিল, আৰু যুৱকজন সিহঁতৰ পৰা ৰক্ষা পাই ৰজাৰ ওচৰলৈ উভতি আহিল। ৰজাই আচৰিত হৈ তেওঁক সুধিলে, তোমাৰ সহচৰসকল ক’ত? যুৱকজনে উত্তৰ দিলে, আল্লাহে মোক সিহঁতৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিছে। তাৰ পিছত যুৱকজনে ৰজাক ক’লে যে, আপুনি মোক হত্যা কৰিব নোৱাৰিব, যেতিয়ালৈকে আপুনি মই দিয়া পদ্ধতি অনুসৰণ নকৰিব। ৰজাই সুধিলে, সেইটো আকৌ কি পদ্ধতি? যুৱকজনে ক’লে, এটা বৃহৎ ময়দানত আপুনি সকলো মানুহকে একত্ৰিত কৰক। তাৰ পিছত এটা কাঠৰ শূলত মোক ওলোমাই ৰাখক, আৰু মোৰ কাঁড় বাকচৰ পৰা এটা কাঁড়লৈ ধেনুৰ মাজত ৰাখি উচ্চস্বৰে এইটো পাঠ কৰিব بِاسْمِ اللَّهِ رَبِّ الْغُلاَمِ ("বালকৰ প্ৰতিপালক আল্লাহৰ নামত নিক্ষেপ কৰিলোঁ")। যদি আপুনি এইটো পদ্ধতি অনুসৰণ কৰে, তেন্তে আপুনি মোক হত্যা কৰিব পাৰিব। ৰজাই যুৱকৰ কথা অনুসৰি সকলো মানুহকে একত্ৰিত কৰিলে আৰু তেওঁক কাঠৰ শূলত উঠাই দিলে। তাৰ পিছত যুৱকজনৰ কাঁড় বাকচৰ পৰা এটা কাঁড় লৈ ধেনুৰ মাজত ৰাখিলে আৰু উচ্চস্বৰে بِاسْمِ اللَّهِ رَبِّ الْغُلاَمِ ("বালকৰ প্ৰতিপালক আল্লাহৰ নামত নিক্ষেপ কৰিলোঁ") বুলি কৈ কাঁড় নিক্ষেপ কৰিলে। ফলত কাঁড়টো যুৱকজনৰ কাণৰ তলৰ অংশত গৈ লাগিল। যুৱকজনে কাঁড়বিদ্ধ স্থানত নিজৰ হাত ৰখাৰ লগে লগে মৃত্যুবৰণ কৰিলে। এই দৃশ্য দেখি, উপস্থিত সকলো মানুহে একেলগে চিঞৰি উঠিল, آمَنَّا بِرَبِّ الْغُلاَمِ آمَنَّا بِرَبِّ الْغُلاَمِ آمَنَّا بِرَبِّ الْغُلاَمِ ("আমি বালকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিলোঁ, আমি বালকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিলোঁ, আমি বালকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিলোঁ,")। এই দৃশ্য দেখি ৰজাৰ অনুগামীসকলে ৰজাক আহি জনালে যে, আপুনি যিটো আশংকা কৰিছিল সেইটোৱে সত্যত পৰিণত হৈছে। সমগ্ৰ ৰাজ্যৰ মানুহে যুৱকজনৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিছে। তাৰ পিছত, ৰজাই সকলো ৰাস্তাৰ প্ৰৱেশ পথত গাঁত খান্দিবলৈ নিৰ্দেশ দিলে। গাঁতসমূহ খনন কৰা হ’ল আৰু তাত অগ্নি প্রজ্বলিত কৰা হ’ল। ৰজাই আদেশ দিলে যে, যিয়ে নিজৰ ধৰ্ম ত্যাগ নকৰিব, তাক সেই জ্বলন্ত অগ্নিত নিক্ষেপ কৰিবা। অথবা ৰজাই কৈছিল যে, সেই ব্যক্তি যেন নিজেই অগ্নিত জাঁপ মাৰে। লোকসকলে সেইটোৱে কৰিলে, অৰ্থাৎ নিজে নিজে জঁপিয়ালে। অৱশেষত এজনী মহিলাই নিজৰ কোলাত শিশু এটি থকাৰ কাৰণে জঁপিয়াবলৈ সংকোচবোধ কৰিলে। এই দেখি কোলাত থকা শিশুৱে অলৌকিকভাৱে ক’লে যে, ‘হে মোৰ মা! ধৈৰ্য্য ধাৰণ কৰি জঁপিয়াওক, নিশ্চয় আপুনি সত্যৰ ওপৰত প্ৰতিষ্ঠিত আছে।’
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আমাৰ পূৰ্বে অতিবাহিত হোৱা লোকসকলৰ মাজত এনেকুৱা এজন ৰজা আছিল, যাৰ নিজস্ব এজন যাদুকৰ আছিল। সেই যাদুকৰজন যেতিয়া বৃদ্ধ অৱস্থাত উপনীত হ'ল, তেতিয়া ৰজাৰ ওচৰত আহি আবেদন কৰি ক'লেঃ মই বৃদ্ধ হৈ পৰিছোঁ। গতিকে মোৰ ওচৰলৈ এজন যুৱকক প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰক, যাতে মই তাক মোৰ যাদু বিদ্যা শিকাব পাৰোঁ। সেয়ে ৰজাই এজন যুৱকক নিয়োজিত কৰিলে সেই যাদুকৰৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ। যুৱকজন যিটো পথেৰে অহা যোৱা কৰিছিল, সেই পথতে আছিল এজন ধৰ্মযাজক। এবাৰ সেই যুৱকজন ধৰ্মযাজকজনৰ ওচৰত বহিলে আৰু তেওঁৰ কথা শুনিলে। তেওঁৰ কথাবোৰ শুনি যুৱকজন মুগ্ধ হ’ল। সেয়ে যুৱকজন যেতিয়াই যাদুকৰৰ ওচৰলৈ যাবলৈ ওলাই আহিছিল, তেতিয়াই ধৰ্মযাজকজনৰ ওচৰত সময় কটাই বহুতো কথা শিকিছিল। ইপিনে যাদুকৰৰ ওচৰলৈ অহাত পলম হোৱাত যাদুকৰে তাক শাসনমূলক প্ৰহাৰ কৰিছিল। কথাটো সি ধৰ্মযাজকজনক অৱগত কৰিলে। তেতিয়া ধৰ্মযাজকজনে ক'লেঃ যদি যাদুকৰে তোমাক কিবা কয় তেন্তে ক'বাঃ ঘৰত অসুবিধা আছিল কাৰণে পলম হৈছে, আৰু ঘৰৰ মানুহে সুধিলে ক'বাঃ যাদুকৰে পলমকৈ ছুটি দিছে। এই অৱস্থা চলি থকাৰ সময়তে যুৱকজন এদিন এটা প্ৰকাণ্ড জন্তুৰ সন্মুখীন হ’ল, যিটো ৰাস্তাত অৱস্থান কৰি থকাৰ কাৰণে মানুহৰ পথ অৱৰোধ কৰি আছিল। তেতিয়া যুৱকজনে ভাবিলে, আজিয়ে সঠিক সময় এইটো পৰীক্ষা কৰাৰ যে, যাদুকৰ উত্তম নে সেই ধৰ্মযাজকজন উত্তম? এই বুলি যুৱকজনে এটা শিল হাতত তুলি ল'লে আৰু ক'লেঃ হে আল্লাহ! যাদুকৰৰ তুলনাত ধৰ্মযাজকজনৰ বিষয়টো যদি তোমাৰ ওচৰত বেছি প্ৰিয় হয় তেন্তে তুমি এই প্ৰাণীটোক ইয়াৰ দ্বাৰা হত্যা কৰা, যাতে মানুহে অহা যোৱা কৰিব পাৰে। এই বুলি কৈ যুৱকজনে শিলটো দলিয়ালে আৰু লগে লগে প্ৰাণীটো মৃত্যুবৰণ কৰিলে। তেতিয়া যুৱকজন ধৰ্মযাজকজনৰ ওচৰলৈ আহি সম্পূৰ্ণ বিষয়টো বিৱৰি ক'লে। কথাবোৰ শুনি ধৰ্মযাজকে ক'লেঃ হে মোৰ প্ৰিয় শিষ্য! আজি তুমি মোতকৈও উত্তম। মোৰ দৃষ্টিত তুমি চূড়ান্ত পৰ্যায়ত উপনীত হৈছা। শীঘ্ৰেই তুমি পৰীক্ষাৰ সন্মুখীন হ'বা। যদি তুমি পৰীক্ষাৰ সন্মুখীন হোৱা তেন্তে মোৰ নাম উচ্চাৰণ নকৰিবা। ইয়াৰ পিছত সেই যুৱকজন আল্লাহৰ ইচ্ছাত অন্ধ আৰু কুষ্ঠৰোগীসকলক সুস্থ কৰিবলৈ তথা চিকিৎসা কৰিবলৈ ধৰিলে। ইপিনে ৰজাৰ পৰিষদবৰ্গৰ এজন লোকৰ বেমাৰত দৃষ্টিশক্তি নোহোৱা হৈছিল। এই যুৱকজনৰ চিকিসা সম্পৰ্কে গম পাই তেওঁৰ ওচৰলৈ বহুতো উপহাৰ উপঢৌকনলৈ উপস্থিত হ'ল আৰু আহি ক'লেঃ যদি তুমি মোক সুস্থ কৰি তুলিব পাৰা, তেন্তে এই সকলোবোৰ উপহাৰ তোমাৰ। যুৱকজনে ক'লেঃ মই কাকো আৰোগ্য কৰিব নোৱাৰোঁ, বৰং আৰোগ্য কেৱল আল্লাহে দান কৰে। এতেকে যদি আপুনি আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে তেন্তে মই আল্লাহৰ ওচৰত দুআ কৰিম, তেওঁ আপোনাক আৰোগ্য দান কৰিব। ইয়াৰ পিছত তেওঁ আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে, ফলত আল্লাহে তেওঁক শ্বিফা দান কৰে। আৰোগ্য লাভ কৰাৰ পিছত তেওঁ ৰজাৰ বৈঠকত পূৰ্বে যিদৰে অংশগ্ৰহণ কৰিছিল সেইদৰে আহি উপস্থিত হ'ল। ৰজাই তেওঁক দেখি ক'লেঃ তোমাৰ দৃষ্টিশক্তি কেনেকৈ আৰু কোনে ওভোতাই দিলে? তেওঁ ক'লেঃ মোৰ প্ৰতিপালকে ওভোতাই দিছে। তেতিয়া তেওঁ ক'লেঃ মোৰ বাহিৰেও তোমাৰ বেলেগ কোনো প্ৰতিপালক আছে নেকি? তেওঁ ক'লেঃ মোৰ আৰু আপোনাৰ প্ৰতিপালক হৈছে কেৱল আল্লাহ। এই কথা শুনাৰ লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল আৰু শাস্তি বিহা আৰম্ভ কৰা হ'ল। অৱশেষত শাস্তি সহ্য কৰিব নোৱাৰি যুৱকজনৰ বিষয়ে কৈ দিলে। যুৱকজনক উপস্থিত কৰা হ'ল। ৰজাই যুৱকজনক সুধিলেঃ হে যুৱক! তোমাৰ যাদু বিদ্যা ইমান উচ্চ শিখৰ পাইছেনে যে, তুমি অন্ধ আৰু কুষ্ঠৰোগীকো আৰোগ্য কৰিব পাৰা, লগতে এই এই কাম কৰা! যুৱকজনে ক'লেঃ মই কাকো আৰোগ্য প্ৰদান কৰিব নোৱাৰোঁ। বৰং আৰোগ্য কেৱল আল্লাহে প্ৰদান কৰে। এই কথা শুনাৰ পিছত যুৱকজনকো গ্ৰেপ্তাৰ কৰা হ'ল, আৰু যুৱকজনকো অবিৰাম শাস্তি বিহিবলৈ ধৰিলে। শাস্তি সহ্য কৰিব নোৱাৰি যুৱকজনে ধৰ্মযাজকৰ সন্ধান দিলে। ধৰ্মযাজকক উপস্থিত কৰা হ'ল আৰু তেওঁক কোৱা হ'ল যে, তুমি তোমাৰ ধৰ্ম ত্যাগ কৰা। তেওঁ অস্বীকাৰ কৰিলে। ইয়াৰ পিছত এখন কৰত আনিবলৈ কোৱা হ'ল আৰু সেইখন ধৰ্মযাজকৰ মূৰৰ ওপৰত ৰাখি তেওঁৰ মূৰ ফালি পেলালে। ইয়াৰ পিছত ৰজাৰ পৰিষদবৰ্গৰ সেই ব্যক্তিকো উপস্থিত কৰা হ'ল, আৰু তেওঁকো কোৱা হ'ল যে, তুমি তোমাৰ ধৰ্ম ত্যাগ কৰা। তেৱোঁ অস্বীকাৰ কৰিলে। ফলত তেওঁৰ ওপৰতো কৰত ৰাখি তেওঁৰ মূৰ ফালি পেলোৱা হ'ল। ইয়াৰ পিছত যুৱকজনক উপস্থিত কৰা হ'ল আৰু তাকো ধৰ্ম ত্যাগ কৰিবলৈ কোৱা হ'ল, সিও প্ৰত্যাখ্যান কৰিলে। ফলত ৰজাই তাক কেইজন মান লোকৰ হাতত অৰ্পণ কৰিলে, আৰু ক'লেঃ ইয়াকলৈ অমুক পৰ্বতৰ শৃংগত আৰোহণ কৰা, আৰু তাত উঠাৰ পিছত ইয়াক ধৰ্ম ত্যাগ কৰাৰ আদেশ দিবা, যদি সি নিজৰ ধৰ্ম ত্যাগ কৰে তেন্তে একো নকৰিবা আৰু যদি অস্বীকাৰ কৰে, তেন্তে ইয়াক গতিয়াই পেলাই দিবা। তেওঁলোকে তাক লগত লৈ গ'ল আৰু পৰ্বতৰ ওপৰত আৰোহণ কৰিলে। সেই সময়ছোৱাত যুৱকজনে আল্লাহৰ ওচৰত দুআ কৰি ক'লেঃ হে আল্লাহ! তুমি যিদৰে ইচ্ছা, ইহঁতৰ পৰা মোক ৰক্ষা কৰা। লগে লগে পৰ্বত ভয়ংকৰ ৰূপত কঁপিবলৈ ধৰিলে, আৰু সিহঁত আটায়ে বাগৰি পৰিল। ইপিনে যুৱকজন সুৰক্ষিত অৱস্থাত ৰজাৰ ওচৰত আহি উপস্থিত হ'ল। যুৱকজনক দেখি ৰজাই ক'লেঃ তোমাৰ লগৰবোৰ ক'ত? যুৱকজনে ক'লেঃ আল্লাহে মোক সিহঁতৰ পৰা ৰক্ষা কৰিছে। ইয়াৰ পিছত তেওঁ আকৌ কেইজনমান লোকৰ হাতত সেই যুৱকজনক অৰ্পণ কৰিলে, আৰু ক'লেঃ ইয়াক সৰু এখন জাহাজত তুলি সাগৰৰ মাজত লৈ যাবা, যদি সি নিজৰ ধৰ্ম ত্যাগ নকৰে তেন্তে ইয়াক সাগৰত পেলাই দিবা। সিহঁতে কথা মতেই কাম কৰিলে, যুৱকজনক লৈ ৰাওনা হ'ল, তেতিয়া যুৱকজনে আল্লাহৰ ওচৰত দুআ কৰিলে, হে আল্লাহ! তুমি যেনেকৈ ইচ্ছা ইহঁতৰ হাতৰ পৰা মোক ৰক্ষা কৰা। হঠাৎ জাহাজখন ওলটি গ'ল আৰু সিহঁত আটায়ে ডুবি মৰিল আৰু যুৱকজনক ৰক্ষা কৰা হ'ল, যুৱকজন পুনৰ ৰজাৰ ওচৰত আহি উপস্থিত হ'ল। ৰজাই যুৱকজনক দেখি আচৰিত হৈ ক'লেঃ তোমাৰ লগত যোৱা লোকসকল ক'ত? যুৱকজনে ক'লেঃ আল্লাহে মোক সিহঁতৰ পৰা ৰক্ষা কৰিছে। লগতে যুৱকজনে ৰজাক ক'লেঃ আপুনি মোক হত্যা কৰিব নোৱাৰিব, মই যিটো পদ্ধতি আপোনাক শিকাম, সেইটো অবিহনে মোক হত্যা কৰাটো অসম্ভৱ। ৰজাই ক'লেঃ সেইটোনো আকৌ কি পদ্ধতি? যুৱকজনে ক'লেঃ আপুনি এখন ময়দানত লোকসকলক একত্ৰিত কৰক আৰু মোক এটা গছৰ কাণ্ডত ওলমাই ৰাখক, আৰু মোৰ শৰাশ্ৰয়ৰ পৰা এটা শৰ উলিয়াই ধেনুত ৰাখি باسم الله رب الغلام (এই যুৱকৰ প্ৰতিপালক আল্লাহৰ নামত আৰম্ভ কৰিছোঁ) এইটো পাঠ কৰি মোৰ প্ৰতি কাঁড় নিক্ষেপ কৰিব। যদি আপুনি এইটো পদ্ধতি অৱলম্বন কৰে তেতিয়াহে মোক হত্যা কৰিব পাৰিব। এই কথা শুনি ৰজাই সকলোকে একত্ৰিত কৰিলে আৰু যুৱকজনক গছৰ কাণ্ডত ওলমাই ৰাখিলে, আৰু যুৱকজনৰ কঁড়ীয়াৰ পৰা এটা কাঁড় উলিয়াই ধেনুৰ মাজত ৰাখি ক’লেঃ باسم الله رب الغلام (মই আৰম্ভ কৰিছোঁ, আল্লাহৰ নামত যিজন এই যুৱকৰ প্ৰতিপালক) আৰু কাঁড় নিক্ষেপ কৰিলে। ফলত লগে লগে সেই কাঁড়টো গৈ যুৱকজনৰ চকু আৰু কাণৰ মধ্যৱৰ্তী ঠাইক ভেদ কৰিলে। যুৱকজনে নিজৰ হাত সেই ঠাইত স্পৰ্শ কৰাৰ লগে লগে মৃত্যুবৰণ কৰিলে। এই দৃশ্য দেখি উপস্থিত লোকসকলে একে ধ্বনিত কৈ উঠিলঃ آمنا برب الغلام، آمنا برب الغلام، آمنا برب الغلام. ("আমি এই বালকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিলোঁ, আমি এই বালকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিলোঁ, আমি এই বালকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিলোঁ,")। লগে লগে এই সংবাদ ৰজাক জনোৱা হ'ল, আৰু তেওঁক কোৱা হ'ল যে, আপুনি যিটো আশংকা কৰিছিল সেইটোৱে হৈছে। শপত খাই কৈছোঁ, আপুনি যিটো আশংকা কৰিছিল অৰ্থাৎ মানুহে যেন যুৱকজনৰ অনুসৰণ নকৰে কিন্তু এতিয়া সেইটোৱে হৈছে, সকলোৱে যুৱকজনৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিছে। তাৰ পিছত, ৰজাই সকলো ৰাস্তাৰ প্ৰৱেশ পথত প্ৰকাণ্ড গাঁত খান্দিবলৈ নিৰ্দেশ দিলে। লগতে সেই গাঁতসমূহত অগ্নি প্রজ্বলিত কৰি বৃহৎ অগ্নিকুণ্ড তৈয়াৰ কৰাৰ নিৰ্দেশ দিলে। লগতে ৰজাই আদেশ দিলে যে, যিয়ে নিজৰ ধৰ্ম ত্যাগ নকৰিব, তাক সেই জ্বলন্ত অগ্নিত নিক্ষেপ কৰিবা। এতেকে কথা মতেই কাম, ৰজাৰ নিৰ্দেশ পালন কৰিবলৈ ধৰিলে। অৱশেষত এজনী মহিলাই নিজৰ কোলাত শিশু এটি থকাৰ কাৰণে জঁপিয়াবলৈ সংকোচবোধ কৰিলে। শিশুক কোলাতলৈ জুইত জঁপিয়াবলৈ অপছন্দ কৰিলে। এই দেখি কোলাত থকা শিশুৱে অলৌকিকভাৱে ক’লে যে, ‘হে মোৰ মা! ধৈৰ্য্য ধাৰণ কৰি জঁপিয়াওক, নিশ্চয় আপুনি সত্যৰ ওপৰত প্ৰতিষ্ঠিত আছে।’
উবাই বিন কাআব -ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই এনেকুৱা এজন ব্যক্তি সম্পৰ্কে জানো, যাৰ ঘৰ মছজিদৰ পৰা আটাইতকৈ দূৰত আছিল। তথাপিও তেওঁ কেতিয়াও চালাতৰ জামাত এৰা নাছিল। উবাই ইবনু কাআবে কৈছেঃ তাক কোৱা হ'ল, অথবা মই তাক ক'লোঁ, (বৰ্ণনাকাৰী আবু উছমান আন নাহদীৰ সন্দেহ, দুটাৰ কোনটো কৈছিল সেইটো তেওঁৰ মনত নাই) তুমি যদি এটা গাধ কিনি লোৱা, তেন্তে ৰাতিৰ অন্ধকাৰত আৰু দিনত প্ৰখৰ ৰ'দৰ সময়ত আৰোহণ কৰি আহিব পাৰিবা (এইটো তোমাৰ কাৰণে ভাল হ'ব)। এই কথা শুনি তেওঁ ক'লেঃ মোৰ ঘৰ মছজিদৰ কাষত হওক এইটো মোৰ বাবে কোনো আনন্দৰ বিষয় নহয়। মই বিচাৰোঁ, মছজিদলৈ যোৱা মোৰ প্ৰতিটো খোঁজ আৰু মোৰ পৰিয়ালৰ ওচৰলৈ উভতি অহাৰ প্ৰতিটো খোঁজৰ বিনিময়ত আল্লাহে মোৰ আমলনামাত ছোৱাব লিপিবদ্ধ কৰক। তেওঁৰ এই কথা শুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মহান আল্লাহে তোমাৰ বাবে সেই সকলো ছোৱাব একত্ৰিত কৰি ৰাখিছে।"
(মুছলিম)উবাই ইবনু কাআব ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত বৰ্ণনা কৰিছে যে, আনচাৰসকলৰ এজন ব্যক্তিৰ ঘৰ মছজিদে নবৱীৰ পৰা আটাইতকৈ দূৰত আছিল। ইয়াৰ পিছতো তেওঁ কেতিয়াও জামাতত নামাজ এৰা নাছিল। বৰং প্ৰত্যেক ওৱাক্ততে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে নামাজত উপস্থিত হৈছিল। এবাৰ তেওঁক কোৱা হ'লঃ তুমি এটা গাধ কিনি নোলোৱা কিয়, যাতে ৰাতিৰ অন্ধকাৰত আৰু দিনত প্ৰখৰ ৰ'দৰ সময়ত আৰোহণ কৰি আহিব পাৰা? এই কথা শুনি তেওঁ ক'লেঃ মোৰ ঘৰ মছজিদৰ কাষত হওক এইটো মোৰ বাবে কোনো আনন্দৰ বিষয় নহয়। মই বিচাৰোঁ, মছজিদলৈ যোৱা মোৰ প্ৰতিটো খোঁজ আৰু মোৰ পৰিয়ালৰ ওচৰলৈ উভতি অহা প্ৰতিটো খোঁজৰ বিনিময়ত আল্লাহে মোৰ আমলনামাত ছোৱাব লিপিবদ্ধ কৰক। তেওঁৰ এই কথা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে অৱগত হোৱাৰ পিছত ক'লেঃ "মহান আল্লাহে তোমাৰ বাবে সেই সকলো ছোৱাব একত্ৰিত কৰি ৰাখিছে।"