





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে এই দুআ পাঠ কৰিবঃ ৰাজীতু বিল্লা-হি ৰাব্বান, অবিল ইছলামি দ্বীনান, অবিমুহাম্মাদিন ৰাছুলা। (অৰ্থঃ মই সন্তুষ্ট হৈছোঁ, আল্লাহক প্ৰতিপালক হিচাপে গ্ৰহণ কৰি, ইছলামক দ্বীন হিচাপে লাভ কৰি, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল হিচাপে গ্ৰহণ কৰি।) তাৰ বাবে জান্নাত অনিবাৰ্য্য।"
(আবু দাঊদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যিয়ে উক্ত দুআটো পাঠ কৰিব, যাৰ ভাৱাৰ্থ হৈছেঃ মই আল্লাহক ৰব্ব হিচাপে, উপাস্য পৰ্যবেক্ষক মালিক ছায়্যিদ আৰু সংশোধক হিচাপে গ্ৰহণ কৰি, ইছলামৰ সকলো বিধি-বিধান আদেশ-নিষেধ মানি ইয়াক দ্বীন হিচাপে তথা ধৰ্ম হিচাপে মনে প্ৰাণে বিশ্বাস কৰি তথা আত্মসমৰ্পণ কৰি আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল হিচাপে তথা নবী হিচাপে মানি, তেখেতে লৈ অহা যাৱতীয় বাৰ্তাক বিশ্বাস কৰি সন্তুষ্ট হৈছোঁ। সেই ব্যক্তিৰ বাবে জান্নাত ওৱাজিব হৈ যাব।
উবাদাহ বিন চামিত ৰাদ্বিয়াল্লাহু আনহু আছিল বদৰৰ যুদ্ধত অংশগ্ৰহণকাৰী আৰু আকাবাৰ ৰাতিত অৱস্থান কৰা নকীবসকলৰ অন্যতম এজন। তেওঁ বৰ্ণনা কৰিছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কেইবাজনো চাহাবাৰ উপস্থিতিত কৈছে যে, "তোমালোকে এই বিষয়ত মোৰ সৈতে বাইআত কৰা যে, আল্লাহৰ সৈতে কাকো অংশীদাৰ স্থাপন নকৰিবা, চুৰি নকৰিবা, ব্যভিচাৰ নকৰিবা। নিজৰ সন্তানক হত্যা নকৰিবা, কাৰো ওপৰত মিছা অপবাদ জাপি নিদিবা, সৎকৰ্মত অবাধ্যতা নকৰিবা। তোমালোকৰ মাজৰ যিয়ে এইবোৰ পালন কৰিব, তাৰ প্ৰতিদান আছে আল্লাহৰ ওচৰত। আনহাতে কোনোবাই যদি এনেকুৱা কোনো কৰ্মত লিপ্ত হৈ পৃথিৱীতে শাস্তি পায় তেন্তে সেইটো হ'ব তাৰ প্ৰায়শ্চিত্ত। এইদৰে যদি কোনোবাই এনেকুৱা কৰ্ম কৰে আৰু সেইটোক যদি আল্লাহে গোপন ৰাখে তেন্তে সেইটো হ'ব আল্লাহৰ ইচ্ছাধীন। আল্লাহে ইচ্ছা কৰিলে তাক মাফ কৰি দিব পাৰে আৰু ইচ্ছা কৰিলে শাস্তি বিহিব পাৰে।" আমি এইবোৰ বিষয়ত তেওঁৰ বাইআত গ্ৰহণ কৰিছিলোঁ।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})উবাদাহ বিন চামিত ৰাদ্বিয়াল্লাহু আনহু আছিল বদৰৰ যুদ্ধত অংশ গ্ৰহণ কৰা বাদ্ৰী চাহাবী, লগতে তেওঁ আছিল তেওঁৰ গোত্ৰ এজন প্ৰধান ব্যক্তি। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ হিজৰত কৰাৰ পূৰ্বে মক্কাত থকা অৱস্থাত মীনাত আকাবাৰ ৰাতিত উবাদাকে আদি কৰি কেইবাজনো ব্যক্তিয়ে তেখেতক সহায়-সহযোগ কৰিবলৈ তথা সমৰ্থন আগবঢ়াবলৈ গৈছিল। তেওঁ বৰ্ণনা কৰিছে যে, এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলৰ মাজত বহি আছিল, তেনেতে তেখেতে চাহাবাসকলক কেইবাটাও বিষয়ত অংগীকাৰ ল'বলৈ ক'লে যে, প্ৰথমঃ আল্লাহৰ ইবাদতত কাকো অংশীদাৰ স্থাপন নকৰিবা, যদিও সেয়া যিমানেই সৰু নহওক কিয়। দ্বিতীয়ঃ চুৰি নকৰিবা। তৃতীয়ঃ জিনাৰ দৰে ব্যভিচাৰ নকৰিবা তথা অশ্লীলতাত লিপ্ত নহ'বা। চতুৰ্থঃ নিজৰ সন্তানক হত্যা নকৰিবা, ল'ৰাই হওক বা ছোৱালী। ল'ৰাক ভৰণ পোষণৰ ভয়ত আৰু ছোৱালীক লাজৰ কাৰণে। পঞ্চমঃ তেওঁলোকে যেন নিজৰ হাত ভৰিৰে মিছা অপবাদ ৰচনা নকৰে। কাৰণ অধিকাংশ অপৰাধ এই দুটা অংগৰ দ্বাৰাই সংঘটিত হয়। যদিও অন্যান্য অংগবোৰো ইয়াৰ সৈতে জৰিত থাকে। ষষ্ঠঃ সৎকৰ্মত যাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অবাধ্যতা নকৰে। তেওঁলোকৰ মাজৰ যিসকলে এই প্ৰতিজ্ঞাত অটল থাকিব আৰু উল্লেখ কৰা চৰ্তবোৰ মানি চলিব, তেওঁলোকৰ প্ৰতিদান আছে আল্লাহৰ ওচৰত। যিয়ে শ্বিৰ্ক নকৰাকৈ এই চৰ্তবোৰৰ মাজৰ কিছু লঙ্ঘন কৰে, ফলত পৃথিৱীতেই যদি সি শাস্তি ভোগ কৰে, তেন্তে সেইটো তাৰ বাবে কাফফাৰা হ'ব, আৰু তাৰ গুনাহ মাফ হৈ যাব। আনহাতে যদি কোনোবাই এনেকুৱা গুনাহ কৰি পেলায় আৰু আল্লাহে সেইটোক প্ৰকাশ কৰি নিদিয়ে, তেন্তে সেই বিষয়টো আল্লাহৰ ওপৰত নিৰ্ভৰশীল হ'ব; তেওঁ ইচ্ছা কৰিলে ক্ষমা কৰিব আৰু ইচ্ছা কৰিলে শাস্তি দিব। ইয়াৰ পাছত উপস্থিত সকলো চাহাবাই এইবোৰ বিষয়ত বাইআত কৰিলে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ইছলাম আৰম্ভণিত অপৰিচিত আছিল। অচিৰেই পুনৰ সেই অপৰিচিত অৱস্থালৈ উভতি যাব। এতেকে সেই অপৰিচিত অৱস্থাত যিসকলে ইছলামৰ ওপৰত অটল থাকিব, তেওঁলোকৰ বাবে আছে সুসংবাদ।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, ইছলামে আৰম্ভণিত অপৰিচিত অৱস্থাত আত্ম প্ৰকাশ কৰিছে, তেতিয়া মুছলিমসকলৰ সংখ্যা খুবেই তাকৰ আছিল। এইদৰে এটা সময় এনেকুৱা আহিব যেতিয়া পুনৰ সেই আগৰ অৱস্থালৈ ঘূৰি যাব। প্ৰকৃত মুছলিমৰ সংখ্যা তাকৰ হ'ব। এতেকে সেই সময়ত যিসকলে ইছলামী জীৱন যাপন কৰিব, তথা চৰীয়তি বিধি-বিধান ৰক্ষা কৰিব, তেওঁলোকৰ বাবে আছে সুসংবাদ তথা আনন্দদায়ক প্ৰতিদান।
ছাহল বিন ছাআদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে সৰু সুৰা পাপ কৰ্মকো বৰ্জন কৰা, কিয়নো সৰু আৰু তুচ্ছ পাপ কৰ্মৰ উদাহৰণ হৈছে সেইসকল লোকৰ দৰে যিসকলে (ভ্ৰমণত গৈ) কোনো এটা উপত্যকাত (বিশ্ৰামৰ বাবে) অৱস্থান কৰে। ইয়াৰ পিছত ইজনে এটা কাঠৰ টুকুৰা আনে আৰু সিজনে এটা কাঠৰ টুকুৰা আনে, অৱশেষত খৰিৰ স্তূপ হৈ যায়, আৰু সিহঁতে সেইবোৰৰ দ্বাৰা ৰুটী সেকি খায়। ঠিক সেইদৰে সৰু সুৰা পাপ কৰ্মত অটল থকা লোকক যেতিয়া কৰায়ত্ব কৰা হ'ব তেতিয়া এইবোৰ গুনাহেই তাক ধ্বংস কৰিব।"
(আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সৰু সুৰা গুনাহত অৱহেলা কৰাৰ পৰা সতৰ্ক কৰিছে।ইয়াৰ আধিক্যই ব্যক্তিক ধ্বংসৰ মুখত ঠেলি দিয়ে। তেখেতে ইয়াৰ এটা উদাহৰণ দিছে যে, এনেকুৱা কিছুমান লোক যিসকলে এটা উপত্যকাত গৈ আশ্ৰয় লয় আৰু প্ৰত্যেকেই সৰু সৰু কাঠৰ টুকুৰা তথা খৰি বিচাৰি আনে। অৱশেষত সেইবোৰ খৰিৰ এটা স্তূপ হৈ যায়। ফলত সিহঁতে সেইবোৰৰ দ্বাৰা ৰুটী সেকি খায়। ঠিক সেইদৰে সৰু সুৰা গুনাহত অৱহেলা কৰিলে, গুনাহৰ এটা স্তূপ হৈ যাব, যদি বান্দাই এইবোৰ গুনাহৰ পৰা তাওবা নকৰে তেন্তে আল্লাহে কৰায়ত্ব কৰিলে তাক ধ্বংস কৰি দিব, নহ'লে ক্ষমা কৰি দিব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "নিশ্চয় মই নৈতিকতাক তথা উত্তম চৰিত্ৰক পূৰ্ণতা প্ৰদান কৰিবলৈ নবী হিচাপে আগমন কৰিছোঁ।"
رواه البخاري في الأدب المفرد وأحمد والبيهقيহাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা জনাইছে যে, সৰ্বশক্তিমান আল্লাহে তেখেতক এই কাৰণে প্ৰেৰণ কৰিছে, যাতে তেখেতে উত্তম চৰিত্ৰ আৰু নৈতিকতাক পূৰ্ণতা দান কৰিব পাৰে। লগতে পূৰ্বৱৰ্তী ৰাছুলসকলৰ শিক্ষাক পূৰ্ণতা প্ৰদান কৰিবলৈ আৰু আৰবীয়ানসকলৰ ভাল স্বভাৱক পূৰ্ণতা প্ৰদান কৰিবলৈ তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰা হৈছে। তেওঁলোকে কল্যাণক পছন্দ কৰিছিল আৰু অনিষ্টক অপছন্দ কৰিছিল। তেওঁলোক আছিল বাহাদুৰ, উদাৰ আৰু সন্মানীয়। সেয়ে তেওঁলোকৰ মাজত থকা কিছুমান ত্ৰুটিক সংশোধন কৰিবলৈ তেখেতক প্ৰেৰণ কৰা হৈছিল, যেনে- বংশকলৈ গৌৰৱ কৰা, অহংকাৰ কৰা, দুখীয়া দৰিদ্ৰক তুচ্ছ জ্ঞান কৰা আদি।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সৰ্বশক্তিমান আল্লাহে কৈছেঃ আদম সন্তানে সময়ক গালি পাৰি মোক কষ্ট দিয়ে, অথচ ময়ে সময় (ৰ পৰিচালক)। মোৰ হাততেই সকলো ক্ষমতা, ৰাতি আৰু দিন ময়ে পৰিবৰ্তন কৰোঁ।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, সৰ্বশক্তিমান আল্লাহে হাদীছে কুদছীত কৈছে যে, আদম সন্তানে বিপদ-আপদৰ সময়ত তথা দুখ কষ্টৰ সময়ত, সময়ক গালি পাৰি মোক কষ্ট দিয়ে, কাৰণ একমাত্ৰ আল্লাহেই সময়ৰ পৰিচালক আৰু নিয়ন্ত্ৰণকাৰী। গতিকে সময়ক গালি পাৰা মানে আল্লাহক গালি পাৰা বুজায়। সময় হৈছে আল্লাহৰ এটা সৃষ্টি তথা তেওঁৰ নিয়ন্ত্ৰণাধীন। ইয়াত সংঘটিত হোৱা প্ৰতিটো ঘটনা আল্লাহৰ নিৰ্দেশত কাৰ্যকৰী হয়।
আবু ৰুকাইয়্যা তামীম ইবনে আওছ আদ্-দাৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে: "দ্বীন হৈছে শুভ কামনাৰ নাম।" আমি প্ৰশ্ন কৰিলোঁ: কাৰ বাবে? তেখেতে ক’লে: "আল্লাহৰ বাবে, তেওঁৰ কিতাবৰ বাবে, তেওঁৰ ৰাছুলৰ বাবে, মুছলিমসকলৰ নেতৃবৃন্দৰ বাবে আৰু সকলো মুছলিমৰ বাবে।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা জনাইছে যে, দ্বীন হৈছে ইখলাচ আৰু সততাৰ ওপৰত প্ৰতিষ্ঠিত। সেয়ে আল্লাহে যিদৰে অনিবাৰ্য্য কৰিছে সেইদৰেই পৰিপূৰ্ণৰূপে পালন কৰা জৰুৰী, কোনো ধৰণৰ ত্ৰুটি আৰু প্ৰৱঞ্চনা নকৰাকৈ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সোধা হ'ল, শুভকামনা কাৰ বাবে? তেখেতে ক'লেঃ প্ৰথমঃ শুভকামনা হৈছে মহান আল্লাহৰ বাবে, অৰ্থাৎ নিৰ্ভেজালভাৱে তেওঁৰ ইবাদত কৰা আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ নকৰা। এইদৰে তেওঁৰ ৰূবুবিয়্যত, উলুহিয়্যত আৰু আচমা অচিফাতৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁৰ নিৰ্দেশনাক গুৰুত্ব দিয়া আৰু তেওঁৰ প্ৰতি ঈমান আনিবলৈ মানুহক আহ্বান কৰা। দ্বিতীয়ঃ তেওঁৰ পৱিত্ৰ গ্ৰন্থ আল-কোৰআনুল কাৰীমৰ বাবে শুভকামনা পোষণ কৰা। অৰ্থাৎ এই বিশ্বাস পোষণ কৰা যে, এইখন হৈছে মহান আল্লাহৰ বাণী আৰু তেওঁৰ সৰ্বশেষ গ্ৰন্থ, লগতে এইখনে পূৰ্বৱৰ্তী সকলো চৰীয়তক ৰহিত কৰিছে। আমি ইয়াক সন্মান কৰোঁ আৰু যথাযথভাৱে ইয়াৰ তিলাৱত কৰোঁ। ইয়াত থকা মুহকাম আয়াতসমূহৰ ওপৰত আমি আমল কৰোঁ আৰু মুতাশ্বাবিহ আয়াতসমূহক আমি গ্ৰহণ কৰোঁ, আৰু আমি ইয়াৰ বিষয়ে মানুহে কৰা অপব্যাখ্যাক খণ্ডন কৰোঁ, লগতে ইয়াৰ মাজত থকা বিভিন্ন উপদেশ আমি মানি চলোঁ আৰু ইয়াৰ জ্ঞানসমূহ প্ৰচাৰ কৰোঁ আৰু ইয়াৰ প্ৰতি মানুহক আহ্বান কৰোঁ। তৃতীয়ঃ শুভকামনা হৈছে ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে। অৰ্থাৎ আমি এই বিশ্বাস পোষণ কৰিব লাগিব যে, তেখেত হৈছে সৰ্বশেষ ৰাছুল, লগতে তেখেতে যি লৈ আহিছে তাৰ প্ৰতিও আমি বিশ্বাস কৰিব লাগিব, তেখেতৰ আদেশ মানি চলিব লাগিব, তেখেতে যি নিষেধ কৰিছে তাৰ পৰা আঁতৰি থাকিব লাগিব, লগতে একমাত্ৰ সেই পদ্ধতিতেই আমি আল্লাহৰ ইবাদত কৰিব লাগিব যিটো তেখেতে দেখুৱাইছে। তেখেতক সন্মান কৰিব লাগিব, তেখেতৰ বাৰ্তা প্ৰচাৰ কৰিব লাগিব আৰু তেখেতৰ চৰীয়ত প্ৰসাৰ কৰিব লাগিব, আৰু তেখেতৰ প্ৰতি যি যি আৰোপ কৰা হৈছে সেইবোৰক অস্বীকাৰ কৰি খণ্ডন কৰিব লাগিব। চতুৰ্থঃ মুছলিম নেতৃবৃন্দৰ বাবে কল্যাণ কামনা কৰা। অৰ্থাৎ তেওঁলোকক সত্যৰ পথত সহায় কৰা, ক্ষমতাৰ ক্ষেত্ৰত তেওঁলোকৰ সৈতে বিবাদ নকৰা, লগতে আল্লাহৰ আনুগত্য অনুসৰি তেওঁলোকে দিয়া প্ৰতিটো আদেশ মানি চলিব লাগিব। পঞ্চমঃ শুভকামনা হৈছে মুছলিমসকলৰ বাবে। তেওঁলোকক উপকাৰ কৰাৰ মাধ্যমত আৰু এহছানৰ প্ৰতি আহ্বান কৰাৰ মাধ্যমত, তেওঁলোকক বিভিন্ন ক্ষতিৰ পৰা ৰক্ষা কৰাৰ মাধ্যমত, তেওঁলোকৰ বাবে কল্যাণ পছন্দ কৰাৰ মাধ্যমত আৰু তেওঁলোকক নেক কামত আৰু তাক্বৱাৰ কামত সহায় কৰাৰ মাধ্যমত।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "দৈনিক যেতিয়া সূৰ্য উদয় হয় মানুহে নিজৰ (শৰীৰৰ) প্ৰত্যেক গ্ৰন্থিৰ (পৰিবৰ্তে) চাদাক্বাহ দিয়া কৰ্তব্য। দু'জন মানুহৰ মাজত ইনচাফ কৰাও হৈছে চাদাক্বাহ, কোনো আৰোহীক তাৰ বাহনৰ ওপৰত আৰোহণ কৰিবলৈ বা তাৰ ওপৰত বোজা উঠাবলৈ সহায় কৰাও হৈছে চাদাক্বাহ, ভাল কথা কোৱাও হৈছে চাদাক্বাহ, ছালাতৰ বাবে প্ৰত্যেক পদক্ষেপ হৈছে চাদাক্বাহ আৰু কষ্টদায়ক বস্তু বাটৰ পৰা আঁতৰাই দিয়াটোও হৈছে চাদাক্বাহ।"
رواه البخاري ومسلمহাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, চৰীয়তৰ অধীনস্থ প্ৰতিজন মুছলিমৰ ওপৰতে দৈনিক নিজৰ প্ৰতিটো গাঁঠিৰ বিপৰীতে চাদাক্বাহ কৰা উচিত। এইটো মহান আল্লাহে কৃতজ্ঞতা প্ৰকাশৰ উদ্দেশ্যে পালন কৰিবলৈ বিধিবদ্ধ কৰিছে, যাতে বান্দা সুস্থ থাকে। কাৰণ তেৱেঁই এইবোৰ গাঁঠি বনাইছে, যাৰ দ্বাৰা বান্দাই নিজৰ সুবিধামতে ধৰিব পাৰে আৰু প্ৰসাৰিত কৰিব পাৰে। এই চাদাক্বাহ সকলো প্ৰকাৰ নেক আমলৰ জৰিয়তে কৰিব পাৰি, কেৱল ধন-সম্পদৰ মাজতেই সীমাবদ্ধ নহয়। যেনে- দুজন বিবদমান লোকৰ মাজত মীমাংসা কৰি দিয়াটোও হৈছে চাদাক্বাহ। বাহনত আৰোহণ কৰিব নোৱাৰা ব্যক্তিক আৰোহণ কৰাত সহায় কৰা অথবা বাহনত বয়-বস্তু উঠাই দিয়াত সহায় কৰাটোও হৈছে চাদাক্বাহ, উত্তম কথা যেনে- জিকৰ-আজকাৰ, দুআ, ছালাম আদিও হৈছে চাদাক্বাহ। নামাজৰ বাবে খোজকাঢ়ি যোৱা প্ৰতিটো পদক্ষেপ হৈছে চাদাক্বাহ। ৰাস্তাৰ পৰা কষ্টদায়ক বস্তু আঁতৰাই দিয়াটোও হৈছে চাদাক্বাহ।
উবাদাহ বিন চামিত ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ‘আমি ৰাছুলুল্লাহ চাল্লাল্লাহ আলাইহি অছাল্লামৰ ওচৰত এই বিষয়ে বাইআত কৰিছিলোঁ যে, সুখে-দুখে, পছন্দ অপছন্দ সকলো ক্ষেত্ৰতে আৰু আমাৰ ওপৰত (আনক) প্রাধান্য দিয়াৰ ক্ষেত্ৰতো আমি তেখেতৰ পূৰ্ণ আনুগত্য কৰিম। লগতে ৰাষ্ট্র নেতাৰ ক্ষমতা হৰণ কৰিবলৈ আমি তেওঁৰ বিৰুদ্ধে কেতিয়াও যুদ্ধ নকৰোঁ ; কিন্তু যদি তেওঁৰ মাজত প্রকাশ্য কুফৰী দেখা পাওঁ সেয়া সুকীয়া বিষয়। এইদৰে আমি সদায় সত্য কথা কম, লগতে আমি আল্লাহৰ বিষয়ে কোনো নিন্দাকাৰীৰ নিন্দাক ভয় নকৰোঁ।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলৰ পৰা এই বিষয়ত বাইআত লৈছে যে, স্বাভাৱিক সময়তো আৰু কঠিন সময়তো, লগতে স্বচ্ছল অৱস্থাতো আৰু অভাৱ-অনাটনৰ সময়তো ৰাষ্ট্ৰনেতা তথা প্ৰশাসনৰ আনুগত্য কৰিব লাগিব। যদিও তেওঁলোকৰ আদেশ-নিষেধ পছন্দ হওক বা নহওক। যদিও শাসকসকলে ৰাজহুৱা সম্পদ, পদ বা আন কোনো ধৰণৰ বস্তু দখল কৰি লয়। তেওঁলোকৰ প্ৰতিটো সঠিক নিৰ্দেশনা মানি লোৱা অনিবাৰ্য। তেওঁলোকৰ বিৰুদ্ধে কাজিয়া কৰা উচিত নহয়, কাৰণ শাসকৰ বিৰুদ্ধে কৰা কাজিয়াৰ পৰিণতি অতি ভয়াৱহ, ইয়াৰ ক্ষতিৰ পৰিমাণ আটাইতকৈ ডাঙৰ। তেওঁলোকে এই ক্ষেত্ৰতো বাইআত লৈছিল যে, তেওঁলোকে আল্লাহৰ উদ্দেশ্য নিষ্ঠা সহকাৰে সকলো সময়তে উচিত তথা হক কথা ক'ব, এই ক্ষেত্ৰত তেওঁলোকে কোনো ভৰ্ৎসনাকাৰীৰ ভৰ্ৎসনাক কেৰেপ নকৰিব তথা ভয় নকৰিব।