Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way






























Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তিনি প্ৰকাৰ লোকৰ বাবে বদ্দুআ কৰিছে যে, সিহঁতৰ নাক অপমান অপদস্থ হৈ ধূলিময় হওক। প্ৰথম প্ৰকাৰঃ এনেকুৱা ব্যক্তি যাৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নাম লোৱা হৈছে, কিন্তু সি তেখেতৰ নাম শুনিও দৰূদ পাঠ কৰা নাই। অৰ্থাৎ চাল্লাল্লাহু আলাইহি অছাল্লাম বা এনেকুৱা কোনো বাক্য কোৱা নাই। দ্বিতীয় প্ৰকাৰঃ এনেকুৱা ব্যক্তি যিয়ে ৰমাজান মাহ পোৱাৰ পিছতো নেক আমল কৰি নিজৰ গুনাহ খাতা মাফ কৰিব পৰা নাই। তৃতীয় প্ৰকাৰঃ এনেকুৱা ব্যক্তি যিয়ে নিজৰ পিতৃ-মাতৃক বৃদ্ধাৱস্থাত পাইছে, তথাপিও সি তেওঁলোকৰ সেৱা যত্ন কৰি জান্নাত অৰ্জন কৰিব পৰা নাই। বৰং সি তেওঁলোকৰ অবাধ্যতাহে কৰিছে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যেতিয়া দুজন মুছলিম ব্যক্তিয়ে ৰাস্তাত অথবা কোনো ঠাইত সাক্ষাৎ কৰি পৰস্পৰক ছালাম কৰি মুচাফাহা কৰে, তেওঁলোক দুজনে শাৰীৰিকভাৱে গুচি যোৱাৰ আগতে অথবা মুচাফাহাৰ পৰা নিজৰ নিজৰ হাত টানি লোৱাৰ আগতে উভয়ৰে গুনাহ মাফ কৰি দিয়া হয়।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আদম সন্তানৰ অন্তৰসমূহ ৰহমানৰ দুটা আঙুলিৰ মাজত এটা অন্তৰৰ দৰে ৰাখি থোৱা আছে। তেওঁ যিদৰে ইচ্ছা কৰে সেই অন্তৰবোৰক ওলট-পালট কৰে। তেওঁ ইচ্ছা কৰিলে সত্যৰ ওপৰত প্ৰতিষ্ঠিত ৰাখে, অন্যথা তেওঁ ইচ্ছা কৰিলে সত্যৰ পৰা আঁতৰাই দিয়ে। তেওঁ গোটেই অন্তৰবোৰক এটা অন্তৰৰ দৰে ওলট-পালট কৰিব পাৰে। এই হাদীছটো বৰ্ণনা কৰাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই বুলি দুআ কৰিছিলঃ হে আল্লাহ! অন্তৰ পৰিবৰ্তনকাৰী, তুমি কেতিয়াবা অন্তৰক আনুগত্যৰ ফালে পৰিবৰ্তন কৰি দিয়া আকৌ কেতিয়াবা গুনাহৰ ফালে পৰিবৰ্তন কৰি দিয়া, কেতিয়াবা তুমি জিকৰ-আজকাৰৰ ফালে কৰি দিয়া আকৌ কেতিয়াবা অমনোযোগিতাৰ ফালে। গতিকে তুমি আমাৰ অন্তৰসমূহক তোমাৰ আনুগত্যৰ ফালেই ৰাখিবা।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুআ কৰিছে, সেই ব্যক্তিৰ মুখমণ্ডল আল্লাহে উজ্জল, জ্যোতিৰ্ময় কৰি ৰাখক, তথা পাৰ্থিৱ জীৱনত সতেজ কৰি ৰাখক, লগতে আল্লাহে তেওঁক জান্নাতৰ উজ্জলতা আৰু ইয়াৰ নিয়ামত দান কৰক আৰু আখিৰাততো উজ্জল কৰি ৰাখক, যিয়ে তেখেতৰ পৰা হাদীছ শ্ৰৱণ কৰে আৰু ভালকৈ মুখস্থ কৰি ৰাখে, যাতে বেলেগক পৌঁচাই দিব পাৰে। কিয়নো কেতিয়াবা যাক হাদীছ পৌঁচাই দিয়া হয়, তেওঁ হাদীছ শ্ৰৱণকাৰীতকৈও অধিক উত্তমৰূপে হাদীছৰ মূল তত্ব বুজিব পাৰে। এতেকে প্ৰথমজনে মুখস্থ ৰখা আৰু পৌঁচাই দিয়াত উত্তম আৰু দ্বিতীয়জন হৈছে বোধশক্তি আৰু মূল তত্ব আহৰণত উত্তম।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জান্নাতৰ কেইটামান নিয়ামতৰ বিষয়ে উল্লেখ কৰিছে যে, মুমিনৰ বাবে জান্নাতত এটা ডাঙৰ প্ৰশস্ত তম্বু থাকিব। সেই তম্বুটো এটা মুকুতাৰে নিৰ্মাণ কৰা হ'ব, যিটো মুকুতাৰ ভিতৰভাগ খালি থাকিব। প্ৰশস্ততা আৰু আকাশৰ ফালে ইয়াৰ দৈৰ্ঘ্য হ'ব ষাঠি মাইল পৰ্যন্ত। এই তম্বুৰ প্ৰতিটো প্ৰান্ততে থাকিব তেওঁৰ স্ত্ৰীসকল, কিন্তু স্ত্ৰীসকলে ইজনে সিজনক দেখা নাপাব। মুমিন ব্যক্তিয়ে তেওঁলোকৰ প্ৰত্যেকৰে ওচৰলৈ গমন কৰিব।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, বৰকতময় মহান আল্লাহে কৈছেঃ মই মোৰ নেক বান্দাসকলৰ বাবে জান্নাতত আতিথ্য আপ্যায়নৰ কাৰণে যি প্ৰস্তুত কৰি ৰাখিছোঁ, সেইবোৰক কোনো চকুৱে দেখা নাই, কোনো কাণেও সেইবোৰৰ বৈশিষ্ট্য শুনা নাই, আনকি কোনো মানুহৰ অন্তৰে ইয়াৰ ধৰণ-গঠন সম্পৰ্কে কল্পনাও কৰিব নোৱাৰে। আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ ইয়াৰ প্ৰমাণ চাব বিচাৰিলে, এই আয়াত পঢ়ি চোৱা। এতেকে কোনোৱেই নাজানে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি লুকুৱাই ৰখা হৈছে। (ছুৰা আছ-ছাজদাহঃ ১৭)
মই উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আখলাক্ব সম্পৰ্কে প্ৰশ্ন কৰাত তেওঁ কৈছেঃ তেখেতৰ স্বভাৱত কোনো ধৰণৰ অশ্লীলতা নাছিল, কথাৰ দ্বাৰাই হওক বা কৰ্মৰ দ্বাৰা তেখেতে কেতিয়াও বেয়া ব্যৱহাৰ কৰা নাছিল। হাট-বজাৰত তেখেতে কেতিয়াও চিঞৰ বাখৰ কৰা নাছিল। এইদৰে তেখেতে কেতিয়াও অন্যায়ৰ প্ৰতিশোধ অন্যায়ৰ দ্বাৰা লোৱা নাছিল। প্ৰয়োজন হ'লে তেখেতে উত্তম পন্থাৰে প্ৰতিশোধ লৈছিল, আৰু আন্তৰিকতাৰে ক্ষমা কৰি দিছিল, লগতে প্ৰকাশ্যভাৱে আওকাণ কৰিছিল।
আমিৰুল মুমিনীন উছমান বিন আফ্ফান ৰাদ্বিয়াল্লাহু আনহুৱে যেতিয়া কোনো কবৰৰ ওচৰত থিয় হৈছিল, তেতিয়া তেওঁ কান্দিছিল, আনকি অশ্ৰুৰে তেওঁৰ দাড়ি তিতি গৈছিল। তেওঁক প্ৰশ্ন কৰা হ'লঃ জান্নাত আৰু জাহান্নামৰ কথা স্মৰণ কৰি, জান্নাতৰ আশাত আৰু জাহান্নামৰ ভয়ত কেতিয়াওতো আপোনাক কান্দা দেখা নাই, আৰু আপুনি কবৰ দেখি কান্দি আছে? (কাৰণ কি?) তেতিয়া তেওঁ ক'লেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ কবৰ হৈছে আখিৰাতৰ প্ৰথম মঞ্জিল। যিয়ে ইয়াৰ পৰা ৰক্ষা পাব, তাৰ বাবে পৰৱৰ্তী মঞ্জিলসমূহ সহজ হ'ব। আনহাতে যিয়ে ইয়াৰ শাস্তিৰ পৰা নাজাত নাপাব, তাৰ বাবে পৰৱৰ্তী শাস্তিসমূহ অধিক কঠিন হ'ব।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, মানুহৰ মাজত সবাতোকৈ অধিক যাৰ সৈতে সদাচৰণ কৰিব লাগে, সদ্ব্যৱহাৰ কৰিব লাগে, উত্তম সংগ দিব লাগে তথা যাৰ প্ৰতি অধিক সহানুভূতি থাকিব লাগে আৰু সুসম্পৰ্ক বজাই ৰাখিব লাগে, তেওঁ হৈছে মাক। তেখেতে মাকৰ অধিকাৰৰ গুৰুত্ব বুজাবলৈ তিনিবাৰকৈ উল্লেখ কৰি গুৰুত্বাৰোপ কৰিছে। যাতে অন্যান্য লোকৰ তুলনাত মাকৰ গুৰুত্ব স্পষ্ট হয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই ব্যক্তিৰ কথা উল্লেখ কৰিছে, যিজন পৰৱৰ্তী পৰ্যায়ত সদ্ব্যৱহাৰ পোৱাৰ উপযুক্ত। তেওঁ হৈছে পিতা। ইয়াৰ পিছত পৰ্যায়ক্ৰমে নিজৰ বংশৰ মাজত যিজন বেছি নিকটৱৰ্তী আত্মীয়। আত্মীয়তাৰ ক্ষেত্ৰত যিয়ে যিমান নিকটৱৰ্তী হ'ব, তেওঁ সিমানেই অগ্ৰাধিকাৰ লাভ কৰিব।