Hedayat “A fruitful harvest”
from the gardens of “ Verses and Hadiths ”
Inspiring Dawah cards that highlight the profound meanings of Quranic verses and Prophetic Hadiths. Presented in an accessible and engaging style to help Muslims gain a deeper understanding of their faith with ease.
About Hedayat
Hedayat is a platform that combines simplicity of design and ease of use
displaying the benefits derived from Verses and Hadiths in
attractive cards with unique designs.
Unique Designs
Cards with unique and attractive designs that express the content of the text
Reliable Materials
Scientifically reliable benefits reviewed by a group of scholars
Easy Browsing
You can browse the cards easily and display them effortlessly
Different Languages
Cards are available in more than 40 languages for the benefit of all
Hadith Cards
ঝুবাইৰ ইবনুল আওৱামে কৈছেঃ যেতিয়া এই আয়াত অৱতীৰ্ণ হ'লঃ {ثُمَّ لَتُسْأَلُنَّ يَوْمَئِذٍ عَنِ النَّعِيمِ}তাৰ পিছত সেইদিনা নিশ্চয় তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব। ঝুবাইৰে ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাক কোনটো নিয়ামত সম্পৰ্কে সোধপোচ কৰা হ'ব? (আমাৰ ওচৰত দেখোন) কেৱল দুইধৰণৰ ক'লা বস্তুহে আছে, খেজুৰ আৰু পানী। তেখেতে ক'লেঃ সেয়া অচিৰেই অৰ্জন হ'ব।
رواه الترمذيযেতিয়া এই আয়াত অৱতীৰ্ণ হ'লঃ {ثُمَّ لَتُسْأَلُنَّ يَوْمَئِذٍ عَنِ النَّعِيمِ} অৰ্থাৎ অতিশীঘ্ৰেই জবাবদিহি কৰা হ'ব যে, আল্লাহে তোমালোকক যিবোৰ নিয়ামত প্ৰদান কৰিছিল সেইবোৰ পোৱাৰ পিছত তোমালোকে আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰিছিলা নে নাই। এই আয়াত শুনি ঝুবাইৰ ইবনুল আওৱাম ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাক কোনবোৰ নিয়ামত সম্পৰ্কে জবাবদিহি কৰা হ'ব? আমাৰ ওচৰত দেখোন এই দুইবিধ খাদ্য খেজুৰ আৰু পানীৰ বাহিৰে আন একো নাই। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকে যিটো অৱস্থাত আছা, এই অৱস্থাত পোৱা নিয়ামত সম্পৰ্কেও জবাবদিহি কৰা হ'ব। কাৰণ এই দুটা নিয়ামতো আল্লাহৰ ডাঙৰ নিয়ামত।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত কিছুমান মুশ্বৰিক ব্যক্তি অত্যাধিক হত্যাকাণ্ড আৰু অত্যাধিক ব্যভিচাৰত লিপ্ত আছিল, এটা সময়ত সিহঁতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লে যে, আপুনি যিবোৰ কথা কয় আৰু যিটোৰ প্ৰতি আপুনি আহ্বান কৰে সেইটো খুবেই উত্তম। গতিকে আপুনি যদি আমাক জনালেহেঁতেন যে, আমি যিবোৰ কৰ্ম কৰিছোঁ ইয়াৰ কিবা কাফ্ফাৰাহ বা প্ৰায়শ্চিত্য আছেনে? এই প্ৰেক্ষাপটত এই আয়াত অৱতীৰ্ণ হ'লঃ "আল্লাহৰ সত্যবাদী বান্দাই আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰে; আৰু আল্লাহে যি প্ৰাণ হত্যা কৰিবলৈ নিষেধ কৰিছে, যথাৰ্থ কাৰণবিহীন তাক হত্যা নকৰে। তেওঁলোকে ব্যভিচাৰ নকৰে; যিয়ে এইবোৰ কৰিব সি (অৱশ্যে) শাস্তি ভোগ কৰিব।" (ছুৰা আল-ফুৰক্বানঃ ৬৮) লগতে এই আয়াত অৱতীৰ্ণ হ'লঃ "(সিহঁতক) জনাই দিয়ক, ‘হে মোৰ বান্দাসকল! তোমালোকৰ মাজৰ যিসকলে নিজৰ ওপৰত অন্যায় কৰিছা, আল্লাহৰ অনুগ্ৰহৰ পৰা (কেতিয়াও) নিৰাশ নহ’বা, নিশ্চয় আল্লাহে সকলো পাপ ক্ষমা কৰি দিব। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু’।" (ছুৰা ঝুমৰঃ ৫৩)
متفق عليهমুশ্বৰিকসকলৰ মাজৰ কিছুমান লোক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল, যিসকলে অত্যাধিক হত্যা কৰিছিল আৰু ব্যভিচাৰত লিপ্ত আছিল। সিহঁতে তেখেতক ক'লেঃ আপুনি যি ইছলামৰ প্ৰতি আহ্বান কৰে আৰু যিবোৰ শিক্ষা দিয়ে সেইবোৰ খুবেই সুন্দৰ। কিন্তু আমি যিবোৰ গুনাহত লিপ্ত হৈ আছোঁ তথা যিবোৰ শ্বিৰ্ক আৰু মহাপাপ আদি কৰিছোঁ, এইবোৰৰ কিবা প্ৰায়শ্চিত্য আছেনে? এই ঘটনাৰ পৰিপ্ৰেক্ষিতত দুটা আয়াত অৱতীৰ্ণ হৈছিল, য'ত কোৱা হৈছে যে, মানুহৰ গুনাহ যিমানেই বেছি নহওক কিয় তথা যিমানেই ডাঙৰ নহওক কিয় তথাপিও আল্লাহে তাৰ তাওবা কবূল কৰিব। যদি এইটো সুবিধা নাথাকিলহেঁতেন তেন্তে সিহঁতে নিজৰ কুফৰ আৰু অন্যায়-অত্যাচাৰ অব্যাহত ৰাখিলহেঁতেন আৰু ইছলামত প্ৰৱেশ নকৰিলেহেঁতেন।
ছাঈদ ইবনুল মুছায়্যিবে তেওঁৰ পিতৃৰ পৰা বৰ্ণনা কৰিছে, তেওঁ কৈছেঃ আবু তালিবৰ মৃত্যুৰ সময়ত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ ওচৰলৈ আহিল, তেতিয়া তেওঁৰ ওচৰত উপস্থিত আছিল আবু জাহল, আব্দুল্লাহ বিন আবি উমায়্যাহ ইবনুল মুগীৰাহ। ৰাছুলুল্লাল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "হে মোৰ খুৰা! লা ইলা-হা ইল্লাল্লাহ কলিমাটো এবাৰ স্বীকাৰ কৰক, যাতে মই আল্লাহৰ ওচৰত আপোনাৰ হৈ মাত মাতিব পাৰোঁ।" তেতিয়া আবু জাহল আৰু আব্দুল্লাহ বিন আবি উমায়্যাই ক'লেঃ তুমি আব্দুল মুত্তালিবৰ ধৰ্মৰ পৰা আঁতৰি যাবা নেকি, ইপিনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বাৰে বাৰে তেওঁক এই স্বীকৃতিৰ পিনে আহ্বান কৰি আছিল। আনহাতে সিহঁত দুজনেও সিহঁতৰ কথা বাৰে বাৰে কৈ আছিল। কিন্তু অৱশেষত আবু তালিবে যিটো কথা কৈছিল সেইটো আছিল এই যে, মই আব্দুল মুত্তালিবৰ ধৰ্মতে আছোঁ। ফলত তেওঁ লা ইলা-হা ইল্লাল্লাহ স্বীকাৰ নকৰিলে। এই দেখি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "আল্লাহৰ শপত! মই আপোনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিয়ে থাকিম, যেতিয়ালৈকে মোক নিষেধ কৰা নহ'ব।" ইয়াৰ পিছত আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ {مَا كَانَ لِلنَّبِیِّ وَالَّذِیْنَ اٰمَنُوْۤا اَنْ یَّسْتَغْفِرُوْا لِلْمُشْرِكِیْنَ وَلَوْ كَانُوْۤا اُولِیْ قُرْبٰی مِنْ بَعْدِ مَا تَبَیَّنَ لَهُمْ اَنَّهُمْ اَصْحٰبُ الْجَحِیْمِ ۟} [التوبة: 113] নবী আৰু যিসকলে ঈমান আনিছে তেওঁলোকৰ বাবে উচিত নহয় মুশ্বৰিকসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা, যদিও সিহঁত নিকটাত্মীয় নহওক কিয়, যেতিয়া এই কথা সুস্পষ্ট হৈ গৈছে যে, নিশ্চয় সিহঁত প্ৰজ্বলিত অগ্নিৰ অধিবাসী। (ছুৰা আত-তাওবাহঃ ১১৩) লগতে আবু তালিব সম্পৰ্কে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰি মহান আল্লাহে কৈছেঃ اِنَّكَ لَا تَهْدِیْ مَنْ اَحْبَبْتَ وَلٰكِنَّ اللّٰهَ یَهْدِیْ مَنْ یَّشَآءُ ۚ— وَهُوَ اَعْلَمُ بِالْمُهْتَدِیْنَ ۟ নিশ্চয় তুমি যাক ভালপোৱা ইচ্ছা কৰিলেই তাক সৎপথত আনিব নোৱাৰিবা। বৰং আল্লাহে যাক ইচ্ছা কৰে তাকহে সৎপথ দেখুৱায় আৰু সৎপথ অনুসাৰীসকলৰ বিষয়ে তেৱেঁই ভালকৈ জানে। (ছুৰা আল-কাচাচঃ ৫৬)
متفق عليهনবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুৰা আবু তালিবৰ মৃত্যুৰ সময়ত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম উপস্থিত হৈ ক'লেঃ হে মোৰ খুৰা, আপুনি কেৱল এবাৰ "লা ইলা-হা ইল্লাল্লাহৰ" স্বীকাৰোক্তি দিয়ক। মই আল্লাহৰ ওচৰত আপোনাৰ হৈ সাক্ষ্য প্ৰদান কৰিম। এই কথা শুনি আবু জাহল আৰু আব্দুল্লাহ বিন আবি উমাইয়্যাই ক'লেঃ হে আবু তালিব! তুমি তোমাৰ পিতৃ আব্দুল মুত্তালিবৰ ধৰ্ম এৰিবা নেকি? অৰ্থাৎ পৌত্তলিক ধৰ্ম এৰিবা নেকি। এই কথা সিহঁতে তেওঁক বাৰে বাৰে কৈ আছিল। অৱশেষত তেওঁ ক'লেঃ মই আব্দুল মুত্তালিবৰ ধৰ্মতে আছোঁ, অৰ্থাৎ মূৰ্তিপূজা তথা শ্বিৰ্কৰ ওপৰত আছোঁ। ইয়াৰ পিছতো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ মই আপোনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম, যেতিয়ালৈকে আল্লাহে মোক এই বিষয়ে নিষেধ নকৰিব। ইয়াৰ পিছত আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ অৰ্থঃ নবী আৰু যিসকলে ঈমান আনিছে তেওঁলোকৰ বাবে উচিত নহয় মুশ্বৰিকসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা, যদিও সিহঁত নিকটাত্মীয় নহওক কিয়, যেতিয়া এই কথা সুস্পষ্ট হৈ গৈছে যে, নিশ্চয় সিহঁত প্ৰজ্বলিত অগ্নিৰ অধিবাসী। (ছুৰা আত-তাওবাঃ ১১৩) লগতে আবু তালিব সম্পৰ্কে মহান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ "নিশ্চয় তুমি যাক ভালপোৱা ইচ্ছা কৰিলেই তাক সৎপথত আনিব নোৱাৰা। বৰং আল্লাহে যাক ইচ্ছা কৰে সৎপথ দেখুৱায় আৰু সৎপথ অনুসাৰীসকলৰ বিষয়ে তেৱেঁই ভালকৈ জানে।" (ছুৰা কাচাচঃ ৫৬) আপুনি যাকেই পছন্দ কৰে তাকেই হিদায়ত দিব নোৱাৰে, আপুনি কেৱল সঁচাটো পৌঁচাইহে দিব পাৰে। আনহাতে আল্লাহে যাক ইচ্ছা কৰে তাকহে হিদায়ত দিব পাৰে।
আবু মুছা আশ্বআৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "এই কোৰআনৰ প্রতি যত্ন লোৱা তথা সদায় তিলাৱত কৰা। সেই মহান সত্তাৰ শপত, যাৰ হাতত মুহাম্মদৰ জীৱন আছে, উট যেনেকৈ ৰছীৰ পৰা অতর্কিতে ওলাই যায়, তাতকৈও অধিক অতর্কিতে [স্মৃতিৰ পৰা] কোৰআন ওলাই যায়।"
متفق عليهনবী চাল্লাল্লাহু আলাইহি অছাল্লামে কোৰআনৰ প্ৰতি যত্ন লবলৈ নিৰ্দেশ দিছে তথা নিয়মিত তিলাৱত কৰিবলৈ উপদেশ দিছে, যাতে মুখস্থ কৰাৰ পিছত পাহৰি নাযায়। লগতে তেখেতে শপত খাই বিষয়টোৰ গুৰুত্ব বুজাইছে যে, ৰচীৰে বান্ধি থোৱা উট যেনেকৈ অতৰ্কিতে পলায়ন কৰে, ঠিক সেইদৰে যদি কোৰআন সদায় তিলাৱত কৰা নহয় তেন্তে তাতকৈও অধিক দ্ৰুত গতিৰে কোৰআন অন্তৰৰ পৰা গুচি যায়। যদি মানুহে নিয়মিত তিলাৱত কৰে তেন্তে ভালকৈ মুখস্থ থাকে আৰু যদি তিলাৱত কৰা বাদ দিয়ে তেন্তে স্মৃতিৰ পৰা হেৰাই যায়।
আদী বিন হাতিম ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ইয়াহুদী হৈছে সেইসকল লোক, যিসকলৰ ওপৰত আল্লাহৰ ক্ৰোধ তথা প্ৰকোপ অৱতীৰ্ণ হৈছে, আৰু খ্ৰীষ্টানসকল হৈছে পথভ্ৰষ্ট।"
رواه الترمذيনবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, ইয়াহুদী হৈছে এনেকুৱা সম্প্ৰদায় যিসকলৰ ওপৰত আল্লাহৰ ক্ৰোধ অৱতীৰ্ণ হৈছে। কাৰণ সিহঁতে সত্য জানিছিল কিন্তু সেইমতে আমল কৰা নাছিল। আনহাতে খ্ৰীষ্টানসকল হৈছে পথভ্ৰষ্ট লোক, যিসকলে ইল্ম নোহোৱাকৈ আমল কৰিছিল।
আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে (ছুৰা আলে ইমৰাণৰ) এই আয়াতটো তিলাৱত কৰিলে, অৰ্থঃ তেৱেঁই তোমাৰ প্ৰতি এই কিতাব (কোৰআন) অৱতীৰ্ণ কৰিছে যাৰ কিছুমান আয়াত ‘মুহকাম’(সুস্পষ্ট, দ্ব্যৰ্থহীন), সেইবোৰেই হৈছে কিতাবৰ মূল; আৰু আন কিছুমান হৈছে মুতাশ্বাবিহ, এতেকে যিসকলৰ অন্তৰত বক্ৰতা আছে কেৱল সিহঁতেই ফিতনা আৰু ভুল ব্যাখ্যাৰ উদ্দেশ্যে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে। অথচ আল্লাহৰ বাহিৰে আন কোনেও ইয়াৰ ব্যাখ্যা নাজানে; আৰু যিসকল জ্ঞানত সুগভীৰ তেওঁলোকে কয়, ‘আমি এইবোৰৰ প্ৰতি ঈমান পোষণ কৰোঁ, এই সকলোবোৰ আমাৰ প্ৰতিপালকৰ তৰফৰ পৰাই আহিছে’; দৰাচলতে জ্ঞান-বুদ্ধিসম্পন্ন লোকৰ বাহিৰে আন কোনেও উপদেশ গ্ৰহণ নকৰে। (আলে ইমৰাণঃ ৭) আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে যে, ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যদি তুমি এনেকুৱা কোনো লোকক দেখা পোৱা যিয়ে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে, তেন্তে জানি লবা, সিহঁতৰ কথাই এই আয়াতত কোৱা হৈছে, সিহঁতৰ পৰা সতৰ্ক থাকিবা।
متفق عليهৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই আয়াতটো তিলাৱত কৰিলেঃ هُوَ الَّذِي أَنْزَلَ عَلَيْكَ الْكِتَابَ مِنْهُ آيَاتٌ مُحْكَمَاتٌ هُنَّ أُمُّ الْكِتَابِ وَأُخَرُ مُتَشَابِهَاتٌ فَأَمَّا الَّذِينَ فِي قُلُوبِهِمْ زَيْغٌ فَيَتَّبِعُونَ مَا تَشَابَهَ مِنْهُ ابْتِغَاءَ الْفِتْنَةِ وَابْتِغَاءَ تَأْوِيلِهِ وَمَا يَعْلَمُ تَأْوِيلَهُ إِلَّا اللَّهُ وَالرَّاسِخُونَ فِي الْعِلْمِ يَقُولُونَ آمَنَّا بِهِ كُلٌّ مِنْ عِنْدِ رَبِّنَا وَمَا يَذَّكَّرُ إِلَّا أُولُو الْأَلْبَابِ} অৰ্থঃ তেৱেঁই তোমাৰ প্ৰতি এই কিতাব (কোৰআন) অৱতীৰ্ণ কৰিছে যাৰ কিছুমান আয়াত ‘মুহকাম’(সুস্পষ্ট, দ্ব্যৰ্থহীন), সেইবোৰেই হৈছে কিতাবৰ মূল; আৰু আন কিছুমান হৈছে মুতাশ্বাবিহ, এতেকে যিসকলৰ অন্তৰত বক্ৰতা আছে কেৱল সিহঁতেই ফিতনা আৰু ভুল ব্যাখ্যাৰ উদ্দেশ্যে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে। অথচ আল্লাহৰ বাহিৰে আন কোনেও ইয়াৰ ব্যাখ্যা নাজানে; আৰু যিসকল জ্ঞানত সুগভীৰ তেওঁলোকে কয়, ‘আমি এইবোৰৰ প্ৰতি ঈমান পোষণ কৰোঁ, এই সকলোবোৰ আমাৰ প্ৰতিপালকৰ তৰফৰ পৰাই আহিছে’; দৰাচলতে জ্ঞান-বুদ্ধিসম্পন্ন লোকৰ বাহিৰে আন কোনেও উপদেশ গ্ৰহণ নকৰে। এই আয়াতত মহান আল্লাহে অৱগত কৰাইছে যে, তেৱেঁই নবীৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰিছে, য'ত এনেকুৱা আয়াত আছে যিবোৰে স্পষ্টৰূপে অৰ্থ প্ৰকাশ কৰে, যিবোৰৰ দ্বাৰা সহজেই বিধান বুজি পোৱা যায়, যিবোৰ আয়াতৰ অৰ্থত কোনো আসোৱাহ নাই। সেইবোৰেই হৈছে কিতাবৰ মূল তথা উৎস। মতানৈক্যৰ সময়ত সেইবোৰৰ প্ৰতিয়ে প্ৰত্যাৱৰ্তন কৰাৰ নিৰ্দেশ দিয়া হৈছে। আনহাতে আন কিছুমান আয়াত আছে যিবোৰৰ অধিক অৰ্থ থকাৰ কাৰণে কিছুমান লোকৰ ওচৰত আসোৱাহ লাগে। অথবা বেলেগ আয়াতৰ সৈতে অৰ্থত বৈপৰীত্য থকা বুলি ভাবে। এইসমূহ আয়াতৰ ক্ষেত্ৰত মানুহে কিদৰে অৱস্থান কৰে সেই কথা উল্লেখ কৰি আল্লাহে কৈছে, যিসকলৰ অন্তৰত বক্ৰতা আছে সিহঁতে স্পষ্ট আয়াতসমূহক এৰি মুতাশ্বাবিহ আয়াতসমূহকলৈ নিজৰ ইচ্ছামতে ব্যাখ্যা কৰে। যিবোৰৰ দ্বাৰা সিহঁতে মানুহক গোমৰাহ কৰে তথা পথভ্ৰষ্ট কৰে। কিন্তু গভীৰ জ্ঞানীসকলে ভালদৰেই জানে যে এইবোৰ হৈছে মুতাশ্বাবিহ আয়াত। সেয়ে তেওঁলোকে মুহকাম আয়াতসমূহক অগ্ৰাধিকাৰ দিয়ে। আৰু এইবোৰ আয়াত সম্পৰ্কে তেওঁলোকে ঈমান পোষণ কৰে যে এইবোৰ হৈছে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ। গতিকে আল্লাহৰ আয়াতত কোনো বৈপৰীত্য নাই। সুস্থ বিবেক সম্পন্ন লোকসকলেহে এই কথা বুজি পায় তথা ইয়াৰ পৰা শিক্ষা লয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উম্মুল মুমিনীন আয়িশ্বাহ ৰাদ্বিয়াল্লাহু আনহাক কৈছেঃ তুমি যদি কোনো এনেকুৱা লোকক দেখা পোৱা, যিয়ে মুতাশ্বাবিহ আয়াতৰ অনুসৰণ কৰে তেন্তে জানিবা সিহঁতৰ কথাই এই আয়াতত কোৱা হৈছে {فأما الذين في قلوبهم زيغ} গতিকে সিহঁতৰ পৰা সতৰ্ক থাকিবা আৰু সিহঁতৰ কথা নুশুনিবা।
আয়িশ্বাহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিতঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতি ৰাতি টোপনি যোৱাৰ আগত বিছনাত আহি ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ পাঠ কৰি দুয়ো হাত একেলগ কৰি তাত ফুঁ দি শৰীৰৰ যিমান দূৰ সম্ভৱ মছেহ কৰিছিল, মূৰৰ পৰা আৰম্ভ কৰি মুখমণ্ডল আৰু শৰীৰৰ সন্মুখ ভাগত স্পৰ্শ কৰিছিল। এইটো তেখেতে তিনিবাৰ কৰিছিল।
رواه البخاريনবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এইটো নিয়ম আছিল যে, তেখেতে শুবলৈ যেতিয়া বিছনাত আহিছিল তেতিয়া তেখেতে ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ পাঠ কৰি দুয়ো হাত দুআ কৰাৰ নিচিনাকৈ একত্ৰিত কৰি তাত অকণ থু থু দিয়াৰ নিচিনাকৈ ফুঁ দিছিল, আৰু তাৰ পিছত দুয়োখন হাতেৰে যিমান দূৰ সম্ভৱ মছেহ কৰিছিল। মূৰৰ পৰা আৰম্ভ কৰিছিল, মুখমণ্ডলকে আদি কৰি বিশেষকৈ শৰীৰৰ সন্মুখ ভাগত স্পৰ্শ কৰিছিল। এইটো তেখেতে তিনিবাৰ কৰিছিল।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ আহলে কিতাব (ইয়াহুদী)সকলে হিব্ৰু ভাষাত তাওৰাত পাঠ কৰিছিল আৰু মুছলিমসকলৰ বাবে আৰবীত ব্যাখ্যা কৰিছিল। এই পৰিপ্ৰেক্ষিতত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে (মুছলিমসকলক) কৈছিলঃ তোমালোকে আহলে কিতাবক সত্য বুলিও নক'বা আৰু মিছা বুলিও নক'বা, বৰং তোমালোকে কোৱা "আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ আৰু সেই গ্ৰন্থৰ প্ৰতি ঈমান আনিছোঁ যিখন আমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে"। (ছুৰা আল-বাক্বাৰাহঃ ১৩৬)
رواه البخاريএই হাদীছটোৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ উম্মতক আহলে কিতাবে যি বৰ্ণনা কৰে তাৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ পৰা সতৰ্ক কৰিছে। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত ইয়াহুদীসকলে ইব্ৰানী (হিব্ৰু) ভাষাত তাওৰাত পাঠ কৰিছিল, আৰু এইটো আছিল ইয়াহুদীসকলৰ মূল ভাষা, লগতে আৰবী ভাষাত সিহঁতে ব্যাখ্যা কৰিছিল। সেইকাৰণে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকে আহলে কিতাবক বিশ্বাসো নকৰিবা আৰু মিছা বুলিও নক'বা, বাস্তৱৰ সৈতে সামঞ্জস্যপূৰ্ণ হওক বা নহওক। মহান আল্লাহে আমাক নিৰ্দেশ দিছে যে, আমি যেন আমাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনৰ ওপৰত ঈমান পোষণ কৰোঁ, আৰু সিহঁতৰ ওপৰত অৱতীৰ্ণ হোৱা কিতাবৰ প্ৰতিও ঈমান পোষণ কৰোঁ, কিন্তু সিহঁতে যি বৰ্ণনা কৰি আছে তাৰ সত্যতা প্ৰমাণ কৰিবলৈ আমাৰ ওচৰত কোনো উপায় নাই, যদিহে আমাৰ চৰীয়তত সেই সম্পৰ্কে সঁচা বা মিছা হোৱাৰ বিষয়টো উল্লেখ নহয়। সেয়ে আমি সিহঁতক বিশ্বাস কৰাৰ পৰা বিৰত থকা উচিত, কাৰণ সিহঁতে নিজৰ কিতাবখনত যি পৰিবৰ্তন পৰিবৰ্ধন কৰিছে তাত যাতে আমিও অংশীদাৰ নহওঁ। লগতে আমি সিহঁতক মিছলীয়া বুলিও নকওঁ, কাৰণ সিহঁতে যি বৰ্ণনা কৰি আছে সেয়া সঁচাও হ'ব পাৰে, তেনে অৱস্থাত মিছা বুলি কৈ আমি যেন সেই বিষয়টোক অস্বীকাৰ নকৰোঁ যিটোক বিশ্বাস কৰিবলৈ আমাক নিৰ্দেশ দিয়া হৈছে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক নিৰ্দেশ দিছে আমি যেন এইদৰে কওঁঃ ‘আমি ঈমান আনিছোঁ আল্লাহৰ প্ৰতি আৰু আমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে (সেই কিতাবৰ প্ৰতি), লগতে তাৰ প্ৰতিও ঈমান আনিছোঁ যিবোৰ অৱতীৰ্ণ হৈছিল ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি, আৰু মুছা, ঈছাৰ লগতে অন্যান্য নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰদান কৰা হৈছে (তাৰ প্ৰতিও আমি ঈমান আনিছোঁ)। আমি তেওঁলোকৰ মাজত কাকো পাৰ্থক্য নকৰোঁ; আৰু আমি তেওঁৰ ওচৰতেই আত্মসমৰ্পণকাৰী। (ছুৰা আল-বাক্বাৰাহঃ ১৩৬)
আবূ মুছা আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "ঈমান্দাৰ কোৰআন তিলাৱতকাৰীৰ উদাহৰণ হৈছে বিৰা-জৰা (Citron)ৰ দৰে, যাৰ সোৱাদো উৎকৃষ্ট আৰু সগন্ধিও উৎকৃষ্ট। আনহাতে যিজন মুমিনে কোৰআন তিলাৱত নকৰে, তাৰ উদাহৰণ হৈছে খেজুৰৰ দৰে, যাৰ সোৱাদ মিঠা কিন্তু কোনো সুগন্ধি নাই। পক্ষান্তৰে মুনাফিক কোৰআন তিলাৱতকাৰীৰ উদাহৰণ হৈছে সুগন্ধি যুক্ত ফুলৰ দৰে, যাৰ সুগন্ধি ধুনীয়া কিন্তু সোৱাদ তিতা। আনহাতে কোৰআন তিলাৱত নকৰা মুনাফিকৰ উদাহৰণ হৈছে কোৱাভাতুৰী ফলৰ দৰে, যাৰ কোনো সুগন্ধিও নাই আৰু সোৱাদো তিক্ত।"
متفق عليهনবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কোৰআন তিলাৱত কৰা আৰু ইয়াৰ দ্বাৰা উপকৃত হোৱা লোকৰ প্ৰকাৰভেদ উল্লেখ কৰিছেঃ প্ৰথম প্ৰকাৰ হৈছে সেইজন মুমিন যিয়ে কোৰআন তিলাৱত কৰে আৰু তাৰ দ্বাৰা উপকৃত হয়। তেওঁ হৈছে বিৰা-জৰা ফলৰ দৰে, যিটো দেখাতো সুন্দৰ, সুগন্ধিও উত্তম আৰু সোৱাদো উৎকৃষ্ট, যাৰ উপকাৰো বহুত। কাৰণ তেওঁ যি পঢ়ে সেই মুতাবিক আমল কৰে আৰু আল্লাহৰ অন্যান্য বান্দাকো উপকৃত কৰে। দ্বিতীয় প্ৰকাৰ হৈছে সেইজন মুমিন, যিয়ে কোৰআন তিলাৱত নকৰে, তেওঁ হৈছে খেজুৰৰ দৰে। যাৰ সোৱাদ মিঠা, কিন্তু কোনো সুগন্ধি নাই। যিদৰে খেজুৰ মিঠা, সেইদৰে এনেকুৱা মুমিনৰ অন্তৰো ঈমানৰ দ্বাৰা পৰিপূৰ্ণ। কিন্তু মানুহে শুঙিব পৰা কোনো সগন্ধি নাই, অৰ্থাৎ তেওঁ তিলাৱত নকৰাৰ কাৰণে মানুহে তাৰ কিৰাআতৰ পৰা শান্তি লাভ কৰিব নোৱাৰে। তৃতীয় প্ৰকাৰ হৈছে এনেকুৱা মুনাফিক যিয়ে কোৰআন তিলাৱত কৰে। সি হৈছে সুগন্ধিযুক্ত ফুলৰ দৰে। যাৰ সুগন্ধি ভাল কিন্তু সোৱাদ তিতা। কাৰণ তাৰ অন্তৰ ঈমানৰ দ্বাৰা সংশোধিত নহয়, আৰু সি কোৰআন মতে আমলো নকৰে। মানুহক দেখুৱাই ফুৰে যে সিও এজন মুমিন। গতিকে তাৰ সুগন্ধি ভাল, যিহেতু সি কোৰআন তিলাৱত কৰে, কিন্তু তাৰ সোৱাদ তিতা, কাৰণ অন্তৰত কুফৰ আছে। চতুৰ্থ প্ৰকাৰ হৈছে সেইজন মুনাফিক যিয়ে কোৰআন তিলাৱত নকৰে। সি হৈছে কোৱাভাতুৰী ফলৰ দৰে, যাৰ কোনো সুগন্ধি নাই আৰু সোৱাদো তিতা। যিহেতু সি তিলাৱত নকৰে, সেয়ে তাৰ কোনো সুগন্ধি নাই, সেইকাৰণে তাৰ উদাহৰণ ইয়াৰ দ্বাৰা দিয়া হৈছে। এইদৰে এই ফলৰ সোৱাদ যেনেকুৱা তিতা, ঠিক সেইদৰে সেই ব্যক্তিয়ে অন্তৰত গোপন ৰখা কুফৰৰ সোৱাদো তিতা। কাৰণ তাৰ অন্তৰ হৈছে ঈমান শূন্য আৰু বাহ্যিক দিশতো কোনো উপকাৰ নাই। সেয়ে সি সমাজৰ বাবে ক্ষতিকাৰক।
উবাই বিন কাআব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ হে আবুল মুনজিৰ, আল্লাহৰ কিতাবৰ কোনটো আয়াত তোমাৰ ওচৰত আটাইতকৈ মহান? আবুল মুনজিৰে কৈছেঃ মই ক'লোঁ, আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেখেতে আকৌ ক'লেঃ হে আবুল মুনজিৰ, আল্লাহৰ কিতাবৰ কোনটো আয়াত তোমাৰ ওচৰত আটাইতকৈ মহান? তেতিয়া মই ক'লোঁঃ {اللهُ لا إِلَهَ إِلا هُوَ الْحَيُّ الْقَيُّومُ} (এই আয়াতটো মোৰ ওচৰত বেছি গুৰুত্বপূৰ্ণ) এই কথা শুনি তেখেতে মোৰ বুকুত হাতেৰে থপথপাই ক'লেঃ হে আবুল মুনজিৰ! তোমাৰ জ্ঞানক উষ্ণ আদৰণি জনাইছোঁ।
رواه مسلمএবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উবাই ইবনে কাআবক কোৰআনৰ আটাইতকৈ মহান আয়াতটো সম্পৰ্কে প্ৰশ্ন কৰিলে, ফলত তেওঁ উত্তৰ দিয়াত দ্বিধাবোধ অনুভৱ কৰিলে, ইয়াৰ পিছত আকৌ সোধাত তেওঁ ক'লে যে, সেইটো হৈছে আয়াতুল কুৰ্ছী। {اللهُ لا إِلَهَ إِلا هُوَ الْحَيُّ الْقَيُّومُ}। উত্তৰ শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক সমৰ্থন কৰিলে, লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ বুকু থপথপাই ইংগিত কৰিলে যে, তোমাৰ এই বুকুখন জ্ঞান আৰু হিকমতৰ দ্বাৰা পৰিপূৰ্ণ হওক, লগতে তেওঁৰ কাৰণে দুআও কৰিলে যে, এই জ্ঞানে যেন তেওঁৰ বাবে সুখ কঢ়িয়াই আনে আৰু তেওঁৰ সকলো কাম সহজ কৰে।