Hedayat “A fruitful harvest”
from the gardens of “ Verses and Hadiths ”
Inspiring Dawah cards that highlight the profound meanings of Quranic verses and Prophetic Hadiths. Presented in an accessible and engaging style to help Muslims gain a deeper understanding of their faith with ease.
About Hedayat
Hedayat is a platform that combines simplicity of design and ease of use
displaying the benefits derived from Verses and Hadiths in
attractive cards with unique designs.
Unique Designs
Cards with unique and attractive designs that express the content of the text
Reliable Materials
Scientifically reliable benefits reviewed by a group of scholars
Easy Browsing
You can browse the cards easily and display them effortlessly
Different Languages
Cards are available in more than 40 languages for the benefit of all
Hadith Cards
আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে (ছুৰা আলে ইমৰাণৰ) এই আয়াতটো তিলাৱত কৰিলে, অৰ্থঃ তেৱেঁই তোমাৰ প্ৰতি এই কিতাব (কোৰআন) অৱতীৰ্ণ কৰিছে যাৰ কিছুমান আয়াত ‘মুহকাম’(সুস্পষ্ট, দ্ব্যৰ্থহীন), সেইবোৰেই হৈছে কিতাবৰ মূল; আৰু আন কিছুমান হৈছে মুতাশ্বাবিহ, এতেকে যিসকলৰ অন্তৰত বক্ৰতা আছে কেৱল সিহঁতেই ফিতনা আৰু ভুল ব্যাখ্যাৰ উদ্দেশ্যে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে। অথচ আল্লাহৰ বাহিৰে আন কোনেও ইয়াৰ ব্যাখ্যা নাজানে; আৰু যিসকল জ্ঞানত সুগভীৰ তেওঁলোকে কয়, ‘আমি এইবোৰৰ প্ৰতি ঈমান পোষণ কৰোঁ, এই সকলোবোৰ আমাৰ প্ৰতিপালকৰ তৰফৰ পৰাই আহিছে’; দৰাচলতে জ্ঞান-বুদ্ধিসম্পন্ন লোকৰ বাহিৰে আন কোনেও উপদেশ গ্ৰহণ নকৰে। (আলে ইমৰাণঃ ৭) আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে যে, ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যদি তুমি এনেকুৱা কোনো লোকক দেখা পোৱা যিয়ে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে, তেন্তে জানি লবা, সিহঁতৰ কথাই এই আয়াতত কোৱা হৈছে, সিহঁতৰ পৰা সতৰ্ক থাকিবা।
متفق عليهৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই আয়াতটো তিলাৱত কৰিলেঃ هُوَ الَّذِي أَنْزَلَ عَلَيْكَ الْكِتَابَ مِنْهُ آيَاتٌ مُحْكَمَاتٌ هُنَّ أُمُّ الْكِتَابِ وَأُخَرُ مُتَشَابِهَاتٌ فَأَمَّا الَّذِينَ فِي قُلُوبِهِمْ زَيْغٌ فَيَتَّبِعُونَ مَا تَشَابَهَ مِنْهُ ابْتِغَاءَ الْفِتْنَةِ وَابْتِغَاءَ تَأْوِيلِهِ وَمَا يَعْلَمُ تَأْوِيلَهُ إِلَّا اللَّهُ وَالرَّاسِخُونَ فِي الْعِلْمِ يَقُولُونَ آمَنَّا بِهِ كُلٌّ مِنْ عِنْدِ رَبِّنَا وَمَا يَذَّكَّرُ إِلَّا أُولُو الْأَلْبَابِ} অৰ্থঃ তেৱেঁই তোমাৰ প্ৰতি এই কিতাব (কোৰআন) অৱতীৰ্ণ কৰিছে যাৰ কিছুমান আয়াত ‘মুহকাম’(সুস্পষ্ট, দ্ব্যৰ্থহীন), সেইবোৰেই হৈছে কিতাবৰ মূল; আৰু আন কিছুমান হৈছে মুতাশ্বাবিহ, এতেকে যিসকলৰ অন্তৰত বক্ৰতা আছে কেৱল সিহঁতেই ফিতনা আৰু ভুল ব্যাখ্যাৰ উদ্দেশ্যে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে। অথচ আল্লাহৰ বাহিৰে আন কোনেও ইয়াৰ ব্যাখ্যা নাজানে; আৰু যিসকল জ্ঞানত সুগভীৰ তেওঁলোকে কয়, ‘আমি এইবোৰৰ প্ৰতি ঈমান পোষণ কৰোঁ, এই সকলোবোৰ আমাৰ প্ৰতিপালকৰ তৰফৰ পৰাই আহিছে’; দৰাচলতে জ্ঞান-বুদ্ধিসম্পন্ন লোকৰ বাহিৰে আন কোনেও উপদেশ গ্ৰহণ নকৰে। এই আয়াতত মহান আল্লাহে অৱগত কৰাইছে যে, তেৱেঁই নবীৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰিছে, য'ত এনেকুৱা আয়াত আছে যিবোৰে স্পষ্টৰূপে অৰ্থ প্ৰকাশ কৰে, যিবোৰৰ দ্বাৰা সহজেই বিধান বুজি পোৱা যায়, যিবোৰ আয়াতৰ অৰ্থত কোনো আসোৱাহ নাই। সেইবোৰেই হৈছে কিতাবৰ মূল তথা উৎস। মতানৈক্যৰ সময়ত সেইবোৰৰ প্ৰতিয়ে প্ৰত্যাৱৰ্তন কৰাৰ নিৰ্দেশ দিয়া হৈছে। আনহাতে আন কিছুমান আয়াত আছে যিবোৰৰ অধিক অৰ্থ থকাৰ কাৰণে কিছুমান লোকৰ ওচৰত আসোৱাহ লাগে। অথবা বেলেগ আয়াতৰ সৈতে অৰ্থত বৈপৰীত্য থকা বুলি ভাবে। এইসমূহ আয়াতৰ ক্ষেত্ৰত মানুহে কিদৰে অৱস্থান কৰে সেই কথা উল্লেখ কৰি আল্লাহে কৈছে, যিসকলৰ অন্তৰত বক্ৰতা আছে সিহঁতে স্পষ্ট আয়াতসমূহক এৰি মুতাশ্বাবিহ আয়াতসমূহকলৈ নিজৰ ইচ্ছামতে ব্যাখ্যা কৰে। যিবোৰৰ দ্বাৰা সিহঁতে মানুহক গোমৰাহ কৰে তথা পথভ্ৰষ্ট কৰে। কিন্তু গভীৰ জ্ঞানীসকলে ভালদৰেই জানে যে এইবোৰ হৈছে মুতাশ্বাবিহ আয়াত। সেয়ে তেওঁলোকে মুহকাম আয়াতসমূহক অগ্ৰাধিকাৰ দিয়ে। আৰু এইবোৰ আয়াত সম্পৰ্কে তেওঁলোকে ঈমান পোষণ কৰে যে এইবোৰ হৈছে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ। গতিকে আল্লাহৰ আয়াতত কোনো বৈপৰীত্য নাই। সুস্থ বিবেক সম্পন্ন লোকসকলেহে এই কথা বুজি পায় তথা ইয়াৰ পৰা শিক্ষা লয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উম্মুল মুমিনীন আয়িশ্বাহ ৰাদ্বিয়াল্লাহু আনহাক কৈছেঃ তুমি যদি কোনো এনেকুৱা লোকক দেখা পোৱা, যিয়ে মুতাশ্বাবিহ আয়াতৰ অনুসৰণ কৰে তেন্তে জানিবা সিহঁতৰ কথাই এই আয়াতত কোৱা হৈছে {فأما الذين في قلوبهم زيغ} গতিকে সিহঁতৰ পৰা সতৰ্ক থাকিবা আৰু সিহঁতৰ কথা নুশুনিবা।
ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মক্কা বিজয়ৰ দিনা মানুহৰ সন্মুখত ভাষণ প্ৰদান কৰি কৈছিলঃ হে মানৱজাতি! আল্লাহে তোমালোকৰ পৰা জাহিলী যুগৰ দম্ভ আৰু অহংকাৰ তথা পূৰ্বপুৰুষৰ প্ৰতি থকা গৌৰৱ আদিৰ কুঃসংস্কাৰ নিঃশেষ কৰিছে। এতেকে মানৱ এতিয়া দুই ভাগত বিভক্তঃ এক শ্ৰেণীৰ মানুহ পূণ্যৱান, পৰহেজগাৰ, তেওঁলোক হৈছে আল্লাহৰ ওচৰত প্ৰিয় তথা সন্মানিত। আনহাতে আনটো শ্ৰেণীৰ মানুহ হৈছে পাপিষ্ঠ, দুৰ্ভগীয়া, সিহঁত আল্লাহৰ ওচৰত অত্যন্ত নিকৃষ্ট তথা ঘৃণীত আৰু তুচ্ছ। সকলো মানুহেই আদম সন্তান। আল্লাহে আদম আলাইহিচ্ছালামক মাটিৰে সৃষ্টি কৰিছিল। যেনে আল্লাহ তাআলাই কৈছেঃ হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছোঁ, আৰু তোমালোকক বিভক্ত কৰিছোঁ বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। আল্লাহৰ ওচৰত তোমালোকৰ মাজৰ কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল, যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত। (ছুৰা হুজুৰাতঃ ১৩)
رواه الترمذيহাদীছটোত কোৱা হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মক্কা বিজয়ৰ দিনা লোকসকলক সম্বোধন কৰি কৈছিল যে, হে মানৱজাতি! আল্লাহে তোমালোকৰ পৰা জাহেলী যুগৰ গৌৰৱ অহংকাৰ আৰু পিতৃপুৰুষকলৈ কৰা দম্ভ আদিক আঁতৰাই দিছে। এতিয়া মানুহ কেৱল দুই ভাগত বিভক্তঃ একশ্ৰেণী হৈছে মুমিন, মুত্ত্বাক্বী, পৰহেজগাৰ, আল্লাহৰ আনুগত্যশীল বান্দা। এনেকুৱা ব্যক্তি আল্লাহৰ ওচৰত সন্মানীয়। যদিও মানুহৰ দৃষ্টিত তেওঁ উচ্চস্তৰৰ তথা উচ্চ বংশৰ নহয়। দ্বিতীয়টো হৈছে কাফিৰ, পাপিষ্ঠ তথা দুৰ্ভগীয়া। এনেকুৱা ব্যক্তি আল্লাহৰ দৃষ্টিত অত্যন্ত নিকৃষ্ট, ইয়াৰ কোনো তুলনা নহয়, যদিও সি উচ্চ মৰ্যাদা সম্পন্ন নহওক কিয় আৰু ক্ষমতাশীল নহওক কিয়। সকলো মানুহেই আদম সন্তান, আৰু আদমক আল্লাহে মাটিৰে সৃষ্টি কৰিছে। গতিকে যাৰ মূল হৈছে মাটি, সি অহংকাৰ কৰাটো শোভা নাপায়। সৰ্বশক্তিমান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছোঁ, আৰু তোমালোকক বিভক্ত কৰিছোঁ বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। আল্লাহৰ ওচৰত তোমালোকৰ মাজৰ কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল, যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত। (ছুৰা হুজুৰাতঃ ১৩)
ঝুবাইৰ ইবনুল আওৱামে কৈছেঃ যেতিয়া এই আয়াত অৱতীৰ্ণ হ'লঃ {ثُمَّ لَتُسْأَلُنَّ يَوْمَئِذٍ عَنِ النَّعِيمِ}তাৰ পিছত সেইদিনা নিশ্চয় তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব। ঝুবাইৰে ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাক কোনটো নিয়ামত সম্পৰ্কে সোধপোচ কৰা হ'ব? (আমাৰ ওচৰত দেখোন) কেৱল দুইধৰণৰ ক'লা বস্তুহে আছে, খেজুৰ আৰু পানী। তেখেতে ক'লেঃ সেয়া অচিৰেই অৰ্জন হ'ব।
رواه الترمذيযেতিয়া এই আয়াত অৱতীৰ্ণ হ'লঃ {ثُمَّ لَتُسْأَلُنَّ يَوْمَئِذٍ عَنِ النَّعِيمِ} অৰ্থাৎ অতিশীঘ্ৰেই জবাবদিহি কৰা হ'ব যে, আল্লাহে তোমালোকক যিবোৰ নিয়ামত প্ৰদান কৰিছিল সেইবোৰ পোৱাৰ পিছত তোমালোকে আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰিছিলা নে নাই। এই আয়াত শুনি ঝুবাইৰ ইবনুল আওৱাম ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাক কোনবোৰ নিয়ামত সম্পৰ্কে জবাবদিহি কৰা হ'ব? আমাৰ ওচৰত দেখোন এই দুইবিধ খাদ্য খেজুৰ আৰু পানীৰ বাহিৰে আন একো নাই। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকে যিটো অৱস্থাত আছা, এই অৱস্থাত পোৱা নিয়ামত সম্পৰ্কেও জবাবদিহি কৰা হ'ব। কাৰণ এই দুটা নিয়ামতো আল্লাহৰ ডাঙৰ নিয়ামত।
আয়িশ্বাহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিতঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতি ৰাতি টোপনি যোৱাৰ আগত বিছনাত আহি ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ পাঠ কৰি দুয়ো হাত একেলগ কৰি তাত ফুঁ দি শৰীৰৰ যিমান দূৰ সম্ভৱ মছেহ কৰিছিল, মূৰৰ পৰা আৰম্ভ কৰি মুখমণ্ডল আৰু শৰীৰৰ সন্মুখ ভাগত স্পৰ্শ কৰিছিল। এইটো তেখেতে তিনিবাৰ কৰিছিল।
رواه البخاريনবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এইটো নিয়ম আছিল যে, তেখেতে শুবলৈ যেতিয়া বিছনাত আহিছিল তেতিয়া তেখেতে ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ পাঠ কৰি দুয়ো হাত দুআ কৰাৰ নিচিনাকৈ একত্ৰিত কৰি তাত অকণ থু থু দিয়াৰ নিচিনাকৈ ফুঁ দিছিল, আৰু তাৰ পিছত দুয়োখন হাতেৰে যিমান দূৰ সম্ভৱ মছেহ কৰিছিল। মূৰৰ পৰা আৰম্ভ কৰিছিল, মুখমণ্ডলকে আদি কৰি বিশেষকৈ শৰীৰৰ সন্মুখ ভাগত স্পৰ্শ কৰিছিল। এইটো তেখেতে তিনিবাৰ কৰিছিল।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত কিছুমান মুশ্বৰিক ব্যক্তি অত্যাধিক হত্যাকাণ্ড আৰু অত্যাধিক ব্যভিচাৰত লিপ্ত আছিল, এটা সময়ত সিহঁতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লে যে, আপুনি যিবোৰ কথা কয় আৰু যিটোৰ প্ৰতি আপুনি আহ্বান কৰে সেইটো খুবেই উত্তম। গতিকে আপুনি যদি আমাক জনালেহেঁতেন যে, আমি যিবোৰ কৰ্ম কৰিছোঁ ইয়াৰ কিবা কাফ্ফাৰাহ বা প্ৰায়শ্চিত্য আছেনে? এই প্ৰেক্ষাপটত এই আয়াত অৱতীৰ্ণ হ'লঃ "আল্লাহৰ সত্যবাদী বান্দাই আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰে; আৰু আল্লাহে যি প্ৰাণ হত্যা কৰিবলৈ নিষেধ কৰিছে, যথাৰ্থ কাৰণবিহীন তাক হত্যা নকৰে। তেওঁলোকে ব্যভিচাৰ নকৰে; যিয়ে এইবোৰ কৰিব সি (অৱশ্যে) শাস্তি ভোগ কৰিব।" (ছুৰা আল-ফুৰক্বানঃ ৬৮) লগতে এই আয়াত অৱতীৰ্ণ হ'লঃ "(সিহঁতক) জনাই দিয়ক, ‘হে মোৰ বান্দাসকল! তোমালোকৰ মাজৰ যিসকলে নিজৰ ওপৰত অন্যায় কৰিছা, আল্লাহৰ অনুগ্ৰহৰ পৰা (কেতিয়াও) নিৰাশ নহ’বা, নিশ্চয় আল্লাহে সকলো পাপ ক্ষমা কৰি দিব। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু’।" (ছুৰা ঝুমৰঃ ৫৩)
متفق عليهমুশ্বৰিকসকলৰ মাজৰ কিছুমান লোক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল, যিসকলে অত্যাধিক হত্যা কৰিছিল আৰু ব্যভিচাৰত লিপ্ত আছিল। সিহঁতে তেখেতক ক'লেঃ আপুনি যি ইছলামৰ প্ৰতি আহ্বান কৰে আৰু যিবোৰ শিক্ষা দিয়ে সেইবোৰ খুবেই সুন্দৰ। কিন্তু আমি যিবোৰ গুনাহত লিপ্ত হৈ আছোঁ তথা যিবোৰ শ্বিৰ্ক আৰু মহাপাপ আদি কৰিছোঁ, এইবোৰৰ কিবা প্ৰায়শ্চিত্য আছেনে? এই ঘটনাৰ পৰিপ্ৰেক্ষিতত দুটা আয়াত অৱতীৰ্ণ হৈছিল, য'ত কোৱা হৈছে যে, মানুহৰ গুনাহ যিমানেই বেছি নহওক কিয় তথা যিমানেই ডাঙৰ নহওক কিয় তথাপিও আল্লাহে তাৰ তাওবা কবূল কৰিব। যদি এইটো সুবিধা নাথাকিলহেঁতেন তেন্তে সিহঁতে নিজৰ কুফৰ আৰু অন্যায়-অত্যাচাৰ অব্যাহত ৰাখিলহেঁতেন আৰু ইছলামত প্ৰৱেশ নকৰিলেহেঁতেন।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ সূৰ্য্য পশ্চিমফালৰ পৰা উদয় নোহোৱা পৰ্যন্ত কিয়ামত সংঘটিত নহ'ব। যেতিয়া (সূৰ্য্য পশ্চিম ফালৰ পৰা) উদয় হ'ব আৰু মানুহে দেখা পাব, তেতিয়া সকলোৱে ঈমান আনিব, সেই সময়ৰ বিষয়েই (কোৰআনত) কোৱা হৈছেঃ "সেইদিনা যিয়ে পূৰ্বে ঈমান পোষণ কৰা নাছিল, (তৎক্ষণাত লৈ অহা) তাৰ এই ঈমান কোনো কামত নাহিব, অথবা যি ব্যক্তিয়ে ঈমানৰ মাধ্যমত কল্যাণ লাভ কৰা নাছিল (তাৰ ঈমানো কোনো কামত নাহিব)।" (ছুৰা আল-আনআমঃ ১৫৮) কিয়ামত সংঘটিত হ'ব এনেকুৱা এটা সময়ত যেতিয়া দুজন ব্যক্তিয়ে (ক্ৰয়-বিক্ৰয়ৰ বাবে) নিজৰ সন্মুখত কাপোৰ মেলি ৰাখিব, কিন্তু সিহঁত কিনা বেচা কৰাৰ সময় নাপাব, আনকি জপাই থোৱাৰো সময় নাপাব। কিয়ামত সংঘটিত হ'ব এনেকুৱা সময়ত যে, কোনোবাই উটৰ গাখীৰ খিৰাই আনিছে কিন্তু সেয়া সেৱন কৰাৰো সময় নাপাব। কিয়ামত সংঘটিত হ'ব এনেকুৱা এটা সময়ত যেতিয়া কোনোবাই নিজৰ ঘৰচীয়া জন্তুৰ বাবে পানী খুওৱা পাত্ৰ সাজিব, কিন্তু তাত পানী খুওৱাৰ সময় নাপাব। নিশ্চয় কিয়ামত সংঘটিত হ'ব এনেকুৱা এটা সময়ত যেতিয়া তোমালোকৰ মাজৰ কোনোবাই খোৱা বস্তু মুখৰ ওচৰলৈ আনিব কিন্তু খোৱাৰ সময় নাপাব।
متفق عليهৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, কিয়ামতৰ এটা ডাঙৰ আলামত হৈছে পূৱফালৰ পৰিবৰ্তে পশ্চিমফালৰ পৰা সূৰ্য্য উদয় হ'ব। যেতিয়া এই দৃশ্য দেখা পাব তেতিয়া সকলোৱে ঈমান আনিব। কিন্তু তেতিয়াৰ ঈমানে কাফিৰসকলক কোনো উপকাৰ সাধন নকৰিব। আনকি নেক আমল আৰু তাওবাও কামত নাহিব। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, কিয়ামত আকস্মিকভাৱে সংঘটিত হ'ব, যি সময়ত মানুহে নিজৰ নিজৰ কৰ্মত ব্যস্ত থাকিব। কিয়ামত এনেকুৱা সময়ত সংঘটিত হ'ব যে, বিক্ৰেতাই ক্ৰেতাৰ সন্মুখত কাপোৰ উলিয়াই দিব কিন্তু বিক্ৰী কৰাৰ সময় নাপাব আৰু ভাঁজ কৰি ৰখাৰো সময় নাপাব। কিয়ামত এনেকুৱা সময়ত সংঘটিত হ'ব, যেতিয়া কোনো উটৰ গৰাকীয়ে উটৰ গাখীৰ খিৰাই আনিছে কিন্তু সেয়া সেৱন কৰাৰ সময় নাপাব। কিয়ামত সংঘটিত হ'ব এনেকুৱা সময়ত, যেতিয়া কোনো ব্যক্তিয়ে নিজৰ পোহনীয়া জন্তুবোৰক পানী খোৱাবলৈ পাত্ৰ এখন ঠিক কৰিব কিন্তু তাত পানী খোৱাব নোৱাৰিব। কিয়মাত এনেকুৱা এটা সময়ত সংঘটিত হ'ব, যেতিয়া কোনোবাই মুখলৈ খোৱা বস্তু দাঙি লব কিন্তু খাব নোৱাৰিব।
আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ক্বিয়ামতৰ দিনা মৃত্যুক ধূসৰ বা ধোঁৱা বৰণীয়া এটা ভেড়াৰ আকৃতিত অনা হ'ব। তেতিয়া এজন সম্বোধনকাৰীয়ে মাতি ক'বঃ হে জান্নাতৰ অধিবাসীসকল! এই আহ্বান শুনি তেওঁলোকে মূৰ তুলি মনোযোগ সহকাৰে চাব। তেতিয়া আহ্বানকাৰীয়ে ক'বঃ তোমালোকে ইয়াক চিনি পোৱানে? তেওঁলোকে ক'বঃ হয়, এওঁৱেইতো মৃত্যু। তেওঁলোক সকলোৱে ইয়াক দেখা পাইছিল। ইয়াৰ পিছত সেই আহ্বানকাৰীয়ে মাতি ক'বঃ হে জাহান্নামৰ অধিবাসীসকল! তেতিয়া জাহান্নামৰ অধিবাসীসকলে মূৰ দাঙি সেইফালে মনোনিৱেশ কৰিব। তেতিয়া তেওঁ ক'বঃ তোমালোকে ইয়াক চিনি পোৱানে? সিহঁতে ক'বঃ হয়, এওঁ হৈছে মৃত্যু। সিহঁত সকলোৱে ইয়াক দেখি আহিছে। ইয়াৰ পিছত (সকলোৰে সন্মুখত) তাক জবেহ কৰা হ'ব। ইয়াৰ পিছত তেওঁ ক'বঃ হে জান্নাতৰ অধিবাসীসকল! (আজিৰ পৰা) তোমালোক চিৰস্থায়ী, তোমালোকৰ কোনো মৃত্যু নাই, আৰু হে জাহান্নামৰ অধিবাসীসকল! তোমালোকেও চিৰকাল ইয়াতেই থাকিব লাগিব, ইয়াত কোনো মৃত্যু নাই। (এইখিনি কথা কোৱাৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে) পাঠ কৰিলেঃ অৰ্থ- (হে ৰাছুল!) তুমি সিহঁতক পৰিতাপৰ দিন সম্পৰ্কে সতৰ্ক কৰি দিয়া, যিদিনা সকলো সিদ্ধান্ত চূড়ান্ত হৈ যাব। অথচ (এতিয়া) সিহঁতে উদাসীনতাত বিভোৰ হৈ আছে। (ছুৰা মাৰয়ামঃ ৩৯) অৰ্থাৎ পৃথিৱীবাসী এতিয়া অমনোযোগী হৈ আছে, সিহঁতে ঈমান পোষণ নকৰে। (ছুৰা মাৰয়ামঃ ৩৯)
متفق عليهহাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, কিয়ামতৰ দিনা মৃত্যুক এটা ক'লা বগা মিশ্ৰিত ভেড়াৰ ৰূপত অনা হ'ব। তেতিয়া ঘোষণা কৰা হ'ব, হে জান্নাতীসকল! এই ঘোষণা শুনাৰ পিছত তেওঁলোকে ঘাৰ দাঙি মূৰ তুলি সেইপিনে চাব। তেওঁলোকক কোৱা হ'বঃ ইয়াক তোমালোকে চিনি পোৱানে? তেওঁলোকে ক'বঃ হয়, ই হৈছে মৃত্যু। তেওঁলোক সকলোৱে ইয়াক দেখি আহিছে আৰু ভালকৈয়ে চিনি পায়। ইয়াৰ পিছত এজন ঘোষণাকাৰীয়ে ঘোষণা কৰিবঃ হে জাহান্নামৰ অধিবাসীসকল! এই ঘোষণা শুনি সিহঁতে ঘাৰ দাঙি মূৰ তুলি চাব, আৰু তেওঁলোকে ঘোষণাকাৰীৰ প্ৰতি মনোযোগ দিব। ঘোষণাকাৰীয়ে ক'বঃ তোমালোকে ইয়াক চিনি পোৱানে? সিহঁতে ক'বঃ হয় চিনি পাওঁ, ই হৈছে মৃত্যু। সিহঁতেও ইয়াক দেখি আহিছে। ইয়াৰ পিছত তাক জবেহ কৰা হ'ব, আৰু ঘোষণাকাৰীয়ে ঘোষণা কৰি ক'বঃ হে জান্নাতৰ অধিবাসীসকল! চিৰকাল ইয়াত থাকিব লাগিব, ইয়াত কোনো মৃত্যু নাই। আৰু হে জাহান্নামৰ অধিবাসীসকল! তোমালোকেও তাত চিৰকাল থাকিব লাগিব, তাত কোনো মৃত্যু নাই। ইয়াৰ উদ্দেশ্য হৈছে যাতে মুমিনসকলৰ নিয়ামত বৃদ্ধি পায়, আৰু কাফিৰসকলে শাস্তি ভোগ কৰে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই আয়াত তিলাৱত কৰিছিলঃ আৰু সিহঁতক পৰিতাপৰ দিন সম্পৰ্কে সতৰ্ক কৰি দিয়া, যেতিয়া সকলো সিদ্ধান্ত হৈ যাব। অথচ সিহঁত উদাসীনতাত বিভোৰ হৈ আছে আৰু সিহঁত ঈমান পোষণ নকৰে। এতেকে ক্বিয়ামতৰ দিনাই জান্নাতী আৰু জাহান্নামীসকলৰ মাজত ফয়চালা কৰি পৃথক কৰি দিয়া হ'ব। ইয়াৰ পিছত প্ৰত্যেকেই নিজৰ নিজৰ ঠিকনাত চিৰস্থায়ী হিচাপে থাকিব। এতেকে ভুল জীৱন-যাপন কৰা ব্যক্তিয়ে সেইদিনা আফচোচ কৰিব আৰু অনুতপ্ত হ'ব। কল্যাণৰ পথ গ্ৰহণ নকৰা পাপী ব্যক্তিয়ে হতাশাত ভূগিব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে নিজৰ ঘৰখনক কবৰস্থানত পৰিণত নকৰিবা। নিশ্চয় চয়তান সেই ঘৰৰ পৰা পলায়ন কৰে, যি ঘৰত ছুৰা আল-বাক্বাৰাহ তিলাৱত কৰা হয়।"
رواه مسلمনবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰক নামাজ আদিৰ পৰা খালি ৰাখিবলৈ নিষেধ কৰিছে, যাতে ঘৰখন কবৰস্থানত পৰিণত নহয়, কাৰণ কবৰস্থানতহে নামাজ পঢ়া নহয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, চয়তান প্ৰত্যেক সেই ঘৰৰ পৰা পলায়ন কৰে, যি ঘৰত ছুৰা আল-বাক্বাৰাহ তিলাৱত কৰা হয়।
আদী বিন হাতিম ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ইয়াহুদী হৈছে সেইসকল লোক, যিসকলৰ ওপৰত আল্লাহৰ ক্ৰোধ তথা প্ৰকোপ অৱতীৰ্ণ হৈছে, আৰু খ্ৰীষ্টানসকল হৈছে পথভ্ৰষ্ট।"
رواه الترمذيনবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, ইয়াহুদী হৈছে এনেকুৱা সম্প্ৰদায় যিসকলৰ ওপৰত আল্লাহৰ ক্ৰোধ অৱতীৰ্ণ হৈছে। কাৰণ সিহঁতে সত্য জানিছিল কিন্তু সেইমতে আমল কৰা নাছিল। আনহাতে খ্ৰীষ্টানসকল হৈছে পথভ্ৰষ্ট লোক, যিসকলে ইল্ম নোহোৱাকৈ আমল কৰিছিল।
আবূ মুছা আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "ঈমান্দাৰ কোৰআন তিলাৱতকাৰীৰ উদাহৰণ হৈছে বিৰা-জৰা (Citron)ৰ দৰে, যাৰ সোৱাদো উৎকৃষ্ট আৰু সগন্ধিও উৎকৃষ্ট। আনহাতে যিজন মুমিনে কোৰআন তিলাৱত নকৰে, তাৰ উদাহৰণ হৈছে খেজুৰৰ দৰে, যাৰ সোৱাদ মিঠা কিন্তু কোনো সুগন্ধি নাই। পক্ষান্তৰে মুনাফিক কোৰআন তিলাৱতকাৰীৰ উদাহৰণ হৈছে সুগন্ধি যুক্ত ফুলৰ দৰে, যাৰ সুগন্ধি ধুনীয়া কিন্তু সোৱাদ তিতা। আনহাতে কোৰআন তিলাৱত নকৰা মুনাফিকৰ উদাহৰণ হৈছে কোৱাভাতুৰী ফলৰ দৰে, যাৰ কোনো সুগন্ধিও নাই আৰু সোৱাদো তিক্ত।"
متفق عليهনবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কোৰআন তিলাৱত কৰা আৰু ইয়াৰ দ্বাৰা উপকৃত হোৱা লোকৰ প্ৰকাৰভেদ উল্লেখ কৰিছেঃ প্ৰথম প্ৰকাৰ হৈছে সেইজন মুমিন যিয়ে কোৰআন তিলাৱত কৰে আৰু তাৰ দ্বাৰা উপকৃত হয়। তেওঁ হৈছে বিৰা-জৰা ফলৰ দৰে, যিটো দেখাতো সুন্দৰ, সুগন্ধিও উত্তম আৰু সোৱাদো উৎকৃষ্ট, যাৰ উপকাৰো বহুত। কাৰণ তেওঁ যি পঢ়ে সেই মুতাবিক আমল কৰে আৰু আল্লাহৰ অন্যান্য বান্দাকো উপকৃত কৰে। দ্বিতীয় প্ৰকাৰ হৈছে সেইজন মুমিন, যিয়ে কোৰআন তিলাৱত নকৰে, তেওঁ হৈছে খেজুৰৰ দৰে। যাৰ সোৱাদ মিঠা, কিন্তু কোনো সুগন্ধি নাই। যিদৰে খেজুৰ মিঠা, সেইদৰে এনেকুৱা মুমিনৰ অন্তৰো ঈমানৰ দ্বাৰা পৰিপূৰ্ণ। কিন্তু মানুহে শুঙিব পৰা কোনো সগন্ধি নাই, অৰ্থাৎ তেওঁ তিলাৱত নকৰাৰ কাৰণে মানুহে তাৰ কিৰাআতৰ পৰা শান্তি লাভ কৰিব নোৱাৰে। তৃতীয় প্ৰকাৰ হৈছে এনেকুৱা মুনাফিক যিয়ে কোৰআন তিলাৱত কৰে। সি হৈছে সুগন্ধিযুক্ত ফুলৰ দৰে। যাৰ সুগন্ধি ভাল কিন্তু সোৱাদ তিতা। কাৰণ তাৰ অন্তৰ ঈমানৰ দ্বাৰা সংশোধিত নহয়, আৰু সি কোৰআন মতে আমলো নকৰে। মানুহক দেখুৱাই ফুৰে যে সিও এজন মুমিন। গতিকে তাৰ সুগন্ধি ভাল, যিহেতু সি কোৰআন তিলাৱত কৰে, কিন্তু তাৰ সোৱাদ তিতা, কাৰণ অন্তৰত কুফৰ আছে। চতুৰ্থ প্ৰকাৰ হৈছে সেইজন মুনাফিক যিয়ে কোৰআন তিলাৱত নকৰে। সি হৈছে কোৱাভাতুৰী ফলৰ দৰে, যাৰ কোনো সুগন্ধি নাই আৰু সোৱাদো তিতা। যিহেতু সি তিলাৱত নকৰে, সেয়ে তাৰ কোনো সুগন্ধি নাই, সেইকাৰণে তাৰ উদাহৰণ ইয়াৰ দ্বাৰা দিয়া হৈছে। এইদৰে এই ফলৰ সোৱাদ যেনেকুৱা তিতা, ঠিক সেইদৰে সেই ব্যক্তিয়ে অন্তৰত গোপন ৰখা কুফৰৰ সোৱাদো তিতা। কাৰণ তাৰ অন্তৰ হৈছে ঈমান শূন্য আৰু বাহ্যিক দিশতো কোনো উপকাৰ নাই। সেয়ে সি সমাজৰ বাবে ক্ষতিকাৰক।