





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
উম্মুল মুমিনীন জুৱাইৰিয়া ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ নামাজ পঢ়ি তেওঁৰ ওচৰৰ পৰা ওলাই গ'ল। সেই সময়ত তেওঁ নামাজৰ স্থানত বহি আছিল। তেখেতে চাশ্তৰ সময়ত ঘূৰি আহি দেখিলে যে, তেওঁ সেই স্থানতে বহি আছে। তেতিয়া তেখেতে ক'লেঃ "মই তোমাক যি অৱস্থাত এৰি থৈ গৈছিলোঁ, তুমি সেই অৱস্থাতে আছা দেখোন?" তেওঁ ক'লেঃ হয়। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "মই তোমাৰ ইয়াৰ পৰা যোৱাৰ পিছত এনেকুৱা চাৰিটা বাক্য তিনিবাৰ পাঠ কৰিছোঁ, আজি তুমি এই পৰ্যন্ত যি যি পাঠ কৰিছা, সেইবোৰক যদি এইবোৰ বাক্যৰ দ্বাৰা ওজন কৰা হয়, তেন্তে এই চাৰিটা বাক্যৰ পাল্লা বেছি ভাৰী হ'ব। সেই বাক্য কেইটা হৈছেঃ ছুবহানাল্লাহি অবিহামদিহি, আদাদা খালক্বিহি, অৰিজা নাফছিহি, অঝিনাতা আৰশ্বিহি, অমিদা-দা কালিমা-তিহ।"
(মুছলিম)ফজৰৰ নামাজ পঢ়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দিনৰ প্ৰথম ভাগতে উম্মুল মুমিনীন জুৱাইৰিয়া ৰাদ্বিয়াল্লাহু আনহাৰ ঘৰৰ পৰা ওলাই আহিল, সেই সময়ত জুৱাৰিয়া ৰাদ্বিয়াল্লাহু আনহা নামাজৰ স্থানতে বহি আছিল। ইয়াৰ পিছত দুপৰীয়াৰ আগতে তেখেত উভতি আহিল, ইপিনে জুৱাইৰিয়া ৰাদ্বিয়াল্লাহু আনহা সেই ঠাইতে বহি আছিল। এই দেখি তেখেতে ক'লেঃ তোমাক যি অৱস্থাত থৈ গৈছিলোঁ, তুমি দেখোন সেই অৱস্থাতেই আছা? তেওঁ ক'লেঃ হয়। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ শুনা! মই তোমাৰ ইয়াৰ পৰা ওলাই যোৱাৰ পিছত, এনেকুৱা চাৰিটা বাক্য তিনিবাৰকৈ পাঠ কৰিছোঁ, যদি সেই বাক্য কেইটাক তুমি বহি থকা সময়খিনিত যি যি পাঠ কৰিছা সেইবোৰৰ সৈতে তুলনা কৰা হয় তেন্তে এই বাক্য কেইটাই প্ৰাধান্য লাভ কৰিব। (ছুবহানাল্লাহ) আল্লাহ সকলো ধৰণৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ। (অবিহামদিহি) সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ তেওঁৰেই। (عدد خلقه) তেওঁৰ (প্ৰশংসা) মাখলুকৰ সংখ্যাৰ সমান, যিবোৰৰ প্ৰকৃত সংখ্যা একমাত্ৰ আল্লাহেই জানে। (ورضا نفسه) লগতে তেওঁৰ নফছৰ সন্তুষ্টিৰ সমান, তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাৰ ওপৰত তেওঁ সন্তুষ্ট হয়, এইটো এনেকুৱা বস্তু যিটোক কোনেও পৰিবেষ্টন কৰিব নোৱাৰে। (وزنة عرشه) লগতে তেওঁৰ আৰচৰ ওজনৰ সমান, কাৰণ আল্লাহৰ সৃষ্টিসমূহৰ মাজত এইটোৱে হৈছে আটাইতকৈ ডাঙৰ মাখলুক আৰু আটাইতকৈ গধূৰ মাখলুক। (ومداد كلماته) লগতে তেওঁৰ কলিমাৰ কালিৰ সমান, আল্লাহৰ কলিমা অগণন, কেতিয়াও শেষ নহয়। এইটো হৈছে ব্যাপক শব্দ, যিটোৰ ভিতৰত উক্ত তিনিওটা ভাগক সামৰি লোৱা হৈছে। কাৰণ মহান আল্লাহৰ কলিমাৰ চিয়াঁহীৰ সংখ্যাৰো কোনো সীমা নাই, আৰু গুণৰো কোনো সীমা নাই, আৰু ধৰণৰো কোনো সীমা নাই। কিন্তু ইয়াত আধিক্য বুজাবলৈ ব্যৱহাৰ হৈছে। কিয়নো প্ৰথমেই এনেকুৱা শব্দ ব্যৱহাৰ হৈছে, যিটোৰ এটা নিৰ্দিষ্ট সংখ্যা আছে, সেয়া হৈছে মাখলুকৰ সংখ্যা। ইয়াৰ পিছত তাতোকৈ এখোপ আগুৱাই ইয়াতকৈ ডাঙৰটোৰ বিষয়ে কোৱা হৈছে, সেয়া হৈছে নফছৰ সন্তুষ্টিৰ সমান, ইয়াৰ পিছত আটাইতকৈ ডাঙৰ মাখলুকৰ ওজনৰ সমান, সেয়া হৈছে আৰচ। এতেকে প্ৰথমটো ব্যৱহাৰ হৈছে সংখ্যাৰ বাবে, দ্বিতীয়টো হৈছে ধৰণ তথা বৈশিষ্ট্যৰ বাবে, আৰু তৃতীয়টো হৈছে ভৰ আৰু ওজনৰ বাবে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যি বৈঠকত আল্লাহক স্মৰণ কৰা নহয় আৰু নবীৰ প্ৰতি দৰূদ পাঠ কৰা নহয়, তেনেকুৱা বৈঠক (কিয়ামতৰ দিনা) সিহঁতৰ বাবে পৰিতাপৰ কাৰণ হ'ব। আল্লাহে ইচ্ছা কৰিলে সিহঁতক শাস্তি বিহিব পাৰে আৰু ইচ্ছা কৰিলে ক্ষমা কৰি দিব পাৰে।"
رواه أبو داود والترمذي والنسائي في الكبرىনবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত আল্লাহৰ স্মৰণৰ পৰা অমনোযোগী হোৱাৰ পৰা সতৰ্ক কৰিছে। তেখেতে উল্লেখ কৰিছে যে, যি বৈঠকত আল্লাহক স্মৰণ কৰা নহয় তথা ৰাছুলৰ প্ৰতি দৰূদ পাঠ কৰা নহয়, তেনেকুৱা বৈঠক কিয়ামতৰ দিনা ক্ষতি লোকচান অনুতাপ তথা পৰিতাপৰ কাৰণ হ'ব। আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী ভুল ত্ৰুটিৰ কাৰণে সিহঁতক শাস্তি বিহিব পাৰে। আনহাতে তেওঁ ইচ্ছা কৰিলে তেওঁৰ দয়া আৰু অনুগ্ৰহত ক্ষমাও কৰি দিব পাৰে।
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ যি ব্যক্তিৰ চৰিত্ৰ আৰু আচৰণ সৰ্বোত্তম, সেই ব্যক্তিয়েই মোৰ ওচৰত সৰ্বাধিক প্ৰিয় আৰু কিয়ামতৰ দিনা তেওঁ মোৰ নিচেই ওচৰত থাকিব। পক্ষান্তৰে তোমালোকৰ মাজৰ যি ব্যক্তি মোৰ ওচৰত আটাইতকৈ বেছি ঘৃণনীয়, সি কিয়ামতৰ দিনাও মোৰ পৰা বহু দূৰত অৱস্থান কৰিব। সিহঁত হৈছেঃ বহুবল্কী, ধৃষ্ট-নিৰ্লজ্জ আৰু মুতাফাইহিকূন (অহংকাৰ জৰ্জৰিত) ব্যক্তিসকল। চাহাবীসকলে ক'লেঃ (হে আল্লাহৰ ৰাছুল!) বহুবল্কী আৰু ধৃষ্ট-নিৰ্লজ্জ লোকসকলক আমি জানো, কিন্তু মুতাফাইহিকূন কোনসকল লোক? তেখেতে ক'লেঃ সিহঁত হৈছে অহংকাৰী।"
(তিৰমিজী)তোমালোকৰ মাজৰ যাৰ আখলাক চৰিত্ৰ সৰ্বোত্তম, তেওঁ পৃথিৱীত মোৰ প্ৰিয় ব্যক্তি আৰু কিয়ামতৰ দিনা তেওঁ মোৰ কাষত থাকিব। পক্ষান্তৰে যাৰ চৰিত্ৰ বেয়া, পৃথিৱীত মই তাক ভাল নাপাওঁ আৰু কিয়ামতৰ দিনাও সি মোৰ পৰা আঁতৰত অৱস্থান কৰিব। (الثرثارون) হৈছে সেইসকল লোক, যিসকলে সত্যক পৰিহাৰ কৰি অপ্ৰয়োজনীয় বহুত কথা কয়। (والمتشدقون) কোৱা হয় সেইসকল লোকক, যিসকলে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ কোনো সতৰ্কতা অৱলম্বন নকৰাকৈ ডাঙৰ ডাঙৰ কথা কয়। (والمتفيهقون) চাহাবাসকলে ক'লেঃ হে আল্লাহৰ ৰাছুল! ছাৰছাৰূন আৰু মুতাশ্বাদ্দিকূন সম্পৰ্কে আমি জানো, কিন্তু মুতাফাইহিকূন কাক বোলে? তেখেতে উত্তৰত ক'লেঃ মুতাফাইহিকূন হৈছে সেইসকল লোক, যিসকলে অহংকাৰ কৰে, আনক উপহাস কৰে, আৰু ডাঙৰ ডাঙৰ কথা কৈ ফিতাহি মাৰে।
আব্দুল্লাহ বিন আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে ইছলাম গ্ৰহণ কৰিছে তেওঁ সফল হৈছে, যাক পৰিমিত জীৱিকা প্ৰদান কৰা হৈছে, আৰু আল্লাহে তেওঁক যি প্ৰদান কৰিছে তাত তেওঁ সন্তুষ্ট হৈছে।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট বৰ্ণনা দিছে যে, সেই ব্যক্তি সাফল্যমণ্ডিত হৈছে, যিয়ে আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিছে, ফলত আল্লাহে তাক হিদায়ত দিছে আৰু ইছলাম গ্ৰহণ কৰাৰ তাওফীক প্ৰদান কৰিছে। লগতে প্ৰয়োজন অনুসৰি তাক হালাল জীৱিকা প্ৰদান কৰিছে, বেছিও নহয় কমো নহয়। লগতে সেই ব্যক্তিজনে আল্লাহে প্ৰদান কৰা জীৱিকাত সন্তুষ্ট হৈছে।
উবাইদুল্লাহ বিন মিহচান আল-আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ যিয়ে শাৰীৰিকভাৱে সুস্থ অৱস্থাত প্ৰভাতত উপনীত হৈছে, গৃহ-পৰিয়ালৰ ক্ষেত্ৰত নিৰাপদ আছে, লগতে তাৰ ওচৰত এটা দিনৰ আহাৰৰ ব্যৱস্থা আছে, এইটো হৈছে যেনিবা গোটেই পৃথিৱীক তাৰ বাবে একত্ৰিত কৰি দিয়া হৈছে।"
(তিৰমিজী, ইবনে মাজাহ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, তোমালোকৰ মাজৰ যিয়ে সুস্থ সবল অৱস্থাত ৰাতিপুৱা টোপনিৰ পৰা উঠে, যাৰ শৰীৰত কোনো বেমাৰ আজাৰ নাই, নিজৰ আৰু পৰিয়ালৰ ক্ষেত্ৰত নিৰাপদ, কোনো ধৰণৰ ভয় ভাবুকি নাই, লগতে তাৰ ওচৰত আছে এটা দিন পাৰ কৰিব পৰা হালাল খাদ্য সামগ্ৰী। সেই ব্যক্তিৰ অৱস্থা হৈছে এনেকুৱা যেনিবা তাৰ বাবে গোটেই পৃথিৱী একত্ৰিত কৰি দিয়া হৈছে।
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে জামে (কম শব্দত অধিক অৰ্থ প্ৰকাশ কৰিব পৰা) দুআবোৰক বেছি পছন্দ কৰিছিল, ইয়াৰ বাহিৰে অন্যান্য দুআবোৰ এৰিছিল।"
(আবু দাঊদ, আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জামে দুআবোৰ বেছি পছন্দ কৰিছিল। যিবোৰ দুআ কম শব্দত বহুল অৰ্থ প্ৰকাশ কৰে আৰু য'ত দুনিয়া আৰু আখিৰাত উভয়ৰে কল্যাণ নিহিত হৈ আছে। লগতে য'ত আছে আল্লাহৰ প্ৰশংসা, নেক উদ্দেশ্য আদি। ইয়াৰ বাহিৰে অন্যান্য দুআবোৰ পৰিত্যাগ কৰিছিল।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "শপতৰ জৰিয়তে ব্যৱসায়িক পণ্য নিশ্চয় বিক্ৰী হয়, কিন্তু ইয়াৰ ফলত বৰকত শেষ হৈ যায়।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শপত খাবলৈ তথা শপত খাই ক্ৰয়-বিক্ৰয় কৰিবলৈ নিষেধ কৰিছে, যদিও ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত তেওঁ সত্যবাদী হয়। তেখেতে এই কথাও জনাইছে যে, এইটো হয়তো পণ্য বিক্ৰী কৰাৰ এটা মাধ্যম হ'ব পাৰে কিন্তু ইয়াৰ ফলত লাভাংশৰ বৰকত নাইকিয়া হৈ যায়। আল্লাহে তাৰ এই সম্পদ বিভিন্ন প্ৰকাৰে ধ্বংস কৰি দিয়ে, হয়তো চুৰি হয়, নাইবা জুই লাগে, অথবা বানপানীত ভাহি যায় নাইবা লুণ্ঠন হয় অথবা অন্য কোনো কাৰণত ধ্বংস হয়।
উবাই বিন কাআব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে বতাহক গালি নিদিবা, যদি এনেকুৱা বতাহ পৰিলক্ষিত হয় যিটোক তোমালোকে অপছন্দ কৰা তেন্তে এইদৰে ক'বাঃ আল্লাহুম্মা ইন্না নাছআলুকা মিন খাইৰি হা-জিহিৰ ৰীহ, অখাইৰি মা ফীহা, অখাইৰি মা উমিৰাত বিহ, অনাউজুবিকা মিন শ্বাৰ্ৰি হা-জিহিৰ ৰীহ, অশ্বাৰ্ৰি মা ফীহা, অশ্বাৰ্ৰি মা উমিৰাত বিহ।" (অৰ্থঃ হে আল্লাহ! আমি তোমাৰ ওচৰত এই বতাহৰ কল্যাণ কামনা কৰোঁ, লগতে সেই কল্যাণ কামনা কৰোঁ যিটো ইয়াৰ ভিতৰত আছে, আৰু যিটো কল্যাণৰ নিৰ্দেশ ইয়াক দিয়া হৈছে। আনহাতে এই বতাহৰ অনিষ্টৰ পৰা আমি তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, আৰু সেই অনিষ্টৰ পৰাও তোমাৰ আশ্ৰয় বিচাৰোঁ যিটো ইয়াৰ মাজত আছে, লগতে যিটো অনিষ্টৰ নিৰ্দেশ ইয়াক দিয়া হৈছে।)
(তিৰমিজী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বতাহক গালি দিবলৈ অথবা অভিসম্পাত কৰিবলৈ নিষেধ কৰিছে। কাৰণ বতাহ তাৰ সৃষ্টিকৰ্তাৰ নিৰ্দেশতহে প্ৰবাহিত হয়। বতাহৰ জৰিয়তে ৰহমত আৰু শাস্তি আদি প্ৰবাহিত হৈ আহে। গতিকে বতাহক গালি দিয়া মানে বতাহৰ সৃষ্টিকৰ্তাক গালি দিয়া বুজায় আৰু তেওঁৰ সিদ্ধান্তৰ প্ৰতি অসন্তুষ্ট হোৱা বুজায়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ প্ৰতি প্ৰত্যাৱৰ্তন কৰিবলৈ উপদেশ দিছে যে, ইয়াৰ সৃষ্টিকৰ্তাৰ ওচৰত ইয়াৰ কল্যাণ কামনা কৰা, তথা ইয়াৰ মাজত থকা কল্যাণ প্ৰাৰ্থনা কৰা, লগতে ইয়াক যিটো উদ্দেশ্যে প্ৰেৰণ কৰা হৈছে তাৰ কল্যাণ কামনা কৰা, যেনে- বৰষুণ তথা মেঘমালাৰ স্থানান্তৰ আদিৰ বাবে। ইয়াৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা, আৰু ইয়াৰ মাজত থকা অনিষ্টৰ পৰা আল্লাহৰ আশ্ৰয় বিচৰা। লগতে ইয়াক যিটো অনিষ্টৰ বাবে প্ৰেৰণ কৰা হৈছে, যেনে- খেতি-পথাৰ বিনষ্ট কৰিবলৈ, গছ-গছনি আৰু জীৱ-জন্তু ধ্বংস কৰিবলৈ আৰু ঘৰ-দুৱাৰ ধ্বংস কৰিবলৈ- সেই অনিষ্টৰ পৰা আল্লাহৰ আশ্ৰয় বিচৰা। এইদৰে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি আল্লাহৰ ইবাদত বাস্তৱায়ন কৰা হয়।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ কোনেও যাতে এনেকৈ দুআ নকৰে যে, হে আল্লাহ! যদি তুমি ইচ্ছা কৰা তেন্তে মোক ক্ষমা কৰি দিয়া, যদি তুমি ইচ্ছা কৰা তেন্তে মোৰ প্ৰতি ৰহম কৰা, যদি তুমি ইচ্ছা কৰা তেন্তে মোক জীৱিকা প্ৰদান কৰা। বৰং দুআ কৰাৰ সময়ত নিশ্চিতভাৱে দৃঢ় হৈ দুআ কৰিব লাগে, কিয়নো আল্লাহে যি ইচ্ছা কৰে সেইটোৱে কৰে, তেওঁক অপাৰগ কৰিব পৰা কোনো নাই।" মুছলিমৰ এটা বৰ্ণনাত আছে যে, "বৰং নিৰ্দিষ্টভাৱে আৰু দৃঢ় হৈ দুআ কৰিব লাগে, লগতে আগ্ৰহ ডাঙৰ ৰাখিব লাগে। কিয়নো কোনো বস্তুৱে প্ৰদান কৰাটো আল্লাহৰ পক্ষে ডাঙৰ নহয়।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত চৰ্ত যোগ কৰি দুআ কৰিবলৈ নিষেধ কৰিছে, যদিও সেই চৰ্ত আল্লাহৰ ইচ্ছাৰ সৈতে সম্পৰ্কীয় নহওক কিয়। কিয়নো এই বিষয়টো নিশ্চিত যে, মহান আল্লাহৰ বাহিৰে আন কোনেও ক্ষমা কৰিব নোৱাৰে। সেয়ে ইচ্ছাৰ চৰ্ত আৰোপ কৰাৰ কোনো অৰ্থ নাই। কাৰণ এনেকুৱা চৰ্ত তেতিয়া লগোৱা হয় যেতিয়া কৰ্মটো কৰিবলৈ ব্যক্তিজন নিজেই সক্ষম, ইচ্ছাৰ বিৰুদ্ধে বা বাধ্য হৈ নহয়। হাদীছটোৰ শেষাংশত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, মহান আল্লাহক অপাৰগ কৰিব পৰা কোনো নাই। এইদৰে মহান আল্লাহে ডাঙৰতকৈ ডাঙৰ বস্তু প্ৰদান কৰাৰ ক্ষেত্ৰতো কোনো অসুবিধা নাই, তেওঁৰ পক্ষে কোনো বস্তুৱে কঠিন নহয়। এতেকে এইদৰে কোৱাটো যে, যদি তুমি ইচ্ছা কৰা তেন্তে এইটো কৰি দিয়া, ইয়াৰ দ্বাৰা এইটো বুজায় যে, সেই ব্যক্তিজন আল্লাহৰ ক্ষমাৰ পৰা অমুখাপেক্ষী। অথবা এইদৰে কোৱা যে, যদি তুমি ইচ্ছা কৰা তেন্তে তুমি মোক এইটো দিব পাৰা, এনেকুৱা বাক্যই এইটো বুজায় যে, প্ৰাৰ্থনাকাৰী ব্যক্তিজনৰ সেইটো নহ'লেও হ'ব বা তাৰ এইটোৰ কোনো প্ৰয়োজন নাই, অথবা সি এনেকুৱা সত্ত্বাৰ ওচৰত কিবা বিচাৰি আছে যিজন এইটো দিবলৈ অক্ষম। পক্ষান্তৰে যদি ব্যক্তিজনৰ সঁচাকৈয়ে সেইটো প্ৰয়োজন আৰু ইয়াৰ বাহিৰে বেলেগ কোনো উপায় নাই, তেন্তে সেই ক্ষেত্ৰত তেওঁ নিশ্চিতভাৱে এনেকৈ দৃঢ়ভাৱে প্ৰাৰ্থনা কৰিব যে, তেওঁক সেইটো লাগিবই। লগতে অভাৱ-অনাটন এনেকৈ প্ৰকাশ কৰিব যে, সেই বস্তুটো তেওঁৰ কিমান প্ৰয়োজন, লগতে আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিব। কাৰণ একমাত্ৰ তেৱেঁই অমুখাপেক্ষী, পূৰ্ণাংগ সত্ত্বাৰ অধিকাৰী, তেওঁ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান।