Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way






























Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মুছলিমে যেতিয়া আল্লাহৰ ওচৰত দুআ কৰে, সেই দুআ যদি কোনো গুনাহ কৰাৰ উদ্দেশ্যে নহয়, উদাহৰণস্বৰূপে অমুক গুনাহটো যাতে সহজে কৰিব পাৰে অথবা এই অন্যায়মূলক কামটো যাতে সহজতে হয়, এনেকুৱা উদ্দেশ্য যদি নাথাকে। এইদৰে আত্মীয়ৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ উদ্দেশ্যে যাতে নহয়, যেনে- সন্তান-সন্ততি আৰু আত্মীয়ৰ বিৰুদ্ধে বদ্দুআ কৰা, তেন্তে সেই দুআটো এই তিনিটা পৰ্যায়ৰ যিকোনো এটা পৰ্যায়ত থাকিব। হয়তো তাৰ দুআ লগে লগে কবূল কৰি, তাক লগে লগে প্ৰতিদান দিয়া হয়। নাইবা আল্লাহে কিয়ামতৰ দিনা তাৰ মৰ্যাদা উন্নীত কৰিবলৈ, অথবা তাৰ প্ৰতি দয়া কৰি তাৰ গুনাহসমূহ ক্ষমা কৰিবলৈ সেই দুআৰ ছোৱাব জমা কৰি ৰাখে। অথবা সেই দুআৰ অনুপাতে এই পৃথিৱীতেই তাৰ পৰা কোনো বিপদ-আপদ দূৰ কৰি দিয়ে। তেতিয়া চাহাবাসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লেঃ তেন্তে এই ফজীলত পাবলৈ আমি বেছি বেছি দুআ কৰা উচিত? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকে বিচৰাতকৈও অধিক প্ৰতিদান আল্লাহৰ ওচৰত আছে। তেওঁৰ দান কেতিয়াও শেষ নহয়।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বিপদ-আপদৰ সময়ত তথা কঠিন পৰিস্থিতিত এই দুআ পাঠ কৰিছিল। যাৰ ভাৱাৰ্থ হৈছেঃ «لا إله إلا الله» আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। «العظيم» মহা সন্মানৰ অধিকাৰী, সত্ত্বাগতভাৱে, গুণগতভাৱে আৰু কৰ্মগতভাৱে। «الحليم» সহনশীল, যিয়ে গুনাহগাৰ বান্দাক শাস্তি প্ৰদানত খৰধৰ নকৰে, বৰং অৱকাশ দিয়ে। আনকি কেতিয়াবা কেতিয়াবা উপযুক্ত হোৱাৰ পিছতো তাক ক্ষমা কৰি দিয়ে। তেওঁ সকলো ক্ষেত্ৰতেই ক্ষমতাৱান। «لا إله إلا الله رب العرش العظيم» তেৱেঁই মহা সিংহাসনৰ সৃষ্টিকৰ্তা। «لا إله إلا الله رب السموات والأرض» তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা। লগতে উভয়ৰ মাজত থকা সকলো বস্তুৰ তেৱেঁই সৃষ্টিকৰ্তা আৰু ইয়াৰ মালিক, লগতে ইয়াৰ সংশোধনকাৰী। তেওঁ যিদৰে ইচ্ছা কৰে সেইদৰেই পৰিচালনা কৰে। «رب العرش الكريم» তেৱেঁই সন্মানীয় মহা আৰচৰ সৃষ্টিকৰ্তা তথা অধিপতি।
আমনি বা ভাগৰ লগা অৱস্থাত হামি কাঢ়িলে কি কৰিব লাগে সেই বিষয়ে দিশ নিৰ্দেশনা দি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, সেই সময়ত হাতেৰে মুখখন জাপ মাৰি বন্ধ কৰি ৰাখিব লাগে, কাৰণ সেই সময়ছোৱাত মুখখন খোলা থাকিলে ভিতৰত চয়তান প্ৰৱেশ কৰে। গতিকে হাতেৰে বন্ধ কৰিলে প্ৰৱেশ কৰিব নোৱাৰে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিৰ্দেশ দিছে যে, মুছলিম ব্যক্তিয়ে দুনিয়াৱী ক্ষেত্ৰত, ধন-সম্পদ, পদ-মৰ্যাদা আদিৰ ক্ষেত্ৰত নিজতকৈ নিম্ন শ্ৰেণীৰ লোকৰ ফালে চোৱা উচিত। এইবোৰ ক্ষেত্ৰত নিজতকৈ উচ্চ শ্ৰেণীৰ লোকৰ প্ৰতি মনোযোগ দিয়া উচিত নহয়। কাৰণ নিজতকৈ নিম্ন শ্ৰেণীৰ লোকৰ ফালে দৃষ্টিপাত কৰিলে আল্লাহে যি নিয়ামত প্ৰদান কৰিছে তাৰ গুৰুত্ব বুজা যাব, তথা সেইবোৰ নিয়ামতক তুচ্ছ জ্ঞান কৰাৰ পৰা বিৰত থাকিব পৰা যাব।
হাদীছটোত অহংকাৰ কৰি বা আগ্ৰহী হৈ ভৰিৰ সৰুগাঁঠিৰ তলত কাপোৰ ওলমাই পিন্ধাৰ পৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সতৰ্ক কৰিছে। যিয়ে এইদৰে কাপোৰ পৰিধান কৰে, তাৰ বিষয়ে কঠিন সতৰ্কবাণী প্ৰদান কৰা হৈছে। কাৰণ কিয়ামতৰ দিনা তাৰ প্ৰতি আল্লাহে ৰহমতৰ দৃষ্টিৰে নাচাব।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত দুটা নিয়ামত সম্পৰ্কে সংবাদ দিছে যে, এই দুটা নিয়ামতৰ ক্ষেত্ৰত বেছি ভাগ লোকেই ক্ষতিগ্ৰস্তৰ মাজত থাকে, কাৰণ সিহঁতে ইয়াৰ সদ্ব্যৱহাৰ নকৰে। যদি মানুহে সুস্থতা আৰু অৱসৰ সময় লাভ কৰে আৰু এই দুটা নিয়ামতক যদি সি আল্লাহৰ আনুগত্যমূলক কামত ব্যৱহাৰ নকৰে তেন্তে সি ক্ষতিগ্ৰস্ত হয়। এইটোৱে হৈছে অধিকাংশ লোকৰ অৱস্থা। আনহাতে যিয়ে এই দুটা নিয়ামত পাই ইয়াৰ সদ্ব্যৱহাৰ কৰে তথা ইবাদতত ব্যয় কৰে তেন্তে তেওঁ লাভৱান হয়। কিয়নো পৃথিৱী হৈছে আখিৰাতৰ খেতি। ইয়াত কৰা ব্যৱসায়ৰ ফলাফল আখিৰাত দেখিবলৈ পোৱা যাব। জানি থোৱা উচিত যে, অৱসৰ সময়ৰ পিছত আহে ব্যস্ততা আৰু সুস্থতাৰ পিছত আহে বেমাৰ-আজাৰ। আনহাতে যদি বৃদ্ধাৱস্থাই আহি যায়, তেন্তে (ধ্বংসৰ বাবে) এইটোৱে যথেষ্ট।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছাজদাত এই দুআ পাঠ কৰিছিল, ইয়াৰ ভাৱাৰ্থ হৈছেঃ (اللهم اغفر لي ذنبي) হে আল্লাহ! মোৰ গুনাহ ক্ষমা কৰি দিয়া, পৰ্দা কৰি দিয়া, মোচন কৰি দিয়া তথা মাৰ্জনা কৰি দিয়া আৰু ইয়াৰ শাস্তিৰ পৰা ৰক্ষা কৰা। (كله) সকলো, (دِقّه) সৰু হওক বা কম হওক। (وجِلّه) ডাঙৰ হওক বা অধিক হওক। (وأوله) আগৰ গুনাহ (وآخره) আৰু পিছৰ গুনাহ। (علانيته وسره) প্ৰকাশ্য অপ্ৰকাশ্য, যি সম্পৰ্কে একমাত্ৰ তুমিয়ে জানা।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যিয়ে এনেকুৱা লোকক বেছি অভিশাপ কৰে যিজন অভিশাপৰ যোগ্য নহয়, তেনেকুৱা লোক হৈছে দুটা শাস্তিৰ উপযুক্ত। প্ৰথমঃ ৰাছুলসকলে নিজৰ নিজৰ উম্মতক পৌঁচাই দিয়া ৰিছালতৰ সপক্ষে কিয়ামতৰ দিনা যি সাক্ষ্য গ্ৰহণ কৰা হ'ব সেইদিনা এনেকুৱা লোকে সাক্ষ্য দিব নোৱাৰিব, আনকি পৃথিৱীতো এনেকুৱা লোকৰ সাক্ষ্য গ্ৰহণ কৰিব নালাগে। কাৰণ এনেকুৱা লোক পাপকৰ্মত লিপ্ত। লগতে আল্লাহৰ পথত শ্বহীদৰ মৰ্যাদাও লাভ নকৰিব। দ্বিতীয়ঃ কিয়ামতৰ দিনা মুমিনসকলে যেতিয়া জাহান্নামী হোৱা লোকৰ হৈ শ্বাফাআত কৰিব, তেতিয়া এই লোকসকলক সেই শ্বাফাআত কৰাৰ অধিকাৰো দিয়া নহ'ব।
দুআ কৰাৰ সময়ত দুয়ো হাত উত্তোলন কৰিবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উৎসাহিত কৰিছে। লগতে তেখেতে জনাইছে যে, মহান আল্লাহ অত্যন্ত লজ্জাশীল। বান্দাই যেতিয়া কোনো এনেকুৱা কাম কৰে, যি কাম কৰিলে তেওঁ আনন্দিত হয়, লগতে বান্দাই যেতিয়া তেওঁৰ অসন্তুষ্টিমূলক কামৰ পৰা বিৰত থাকে, তেতিয়া তেওঁ তাক প্ৰদান কৰা বন্ধ নকৰে। তেওঁ অত্য়ন্ত দানশীল, যিয়ে নিবিচৰাকৈয়ে প্ৰদান কৰে, তেওঁৰ ওচৰত বিচাৰিলে তেওঁ প্ৰদান নকৰাকৈ থাকিবনে? মুমিন বান্দাই যেতিয়া দুয়ো হাত তুলি তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰে, তেতিয়া তেওঁ সেই হাত খালী অৱস্থাত ঘূৰাই দিয়াত লজ্জাবোধ কৰে।