





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
ইমৰাণ বিন হুচাইন ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি এইদৰে ছালাম কৰিলেঃ আচ্ছালামু আলাইকুম। তেখেতে ছালামৰ উত্তৰ দিলে আৰু ব্যক্তিজন বহিল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "দহ।" ইয়াৰ পিছত আন এজন ব্যক্তিয়ে আহি ক'লেঃ আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ। তেখেতে উত্তৰ দিলে আৰু ব্যক্তিজন বহিল। তেতিয়া তেখেতে ক'লেঃ "বিশ।" ইয়াৰ পিছত আন এজন ব্যক্তিয়ে আহি ক'লেঃ আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ। তেখেতে ইয়াৰ উত্তৰ দিলে আৰু ব্যক্তিজন বহিল। তেতিয়া তেখেতে ক'লেঃ "ত্ৰিশ।"
رواه أبو داود والترمذي وأحمد والدارميএজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ছালাম কৰিলে, "আচ্ছালামু আলাইকুম।" তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ছালামৰ উত্তৰ দিলে আৰু ব্যক্তিজন বহি পৰিল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ এওঁৰ বাবে দহটা নেকী লিপিবদ্ধ কৰা হৈছে। ইয়াৰ পিছত আন এজন ব্যক্তি আহি এইদৰে ছালাম কৰিলেঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ।" তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ছালামৰ উত্তৰ দিলে আৰু ব্যক্তিজন বহি পৰিল। ইয়াৰ পিছত তেখেতে ক'লেঃ এওঁৰ বাবে বিশটা নেকী লিপিবদ্ধ কৰা হৈছে। ইয়াৰ পিছত আন এজন ব্যক্তিয়ে আহি এইদৰে ছালাম কৰিলেঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ।" তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ছালামৰ উত্তৰ দিলে আৰু ব্যক্তিজন বহি পৰিল। ইয়াৰ পিছত তেখেতে ক'লেঃ এওঁৰ বাবে ত্ৰিশটা নেকী লিপিবদ্ধ কৰা হৈছে। অৰ্থাৎ প্ৰতিটো শব্দৰ বিপৰীতে দহটাকৈ নেকী।
আব্দুল্লাহ ইবনে মাছ‘ঊদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, তেওঁ নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে যে, তেখেতে এই বুলি দুআ কৰিছিল: "হে আল্লাহ! মই তোমাৰ ওচৰত হিদায়ত প্ৰাৰ্থনা কৰোঁ, তাক্বৱা বিচাৰোঁ, চাৰিত্ৰিক পৱিত্ৰতা আৰু সচ্ছলতাৰ বাবে প্ৰাৰ্থনা জনাওঁ।"
(মুছলিম)হাদীছটোত আহিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই বুলি দুআ কৰিছিল যে, (اللهم إني أسألك الهدى) অৰ্থাৎ হে আল্লাহ! মই তোমাৰ ওচৰত সত্যৰ ওপৰত প্ৰতিষ্ঠিত হোৱাৰ আৰু সেইমতে আমল কৰাৰ আৰু পোন পথত পৰিচালিত হোৱাৰ তাওফীক কামনা কৰোঁ। (والتقى) তোমাৰ নিৰ্দেশনা যাতে পালন কৰিব পাৰোঁ আৰু তোমাৰ নিষেধাজ্ঞাৰ পৰা যাতে বিৰত থাকিব পাৰোঁ। (والعفاف) চাৰিত্ৰিক পৱিত্ৰতা কামনা কৰোঁ, কথাই হওক বা কৰ্ম কোনো ধৰণৰ অশালীন ব্যৱহাৰ যাতে মোৰ দ্বাৰা নহয়। (والغنى) মখলুকৰ পৰা অমুখাপেক্ষী হৈ, একমাত্ৰ তোমাৰ মুখাপেক্ষী হোৱাৰ তাওফীক কামনা কৰোঁ।
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লোঁ যে, আপোনাৰ বাবে চাফিয়্যাৰ এই এই বৈশিষ্ট্যই যথেষ্ট। বৰ্ণনাকাৰীসকলৰ মাজৰ এজনে কৈছেঃ ইয়াৰ দ্বাৰা তেওঁ বুজাইছে যে, চাফিয়্যা আছিল চাপৰ। এই কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তুমি এনেকুৱা এষাৰ কথা কৈছা, যিটোক সাগৰৰ পানীত মিহলালে সাগৰৰ পানীৰ সোৱাদ পৰিবৰ্তন হৈ যাব।" আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই ক'লেঃ মই কেৱল এজন লোকে কৰা পৰিহাসমূলক ভংগীহে উপস্থাপন কৰিছোঁ। তেখেতে ক'লেঃ "মোক কোনোবাই ইমান ইমান ধন-সম্পদ দিলেও মই কাৰো বিষয়ে এনেকুৱা উপহাসমূলক ভংগী দাঙি নধৰোঁ।"
(আবু দাঊদ, তিৰমিজী, আৰু আহমদ)উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই উম্মুল মুমিনীন চাফিয়্য়াহ ৰাদ্বিয়াল্লাহু আনহাক উপলুঙা কৰি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কৈছিল যে, আপোনাৰ বাবে চাপৰ চাফিয়্যাই যথেষ্ট। অৰ্থাৎ তেওঁৰ উচ্চতাক উপলুঙা কৰিছিল। এই কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তুমি এনেকুৱা এষাৰ কথা কৈছা, যিটো কথাক যদি সাগৰৰ পানী মিশ্ৰিত কৰা হয়, তেন্তে সাগৰৰ পানীৰ ৰং পৰিবৰ্তন হ'ব, ঘোলা হৈ পৰিব আৰু সোৱাদ পৰিবৰ্তন হৈ যাব। তেতিয়া তেওঁ ক'লেঃ মই কেৱল মানুহে কোৱা কথাহে কৈছোঁ, যিদৰে মানুহে তেওঁৰ বিষয়ে কয়। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ শুনা! মোক যদি কোনোবাই পাৰ্থিৱ সম্পদৰ ইমান পৰিমাণো সম্পদ দিয়ে, তথাপিও মই মানুহে কৰা উপহাস বেলেগৰ আগত উপস্থাপন নকৰোঁ, তথা মানুহে কাৰো বিষয়ে কৰা সমালোচনা গাই নুফুৰোঁ।
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যি ব্যক্তিয়ে ছুবহানাল্লাহিল আজীম অবিহামদিহি পাঠ কৰিব, তাৰ বাবে জান্নাতত এজোপা খেজুৰ গছ ৰোপণ কৰা হ'ব।"
(তিৰমিজী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যিয়ে এই দুআটো পাঠ কৰিবঃ ছুবহানাল্লাহিল আজীম অবিহামদিহি। ভাৱাৰ্থঃ হে আল্লাহ! তুমি সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ। তুমি সত্ত্বাগতভাৱে, গুণগতভাৱে আৰু কৰ্মৰ ক্ষেত্ৰতো অত্যন্ত মহান। পৰিপূৰ্ণ তথা পূৰ্ণাংগ প্ৰশংসা একমাত্ৰ তোমাৰেই। সেই ব্যক্তিৰ বাবে জান্নাতৰ ভূমিত খেজুৰ গছ ৰোপণ কৰা হয়। যিমান বাৰ পাঠ কৰিব সিমানজোপা বৃক্ষ ৰোপণ কৰা হ'ব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে পৰস্পৰে হিংসা নকৰিবা, ইজনে সিজনৰ বাবে দালালি কৰি দাম বৃদ্ধি নকৰিবা, পৰস্পৰে বিদ্বেষ পোষণ নকৰিবা, এজনে আনজনৰ পৰা সম্পৰ্কচ্ছেদ নকৰিবা, এজনে ক্ৰয় কৰাৰ ওপৰত আন জনে ক্ৰয় নকৰিবা। হে আল্লাহৰ বান্দাসকল! পৰস্পৰে ভাতৃ হৈ যোৱা। এজন মুছলিম হৈছে আন এজন মুছলিমৰ ভাতৃ, সি যেন তাৰ ওপৰত যুলুম নকৰে আৰু তাক সঙ্গীহীন আৰু সহায়হীনভাৱে এৰি নিদিয়ে, আৰু যেন তাক অপমান অপদস্থ নকৰে। তাক্বৱা হৈছে- ইয়াত"। তেখেতে নিজৰ বুকুৰ ফালে তিনিবাৰ ইঙ্গিত কৰিলে। "কোনো মানুহক অনিষ্ট কৰিবলৈ এইখিনিয়ে যথেষ্ট যে, সি তাৰ মুছলিম ভাতৃক নিম্ন আৰু হীন বুলি ভাবে। প্ৰতিজন মুছলিমৰে তেজ, সম্পদ আৰু মান-সন্মান অন্যান্য মুছলিমৰ ওপৰত হাৰাম।"
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উপদেশ দি কৈছে যে, এজন মুছলিমে আন এজন মুছলিম ভাতৃৰ বাবে কল্যাণ কামনা কৰা উচিত। লগতে তেখেতে কিছুমান অনিবাৰ্য দায়িত্ব আৰু নিয়ম-নীতি উল্লেখ কৰিছে। যেনে- প্ৰথম উপদেশঃ ঈৰ্ষা নকৰিবা, অৰ্থাৎ পৰস্পৰে পৰস্পৰৰ নিয়ামত নিঃশেষ (ধ্বংস) হোৱাটো কামনা নকৰিবা। দ্বিতীয়ঃ দালালি নকৰিবা, অৰ্থাৎ কাৰোবাৰ সম্পদ বিক্ৰীৰ ক্ষেত্ৰত দাম বৃদ্ধি কৰিবলৈ মিছা পৰিৱেশ সৃষ্টি কৰা, যাৰ উদ্দেশ্য হৈছে একমাত্ৰ বিক্ৰেতাৰ উপকাৰ কৰা আৰু ক্ৰেতাৰ ক্ষতি কৰা। তৃতীয়ঃ বিদ্বেষ নকৰিবা, অৰ্থাৎ ক্ষতি কৰাৰ ইচ্ছা নকৰিবা। বিদ্বেষ হৈছে মুহাব্বতৰ পৰিপন্থী। কিন্তু আল্লাহৰ বাবে কাৰো সৈতে বিদ্বেষ পোষণ কৰাত কোনো অসুবিধা নাই। বৰং এইটো হৈছে অনিবাৰ্য্য। চতুৰ্থঃ মুখ ঘূৰাই নল'বা, অৰ্থাৎ কোনোৱে যেন নিজৰ ভাতৃৰ পৰা মুখ ঘূৰাই নলয় আৰু পিঠি নিদিয়ে, তথা সম্পৰ্ক বিচ্ছিন্ন নকৰে। পঞ্চমঃ কোনোবাই বিক্ৰী কৰাৰ ওপৰত বিক্ৰী নকৰিবা। উদাহৰণস্বৰূপেঃ ক্ৰেতাই কোনো বস্তু কিনাৰ পিছত, বেলেগ কোনোবাই এই কথা কোৱা উচিত নহয় যে, মোৰ ওচৰতো এনেকুৱা বস্তু আছে, অথবা ইয়াতকৈ কম দামত দিব পাৰিম, নাইবা ইয়াতকৈ ভাল বস্তু এই দামত দিম। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা গাম্ভীৰ্য্যপূৰ্ণ উপদেশ দিছে। তেখেতে কৈছেঃ তোমালোকে এই নিষেধকৃত বিষয়বোৰ পৰিত্যাগ কৰি ইজনে সিজনৰ ভাতৃৰ দৰে হৈ যোৱা, লগতে মুহাব্বত, নম্ৰতা, মমতা, দয়া, আৰু ভাল কামত সহযোগিতাকে আদি কৰি, পৰিষ্কাৰ হৃদয়েৰে সকলো অৱস্থাতে ইজনে সিজনক ভাল পৰামৰ্শ দিয়া। এই ভাতৃত্ববোধৰ দাবী হৈছেঃ কোনো মুছলিম ভাতৃৰ প্ৰতি অন্যায়-অত্যাচাৰ নকৰা। লগতে কোনো মুছলিম ভাতৃক অসহায় অৱস্থাত নিৰ্যাতিত হ'বলৈ এৰি দিয়াও উচিত নহয়। বিশেষকৈ এনেকুৱা অৱস্থাত, যেতিয়া তাক সহায় কৰিবলৈ সক্ষম তথা অন্যায় প্ৰতিৰোধ কৰিবলৈ সক্ষম। এইদৰে তাক অপমান কৰা উচিত নহয়, হেও প্ৰতিপন্ন কৰাও উচিত নহয়, এইবোৰে অন্তৰত অহংকাৰ সৃষ্টি কৰে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তিনিবাৰ কৈছে যে, তাক্বৱা হৈছে অন্তৰত। যাৰ অন্তৰত আল্লাহৰ তাক্বৱা আছে, তেওঁ সদায় সদ্ব্যৱহাৰ কৰে, আল্লাহক ভয় কৰে, আৰু তেওঁক সদায় উপস্থিত থকা বুলি ভাবে। তেওঁ কেতিয়াও কোনো মুছলিমক হেও প্ৰতিপন্ন নকৰে। নিকৃষ্ট চৰিত্ৰ আৰু বেয়া স্বভাৱৰ বৈশিষ্ট্য হৈছে মুছলিম ভাতৃক হেও প্ৰতিপন্ন কৰা। অন্তৰত অহংকাৰ থাকিলে এনেকুৱা স্বভাৱৰ বহিঃপ্ৰকাশ ঘটে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গুৰুত্ব সহকাৰে এই কথা জনাইছে যে, প্ৰতিজন মুছলিমৰ তেজ অন্যান্য মুছলিমৰ ওপৰত হাৰাম। উদাহৰণস্বৰূপে কাৰোবাক হত্যা কৰা, অথবা আঘাত কৰা বা আক্ৰমণ কৰা আদি। এইদৰে তাৰ সম্পদকো সুৰক্ষিত কৰা হৈছে, অৰ্থাৎ অন্যায়ভাৱে ভক্ষণ কৰা হাৰাম। এইদৰে তাৰ মান-সন্মান সুৰক্ষিত কৰা হৈছে, সেয়ে- তাক আৰু তাৰ বংশক অপমান কৰাও উচিত নহয়।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে পৃথিৱীত কোনো এজন মুমিনৰ দুখ কষ্ট দূৰ কৰি দিব, আল্লাহে কিয়ামতৰ দিনা তাৰ দুখ কষ্ট দূৰ কৰি দিব। এইদৰে যিয়ে কোনো বিপদগ্ৰস্ত ব্যক্তিৰ বিপদ দূৰ কৰিব, আল্লাহে পৃথিৱী আৰু আখিৰাতত তাৰ বিপদ দূৰ কৰি দিব। যিয়ে কোনো মুছলিমৰ দোষ-ত্ৰুটি গোপন কৰিব, আল্লাহে পৃথিৱী আৰু আখিৰাতত তাৰ দোষ-ত্ৰুটি গোপন কৰিব। বান্দাই যেতিয়ালৈকে নিজৰ ভাতৃক সহায় কৰি থাকে, আল্লাহে তেতিয়ালৈকে তাক সহায় কৰি থাকে। যি ব্যক্তিয়ে জ্ঞান লাভৰ বাবে কোনো পথ গ্ৰহণ কৰে, ফলত আল্লাহে তাৰ বাবে জান্নাতৰ পথ সহজ কৰি দিব। যিসকল লোকে আল্লাহৰ ঘৰসমূহৰ মাজৰ কোনো এটা ঘৰত (অৰ্থাৎ মছজিদত) সমবেত হয়, আৰু কোৰআন তিলাৱত কৰে, সকলোৱে মিলিত হৈ ইয়াৰ শিক্ষা লয় আৰু শিক্ষা দিয়ে, তেওঁলোকৰ ওপৰত অৱশ্যে প্ৰশান্তি অৱতীৰ্ণ হয়, ৰহমতে তেওঁলোকক ঢাকি লয়, ফিৰিস্তাসকলে তেওঁলোকক আগুৰি থাকে আৰু আল্লাহে তেওঁলোকৰ কথা এনেকুৱা বৈঠকত উল্লেখ কৰে, যিসকল তেওঁৰ ওচৰত উপস্থিত আছে। যি ব্যক্তিয়ে তাৰ আমলৰ কাৰণে পিছুৱাই যাব, তাৰ বংশ পৰিচয়ে তাক আগুৱাই লৈ যাব নোৱাৰিব।"
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, আল্লাহৰ ওচৰত মুছলিম ব্যক্তিক সেই শ্ৰেণীৰেই প্ৰতিদান দিয়া হ'ব, যি ধৰণৰ ব্যৱহাৰ তেওঁ অন্যান্য মুছলিমসকলৰ সৈতে কৰিছিল। এতেকে যিয়ে কোনো মুমিন ব্যক্তিৰ পৰা কোনো দুখ-কষ্ট তথা সংকট নিৰসন কৰিব, মহান আল্লাহে তাক কিয়ামত দিৱসৰ বিপদৰ পৰা ৰক্ষা কৰি প্ৰতিদান দিব। যিয়ে কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱা ব্যক্তিক অৱকাশ দিয়ে তথা সহায়ৰ হাত আগবঢ়ায় আৰু তাক বিপদৰ পৰা উদ্ধাৰ কৰে, আল্লাহে পৃথিৱী আৰু আখিৰাতত সেই ব্যক্তিৰ যাৱতীয় কৰ্ম সহজ কৰি দিব। এইদৰে যিয়ে কোনো মুছলিমৰ দোষ-ত্ৰুটি গোপন কৰে, অৰ্থাৎ এনেকুৱা ভুল-ত্ৰুটি যিটো প্ৰকাশ পালে তেওঁ লজ্জিত হ'ব তথা অপমানিত হ'ব, তেনেকুৱা বিষয় গোপন কৰে তেন্তে আল্লাহে পৃথিৱী আৰু আখিৰাতত সেই ব্যক্তিৰ দোষ-ত্ৰুটি গোপন ৰাখিব। মহান আল্লাহে সদায় সেই বান্দাক সহায়-সহযোগিতা কৰে, যেতিয়ালৈকে বান্দাই নিজৰ মুছলিম ভাতৃক দ্বীন আৰু দুনিয়াৰ কল্যাণৰ ক্ষেত্ৰত সহায়-সহযোগিতা কৰে। এই সহায় দুআৰ জৰিয়তেও হ’ব পাৰে, শাৰীৰিক আৰু আৰ্থিকভাৱেও হ’ব পাৰে। এইদৰে যিয়ে একমাত্ৰ আল্লাহৰ সন্তুষ্টি অৰ্জনাৰ্থে দ্বীনি ইল্ম শিকিবলৈ খোজ দিয়ে, আল্লাহে তাৰ বাবে জান্নাতৰ পথ সহজ কৰি দিয়ে। এইদৰে আল্লাহৰ কোনো ঘৰত যেতিয়া কিছুমান ব্যক্তি একত্ৰিত হৈ আল্লাহৰ কিতাব তিলাৱত কৰে আৰু পৰস্পৰে চৰ্চা কৰে। ফলত আল্লাহৰ ফালৰ পৰা তেওঁলোকৰ ওপৰত শান্তি অৱতীৰ্ণ হয় আৰু আল্লাহৰ ৰহমতে তেওঁলোকক ঢাকি ৰাখে। ফিৰিস্তাসকলে তেওঁলোকক আগুৰি ধৰে। মহান আল্লাহে সেইসকল লোকৰ প্ৰশংসা কৰে তেওঁৰ নৈকট্যপ্ৰাপ্ত ফিৰিস্তাসকলৰ সন্মুখত। সৰ্বোচ্চ সেই বৈঠকত তেওঁলোকৰ বিষয়ে উল্লেখ হোৱাটোৱে হৈছে তেওঁলোকৰ মৰ্যাদাৰ বাবে যথেষ্ট। এইদৰে যাৰ আমলত ত্ৰুটি আছে, সি আনৰ মৰ্যাদাৰ দুহাই দি কেতিয়াও তেওঁলোকৰ সমপৰ্যায়ত উপনীত হ'ব নোৱাৰিব। গতিকে আমলত অৱহেলা কৰি নিজৰ বংশ আৰু পিতৃ পুৰুষৰ মৰ্যাদাৰ ওপৰত নিৰ্ভৰ কৰা উচিত নহয়।
আল-আগাৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এজন চাহাবী আছিল, তেওঁ বৰ্ণনা কৰি কৈছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "হে মানৱজাতি! আল্লাহৰ ওচৰত তাওবা কৰা, মই দিনে এশবাৰকৈ তেওঁৰ ওচৰত তাওবা কৰোঁ।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত মানুহক বেছি বেছি ক্ষমা প্ৰাৰ্থনা আৰু তাওবা কৰিবলৈ নিৰ্দেশ দিছে। লগতে তেখেতে নিজৰ বিষয়ে জনাই কৈছে যে, তেখেতে এদিনত এশবাৰতকৈও বেছি তাওবা কৰে আৰু ক্ষমা প্ৰাৰ্থনা কৰে। অথচ তেওঁৰ আগৰ পিছৰ সকলো গুনাহ মাফ কৰি দিয়া আছে। ইয়াৰ মাজত আছে তেখেতৰ বিনয়ী ভাৱ আৰু আল্লাহৰ প্ৰতি থকা দাসত্বৰ বহিঃপ্ৰকাশ।
আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মুছলিমৰ লুংগী বা পৰিধানকৃত কাপোৰ ভৰিৰ কলাফুললৈকে থাকিব লাগে। এইদৰে সৰুগাঁঠিলৈকে পৰিধান কৰিলেও কোনো অসুবিধা নাই বা কোনো গুনাহ নহয়। কিন্তু সৰুগাঁঠিৰ তলত পিন্ধিলে সেইটো জাহান্নামত যাব। যিয়ে অহংকাৰ কৰি নিজৰ পৰিধানকৃত কাপোৰ চোঁচৰাই পিন্ধে, তাৰ প্ৰতি আল্লাহে অকণো ভ্ৰূক্ষেপ নকৰিব।"
(আবু দাঊদ,ইবনে মাজাহ, আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, মুছলিম পুৰুষে শৰীৰৰ তলভাগত পৰিধান কৰা কাপোৰৰ অৱস্থা হৈছে তিনিটাঃ প্ৰথমঃ মুস্তাহাব তথা পছন্দনীয় হৈছে কলাফুল পৰ্যন্ত পৰিধান কৰা। দ্বিতীয়ঃ অপছন্দ নোহোৱাকৈ বৈধ, সেয়া হৈছে ভৰিৰ সৰু গাঁঠিৰ ওপৰলৈকে পৰিধান কৰা। আৰবী ভাষাত ভৰিৰ পতাৰ সৈতে কলাফুলক সংযুক্ত কৰা গাঁঠিক (الكعب) বোলে, যিটো ভৰিৰ পতাৰ সোঁফালে ওলাই থাকে। তৃতীয়ঃ হাৰাম। ভৰিৰ সৰু গাঁঠিৰ তলত কাপোৰ পিন্ধা হাৰাম, লগতে জুইয়ে স্পৰ্শ কৰাৰ আশংকা আছে। আনহাতে যদি অহংকাৰ কৰি আৰু আনন্দিত হৈ তথা অবাধ্যতা কৰি পিন্ধে তেন্তে আল্লাহে তাৰ প্ৰতি ৰহমতৰ দৃষ্টিপাত নকৰিব।
মা'ক্বিল বিন য়াছাৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যুদ্ধ-বিগ্ৰহ তথা ফিতনা ফাছাদৰ সময়ত ইবাদত কৰাটো হৈছে, মোৰ ফালে হিজৰত কৰাৰ দৰে।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, ফিতনা ফাছাদৰ সময়ত তথা যুদ্ধ বিগ্ৰহৰ সময়ছোৱাত, যেতিয়া মানুহৰ মাজত অৰাজকতাৰ সৃষ্টি হয় সেই সময়ছোৱাত ইবাদতত মনোনিৱেশ কৰিব লাগে তথা ইয়াক মজবুতভাৱে ধাৰণ কৰিব লাগে, ইয়াৰ ছোৱাব হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ফালে হিজৰত কৰাৰ দৰে। কিয়নো এই সময়ছোৱাত সকলোৱে ইবাদতৰ পৰা অমনোযোগী হৈ থাকে। কেৱল আঙুলিত গণিব পৰা লোকৰ বাহিৰে সকলোৱে ইয়াৰ পৰা অমনোযোগী হৈ থাকে।