





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত এজন বেদুইন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ “মোক এনেকুৱা আমলৰ নিৰ্দেশনা দিয়ক, যিটো কৰিলে মই জান্নাতত প্ৰৱেশ কৰিব পৰিম।” তেতিয়া তেখেতে ক'লে: "আল্লাহৰ ইবাদত কৰিবা, তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা, পাঁচ ওৱাক্ত ফৰজ চালাত (নামাজ) নিয়মিত পালন কৰিবা, ফৰজ জাকাত আদায় কৰিবা আৰু ৰমাজান মাহৰ ৰোজা ৰাখিবা।" সেই ব্যক্তিজনে ক’লে, সেই সত্ত্বাৰ শপত! যাৰ হাতত মোৰ প্ৰাণ আছে, ইয়াতকৈ মই একো বেছি নকৰোঁ। যেতিয়া সেই ব্যক্তিজন উভতি গ'ল, তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে: "যিয়ে কোনো জান্নাতী ব্যক্তিক চাব বিচাৰে তেওঁ ইয়াক চোৱা উচিত।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})মৰুবাসী বেদুইন এজন আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আবেদন কৰিলে যে, তেখেতে যাতে তেওঁক এনেকুৱা কোনো আমলৰ বিষয়ে পথনিৰ্দেশনা দিয়ে, যিটো কৰিলে তেওঁ জান্নাতত প্ৰৱেশ কৰিব পাৰিব। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াক উত্তৰ প্ৰদান কৰিলে যে, জান্নাতত প্ৰৱেশ কৰাৰ আৰু জাহান্নামৰ পৰা নাজাত পোৱাৰ উপায় হৈছে, আৰকানে ইছলামৰ প্ৰতি আমল কৰা। অৰ্থাৎ একমাত্ৰ আল্লাহৰ ইবাদত কৰা, তেওঁৰ সৈতে আন কাকো অংশীদাৰ নকৰা। আল্লাহে তেওঁৰ বান্দাসকলৰ প্ৰতি দিনে ৰাতি যি পাঁচ ওৱাক্ত নামাজ অনিবাৰ্য কৰিছে, সেইটো সময়মতে আদায় কৰা। ধন-সম্পদৰ পৰা জাকাত আদায় কৰা, যিটো আল্লাহে তোমাৰ ওপৰত অনিবাৰ্য কৰিছে, আৰু সেইটো হিতাধিকাৰীসকলৰ মাজত বণ্টন কৰা। এইদৰে ৰমাজান মাহৰ ৰোজা সময়ত আদায় কৰিবা। তেতিয়া সেই ব্যক্তিজনে ক'লে, সেই সত্ত্বাৰ শপত! যাৰ হাতত মোৰ প্ৰাণ আছে, মই আপোনাৰ পৰা বাধ্যতামূলক যিবোৰ আমল সম্পৰ্কে শুনিলোঁ, ইয়াতকৈ বেছিও একো নকৰোঁ আৰু ইয়াতকৈ কমো নকৰোঁ। যেতিয়া ব্যক্তিজন, উভতি গৈ আছিল, তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ জান্নাতী ব্যক্তি চাবলৈ যিয়ে আগ্ৰহী, তেওঁ এই বেদুইনক চোৱা উচিত।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সেই ব্যক্তিৰ নাক ধূলিৰে মলিন হওক, সেই ব্যক্তিৰ নাক ধূলিৰে মলিন হওক, সেই ব্যক্তিৰ নাক ধূলিৰে মলিন হওক।" প্ৰশ্ন কৰা হ'লঃ হে আল্লাহৰ ৰাছুল! কাৰ নাক? তেখেতে ক'লেঃ "যিয়ে নিজৰ পিতৃ-মাতৃক বৃদ্ধাৱস্থাত পালে, উভয়ৰ মাজৰ যিকোনো এজনক অথবা উভয়কে, তথাপিও (তেওঁলোকৰ সেৱা যত্ন কৰি) জান্নাত অৰ্জন কৰিব নোৱাৰিলে।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অপমান অপদস্থ কৰাৰ বদ্দুআ কৰিছে, যেনিবা তেখেতে তাৰ নাক মাটিত চোঁচৰাই নিবলৈ বদ্দুআ কৰিছে, তেখেতে তিনিবাৰকৈ বদ্দুআ কৰিছে। তেখেতক প্ৰশ্ন কৰা হ'লঃ হে আল্লাহৰ ৰাছুল! আপুনি কাৰ প্ৰতি এনেকৈ বদ্দুআ কৰি আছে? তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ সেই ব্যক্তিৰ প্ৰতি যিয়ে নিজৰ পিতৃ-মাতৃ উভয়কে বা তেওঁলোকৰ কোনোবা এজনক বৃদ্ধাৱস্থাত পায়, তথাপিও সি তেওঁৰ সেৱাযত্ন কৰি জান্নাত অৰ্জন কৰিব নোৱাৰে। কাৰণ সি পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ নকৰে, বৰং তেওঁলোকৰ অবাধ্যতা কৰে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ মক্কাৰ পথেৰে গৈ থকাত এটা পাহাৰ গৈ পালে, যিটো পাহাৰৰ নাম আছিল জুমদান। তেখেতে ক'লেঃ "তোমালোকে আগুৱাই গৈ থাকা এইটো হৈছে জুমদান পাহাৰ। মুফাৰ্ৰিদূনসকলে অগ্ৰগামী হৈছে।" চাহাবাসকলে সুধিলেঃ হে আল্লাহৰ ৰাছুল! মুফাৰ্ৰিদূনসকল কোন? তেখেতে ক'লেঃ "আল্লাহক বেছি বেছি স্মৰণকাৰী নাৰী আৰু পুৰুষসকল।"
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেছি বেছি আল্লাহৰ জিকৰ-আজকাৰ কৰা লোকসকলৰ মৰ্যাদা বৰ্ণনা কৰিছে যে, তেওঁলোকে বেলেগৰ পৰা পৃথক হৈ জান্নাতত সুউচ্চ মৰ্যাদা অৰ্জনৰ ক্ষেত্ৰত অগ্ৰগামী হৈছে। তেখেতে এই বিষয়টোক জুমদান পাহাৰৰ সৈতে ৰিজাইছে, অৰ্থাৎ যিদৰে জুমদান পাহাৰ অন্যান্য পাহাৰতকৈ বেলেগ, ঠিক সেইদৰে জিকৰ-আজকাৰকাৰী লোকসকলো মৰ্যাদাৰ ক্ষেত্ৰত বেলেগ।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "মোৰ উম্মতৰ প্ৰতিজন ব্যক্তিয়ে ক্ষমা পাব, কেৱল গুনাহ প্ৰকাশকাৰী ব্যক্তিসকলৰ বাহিৰে। গুনাহ প্ৰকাশ কৰা অৰ্থাৎ কোনো ব্যক্তিয়ে ৰাতিত কোনো এটা গুনাহৰ কাম কৰে, যিটোক আল্লাহে গোপন কৰি ৰাখে, কিন্তু সি ৰাতিপুৱা মানুহৰ মাজত গাই ফুৰে যে, হে অমুক! মই যোৱা ৰাতি এই এই কাম কৰিছোঁ। অথচ সি ৰাতিত যিটো পাপ কৰ্ম কৰিছে, সেইটোক আল্লাহে গোপন কৰি ৰাখিছিল। কিন্তু সি ৰাতিপুৱা উঠি আল্লাহে আঁৰি থোৱা পৰ্দাক উন্মুক্ত কৰি দিয়ে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, গুনাহগাৰ মুছলিম ব্যক্তিক আল্লাহে ক্ষমা কৰি দিব বুলি আশা কৰিব পাৰি, কিন্তু যিয়ে গুনাহ কৰাৰ পিছত গৌৰৱ কৰি সেইটো গাই ফুৰে, সেই ব্যক্তি ক্ষমাৰ যোগ্য নহয়। কিয়নো সি ৰাতিৰ অন্ধকাৰত কিবা এটা গুনাহ কৰিছে যিটোক আল্লাহে গোপন কৰি ৰাখিছে, কিন্তু ৰাতিপুৱা উঠি বেলেগক কৈ ফুৰে যে, মই যোৱা ৰাতি এই এই গুনাহ কৰিছোঁ। ৰাতিত কৰা যি গুনাহটো আল্লাহে গোপন ৰাখিছিল, পুৱাই উঠি সি আল্লাহৰ সেই পৰ্দাক আৱৰণমুক্ত কৰি দিয়ে।
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ তিনি দিন পূৰ্বে মই তেখেতৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "তোমালোকৰ মাজৰ প্ৰত্যেকৰে যেন আল্লাহৰ প্ৰতি ভাল ধাৰণা থকা অৱস্থাত মৃত্যু হয়।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত মুছলিমসকলক উৎসাহিত কৰিছে যে, তেওঁলোকে যেন আল্লাহৰ প্ৰতি ভাল ধাৰণা পোষণ কৰে আৰু সেই অৱস্থাতে যেন তেওঁলোকৰ মৃত্যু হয়। বিশেষকৈ মৃত্যুৰ সময়ত যেন এই আশা থাকে যে, আল্লাহে তাৰ প্ৰতি ৰহম কৰিব আৰু তাক ক্ষমা কৰি দিব। কাৰণ সুন্দৰ আমলৰ বাবে অন্তৰত ভয় থকাটো জৰুৰী। কিন্তু মৃত্যুৰ সময়ত আমল কৰাৰ কোনো সুবিধা নাথাকে, সেয়ে এই সময়ছোৱাত আশাৰ পাল্লা গধুৰ হোৱা উচিত।
ইবনে মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিটো ৰাতিত মোক মিৰাজৰ বাবে লৈ যোৱা হৈছিল, সেই ৰাতিত মই ইব্ৰাহীম আলাইহিচ্ছালামক লগ পাইছিলোঁ। তেতিয়া তেখেতে মোক কৈছিলঃ হে মুহাম্মদ! আপোনাৰ উম্মতক মোৰ ফালৰ পৰা ছালাম দিব, আৰু তেওঁলোকক জনাই দিব যে, জান্নাতৰ মাটি খুবেই সুগন্ধি সমৃদ্ধ, আৰু তাৰ পানী অত্যন্ত মিঠা সোৱাদযুক্ত, লগতে জান্নাত হৈছে সমতল ভূমি, আৰু ইয়াৰ গছ-গছনি হৈছে ছুবহানাল্লাহ, অলহাম্দুলিল্লাহ, অলা ইলাহা ইল্লাল্লাহ, অল্লাহু আকবাৰ।"
(তিৰমিজী)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, তেখেতে ইছৰা আৰু মিৰাজৰ ৰাতি ইব্ৰাহীম আলাইহিচ্ছালামক লগ পাইছিল। ইব্ৰাহীম আলাইহিচ্ছালামে তেখেতক কৈছিল, হে মুহাম্মদ! মোৰ ফালৰ পৰা আপুনি আপোনাৰ উম্মতক ছালাম পৌঁচাই দিব আৰু তেওঁলোকক জনাই দিব যে, জান্নাতৰ ভূমি হৈছে অত্যন্ত সুগন্ধি সমৃদ্ধ, ইয়াৰ পানী হৈছে খুবেই মিঠা সোৱাদযুক্ত, নিমখযুক্ত নহয়। জান্নাতৰ ভূমি হৈছে সমতল, তাত কোনো গছ-গছনি নাই। পৱিত্ৰ কলিমাবোৰ হব ইয়াৰ গছ-গছনি, সেইবোৰেই হৈছে চিৰস্থায়ী নেকী। যেনে- ছুবহানাল্লাহ, অলহাম্দুলিল্লাহ, অলা ইলাহা ইল্লাল্লাহ, অল্লাহু আকবাৰ। মুছলিম ব্যক্তিয়ে যেতিয়াই এইবোৰ কলিমা পাঠ কৰে, তেতিয়াই তাৰ বিপৰীতে জান্নাতত একোটাকৈ গছ ৰোপণ হয়।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, এজন ব্যক্তিয়ে ক'লেঃ হে আল্লাহৰ ৰাছুল! মোৰ কিছুমান আত্মীয় আছে যিসকলৰ সৈতে মই আত্মীয়তাৰ বন্ধন বজায় ৰাখিব বিচাৰোঁ কিন্তু সিহঁতে সেই বন্ধন ছিন্ন কৰে। মই সিহঁতৰ সৈতে ভাল ব্যৱহাৰ কৰোঁ কিন্তু সিহঁতে মোৰ সৈতে বেয়া ব্যৱহাৰ কৰে। মই সিহঁতৰ সৈতে সহনশীলতা অৱলম্বন কৰোঁ কিন্তু সিহঁতে মোৰ সৈতে মূৰ্খতাসুলভ আচৰণ কৰে, (এনে স্থিতিত মই কি কৰা উচিত?)। তেখেতে ক'লেঃ "যদি বিষয়টো তেনেকুৱাই হয় যিদৰে তুমি কৈছা, তেন্তে তুমি সিহঁতৰ প্ৰতি জ্বলন্ত ছাইহে নিক্ষেপ কৰি আছা। যেতিয়ালৈকে তুমি এই অৱস্থাত থাকিবা, সিহঁতৰ বিপক্ষে আল্লাহৰ ফালৰ পৰা তোমাৰ সৈতে এজন সহায়ক ফিৰিস্তা থাকিব।"
(মুছলিম)এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত অভিযোগ কৰিলে যে, তেওঁৰ কিছুমান আত্মীয় আছে যিসকলৰ সৈতে তেওঁ ভাল ব্যৱহাৰ কৰে কিন্তু সিহঁতে তেওঁৰ সৈতে বেয়া ব্যৱহাৰ কৰে। তেওঁ সিহঁতৰ সৈতে আত্মীয়তাৰ বন্ধন বজায় ৰাখে কিন্তু সিহঁতে সেই বন্ধন ছিন্ন কৰে। তেওঁ সিহঁতৰ সৈতে সদ্ব্যৱহাৰ কৰে কিন্তু সিহঁতে তেওঁৰ সৈতে বেয়া আচৰণ কৰে। তেওঁ সহনশীলতা অৱলম্বন কৰে আৰু ক্ষমা কৰি দিয়ে কিন্তু সিহঁতে মূৰ্খতাসুলভ আচৰণ কৰে আৰু বেয়া ভাষা কয়। ইয়াৰ পিছতো সিহঁতৰ সৈতে আত্মীয়তাৰ বন্ধন অটুট ৰখা ঠিক হ'বনে? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক কলেঃ 'যদি বিষয়টো সঁচাই এনেকুৱাই হয় যিদৰে তুমি কৈছা, তেন্তে তুমি সিহঁতক সিহঁতৰ মতে লাজত পেলাইছা আৰু সিহঁতক নিজৰ দৃষ্টিতে হেও প্ৰতিপন্ন কৰিবলৈ বাধ্য কৰাইছা, যেনিবা তুমি সিহঁতক গৰম ছাই খুৱাই আছা; কাৰণ তুমি বাৰে বাৰে সিহঁতৰ সৈতে ভাল ব্যৱহাৰ কৰি আছা, বিপৰীতে সিহঁতে তোমাৰ সৈতে বেয়া আচৰণ কৰি নিজৰ দৃষ্টিতে অপমানিত হৈ আছে। এই ধাৰা অব্যাহত থাকিলে আল্লাহৰ ফালৰ পৰা তোমাৰ সৈতে এজন সহায়ক থাকিব, যিয়ে তোমাক সিহঁতৰ বেয়া প্ৰভাৱৰ পৰা ৰক্ষা কৰিব, যেতিয়ালৈকে তুমি সিহঁতৰ সৈতে ভাল ব্যৱহাৰ কৰি থাকিবা, তথা সিহঁতে তোমাৰ সৈতে বেয়া ব্যৱহাৰ কৰি থাকিব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিসকল লোকে কোনো বৈঠকৰ পৰা আল্লাহক স্মৰণ (তথা জিকৰ-আজকাৰ পাঠ) নকৰাকৈ উঠে, সিহঁতে যেনিবা মৰা গাধৰ শৱদেহৰ পৰা উঠে। (কিয়ামতৰ দিনা) এইটো সিহঁতৰ বাবে অনুতাপৰ কাৰণ হ'ব।"
(আবু দাঊদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যিসকল লোকে কোনো বৈঠকত বহে আৰু সেই বৈঠকত আল্লাহক স্মৰণ নকৰাকৈ উঠি যায়, সিহঁতৰ উদাহৰণ হৈছে এনেকুৱা লোকৰ দৰে যিসকলে গাধৰ মৰা শৱৰ ওচৰত একত্ৰিত হয়, য'ত গেলা পচা ময়লা আৱৰ্জনা থাকে। কাৰণ সিহঁতে আল্লাহৰ স্মৰণৰ পৰা কথা বতৰাত ব্যস্ত হৈ আছিল। লগতে এনেকুৱা বৈঠক কিয়ামতৰ দিনা সিহঁতৰ বাবে অনুতাপ তথা ক্ষয়-ক্ষতিৰ কাৰণ হ'ব।
আবূ মুছা ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যিয়ে আল্লাহক স্মৰণ কৰে আৰু যিয়ে নকৰে তাৰ উদাহৰণ হৈছে জীৱিত আৰু মৃতৰ দৰে।" মুছলিমৰ এটা বৰ্ণনাত আছে যে, "যিটো ঘৰত আল্লাহক স্মৰণ কৰা হয় আৰু যিটো ঘৰত আল্লাহক স্মৰণ কৰা নহয়, তাৰ উদাহৰণ হৈছে জীৱিত আৰু মৃতৰ দৰে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সেই ব্যক্তি দুজনৰ মাজত পাৰ্থক্য বৰ্ণনা কৰিছে, যিয়ে আল্লাহক স্মৰণ কৰে আৰু যিয়ে নকৰে। সিহঁত দুজনৰ মাজৰ পাৰ্থক্য হৈছে মৃত আৰু জীৱিত ব্যক্তিৰ দৰে। এতেকে যিয়ে আল্লাহক স্মৰণ কৰে তেওঁ হৈছে জীৱিত ব্যক্তিৰ দৰে, যাৰ বহিৰভাগ হৈছে জীৱনৰ জ্যোতিৰে সুসজ্জিত আৰু ভিতৰভাগ হৈছে জ্ঞানৰ জ্যোতিৰে আলোকিত। ইয়াত আছে তেওঁৰ বাবে উপকাৰ। পক্ষান্তৰে যিয়ে আল্লাহক স্মৰণ নকৰে, সি হৈছে মৃত ব্যক্তিৰ দৰে, যাৰ বহিৰভাগো নিষ্ক্ৰিয় আৰু ভিতৰভাগো বাতিল, যাৰ দ্বাৰা কোনো উপকাৰ নহয়। এইদৰে সেই ঘৰকো জীৱিত বুলি আখ্যা দিয়া হৈছে, যদি ঘৰখনৰ লোকসকলে আল্লাহক স্মৰণ কৰে। অন্যথা সেইখন ঘৰ হৈছে মৃত সদৃশ। কাৰণ তাত থকা অধিবাসীসকল হৈছে আল্লাহৰ স্মৰণৰ পৰা অমোনোযোগী। ঘৰক জীৱিত মৃতৰ সৈতে তুলনা কৰাৰ দ্বাৰা তাত থকা লোকৰ অৱস্থাকহে বুজোৱা হৈছে।