





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মিম্বৰত বহিল আৰু আমিও ইয়াৰ চাৰিওফালে বহিলোঁ। তেতিয়া তেখেতে ক'লেঃ "মই মোৰ পিছত তোমালোকৰ ক্ষেত্ৰত যিটো বিষয়কলৈ আশংকা কৰিছোঁ সেয়া হৈছে এই যে, পৃথিৱী সৌন্দৰ্য্য আৰু সা-সম্পদ তোমালোকৰ বাবে উন্মুক্ত কৰি দিয়া হ'ব।" তেতিয়া এজন চাহাবীয়ে সুধিলেঃ হে আল্লাহৰ ৰাছুল! কল্যাণেও অকল্যাণ কঢ়িয়াই আনিব পাৰেনে? নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰশ্নটোৰ কোনো সঁহাৰি নিদিলে। তেতিয়া সেই চাহাবীজনক অন্যান্য চাহাবাই ক'লেঃ কি হ'ল তোমাৰ? তুমি কিয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামক এনেকৈ সুধিছা, তুমি দেখা নাইনে তেখেতে একো উত্তৰ দিয়া নাই। তেতিয়া আমি দেখিলোঁ যে, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত কিবা অৱতীৰ্ণ হৈ আছে। বৰ্ণনাকাৰীয়ে কৈছেঃ তাৰ পিছত তেখেতে ঘাম মচি ক'লেঃ "সেই প্ৰশ্নকাৰীজন ক'ত?" তেখেতে যেনিবা প্ৰশ্নকাৰীৰ প্ৰশংসা কৰি ক'লেঃ চোৱা, কল্যাণে কেতিয়াও অকল্যাণ কঢ়িয়াই নানে। যিদৰে বসন্তকালত গজা সেউজীয়া ঘাঁহে চতুষ্পদ জন্তুৰ প্ৰাণ নাশ কৰে নাইবা মৃত্যুমুখত ঠেলি দিয়ে। কিন্তু যদি সেই তৃণভোজী জন্তুটোৱে পৰিমাপ অনুসৰি খায় আৰু তাৰ পাছত পৰ্যাপ্ত ৰ'দ গ্ৰহণ কৰে, মল ত্যাগ কৰে আৰু প্ৰস্ৰাৱ কৰে। ইয়াৰ পিছত পুনৰ ভক্ষণ কৰে তেন্তে সি এই বিপদৰ পৰা ৰক্ষা পায়। ঠিক সেইদৰে সেইবোৰ সম্পদ হ'ব আকৰ্ষণীয় লোভনীয়। এতেকে উত্তম মুছলিম হৈছে সেইজন, যিয়ে নিজৰ সম্পদৰ পৰা মিছকীন, ইয়াতীম আৰু মুছাফিৰক দান কৰিব, অথবা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যিদৰে কৈছে। পক্ষান্তৰে যিয়ে এই সম্পদ অন্যায়ভাৱে অৰ্জন কৰিব, সি হৈছে সেই ব্যক্তিৰ দৰে, যিয়ে কেৱল খায় তাৰ পেট নভৰে। কিয়ামতৰ দিনা সেই সম্পদ তাৰ বিপক্ষে সাক্ষ্য দিব।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মিম্বৰত বহি চাহাবাসকলক ক'লেঃ মই আশংকা কৰোঁ যে, মোৰ মৃত্যুৰ পিছত তোমালোকৰ বাবে পৃথিৱীৰ সাজ-সজ্জা তথা সৌন্দৰ্য্য আৰু বৰকত খুলি দিয়া হ'ব। লগতে তাত থাকিব বিভিন্ন ধৰণৰ সা-সম্পত্তি, কাপোৰ কানি, খেতি-বাতি আদি। যিবোৰকলৈ মানুহে অহংকাৰ কৰে, যদিও এই জীৱন ক্ষণস্থায়ী। তেতিয়া এজন ব্যক্তিয়ে ক'লেঃ পাৰ্থিৱ সা-সম্পত্তি তথা ইয়াৰ সৌন্দৰ্য্য হৈছে আল্লাহৰ এক প্ৰকাৰ নিয়ামত। তেন্তে এই নিয়ামতে অকল্যাণ তথা শাস্তি কঢ়িয়াই আনিব নেকি? নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰশ্নটোৰ উত্তৰ নিদি নিৰৱ হৈ থাকিল। লোকসকলে প্ৰশ্নকাৰীক ভৰ্ৎসনা কৰিবলৈ ধৰিলে, তেওঁলোকে ভাবিছিল তেওঁৰ প্ৰশ্নত তেখেতে খং কৰিছে। তেতিয়া তেওঁলোকে গম পালে যে, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অহী অৱতীৰ্ণ হৈ আছে। ইয়াৰ পিছত তেখেতে কপালৰ ঘাম মচি ল'লে আৰু ক'লেঃ প্ৰশ্নকাৰীজন ক'ত? প্ৰশ্নকাৰীজনে ক'লেঃ মই কৰিছিলোঁ প্ৰশ্ন। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ প্ৰশংসা কৰিলে আৰু তেওঁৰ গুণগান কৰি ক'লেঃ শুনা! প্ৰকৃত কল্যাণ কেৱল কল্যাণহে কঢ়িয়াই আনে। কিন্তু এই সা-সম্পত্তি কোনো সাধাৰণ কল্যাণ নহয়, কাৰণ ইয়াৰ ভিতৰত আছে ফিতনা-ফাছাদ, প্ৰতিযোগিতা, লগতে আখিৰাতৰ প্ৰতি সম্পূৰ্ণৰূপে মনোযোগ প্ৰদানত বাধা। ইয়াৰ পিছত তেখেতে ইয়াৰ এটা উদাহৰণ দাঙি ধৰি কৈছেঃ বসন্তকালৰ ঘাঁহ বন আৰু সেউজীয়া তৃণ লতা হৈছে এক প্ৰকাৰ চৰণীয়া পথাৰ। জীৱ-জন্তুৱে খুবেই ভাল পায়। কিন্তু বেছি খালে সেইটো বদহজম হয়, যিটো কেতিয়াবা মৃত্যুৰ কাৰণো হয়। কিন্তু সেইবোৰ জন্তুৰ বিষয়টো সুকীয়া যিবোৰে এইবোৰ সেউজীয়া ঘাঁহ নিয়মিত পৰিমাণে খায় আৰু পৰ্যাপ্ত পৰিমাণে ৰ'দ গ্ৰহণ কৰে, লগতে প্ৰস্ৰাৱ পায়খানা কৰে। ইয়াৰ পিছত বাকী থকা খাদ্যখিনি পুনৰ চোবাই গিলি খায়। ইয়াৰ পিছত পুনৰ চৰিবলৈ যায়। এতেকে এই সম্পদ হৈছে সেউজীয়া সুস্বাদু ঘাঁহ বন তৃণ লতাৰ দৰে। যিবোৰ বেছি পৰিমাণে ভক্ষণ কৰিলে জীৱ-জন্তুৰ মৃত্যু হয় অথবা মৃত্যুমুখত পৰে। কিন্তু যদি হালাল পন্থাৰে প্ৰয়োজন অনুসাৰে সীমিত পৰিমাণে কোনোবাই ভক্ষণ কৰে, যিখিনি খোৱা অতি জৰুৰী, তেন্তে সেইটো ক্ষতিকাৰক নহয়। প্ৰকৃত মুছলিম ব্যক্তি হৈছে সেইজন ব্যক্তি, যিয়ে ফকীৰ-মিছকীন, ইয়াতীম আৰু মুছাফিৰক দান কৰে, যিয়ে এইবোৰ অধিকাৰ পূৰণ কৰাৰ পিছত নিজৰখিনি ৰাখি থয়, তাত আল্লাহে বৰকত দিয়ে। পক্ষান্তৰে যিয়ে অবৈধ পন্থাৰে সম্পদ অৰ্জন কৰে, তাৰ উদাহৰণ হৈছে সেই ব্যক্তিৰ দৰে, যিয়ে ভক্ষণ কৰে কিন্তু তাৰ পেট নভৰে। কিয়ামতৰ দিনা তাৰ এই সম্পদ তাৰ বিৰুদ্ধে সাক্ষ্য দিব।
নু'মান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "কিয়ামতৰ দিনা আটাইতকৈ লঘু শাস্তি হ'ব সেই ব্যক্তিৰ, যাক জুইৰ জোতা পৰিধান কৰোৱা হ'ব, যাৰ ফলত তাৰ মগজু গলি পৰিব। সি ধাৰণা কৰিব যে, আটাইতকৈ কঠিন শাস্তি তাকেই প্ৰদান কৰা হৈছে। অথচ তাক আটাইতকৈ লঘু শাস্তি প্ৰদান কৰা হৈছে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, কিয়ামতৰ দিনা যিজন ব্যক্তিক আটাতকৈ লঘু শাস্তি বিহা হ'ব, তাক জুইৰ জোতা পৰিধান কৰোৱা হ'ব। যাৰ ফলত তাৰ মগজু গলি পৰিব, যিদৰে তাম গৰম কৰিলে উতলি উঠে। সি ধাৰণা কৰিব যে, ইয়াতকৈ কঠিন শাস্তি আন কাকো দিয়া নহ'ব। অথচ এইটো হৈছে আটাইতকৈ সহজ শাস্তি। এইটো এইকাৰণে যে, তাক শাৰীৰিক আৰু মানসিক উভয় প্ৰকাৰ শাস্তি একেলগে বিহা হৈছে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আৰোহণকাৰী ব্যক্তিয়ে খোজকাঢ়ি যোৱা ব্যক্তিক, আৰু খোজকাঢ়ি যোৱা ব্যক্তিয়ে বহি থকা ব্যক্তিক আৰু কম সংখ্যকে বেছি সংখ্যকক ছালাম দিব।" আৰু বুখাৰীত আছেঃ "সৰুৱে ডাঙৰক, খোজকাঢ়ি যোৱা ব্যক্তিয়ে বহি থকা ব্যক্তিক আৰু কম সংখ্যকে বেছি সংখ্যকক ছালাম দিব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মানুহক ছালাম দিয়াৰ নিয়ম শিকাইছে, "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ"। যাতে সৰুৱে ডাঙৰক ছালাম কৰে, আৰোহীয়ে খোজকাঢ়ি যোৱা ব্যক্তিক ছালাম কৰে আৰু খোজকাঢ়ি যোৱা ব্যক্তিয়ে বহি থকা ব্যক্তিক ছালাম কৰে, এইদৰে কম সংখ্যকে যাতে বেছি সংখ্যক লোকক ছালাম কৰে।
নাওৱাছ বিন ছামআন আল-আনচাৰী -ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক নেকী আৰু গুনাহ সম্পৰ্কে সুধিলোঁ, তেখেতে ক'লেঃ "উত্তম চৰিত্ৰই হৈছে নেকী, আৰু গুনাহ সেইটোক কোৱা হয় যিটোৱে তোমাৰ মনক সংশয়ৰ মাজত পেলায়, আৰু তুমি অপছন্দ কৰা যে, মানুহে সেয়া গম পাওক।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামক নেকী আৰু গুনাহ সম্পৰ্কে প্ৰশ্ন কৰাত, তেখেতে কৈছেঃ আটাইতকৈ ডাঙৰ নেকী হৈছে উত্তম চৰিত্ৰ। আল্লাহৰ সৈতে উত্তম আচৰণৰ অৰ্থ হৈছে, তেওঁৰ তাক্বৱা অৱলম্বন কৰা। সৃষ্টিৰ সৈতে উত্তম আচৰণৰ অৰ্থ হৈছে, সিহঁতক কষ্ট নিদিয়া। সাধ্য অনুসৰি খং নকৰা, হাঁহিমুখে থকা, উত্তম কথা কোৱা, আত্মীয়তাৰ বন্ধন বজায় ৰখা, নেক কৰ্ম কৰা, নম্ৰতা, ভদ্ৰতা অৱলম্বন কৰা, সংগী-সাৰথিৰ সৈতে সদাচৰণ কৰা আদি। গুনাহ সেইটোক কোৱা হয়, যিটো কৰিলে অন্তৰ কঁপে আৰু অন্তৰত অশান্তি বিৰাজ কৰে। যেতিয়া কোনো কাম সম্পৰ্কে মনত সন্দেহ হয় বা ভয় হয় যে, সেইটো চাগে গুনাহ হ’ব পাৰে, আৰু সি সেইটোক বেয়া বুলি গণ্য কৰি আনৰ আগত প্ৰকাশ কৰিব নিবিচাৰে, বিশেষকৈ সন্মানীয় মানুহৰ সন্মুখত, তেন্তে এইটোৱে প্ৰমাণ কৰে যে, সেইটো হৈছে এটা গুনাহৰ কাম। কাৰণ মানুহৰ স্বভাৱে এইটো বিচাৰে যে, মানুহে কেৱল তাৰ ভাল কামবোৰ চাওক। এতেকে যেতিয়া কোনো ব্যক্তিয়ে এইটো বিচাৰে যে, তাৰ কিছুমান কাম জনসাধাৰণৰ দৃষ্টিৰ পৰা গোপন থাকক, তেন্তে ইয়াৰ দ্বাৰা স্পষ্ট হয় যে, সেইটো হৈছে এটা গুনাহ, যিটোৰ মাজত কোনো কল্যাণ নাই।
আবু মুছা ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সৰ্বশক্তিমান আল্লাহে ৰাতিত হাত প্ৰসাৰিত কৰে, যাতে দিনত গুনাহ কৰা ব্যক্তিসকলে ৰাতিত তাওবা কৰে। এইদৰে তেওঁ দিনত হাত প্ৰসাৰিত কৰে, যাতে ৰাতিত গুনাহ কৰা ব্যক্তিসকলে দিনত তাওবা কৰে। এই ধাৰাবাহিকতা তেতিয়ালৈকে চলিব, যেতিয়ালৈকে সূৰ্য্য পশ্চিমফালৰ পৰা উদয় নহ'ব।"
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আল্লাহে বান্দাৰ তাওবা কবূল কৰে। যদি বান্দাই দিনৰ পোহৰত কোনো গুনাহ কৰে আৰু ৰাতিত তাওবা কৰে তেন্তে আল্লাহে তাৰ তাওবা কবূল কৰে। এইদৰে যদি কোনোবাই ৰাতিত গুনাহ কৰি দিনত তাওবা কৰে, তেওঁ তাৰ তাওবাও কবূল কৰে। আনকি মহান আল্লাহে আনন্দিত হৈ বান্দাৰ তাওবা গ্ৰহণ কৰাৰ বাবে নিজৰ হাত প্ৰসাৰিত কৰে। এইদৰে তাওবাৰ দুৱাৰ সূৰ্য্য পশ্চিমফালৰ পৰা উদয় নোহোৱালৈকে খোলা থাকিব, অৰ্থাৎ পৃথিৱীৰ অন্তিম সময় পৰ্যন্ত খোলা থাকিব। কিন্তু যেতিয়া পশ্চিম ফালৰ পৰা সূৰ্য্য উদয় হ'ব তেতিয়া তাওবাৰ দুৱাৰ বন্ধ হৈ যাব।
আবু মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "অতীতৰ নবীসকলৰ পৰা মানুহে এই কথা জানিব পাৰিছে যে, যদি তোমাৰ লাজ নাথাকে তেনেহ’লে যি ইচ্ছা সেইটোৱে কৰা।"
(বুখাৰী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত পূৰ্বৱৰ্তী নবীসকলৰ উপদেশ উল্লেখ কৰিছে। যিটো উপদেশ মানুহে যুগে যুগে পৰস্পৰে পৰস্পৰক আদান প্ৰদান কৰিছিল। অৱশেষত সেই উপদেশ এই উম্মতৰ প্ৰথম সময়ছোৱাত আহি পাইছে। সেয়া হৈছে এই যে, তুমি কৰিব বিচৰা কামটোৰ পিনে চোৱা, যদি সেইটো কোনো লাজ পাবলগীয়া বিষয় নহয় তেন্তে সেইটো কৰা। আনহাতে যদি সেই কামটো এনেকুৱা হয় যে, সেইটো কৰিলে লাজ পাবলগীয়া হ'ব পাৰে তেন্তে সেইটো নকৰিবা। কাৰণ লাজেই মানুহক বেয়া কামৰ পৰা বিৰত ৰাখে। এতেকে যদি লাজ নাইকিয়া হৈ যায় তেন্তে মানুহে সকলো প্ৰকাৰৰ অশ্লীল কৰ্ম কৰাত কোনো কুণ্ঠাবোধ নকৰে।
আব্দুল্লাহ ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোৰ কান্ধত ধৰি কৈছেঃ "পৃথিৱীত এনেকৈ বসবাস কৰা যেনিবা তুমি এজন অচিনাকি ব্যক্তি বা এজন ভ্ৰমণকাৰী।" ইবনে ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাই কৈছেঃ "সন্ধিয়াত উপনীত হ’লে প্ৰভাতৰ অপেক্ষা নকৰিবা আৰু প্ৰভাতত উপনীত হ’লে সন্ধ্যিয়াৰ অপেক্ষা নকৰিবা। অসুস্থতাৰ আগতে সুস্থতাক কামত লগোৱা, আৰু মৃত্যুৰ আগতে জীৱিত অৱস্থাৰ পৰা (পাথেয়) সংগ্ৰহ কৰি লোৱা।"
(বুখাৰী)হাদীছটোত ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ কান্ধত ধৰি কৈছিলঃ তুমি পৃথিৱীত এজন অচিনাকি ব্যক্তিৰ নিচিনাকৈ জীৱন যাপন কৰিবা, যিয়ে বেলেগ কোনো দেশৰ পৰা আহিছে, যাৰ আশ্ৰয় ল'ব পৰা ইয়াত কোনো ঘৰ নাই। যাৰ জীৱন হৈছে অঘৰী লোকৰ দৰে, লগত কোনো পৰিয়াল পৰিজনো নাই, যাৰ কাৰণে সৃষ্টিকৰ্তাৰ পৰা অমনোযোগী হ'বলগীয়া হয়। বৰং ইয়াতকৈ এখোপ আগবাঢ়ি তুমি পথহাৰা ভ্ৰমণকাৰীৰ দৰে জীৱন যাপন কৰিবা, যিয়ে নিজৰ ঘৰৰ সন্ধানত ভ্ৰমণ কৰে। আৰবীত গাৰীব কোৱা হয় বিদেশত অচিনাকি হৈ জীৱন যাপন কৰা আৰু আবিৰু ছাবীল কোৱা হয়, স্বদেশ বিচাৰি কৰা ভ্ৰমণকাৰীক। ভ্ৰমণকাৰীয়ে নিজৰ লগত কেৱল সেইখিনি সম্বল লৈ ফুৰে যিখিনি তেওঁৰ ভ্ৰমণত প্ৰয়োজন, ইয়াতকৈ বেছি একো নলয়। ঠিক সেইদৰে মুমিন ব্যক্তিয়ে নিজৰ প্ৰকৃত গন্তব্যস্থলত যাবলৈ কেৱল ইমানখিনি পাৰ্থিৱ বস্তু আহৰণ কৰিবলৈ চেষ্টা কৰা উচিত যিখিনি তেওঁৰ প্ৰয়োজনীয়। ইবনু ওমৰে এই উপদেশৰ ওপৰত আমল কৰিছিল আৰু তেওঁ কৈছেঃ পুৱাৰ ভাগত উপনীত হ'লে সন্ধিয়াৰ অপেক্ষা নকৰিবা আৰু সন্ধিয়াত উপনীত হ'লে প্ৰভাতৰ কাৰণে অপেক্ষা নকৰিবা। নিজকে কবৰৰ অধিবাসীৰ সৈতে গণনা কৰিবা। কাৰণ বেমাৰ-আজাৰ আৰু সুস্থতাৰ সমষ্টিয়ে হৈছে আয়ু। গতিকে বেমাৰ-আজাৰ হোৱাৰ আগতে সুস্থ অৱস্থাত বেছি বেছি ইবাদত কৰা। এইদৰে অসুস্থ হোৱাৰ আগতে নেক আমলৰ জৰিয়তে সুস্থতাৰ সদ্ব্যৱহাৰ কৰা। পাৰ্থিৱ জীৱনক সৎকৰ্মত নিয়োগ কৰা। ইয়াত কেৱল সেই কাম কৰা যিটোৱে মৃত্যুৰ পিছত তোমাক উপকৃত কৰিব।
আব্দুল্লাহ বিন বুছৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! মোৰ বাবে ইছলামী চৰীয়তৰ বিধান বহুত বেছি হৈ পৰিছে। গতিকে মোক এনেকুৱা এটা বস্তু শিকাই দিয়ক যিটো মই মজবুতভাৱে ধৰি ৰাখিব পাৰিম। তেখেতে ক'লেঃ "সৰ্বশক্তিমান আল্লাহৰ জিকৰৰ দ্বাৰা তোমাৰ জিভা সদায় সিক্ত ৰাখিবা।"
(তিৰমিজী, ইবনে মাজাহ, আহমদ)এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি অভিযোগ কৰিলে যে, নফল ইবাদতৰ সংখ্যা অধিক হৈছে, গতিকে কোনটো এৰি কোনটো কৰিম ভাবি পোৱা নাই। সেয়ে ব্যক্তিজনে নিজৰ দুৰ্বলতাৰ কথা উল্লেখ কৰি অপাৰগতা প্ৰকাশ কৰিলে। ইয়াৰ পিছত তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে যে, তেখেতে যেন তেওঁক এনেকুৱা কোনো সহজ আমল সম্পৰ্কে জনায় যিটো কৰিলে অধিক ছোৱাব অৰ্জন হ'ব আৰু তেওঁ যাতে সেইটোক মজবুতভাৱে ধৰি ৰাখিব পাৰে। এই কথা শুনি তেখেতে তেওঁক নিৰ্দেশনা দি ক'লে যে, আল্লাহৰ জিকৰৰ দ্বাৰা তুমি তোমাৰ জিভাক সকলো সময়তে আৰু সকলো অৱস্থাতে সিক্ত ৰাখিবা। তাছবীহ (ছুবহানাল্লাহ), তাহমীদ (আলহাম্দুলিল্লাহ), ইস্তিগফাৰ (আস্তাগফিৰুল্লাহ) আৰু দুআ আদিৰ জৰিয়তে।
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ কোনেও তেতিয়ালৈকে প্ৰকৃত মুমিন হ'ব নোৱাৰে, যেতিয়ালৈকে সি নিজৰ বাবে যিটো পছন্দ কৰে, সেইটো তাৰ ভাতৃৰ বাবে পছন্দ নকৰিব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, কোনো এজন মুছলিমেই তেতিয়ালৈকে পৰিপূৰ্ণ ঈমান লাভ কৰিব নোৱাৰে, যেতিয়ালৈকে তেওঁ নিজৰ বাবে যিটো পছন্দ কৰে সেইটো তেওঁৰ মুছলিম ভাতৃৰ বাবে পছন্দ নকৰিব, আনুগত্যৰ ক্ষেত্ৰতে হওক বা দ্বিনী আৰু দুনিয়াৱী যিকোনো কল্যাণৰ ক্ষেত্ৰতে হওক। লগতে তেওঁ নিজৰ বাবে যিটো অপছন্দ কৰে, সেইটো আনৰ বাবে যেতিয়ালৈকে অপছন্দ নকৰিব। গতিকে তেওঁ নিজৰ মুছলিম ভাতৃৰ মাজত কোনো দ্বিনী ত্ৰুটি দেখিলে, সেইটো সংশোধন কৰিবলৈ চেষ্টা কৰা উচিত। আনহাতে কোনো কল্যাণ দেখিলে, সেই ক্ষেত্ৰত সহায়-সহযোগিতা কৰা উচিত। লগতে দ্বিনী আৰু দুনিয়াৱী ক্ষেত্ৰত সৎ পৰামৰ্শ দিয়া উচিত।