





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মুছলিমক গালি দিয়াটো হৈছে ফাছেকী কাম আৰু আক্ৰমণ কৰাটো হৈছে কুফৰী।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোৰ দ্বাৰা এজন মুছলিমে আন এজন মুছলিমক গালি দিবলৈ নিষেধ কৰিছে। এইটো হৈছে ফাছেকী কাম, তথা এইটো হৈছে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ নাফৰমানী। আনহাতে কোনো মুছলিমে কোনো মুছলিমক আক্ৰমণ কৰাটো হৈছে কুফৰী কাম। কিন্তু এইটো হৈছে সৰু কুফৰ।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে ইয়াহুদী আৰু নাচাৰাসকলক প্ৰথমে ছালাম নকৰিবা। ৰাস্তাত যদি সিহঁতৰ মাজৰ কাৰোবাৰ সৈতে তোমালোকৰ সাক্ষাৎ হয় তেন্তে তাক সংকীৰ্ণ পথেৰে যাবলৈ বাধ্য কৰিবা।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত ইয়াহুদী আৰু খ্ৰীষ্টানসকলক প্ৰথমে ছালাম দিবলৈ নিষেধ কৰিছে, যদিও সিহঁত যিম্মী হয়, অন্যান্য কাফিৰৰ বিপৰীতে। লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, যেতিয়া আমাৰ সৈতে ৰাস্তাত সিহঁতৰ সাক্ষাৎ হ'ব তেতিয়া আমি যেন সিহঁতক সংকীৰ্ণ পথেৰে যাবলৈ বাধ্য কৰোঁ। মুমিনে যেন ৰাস্তাৰ মাজেৰে খোজকাঢ়ে। কাফিৰে যেন ছাইড দিবলৈ বাধ্য হয়। কোনো অৱস্থাতে যেন মুছলিমে অপমান অপদস্থ নহয়।
আবু দাৰদা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ক্বিয়ামতৰ দিনা মুমীনৰ মীজানত আটাইতকৈ ভাৰী বস্তুটো হ'ব উত্তম চৰিত্ৰ। নিশ্চয় মহান আল্লাহে অশ্লীলতা আৰু নিকৃষ্ট আচৰণক অত্যন্ত বেয়া পায়।"
(আবু দাঊদ, তিৰমিজী)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, কিয়ামতৰ দিনা মুমিনৰ মীজানত কথা আৰু কৰ্মৰ ক্ষেত্ৰত আটাইতকৈ গধূৰ বস্তুটো হ'ব উত্তম চৰিত্ৰ। সেয়া হৈছে, হাঁহিমুখে সাক্ষাৎ কৰা, আনক কষ্ট নিদিয়া আৰু সৎকৰ্ম কৰা। কথাই হওক বা কৰ্ম আদি সকলো ক্ষেত্ৰতে মহান আল্লাহে অশ্লীলতা আৰু নিকৃষ্ট আচৰণ আদিক ঘৃণা কৰে।
হুছাইন বিন আলী ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহু চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "প্ৰকৃত কৃপণ হৈছে সেই ব্যক্তি, যাৰ সন্মুখত মোৰ নাম লোৱা হয়, তথাপিও সি মোৰ প্ৰতি দৰূদ পাঠ নকৰে।"
رواه الترمذي والنسائي في الكبرى وأحمدনবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নাম, তেখেতৰ উপনাম, বা তেখেতৰ বিষয়ে শুনাৰ পিছতো যিয়ে তেখেতৰ ওপৰত দৰূদ পাঠ নকৰে, তেনেকুৱা ব্যক্তিক তেখেতে সতৰ্ক কৰিছে আৰু কৈছেঃ সি হৈছে প্ৰকৃত তথা পূৰ্ণাংগ কৃপণ, যিয়ে তেখেতৰ বিষয়ে শুনাৰ পিছতো দৰূদ পাঠ নকৰে। কেইবাটাও প্ৰকাৰে কৃপণ যেনেঃ প্ৰথমঃ কৃপণ এই কাৰণে যে, দৰূদ পাঠ কৰিলে তাৰ কোনো ক্ষতি নহয়, তথা কোনো টকাও ব্যয় নহয়, আনকি কষ্টও কৰিবলগীয়া নহয়, তথাপিও সি নপঢ়ে, সেইকাৰণে কৃপণ। দ্বিতীয়ঃ ইয়াৰ ফলত সি নিজৰ ওপৰতে কৃপনালি কৰে, কাৰণ সি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পাঠৰ ছোৱাবৰ পৰা বঞ্চিত হয়। কিয়নো সি কৃপনালি কৰি দৰূদ পাঠ কৰা নাছিল আৰু হক আদায় কৰা নাছিল, লগতে তেখেতৰ নিৰ্দেশ পালন কৰা নাছিল, যিটো পালন কৰিলে ছোৱাব পোৱা যায়। তৃতীয়ঃ দৰূদ পাঠ কৰিলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হক আদায় কৰা হয়। তেখেতেই আমাক দ্বিন শিকাইছে আৰু নিৰ্দেশনা দিছে। তেখেতেই আমাক আল্লাহৰ প্ৰতি আহ্বান কৰিছে, আমাৰ ওচৰলৈ অহীৰ বাৰ্তা আনিছে, আল্লাহৰ পিছত এইটোৱে হৈছে আমাৰ হিদায়তৰ কাৰণ। গতিকে যিয়ে তেখেতৰ প্ৰতি দৰূদ পাঠ নকৰে, সি নিজৰ ওপৰতে কৃপনালি কৰে। লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হক আদায়ৰ ক্ষেত্ৰত কৃপনালি কৰে।
ছাহল বিন মুআজ বিন আনাছে তেওঁৰ পিতৃৰ পৰা বৰ্ণনা কৰি কৈছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যিয়ে পানাহাৰ কৰাৰ পিছত এই দুআ পাঠ কৰিবঃ (الحَمْدُ لِلَّهِ الَّذِي أَطْعَمَنِي هَذَا وَرَزَقَنِيهِ مِنْ غَيْرِ حَوْلٍ مِنِّي وَلاَ قُوَّةٍ) উচ্চাৰণঃ "আলহাম্দুলিল্লাহিল লাজী আত্বআমানী হাজা, অৰাঝাকানীহি মিন গাইৰি হাওলিম মিন্নি অলা কুওৱাহ।" অৰ্থঃ "সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে, যিয়ে মোক এই আহাৰ কৰালে তথা মোক জীৱিকা প্ৰদান কৰিলে। অথচ এই ক্ষেত্ৰত মোৰ কোনো শক্তি সামৰ্থ নাছিল।" সেই ব্যক্তিৰ অতীতৰ সকলো গুনাহ ক্ষমা কৰি দিয়া হয়।
(আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পানাহাৰ কৰাৰ পিছত আল্লাহৰ প্ৰশংসা কৰিবলৈ উৎসাহিত কৰিছে। মহান আল্লাহৰ সহায়-সহযোগিতা অবিহনে এই আহাৰ প্ৰস্তুত কৰা আৰু ভক্ষণ কৰাৰ মোৰ কোনো শক্তি সামৰ্থ নাছিল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সুসংবাদ দিছে যে, যিয়ে এই দুআটো পাঠ কৰিব তেওঁ আল্লাহৰ মাগফিৰাত তথা ক্ষমাৰ পাত্ৰ হ'ব। তেওঁৰ অতীতৰ সকলো সৰু গুনাহ ক্ষমা কৰি দিয়া হ'ব।
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "আজান আৰু ইক্বামতৰ মাজত কৰা দুআ প্ৰত্যাখ্যান কৰা নহয়।"
(আবু দাঊদ, তিৰমিজী, নাছায়ী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত আজান আৰু ইক্বামতৰ মাজত কৰা দুআৰ ফজীলত উল্লেখ কৰিছে। কাৰণ এই সময়ত কৰা দুআ প্ৰত্যাখ্যান কৰা নহয় আৰু সোনকালে ইয়াৰ প্ৰতি সঁহাৰি দিয়া হয়। গতিকে এই সময়ছোৱাত বেছি বেছি দুআ কৰিব লাগে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এইদৰে পাঠ কৰিছিলঃ উচ্চাৰণঃ আল্লাহুম্মা আচলিহ লী দ্বীনি আল্লাজী হুৱা ইচমাতু আমৰী। ওৱা আচলিহ লী দুনিয়ায়া আল্লাতী ফীহা মাআশ্বী। ওৱা আচলিহ লী আখিৰাতী আল্লাতী ফীহা মাআদী। অজআলিল হায়াতা ঝিয়াদাতান লী ফী কুল্লি খাইৰ। অজআলিল মাওতা ৰা-হাতান লী মিন কুল্লি শ্বাৰ্ৰ। অৰ্থঃ “হে আল্লাহ! তুমি মোৰ দ্বীনক সংশোধন কৰি দিয়া, এই দ্বীনেই হৈছে মোৰ নিৰাপত্তা; তুমি মোৰ দুনিয়া সংশোধন কৰি দিয়া, য'ত আছে মোৰ জীৱন-জীৱিকা, আৰু মোৰ পৰকালক সংশোধন কৰি দিয়া, য’ত মই উভতি যাব লাগিব। তুমি প্ৰতিটো কল্যাণৰ বাবে মোৰ আয়ু বঢ়াই দিয়া আৰু প্ৰতিটো পাপ বা অকল্যাণৰ পৰা ৰক্ষা কৰি তুমি মোৰ মৃত্যুক আনন্দদায়ক বনাই দিয়া।”
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকুৱা এটা দুআ কৰিছে য'ত তেখেতে উৎকৃষ্ট চৰিত্ৰৰ সকলো মূল তত্বক একত্ৰিত কৰিছে যিবোৰ সম্পূৰ্ণ কৰিবলৈ তেখেতক প্ৰেৰণ কৰা হৈছে। এই দুআত দ্বীন, দুনিয়া আৰু আখিৰাতৰ কল্যাণ নিহিত হৈ আছে। এই সংক্ষিপ্ত বাক্যত এই তিনিওটা বিষয়ক সামৰি লোৱা হৈছে। তেখেতে প্ৰথমে দ্বীনি ক্ষেত্ৰত সংশোধনৰ কথাৰে আৰম্ভ কৰিছে, কাৰণ ইয়াৰ দ্বাৰাই বাকী দুয়োটাৰ সংশোধন হয়। তেখেতে কৈছেঃ (اللهم أصلح لي ديني) অৰ্থাৎ হে আল্লাহ! তুমি মোক পৰিপূৰ্ণৰূপে দ্বীন পালনৰ তাওফীক দিয়া। (الذي هو عصمة أمري) এই দ্বীনটোৱে হৈছে মোৰ সকলো কৰ্মৰ নিৰাপত্তা। যদি মোৰ ধৰ্মীয় অনুভূতি বিনষ্ট হয় তেন্তে সকলো কৰ্ম বিনষ্ট হ'ব। তেনে অৱস্থাত মই ক্ষতিগ্ৰস্ত হ'ম। কাৰণ দ্বীনি ক্ষেত্ৰত সংশোধন তেতিয়ালৈকে হ'ব নোৱাৰে যেতিয়ালৈকে দুনিয়াৱী ক্ষেত্ৰত সংশোধন নহয়। সেয়ে তেখেতে কৈছেঃ (وأصلح لي دنياي) অৰ্থাৎ মোৰ দুনিয়াৱী সকলো দিশ সংশোধন কৰি দিয়া, মোক সুস্থতা প্ৰদান কৰা, নিৰাপত্তা, জীৱিকা, নেক স্ত্ৰী, পুণ্যৱান সন্তান-সন্ততি, আৰু ইয়াৰ বাবে যি যি প্ৰয়োজন সেইবোৰ মোক দান কৰা, যাতে হালাল হয়, তোমাৰ আনুগত্য কৰাত সহায়ক হয়। ইয়াৰ পিছত তেখেতে এই সংশোধনৰ কাৰণ উল্লেখ কৰি কৈছেঃ (التي فيها معاشي) কাৰণ ইয়াৰ ভিতৰতে আছে মোৰ জীৱিকাৰ স্থান, আৰু মোৰ কটাবলগীয়া জীৱন। (وأصلح لي آخرتي التي فيها معادي) আৰু মোৰ আখিৰাতৰ যাৱতীয় বিষয় সংশোধন কৰি দিয়া, যাতে মই তোমাৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰি সাক্ষাৎ লাভ কৰিব পাৰোঁ। এইটো সম্ভৱ হ'ব সৎকৰ্মৰ জৰিয়তে, আৰু আল্লাহে বান্দাক প্ৰদান কৰা ইবাদতৰ তাওফীক আৰু ইখলাচ তথা উত্তম সমাপ্তিৰ জৰিয়তে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আখিৰাতৰ পূৰ্বে দুনিয়াৰ কথা উল্লেখ কৰিছে। গতিকে ইয়াৰ দ্বাৰা এইটো বুজায় যে, আখিৰাতৰ আগত পৃথিৱীৰ জীৱন সংশোধন হোৱাটো জৰুৰী। এতেকে যিয়ে আল্লাহে বিচৰা অনুযায়ী পৃথিৱীত প্ৰতিষ্ঠিত হ'ব, আল্লাহে আখিৰাতত তাক প্ৰতিষ্ঠিত কৰিব আৰু সুখী জীৱন প্ৰদান কৰিব। (واجعل الحياة) মোৰ গোটেই জীৱন এনেকুৱা বনাই দিয়া (زيادة لي في كل خير) যাতে মই নেক আমল বেছি বেছি কৰিব পাৰোঁ, আৰু ফিতনা-ফাছাদ, বিপদ-আপদ, অৱহেলা আৰু বিভিন্ন মুচিবতৰ আগতে মোক সোনকালে মৃত্যু প্ৰদান কৰা, যাতে মই পাৰ্থিৱ দুখ-কষ্ট আৰু দুশ্চিন্তাৰ পৰা ৰক্ষা পাই সুখ লাভ কৰিব পাৰোঁ।
আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই দুআ পঢ়ি দুআ কৰিছিলঃ "ৰাব্বিগ ফিৰলী খাত্বী-আতী অজাহলী, ওৱা ইছৰাফী ফি আমৰি কুল্লিহ, অমা আনতা আ'লামু বিহি মিন্নী। আল্লাহুম্মাগ ফিৰলী খাত্বায়ায়া, ওৱা আমদী, অজাহলী, অহাঝলী, অকুল্লু জালিকা ইনদী। আল্লাহুম্মাগ ফিৰলী মা ক্বাদ্দামতু অমা আখ্খাৰতু, অমা আছৰাৰতু অমা আ'লানতু, আনতাল মুক্বাদ্দিমু ওৱা আনতাল মুআখ্খিৰ, ওৱা আনতা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ।" অৰ্থঃ হে মোৰ প্ৰতিপালক! তুমি মোৰ গুনাহসমূহ, মোৰ মূৰ্খামি আৰু কৰ্মৰ ক্ষেত্ৰত কৰা সীমালংঘন ক্ষমা কৰি দিয়া, লগতে সেই যাৱতীয় ভুল-ত্ৰুটি ক্ষমা কৰি দিয়া, যিবোৰৰ বিষয়ে তুমি মোতকৈ অধিক অৱগত। হে আল্লাহ! মোৰ সেইসমূহ গুনাহো ক্ষমা কৰি দিয়া যিবোৰ মই জানি বুজি কৰিছোঁ বা হাঁহি ধেমালিতে কৰিছোঁ, আনকি মোৰ ইচ্ছা অনিচ্ছাতে হোৱা সকলো গুনাহ ক্ষমা কৰি দিয়া। হে আল্লাহ! মোৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়া, লগতে প্ৰকাশ্য়ভাৱে কৰা গুনাহ আৰু অপ্ৰকাশ্যভাৱে কৰা গুনাহো ক্ষমা কৰি দিয়া। তুমিয়ে অগ্ৰসৰকাৰী আৰু তুমিয়ে পিছুৱাই দিয়াৰ অধিকাৰী। তুমি সকলো ক্ষেত্ৰতে সৰ্বশক্তিমান।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই গভীৰ অৰ্থপূৰ্ণ দুআটো পাঠ কৰিছিলঃ হে মোৰ প্ৰতিপালক, মোৰ গুনাহসমূহ ক্ষমা কৰি দিয়া, যিবোৰ মই অনিচ্ছাকৃতভাৱে কৰিছোঁ। লগতে যিবোৰ ক্ষেত্ৰত মোৰ দ্বাৰা সীমালংঘন হৈছে, সেইবোৰ তুমি ক্ষমা কৰি দিয়া। হে আল্লাহ! যিবোৰ গুনাহ সম্পৰ্কে মই পাহৰি গৈছোঁ, কিন্তু তুমিতো ভালকৈয়ে জানা। হে আল্লাহ! জানি বুজি ইচ্ছাকৃতভাৱে মোৰ দ্বাৰা যিবোৰ গুনাহ হৈছে সেইবোৰ গুনাহো তুমি ক্ষমা কৰি দিয়া। হাঁহি ধেমালিতে হোৱা গুনাহকো তুমি ক্ষমা কৰি দিয়া। আনকি মোৰ সকলো দোষ-ত্ৰুটি তুমি ক্ষমা কৰি দিয়া। হে আল্লাহ! মোৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়া। যিবোৰ মই গোপনে কৰিছিলোঁ আৰু যিবোৰ মই প্ৰকাশ্যভাৱে কৰিছিলোঁ। তুমিয়েই আগুৱাই দিয়াৰ অধিকাৰী আৰু তুমিয়েই পিছুৱাই দিয়াৰ অধিকাৰী, তুমি যাক ইচ্ছা কৰা, তাক তুমি তোমাৰ ৰহমতৰ পিনে আগুৱাই দিয়া আৰু তাৰ প্ৰতি তুমি সন্তুষ্ট হোৱা। আনহাতে তুমি যাক ইচ্ছা কৰা পিছুৱাই দিয়া আৰু অপদস্থ কৰা। গতিকে তুমি যাক পিছুৱাই দিছা, তাক আগুৱাই দিব পৰা কোনো নাই। পক্ষান্তৰে যাক তুমি আগুৱাই দিছা, তাক পিছুৱাই দিব পৰা কোনো নাই। তুমিয়েই সৰ্বশক্তিমান, সকলো ক্ষেত্ৰতে তুমি ক্ষমতাৱান। তুমি যিটো বিচৰা সেইটোৱে কৰিব পাৰা।
ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও পুৱা গধূলি এই দুআটো পাঠ নকৰাকৈ থকা নাছিল। উচ্চাৰণঃ "আল্লা-হুম্মা ইন্নি আছআলুকাল আ-ফিয়াহ ফিদ দুনিয়া অল আ-খিৰাহ, আল্লা-হুম্মা ইন্নি আছআলুকাল আফৱা অল আ-ফিয়া ফী দ্বীনি, অদুনিয়ায়ী, অ আহলি, অ মা-লী, আল্লা-হুম্মাছ তুৰ আউৰা-তি, ৱা আ-মিন ৰাউআ-তি, আল্লা-হুম্মাহফিজনি মিন বাইনা য়াদায়্যা, অমিন খালফি, ৱা আন য়ামীনি, অ আন শ্বিমা-লি, অমিন ফাউকি, অ আউজু বিআজমাতিকা আন উগতা-লা মিন তাহতি”। অৰ্থ: হে আল্লাহ! মই তোমাৰ ওচৰত দুনিয়া আৰু আখিৰাতত নিৰাপত্তা বিচাৰোঁ। হে আল্লাহ! মই মোৰ দ্বীন, মোৰ দুনিয়া, মোৰ পৰিয়াল আৰু মোৰ সম্পদৰ বাবে তোমাৰ ওচৰত ক্ষমা বিচাৰোঁ আৰু নিৰাপদ কামনা কৰোঁ। হে আল্লাহ! মোৰ পৰ্দা কৰা অংগসমূহৰ ওপৰত পৰ্দা কৰি দিয়া। মোৰ ভয়-ভীতি দূৰ কৰি শান্তি বিৰাজ কৰা। হে আল্লাহ! মোৰ সন্মুখৰ পৰা, মোৰ পিছফালৰ পৰা মোৰ সোঁফালৰ পৰা, মোৰ বাওঁফালৰ পৰা আৰু মোৰ ওপৰৰ পৰা মোক সুৰক্ষা প্ৰদান কৰা। আকস্মিক তলৰ পৰা ধ্বংস হোৱাৰ পৰাও মই তোমাৰ আশ্ৰয় বিচাৰোঁ।
(আবু দাঊদ, ইবনে মাজাহ, নাছায়ী, আহমদ)পুৱা গধূলি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কেইটা দুআ নপঢ়াকৈ কেতিয়াও থকা নাছিলঃ (اللهم إني أسألُكَ العافيةَ) অৰ্থাৎ হে আল্লাহ! তুমি মোক দুনিয়াৱী সকলো বিপদ-আপদ, বেমাৰ-আজাৰৰ পৰা ৰক্ষা কৰা, নিকটৱৰ্তী আৰু দূৰৱৰ্তী দুনিয়াতে হওক বা আখিৰাতত সকলো প্ৰকাৰ ফিতনাৰ পৰা মোক ৰক্ষা কৰা। (اللهمَّ إني أسأَلُكَ العفو) অৰ্থাৎ হে আল্লাহ! মই তোমাৰ ওচৰত সকলো প্ৰকাৰৰ গুনাহ আৰু সীমালংঘনৰ বাবে ক্ষমা বিচাৰোঁ। (والعافيةَ) তুমি মোক সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা ৰক্ষা কৰা। (في دِيني) দ্বীনি ক্ষেত্ৰত শ্বিৰ্ক বিদআতৰ পৰা আৰু বিভিন্ন প্ৰকাৰৰ গুনাহৰ পৰা। (ودنياي) দুনিয়াৱী ক্ষেত্ৰত সকলো প্ৰকাৰ বিপদ আপদ আৰু অনিষ্টৰ পৰা। (وأهلِي) আৰু মোৰ স্ত্ৰী, সন্তান-সন্ততি আৰু আত্মীয়ৰ অনিষ্টৰ পৰা। (ومالي) লগতে মোৰ ধন-সম্পদ আৰু কৰ্মৰ অনিষ্টৰ পৰা। (اللهم استرْ عَوراتي) অৰ্থাৎ হে আল্লাহ! মোৰ ভিতৰত থকা দোষ-ত্ৰুটি, ভুল-ভ্ৰান্তিক ঢাকি দিয়া আৰু মোৰ গুনাহ ক্ষমা কৰি দিয়া। (وآمِن رَوْعاتي) লগতে মোৰ ভয়-ভীতি দূৰ কৰি নিৰাপত্তা প্ৰদান কৰা। (اللهم احفظْني) অৰ্থাৎ হে আল্লাহ! মোক বিপদ-আপদ, সংকট আদিৰ পৰা ৰক্ষা কৰা। (من بين يديَّ ومِن خلفي، وعن يميني وعن شمالي، ومن فوقي) সকলো দিশৰ পৰা মোক সুৰক্ষা প্ৰদান কৰা। সন্মুখৰ পৰা পিছফালৰ পৰা, সোঁফালৰ পৰা বাওঁফালৰ পৰা আৰু ওপৰৰ পৰা অহা বিপদৰ পৰা ৰক্ষা কৰা, কাৰণ আপদ-বিপদ এইবোৰ দিশৰ পৰাই আহে। (وأعوذُ بعظمتك أن أُغْتَال) অৰ্থাৎ মই তোমাৰ মহান সত্তাৰ অছিলাৰে তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, তুমি মোক আকস্মিক (من تحتي) মোৰ তলৰ পৰা অহা ধ্বংসৰ পৰা ৰক্ষা কৰা, যেনে-ভূমিস্খলন আদি।