





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক এই দুআটো শিকাইছিল। উচ্চাৰণঃ "আল্লাহুম্মা ইন্নি আছআলুকা মিনাল খাইৰে কুল্লিহ, আ'-জিলিহি ওৱা আ-জিলিহ, মা আলিমতু মিনহু অমা লাম আ'লাম। ওৱা আউজুবিকা মিনাশ্ব শ্বাৰ্ৰি কুল্লিহ, আ'-জিলিহি ওৱা আ-জিলিহ, মা আলিমতু মিনহু অমা লাম আ'লাম। আল্লাহুম্মা ইন্নি আছআলুকা মিন খাইৰি মা ছাআলাকা আব্দুকা অনাবিয়্যুক। ওৱা আউজুবিকা মিন শ্বাৰ্ৰি মা আ-জা বিহি আব্দুকা অনাবিয়্যুক। আল্লাহুম্মা ইন্নি আছআলুকাল জান্নাহ, অমা ক্বাৰ্ৰাবা ইলাইহা মিন ক্বাউলিন আও আমালিন। ওৱা আউজুবিকা মিনান না-ৰ, অমা ক্বাৰ্ৰাবা ইলাইহা মিন ক্বাউলিন আও আমালিন। ওৱা আছআলুকা আন তাজআলা কুল্লা ক্বাজায়িন ক্বাজাইতাহু লি খাইৰা।" অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত ইহকাল আৰু পৰকালৰ সকলো প্ৰকাৰ কল্যাণ কামনা কৰোঁ, যিটো মই জানো আৰু যিটো মই নাজানো। এইদৰে মই জনা আৰু নজনা ইহকাল আৰু পৰকালৰ সকলো প্ৰকাৰ অনিষ্টৰ পৰাও তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। হে আল্লাহ! মই তোমাৰ ওচৰত প্ৰত্যেক সেই কল্যাণ কামনা কৰোঁ, যিটো তোমাৰ বান্দা তথা নবীয়ে তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছে। লগতে মই প্ৰত্যেক সেই অনিষ্টৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ, যিটোৰ পৰা তোমাৰ বান্দা তথা নবীয়ে আশ্ৰয় প্ৰাৰ্থনা কৰিছে। হে আল্লাহ! মই তোমাৰ পৰা জান্নাত কামনা কৰোঁ। লগতে প্ৰত্যেক এনেকুৱা কথা আৰু কৰ্মৰ তাওফীক প্ৰাৰ্থনা কৰোঁ, যিয়ে ইয়াৰ নিকটৱৰ্তী কৰি দিয়ে। এইদৰে মই জাহান্নামৰ পৰা তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, লগতে প্ৰত্যেক সেই কথা আৰু কৰ্মৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ যিয়ে ইয়াৰ নিকটৱৰ্তী কৰি দিয়ে। লগতে মই কামনা কৰোঁ, তুমি মোৰ বিষয়ে লোৱা প্ৰতিটো সিদ্ধান্তই যেন মোৰ কাৰণে কল্যাণকৰ হয়।
رواه ابن ماجه وأحمدনবী চাল্লাল্লাহু আলাইহি অছাল্লামে আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক এটা গভীৰ অৰ্থপূৰ্ণ দুআ শিকাইছিল, য'ত চাৰিটা বিষয়ে দুআ কৰা হৈছেঃ প্ৰথমঃ ব্যাপক দুআ, য'ত প্ৰতিটো কল্যাণকে সামৰি দুআ কৰা হৈছে। (اللهم إني أسألك من الخير كله) হে আল্লাহ! মই তোমাৰ ওচৰত সকলো প্ৰকাৰ কল্যাণ প্ৰাৰ্থনা কৰোঁ। (عاجله) যিটো কল্যাণ মই সোনকালে পাম। (وآجله) যিটো কল্যাণ মই বহুত পিছত পাম। (ما عَلِمتُ منه) যিটো সম্পৰ্কে মই জানো। (وما لم أعلم) আৰু যিটো সম্পৰ্কে মই নাজানো, একমাত্ৰ তুমিহে জানা। ইয়াত বিষয়টো সেই সত্তাৰ ওচৰত সমৰ্পণ কৰা হৈছে, যিজন সৰ্বজ্ঞ, সকলো বিষয়ে অৱগত, সূক্ষ্মদৰ্শী। কাৰণ তেৱেঁই মুছলিমৰ বাবে উত্তম তথা উৎকৃষ্ট বিষয় নিৰ্বাচন কৰে। ইয়াৰ পিছত কৈছে, (وأعوذ) অৰ্থাৎ মই আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, (بك من الشر كله عاجله وآجله، ما علمت منه وما لم أعلم) তোমাৰ ওচৰত সকলো প্ৰকাৰ অনিষ্টৰ পৰা, যিটো মই জানো আৰু যিটো মই নাজানো, নিকটৱৰ্তী হওক বা দূৰৱৰ্তী। দ্বিতীয় দুআঃ এইটো হৈছে মুছলিমৰ বাবে এক প্ৰকাৰ সুৰক্ষা, যাতে দুআ কৰোঁতে সীমালংঘন নকৰে। (اللهم إني أسألك) মই তোমাৰ পৰা বিচাৰোঁ, (من خير ما سألك عبدك ونبيك) প্ৰত্যেক সেই কল্যাণ যিটো তোমাৰ বান্দা তথা নবীয়ে বিচাৰিছে। (وأعوذ بك من شر ما عاذ به عبدك ونبيك ) লগতে তোমাৰ বান্দা আৰু নবীয়ে যি যি অনিষ্টৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰিছে, ময়ো সেইবোৰৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ। এইটো হৈছে এটা দুআ তথা আবেদন যে, আল্লাহে যেন প্ৰাৰ্থনাকাৰীকো সেইটো প্ৰদান কৰে যিটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰাৰ্থনা কৰি বিচাৰিছিল। যাতে তেখেতে বিচৰা বস্তুতকৈ বেছি একো বিচৰা নহয়। তৃতীয় দুআঃ জান্নাতত প্ৰৱেশ আৰু জাহান্নামৰ পৰা দূৰৈত থকাৰ আবেদন। এইটোৱে হৈছে প্ৰতিজন মুছলিমৰ লক্ষ্য আৰু আমলৰ উদ্দেশ্য। সেয়ে কোৱা হৈছে, (اللهم إني أسألك الجنة) হে আল্লাহ! মই তোমাৰ ওচৰত জান্নাত প্ৰাৰ্থনা কৰোঁ। (وما قرّب إليها من قول أو عمل) আৰু তুমি সন্তুষ্ট হোৱা কথা আৰু কৰ্ম কৰাৰ তাওফীক প্ৰদান কৰা। (وأعوذ بك من النار) আৰু মই জাহান্নামৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ, (وما قرّب إليها من قول أو عمل) আৰু প্ৰত্যেক সেই কথা আৰু কৰ্মৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ, যিটোৰ দ্বাৰা তুমি অসন্তুষ্ট হোৱা। চতুৰ্থ দুআঃ ইয়াত আল্লাহৰ সিদ্ধান্তৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰি দুআ কৰা হৈছে। (وأسألك أن تجعل كل قضاء قضيتَه لي خيرًا) হে আল্লাহ! তুমি মোৰ বিষয়ে কৰা প্ৰতিটো সিদ্ধান্ত যাতে মোৰ কাৰণে কল্যাণকৰ হয় সেইটো বিচাৰোঁ। এইটো হৈছে আল্লাহে নিৰ্ধাৰণ কৰা তাক্বদীৰৰ প্ৰতি সন্তুষ্টি প্ৰকাশৰ দুআ।
আব্দুল্লাহ ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ উচ্চাৰণঃ "আল্লাহুম্মা ইন্নি আউজুবিকা মিন ঝাৱালি নি'মাতিক, অতাহাওউলি আ-ফিয়াতিক, অফুজাআতি নিকমাতিক, অজামাআ ছাখাতিক।" অৰ্থঃ হে আল্লাহ! নিশ্চয় মই তোমাৰ ওচৰত তোমাৰ অনুগ্ৰহ অপসৰণৰ পৰা, নিৰাপত্তাৰ পৰিবৰ্তনৰ পৰা, আকস্মিক কৰায়ত্বৰ পৰা আৰু যাৱতীয় অসন্তুষ্টিৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাৰিটা বস্তুৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছে। প্ৰথমঃ তেখেতে দ্বীনি আৰু দুনিয়াৱী নিয়ামত অপসৰণৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰিছে। যাতে ইছলামৰ ওপৰত প্ৰতিষ্ঠিত থাকিব পাৰে, লগতে গুনাহ আৰু পাপকৰ্মৰ পৰা আঁতৰি থাকিব পাৰে। দ্বিতীয়ঃ নিৰাপত্তা পৰিবৰ্তনৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰিছে, যাতে বিপদ-আপদলৈ ৰূপান্তৰিত নহয়। তেখেতে কৈছেঃ মই সদায় তোমাৰ ওচৰত নিৰাপত্তা কামনা কৰোঁ, বেমাৰ-আজাৰৰ পৰা সুস্থতা বিচাৰোঁ। তৃতীয়ঃ আকস্মিক বিপদ-আপদ তথা মুচিবতৰ পৰা আশ্ৰয় বিচাৰোঁ। কাৰণ আকস্মিকভাৱে অহা বিপদ-আপদৰ ফলত তাওবা কৰাৰ কোনো অৱকাশ পোৱা নাযায়। এনেকুৱা বিপদ হৈছে আটাইতকৈ সাংঘাতিক। চতুৰ্থঃ লগতে তোমাৰ সকলো প্ৰকাৰ অসন্তুষ্টিৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। কাৰণ যাৰ প্ৰতি তুমি অসন্তুষ্ট হোৱা, সি ক্ষতিগ্ৰস্ত হয় তথা ধ্বংস হয়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত 'জামী' (جَمِيعِ) শব্দ ব্যৱহাৰ কৰিছে। ইয়াৰ দ্বাৰা মহান আল্লাহৰ অসন্তুষ্টিৰ সকলো দিশকে সামৰি লোৱা হৈছে, কথা হওক বা কৰ্ম অথবা বিশ্বাস।
আব্দুল্লাহ বিন আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এইবোৰ বাক্যৰ জৰিয়তে দুআ কৰিছিলঃ উচ্চাৰণঃ "আল্লাহুম্মা ইন্নি আউজু বিকা মিন গালাবাতিত দাইন, অগালাবাতিল আদুউ, অশ্বামা-তাতিল আ'দা।" অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত ঋণৰ বোজা, শত্ৰুৰ প্ৰাধান্য, আৰু শত্ৰুৰ আনন্দৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ।
(নাছায়ী, আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াত কেইবাটাও বস্তুৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছে। প্ৰথমঃ (اللهم إني أعوذ) মই আশ্ৰয় বিচাৰোঁ, (بك) কেৱল তোমাৰ ওচৰত, (من غلبة الدَّين) ঋণৰ বোজাৰ পৰা, লগতে মই তোমাৰ ওচৰত এই ঋণ পৰিশোধৰ কাৰণে সহায় প্ৰাৰ্থনা কৰোঁ। দ্বিতীয়ঃ (وغلبة العدو) শত্ৰুৰ প্ৰাধান্যতা আৰু বৰ্বৰতাৰ পৰাও আশ্ৰয় বিচাৰোঁ। লগতে শত্ৰুৰ হাত বিৰত ৰাখিবলৈ আৰু এই ক্ষেত্ৰত সহায় কৰিবলৈ তোমাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। তৃতীয়ঃ (وشماتة الأعداء) মুছলিমসকলৰ বিপদ-আপদৰ সময়ত শত্ৰুৰ আনন্দ প্ৰকাশৰ পৰা তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তেখেতে পুৱাৰ ভাগত এনেকৈ কৈছিল। উচ্চাৰণঃ "আল্লা-হুম্মা বিকা আছবাহনা, অবিকা আমছাইনা, অবিকা নাহয়া, অবিকা নামূতু, অ ইলাইকান নুশ্বু-ৰ”৷ অৰ্থ: হে আল্লাহ! তোমাৰ নামতে আমি প্ৰভাত কৰিলোঁ আৰু তোমাৰ নামতে আমি ৰাতিত প্রৱেশ কৰিছোঁ আৰু তোমাৰ নামতে আমি জীৱিত হওঁ আৰু তোমাৰ নামতে আমি মৃত্যুবৰণ কৰোঁ আৰু তোমাৰ ফালেই আমি উভতি যাম। আৰু সন্ধিয়াৰ ভাগত এনেকৈ কৈছিল। উচ্চাৰণঃ "আল্লা-হুম্মা বিকা আমছাইনা, অবিকা আচবাহনা, অবিকা নাহয়া, অবিকা নামূতু, অ ইলাইকাল মাচীৰ” ৷ অৰ্থ: হে আল্লাহ! আমি তোমাৰ নামতে সন্ধিয়াত উপনীত হৈছোঁ আৰু তোমাৰ নামতে আমি প্ৰভাত কৰিছোঁ আৰু তোমাৰ নামতে আমি জীৱিত হওঁ আৰু তোমাৰ নামতে আমি মৃত্যুবৰণ কৰোঁ আৰু তোমাৰ ওচৰলৈকেই আমাৰ শেষ ঠিকনা।
رواه أبو داود والترمذي والنسائي في الكبرى وابن ماجهনবী চাল্লাল্লাহু আলাইহি অছাল্লামে পুৱাৰ ভাগত, অৰ্থাৎ ফজৰৰ পিছত দিনৰ প্ৰথম সময়ছোৱাত এই দুআটো পাঠ কৰিছিলঃ (اللَّهُمَّ بِكَ أَصْبَحْنَا) হে আল্লাহ! তোমাৰ হিফাজতৰ ভিতৰত থাকি, তোমাৰ নিয়ামতেৰে আগুৰি থাকি, তোমাৰ স্মৰণত ব্যস্ত হৈ, তোমাৰ নামৰ সহায় বিচাৰি, তোমাৰ তাওফীকেৰে, তোমাৰ ক্ষমতা আৰু শক্তি-সামৰ্থৰে গতি কৰি পুৱাৰ ভাগত উপনীত হ'লোঁ। (وَبِكَ أَمْسَيْنَا، وَبِكَ نَحْيَا، وَبِكَ نَمُوتُ) অৰ্থাৎ পূৰ্বৱৰ্তী শব্দসমূহৰ দৰেই, কিন্তু সন্ধিয়াৰ সময়ত এইদৰে কোৱা হয়ঃ হে আল্লাহ! আমি তোমাৰ অধীনতে সন্ধিয়াত উপনীত হ'লোঁ, তোমাৰ জীৱন দানকাৰী নামেৰে মই জীৱিত হওঁ আৰু তোমাৰ মৃত্যু প্ৰদানকাৰী নামেৰে আমি মৃত্যুবৰণ কৰোঁ। (وَإِلَيْكَ النُّشُورُ) আৰু মৃত্যুৰ পিছত তোমাৰ ওচৰতে পুনৰুত্থিত হৈ যাব লাগিব। মৃত্যুৰ পিছত পুনৰুত্থিত, একত্ৰিত হোৱাৰ পিছত বিচ্ছেদ, সকলো সময়তে আৰু সকলো পৰিস্থিতিতে এইটো আমাৰ অৱস্থা, ইয়াৰ পৰা আমি পৃথক হ'বও নোৱাৰোঁ আৰু এৰিবও নোৱাৰোঁ। আচৰৰ পিছত সন্ধিয়াত উপনীত হোৱাৰ সময়ত এনেকৈ ক'ব লাগেঃ ("আল্লা-হুম্মা বিকা আমছাইনা, অবিকা আচবাহনা, অবিকা নাহয়া, অবিকা নামূতু, অ ইলাইকাল মাচীৰ”৷) পৃথিৱীৰ প্ৰত্যাৱৰ্তনো তোমাৰ ওচৰতেই আৰু আখিৰাতৰ প্ৰত্যাৱৰ্তনো তোমাৰ ওচৰতেই, তুমিয়েই মোক জীৱন দান কৰা আৰু তুমিয়েই মোক মৃত্যু প্ৰদান কৰা।
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেছি বেছি এই দুআ পাঠ কৰিছিলঃ "ৰাব্বানা আ-তিনা ফিদ্দুনিয়া হাছানাহ, অফিল আ-খিৰাতি হাছানাহ, অক্বিনা আজাবান না-ৰ।" অৰ্থঃ ‘হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা আৰু আখিৰাততো কল্যাণ দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই গুৰুত্বপূৰ্ণ দুআটো বেছি বেছি পাঠ কৰিছিলঃ "ৰাব্বানা আ-তিনা ফিদ্দুনিয়া হাছানাহ, অফিল আ-খিৰাতি হাছানাহ, অক্বিনা আজাবান না-ৰ।" হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা আৰু আখিৰাততো কল্যাণ দিয়া লগতে আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা পাৰ্থিৱ কল্যাণৰ ভিতৰত আছে যেনে, হালাল তথা উত্তম পৱিত্ৰ জীৱিকা, পূণ্যৱতী স্ত্ৰী, চকু শীতল কৰিব পৰা সন্তান, ক্লান্তিৰ পৰা বিশ্ৰাম, উপকাৰী জ্ঞান, নেক আমল ইত্যাদি ধৰণৰ মন পছন্দ বৈধ প্ৰয়োজনীয় বস্তু আদি। আনহাতে আখিৰাতৰ কল্যাণ যেনে- কবৰ আৰু জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা পোৱা, আল্লাহৰ সন্তুষ্টি লাভ কৰা, চিৰস্থায়ী নিয়ামত লাভ কৰা, লগতে কৰুণাময় মহান আল্লাহৰ সান্নিধ্য লাভ কৰা।
শ্বাদ্দাদ বিন আউছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ছাইয়্যেদুল ইস্তিগফাৰ হৈছে, এইদৰে কোৱাঃ "আল্লাহুম্মা আনতা ৰাব্বী লা ইলাহা ইল্লা আনতা, খালাকতানী ওৱা আনা আব্দুক, ওৱা আনা আলা আহদিক, ওৱা অ'দিকা মাস্তা'ত্বতু, আউজুবিকা মিন শ্বাৰ্ৰি মা চানা'তু, আবুউ লাকা বিনি'মাতিকা আলাইয়্য়া, ৱা আবুউ লাকা বিজান্বী ফাগফিৰলী, ফা ইন্নাহু লা য়াগফিৰুজ্জুনূবা ইল্লা আনতা।" তেওঁ কৈছেঃ "যিয়ে ইয়াৰ প্ৰতি বিশ্বাস কৰি দিনত এইটো পাঠ কৰিব, সন্ধিয়া হোৱাৰ আগতেই যদি সি মৃত্যুবৰণ কৰে, তেন্তে সি হ'ব জান্নাতৰ অধিবাসী। আনহাতে যদি ইয়াৰ ওপৰত বিশ্বাস কৰি ৰাতিত পাঠ কৰে তেন্তে প্ৰভাত হোৱাৰ আগতে যদি সি মৃত্যুবৰণ কৰে তেন্তে সি জান্নাতৰ অধিবাসী।"
(বুখাৰী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, ইস্তিগফাৰৰ কেইবাটাও বাক্য আছে, তাৰে উত্তম আৰু মহান বাক্য হৈছে, এইদৰে কোৱাঃ আল্লা-হুম্মা আনতা ৰাব্বী, লা ইলা-হা ইল্লা আনতা, খালাকতানী ৱা আনা আব্দুকা, ৱা আনা আলা আহদিকা, ৱা ৱা'দিকা মাচ-তাত্বা'তু। আউজুবিকা মিন শ্বাৰ্ৰি মা চানা'তু। আবুওলাকা বিনি'মাতিকা আলাইয়্য়া, ৱা আবুও বিজান্বী, ফাগফিৰলী, ফা ইন্নাহু লা য়াগফিৰুজ জুনূবা ইল্লা আনতা। (হে আল্লাহ! তুমিয়েই মোৰ ৰব্ব। তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তুমিয়েই মোক সৃষ্টি কৰিছা, মই তোমাৰ বান্দা। মই তোমাৰ প্ৰতিশ্ৰুতিৰ ওপৰত সাধ্যানুসাৰে প্ৰতিষ্ঠিত। মই যি কৰিছোঁ তাৰ অন্যায়ৰ পৰা মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰোঁ। তুমি মোক যি নিয়ামত প্ৰদান কৰিছা তাৰ বাবে মই তোমাৰ ওচৰত কৃতজ্ঞ। মই মোৰ গুনাহ কবুল কৰিছোঁ। গতিকে তুমি মোক ক্ষমা কৰি দিয়া, কাৰণ নিশ্চিতভাৱে তোমাৰ বাহিৰে আন কোনেও গুনাহ ক্ষমা কৰিব নোৱাৰে।) ইয়াত বান্দাই প্ৰথমে আল্লাহৰ তাওহীদৰ স্বীকৃতি দিছে যে, আল্লাহেই তাৰ সৃষ্টিকৰ্তা, তেৱেঁই তাৰ উপাস্য, যাৰ কোনো অংশীদাৰ নাই, আৰু সি আল্লাহৰ প্ৰতি ঈমান আনিবলৈ আৰু সক্ষম অনুযায়ী তেওঁৰ আনুগত্য কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ। কাৰণ বান্দা যিমানেই ইবাদতগুজাৰ নহওক কিয়, সি কেতিয়াও আল্লাহৰ যাৱতীয় আদেশ সম্পূৰ্ণৰূপে পালন কৰিবলৈ সক্ষম নহয়, আনকি নিয়ামত অনুপাতে কৃতজ্ঞতা জনোৱাৰো ক্ষমতা নাই। সেয়ে বান্দাই আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত, আৰু তেওঁৰ ৰচীক মজবুতভাৱে ধাৰণ কৰা উচিত, কাৰণ তেৱেঁই বান্দাক যাৱতীয় অনিষ্টৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম। লগতে বান্দাই এই দুআটোত নিজৰ ওপৰত থকা নিয়ামতসমূহক স্ব-ইচ্ছাই স্বীকাৰ কৰিছে, লগতে নিজৰ গুনাহসমূহো স্বীকাৰ কৰিছে তথা মানি লৈছে। আল্লাহৰ ওচৰত এই আশ্ৰয় প্ৰাৰ্থনাৰ পিছত দুআ কৰা হৈছে যে, তেওঁ যেন তাক ক্ষমা কৰি দিয়ে আৰু অন্যান্য গুনাহসমূহক পৰ্দা কৰি ৰাখে, লগতে তেওঁৰ দয়া আৰু কৰুণাৰে সেইবোৰ মাৰ্জনা কৰে। কাৰণ তেওঁৰ বাহিৰে আন কোনেও গুনাহ ক্ষমা কৰিব নোৱাৰে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, এইটো হৈছে পুৱা গধূলি পঢ়িবলগীয়া এটা দুআ। যদি কোনোবাই এই দুআটোৰ অৰ্থ অনুসৰি ঈমান পোষণ কৰি পুৱাৰ ভাগত পাঠ কৰে আৰু সন্ধিয়া হোৱাৰ আগতে যদি মৃত্যুবৰণ কৰে তেন্তে সি জান্নাতত প্ৰৱেশ কৰিব। আনহাতে যিয়ে সন্ধিয়াৰ সময়ত পাঠ কৰিব, অৰ্থাৎ সূৰ্যাস্ত যোৱাৰ পিছৰ পৰা ফজৰৰ আগলৈকে যিকোনো সময়ত, সি যদি প্ৰভাত হোৱাৰ আগতে মৃত্যুবৰণ কৰে তেন্তে সি জান্নাতত প্ৰৱেশ কৰিব।
জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে অন্যায়-অত্যাচাৰৰ পৰা বিৰত থাকা, কাৰণ কিয়ামতৰ দিনা অন্য়ায়-অত্যাচাৰ গভীৰ অন্ধকাৰৰূপে আগমন কৰিব। লগতে তোমালোকে কৃপণতা পৰিত্যাগ কৰা, কাৰণ কৃপণতাই তোমালোকৰ পূৰ্বৱৰ্তীসকলক ধ্বংস কৰিছে। সিহঁতক ইজনে সিজনৰ তেজ প্ৰবাহিত কৰিবলৈ আৰু হাৰামক হালাল বুলি গণ্য কৰিবলৈ উৎসাহিত কৰিছিল।"
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অন্যায়-অত্যাচাৰৰ পৰা সতৰ্ক কৰিছে। আনৰ প্ৰতিয়ে হওক বা নিজৰ প্ৰতি অথবা আল্লাহৰ অধিকাৰৰ ক্ষেত্ৰতে হওক। অৰ্থাৎ অধিকাৰীক অধিকাৰৰ পৰা বঞ্চিত কৰা, কাৰণ কিয়ামতৰ দিনা এই অন্যায়-অত্যাচাৰ কঠিন ভয়াৱহ বিপদ তথা অন্ধকাৰৰূপে আগমন কৰিব। এইদৰে নবী চাল্লাল্লাহু অছাল্লামে কৃপণতাৰ পৰা নিষেধ কৰিছে। অৰ্থাৎ দুনিয়াৰ প্ৰতি মোহ থকাৰ কাৰণে আৰ্থিক অধিকাৰ আদায়ত অৱহেলা কৰা। এই ধৰণৰ অন্যায়ৰ ফলতেই আমাৰ পূৰ্বে অতিবাহিত হোৱা উম্মতসকল ধ্বংস হৈছে। যাৰ ফলত সিহঁতে ইজনে সিজনক হত্যা কৰিছিল, লগতে আল্লাহে যিটো বস্তুক হাৰাম কৰিছিল সেইটোক সিহঁতে হালাল বুলি গণ্য কৰিছিল।
আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, কোনো এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে, ইছলামৰ কোনটো আমল সৱাতোকৈ উত্তম? তেখেতে ক'লেঃ "আনক খাদ্য খোওৱা, পৰিচিত অপৰিচিত সকলোকে ছালাম দিয়া।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰা হ'ল যে, ইছলামৰ কোন কেইটা বৈশিষ্ট্য আটাইতকৈ উত্তম? তেতিয়া তেখেতে দুটা বৈশিষ্ট্যৰ কথা উল্লেখ কৰিলেঃ প্ৰথমঃ দুখীয়া দৰিদ্ৰক আহাৰ কৰাব লাগে, সিহঁতক চাদাক্বাহ কৰাই হওক বা উপহাৰ দিয়াই হওক নাইবা নিমন্ত্ৰণৰ জৰিয়তে মাতি আনি আপ্যায়ন কৰাই হওক, যিকোনো প্ৰকাৰে সিহঁতক সহায় কৰা। বিশেষকৈ দুৰ্ভিক্ষৰ সময়ত বা বস্তু বাহিনীৰ মৃল্যবৃদ্ধিৰ সময়ত। দ্বিতীয়টো হৈছে, প্ৰতিজন মুছলিমকে ছালাম দিয়া, পৰিচিত হওক বা অপৰিচিত।
আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক কৈছেঃ "কোৱা, হে আল্লাহ! মোক হিদায়ত দিয়া আৰু সঠিক পথত পৰিচালিত কৰা। তেখেতে আৰু কৈছে, সঠিক পথ প্ৰদৰ্শনৰ ক্ষেত্ৰত হিদায়তৰ কথা মনত ৰাখিবা, লগতে সঠিক পথত পৰিচালিত হোৱাৰ ক্ষেত্ৰত ধনুকৰ কাঁড়ৰ কথা মনত ৰাখিবা।"
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আলী ৰাদ্বিয়াল্লাহু আনহুক নিৰ্দেশ দিছে যে, তেওঁ যেন আল্লাহৰ ওচৰত এই বুলি দুআ কৰে, (اللهم اهدني) হে আল্লাহ! মোক হিদায়ত দিয়া, সঠিক পথ দেখুৱা। (وسددني) মোক তাওফীক দিয়া আৰু মোৰ সকলো ক্ষেত্ৰতে মোক পোন পথত পৰিচালিত কৰিবা। فالهُدَى হিদায়ত হৈছে, সংক্ষিপ্তভাৱে আৰু বিতংভাৱে সত্য সম্পৰ্কে অৱগত হোৱা। লগতে প্ৰকাশ্য আৰু অপ্ৰকাশ্যভাৱে সত্যৰ অনুসৰণ কৰাৰ তাওফীক লাভ কৰা। والسّداد: কোৱা হয়, সকলো ক্ষেত্ৰতে সঠিক পথত পৰিচালিত হোৱাৰ তাওফীক লাভ কৰা। অৰ্থাৎ কথা, কৰ্ম আৰু বিশ্বাসৰ ক্ষেত্ৰত সঠিক পথত পৰিচালিত হোৱা। ভাৱাত্মক বিষয়ক অনুভূতিসূচক বিষয়ৰ দ্বাৰা স্পষ্ট কৰিব পৰা যায়। যেতিয়া তুমি এই দুআ কৰিবা তেতিয়া মনত ৰাখিবা যে, (الهدى: هدايتك الطريق) তুমি এনেকৈ আন্তৰিকভাৱে হিদায়ত বিচাৰি আছা, যেনেকৈ ভ্ৰমণকাৰীয়ে সঠিক পথ কামনা কৰে। সি কোনো পথৰ সোঁফালে বা বাওঁফালে বিভ্ৰান্ত হ'ব নোখোজে। যাতে সি পথভ্ৰষ্ট নহয়। ফলত সি সুৰক্ষিত থাকে আৰু সোনকালেই নিজৰ গন্তব্যস্থলত গৈ পায়। (والسداد: سداد السهم) অৰ্থাৎ যেতিয়া তুমি ধনুকৰ কাঁড়েৰে কোনো বস্তুক লক্ষ্য হিচাপে লোৱা, তেতিয়া তোমাৰ মনোযোগ থাকে যে, কাঁড়টো গৈ সেই লক্ষ্যস্থানক ভেদ কৰক। এতেকে তীৰ নিক্ষেপকাৰীৰ উদ্দেশ্য যেনেকৈ লক্ষ্যস্থানক ভেদ কৰা হয়, ঠিক সেইদৰে তুমি আল্লাহৰ ওচৰত লক্ষ্য নিশ্চিত কৰি দুআ কৰিবা যেন আল্লাহে তোমাক সঠিক পথত পৰিচালিত কৰে। তোমাৰ প্ৰাৰ্থনাৰ মূল লক্ষ্য হোৱা উচিত হিদায়ত আৰু সঠিক পথ অৰ্জন। এই অৰ্থটো তোমাৰ অন্তৰত ৰাখিবা, যাতে তুমি যেতিয়া আল্লাহৰ ওচৰত সঠিক পথ কামনা কৰি দুআ কৰিবা, তেতিয়া তোমাৰ নিয়্যতো সেইদৰে পোন আৰু সঠিক হ'ব লাগিব যিদৰে লক্ষ্যস্থান ভেদ কৰিবলৈ তুমি তীৰ নিক্ষেপ কৰা।