





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ফাতিমা ৰাদ্বিয়াল্লাহু আনহাই চাকতি ব্যৱহাৰ কৰি হাতত যি কষ্ট পাইছিল সেই সম্পৰ্কীয় এটা অভিযোগ লৈ তেওঁ এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল। তেওঁ সংবাদ পাইছিল যে, তেখেতৰ ওচৰলৈ কিছুমান দাস আহিছে। কিন্তু তেওঁ আহি তেখেতক লগ নাপালে। তেতিয়া তেওঁ বিষয়টো আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক জনাই গ'ল। যেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম আহিল, তেতিয়া আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই তেখেতক বিষয়টো জনালে। আলী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ এই কথা শুনি তেখেত আমাৰ ঘৰলৈ আহিল, সেই সময়ত আমি বিছনাত শুবলৈ গৈছিলোঁ। তেখেতক দেখি আমি উঠিবলৈ ধৰিলোঁ। তেতিয়া তেখেতে ক'লেঃ "নিজৰ নিজৰ ঠাইতে থাকা।" ইয়াৰ পিছত তেখেত আহি মোৰ আৰু ফাতিমাৰ মাজত বহিলে। আনকি মই তেখেতৰ দুয়ো ভৰিৰ শীতলতা মোৰ পেটত অনুভৱ কৰিছিলোঁ। তেখেতে ক'লেঃ "তোমালোকে যি আবেদন কৰিছা, মই তাতোকৈ উত্তম বস্তুৰ সংবাদ তোমালোকক নিদিমনে? শুনা! যেতিয়া তোমালোকে শয়ন স্থানত যাবা অথবা তেখেতে কৈছিলঃ যেতিয়া তোমালোকে বিছনাত শুবলৈ যাবা, তেতিয়া ৩৩ বাৰ ছুবহানাল্লাহ, আৰু ৩৩ বাৰ আলহাম্দুলিল্লাহ, আৰু ৩৪ বাৰ আল্লাহু আকবাৰ পাঠ কৰিবা। এয়া হৈছে তোমালোক উভয়ৰ বাবে সেৱকতকৈও উত্তম।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জীয়াৰী ফাতিমা ৰাদ্বিয়াল্লাহু আনহাই তেখেতৰ ওচৰলৈ অভিযোগ কৰিবলৈ আহিল যে, চাকতি ঘূৰাই ঘূৰাই তেওঁৰ হাতৰ অৱস্থা বেয়া হৈছে। যিহেতু তেখেতৰ ওচৰলৈ কিছুমান দাস অনা হৈছে, গতিকে সিহঁতৰ মাজৰ পৰা এজন দাস যেন সেৱক হিচাপে তেওঁক প্ৰদান কৰা হয়, যাতে সি ঘৰৰ কামবোৰ কৰি দিয়ে। কিন্তু তেওঁ আহি তেখেতক লগ নাপালে। আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক লগ পাই তেওঁকে কথাখিনি জনাই থৈ গ'ল। যেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লাম ঘৰলৈ আহিল, তেতিয়া আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই তেখেতক জনালে যে, ফাতিমা আহিছিল এজন সেৱক বিচাৰি। এই শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফাতিমা আৰু আলীৰ ঘৰলৈ গ'ল, গৈ দেখিলে তেওঁলোক বিছনাত গৈছে শুবলৈ। নবী চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁলোক দুজনৰ মাজত বহিলে, আনকি তেখেতৰ ভৰি আলী ৰাদ্বিয়াল্লাহু আনহুৰ পেট স্পৰ্শ কৰিছিল আৰু তেওঁ তেখেতৰ দুয়ো ভৰিৰ শীতলতা তেওঁৰ পেটত অনুভৱ কৰিছিল। ইয়াৰ পিছত তেখেতে ক'লেঃ শুনা! তোমালোকে মোৰ ওচৰত বিচৰা সেৱক প্ৰদানতকৈ মই তোমালোকক উত্তম এটা বস্তুৰ সংবাদ নিদিমনে? তেওঁলোক উভয়ে ক'লে হয়, নিশ্চয়। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ ৰাতিত যেতিয়া তোমালোকে শুবলৈ যাবা, তেতিয়া তোমালোকে ৩৪ বাৰ আল্লাহু আকবাৰ পাঠ কৰিবা। ৩৩ বাৰ ছুবহানাল্লাহ পাঠ কৰিবা। আৰু আলহাম্দুলিল্লাহ ৩৩ বাৰ পাঠ কৰিবা। এই জিকৰটো হৈছে তোমালোকে বিচৰা সেৱকতকৈও উত্তম।
আব্দুল্লাহ বিন খুবাইব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এবাৰ আমি বৰষুণৰ ৰাতি গভীৰ অন্ধকাৰত আমাৰ বাবে দুআ কৰাৰ উদ্দেশ্যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক বিচাৰি ওলালোঁ। অৱশেষত তেখেতক বিচাৰি পালোঁ। তেখেতে ক'লেঃ 'কোৱা', মই একো নক'লোঁ। তেখেতে আকৌ ক'লেঃ 'কোৱা', মই একো নক'লোঁ। তেখেতে পুনৰ ক'লেঃ 'কোৱা', তেতিয়া মই ক'লোঁ, কি কম? তেখেতে ক'লেঃ "{কুল হুৱাল্লাহু আহাদ}, আৰু ছুৰা ফালাক আৰু নাছ পুৱা গধূলি তিনিবাৰকৈ পঢ়িবা। সকলো ক্ষেত্ৰতে এইটো তোমাৰ বাবে যথেষ্ট হ'ব।"
(আবু দাঊদ, তিৰমিজী, নাছায়ী)সন্মানীয় চাহাবী আব্দুল্লাহ বিন খুবাইব ৰাদ্বিয়াল্লাহুৱে জনাইছে যে, তেওঁলোকে এবাৰ ধাৰাসাৰ বৰষুণৰ ৰাতি গভীৰ অন্ধকাৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামক বিচাৰি গৈছিল, যাতে তেখেতে তেওঁলোকৰ বাবে দুআ কৰি দিয়ে, অৱশেষত তেওঁলোকে তেখেতক বিচাৰি পাইছিল। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক কৈছিলঃ "কোৱা" অৰ্থাৎ পঢ়া, কিন্তু তেওঁ একো নপঢ়িলে। এই কথাষাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পুনৰ ক'লেঃ তেতিয়া আব্দুল্লাহে ক'লেঃ হে আল্লাহৰ ৰাছুল! মই কি পঢ়িম? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ ছুৰা ইখলাচ (ক্বুল হুৱাল্লাহু আহাদ) আৰু মাওউজাতাইন (ক্বুল আউজু বিৰাব্বিল ফালাক্ব আৰু ক্বুল আউজু বিৰাব্বিন্নাছ) পুৱা গধূলি তিনিবাৰকৈ পাঠ কৰা। ইয়াৰ ফলত সকলো প্ৰকাৰৰ অনিষ্টৰ পৰা ৰক্ষা পাবা।
আবান বিন উছমানে কৈছে, মই উছমান বিন আফ্ফান ৰাদ্বিয়াল্লাহু আনহুৰ পৰা শুনিছোঁ, তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "যিয়ে সন্ধিয়াৰ ভাগত তিনিবাৰ এই দুআ পাঠ কৰিবঃ বিছমিল্লাহিল লাজী লা য়াজুৰ্ৰু মাআছমিহি শ্বাইয়ুন ফিল আৰজি অলা ফিচ্ছামা, অহুৱাচ ছামীউল আলীম। তাক প্ৰভাত পৰ্যন্ত কোনো আকস্মিক বিপদে স্পৰ্শ নকৰিব। এইদৰে যিয়ে পুৱাৰ ভাগত তিনিবাৰ পাঠ কৰিব, তাক সন্ধিয়ালৈকে কোনো আকস্মিক বিপদে স্পৰ্শ নকৰিব।" বৰ্ণনাকাৰীয়ে কৈছেঃ আবান বিন উছমানৰ পক্ষাঘাত (paralysis) হোৱাত, তেওঁৰ পৰা হাদীছ শ্ৰৱণ কৰা ব্যক্তিজনে তেওঁৰ ফালে তীক্ষ্ণ দৃষ্টিৰে চাই আছিল। তেতিয়া আবানে তেওঁক ক'লেঃ তোমাৰ কি হৈছে, তুমি কিয় এনেকৈ মোৰ ফালে চাই আছা? শুনা! আল্লাহৰ শপত, মই উছমানৰ প্ৰতি মিছা আৰোপ কৰা নাই, আৰু উছমানেও নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি মিছা আৰোপ কৰা নাই। কিন্তু যিদিনা মই পক্ষাঘাতগ্ৰস্ত হৈছোঁ, সেইদিনা মই ক্ৰোধৰ বশৱৰ্তী হৈ এই দুআটো পাঠ কৰিবলৈ পাহৰি গৈছিলোঁ।
(আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, ইবনে মাজাহ, আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কৈছে যে, যিয়ে দৈনিক ফজৰৰ পিছত আৰু দৈনিক সূৰ্য্য অস্ত যোৱাৰ পিছত এই দুআটো তিনিবাৰ পাঠ কৰিবঃ এই দুআটোৰ ভাৱাৰ্থ হৈছে, আৰম্ভ কৰিছোঁ মহান আল্লাহৰ নামত, যাৰ নামৰ বৰকতত পৃথিৱী আৰু আকাশমণ্ডলৰ কোনো ক্ষতিকাৰক বস্তুৱেই একো ক্ষতি কৰিব নোৱাৰে। সেয়া যিমান ডাঙৰে নহওক কিয়। ভূগৰ্ভৰ পৰা ওলোৱা হওক বা আকাশৰ পৰা অৱতীৰ্ণ হোৱা। সৰ্বশক্তিমান আল্লাহ আমাৰ কথা শ্ৰৱণকাৰী আৰু আমাৰ অৱস্থা সম্পৰ্কে সম্যক অৱগত। যিয়ে সন্ধিয়াৰ ভাগত পঢ়িব, প্ৰভাতলৈকে তাক কোনো আকস্মিক বিপদে স্পৰ্শ নকৰিব। এইদৰে যিয়ে পুৱাৰ ভাগত পঢ়িব, তাক সন্ধিয়ালৈকে কোনো বিপদ-আপদে আকস্মিকভাৱে স্পৰ্শ নকৰিব। কিন্তু এই হাদীছৰ ৰাৱীক ফালিজে আক্ৰমণ কৰিছিল, (অৰ্থাৎ তেওঁ পক্ষাঘাতগ্ৰস্ত হৈছিল)। এই বেমাৰত শৰীৰৰ এটা ছাইড বিকল হৈ পৰে। এই দেখি তেওঁৰ পৰা হাদীছ শ্ৰৱণ কৰা ব্যক্তিজনে তেওঁৰ ফালে আশ্চৰ্য হৈ চাই আছিল। তেতিয়া তেওঁ ব্যক্তিজনক ক'লেঃ তুমি এনেকৈ কিয় মোৰ ফালে চাই আছা? বিশ্বাস কৰা, আল্লাহৰ শপত! মই উছমানৰ প্ৰতি মিছা আৰোপ কৰা নাই আৰু উছমানেও নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি মিছা আৰোপ কৰা নাই। কিন্তু যিদিনা মই পক্ষাঘাত গ্ৰস্ত হৈছোঁ, সেইদিনা দৰাচলতে মই খঙত আছিলোঁ। সেয়ে এই দুআটো পঢ়িবলৈ পাহৰি গৈছিলোঁ।
ছা'দ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এজন বেদুইন আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লেঃ মোক এনেকুৱা কিছুমান বাক্য শিকাওক, যিবোৰ মই পাঠ কৰিব পাৰোঁ। তেতিয়া তেখেতে ক'লে, এইটো কোৱাঃ «قُلْ: لَا إِلَهَ إِلَّا اللهُ وَحْدَهُ لَا شَرِيكَ لَهُ، اللهُ أَكْبَرُ كَبِيرًا، وَالْحَمْدُ لِلَّهِ كَثِيرًا، سُبْحَانَ اللهِ رَبِّ الْعَالَمِينَ، لَا حَوْلَ وَلَا قُوَّةَ إِلَّا بِاللهِ الْعَزِيزِ الْحَكِيمِ» অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। মহানতাৰ ক্ষেত্ৰত আল্লাহ আটাইতকৈ মহান, অসংখ্য অগণন প্ৰশংসা আল্লাহৰ বাবেই। বিশ্বজগতৰ ৰব্ব মহান আল্লাহ অতি পৱিত্ৰ। গুনাহৰ পৰা ৰক্ষা আৰু নেক কামৰ শক্তিৰ উৎস একমাত্ৰ আল্লাহেই। তেওঁ পৰাক্ৰমশালী মহাপ্ৰজ্ঞাময়। ব্যক্তিজনে এই সকলোবোৰ দেখোন মোৰ প্ৰতিপালকৰ বাবে, মোৰ বাবে কি আছে, তেতিয়া তেখেতে ক'লেঃ «قُلْ: اللهُمَّ اغْفِرْ لِي وَارْحَمْنِي وَاهْدِنِي وَارْزُقْنِي» অৰ্থঃ কোৱা, হে আল্লাহ! মোক ক্ষমা কৰা, মোৰ প্ৰতি ৰহম কৰা, মোক হিদায়ত দিয়া আৰু জীৱিকা প্ৰদান কৰা।
(মুছলিম)মৰুবাসী বেদুইন এজন আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আবেদন কৰিলে, তেখেতে যাতে তাক দুআ শিকাই দিয়ে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাক ক'লেঃ কোৱা, "লা ইলাহা ইল্লাল্লাহু অহদাহ, লা শ্বাৰীকালাহ" অৰ্থাৎ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। "আল্লাহু আকবাৰ কাবীৰাহ" অৰ্থাৎ সকলোতকৈ আল্লাহ মহান। "অলহামদুলিল্লাহি কাছীৰাহ" অৰ্থাৎ অসংখ্য অগণন প্ৰশংসা মহান আল্লাহৰ বাবে, তেওঁৰ গুণাৱলী আৰু কৰ্মৰাজিৰ কাৰণে আৰু অগণন নিয়ামতৰ কাৰণে। "ছুবহানাল্লাহি ৰাব্বিল আলামীন" অৰ্থাৎ বিশ্বজগতৰ ৰব্ব আল্লাহ সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ। "লা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহিল আঝীঝিল হাকীম" অৰ্থাৎ আল্লাহৰ সহায় অবিহনে কোনো পাপ কৰ্মৰ পৰা ৰক্ষা পোৱা টান, আৰু তেওঁৰ তাওফীক অবিহনে কোনো নেক কাম কৰাৰো শক্তি নাই। ইয়াৰ পিছত ব্যক্তিজনে ক'লেঃ এইবোৰ বাক্যত দেখোন কেৱল মোৰ প্ৰতিপালকৰ মহত্ব বৰ্ণিত হৈছে। মোৰ নিজৰ বাবে কৰিবলগীয়া কিবা দুআ আছেনে? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ এইটো কোৱাঃ "আল্লাহুম্মাগ ফিৰলী" হে আল্লাহ! মোক ক্ষমা কৰা। মোৰ গুনাহ মাৰ্জনা কৰা। "অৰহামনী" দ্বীন আৰু দুনিয়াৰ উপকাৰৰ জৰিয়তে মোৰ প্ৰতি ৰহম কৰা। "অহদিনী" উত্তম অৱস্থাৰে মোক পোন পথৰ হিদায়ত দিয়া। "অৰঝুক্বনী" মোক হালাল জীৱিকা আৰু নিৰোগী স্বাস্থ্য প্ৰদান কৰা, লগতে সকলো প্ৰকাৰ কল্যাণ দান কৰা।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে শপত খোৱাৰ সময়ত লাত আৰু উজ্জাৰ শপত খাইছে, সি লা ইলাহা ইল্লাল্লাহ কোৱা উচিত। আনহাতে যিয়ে নিজৰ সংগীক এই বুলি কৈছে যে, আহা আমি জুৱা খেলোঁ, সি চাদাক্বাহ কৰা উচিত।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ বাহিৰে আনৰ শপত খোৱাৰ পৰা সতৰ্ক কৰিছে। কাৰণ মুমিন ব্যক্তিয়ে আল্লাহৰ বাহিৰে আন কাৰো শপত নাখায়। তেওঁ জনাইছে যে, যিয়ে আল্লাহৰ বাহিৰে আনৰ শপত খায়, উদাহৰণস্বৰূপে লাত আৰু উজ্জাৰ শপত খায়। লাত আৰু উজ্জা হৈছে দুটা মূৰ্ত্তিৰ নাম, অজ্ঞতা যুগত ইয়াৰ পূজা পাঠ কৰা হৈছিল। গতিকে ইয়াৰ নামত শপত খোৱা ব্যক্তিয়ে লগে লগে ইয়াৰ প্ৰায়শ্চিত্তস্বৰূপে আৰু শ্বিৰ্কৰ পৰা নিজকে মুক্ত ঘোষণা কৰি লা ইলাহা ইল্লাল্লাহ পাঠ কৰা উচিত। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, যিয়ে নিজৰ সংগীক কয় যে আহা আমি জুৱা খেলোঁ, এই খেলত দুজন বা ততোধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰে আৰু বিজয়ী হোৱা ব্যক্তিয়ে সম্পূৰ্ণ ধন লৈ যায়। উভয়ৰ যিকোনো এজন সম্পদ লাভ কৰি আনন্দিত হয় আৰু দ্বিতীয়জন পৰাজিত হৈ ঋনগ্ৰস্ত হয়। গতিকে এনেকুৱা এটা ক্ষতিকৰ কামৰ পিনে আহ্বান কৰাৰ কাৰণে সি চাদাক্বাহ কৰা উচিত।
আবু ছাঈদ খুদৰী আৰু আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুমাই বৰ্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "জান্নাতীসকলে যেতিয়া জান্নাতত প্ৰৱেশ কৰিব, তেতিয়া এজন আহ্বানকাৰীয়ে আহ্বান কৰি ক'বঃ এতিয়াৰ পৰা তোমালোকে সদায় সু-স্বাস্থ্যৱান হৈ থাকিবা, তোমালোকক কেতিয়াও বেমাৰ-আজাৰে স্পৰ্শ নকৰিব। তোমালোকে চিৰস্থায়ী জীৱন লাভ কৰিবা, তোমালোকৰ কেতিয়াও মৃত্যু নহ'ব। তোমালোকে সদায় যৌৱন অৱস্থাত থাকিবা, কেতিয়াও বৃদ্ধা অৱস্থাত উপনীত নহ'বা। তোমালোকে নিৰৱচ্ছিন্ন সুখ শান্তিত থাকিবা, কেতিয়াও অভাৱ অনাটনে তোমালোকক স্পৰ্শ নকৰিব।" সৰ্বশক্তিমান আল্লাহে এই কথাষাৰকে এই আয়াতত কৈছেঃ "তেওঁলোকক সম্বোধন কৰি কোৱা হ’ব, ‘তোমালোকে যি কৰিছিলা তাৰ বাবেই তোমালোকক এই জান্নাতৰ উত্তৰাধিকাৰী কৰা হৈছে’।" (ছুৰা আল-আৰাফঃ ৪৩)
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, জান্নাতীসকলক এজন আহ্বানকাৰীয়ে আহ্বান কৰি ক'ব যে, হে জান্নাতীসকল, এই জান্নাতত তোমালোকে সদায় সুস্থ থাকিবা, ইয়াত তোমালোকৰ কোনো ধৰণৰ বেমাৰ-আজাৰ নহ'ব, সৰুতকৈ সৰু বেমাৰো নহ'ব। ইয়াত তোমালোকে চিৰস্থায়ী জীৱন লাভ কৰিবা, ইয়াত কেতিয়াও তোমালোকৰ মৃত্যু নহ'ব, আনকি টোপনিও নধৰিব, কাৰণ টোপনিও হৈছে এক প্ৰকাৰ মৃত্যু। ইয়াত তোমালোকে সদায় যুৱক হৈ থাকিবা, কেতিয়াও বৃদ্ধ নহ'বা। ইয়াত তোমালোকে সদায় সুখ শান্তিত থাকিবা, ইয়াত অভাৱ অনাটন, দুখ কষ্ট একোৱে স্পৰ্শ নকৰিব। এইকাৰণে সৰ্বশক্তিমান আল্লাহে কৈছেঃ "তেওঁলোকক সম্বোধন কৰি কোৱা হ’ব, ‘তোমালোকে যি কৰিছিলা তাৰ বাবেই তোমালোকক এই জান্নাতৰ উত্তৰাধিকাৰী কৰা হৈছে’।" (ছুৰা আল-আৰাফঃ ৪৩)
চুহাইব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "জান্নাতীসকলে যেতিয়া জান্নাতত প্ৰৱেশ কৰিব, তেতিয়া বৰকতময় মহান আল্লাহে ক'বঃ তোমালোকে বিচৰানে মই তোমালোকক আৰু কিবা দান কৰোঁ? তেতিয়া তেওঁলোকে ক'বঃ (হে আমাৰ প্ৰতিপালক) তুমি আমাৰ মুখমণ্ডলবোৰ আলোকজ্জ্বল কৰি দিয়া নাইনে? তুমি আমাক জান্নাতত প্ৰৱেশ কৰোৱা নাইনে? তুমি আমাক জাহান্নামৰ পৰা ৰক্ষা কৰা নাইনে? (ইয়াৰ পিছতো আৰু কি লাগে?)। তেতিয়া মহান আল্লাহে পৰ্দা উন্মুক্ত কৰিব। তেতিয়া তেওঁলোকৰ এনেকুৱা লাগিব যে, সৰ্বশক্তিমান আল্লাহৰ দৰ্শনতকৈ উত্তম কোনো বস্তুৱে তেওঁলোকক দিয়া হোৱা নাই।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, জান্নাতীসকলে যেতিয়া জান্নাতত প্ৰৱেশ কৰিব, তেতিয়া মহান আল্লাহে তেওঁলোকক ক'বঃ তোমালোকে বিচৰানে যে, মই তোমালোকক আৰু কিবা দান কৰোঁ? তেতিয়া জান্নাতৰ সকলো অধিবাসীয়ে একে সুৰত ক'বঃ হে আমাৰ প্ৰতিপালক! তুমি আমাৰ মুখমণ্ডলবোৰ আলোকপ্ৰদ কৰা নাইনে? তুমিয়ে আমাক জান্নাতত প্ৰৱেশ কৰাৰ সুযোগ দিয়া নাইনে? আৰু তুমিয়ে আমাক জাহান্নামৰ পৰা ৰক্ষা কৰা নাইনে? তেতিয়া মহান আল্লাহে হিজাব তথা পৰ্দা আঁতৰাই দিব, তেওঁৰ পৰ্দা হৈছে নূৰ। তেতিয়া জান্নাতীসকলে অনুভৱ কৰিব যে, সৰ্বশক্তিমান আল্লাহৰ দৰ্শনতকৈ অধিক পছন্দনীয় বস্তু তেওঁলোকক একোৱে দিয়া হোৱা নাই।
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "আৰব ভূখণ্ডত মুচল্লিসকলে চয়তানৰ ইবাদত কৰাৰ বিষয়ত চয়তান হতাশ হৈ পৰিছে। কিন্তু সিহঁতক উচটনি দিয়াৰ ক্ষেত্ৰত নিৰাশ হোৱা নাই।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, ইবলীছ এই বিষয়ত হতাশ হৈ পৰিছে যে, আৰব উপদ্বীপত হয়তো কেতিয়াও মুমিনসকলে তাৰ উপসনাত তথা মূৰ্ত্তি পূজাত লিপ্ত নহ'ব। কিন্তু সি ইয়াৰ চেষ্টা সদায় কৰি থাকিব। লগতে সিহঁতক পৰস্পৰে বিবাদত লিপ্ত হ'বলৈ আৰু বিদ্বেষ তথা শত্ৰুতা পোষণ কৰিবলৈ উচটনি দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। এইদৰে সিহঁতৰ মাজত যুদ্ধ বিগ্ৰহ ফিতনা ফাছাদ আদিৰ চেষ্টা জাৰি ৰাখিব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "দুই ধৰণৰ জাহান্নামী ব্যক্তিক মই এতিয়াও দেখা নাই। তাৰে এক প্ৰকাৰ হৈছে, যিসকলৰ হাতত গৰুৰ লেজৰ দৰে চাবুক থাকিব, যিটোৰে সিহঁতে মানুহক প্ৰহাৰ কৰিব। দ্বিতীয় প্ৰকাৰ হৈছে সেইসকল নাৰী, যিসকলে কাপোৰ পৰিধান কৰিও উলংগ থাকিব। (পৰ পুৰুষক) নিজৰ প্ৰতি আকৰ্ষিত কৰিব আৰু নিজেও সিহঁতৰ প্ৰতি আকৃষ্ট হ'ব। সিহঁতৰ মূৰ হ'ব উটৰ হালি পৰা কুঁজৰ দৰে। সেইসকল নাৰীয়ে কেতিয়াও জান্নাতত প্ৰৱেশ নকৰিব। আনকি জান্নাতৰ সুগন্ধিও নাপাব, অথচ জান্নাতৰ সুগন্ধি ইমান ইমান দূৰৰ পৰা পোৱা যায়।"
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ধৰণৰ জাহান্নামী ব্যক্তিৰ পৰা সতৰ্ক কৰিছে, যিসকলক তেখেতে দেখা নাই আৰু সেই সময়ত সিহঁত নাছিল, বৰং সিহঁতৰ আবিৰ্ভাৱ পিছত হ'ব বুলি ইংগিত কৰিছে। প্ৰথম প্ৰকাৰঃ এনেকুৱা এক প্ৰকাৰ লোক থাকিব যিসকলৰ হাতত গৰুৰ লেজৰ দৰে চাবুক থাকিব, যিটোৰ দ্বাৰা সিহঁতে মানুহক প্ৰহাৰ কৰিব। ইয়াৰ দ্বাৰা সেইসকল প্ৰশাসনিক বিষয়াক বুজোৱা হৈছে যিসকলে অন্যায়ভাৱে মানুহক প্ৰহাৰ কৰে। দ্বিতীয় প্ৰকাৰঃ এনেকুৱা নাৰী যিসকলে মান-সন্মান তথা ইজ্জতৰ লিবাছ খুলি পেলাব। যিটো হায়া বা লাজ প্ৰদান কৰি নাৰীক সৃষ্টি কৰা হৈছে, সেই লাজ নাইকিয়া হ'ব। সিহঁতৰ বৈশিষ্ট্য বৰ্ণনা কৰি কৈছেঃ বাস্তৱত সিহঁতে কাপোৰ পৰিধান কৰিব, কিন্তু শৰীৰৰ প্ৰত্যেকটো অংগ প্ৰকাশিত হ'ব। কাৰণ সিহঁতে অতি পাতল কাপোৰ পৰিধান কৰিব। সেই কাপোৰে শৰীৰৰ কিছু অংশ ঢাকি ৰাখিব আৰু কিছু অংশ প্ৰকাশিত হ'ব, সৌন্দৰ্য্যৰ বাবে সিহঁতে এনেকুৱা কাপোৰ পৰিধান কৰিব। সিহঁতৰ এই পৰিধানৰ উদ্দেশ্য হ'ব পুৰুষক নিজৰ প্ৰতি আকৰ্ষিত কৰা। সিহঁতৰ চাল-চলন হ'ব পৰ পুৰুষক আকৰ্ষিত কৰা, খোজকাঢ়ি যাওঁতে ইফাল-সিফাল ঘূৰি চাব, আনক বিপথে পৰিচালিত কৰিব আৰু এই ফিতনাত আৱদ্ধ কৰিব। সিহঁতৰ বৈশিষ্ট্য বৰ্ণনা কৰি আৰু কৈছে যে, সিহঁতৰ মূৰ হ'ব উটৰ পিঠিত থকা কুঁজৰ দৰে। সিহঁতে নিজৰ মূৰৰ আকাৰ ডাঙৰ কৰিবলৈ মূৰৰ ওপৰত খোপ বান্ধে। উটৰ কুঁজৰ সৈতে সাদৃশ্য দিয়াৰ কাৰণ হৈছে সিহঁতৰ মূৰৰ সেই খোপ যিটো সিহঁতে মূৰৰ ওপৰত বান্ধে। সেইটো মূৰৰ ওপৰৰ পৰা অকণমান হালি পৰে, যিদৰে উটৰ কুঁজ হালি পৰে। এতেকে যাৰ এইবোৰ বৈশিষ্ট্য থাকিব, সিয়েই এই কঠোৰ শাস্তিৰ অন্তৰ্ভুক্ত যে, সিহঁত জান্নাতত প্ৰৱেশ নকৰিব, আনকি জান্নাতৰ সুগন্ধিও নাপাব তথা নিকটৱৰ্তী নহ'ব। অথচ জন্নাতৰ সুগন্ধি বহু দূৰৰ পৰা পোৱা যায়।