





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "কোনো পুৰুষে আন কোনো পুৰুষৰ লজ্জাস্থান দেখা উচিত নহয়। এইদৰে কোনো নাৰীয়েও আন কোনো নাৰীৰ লজ্জাস্থান দেখা উচিত নহয়। কোনো পুৰুষে আন কোনো পুৰুষৰ লগত একে কাপোৰ মেৰিয়াই পিন্ধা উচিত নহয়। এইদৰে কোনো নাৰীয়েও আন কোনো নাৰীৰ সৈতে এখন কাপোৰ মেৰিয়াই পিন্ধা উচিত নহয়।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত পুৰুষে পুৰুষৰ লজ্জাস্থান দেখিবলৈ নিষেধ কৰিছে। এইদৰে নাৰীকো নাৰীৰ লজ্জাস্থান দেখিবলৈ নিষেধ কৰা হৈছে। আওৰাহ প্ৰত্যেক সেই অংগক কোৱা হয়, যিটো প্ৰকাশ পালে মানুহে লাজ পায়। পুৰুষৰ আওৰাহ হৈছে নাভীৰ পৰা আঠুলৈকে। পৰপুৰুষৰ সন্মুখত নাৰীৰ গোটেই শৰীৰ হৈছে আওৰাহ। আনহাতে কোনো নাৰীৰ সন্মুখত আৰু মাহৰাম পুৰুষৰ সন্মুখত নাৰীয়ে নিজৰ শৰীৰৰ সেইখিনি অংশ প্ৰকাশ কৰিব পাৰে যিখিনি অংশ সাধাৰণতে ঘৰত কাম কৰোঁতে প্ৰকাশ পায়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কোনো পুৰুষক আন কোনো পুৰুষৰ সৈতে একেখন কাপোৰ মেৰিয়াই পিন্ধিবলৈ নিষেধ কৰিছে, অথবা এখন চাদৰ বা কম্বলৰ তলত নগ্ন অৱস্থাত শুৱলৈ নিষেধ কৰিছে। এইদৰে নাৰীসকলকো কোনো নাৰীৰ সৈতে একেখন কাপোৰ মেৰিয়াই পিন্ধিবলৈ নিষেধ কৰিছে। অথবা কোনো চাদৰ বা কম্বলৰ তলত নগ্ন হৈ দুজনী নাৰী একেলগে শুবলৈ নিষেধ কৰিছে। কাৰণ এনেকুৱা কৰিলে ইজনে সিজনৰ আওৰাহ স্পৰ্শ হোৱাটো নিশ্চিত। আনহাতে যিদৰে বেলেগৰ আওৰাৰ পিনে দৃষ্টিপাত কৰা নিষিদ্ধ, সেইদৰে স্পৰ্শ কৰাও নিষিদ্ধ। বৰং তাতকৈও অধিক কঠোৰভাৱে নিষিদ্ধ। কাৰণ ইয়াত ডাঙৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক।
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! মই (ইছলাম গ্ৰহণ কৰাৰ পূৰ্বে) সৰু বৰ কোনো গুনাহেই বাদ দিয়া নাই। এই কথা শুনি তেখেতে ক'লেঃ তুমি এই সাক্ষ্য দিয়া নাইনে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল?, এই কথা তেখেতে তিনিবাৰ কৈছিল। ব্যক্তিজনে ক'লেঃ হয়। তাৰ পিছত তেখেতে ক'লেঃ "নিশ্চয় এইটোৱে সেইবোৰক পৰাজিত কৰিব"।
(আবু ইয়ালা, তাবৰাণী আৰু জিয়া মাক্বদিছী)এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! মই সকলো প্ৰকাৰ গুনাহ কৰিছোঁ, সৰু বৰ কোনো গুনাহেই মই বাদ দিয়া নাই, এতিয়া মোক ক্ষমা কৰা হ'বনে? তেতিয়া তেওঁক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তুমি এই সাক্ষ্য দিয়া নাইনে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল? তেখেতে এই কথা তিনিবাৰ কৈছিল। সেই ব্যক্তিয়ে উত্তৰ দিলে, হয় মই সাক্ষ্য দিছোঁ। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই ব্যক্তিজনক শ্বাহাদত কলিমাৰ গুৰুত্ব সম্পৰ্কে জনাই ক'লে যে, এই কথাৰ স্বীকাৰোক্তি দিলে গুনাহ মাৰ্জিত হয় আৰু তাওবা কৰিলে পূৰ্বৱৰ্তী সকলো গুনাহ মাফ হৈ যায়।
জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকে আলিমসকলৰ ওপৰত বাহাদুৰি দেখুৱাবলৈ, নিৰ্বোধসকলৰ সৈতে বিতৰ্ক কৰিবলৈ আৰু জনসভাত নিজকে ডাঙৰ বুলি প্ৰকাশ কৰিবলৈ ধৰ্মীয় জ্ঞান অৰ্জন নকৰিবা। যিয়ে এনেকুৱা কৰিব তাৰ বাবে আছে অগ্নি আৰু অগ্নি।
(ইবনে মাজাহ)আলিমসকলৰ ওপৰত অহংকাৰ কৰাৰ উদ্দেশ্য জ্ঞান অৰ্জন কৰিবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সতৰ্ক কৰিছে। এইটো প্ৰকাশ কৰিবলৈ যে, ময়ো আপোনালোকৰ দৰেই এজন জ্ঞানী। অথবা এই উদ্দেশ্যে জ্ঞান অৰ্জন কৰা যে, যাতে নিৰ্বোধ অশিক্ষিত দুৰ্বল বিবেক থকা লোকৰ সৈতে বিতৰ্ক কৰি জিকিব পাৰে। নাইবা এই উদ্দেশ্যে জ্ঞান অৰ্জন কৰা যে, ইয়াৰ দ্বাৰা জনসভাত প্ৰাধান্য লাভ কৰিব তথা অন্যান্য লোকক পিচ পেলাব। যি ব্যক্তিয়ে এই উদ্দেশ্যত জ্ঞান অৰ্জন কৰিব, সি জাহান্নামী হ'ব। কাৰণ সি লোকক দেখুৱাবলৈ আমল কৰিছে, তাৰ আমলত ইখলাচ নাই, সি আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে জ্ঞান অৰ্জন কৰা নাই।
নাওৱাছ বিন ছামআন আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহে সঠিক সৰল তথা পোন পথৰ এটা দৃষ্টান্ত দাঙি ধৰিছে: যিটো পথক দুয়োফালে দুখন বেৰেৰে আগুৰি আছে, দুয়োখন বেৰত কেইবাখনো খোলা দুৱাৰ আছে যিবোৰ পৰ্দাৰে আবৃত। পথৰ আৰম্ভণিতে এজন আহ্বানকাৰীয়ে (লোকসকলক) আহ্বান কৰি কয়- হে লোকসকল, তোমালোক সকলোৱে পোন পথেৰে আগুৱাই যোৱা, পথৰ পৰা বিচ্যুত নহ’বা তথা বক্ৰপথ অৱলম্বন নকৰিবা। আনহাতে সেই পথৰ ওপৰতো আছে এজন আহ্বানকাৰী, যেতিয়াই কোনো ব্যক্তিয়ে সেই দুৱাৰসমূহৰ যিকোনো এখন খুলিব বিচাৰে তেতিয়াই তেওঁ সেই ব্যক্তিক সকীয়াই দি কয়: সৰ্বনাশ! ‘ধিক তোমাৰ ওপৰত! এইখন নুখুলিবা, কিয়নো খুলিলেই তাত প্ৰৱেশ কৰিবা (আৰু পথভ্ৰষ্ট হৈ যাবা)।' (ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰ ব্যাখ্যা কৰি কৈছে) পথটোৰ দ্বাৰা বুজোৱা হৈছে ইছলামক, দেৱাল দুখনৰ দ্বাৰা বুজোৱা হৈছে আল্লাহে নিৰ্ধাৰণ কৰা সীমাৰেখা, আৰু উন্মুক্ত দুৱাৰৰ দ্বাৰা বুজোৱা হৈছে আল্লাহৰ নিষেধকৃত বস্তুবোৰক। পথৰ আৰম্ভণিত থকা আহ্বানকাৰীৰ দ্বাৰা বুজোৱা হৈছে আল্লাহৰ কিতাবক, আনহাতে পথৰ ওপৰত থকা আহ্বানকাৰীৰ দ্বাৰা বুজোৱা হৈছে প্ৰতিজন মুছলিমৰ হৃদয়ত থকা আল্লাহৰ ফালৰ পৰা নিয়োজিত উপদেষ্টাক।
(তিৰমিজী, আহমদ)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বৰ্ণনা কৰিছে যে, মহান আল্লাহে পোন তথা সৰল পথৰ জৰিয়তে ইছলামৰ এটা উদাহৰণ দাঙি ধৰিছে, যি পথত কোনো বক্ৰতা নাই। যিটো পথৰ দুয়োকাষে দেৱাল আছে, যি দেৱালে দুয়ো ছাইডক আগুৰি আছে, সেই দেৱাল দুখন হৈছে আল্লাহৰ সীমাৰেখা। দুয়োখন দেৱালত কিছুমান উন্মুক্ত দুৱাৰ আছে, সেইবোৰ হৈছে আল্লাহে নিষেধ কৰা বিষয়সমূহ। সেই দুৱাৰসমূহত আঁৰি থোৱা আছে পৰ্দা, যাৰ ফলত অহা যোৱা কৰা লোকসকলে গম নাপায় ভিতৰত কি আছে। পথৰ আৰম্ভণিতে আছে এজন আহ্বায়ক, যিয়ে মানুহক সতৰ্ক কৰে আৰু সিহঁতক সঠিক পথৰ দিশনিৰ্দেশনা দিয়ে আৰু সিহঁতক কয়ঃ এই পোন পথেৰে যোৱা, সোঁৱে বাওঁৱে যোৱাৰ চেষ্টা নকৰিবা। এই আহ্বায়কৰ দ্বাৰা বুজোৱা হৈছে আল্লাহৰ কিতাবক। সেই পথৰ ওপৰতো আছে এজন আহ্বায়ক, যেতিয়াই কোনো ব্যক্তিয়ে সেই দুৱাৰসমূহৰ পৰ্দা গুচাই চাব বিচাৰে তেতিয়াই তেওঁ তাক ভৰ্ৎসনা কৰি কয়ঃ সৰ্বনাশ, ধিক তোমাৰ প্ৰতি, সেইটো নুখুলিবা, খুলিলেই তাত সোমাই যাবা, নিজকে ৰক্ষা কৰিব নোৱাৰিবা। এই আহ্বায়কৰ দ্বাৰা বুজোৱা হৈছে প্ৰতিজন মুমিনৰ অন্তৰত থকা সেই চেতনাক, যি চেতনাই তাক পাপকৰ্মৰ পৰা বিৰত ৰখাৰ উপদেশ দিয়ে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকৰ কোনোবাই এইটো বিচৰানে যে, সি নিজ ঘৰলৈ উভতি গৈ ঘৰত তিনিটা ডাঙৰ ডাঙৰ গৰ্ভৱতী উট দেখিবলৈ পাওক? আমি ক'লোঁঃ হয় (নিশ্চয় বিচাৰোঁ)। তেখেতে ক'লেঃ শুনা! নামাজত তিনিটা আয়াত তিলাৱত কৰাটো হৈছে তিনিটা ডাঙৰ ডাঙৰ শকত গৰ্ভৱতী উট পোৱাতকৈও উত্তম।
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, নামাজত তিনিটা আয়াত তিলাৱত কৰাৰ ছোৱাব হৈছে, কোনোবাই নিজৰ ঘৰত তিনিটা ডাঙৰ ডাঙৰ শকত উট পোৱাতকৈও উত্তম।
উক্ববাহ বিন আমিৰ আল-জুহানী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ উচ্চস্বৰে কোৰআন তিলাৱতকাৰী হৈছে প্ৰকাশ্যভাৱে দান কৰা ব্যক্তিৰ দৰে, আনহাতে নিম্নস্বৰে কোৰআন তিলাৱতকাৰী হৈছে গোপনে দান কৰা ব্যক্তিৰ দৰে।
(আবু দাঊদ, তিৰমিজী, নাছায়ী)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, উচ্চস্বৰে কোৰআন পাঠ কৰা ব্যক্তি হৈছে প্ৰকাশ্যভাৱে চাদাক্বাহ কৰা ব্যক্তিৰ দৰে। আনহাতে নিম্নস্বৰে কোৰআন তিলাৱত কৰা ব্যক্তি হৈছে গোপনে চাদাক্বাহ কৰা ব্যক্তিৰ দৰে।
মই এনেকুৱা এজন ব্যক্তি আছিলোঁ যে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কোনো হাদীছ শুনিলে সেইটোৰ পৰা আল্লাহৰ ইচ্ছাত প্ৰভূত উপকৃত হৈছিলোঁ। আনহাতে যেতিয়া কোনো চাহাবীয়ে মোক হাদীছ বৰ্ণনা কৰিছিল, তেতিয়া মই তেওঁক শপত খাবলৈ কৈছিলোঁ, মোৰ কথাত তেওঁ শপত খালেহে মই তাৰ সত্যতা স্বীকাৰ কৰিছিলোঁ। এইদৰে আবু বকৰে মোৰ ওচৰত হাদীছ বৰ্ণনা কৰিছে, আৰু তেওঁ যি বৰ্ণনা কৰিছে সত্যই বৰ্ণনা কৰিছে। তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "যদি কোনো ব্যক্তিয়ে গুনাহ কৰাৰ পিছত পৱিত্ৰতা অৰ্জন কৰি নামাজ আদায় কৰে আৰু তাৰ পিছত আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে, তেন্তে আল্লাহে তাক ক্ষমা কৰি দিয়ে।" ইয়াৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিছেঃ وَالَّذِينَ إِذَا فَعَلُوا فَاحِشَةً أَوْ ظَلَمُوا أَنْفُسَهُمْ ذَكَرُوا اللهَ فَاسْتَغْفَرُوا لِذُنُوبِهِمْ} আৰু যিসকলে কোনো অশ্লীল কাম কৰিলে বা নিজৰ প্ৰতি অন্যায় কৰিলে আল্লাহক স্মৰণ কৰে আৰু নিজৰ পাপ কাৰ্যৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। (আল্লাহে তেওঁলোকক ক্ষমা কৰি দিয়ে।) (ছুৰা আলে-ইমৰাণঃ ১৩৫)
(আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, ইবনে মাজাহ, আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কৈছে যে, বান্দাৰ দ্বাৰা যেতিয়া কোনো গুনাহ হৈ যায়, তেতিয়া তেওঁ যদি সুন্দৰকৈ অজু কৰে আৰু তাৰ পিছত সেই গুনাহৰ পৰা তাওবাৰ নিয়্যত কৰি দুই ৰাকাত নামাজ পঢ়ে আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে, তেন্তে আল্লাহে তেওঁক ক্ষমা কৰি দিয়ে। এইখিনি কথা কোৱাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই আয়াতটো তিলাৱত কৰিছিল। মহান আল্লাহে কৈছেঃ وَٱلَّذِينَ إِذَا فَعَلُواْ فَٰحِشَةً أَوۡ ظَلَمُوٓاْ أَنفُسَهُمۡ ذَكَرُواْ ٱللَّهَ فَٱسۡتَغۡفَرُواْ لِذُنُوبِهِمۡ وَمَن يَغۡفِرُ ٱلذُّنُوبَ إِلَّا ٱللَّهُ وَلَمۡ يُصِرُّواْ عَلَىٰ مَا فَعَلُواْ وَهُمۡ يَعۡلَمُونَ আৰু যিসকলে কোনো অশ্লীল কাম কৰিলে বা নিজৰ প্ৰতি অন্যায় কৰিলে আল্লাহক স্মৰণ কৰে আৰু নিজৰ পাপ কাৰ্যৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। (তেওঁলোকে জানে যে) আল্লাহৰ বাহিৰে কোনে পাপ ক্ষমা কৰিব পাৰিব? আৰু তেওঁলোকে যিটো (গুনাহ) কৰি পেলাইছে সেইটো জানি বুজি পুনৰ কেতিয়াও নকৰে। (তেতিয়া আল্লাহে তেওঁলোকক ক্ষমা কৰি দিয়ে।) (ছুৰা আলে-ইমৰাণঃ ১৩৫)
আবু উমামা আল-বাহিলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ সেইজন ব্যক্তি সম্পৰ্কে আপোনাৰ মতামত কি, যি ব্যক্তিয়ে প্ৰতিদান আৰু সুনাম অৰ্জন কৰিবলৈ যুদ্ধ কৰে, তাৰ বাবে কি আছে? তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তাৰ বাবে একো নাই।" ব্যক্তিজনে এই প্ৰশ্ন তিনিবাৰ সুধিলে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তাক আকৌ ক'লেঃ "তাৰ বাবে একো নাই।" ইয়াৰ পিছত তেখেতে ক'লেঃ "নিশ্চয় মহান আল্লাহে নিৰ্ভেজাল আমলৰ বাহিৰে, অৰ্থাৎ যাৰ দ্বাৰা একমাত্ৰ আল্লাহৰ সন্তুষ্টি কামনা কৰা হয়, এনেকুৱা আমলৰ বাহিৰে আন একো গ্ৰহণ নকৰে।"
رواه النسائيএজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি, এনেকুৱা এজন ব্যক্তি সম্পৰ্কে বিধান জানিব বিচাৰিলে, যিয়ে এই নিয়্যতেৰে যুদ্ধ কৰে যে, যাতে তেওঁ আল্লাহৰ ওচৰত প্ৰতিদানো লাভ কৰে আৰু মানুহৰ মাজত যাতে তাৰ সুনাম হয়। তেনেকুৱা ব্যক্তিয়ে সঁচাই সুপ্ৰতিফল লাভ কৰিবনে? ইয়াৰ উত্তৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে যে, সি একো ছোৱাব লাভ নকৰিব। কাৰণ তাৰ নিয়্যতত ইখলাচ নাই। ব্যক্তিজনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্নটো তিনিবাৰ কৰিলে, ইপিনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামেও গুৰুত্ব সহকাৰে একেটাই উত্তৰ দিলে যে, সি কোনো ছোৱাব লাভ নকৰিব। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ ওচৰত আমল কবূল হোৱাৰ নিয়ম উল্লেখ কৰি ক'লেঃ মহান আল্লাহে সেই আমল কবূল কৰে যিটো নিৰ্ভেজালভাৱে একমাত্ৰ তেওঁৰ উদ্দেশ্যে কৰা হয়, য'ত আন কাৰো অংশীদাৰিত্ব নাই। একমাত্ৰ আল্লাহৰ সন্তুষ্টি অৰ্জনৰ বাবে হ'ব লাগিব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “ইছলামৰ সৰ্বোত্তম অন্যতম এটা সৌন্দৰ্য হৈছে, অনৰ্থক অপ্ৰয়োজনীয় বিষয় পৰিত্যাগ কৰা।”
رواه الترمذي وغيرهহাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মুছলিমৰ পৰিপূৰ্ণ ইছলাম আৰু পূৰ্ণাংগ ঈমানৰ পৰিচয় হৈছে, অলাগতিয়াল তথা অপ্ৰয়োজনীয় কথা হওক বা কৰ্ম আদি বিষয়ৰ পৰা আঁতৰি থকা। অথবা দ্বীনি আৰু দুনিয়াৱী ক্ষেত্ৰত সকলো প্ৰকাৰ অলাগতিয়াল বিষয় পৰিত্যাগ কৰা। যিবোৰ বস্তু মানুহৰ বাবে দৰকাৰী নহয়, তেনেকুৱা বিষয়ত ব্যস্ত থাকিলে তেওঁ সেইবোৰ বিষয়ৰ পৰা আঁতৰি যাব পাৰে, যিবোৰ তেওঁৰ বাবে বেছি দৰকাৰী। অথবা তেওঁক সেইবোৰ বিষয়ত ব্যস্ত কৰি ৰাখিব পাৰে, যিবোৰৰ পৰা তেওঁ আঁতৰি থকা উচিত। কাৰণ কিয়ামতৰ দিনা মানুহক নিজৰ কৰ্ম সম্পৰ্কে জবাবদিহি কৰা হ'ব।