





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মুমিন কেতিয়াও পৰনিন্দাকাৰী, অভিশাপকাৰী নহয়, লগতে অভদ্ৰ ভাষা প্ৰয়োগকাৰী আৰু অসংযতও নহয়।"
(তিৰমিজী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, প্ৰকৃত মুমিনৰ স্বভাৱ এইটো কেতিয়াও হ'ব নোৱাৰে যে, তেওঁ মানুহৰ দোষ-ত্ৰুটি গাই ফুৰিব বা পৰনিন্দা কৰিব, লগতে মুমিন কেতিয়াও অভিশাপকাৰী হ'ব নোৱাৰে তথা অশ্লীলতা, বেয়া ভাষা বা অভদ্ৰ ভাষা ব্যৱহাৰকাৰী হ'ব নোৱাৰে, যাৰ কোনো লাজ চৰম নাই।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান।) যিয়ে এইটো দৈনিক এশবাৰ পাঠ কৰিব, তাৰ বাবে দহটা দাস মুক্ত কৰাৰ সমপৰিমাণ ছোৱাব আছে। লগতে তাৰ বাবে এশটা ছোৱাব লিপিবদ্ধ কৰা হ'ব আৰু এশটা গুনাহ মোচন কৰা হ'ব। লগতে সেইদিনা তাক সন্ধিয়ালৈকে চয়তানৰ পৰা সুৰক্ষিত থকাৰ নিৰাপত্তা প্ৰদান কৰা হয়। সেই ব্যক্তিয়ে যিটো আমল কৰিছে, তাতকৈ উত্তম আমল আৰু কোনেও লৈ উপস্থিত হ'ব নোৱাৰিব, কিন্তু সেই ব্যক্তিৰ কথা সুকীয়া যিয়ে ইয়াতকৈও অধিক আমল কৰিছে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কৈছে যে, যিয়ে এইটো পাঠ কৰিবঃ আল্লাহৰ বাহিৰে কোনো সত্য ইলাহ (পূজ্য) নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই – তেওঁৰ উলুহিয়্যতত (উপাসনাত), ৰবুবিয়্যতত (প্ৰভুত্বত), লগতে তেওঁৰ নাম আৰু গুণাৱলীত। ৰাজত্ব একমাত্ৰ তেওঁৰেই, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনা কেৱল তেওঁৰেই। সকলো সৃষ্টি আৰু তাকদীৰ (ভাগ্য নিৰ্ধাৰণ)ৰ বাবে প্ৰশংসা কেৱল তেওঁৰেই। তেওঁ সকলো বস্তুৰ ওপৰত পূৰ্ণ ক্ষমতাৱান, কোনো বাধা প্ৰদানকাৰী নাই বা প্ৰতিহত কৰিব পৰাও কোনো নাই। তেওঁ যিটো ইচ্ছা নকৰে, সেইটো কেতিয়াও নহয়। যিয়ে এইটো দৈনিক ১০০ বাৰ পাঠ কৰে, আল্লাহৰ ওচৰত তেওঁৰ বাবে ১০ জন দাস মুক্ত কৰাৰ সমান ছোৱাব লিখা হয়, লগতে ১০০টা নেকী (পুণ্য) লিপিবদ্ধ কৰা হয় আৰু জান্নাতত মৰ্যাদা উন্নীত কৰা হয়। এইদৰে ১০০টা গুনাহ মোচন কৰা হয়, তথা হ্ৰাস কৰা হয়। লগতে এইটো তাৰ বাবে সেই দিনা সূৰ্য্য অস্ত যোৱালৈকে চয়তানৰ প্ৰলোভন, আধিপত্য আদিৰ পৰা সুৰক্ষা, হিফাজত আৰু নিৰাপত্তা তথা দুৰ্গৰ কাম কৰিব। কিয়ামতৰ দিনা এই ব্যক্তিজনে যি লৈ আহিব, তাতকৈ উত্তম বস্তু বেলেগ কোনেও নানিব, কিন্তু সেই ব্যক্তিৰ বাহিৰে যিয়ে ইয়াতকৈও বেছি আমল কৰিছে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "বৃদ্ধ লোকৰ অন্তৰ দুটা ক্ষেত্ৰত সদায় যুৱক হৈ থাকে, দুনিয়াৰ প্ৰতি মুহাব্বত আৰু সুদীৰ্ঘ আশা-আকাংক্ষাৰ ক্ষেত্ৰত।"
(বুখাৰী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, বৃদ্ধ লোক, যাৰ শৰীৰ দুৰ্বল হৈছে কিন্তু দুটা বস্তুৰ মুহাব্বতত সিহঁতৰ অন্তৰ সদায় যুৱক হৈ থাকেঃ এটা হৈছেঃ পাৰ্থিৱ মুহাব্বত তথা ধন-সম্পদৰ প্ৰাচুৰ্য্যৰ মুহাব্বত। আৰু আনটো হৈছেঃ দীৰ্ঘায়ু, বেছি দিন জীৱিত থকাৰ আশা।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে বেছি বেছি জীৱনৰ সোৱাদ হৰণকাৰীক স্মৰণ কৰা।" অৰ্থাৎ মৃত্যুক স্মৰণ কৰা।
رواه الترمذي والنسائي وابن ماجهনবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত বেছি বেছি মৃত্যুক স্মৰণ কৰিবলৈ উৎসাহিত কৰিছে, কাৰণ মৃত্যুক স্মৰণ কৰিলেহে আখিৰাতৰ বিষয়বোৰ মনলৈ আহিব। ফলত অন্তৰৰ পৰা পৃথিৱীৰ মোহ, লোভ লালসা কমিব। বিশেষকৈ হাৰাম চাহিদাৰ লোভ।
আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে 'হিজৰ' নামক স্থান অতিক্ৰম কৰি আছিলোঁ, তেনেতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক ক'লেঃ "তোমালোকে সেইসকল লোকৰ আৱাসস্থলত প্ৰৱেশ নকৰিবা, যিসকলে নিজৰ ওপৰত অন্যায় কৰিছে। কিন্তু যদি প্ৰৱেশ কৰিবলগীয়া হয় তেন্তে কান্দোনৰত অৱস্থাত প্ৰৱেশ কৰিবা। এই সতৰ্কতা অৱলম্বন কৰি যে, সিহঁতৰ প্ৰতি যি বিপদ আহিছিল, সেইটো যাতে তোমালোকৰ ওপৰতো নাহে।" ইয়াৰ পিছত তেখেতে নিজৰ বাহনক ধমক প্ৰদান কৰি দ্ৰুতগতিত খেদি সেই অঞ্চল অতিক্ৰম কৰিলে।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছামূদ সম্প্ৰদায়ৰ আৱাসস্থল অতিক্ৰম কৰাৰ সময়ত নিষেধ কৰিছিল যে, যিসকল লোকে নিজৰ ওপৰত অন্যায় কৰাৰ ফলত আল্লাহৰ শাস্তিৰ সন্মুখীন হৈছে, সিহঁতৰ ঘৰত প্ৰৱেশ নকৰিবা অথবা তাত নাযাবা। যদি প্ৰৱেশ কৰিবলগীয়া হয় তেন্তে কান্দি কান্দি শিক্ষা লোৱাৰ উদ্দেশ্যে প্ৰৱেশ কৰিবা। লগতে ভয় কৰিবা যে, সিহঁতৰ ওপৰত যি বিপদ আহিছিল সেই বিপদ যাতে তোমালোকৰ প্ৰতিও নাহে। এই কথা কোৱাৰ পিছত তেখেতে নিজৰ বাহনটোক ধমক প্ৰদান কৰি খেদিলে আৰু সেই অঞ্চলটো দ্ৰুতগতিত অতিক্ৰম কৰিলে।
হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰত বহি আছিলোঁ। তেতিয়া তেওঁ ক'লেঃ তোমালোকৰ মাজৰ কোনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক ফিতনা সম্পৰ্কে আলোচনা কৰা শুনিছা? তেতিয়া লোকসকলে ক'লেঃ আমি আটায়ে শুনিছোঁ। তেতিয়া তেওঁ ক'লেঃ তোমালোকে হয়তো পৰিয়াল আৰু প্ৰতিৱেশীৰ ফিতনাৰ কথা ভাবিছা? তেওঁলোকে ক'লেঃ হয়। তেওঁ ক'লেঃ চালাত, চিয়াম আৰু চাদাক্বাহৰ মাধ্যমত ইয়াৰ কাফ্ফাৰা হৈ যায়। কিন্তু তোমালোকৰ মাজৰ কোনে ডাঙৰ ডাঙৰ ফিতনা সম্পৰ্কে শুনিছা, যিবোৰ সাগৰৰ তৰংগৰ দৰে তীব্ৰ গতিত আহিব? হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ এই প্ৰশ্ন শুনি সকলোৱে মৌন হৈ পৰিল। তেতিয়া মই ক'লোঁঃ মই শুনিছোঁ। তেওঁ ক'লেঃ তুমি আৰু তোমাৰ পিতৃও আছিল অত্যন্ত ধৰ্মপৰায়ণ। হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "ফিতনা মানুহৰ অন্তৰত ঢাৰি বোৱাৰ দৰে বৈ আহিব, যিদৰে ঢাৰি বনাওঁতে বাঁহৰ কাঠীবোৰ এটাৰ পিছত এটাকৈ লগোৱা হয়। যিটো অন্তৰত সেই ফিতনা গাঁথি পৰে তাত এটা ক'লা দাগ বহি পৰে। আনহাতে যি অন্তৰে সেইটো প্ৰত্যাখ্যান কৰে, তাত এটা উজ্জ্বল দাগ বহে। এইদৰে দুয়োটা অন্তৰ দুই ধৰণৰ হৈ পৰে। এটা হৈ যায় বগা শিলৰ দৰে, আকাশমণ্ডল আৰু পৃথিৱী যিমান দিন অৱশিষ্ট থাকিব, ফিতনাই সেই অন্তৰক কোনো ক্ষতি কৰিব নোৱাৰিব। আনটো হৈ পৰে বগা মিশ্ৰিত ক'লা কলহৰ দৰে। তাৰ প্ৰবৃত্তিৰ মাজত যিটো সোমাই পৰিছে তাৰ বাহিৰে সি ভাল-বেয়া একো বুজি নাপায়।" হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ মই তেওঁক আৰু ক'লোঁ যে, আপোনাৰ আৰু সেই ফিতনাৰ মাজত আছে এটা বন্ধ দুৱাৰ। অচিৰেই সেইটো ভাঙি পেলোৱা হ'ব। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ সৰ্বনাশ! সেইটো ভাঙি পেলোৱা হ'ব নেকি? যদি সেইটো ভাঙি নেপেলাই খোলা হ'লহেঁতেন তেন্তে হয়তো বন্ধ কৰা গ'লহেঁতেন। মই ক'লোঁঃ নহয়, সেইটো ভাঙি পেলোৱা হ'ব। হুজাইফাই কৈছেঃ মই তেওঁক এই কথাও কৈছোঁ যে, সেই দুৱাৰখন হৈছে এজন মানুহ। যাক হত্যা কৰা হ'ব, নাইবা তেওঁ স্বাভাৱিক মৃত্যুবৰণ কৰিব। এইটো কোনো কল্প-কাহিনী নহয়, বৰং এইটো হৈছে ৰাছুলৰ হাদীছ। বৰ্ণনাকাৰী আবু খালিদে কৈছেঃ মই ছাআদক সুধিলোঁঃ হে আবু মালিক! أَسْوَدُ مُرْبَادٌّ ৰ অৰ্থ কি? তেওঁ ক'লেঃ বগা মিশ্ৰিত ক'লা। মই আৰু সুধিলোঁঃ الْكُوزُ مُجَخِّيًا ৰ অৰ্থ কি? তেওঁ ক'লেঃ ওলটি থকা কলহ।
(মুছলিম)আমীৰুল মুমিনীন ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ এটা বৈঠকত কিছুমান চাহাবাৰ উপস্থিতিত তেওঁ তেওঁলোকক সুধিলেঃ তোমালোকৰ মাজৰ কোনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক ফিতনা সম্পৰ্কে আলোচনা কৰা শুনিছা? তেওঁলোকৰ কিছুমানে ক'লেঃ আমি তেখেতক ফিতনা সম্পৰ্কে আলোচনা কৰা শুনিছোঁ। তেতিয়া ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ সম্ভৱতঃ তোমালোকে সেই ফিতনা তথা পৰীক্ষাৰ কথা কৈ আছা? যিটো ফিতনাৰ সন্মুখীন মানুহে নিজৰ আত্মীয়সকলৰ ক্ষেত্ৰত হ'বলগীয়া হয়। যেনে- স্ত্ৰী আৰু সন্তান-সন্ততিৰ ক্ষেত্ৰত, সিহঁতক অত্যন্ত মুহাব্বত কৰাৰ কাৰণে, সি কৃপণ হৈ পৰে আৰু বহুতো কল্যাণৰ পৰা আঁতৰি থাকে। অথবা সি সিহঁতৰ প্ৰাপ্য অধিকাৰ আদায় কৰাৰ ক্ষেত্ৰত, বা শিক্ষা দীক্ষা দিয়াৰ ক্ষেত্ৰত অৱহেলা কৰে। এইদৰে তোমালোকে হয়তো প্ৰতিৱেশীৰ ফালৰ পৰা সন্মুখীন হ'বলগীয়া ফিতনাৰ কথা কৈ আছা? তেওঁলোকে ক'লেঃ হয়। তেতিয়া তেওঁ ক'লেঃ এইবোৰ ফিতনাই আত্মপৰ্যালোচনাৰ দাবী কৰে। এইবোৰত এনেকুৱা থাকে যিবোৰ নেক আমলৰ জৰিয়তে প্ৰায়শ্চিত্ত হৈ যায়, যেনে- নামাজ, ৰোজা আৰু চাদাক্বাহ আদিৰ জৰিয়তে। কিন্তু তোমালোকৰ মাজৰ কোনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ব্যাপক ফিতনা সম্পৰ্কে আলোচনা কৰা শুনিছা, যিবোৰ ফিতনা বৃহৎ বৃহৎ আকাৰত আহিব, বিভিন্ন প্ৰকাৰে আহিব, সেইবোৰ ফিতনা এনেকৈ আহিব, যেনেকৈ সাগৰত প্ৰকাণ্ড প্ৰকাণ্ড ঢৌ আহে। তেতিয়া সকলোৱে মৌন হৈ পৰিল, আৰু হুজাইফা ইবনুল য়ামান ৰাদ্বিয়াল্লাহু আনহুমাই ক'লেঃ মই শুনিছোঁ। তেতিয়া ওমৰ ৰাদ্বিয়াল্লাহু আনহু আনন্দিত হৈ পৰিল আৰু ক'লেঃ তোমাৰ পিতৃৰ প্ৰতি আল্লাহে ৰহম কৰক, যাৰ পৰা তোমাৰ দৰে এজন সুসন্তানৰ জন্ম হৈছে। হে হুজাইফা! কোৱা, যি শুনিছা। তেতিয়া হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ফিতনাবোৰ প্ৰকট হয় আৰু মানুহৰ হৃদয়ৰ পৃষ্ঠ ভাগত আৰু কাষত আঠা লাগা দি লাগি ধৰে, যিদৰে মানুহে পাটীত বা ঢাৰিত খালি শৰীৰে শুলে শৰীৰত দাগ বহি পৰে। এইবোৰ ফিতনাই হৃদয়ক গভীৰভাৱে প্ৰভাৱিত কৰে আৰু বাৰে বাৰে আক্ৰমণ কৰে, এটাৰ পিছত এটা। যিটো হৃদয়ত এইবোৰ ফিতনা প্ৰৱেশ কৰে, লগতে যিয়ে ইয়াক পছন্দ কৰে আৰু অন্তৰত ইয়াক মিশ্ৰিত কৰি লয়, যিদৰে পানীৰ সৈতে নিমখ আদি মিশ্ৰিত হয়। তাৰ অন্তৰত এটা ক'লা দাগ পৰে। আনহাতে যি অন্তৰে এই ফিতনাক বৰ্জন কৰে, সেই অন্তৰত এটা বগা চিন পৰে। এইদৰে দুয়োটা অন্তৰ দুই ধৰণৰ হৈ পৰে: এটা অন্তৰ, যিটো ঈমানী পৰিপক্কতাৰ কাৰণে আৰু দোষ-ত্ৰুটিৰ পৰা সুৰক্ষিত থকাৰ কাৰণে উজ্জ্বল হৈ পৰে, ফলত ফিতনাই তাত প্ৰভাৱ পেলাব নোৱাৰে, তথা লাগি ধৰিব নোৱাৰে। যিদৰে পৰিষ্কাৰ শিলত কোনো বস্তু টিকি থাকিব নোৱাৰে। ফলত ফিতনাই সেই হৃদয়ক কোনো প্ৰকাৰে প্ৰভাৱিত নোৱাৰে, অৱশেষ এই অৱস্থাতে তেওঁ আল্লাহৰ সৈতে সাক্ষাৎ কৰে। পক্ষান্তৰে আনটো অন্তৰ, ফিতনাৰ ফলত একেবাৰে ক'লা হৈ পৰে। সেই অন্তৰৰ অৱস্থা হৈছে ওলটি থকা কলহৰ দৰে, য'ত পানী ভৰিব নোৱাৰি। সেয়ে এনেকুৱা অন্তৰত কল্যাণ তথা হিকমত সোমাব নোৱাৰে। তাৰ অন্তৰে যিটো ভাল পায় তাৰ বাহিৰে সি সঁচা মিছা আৰু ভালপোৱা একো বুজি নাপায়। হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে ওমৰ ৰাদ্বিয়াল্লাহু আনহুক আৰু কৈছিলঃ এই ফিতনাবোৰ আপোনাৰ জীৱনকালত প্ৰকট নহ'ব। আপোনাৰ আৰু সেই ফিতনাবোৰৰ মাজত এটা বন্ধ দুৱাৰ আছে। অচিৰেই সেইটো ভাঙি পেলোৱা হ'ব। এই শুনি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ সঁচাই সেইটো ভাঙি পেলোৱা হ'বনে? যদি সেইটো খোলা হ'লহেঁতেন তেন্তে পুনৰ বন্ধ কৰা গ'লহেঁতেন। হুজাইফাই ক'লেঃ নহয়। সেইটো ভাঙি পেলোৱাহে হ'ব। সেই দুৱাৰটো হৈছে এজন মানুহ। যাক হত্যা কৰা হ'ব অথবা স্বাভাৱিক মৃত্যুবৰণ কৰিব। মই যিখিনি কথা দাঙি ধৰিলোঁ, এইটো হৈছে সত্য সংবাদ। এইটো পূৰ্বৱৰ্তী কিতাবৰ কোনো কল্প কাহিনী নহয়, আৰু কোনো মন্তব্যকাৰীৰ মন্তব্যও নহয়। বৰং এইটো হৈছে প্ৰিয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছ।
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এজনী দৰিদ্ৰ মহিলা তাইৰ দুজনী কন্যা সন্তান কোলাতলৈ মোৰ ওচৰলৈ আহিল। মই তাইক তিনিটা খেজুৰ খাবলৈ দিলোঁ। ইয়াৰ পিছত তাই দুয়ো কন্যাক এটা এটাকৈ খেজুৰ ভগাই দিলে আৰু এটা খেজুৰ নিজে খাবলৈ মুখ পৰ্যন্ত উঠাইছে ইতিমধ্যে ছোৱালী দুজনীয়ে সেইটোও খাব বিচাৰিলে। ফলত মহিলাগৰাকীয়ে সেই খেজুৰটোকো ফালি দুভাগ কৰি উভয়ৰ মাজত বণ্টন কৰি দিলে। তাইৰ এই কৰ্মটোৱে মোক অত্যন্ত মুগ্ধ কৰিলে। সেয়ে মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উক্ত বিষয়টো উল্লেখ কৰিলোঁ। তেখেতে ক'লেঃ "নিশ্চয় মহান আল্লাহে তাইৰ এই কৰ্মৰ বিনিময়ত তাইৰ বাবে জান্নাত ওৱাজিব কৰিছে, নাইবা তাইক জাহান্নামৰ পৰা মুক্ত কৰি দিছে।"
(মুছলিম)উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই বৰ্ণনা কৰিছে যে, এজনী দুখীয়া মহিলাই দুটি কন্যা শিশু কোলাতলৈ মোৰ ওচৰলৈ আহি ভিক্ষা খুজিলে। মই তাইক তিনিটা খেজুৰ খাবলৈ দিলোঁ। কিন্তু তাই খেজুৰ তিনিটা লৈ এটা এটাকৈ ছোৱালী দুজনীক ভগাই দিলে আৰু এটা নিজে খাবলৈ মুখৰ ফালে আনিলে, কিন্তু তাইৰ শিশু দুটিয়ে সেইটোও বিচাৰিলে। এই দেখি তাই খেজুৰটো ফালি দুভাগ কৰি দুয়ো শিশুক ভগাই দিলে। ঘটনাটো দেখি আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই মুগ্ধ হ'ল আৰু তেওঁ ঘটনাটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত বৰ্ণনা কৰিলে। ঘটনাটো শুনি তেখেতে ক'লেঃ নিশ্চয় মহান আল্লাহে তাইৰ এই এটা খেজুৰৰ বিনিময়ত তাইৰ বাবে জান্নাত ওৱাজিব কৰিছে, নাইবা তাইক ইয়াৰ ফলত জাহান্নামৰ পৰা মুক্ত কৰি দিছে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যেতিয়া তোমালোকৰ মাজৰ কোনোবাই বৈঠকত উপস্থিত হয় তেতিয়া তেওঁ ছালাম কৰা উচিত। এইদৰে যেতিয়া প্ৰস্থান কৰিব তেতিয়াও ছালাম কৰা উচিত। দ্বিতীয়টোতকৈ প্ৰথমটো বেছি উত্তম নহয়।"
(আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, বৈঠকত যেতিয়া কোনো ব্যক্তিয়ে প্ৰৱেশ কৰে তেতিয়া তেওঁ উপস্থিত লোকসকলক ছালাম কৰা উচিত। এইদৰে যেতিয়া বৈঠক এৰি গুচি যাব তেতিয়াও ছালাম কৰা উচিত। যোৱাৰ সময়ত দিয়া ছালামতকৈ অহাৰ সময়ত দিয়া ছালামটো বেছি গুৰুত্বপূৰ্ণ নহয়।
মুচআব বিন চাআদৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ চাআদ বিন আবি অক্কাছে দুখীয়া শ্ৰেণীৰ লোকৰ ওপৰত তেওঁ নিজকে প্ৰাধান্য প্ৰাপ্ত বুলি ধাৰণা কৰাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তোমালোকৰ মাজৰ দুৰ্বল লোকসকলৰ কাৰণেই তোমালোকক জীৱিকা প্ৰদান কৰা হয় আৰু তোমালোকক সহায় কৰা হয়।"
(বুখাৰী)ছাআদ বিন আবি অক্কাছ ৰাদ্বিয়াল্লাহু আনহুৱে ধাৰণা কৰিলে যে, তেওঁ যিহেতু এজন বাহাদুৰ শক্তিশালী ব্যক্তি, সেয়ে তেওঁ অন্যান্য দুৰ্বল লোকতকৈ মৰ্যাদাৱান, তথা তেওঁৰ সৈতে দুৰ্বলসকলৰ তুলনা নহয়। এই কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ শুনা! তোমালোকৰ মাজৰ এই দুৰ্বল লোকসকলৰ দুআ, নামাজ আৰু ইখলাচৰ কাৰণেই তোমালোকক জীৱিকা প্ৰদান কৰা হয় আৰু সহায় কৰা হয়। তেওঁলোকে দুআ কৰাৰ ক্ষেত্ৰত অত্যন্ত নিষ্ঠা সহকাৰে দুআ কৰে। দুনিয়াৰ মোহ মায়া এৰি একান্ত মনে বিনীত হৈ ইবাদত কৰে।