





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে আমি যেতিয়া আহাৰ কৰিছিলোঁ, তেতিয়া তেখেতে আৰম্ভ নকৰালৈকে আমি কোনেও খাদ্যত হাত ৰখা নাছিলোঁ। এবাৰ আমি তেখেতৰ সৈতে আহাৰ কৰিবলৈ উপস্থিত আছিলোঁ, হঠাৎ এজনী কন্যা শিশু এনেকৈ আহিল যেনিবা তাইক কোনোবাই ঠেলি পঠিয়াইছে, আৰু শিশুটোৱে খাদ্যত হাত দিবলৈ ধৰিলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘপককৈ তাইৰ হাত ধৰিলে। ইয়াৰ পিছত এজন বেদুঈনেও সেইদৰে দ্ৰুত বেগত আহিল, যেনিবা তাকো ঠেলি পঠিওৱা হৈছে। ফলত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰো হাত ধৰি পেলালে। ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "যিটো খাদ্য খোৱাৰ সময়ত আল্লাহৰ নাম লোৱা হোৱা নাই, সেইটোক চয়তানে হালাল বুলি গণ্য কৰে। শুনা! এই শিশুটোকো চয়তানেই আনিছে, যাতে ইয়াৰ ফলত নিজৰ বাবে খাদ্য হালাল কৰি ল'ব পাৰে, সেয়ে মই তাইৰ হাত ধৰি পেলাইছোঁ। ইয়াৰ পিছত চয়তানে বেদুঈনক আনিছে, যাতে ইয়াৰ দ্বাৰা নিজৰ বাবে খাদ্য হালাল কৰি ল'ব পাৰে। কিন্তু মই ইয়াৰো হাত ধৰি পেলাইছোঁ। সেই মহান সত্ত্বাৰ শপত! যাৰ হাতত মোৰ প্ৰাণ আছে, ইহঁতৰ দুজনৰ হাতৰ সৈতে চয়তানৰ হাত মোৰ হাতত আটক হৈছে।"
(মুছলিম)হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত বৰ্ণনা কৰিছে যে, তেওঁলোকে যেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে কোনো আহাৰ গ্ৰহণত অংশ গ্ৰহণ কৰিছিল, তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰম্ভ নকৰালৈকে তেওঁ সেই খাদ্যত হাত আগবঢ়োৱা নাছিল। এবাৰ তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে এটা ভোজনত অংশ গ্ৰহণ কৰিছিল, সেই সময়ছোৱাত এজনী কন্যা শিশু দৌৰি আহি (বিছমিল্লাহ নোকোৱাকৈ) খোৱা পাত্ৰত হাত দিব ধৰিলে, এনেকুৱা লাগিছিল যেনিবা তাইক কোনোবাই খেদি পঠিয়াইছে, লগে লগে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাইৰ হাত ধৰি পেলালে। ইয়াৰ পিছত এজন বেদুঈনো এনেকৈ আহিল যেনিবা তাক কোনোবাই ঠেলি পঠিয়াইছে, সিও (বিছমিল্লাহ নোকোৱাকৈ) খাদ্যত হাত দিবলৈ ধৰিলে, লগে লগে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাৰ হাত ধৰি পেলালে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ যদি কোনোবাই আল্লাহৰ নাম নোলোৱাকৈ আহাৰ কৰা আৰম্ভ কৰে, তেন্তে চয়তানে সেই আহাৰত অংশগ্ৰহণ কৰিবলৈ সক্ষম হয়। এই শিশুটোক আনিছে, যাতে ইয়াৰ দ্বাৰা সি নিজেও খাবলৈ সক্ষম হয়। সেয়ে মই তাইৰ হাত ধৰি পেলাইছোঁ। ইয়াৰ পিছত সি বেদুঈনক আনিলে, যাতে তাৰ মাধ্যমত আহাৰ গ্ৰহণত অংশী হ'ব পাৰে, কিন্তু মই তাৰো হাত ধৰি পেলালোঁ। শুনা! শপত সেই সত্ত্বাৰ, যাৰ হাতত মোৰ প্ৰাণ আছে, এই শিশুটোৰ হাতৰ সৈতে চয়তানৰ হাতো মই মোৰ হাতৰ ভিতৰত ধৰি ৰাখিছোঁ। ইয়াৰ পিছত আল্লাহৰ নাম লৈ খোৱা আৰম্ভ কৰিলে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "পৃথিৱী হৈছে মুমিনসকলৰ বাবে কাৰাগাৰ স্বৰূপ, আৰু কাফিৰসকলৰ বাবে জান্নাত স্বৰূপ।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মুমিনৰ বাবে পাৰ্থিৱ জীৱন হৈছে এটা কাৰাগাৰৰ দৰে, কাৰণ মুমিন ব্যক্তিয়ে চৰীয়তৰ বিধি-বিধানবোৰ খামোচি ধৰি আদেশসমূহ পালন কৰিব লাগে আৰু নিষেধসমূহৰ পৰা বিৰত থাকিব লাগে। যেতিয়া তেওঁ মৃত্যুবৰণ কৰিব, তেতিয়া তেওঁ এইবোৰৰ পৰা মুক্তি পাব আৰু আল্লাহে তেওঁৰ বাবে যি প্ৰস্তুত কৰি ৰাখিছে, অনন্ত সেই সুখৰ ফালে তেওঁ উভতি যাব। আনহাতে এই পাৰ্থিৱ জীৱন হৈছে কাফিৰসকলৰ বাবে জান্নাতস্বৰূপ। কাৰণ সি ইয়াত তাৰ আত্মাই যি বিচাৰে আৰু তাৰ প্ৰবৃত্তিয়ে যি নিৰ্দেশ দিয়ে সেইটোৱে কৰে। সেয়ে যেতিয়া সি মৃত্যুবৰণ কৰিব, তেতিয়া সি সেই স্থায়ী শাস্তিৰ পিনে উভতি যাব যিটো আল্লাহে তাৰ বাবে কিয়ামত দিৱসত প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰি ৰাখিছে।
হাকিম বিন হিঝাম -ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত কিবা বিচাৰিলোঁ, ফলত তেখেতে মোক সেইটো প্ৰদান কৰিলে। ইয়াৰ পিছত মই আকৌ বিচাৰিলোঁ, তেখেতে মোক পুনৰ প্ৰদান কৰিলে। ইয়াৰ পিছত তেখেতে মোক ক'লেঃ "হে হাকীম! এই ধন-সম্পদ হৈছে সেউজীয়া সুস্বাদু বস্তু। যিয়ে (লোভ নোহোৱাকৈ) প্ৰশস্ত অন্তৰে সেয়া গ্ৰহণ কৰে, তাৰ বাবে সেইটো হৈছে বৰকতময়। আনহাতে যিয়ে নিজকে প্ৰতাপশালী কৰিবলৈ তথা লোভ সহকাৰে গ্ৰহণ কৰে, তাৰ বাবে সেইটোত কোনো বৰকত নাই। তাৰ উদাহৰণ হৈছে সেই ব্যক্তিৰ দৰে, যিয়ে ভক্ষণ কৰে কিন্তু তাৰ ভোক নকমে। জানি থোৱা, তলৰ হাততকৈ ওপৰৰ হাত হৈছে উত্তম।" হাকীমে কৈছেঃ মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! সেই সত্ত্বাৰ শপত, যিয়ে আপোনাক সত্য সহকাৰে প্ৰেৰণ কৰিছে, আপোনাৰ পিছত মৃত্যু পৰ্যন্ত মই কাৰো ওচৰত কিবা বিচাৰি কাকো সামান্যতমো বিব্ৰত নকৰোঁ। ইয়াৰ পিছত আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে (নিজৰ খিলাফত কালত) কেতিয়াবা হাকীমক অনুদান নিবলৈ মাতিছিল, কিন্তু তেওঁ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ পিছত ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱেও তেওঁক অনুদান গ্ৰহণ কৰিবলৈ মাতিছিল, কিন্তু তেওঁ সেয়া গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। এই দেখি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ভাষণ প্ৰদান কৰি কৈছিলঃ হে মুছলিম সমাজ! জানি থওক, মই এই ফাই সম্পদৰ পৰা হাকীমক তেওঁৰ প্ৰাপ্য অংশ নিবলৈ মাতিছিলোঁ, তেওঁ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। সঁচাই হাকীমে মৃত্যু পৰ্যন্ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছত আন কাৰো ওচৰত কিবা বিচাৰি বিব্ৰত কৰা নাছিল।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাকীম ইবনে হিঝাম ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত কিছুমান পাৰ্থিৱ বস্তু খুজিলে। তেখেতে তেওঁক সেয়া প্ৰদান কৰিলে। ইয়াৰ পিছত তেওঁ আৰু কিবা কিবি বিচাৰিলে, তেখেতে তেওঁক সেইবোৰো প্ৰদান কৰিলে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ হে হাকীম! এই ধন-সম্পদ হৈছে লোভনীয় তথা আকৰ্ষণীয় বস্তু। যিয়ে এইবোৰ নোখোজাকৈ তথা লোভ লালসা নথকাকৈ লাভ কৰে, তেওঁৰ বাবে এইটো হৈছে বৰকতময়। আনহাতে যিয়ে লোভ তথা অতি আগ্ৰহেৰে এইটো গ্ৰহণ কৰে, তাৰ বাবে সেইটোত কোনো বৰকত নাই। এনেকুৱা ব্যক্তিৰ উদাহৰণ হৈছে যিয়ে খায় আৰু খায়, তথাপিও পেট নভৰে। জানি থোৱা, আল্লাহৰ ওচৰত তলৰ ভিখাৰী হাততকৈ ওপৰৰ দানকাৰী হাত হৈছে অধিক উত্তম। ইয়াৰ পিছত হাকীমে কৈছেঃ মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! সেই সত্ত্বাৰ শপত খাই কৈছোঁ, যিয়ে আপোনাক সত্য সহকাৰে প্ৰেৰণ কৰিছে, মই আপোনাৰ পিছত মৃত্যু পৰ্যন্ত বেলেগ কাৰো ওচৰতেই একো নিবিচাৰোঁ। ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰথম খলীফা আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁক কেতিয়াবা উপহাৰ গ্ৰহণ কৰিবলৈ মাতিছিল, কিন্তু তেওঁ সেয়া গ্ৰহণ কৰা নাছিল। ইয়াৰ পিছত আমীৰুল মুমিনীন ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱেও তেওঁক উপহাৰ গ্ৰহণ কৰিবলৈ মাতিছিল কিন্তু তেওঁ সেয়া ল'বলৈ অস্বীকাৰ কৰিছিল। সেয়ে ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ হে মুছলিমসকল! মই তেওঁক তেওঁৰ অধিকাৰ প্ৰদান কৰিছোঁ, যিটো আল্লাহে ফাই সম্পদৰ পৰা তেওঁৰ বাবে নিৰ্ধাৰণ কৰিছে, যিটো সম্পদ কোনো যুদ্ধ নোহোৱাকৈয়ে মুছলিমসকলে কাফিৰসকলৰ পৰা অৰ্জন কৰিছে। কিন্তু তেওঁ এইটোও ল'বলৈ অস্বীকাৰ কৰিছে। সঁচাকৈয়ে হাকীমে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছত মৃত্যু পৰ্যন্ত কাৰো পৰা বিচাৰি একো লোৱা নাছিল।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "বহুতো এনেকুৱা লোক আছে, যাৰ চুলিবোৰ অপৰিপাটি, যাক দুৱাৰৰ পৰা আঁতৰাই পঠোৱা হয়, এনেকুৱা ব্যক্তিয়ে আল্লাহৰ নামত শপত কৰিলে আল্লাহে সেয়া সত্যত পৰিণত কৰে।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মানুহৰ মাজত এনেকুৱাও কিছুমান মানুহ আছে, যিসকলৰ চুলিবোৰ অপৰিপাটি হৈ থাকে, নোধোৱাৰ ফলত আৰু তেল আদি ব্যৱহাৰ নকৰাৰ ফলত মলিন হৈ থাকে, যাৰ ফলত মানুহে সিহঁতক গুৰুত্ব নিদিয়ে, সিহঁতে কাৰোবাৰ দুৱাৰত গ'লে আঁতৰাই দিয়ে, আৰু হেয় প্ৰতিপন্ন কৰি খেদি পঠিয়ায়। এনেকুৱা ব্যক্তিয়ে যদি কোনো বিষয়ত শপত খায় তেন্তে আল্লাহে সিহঁতৰ প্ৰাৰ্থনাত সঁহাৰি প্ৰদান কৰি সেই বিষয়টোক সত্যত পৰিণত কৰে, লগতে সিহঁতৰ শপত ভংগ হোৱাৰ পৰা ৰক্ষা কৰে। এইটো হয় এই কাৰণে যে, আল্লাহৰ ওচৰত সিহঁতৰ মৰ্যাদা আছে।
ছাআদ বিন আবী অক্কাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উপস্থিত আছিলোঁ। তেখেতে ক'লেঃ "তোমালোকৰ মাজৰ কোনোবাই দৈনিক এহেজাৰ নেকী অৰ্জন কৰিবলৈ অপাৰগ হ'বনে? তেখেতৰ ওচৰত বহি থকা এজনে প্ৰশ্ন কৰিলে: কিদৰে আমি এহেজাৰ নেকী অৰ্জন কৰিব পাৰিম? তেখেতে ক'লেঃ "দৈনিক এশবাৰ তাছবীহ পাঠ কৰিলে, এহেজাৰ নেকী লিপিবদ্ধ কৰা হয় অথবা এহেজাৰ গুনাহ ক্ষমা কৰা হয়।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সুধিলেঃ তোমালোকে দৈনিক এহেজাৰ নেকী অৰ্জন কৰিব নোৱাৰিবানে? উপস্থিত লোকসকলৰ মাজৰ এজনে ক'লেঃ কিদৰে ইমান সহজে দৈনিক এহেজাৰ নেকী অৰ্জন কৰাটো সম্ভৱ? তেখেতে ক'লেঃ যিয়ে এশবাৰ ছুবহানাল্লাহ পাঠ কৰিব, তাৰ বাবে এহেজাৰ নেকী লিপিবদ্ধ কৰা হ'ব। কাৰণ এটা নেকীৰ বিনিময়ত দহটা নেকী প্ৰদান কৰা হয়। নাইবা তাৰ এহেজাৰ গুনাহ ক্ষমা কৰি দিয়া হ'ব।
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "হে আল্লাহ! আখিৰাতৰ জীৱনেই হৈছে প্ৰকৃত জীৱন। গতিকে তুমি আনচাৰ আৰু মুহাজিৰসকলক ক্ষমা কৰি দিয়া।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, আখিৰাতৰ জীৱনেই হৈছে প্ৰকৃত জীৱন, কাৰণ তাত আছে আল্লাহৰ সন্তুষ্টি, তেওঁৰ ৰহমত আৰু জান্নাত। পক্ষান্তৰে পাৰ্থিৱ জীৱন হৈছে ক্ষণস্থায়ী আৰু আখিৰাতৰ জীৱন হৈছে চিৰস্থায়ী। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আনচাৰসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছে, আৰু তেওঁলোকৰ সন্মান আৰু পৰিশুদ্ধতা বিচাৰি দুআ কৰিছে, কাৰণ তেওঁলোকেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক আৰু মুহাজিৰসকলক আশ্ৰয় দান কৰিছে আৰু তেওঁলোকক সহায়-সহযোগিতা কৰিছে, আনকি নিজৰ সম্পদ তেওঁলোকৰ মাজত বণ্টন কৰি দিছে, লগতে তেখেতে মুহাজিৰসকলৰ বাবেও দুআ কৰিছে, কাৰণ তেওঁলোকে আল্লাহৰ সন্তুষ্টি অৰ্জনাৰ্থে নিজৰ ঘৰ দুৱাৰ অৰ্থ সম্পদ ত্যাগ কৰি হিজৰত কৰিছে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "সাৱধান! পৃথিৱী আৰু ইয়াৰ মাজত থকা সকলো বস্তু অভিশপ্ত, কেৱল আল্লাহৰ জিকৰ আৰু ইয়াৰ সৈতে সম্পৃক্ত বিষয়বোৰৰ বাহিৰে, লগতে আলিম আৰু তালিবে ইল্মৰ বাহিৰে।"
(তিৰমিজী, ইবনে মাজাহ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, দুনিয়া আৰু ইয়াৰ ভিতৰত থকা সকলো বস্তু আল্লাহৰ দৃষ্টিত অপছন্দনীয়, ঘৃণীত তথা পৰিত্যক্ত। ইয়াত প্ৰশংসনীয় একো নাই। কিয়নো ইয়াত থকা প্ৰতিটো বস্তুৱে আল্লাহৰ জিকৰ আজকাৰৰ পৰা ব্যস্ত ৰাখে আৰু দূৰৈত ৰাখে। একমাত্ৰ আল্লাহৰ জিকৰৰ বাহিৰে আৰু ইয়াৰ সৈতে সম্পৃক্ত বিষয়বোৰৰ বাহিৰে। অথবা শ্বাৰয়ী জ্ঞানৰ অধিকাৰী আলিমৰ বাহিৰে যিয়ে মানুহক ইল্ম শিক্ষা দিয়ে, লগতে শ্বাৰয়ী জ্ঞান অৰ্জনকাৰী শিক্ষাৰ্থীৰ বাহিৰে।
অহশ্বী বিন হাৰ্ব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, এবাৰ তেওঁলোকে ক'লে যে, হে আল্লাহৰ ৰাছুল! আমি খাওঁ কিন্তু আমাৰ পেট নভৰে তথা আমি পৰিতৃপ্ত হ'ব নোৱাৰোঁ। তেখেতে ক'লেঃ "সম্ভৱতঃ তোমালোকে একেলগে বহি নোখোৱা?" তেওঁলোকে ক'লেঃ হয়। তেতিয়া তেখেতে ক'লেঃ "তোমালোকে একেলগে বহি আহাৰ কৰা, আৰু আহাৰ কৰাৰ সময়ত আল্লাহৰ নাম স্মৰণ কৰিবা, তেতিয়াহে তোমালোকৰ খাদ্যত বৰকত হ'ব।"
(আবু দাঊদ,ইবনে মাজাহ, আহমদ)কিছুমান চাহাবীয়ে এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে যে, আমি খোৱা বোৱা কৰোঁ কিন্তু আমাৰ পেট নভৰে তথা আমি পৰিতৃপ্ত নহওঁ। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক ক'লেঃ তোমালোকে সম্ভৱতঃ খোৱাৰ সময়ত পৃথকে পৃথকে বহি খোৱা। তোমালোকে প্ৰত্যেকেই অকলশৰীয়াকৈ বহি খোৱা নেকি? তেওঁলোকে ক'লেঃ হয়। তেতিয়া তেখেতে ক'লেঃ শুনা! খোৱাৰ সময়ত একেলগে বহি খাবা, পৃথকে পৃথকে নবহিবা, আৰু খোৱাৰ আগত বিছমিল্লাহ বুলি কৈ খোৱা আৰম্ভ কৰিবা। তেতিয়া আল্লাহে তোমালোকৰ খাদ্যত বৰকত দান কৰিব আৰু তোমালোকে পৰিতৃপ্ত হৈ খাই উঠিবা।
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "মোক যেতিয়া মিৰাজলৈ লৈ যোৱা হৈছিল, সেই সময়ত মই কিছুমান লোকৰ ওচৰেৰে পাৰ হৈছিলোঁ, সিহঁতৰ নখবোৰ আছিল তামৰ, যিবোৰৰ দ্বাৰা সিহঁতে নিজৰ মুখমণ্ডল আৰু বুকু খামোচি আঘাত কৰি আছিল। তেতিয়া মই ক'লোঁঃ হে জিব্ৰীল! ইহঁত কোন? তেওঁ ক'লেঃ ইহঁত হৈছে সেইসকল লোক, যিসকলে মানুহৰ মাংস ভক্ষণ কৰিছিল আৰু তেওঁলোকৰ সন্মান সম্ভ্ৰম হৰণ কৰিছিল।"
(আবু দাঊদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, ইছৰা আৰু মিৰাজৰ ৰাতি যেতিয়া মোক আকাশলৈ লৈ যোৱা হৈছিল, তেতিয়া তেখেত এনেকুৱা কিছুমান লোকৰ ওচৰেৰে পাৰ হৈছিল যিসকলৰ নখবোৰ আছিল তামৰ। সিহঁতে সেই নখেৰে নিজৰ মুখমণ্ডল আৰু বুকুত আঘাত কৰি আছিল। এই দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জিব্ৰীল আলাইহিচ্ছালামক সুধিলেঃ ইহঁতে কি এনেকুৱা কাম কৰিছে, যাৰ ফলত এনেকৈ শাস্তি ভোগ কৰি আছে? তেতিয়া জিব্ৰীল আলাইহিচ্ছালামে ক'লেঃ ইহঁত হৈছে সেইসকল লোক যিসকলে মানুহৰ গীবত (সমালোচনা) কৰিছিল, আৰু অন্যায়ভাৱে মানুহৰ সন্মান বিনষ্ট কৰিছিল।