





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আবু মুছা ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আল্লাহে যি হিদায়ত আৰু ইল্ম প্ৰদান কৰি মোক প্ৰেৰণ কৰিছে তাৰ দৃষ্টান্ত হৈছে, এনেকুৱা প্ৰবল বৰষুণৰ দৰে যিটো পৃথিৱীত বৰ্ষণ হয়। তাৰে কিছুমান ভূমি উৰ্বৰ, যি ভূমিয়ে পানী শুহি লৈ প্ৰচুৰ পৰিমাণে ঘাঁহ পাত, গছ-বৃক্ষ আদি উৎপাদন কৰে, আকৌ কিছুমান ভূমি থাকে কঠিন, যি ভূমিয়ে পানী সঞ্চয় কৰি ৰাখে, পিছত আল্লাহ তাআ’লাই সেই পানীৰ দ্বাৰা মানুহৰ উপকাৰ সাধন কৰে – মানুহে নিজেও পান কৰে, পশুকো পান কৰায় আৰু তাৰ দ্বাৰা খেতি-বাতি কৰে । আকৌ কিছুমান মাটি আছে, একেবাৰে মসৃণ আৰু সমতল, এনে মাটিয়ে পানী সঞ্চয় কৰিও নাৰাখে আৰু গছ বিৰিখো উৎপাদন নহয়। এয়াই হ’ল – সেই ব্যক্তিৰ উদাহৰণ যিয়ে দ্বীনৰ জ্ঞান অৰ্জন কৰে আৰু আল্লাহ তাআ’লাই মোক দি পঠোৱা বাণীৰ দ্বাৰা উপকৃত হয়, ফলস্বৰূপে তেওঁ নিজেও শিক্ষা অৰ্জন কৰে আৰু আনকো শিকায় । এনে ব্যক্তিৰো উদাহৰণ যিজনে সেইফালে মূৰ দাঙি নাচায় আৰু আল্লাহৰ ফালৰ পৰা মোক যি হিদায়ত দি প্ৰেৰণ কৰিছে সেয়া গ্ৰহণ নকৰে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})যিয়ে চৰীয়তৰ বিধি-বিধানৰ দ্বাৰা উপকৃত হয়, আৰু সেই পথত পৰিচালিত হয়, যিটো পথৰ সহায়ত লক্ষ্যত উপনীত হ'ব পৰা যায়, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই হাদীছটোত তেনেকুৱা লোকৰ উদাহৰণ দাঙি ধৰিছে। তেখেতে চৰীয়তি ইল্মক সেই ভূমিৰ সৈতে ৰিজাইছে, য'ত যথেষ্ট পৰিমাণে বৰষুণ হয়। তেখেতে এনেকুৱা ভূমিক তিনিটা ভাগত বিভক্ত কৰিছেঃ প্ৰথমঃ উৰ্বৰ বিশুদ্ধ মাটি, যি মাটিয়ে বৰষুণৰ পানী গ্ৰহণ কৰে। সেয়ে এনেকুৱা মাটি শুকান থাকক বা বোকা উভয় অৱস্থাতে উদ্ভিদ জন্মাব পাৰে। ফলত ইয়াৰ দ্বাৰা মানুহে উপকৃত হয়। দ্বিতীয়ঃ এনেকুৱা ভূমি যাৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা আছে, কিন্তু তাত কোনো উদ্ভিদ নগজে। ফলত ইয়াত কেৱল পানী সংৰক্ষিত থাকে, যাৰ দ্বাৰা মানুহে উপকৃত হয়। সেই পানী মানুহে নিজেও খায় আৰু চতুষ্পদ জন্তুকো খোৱায়, লগতে খেতি পথাৰতো ব্যৱহাৰ কৰে। তৃতীয়ঃ এনেকুৱা সমতল, মসৃণ ভূমি, যিয়ে পানী ধৰি ৰাখিব নোৱাৰে, তথা য'ত কোনো উদ্ভিদো নগজে। সেই ভূমি নিজেও পানীৰ দ্বাৰা উপকৃত হ'ব নোৱাৰে আৰু মানুহকো উপকৃত কৰিব নোৱাৰে। এতেকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা ইল্ম আৰু হিদায়ত যিসকলে শ্ৰৱণ কৰে, তেওঁলোকৰ উদাহৰণো হৈছে অনুৰূপ ভূমিৰ দৰে। প্ৰথমঃ এনেকুৱা আলিম, যিজন আল্লাহৰ দ্বীন সম্পৰ্কে গভীৰ জ্ঞানৰ অধিকাৰী। যিয়ে সেই ইল্ম অনুসৰি আমল কৰে, আৰু আনকো শিক্ষা দিয়ে। তেওঁৰ উদাহৰণ হৈছে উৎকৃষ্ট ভূমিৰ দৰে, যিয়ে পানী শোষণ কৰি নিজেও উপকৃত হয় আৰু আনকো উপকৃত কৰে, য'ত ফচল আদি উৎপাদিত হয়, আৰু সেইবোৰৰ দ্বাৰা বিভিন্নজনে উপকৃত হয়। দ্বিতীয়ঃ এনেকুৱা ব্যক্তি, যিয়ে ইল্ম অৰ্জন কৰিছে কিন্তু তেওঁ ভালদৰে বুজি পোৱা নাই আৰু তেওঁ সেই ইল্মৰ দ্বাৰা মাছাইলো সমাধান কৰিব নোৱাৰে। এনেকুৱা ব্যক্তি হৈছে ইল্মৰ এজন সংগ্ৰাহক, সদায় ইল্মৰ মাজত পৰি থকাৰ পিছতো ইল্মৰ গভীৰতাত যাব পৰা নাই, তথা যি ইল্ম সংগ্ৰহ কৰিছে সেই ইল্ম বুজি পোৱা নাই। তেওঁ হৈছে বেলেগৰ বাবে এটা মাধ্যম। তেওঁৰ উদাহৰণ দিয়া হৈছে এনেকুৱা ভূমিৰ সৈতে, য'ত পানী জমা হয় আৰু সেই পানীৰ দ্বাৰা মানুহে উপকৃত হয়। তৃতীয়ঃ যিয়ে ইল্ম শুনে কিন্তু মুখস্থ নকৰে আৰু আমলো নকৰে আৰু বেলেগক শিক্ষাও নিদিয়ে। তাৰ উদাহৰণ হৈছে এনেকুৱা অনুৰ্ব্বৰ ভূমিৰ দৰে, য'ত কোনো উদ্ভিদ নগজে, যি ভূমিয়ে পানী ধৰি ৰাখিব নোৱাৰে তথা যিটো ভূমি বেলেগৰ বাবে এক প্ৰকাৰ ক্ষতিকাৰক।
নুমান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "তোমালোকে নিজৰ চাহিদা মতে পৰ্যাপ্ত খাদ্য আৰু পানীয় পোৱা নাইনে, অথচ মই তোমালোকৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক দেখিছোঁ, তেখেত ভোক নিবাৰণ কৰিবলৈ এই নিম্নমানৰ শুকান খেজুৰো পোৱা নাছিল।"
(মুছলিম)নু’মান ইবনে বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত মানুহক আল্লাহৰ নিয়ামতৰ কথা সোঁৱৰাই দি কৈছে যে, তোমালোক কিমান সুখী আৰু স্বাচ্ছন্দ্য অৱস্থাত আছা। তোমালোকে নিজৰ খোৱা-লোৱা কৰিব পৰা স্বাধীনতা আছে, যিমান পৰিমাণ খাব বিচৰা সিমান পৰিমাণে খাব পাৰা। ইয়াৰ পিছত তেওঁ নবী ﷺ-ৰ অৱস্থা সম্পৰ্কে বৰ্ণনা কৰিছে যে, তেখেত ভোকৰ তাড়না দূৰ কৰিবলৈ তথা পেট ভৰাবলৈ নিম্ন মানৰ শুকান খেজুৰো বিচাৰি পোৱা নাছিল।
আবুল আব্বাছ ছাহল ইবনে ছা'দ আচ-ছা'ইদী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক’লে: হে আল্লাহৰ ৰাছুল! মোক এনেকুৱা কোনো কামৰ উপদেশ দিয়ক যিটো কৰিলে আল্লাহে মোক ভাল পাব আৰু মানুহেও মোক ভাল পাব। তেতিয়া তেখেতে ক'লেঃ "পৃথিৱীৰ প্ৰতি মোহ নাৰাখিবা, এনে কৰিলে আল্লাহে তোমাক ভাল পাব; আৰু মানুহৰ ওচৰত যি আছে সেই সম্পৰ্কে আগ্ৰহী নহ’বা, এনে কৰিলে মানুহে তোমাক ভাল পাব।"
رواه ابن ماجه وغيره بأسانيد حسنةহাদীছটোত বৰ্ণিত হৈছে যে, এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দিশ-নিৰ্দেশনা বিচাৰি ক'লে যে, তেখেতে তেওঁক এনেকুৱা এটা আমল সম্পৰ্কে জনাব লাগে যিটো কৰিলে আল্লাহেও ভাল পাব আৰু মানুহেও তেওঁক ভাল পাব। ইয়াৰ উত্তৰত তেখেতে তেওঁক ক'লেঃ তুমি যদি পাৰ্থিৱ জীৱনৰ সেইবোৰ বস্তু পৰিত্যাগ কৰা, যিবোৰ বস্তুৰ আখিৰাতত কোনো প্ৰয়োজন নাই, তথা অলাগতীয়াল অনৰ্থক বস্তুবোৰ পৰিত্যাগ কৰা, লগতে সেইবোৰ বস্তু পৰিত্যাগ কৰা যিবোৰ দ্বীনি ক্ষেত্ৰত ক্ষতিকৰ, তেন্তে আল্লাহে তোমাক ভাল পাব। এইদৰে মানুহে তোমাক ভাল পাব তেতিয়া, যেতিয়া তুমি সিহঁতৰ হাতত থকা ধন-সম্পদৰ প্ৰতি লোভ নাৰাখিবা। কিয়নো মানুহে স্বভাৱগতভাৱে নিজৰ সম্পদক ভাল পায়। গতিকে যিয়ে সিহঁতৰ সম্পদৰ প্ৰতি লোভ ৰাখে, তাক মানুহে ভাল নাপায়। যিয়ে ইয়াক পৰিত্যাগ কৰে তাক সিহঁতে ভাল পায়।
মিক্বদাদ বিন মা'দী কাৰিব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "মানুহে ভৰোৱা আটাইতকৈ নিকৃষ্ট পাত্ৰটো হৈছে মানুহৰ পেট। কেৱল মেৰুদণ্ড পোনকৈ ৰাখিবলৈ যিখিনি খোৱাৰ প্ৰয়োজন কেৱল সেইখিনি ভক্ষণ কৰাটোৱে আদম সন্তানৰ বাবে যথেষ্ট। যদি ইয়াতকৈ বেছি খাবলগীয়াই হয় তেন্তে (পাকস্থলীৰ) এক তৃতীয়াংশক খাদ্যৰ বাবে আৰু এক তৃতীয়াংশক পানীৰ বাবে আৰু এক তৃতীয়াংশক উশাহ-নিশাহ লোৱাৰ বাবে ব্যৱহাৰ কৰা উচিত।"
رواه الإمام أحمد والترمذي والنسائي وابن ماجهনবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত চিকিৎসা বিজ্ঞানৰ এটা মূলনীতি উল্লেখ কৰিছে। এইটো এনেকুৱা এটা সতৰ্কতা যিটো অৱলম্বন কৰিলে মানুহৰ স্বাস্থ্য সুৰক্ষিত থাকে। সেয়া হৈছে কম পৰিমাণে পানাহাৰ কৰা। বৰং এই পৰিমাণে খাদ্য খোৱা উচিত যাৰ দ্বাৰা প্ৰয়োজনীয় কাম কৰিবলৈ পৰ্যাপ্ত পৰিমাণে শক্তি পোৱা যায়। কাৰণ আটাইতকৈ বেয়া পাত্ৰ হৈছে পেট। কিয়নো পেট ভৰাই খালে কেইবাটাও গম্ভীৰ বেমাৰ সৃষ্টি হয়, সোনকালে হওক বা পলমকৈ, বাহ্যিকভাৱে হওক বা আভ্যন্তৰীণ। ইয়াৰ পিছত ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যদি মানুহৰ পেট ভৰাই খাবই লাগে তেন্তে পেটৰ এক তৃতীয়াংশক খাদ্যৰ বাবে আৰু এক তৃতীয়াংশক পানীৰ বাবে আৰু এক তৃতীয়াংশক উশাহ-নিশাহ লোৱাৰ বাবে ব্যৱহাৰ কৰা উচিত। যাতে পেটৰ ভিতৰৰ ঠাই সংকীৰ্ণ নহয় আৰু ক্ষতিৰ সন্মুখীন হ'বলগীয়া নহয়, লগতে দ্বীন আৰু দুনিয়াৰ ক্ষেত্ৰত আল্লাহে যিবোৰ বিষয় পালন কৰাটো অনিবাৰ্য্য কৰিছে সেই ক্ষেত্ৰত যাতে অৱহেলা নহয়।
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলৰ বিষয়ে কিবা শুনা পাই ভাষণ প্ৰদান কৰি ক'লে: "মোৰ সন্মুখত জান্নাত আৰু জাহান্নামক উপস্থাপন কৰা হৈছিল। আজিৰ দৰে ভাল আৰু বেয়া কোনো দিনেই মই দেখা নাছিলোঁ। মই যি গম পাইছোঁ, সেয়া যদি তোমালোকে গম পালাহেঁতেন তেন্তে তোমালোকে খুবেই কম হাঁহিলাহেঁতেন আৰু বেছিভাগ সময়তে কান্দিলাহেঁতেন।" বৰ্ণনাকাৰীয়ে কৈছেঃ চাহাবীসকলৰ ওপৰত সেই দিনটোতকৈ কঠিন দিন আৰু অহা নাছিল। বৰ্ণনাকাৰীয়ে কৈছেঃ (কথাষাৰ শুনি) তেওঁলোকে নিজৰ মূৰ ঢাকি লৈছিল আৰু হুক হুকাই কান্দি আছিল। ইয়াৰ পিছত ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে থিয় হৈ ক'লেঃ আমি আল্লাহক ৰব্ব হিচাপে, ইছলামক দ্বীন হিচাপে আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নবী হিচাপে পাই সন্তুষ্ট হৈছোঁ। বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত এজন ব্যক্তিয়ে থিয় হৈ তেখেতক প্ৰশ্ন কৰিলেঃ মোৰ পিতা কোন? তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তোমাৰ পিতা হৈছে অমুক ব্যক্তি।" ইয়াৰ পিছত এই আয়াত অৱতীৰ্ণ হ'লঃ "হে মুমিনসকল! তোমালোকে এনে কোনো বিষয় সম্পৰ্কে প্ৰশ্ন নকৰিবা যিটো তোমালোকৰ ওচৰত প্ৰকাশ কৰা হ’লে তোমালোকে কষ্ট পাবা।" (ছুৰা আল-মায়িদাহঃ ১০১)
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া অনুভৱ কৰিলে যে, চাহাবাসকলে অধিক প্ৰশ্ন সুধি থাকে, তেতিয়া তেখেতে ক্ৰোধান্বিত হৈ ভাষণ প্ৰদান কৰিলে আৰু ক'লেঃ মোৰ সন্মুখত জান্নাত আৰু জাহান্নাম উপস্থাপন কৰা হৈছিল, মই আজি জান্নাতত যি পৰিমাণ কল্যাণ দেখা পাইছোঁ, তেনেকুৱা নিয়ামত কেতিয়াও দেখা নাছিলোঁ। এইদৰে জাহান্নামত যি পৰিমাণ অকল্যাণ দেখা পাইছোঁ, তেনেকুৱা অকল্যাণ মই কেতিয়াও দেখা নাছিলোঁ। মই যি দেখিছোঁ, সেয়া যদি তোমালোকে দেখিলাহেঁতেন, লগতে মই আজি যি যি দেখিলোঁ সেই সম্পৰ্কে মই যি জানো, সেয়া যদি তোমালোকে জানিলাহেঁতেন তেন্তে তোমালোকে অত্যন্ত নম্ৰ হ'লাহেঁতেন, লগতে তোমালোকে খুবেই কম হাঁহিলাহেঁতেন আৰু বেছি বেছি কান্দিলাহেঁতেন। আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে যে, চাহাবাসকলৰ ওপৰত সেই দিনটোতকৈ অধিক কঠিন দিন কেতিয়াও অহা নাছিল। তেওঁলোকে ভাষণটো শুনি মূৰ ঢাকি লৈছিল আৰু হুক হুকাই কান্দিছিল। তেতিয়া ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে থিয় হৈ কৈছিল যে, আমি সন্তুষ্ট হৈছোঁ, আল্লাহক প্ৰতিপালক হিচাপে গ্ৰহণ কৰি, ইছলামক দ্বীন হিচাপে পাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নবী হিচাপে গ্ৰহণ কৰি। সেই বৈঠকতে এজনে প্ৰশ্ন কৰিছিল যে, মোৰ পিতা কোন? তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে উত্তৰত কৈছিল যে, "অমুক ব্যক্তি হৈছে তোমাৰ পিতা।" ইয়াৰ পিছত এই আয়াত অৱতীৰ্ণ হৈছিলঃ "হে মুমিনসকল! তোমালোকে এনে কোনো বিষয়ে প্ৰশ্ন নকৰিবা যিটো তোমালোকৰ ওচৰত প্ৰকাশ কৰা হ’লে সেয়া তোমালোকক কষ্ট দিব।" (ছুৰা মায়িদাহঃ ১০১)
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "আদম সন্তানৰ যদি সোণে ভৰা দুখন উপত্যকাও থাকে, তথাপিও সি তৃতীয় আন এটা উপত্যকা কামনা কৰিব। আদম সন্তানৰ পেট কেৱল মাটিয়েহে পূৰণ কৰিব পাৰিব। কিন্তু যিয়ে আল্লাহৰ ওচৰত তাওবা কৰে, আল্লাহে তাৰ তাওবা কবূল কৰে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কৈছে, যদি আদম সন্তানে সোণেৰে ভৰা এখন উপত্যকা লাভ কৰে, তথাপিও তাৰ স্বাভাৱিক লোভ-লালসাৰ বাবে সি আকৌ দুখন উপত্যকা বিচাৰিব। পৃথিৱীৰ প্ৰতি তাৰ এই লোভ লালসা মৃত্যু নোহোৱালৈকে থাকিব। অৱশেষত কবৰত মাটিয়েই তাৰ পেট পূৰ্ণ কৰিব।
কুতবা বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই দুআ পাঠ কৰিছিল: "আল্লাহুম্মা ইন্নী আ‘উজু বিকা মিম মুনকাৰাতিল আখলাক্ব, অল আ‘মাল, অল আহৱা।" অর্থ: হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ নিন্দনীয় চৰিত্ৰৰ পৰা, বেয়া কৰ্ম আৰু প্ৰবৃত্তিৰ বেয়া কামনা-বাসনাৰ পৰা।
(তিৰমিজী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই দুআ পাঠ কৰিছিলঃ হে আল্লাহ! মই আপোনাৰেই আশ্ৰয় বিচাৰিছোঁ আৰু আপোনাৰেই ওচৰতে সহায় প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ বাহিৰে আন কাৰো ওচৰত নহয়, (বেয়া চৰিত্ৰৰ পৰা) যিবোৰ আল্লাহ আৰু তেওঁৰ ৰাছুলে নিষেধ কৰিছে - যেনে- হিংসা, ঈৰ্ষা, অহংকাৰ; (আৰু বেয়া কামৰ পৰা) যেনে- গালি-শপনি দিয়া; (আৰু সকলো বেয়া কামনা-বাসনাৰ পৰা) যিবোৰ নফছে (মনে) ইচ্ছা কৰে, তথা যিবোৰ চৰীয়তৰ পৰিপন্থী।
ইয়াজ ইবনু হিমাৰ বনী মুজাশ্বিঈৰ ভাতৃ, তেওঁ কৈছেঃ এবাৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ মাজত থিয় হৈ ভাষণ প্ৰদান কৰিলে। এই হাদীছটো এটা ডাঙৰ হাদীছৰ অংশ, তাত তেখেতে কৈছেঃ "মহান আল্লাহে মোলৈ অহী কৰিছে যে, তোমালোকে পৰস্পৰে বিনয়ী হোৱা, কোনেও কাৰো প্ৰতি অহংকাৰ নকৰিবা, লগতে কোনেও কাৰো প্ৰতি সীমালংঘন নকৰিবা।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সম্বোধন কৰি ভাষণ দিবলৈ থিয় হৈছিল আৰু তেখেতে ভাষণৰ মাজতে কৈছিল যে, মহান আল্লাহে তেওঁলৈ অহী প্ৰেৰণ কৰি কৈছে যে, মানুহে পৰস্পৰৰ মাজত যেন বিনয়ী হয়, অৰ্থাৎ সৃষ্টিৰ সন্মুখত যেন বাহু নত কৰে আৰু ভদ্ৰতা অৱলম্বন কৰে। যাতে কোনেও নিজৰ বংশ, ধন-সম্পদ আৰু বেলেগ কোনো ক্ষেত্ৰতে আনৰ ওপৰত মহত্ব তথা মান-মৰ্যাদা দাবী কৰি গৌৰৱ নকৰে, লগতে কোনেও যাতে কাৰো ওপৰত অহংকাৰ নকৰে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "হে আইশ্বাহ! নিশ্চয় আল্লাহ হৈছে নম্ৰ ব্যৱহাৰকাৰী। তেওঁ নম্ৰতাক পছন্দ কৰে। এতেকে তেওঁ নম্ৰতাৰ বিনিময়ত যি দান কৰে, সেয়া কঠোৰতাৰ বিনিময়ত দান নকৰে। ইয়াৰ বাহিৰে আন কোনো আচৰণৰ বাবেও সেয়া দান নকৰে।"
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক কোমলতা অৱলম্বন কৰিবলৈ উৎসাহিত কৰিছে। তেখেতে কৈছে যে, মহান আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অত্যন্ত স্নেহশীল, নম্ৰ তথা মৰমিয়াল। তেওঁ সিহঁতৰ পৰা সহজটো বিচাৰে আৰু সিহঁতক কষ্টত পতিত কৰিব নিবিচাৰে। সেয়ে আল্লাহে তেওঁৰ বান্দাসকলক কেতিয়াও সিহঁতৰ সাধ্যাতীত দায়িত্ব অৰ্পণ নকৰে, আৰু তেওঁ বিচাৰে যে, তেওঁৰ বান্দাই কোমলতা অৱলম্বন কৰক, আৰু সকলো বিষয়ে সহজভাৱে গ্ৰহণ কৰক। গতিকে বান্দা কেতিয়াও কঠোৰ আৰু নিষ্ঠুৰ হ’ব নালাগে। কোমলতা অৱলম্বন কৰাৰ কাৰণে মহান আল্লাহে ইহকালত সুখ্যাতি, প্ৰয়োজনীয় বস্তু লাভ আৰু লক্ষ্য স্থানত উপনীত হোৱাৰ পথ সহজ কৰি দিয়ে, লগতে পৰকালত মহাপুৰস্কাৰ দিয়ে, এই প্ৰাপ্য কঠোৰতা আৰু নিষ্ঠুৰতাৰ ফলত অৰ্জন কৰা প্ৰাপ্যতকৈ অধিক বেছি। সেয়ে দয়া আৰু কোমলতাই যি কঢ়িয়াই আনে, সেয়া অন্য কোনো উপায়েৰে লাভ কৰিব নোৱাৰি।