





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
ঝায়েদ ইবনে আৰক্বাম ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই তোমালোকক তেনেকৈয়ে কম যিদৰে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিল, তেখেতে এইদৰে পাঠ কৰিছিলঃ "আল্লাহুম্মা ইন্নী আ’উজু বিকা মিনাল আ’জঝি অল কাছাল, অল জুব্নি, অল বুখল, অল হাৰাম। ৱা আজাবিল-কাব্ৰ। আল্লাহুম্মা আতি নাফ্ছী তাক্বৱাহা, অঝাক্কিহা আন্তা খাইৰু মান ঝাক্কা-হা, আন্তা অলিয়্যুহা ৱা মাওলাহা। আল্লাহুম্মা ইন্নী আ’উজু বিকা মিন ইল্মিল্ লা য়ান্ফা’, অমিন ক্বাল্বিল্ লা য়াখ্শ্বা’, অমিন নাফ্ছিন লা তাশ্ববা’, অমিন দা’ৱাতিল্ লা ইউস্তাজাবু লাহ।" অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ অক্ষমতাৰ পৰা, অলসতাৰ পৰা, কাপুৰুষতাৰ পৰা, কৃপণতাৰ পৰা আৰু বৃদ্ধ অৱস্থাৰ পৰা, লগতে কবৰৰ শাস্তিৰ পৰা। হে আল্লাহ! মোৰ অন্তৰত তাক্বৱা দান কৰা, আৰু ইয়াক পৰিশুদ্ধ কৰি দিয়া, কাৰণ তুমিয়ে সৰ্বোত্তম পৰিশুদ্ধকাৰী। তুমিয়েই ইয়াৰ অভিভাৱক আৰু ৰক্ষক। হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰোঁ এনেকুৱা জ্ঞানৰ পৰা, যিটো কোনো উপকাৰ নকৰে, আৰু এনেকুৱা অন্তৰৰ পৰা যিটো তোমাৰ ভয়ত কম্পিত নহয়, এনেকুৱা নফছৰ পৰা যিটো কেতিয়াও তৃপ্ত নহয়, আৰু এনেকুৱা দুআৰ পৰা যিটো কবূল কৰা নহয়।
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰায়ে এই দুআটো পাঠ কৰিছিল: "আল্লাহুম্মা ইন্নী আউযু বিকা" (অৰ্থাৎ হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ), "মিনাল-আজঝি" (অক্ষমতাৰ পৰা—য'ত উপযুক্ত উপায় অৱলম্বন কৰাৰ সামৰ্থ্য নাথাকে), "অল-কাছলি" (অলসতাৰ পৰা বা হেমাহিৰ পৰা—য'ত কাম কৰাৰ ইচ্ছাই নাথাকে), "অল-জুবনি" (কাপুৰুষতাৰ পৰা—য'ত কৰিবলগীয়া কামৰ পৰা পিছুৱাই যোৱা হয়), "অল-বুখলি" (কৃপণতাৰ পৰা—দান কৰাৰ পৰা বিৰত থকা), "অল-হাৰামি" (বৃদ্ধাৱস্থাৰ পৰা—যিটো বয়সত শৰীৰ দুৰ্বল হৈ পৰে), "ৱা আযাবিল-কাব্ৰি" (কবৰৰ শাস্তিৰ পৰা—লগতে এনেকুৱা শাস্তিৰ সন্মুখীন হ'ব পৰা সকলো উপায় উপকৰণৰ পৰা)। "আল্লাহুম্মা আতি নাফচী" (অৰ্থাৎ হে আল্লাহ! মোৰ অন্তৰক দান কৰা তথা তাওফীক দিয়া), "তাকৱাহা" (অৰ্থাৎ আজ্ঞা পালন আৰু গুনাহৰ পৰা বিৰত ৰাখি আল্লাহভীৰু হোৱাৰ তাওফীক দিয়া), "অঝাক্কিহা" (লগতে নিকৃষ্ট বৈশিষ্ট্য আৰু বেয়া চৰিত্ৰৰ পৰা পৱিত্ৰ কৰা), "আন্তা খাইৰু মান ঝাক্কা-হা" (তুমিয়ে শ্ৰেষ্ঠ পৱিত্ৰকাৰী, তোমাৰ বাহিৰে আন কাৰো শক্তি নাই ইয়াক পৰিষ্কাৰ কৰাৰ), "আন্তা অলীয়্যুহা" (তুমিয়ে ইয়াৰ অভিভাৱক, সহায়ক আৰু ৰক্ষক), "অমাওলাহা" (ইয়াৰ যাৱতীয় বিষয়ৰ মালিক, প্ৰতিপালক আৰু অনুগ্ৰহকাৰী)। "اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنْ عِلْمٍ لَا يَنْفَعُ" (অৰ্থাৎ হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ অসাৰ জ্ঞানৰ পৰা—যেনে জ্যোতিষশাস্ত্ৰ, ভৱিষ্যৎবাণী, যাদুবিদ্যা আদিৰ পৰা, যি জ্ঞানে আখিৰাতত উপকাৰ নকৰে বা যি জ্ঞান অনুসৰি আমল কৰা নহয়), "وَمِنْ قَلْبٍ لَا يَخْشَعُ" (এনে হৃদয়ৰ পৰা, যি তোমাৰ ভয়ত নত নহয়, বিনয়ী নহয়, শান্ত নহয় আৰু তোমাৰ স্মৰণত সুস্থিৰ নহয়), "وَمِنْ نَفْسٍ لَا تَشْبَعُ" (এনে মনৰ পৰা, যি কেতিয়াও তৃপ্ত নহয়, আল্লাহে যি হালাল আৰু পবিত্ৰ জীৱিকা দান কৰিছে তাৰ দ্বাৰা সন্তুষ্ট নহয়), "وَمِنْ دَعْوَةٍ لَا يُسْتَجَابُ لَهَا" (লগতে এনে দুআৰ পৰা, যি গ্ৰহণ নহয় বা যিটো কবুল কৰা নহয়)।
আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁৰ ওচৰলৈ এজন চুক্তিবদ্ধ দাস আহি ক'লেঃ মই মোৰ নিৰ্ধাৰিত অৰ্থ দিবলৈ অপাৰগ হৈছোঁ, গতিকে আপুনি মোক সহায় কৰক। তেতিয়া তেওঁ ক'লেঃ মই তোমাক এনেকুৱা কিছুমান শব্দ শিকামনে? যিবোৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক শিকাইছিল। (শুনা! এই দুআটো নিয়মিত পাঠ কৰিলে) তোমাৰ ওপৰত যদি চীৰ পৰ্বত সমানো ঋণ থাকে তেন্তে সেয়া তোমাৰ ফালৰ পৰা আল্লাহে পৰিশোধ কৰি দিব। তেখেতে কৈছেঃ "কোৱাঃ আল্লাহুম্মাকফিনী বিহালালিকা আন হাৰামিক, ওৱা আগনিনী বিফাজলিকা আম্মান ছিৱাক।" অৰ্থঃ (হে আল্লাহ! হাৰাম জীৱিকাৰ পৰা তোমাৰ হালাল জীৱিকা মোৰ বাবে যথেষ্ট কৰি দিয়া। লগতে তোমাৰ বাহিৰে সকলো লোকৰ পৰা মোক অমুখাপেক্ষী কৰি দিয়া।
(তিৰমিজী)আমিৰুল মুমিনীন আলী বিন আবি তালিব ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰলৈ এজন কৃতদাস আহিল, যিয়ে নিজৰ মালিকৰ সৈতে ধনৰ বিনিময়ত মুক্তিৰ বাবে চুক্তি কৰিছিল, যাতে সেই নিৰ্ধাৰিত পৰিমাণৰ ধন আদায় দিলে সি দাসত্ব জীৱনৰ পৰা মুক্তি লাভ কৰিব পাৰে। কিন্তু তেওঁৰ ওচৰত পৰ্যাপ্ত ধন নাছিল, তেওঁ আহি ক'লেঃ মই মোৰ মালিকৰ নিৰ্ধাৰিত ধন আদায় দিয়াৰ ক্ষেত্ৰত অপাৰগ হৈছোঁ। এতেকে এই ধন আদায় দিয়াৰ ক্ষেত্ৰত আপুনি মোক সহায় কৰক, নাইবা মোক কিবা শিকাই দিয়ক বা পৰামৰ্শ দিয়ক। তেতিয়া আমিৰুল মুমিনীনে তেওঁক ক'লেঃ মই তোমাক সেই বাক্য কেইটা শিকাই নিদিমনে, যিবোৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক শিকাইছিল। তোমাৰ ওপৰত যদি চীৰ পৰ্বত সমানো ঋণ থাকে, এই পৰ্বতটো হৈছে ত্বাই গোত্ৰত অৱস্থিত, তথাপিও আল্লাহে তোমাক সেই ঋণ পৰিশোধ কৰাৰ তাওফীক প্ৰদান কৰিব। লগতে তোমাক এই দুশ্চিন্তাৰ পৰা ৰক্ষা কৰিব। তেখেতে ক'লে, কোৱাঃ "কোৱাঃ আল্লাহুম্মাকফিনী বিহালালিকা আন হাৰামিক, ওৱা আগনিনী বিফাজলিকা আম্মান ছিৱাক।" অৰ্থঃ (হে আল্লাহ! হাৰাম জীৱিকাৰ পৰা তোমাৰ হালাল জীৱিকা মোৰ বাবে যথেষ্ট কৰি দিয়া। লগতে তোমাৰ বাহিৰে সকলো লোকৰ পৰা মোক অমুখাপেক্ষী কৰি দিয়া।
ছালমান আল-ফাৰিছী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "তিনি প্ৰকাৰ লোকৰ সৈতে কিয়ামতৰ দিনা আল্লাহে কথা নক’ব, আৰু সিহঁতক পৱিত্ৰও নকৰিব আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি: চুলিবিশিষ্ট বৃদ্ধ ব্যভিচাৰী, দৰিদ্ৰ অহংকাৰী ব্যক্তি, আৰু এজন হৈছে এনেকুৱা ব্যক্তি যাক আল্লাহে পণ্যদ্ৰৱ্য দান কৰিছে, কিন্তু সি শপত নোখোৱাকৈ ক্ৰয়ো নকৰে আৰু বিক্ৰীও নকৰে।"
رواه الطبرانيনবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত তিনি প্ৰকাৰ লোকৰ বিষয়ে জনাইছে যে, কিয়ামতৰ দিনা সিহঁতে তিনিটা শাস্তিৰ সন্মুখীন হ'ব, যদি সিহঁতে তাওবা নকৰে আৰু যদি সিহঁতৰ শাস্তি ক্ষমা কৰি দিয়া নহয়ঃ প্ৰথম: মহান আল্লাহে তীব্ৰ ক্ৰোধান্বিত হোৱাৰ কাৰণে কিয়ামতৰ দিনা সিহঁতৰ সৈতে কথা নাপাতিব, বৰং তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই ল’ব, অথবা সিহঁতৰ সৈতে এনে ধৰণৰ কথা ক'ব, যি কথাই সিহঁতক সন্তুষ্ট নকৰিব আৰু তেওঁ সিহঁতৰ প্ৰতি নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিব।" দ্বিতীয়ঃ তেওঁ সিহঁতক পৱিত্ৰ নকৰিব আৰু সিহঁতৰ কোনো ধৰণৰ প্ৰশংসাও নকৰিব, আৰু সিহঁতৰ গুনাহ খাতাও মাফ নকৰিব। তৃতীয়ঃ আখিৰাতত সিহঁতে অত্যন্ত কষ্টদায়ক শাস্তি ভোগ কৰিব। এই তিনি শ্ৰেণীৰ লোক হৈছেঃ প্ৰথমঃ বৃদ্ধ ব্যক্তি, যিয়ে এই বয়সতো ব্যভিচাৰ কৰে। দ্বিতীয়ঃ এনেকুৱা দৰিদ্ৰ ব্যক্তি, যাৰ ধন-সম্পদ একো নাই তথাপিও সি মানুহৰ প্ৰতি অহংকাৰ কৰে। তৃতীয়ঃ এনেকুৱা ব্যক্তি যিয়ে ক্ৰয়-বিক্ৰয়ৰ সময়ত প্ৰায়ে আল্লাহৰ শপত খায়, ফলত সি আল্লাহৰ মহান নামৰ অৱমাননা কৰে, আৰু ইয়াক অৰ্থ উপাৰ্জনৰ উপায় হিচাপে ব্যৱহাৰ কৰে।
আবু মুছা আশ্বআৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ক্ষুধাৰ্তক আহাৰ কৰোৱাবা, বেমাৰীৰ শুশ্ৰূষা কৰিবা আৰু বন্দীক মুক্ত কৰাবা।"
(বুখাৰী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, এজন মুছলিমৰ ওপৰত আন এজন মুছলিমৰ কৰ্তব্য হৈছে, ভোকাতুৰ ব্যক্তিক খাদ্য দান কৰা, বেমাৰত পৰিলে খা-খবৰ লোৱা, বন্দী হ'লে তাক মোকলাই অনাৰ চেষ্টা কৰা।
আবূ উমামাহ আল-বাহিলী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত দুজন লোকৰ বিষয়ে আলোচনা কৰা হ'ল, তাৰে এজন আছিল আবিদ (সাধক) আৰু আন এজন আছিল আলিম। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে: "তোমালোকৰ মাজৰ সাধাৰণ ব্যক্তিৰ ওপৰত মই যিমান মৰ্যাদাৱান, ঠিক সেইদৰে এজন আবিদ ব্যক্তিৰ ওপৰত এজন আলিম ব্যক্তিও সিমানেই মৰ্যাদাৱান।" ইয়াৰ পিছত ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "নিশ্চয় মহান আল্লাহে, তেওঁৰ ফিৰিস্তাসকলে, লগতে আকাশমণ্ডল আৰু পৃথিৱীৰ অধিবাসীসকলে, আনকি বিলত থকা পৰুৱাও আৰু পানীত থকা মাছেও সেই ব্যক্তিৰ বাবে দুআ কৰে, যিয়ে মানুহক কল্যাণকৰ ইল্ম শিক্ষা দিয়ে।"
(তিৰমিজী)ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত দুজন লোকৰ বিষয়ে আলোচনা কৰা হ'ল, তাৰে এজন হৈছে আবিদ (সাধক) আৰু আন এজন হৈছে আলিম। তেওঁলোকৰ মাজত উত্তম কোন? তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ চৰীয়তী জ্ঞানৰ অধিকাৰী আলিম, যিজনে সেই জ্ঞান অনুসৰি আমল কৰে আৰু ইয়াৰ শিক্ষা দিয়ে, তেওঁৰ মৰ্যাদা এজন সাধাৰণ ইবাদতকাৰীৰ তুলনাত সিমানেই উচ্চ, যেনেকৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম তেখেতৰ চাহাবীসকলৰ মাজৰ আটাইতকৈ নিম্ন স্তৰৰ ব্যক্তিৰ ওপৰত মৰ্যাদাৱান। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰ কাৰণ স্পষ্ট কৰি কৈছে যে, মহান আল্লাহে, তেওঁৰ আৰচ বহনকাৰী ফিৰিস্তাসকলে, আকাশৰ অধিবাসী অন্যান্য ফিৰিস্তাসকলে, পৃথিৱীবাসী মানৱ-জিন আৰু সকলো জীৱ-জন্তুৱে, আনকি মাটিৰ তলৰ পৰুৱাৰ পৰা আৰম্ভ কৰি সাগৰৰ মাছেও, স্থল আৰু জলৰ সকলো প্ৰাণীয়ে, এই ধৰ্মীয় জ্ঞান শিকোৱা শিক্ষকৰ বাবে মংগল প্ৰাৰ্থনা কৰে। এই জ্ঞানেই হৈছে মানুহৰ মুক্তি আৰু সফলতাৰ মাধ্যম।
হুজাইফা ইবনুল য়ামান ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শুৱাৰ সময়ত নিজৰ হাত মূৰৰ তলত ৰাখিছিল আৰু ইয়াৰ পিছত কৈছিলঃ "আল্লাহুম্মা ক্বিনী আজাবাক, য়াওমা তাজমাউ আউ তাবআছু ইবাদাক।" (অৰ্থঃ হে আল্লাহ! যিদিনা তুমি তোমাৰ বান্দাসকলক একত্ৰিত কৰিবা অথবা পুনৰুত্থিত কৰিবা, সেইদিনা মোক তোমাৰ শাস্তিৰ পৰা ৰক্ষা কৰিবা।)
(তিৰমিজী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া বিছনাত শুবলৈ গৈছিল, তেতিয়া তেখেতে নিজৰ সোঁহাত গাৰুৰ নিচিনাকৈ সোঁফালৰ গালৰ তলত ৰাখিছিল, আৰু এই দুআ পাঠ কৰিছিলঃ হে আল্লাহ! যিদিনা তুমি তোমাৰ বান্দাসকলক একত্ৰিত কৰিবা অথবা হিচাপ-নিকাচৰ বাবে পুনৰুত্থিত কৰিবা, সেই কিয়ামতৰ দিনা মোক তোমাৰ শাস্তিৰ পৰা ৰক্ষা কৰিবা।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যি ইল্মৰ দ্বাৰা আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিব পাৰি, তেনেকুৱা ইল্ম যিয়ে দুনিয়াৱী স্বাৰ্থ অৰ্জন কৰাৰ বাবে শিকে, সেই ব্যক্তিয়ে কিয়ামতৰ দিনা জান্নাতৰ সুগন্ধিও নাপাব।"
(আবু দাঊদ,ইবনে মাজাহ, আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, যি শ্বাৰয়ী ইল্ম আল্লাহৰ সন্তুষ্টি অৰ্জনৰ বাবে শিকিব লাগে, তেনেকুৱা ইল্ম যদি কোনোবাই পাৰ্থিৱ উপাৰ্জনৰ বাবে শিকে, যেনে ধন-সম্পদ বা মান-মৰ্যাদা অৰ্জনৰ বাবে শিকে, সেই ব্যক্তি কিয়ামতৰ দিনা জান্নাত তো দূৰৰ কথা, জান্নাতৰ সুগন্ধিৰ পৰাও বঞ্চিত হ’ব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "এজন ব্যক্তি ৰাস্তাৰে গৈ আছিল, তেওঁ পথৰ মাজত এটা কাঁইটযুক্ত গছৰ ডাল পৰি থকা দেখা পালে আৰু তেওঁ সেইটোক আঁতৰাই দিলে, মহান আল্লাহে তেওঁৰ সেই কামটোৰ বিনিময়ত তেওঁক ক্ষমা কৰি দিলে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, এজন ব্যক্তি ৰাস্তাৰে গৈ আছিল, তেনেতে তেওঁ ৰাস্তাৰ মাজত এডাল কাঁইট যুক্ত ঠাৰি দেখা পালে, যিটোৰ দ্বাৰা পথচাৰীয়ে আঘাত পোৱাৰ সম্ভাৱনা আছে, সেয়ে তেওঁ সেই ঠাৰি ডাল পথৰ পৰা আঁতৰাই দিলে। তেওঁৰ এই কামটোক আল্লাহে পছন্দ কৰিলে আৰু তেওঁক ক্ষমা কৰি দিলে।
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে অতিৰিক্ত সা-সম্পত্তিৰ অধিকাৰী নহ'বা, অন্যথা দুনিয়াৰ প্ৰতি আসক্ত হৈ পৰিবা।"
(তিৰমিজী, আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সা-সম্পত্তিৰ পাহাৰ গঢ়িবলৈ, বাগ-বাগিচা আৰু খেতি-বাতি আৰু শিল্প-ব্যৱসায়ত বিভোৰ হ'বলৈ নিষেধ কৰিছে, কিয়নো এইবোৰ হৈছে আখিৰাতক অৱজ্ঞা কৰি দুনিয়াৰ প্ৰতি মোহিত হোৱাৰ অন্যতম কাৰণ।