





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "জান্নাতত এনেকুৱা এটা বৃক্ষ আছে, যাৰ ছাঁত উৎকৃষ্ট, বিশেষভাৱে প্ৰতিপালিত দ্ৰুতগামী ঘোঁৰাৰ ওপৰত আৰোহণ কৰি এশ বছৰ অতিক্ৰম কৰিলেও সেই ছাঁ পাৰ কৰিব নোৱাৰিব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, জান্নাতত এনেকুৱা এটা বৃক্ষ আছে, যাৰ ছাঁৰ তলত যদি কোনোবা আৰোহীয়ে দ্ৰুতগামী ঘোঁৰাৰ পিঠিত উঠি এশ বছৰ পৰ্যন্ত অতিক্ৰম কৰে তথাপিও সেই বৃক্ষৰ ছাঁ পাৰ কৰিব নোৱাৰিব।
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "জান্নাতত এটা বজাৰ আছে, য'ত তেওঁলোকে প্ৰত্যেক জুমুআৰ দিনা আগমন কৰিব, সেই সময়ছোৱাত উত্তৰ ফালৰ পৰা এজাক বতাহ বলিব, যি বতাহ তেওঁলোকৰ মুখমণ্ডল আৰু কাপোৰ চুই যাব, ইয়াৰ ফলত তেওঁলোকৰ সৌন্দৰ্য্য আৰু অধিক বৃদ্ধি পাব। তেওঁলোকে যেতিয়া নিজৰ পৰিয়ালৰ ওচৰলৈ উভতি আহিব, তেতিয়া তেওঁলোকে এই অৱস্থাত উভতি আহিব যে, তেওঁলোকৰ সৌন্দৰ্য্য অধিক বৃদ্ধি পাইছে। সেই দেখি তেওঁলোকৰ পৰিয়ালবৰ্গই ক'বঃ আল্লাহৰ শপত! আপুনি আমাৰ ইয়াৰ পৰা যোৱাৰ পিছত আপোনাৰ সৌন্দৰ্য্য অধিক বৃদ্ধি পাইছে। তেতিয়া তেওঁলোকে ক'বঃ আল্লাহৰ শপত! মই যোৱাৰ পিছত তোমালোকৰো সৌন্দৰ্য্য অধিক বৃদ্ধি হৈছে।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, জান্নাতত বজাৰৰ দৰে এডোখৰ ঠাই নিৰ্ধাৰিত থাকিব, য'ত তেওঁলোকে একত্ৰিত হ'ব, কিন্তু তাত কিনা বেচা একো নহ'ব। তাত তেওঁলোকে প্ৰত্যেক সপ্তাহৰ মূৰত আগমন কৰিব। সেই সময়ছোৱাত উত্তৰ ফালৰ পৰা বতাহ বলিব, ফলত সেই বতাহে তেওঁলোকৰ মুখমণ্ডল আৰু কাপোৰ চুই যাব। ইয়াৰ ফলত তেওঁলোকৰ ৰূপ সৌন্দৰ্য্য আৰু অধিক বৃদ্ধি পাব। তেওঁলোকে তেওঁলোকৰ এই বৃদ্ধি পোৱা সৌন্দৰ্য্য লৈ যেতিয়া পৰিয়ালৰ ওচৰত উপস্থিত হ'ব, তেতিয়া তেওঁলোকৰ পৰিয়ালে তেওঁলোকক ক'বঃ আল্লাহৰ শপত! আপুনি ইয়াৰ পৰা যোৱাৰ পিছত আপোনাৰ সৌন্দৰ্য্য অধিক বৃদ্ধি পাইছে। তেতিয়া তেওঁলোকে ক'বঃ আল্লাহৰ শপত! তোমালোকৰো দেখোন সৌন্দৰ্য্য বহুত বৃদ্ধি পাইছে।
হিশ্বাম ইবনে হাকীম ইবনে হিঝাম ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ চিৰিয়াৰ কিছুমান অনাৰব খ্ৰীষ্টান লোকৰ ওচৰেদি যাওঁতে দেখিলে যে, সিহঁতক ৰ’দত থিয় কৰি ৰখা হৈছে। তেওঁ সুধিলে, “ইহঁতৰ কি হৈছে?” উত্তৰত কোৱা হ’ল, “জিজিয়া কৰ নিদিয়াৰ কাৰণে সিহঁতক আটক কৰা হৈছে।” তেতিয়া হিশ্বামে ক’লে, “মই সাক্ষ্য দিওঁ যে, নিশ্চিতভাৱে মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "নিশ্চয় আল্লাহে সেইসকল লোকক শাস্তি বিহিব, যিসকলে এই পাৰ্থিৱ জগতত মানুহক (অন্যায়ভাৱে) শাস্তি বিহে।"
(মুছলিম)হিশ্বাম ইবনু হাকীম ইবনে হিঝাম ৰাদ্বিয়াল্লাহু আনহুমা চিৰিয়াৰ কেইজনমান অনাৰবীয়ান কৃষকৰ ওচৰেৰে গৈ আছিল, যিসকলক প্ৰচণ্ড ৰ'দত থিয় কৰি থোৱা হৈছিল। তেওঁ সিহঁতৰ অৱস্থা সম্পৰ্কে সুধিলে। তেতিয়া তেওঁক জনোৱা হ'ল যে, ইহঁতে সক্ষম হোৱা সত্ত্বেও জিজিয়া কৰ আদায় নিদিয়াৰ কাৰণে ইহঁতক এই শাস্তি বিহা হৈছে। এই কথা শুনি হিশ্বাম ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ মই সাক্ষ্য দিওঁ যে, নিশ্চয় মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কওঁতে শুনিছোঁ, তেখেতে কৈছেঃ নিশ্চয় আল্লাহে সেইসকল লোকক শাস্তি প্ৰদান কৰিব, যিসকলে পৃথিৱীত মানুহক অন্যায়ভাৱে শাস্তি দিয়ে।
জাৰীৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক (নাৰীৰ প্ৰতি) হঠাতে হোৱা দৃষ্টিপাত সম্পৰ্কে সুধিলোঁ, তেখেত মোক নিৰ্দেশ দিলে যে, লগে লগে দৃষ্টি ওভোতাই ল'বা।
(মুছলিম)জাৰীৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক গায়েৰ মাহৰাম নাৰীৰ প্ৰতি অনিচ্ছাকৃতভাৱে হঠাতে পৰা দৃষ্টিপাত সম্পৰ্কে সুধিলে, তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক নিৰ্দেশ দিলে যে, লগে লগে বেলেগ ফালে মুখ ঘূৰাই ল'বা, ইয়াৰ ফলত কোনো গুনাহ নহ'ব।
আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আছলামীক ৰজম (শিল দলিয়াই মৃত্যুদণ্ড প্ৰদান) কৰাৰ পিছত থিয় হৈ ক'লেঃ "তোমালোকে এই নিকৃষ্ট অশ্লীলতাক পৰিহাৰ কৰা, যিটোক আল্লাহে নিষেধ কৰিছে। এতেকে যাৰ দ্বাৰা এনেকুৱা অশ্লীল কৰ্ম হৈ যায়, তেওঁ আল্লাহৰ পৰ্দাত লুকাব লাগে, আৰু আল্লাহৰ ওচৰত তাওবা কৰিব লাগে। কিয়নো যিয়ে আমাৰ ওচৰত নিজৰ গুনাহ প্ৰকাশ কৰিব, আমি তাক সৰ্বশক্তিমান আল্লাহৰ কিতাব অনুসৰি শাস্তি বিহিম।"
رواه الحاكم والبيهقيআব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই হাদীছটোত জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মায়িঝ বিন মালিক আল-আছলামীক ব্যভিচাৰৰ শাস্তি হিচাপে ৰজম (শিল দলিয়াই মৃত্যুদণ্ড প্ৰদান) কৰাৰ পিছত থিয় হৈ মানুহক ভাষণ প্ৰদান কৰি ক'লেঃ তোমালোকে এনেকুৱা অশ্লীল কাৰ্যকলাপ পৰিহাৰ কৰা, এইবোৰ হৈছে নিকৃষ্ট গুনাহৰ কাম, যিবোৰ আল্লাহে নিষেধ কৰিছে। যদি কোনোবাই এনেকুৱা কামত পতিত হয়, তেন্তে সেই ব্যক্তিৰ বাবে দুটা কাম অনিবাৰ্য্য হৈ পৰে। ১) সেই গুনাহটোক গোপন কৰিব লাগে, তথা আল্লাহৰ পৰ্দাৰ শৰণাপন্ন হ'ব লাগে, লগতে সেই গুনাহ সম্পৰ্কে কাকো জনাব নালাগে। ২) দ্ৰুত আল্লাহৰ ওচৰত তাওবা কৰিব লাগে, সেই গুনাহৰ ওপৰত অটল থাকিব নালাগে। কাৰণ যাৰ গুনাহ আমাৰ সন্মুখত প্ৰকাশ পাব, তাৰ ওপৰত আমি সেই শাস্তি কাৰ্যকৰী কৰিম, যিটো সৰ্বশক্তিমান আল্লাহে সেই গুনাহৰ বাবে নিৰ্ধাৰণ কৰিছে।
আবু ছাঈদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মছজিদত এতিকাফ কৰাৰ সময়ত চাহাবাসকলৰ উচ্চস্বৰে তিলাৱত কৰা শুনি পৰ্দা গুচাই ক'লেঃ "শুনা! তোমালোকে প্ৰত্যেকেই নিজ প্ৰতিপালকৰ ওচৰত মুনাজাত কৰি আছা, গতিকে তোমালোকে ইজনে সিজনক অসুবিধা (কষ্ট) নিদিবা। পৰস্পৰে পস্পৰৰ ওপৰত উচ্চস্বৰে তিলাৱত নকৰিবা", অথবা তেখেতে কৈছিলঃ "নামাজত উচ্চস্বৰে পাঠ নকৰিবা।"
(আবু দাঊদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মছজিদৰ ভিতৰত মহান আল্লাহৰ নৈকট্য অৰ্জনাৰ্থে এতিকাফত বহিছিল, সেই সময়ত তেখেতে লক্ষ্য কৰিলে যে, চাহাবাসকলে উচ্চস্বৰে চিঞৰি কোৰআন তিলাৱত কৰি আছে, ফলত ইজনৰ দ্বাৰা সিজনৰ অসুবিধা হৈ আছিল। তেতিয়া তেখেতে তম্বুৰ পৰ্দা গুচাই বাহিৰলৈ চাই সেই চাহাবাসকলক ভৰ্ৎসনা কৰি ক'লেঃ শুনা! তোমালোকে প্ৰত্যেকেই আল্লাহৰ সন্তুষ্টি অৰ্জনৰ বাবে কোৰআন পঢ়ি আছা, কিন্তু ইয়াৰ দ্বাৰা যাতে কোনোবাই কষ্ট নাপায় বা কাৰোবাৰ যাতে অসুবিধা নহয়। সেয়ে কোৰআন পঢ়াৰ সময়ত অথবা নামাজ পঢ়াৰ সময়ত ইজনে সিজনতকৈ উচ্চ ধ্বনিত কোৰআন তিলাৱত নকৰিবা।
আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে বগা কাপোৰ পৰিধান কৰা, কাৰণ তোমালোকৰ কাপোৰৰ ভিতৰত বগা কাপোৰ হৈছে সৰ্বোত্তম। লগতে বগা কাপোৰেৰেই তোমালোকে মৃত ব্যক্তিক কাফন দিয়া।"
(আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পুৰুষসকলক বগা কাপোৰ পৰিধান কৰিবলৈ নিৰ্দেশনা দিছে আৰু মৃত ব্যক্তিকো বগা কাপোৰেৰে কাফন দিবলৈ উপদেশ দিছে। কাৰণ এইটো হৈছে উত্তম কাপোৰ।
জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমি এখন যুদ্ধত আছিলোঁ। সেই সময়ছোৱাতে এজন মুহাজিৰ ব্যক্তিয়ে এজন আনচাৰী ব্যক্তিৰ নিতম্বত আঘাত কৰিলে। তেতিয়া আনচাৰী ব্যক্তিজনে "ইয়া লাল আনচাৰ" বুলি কৈ সহায় বিচাৰি আনচাৰী লোকসকলক আহ্বান কৰিলে। ইপিনে মুহাজিৰ ব্যক্তিজনেও "ইয়া লাল মুহাজিৰীন" বুলি চিঞৰিলে। মহান আল্লাহে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কাণত এই চিঞৰ পৌঁচাই দিলে। তেখেতে ক'লেঃ এইটো আকৌ কিহৰ চিঞৰ বাখৰ? উপস্থিত লোকসকলে ক'লেঃ এজন মুহাজিৰ ব্যক্তিয়ে এজন আনচাৰী ব্যক্তিৰ নিতম্বত আঘাত কৰিছে, (যাৰ ফলত কাজিয়াৰ সৃষ্টি হৈছে)। সেইকাৰণে আনচাৰী ব্যক্তিয়ে আনচাৰীসকলক আৰু মুহাজিৰ ব্যক্তিয়ে মুহাজিৰসকলক এইদৰে মাতিছে। এই কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "এনেকুৱা আচৰণ তোমালোকে পৰিত্যাগ কৰা, এইটো বৰ দুৰ্গন্ধযুক্ত কথা।" জাবিৰে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মদীনালৈ হিজৰত কৰি আহিছিল তেতিয়া আনচাৰসকল আছিল সংখ্যাগৰিষ্ঠ। ইয়াৰ পিছত লাহে লাহে মুহাজিৰসকল সংখ্যাগৰিষ্ঠত পৰিণত হয়। (এই কাজিয়াৰ কথা) আব্দুল্লাহ বিন উবাইয়ে শুনি ক'লেঃ সঁচাই সিহঁতে এনেকুৱা কৰিছে নেকি, আল্লাহৰ শপত! আমি মদীনালৈ উভতি যোৱাৰ পিছত নিশ্চয় তাৰ পৰা মৰ্যাদাৱান লোকসকলে নিকৃষ্ট লোকসকলক উলিয়াই দিব। তেতিয়া ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ হে আল্লাহৰ ৰাছুল! আপুনি মোক অনুমতি দিয়ক, মই এই মুনাফিকৰ শিৰচ্ছেদ কৰি দিওঁ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তাক এৰি দিয়া। যাতে মানুহে এইটো ক'ব নোৱাৰে যে, মুহাম্মদে নিজৰ সংগীসকলকে হত্যা কৰে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লাম এটা যুদ্ধৰ ভ্ৰমণত আছিল। তেখেতৰ লগত মুহাজিৰীন আৰু আনচাৰসকল আছিল। এজন মুহাজিৰ ব্যক্তিয়ে এজন আনচাৰী ব্যক্তিৰ নিতম্বত চৰ সোধাইছিল। ইয়াকে কেন্দ্ৰ কৰি কাজিয়াৰ সৃষ্টি হয়। ফলত আনচাৰীয়ে আনচাৰীসকলক সহায়ৰ বাবে চিঞৰি মাতিলে আৰু মুহাজিৰজনে মুহাজিৰীনসকলক চিঞৰি মাতিলে। এই চিঞৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কাণত পৰিল। তেখেতে ক'লেঃ এইটো কিহৰ চিঞৰ বাখৰ? উপস্থিত লোকসকলে ক'লেঃ এজন মুহাজিৰ ব্যক্তিয়ে এজন আনচাৰী ব্যক্তিক হাতেৰে প্ৰহাৰ কৰিছে। সেইকাৰণে আনচাৰীয়ে আনচাৰীসকলক আৰু মুহাজিৰজনে মুহাজিৰসকলক চিঞৰি আহ্বান কৰি আছে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকে এইবোৰ অজ্ঞতা যুগৰ আচাৰ-আচৰণ পৰিত্যাগ কৰা। কাৰণ এইটো হৈছে অত্যন্ত ঘৃণনীয়, অপ্ৰীতিকৰ আৰু ক্ষতিকৰ। দৰাচলতে অজ্ঞতা যুগত সিহঁতৰ মাজৰ কোনোবাই যেতিয়া পৰাজিত হৈছিল, তেতিয়া নিজৰ সম্প্ৰদায়ক এইদৰে মাতি একত্ৰিত কৰিছিল, যাতে সিহঁতে খৰখেদাকৈ আহি তাৰ পক্ষ লয় আৰু তাক সহায় কৰে, সি অন্যায়কাৰী হওক বা নিৰ্যাতিত, সেইটো চোৱা নাছিল। সিহঁতে মূৰ্খতা আৰু পক্ষপাতিত্বৰ কাৰণে এনেকুৱা কৰিছিল। জাবিৰে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মদীনালৈ হিজৰত কৰি আহিছিল, সেই সময়ত মদীনাত আনচাৰসকলৰ সংখ্যা অধিক আছিল। কিন্তু পৰৱৰ্তী সময়ত মুহাজিৰসকলৰ সংখ্যা অধিক হৈ পৰে। এই ঘটনাক কেন্দ্ৰ কৰি মুনাফিকসকলৰ নেতা আব্দুল্লাহ ইবনে উবাই ইবনে ছুলুলে ক'লেঃ বিষয়টো ইমান পৰ্যায় পাইছেগৈ নে, তেন্তে শুনা! আল্লাহৰ শপত, আমি মদীনালৈ উভতি গৈ আমাৰ মাজৰ সন্মানীয়সকলে -অৰ্থাৎ সি নিজকে আৰু তাৰ সহকৰ্মীসকলক সন্মানীয় বুলি ধাৰণা কৰিছিল- লাঞ্ছিতসকলক -অৰ্থাৎ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক আৰু তেখেতৰ চাহাবাসকলক লাঞ্ছিত বুলি ধাৰণা কৰিছিল- মদীনাৰ পৰা উলিয়াই পঠিয়াম। এই কথা শুনি ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ হে আল্লাহৰ ৰাছুল! মোক অনুমতি দিয়ক, মই এই মুনাফিকৰ ডিঙি কাটি দিওঁ। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তাক এৰি দিয়া। কাৰণ মানুহে যাতে এইটো ক'ব নোৱাৰে যে, মুহাম্মদে নিজৰ অনুসাৰীৰেই শিৰচ্ছেদ কৰি তেজ প্ৰবাহিত কৰে, যদিও সি মুনাফিক, বাহ্যিক অনুসাৰী।
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম ঢাৰি ওপৰত শুই আছিল, তেখেত যেতিয়া টোপনিৰ পৰা উঠিল, দেখা গ'ল তেখেতৰ শৰীৰত ঢাৰিৰ দাগ বহিছে। তেতিয়া আমি ক'লোঁঃ হে আল্লাহৰ ৰাছুল! আমি যদি আপোনাৰ বাবে এখন আৰামদায়ক বিছনাৰ ব্যৱস্থা কৰি দিওঁ। এই কথা শুনি তেখেতে ক'লেঃ "দুনিয়াৰ সৈতে মোৰ কি সম্পৰ্ক? পৃথিৱীত মই হৈছোঁ এজন এনেকুৱা ভ্ৰমণকাৰীৰ দৰে, যিয়ে এজোপা গছৰ তলত বিশ্ৰাম লোৱাৰ বাবে আশ্ৰয় লয় আৰু ইয়াৰ পিছত সেই ঠাই এৰি নিজৰ গন্তব্যৰ ফালে গুচি যায়।"
(তিৰমিজী, ইবনে মাজাহ)আব্দুল্লাহ বিন মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত উল্লেখ কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ সৰু এখন পাটীত শুই আছিল, যিটো বাঁহ বেত বা ঘাঁহ বন আদিৰে বনোৱা হৈছিল, তেখেতে সেই বিছনাত টোপনি মাৰি উঠাৰ পিছত দেখা গ'ল যে, তেখেতৰ শৰীৰত পাটীৰ দাগ বহিছে। তেতিয়া আমি ক'লোঁঃ হে আল্লাহৰ ৰাছুল! এই বাঁহ বেতেৰে তৈয়াৰী ঢাৰি পাটীৰ বিপৰীতে আমি যদি আপোনাৰ বাবে এখন আৰামদায়ক বিছনাৰ ব্যৱস্থা কৰি দিওঁ তেন্তে সেইটো উত্তম হ'লহেঁতেন। তেতিয়া তেখেতে চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ পাৰ্থিৱ সা-সম্পত্তিৰ প্ৰতি মোৰ কোনো লোভ লালসা নাই। মই এই পৃথিৱীত আছোঁ এজন মুছাফিৰৰ দৰে, যিয়ে কিছু সময় বিশ্ৰামৰ বাবে এজোপা গছৰ তলত আশ্ৰয় লয় আৰু তাৰ পিছত সেই ঠাই পৰিত্যাগ কৰি নিজৰ গন্তব্য স্থললৈ গুচি যায়।