





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আনাছ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফু‘ হিচাপে বর্ণিত, “যি ব্যক্তিয়ে ইল্ম শিকাৰ উদ্দেশ্যে ওলাই গ’ল, তেওঁ উভতি নহালৈকে আল্লাহৰ ৰাস্তাত থকা বুলি গণ্য হ’ব।” হাছান - এইটো তিৰমিজীয়ে বর্ণনা কৰিছে।
(তিৰমিজী)হাদীছটোৰ অর্থ হৈছে: যি ব্যক্তিয়ে নিজ ঘৰৰ পৰা বা নিজৰ চহৰৰ পৰা দ্বীনি ইল্মৰ অনুসন্ধানত ওলাই যাব, তেওঁ নিজ পৰিয়ালৰ ওচৰলৈ উভতি নহালৈকে সেই ব্যক্তিৰ দৰে গণ্য হ’ব যিয়ে আল্লাহৰ ৰাস্তাত জিহাদ কৰিবলৈ ওলাই গৈছে। কাৰণ, দ্বীন জীৱিত কৰা, চয়তানক অপদস্থ কৰা আৰু প্রবৃত্তিক কষ্ট দিয়াৰ ক্ষেত্রত তেওঁ এজন মুজাহিদৰ দৰে।
আবু বাকৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "যেতিয়া কোনো দুজন মুছলিম ব্যক্তি তৰোৱাল লৈ ইজনে সিজনৰ মুখামুখী হয়, তেতিয়া (জানি থবা) হত্যাকাৰী আৰু নিহত উভয় ব্যক্তিয়েই হৈছে জাহান্নামী।" মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! হত্যাকাৰী জাহান্নামত যাব (এইটো বাৰু বুজিলোঁ) কিন্তু নিহত ব্যক্তি কিয় জাহান্নামত যাব? তেখেতে ক'লেঃ "কাৰণ সিও প্ৰতিপক্ষক হত্যা কৰিবলৈ ইচ্ছুক আছিল।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যেতিয়া দুজন মুছলিম ব্যক্তিয়ে ইজনে সিজনক তৰোৱালেৰে হত্যা কৰিবলৈ মুখামুখী হয়, তেতিয়া হত্যাকাৰী এই কাৰণে জাহান্নামত যাব যে, সি হত্যা কৰিছে। কিন্তু নিহত ব্যক্তিও জাহান্নামত যোৱা কথাটো চাহাবাসকলৰ বোধগম্য নোহোৱাত তেওঁলোকে প্ৰশ্ন কৰিলে, নিহত ব্যক্তি কেনেকৈ জাহান্নামত যাব? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাই দিলে যে, সিও প্ৰতিপক্ষক হত্যা কৰিবলৈ সিমানেই আগ্ৰহী আছিল, হত্যাকাৰীয়ে আগতে পদক্ষেপ লোৱাৰ কাৰণেহে সি হত্যা কৰিব পৰা নাছিল।
ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “সকলো কামৰ ফলাফল নিৰ্ভৰ কৰে নিয়্যতৰ ওপৰত, আৰু মানুহে সেইটোৱেই পায়, যিটো সি নিয়্যত কৰিছে। এতেকে যি ব্যক্তিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বাবে হিজৰত কৰিছে, তাৰ হিজৰত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ফালেই হৈছে, আৰু যাৰ হিজৰত পৃথিৱী (পাৰ্থিৱ বস্তু) আহৰণ কৰাৰ বাবে অথবা কোনো নাৰীক বিবাহ কৰাৰ বাবে হৈছে, তাৰ হিজৰত সেইমতেই বিবেচিত হ’ব, যি উদ্দেশ্যত সি হিজৰত কৰিছে।” আনহাতে বুখাৰীৰ বাক্যত আছেঃ “সকলো কামৰ ফলাফল নিৰ্ভৰ কৰে নিয়্যতৰ ওপৰত, আৰু প্ৰত্যেক ব্যক্তিয়ে সেইটোৱেই পায়, যিটো সি নিয়্যত কৰিছে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, প্ৰতিটো আমল নিয়্যত অনুযায়ীহে নিৰ্ভৰযোগ্য হয়। দৈনন্দিন জীৱনৰ সকলো কৰ্ম আৰু সকলো আমলৰ ক্ষেত্ৰতে এই বিধান প্ৰযোজ্য। গতিকে যদি কোনোবাই কোনো স্বাৰ্থ লাভৰ বাবে কোনো আমল কৰে তেন্তে তেওঁ সেই আমলৰ জৰিয়তে সেই স্বাৰ্থটোকে পাব, যি স্বাৰ্থত তেওঁ আমলটো কৰিছে, কোনো ছোৱাব নাপাব। আনহাতে যদি কোনোবাই কোনো আমল আল্লাহৰ নৈকট্য লাভ কৰাৰ উদ্দেশ্যে কৰে তেন্তে তেওঁ সেইটোৰ ছোৱাব পাব আৰু প্ৰতিদান লাভ কৰিব, যদিও সেইটো তাৰ কোনো অভ্যাসগত আমল হয়, যেনে- পানাহাৰ কৰা। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমলৰ ক্ষেত্ৰত নিয়্যতৰ প্ৰভাৱ বুজাবলৈ এটা উদাহৰণ দিছে। তেখেতে কৈছেঃ যিয়ে প্ৰতিপালকৰ সন্তুষ্টি অৰ্জন কৰিবলৈ নিজৰ দেশ ত্যাগ কৰিব বা হিজৰত কৰিব, তেন্তে তাৰ সেই হিজৰতক গ্ৰহণযোগ্য হিজৰত হিচাপে মানি লোৱা হ'ব। লগতে সঠিক নিয়্যত পোষণ কৰাৰ বাবে তাক ইয়াৰ উত্তম প্ৰতিদানো দিয়া হ'ব। আনহাতে যিয়ে দুনিয়াৱী স্বাৰ্থ লাভৰ বাবে হিজৰত কৰিব, যেনে- ধন-সম্পদৰ আশাত, বা মৰ্যাদা লাভৰ আশাত, নাইবা ব্যৱসায়-বাণিজ্যৰ আশাত, অথবা বিবাহৰ উদ্দেশ্যে, তেন্তে তেওঁ সেই স্বাৰ্থই লাভ কৰিব যিটো স্বাৰ্থত তেওঁ হিজৰত কৰিছে। তাক কোনো ছোৱাব বা নেকী প্ৰদান কৰা নহয়।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক’লে, মোক উপদেশ দিয়ক। তেখেতে ক’লে, "তুমি খং নকৰিবা।" ব্যক্তিজনে কেইবাবাৰো একেই প্রশ্ন কৰিলে। তেখেতও প্রত্যেকবাৰেই এই কথাকেই ক’লে যে, তুমি খং নকৰিবা।
(বুখাৰী)কোনো এজন চাহাবীয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি উপদেশ বিচাৰিলে। তেখেতে তেওঁক নিৰ্দেশ দিলে যে, তুমি খং নকৰিবা। অৰ্থাৎ তুমি এনেকুৱা বিষয়ৰ পৰা আঁতৰি থাকিবা যিবোৰে তোমাক খং কৰিবলৈ বাধ্য কৰায়, লগতে কেতিয়াবা খং উঠিলেও তাক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিবা। খঙৰ বশৱৰ্তী হৈ যাতে হত্যা, মাৰপিট নাইবা গালি শপনি আদি নকৰা। ব্যক্তিজনে বাৰে বাৰে উপদেশ বিচাৰি আছিল, তেখেতে তেওঁক ইয়াৰ বাহিৰে বেলেগ আন কোনো উপদেশ দিয়া নাছিল যে, তুমি খং নকৰিবা।
ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ শুনিছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকে যদি যথাযথভাৱে আল্লাহ তা'আলাৰ ওপৰত তাৱাক্কুল কৰা তেন্তে তেওঁ তোমালোকক তেনেকৈয়ে জীৱিকা দান কৰিব যিদৰে চৰাই-চিৰিকটিক জীৱিকা দিয়ে। চৰাই-চিৰিকটিয়ে পুৱাৰ ভাগত খালী পেটত ওলাই যায় আৰু গধূলি উদৰ ভৰাই উভতি আহে।
(তিৰমিজী, ইবনে মাজাহ, আহমদ)এই হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক সকলো কৰ্মতে আল্লাহৰ ওপৰত তাৱাক্কুল (ভৰসা) কৰিবলৈ উৎসাহিত কৰিছে। তাৱাক্কুল হৈছে, দ্বীনি আৰু দুনিয়াৱী কামত কল্যাণ লাভ কৰাৰ বাবে আৰু অনিষ্ট দূৰ কৰাৰ বাবে আল্লাহ তা‘আলাৰ ওপৰত নিৰ্ভৰ কৰা। কিয়নো, আল্লাহেই প্ৰদান কৰে, তেৱেঁই বঞ্চিত কৰে, ক্ষতি আৰু উপকাৰ তেওঁৰ ফালৰ পৰাই হয়। গতিকে আমি আল্লাহৰ ওপৰত সঠিকৰূপে ভৰসা কৰি এনেকুৱা উপায় অৱলম্বন কৰিব লাগে যাৰ দ্বাৰা উপকাৰ সাধন হ'ব আৰু বিপদ-আপদ দূৰ হ'ব। এতেকে যেতিয়া আমি এইটো কৰিম তেতিয়া আল্লাহে আমাক সেইদৰেই জীৱিকা দান কৰিব যিদৰে তেওঁ চৰাই-চিৰিকটি বিলাকক জীৱিকা দিয়ে। চৰাই-চিৰিকটিয়ে পুৱাৰ ভাগত খালী পেটত ওলাই যায় আৰু সন্ধিয়া উদৰ ভৰাই গুচি আহে। চৰাই-চিৰিকটিৰ এই কৰ্মটো হৈছে কোনো ধৰণৰ সংকোচ আৰু অৱহেলা নকৰাকৈ জীৱিকা অৰ্জনৰ অন্যতম এটা উপায়।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সৰ্বশক্তিমান প্ৰতিপালক আল্লাহৰ পৰা বৰ্ণনা কৰিছে যে, মহান আল্লাহে কৈছেঃ বান্দাই যেতিয়া কোনো গুনাহ কৰাৰ পিছত কয়, হে আল্লাহ! মোৰ গুনাহ ক্ষমা কৰি দিয়া। তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই এটা গুনাহ কৰিছে, ইয়াৰ পিছত তাৰ অনুভৱ হৈছে যে মোৰ প্ৰতিপালক আছে, যিয়ে গুনাহ ক্ষমা কৰে আৰু গুনাহৰ বাবে জবাবদিহিও কৰে। সেইজন বান্দাই পুনৰ গুনাহ কৰে আৰু আকৌ কয়ঃ হে মোৰ ৰব্ব! মোৰ গুনাহ ক্ষমা কৰি দিয়া। তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই এটা গুনাহ কৰিছে, ইয়াৰ পিছত তাৰ অনুভৱ হৈছে যে মোৰ প্ৰতিপালক আছে, যিয়ে গুনাহ ক্ষমা কৰে আৰু গুনাহৰ বাবে জবাবদিহিও কৰে। সেইজন বান্দাই পুনৰ গুনাহ কৰে আৰু আকৌ কয়ঃ হে মোৰ ৰব্ব! মোৰ গুনাহ ক্ষমা কৰি দিয়া। তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই এটা গুনাহ কৰিছে, ইয়াৰ পিছত তাৰ অনুভৱ হৈছে মোৰ প্ৰতিপালক আছে, যিয়ে গুনাহ ক্ষমা কৰে আৰু গুনাহৰ বাবে জবাবদিহিও কৰে। তেতিয়া মহান আল্লাহে কয়ঃ যোৱা যি ইচ্ছা কৰাগৈ, মই তোমাক ক্ষমা কৰি দিলোঁ।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ প্ৰতিপালকৰ পৰা বৰ্ণনা কৰি কৈছে যে, যেতিয়া বান্দাই কোনো গুনাহ কৰে আৰু তাৰ পিছত কয়ঃ হে আল্লাহ! মোৰ গুনাহ ক্ষমা কৰি দিয়া, তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই গুনাহ কৰিছে আৰু সি জানে যে, তাৰ এজন ৰব্ব আছে যিয়ে গুনাহ ক্ষমা কৰে। ফলত আল্লাহে তাৰ গুনাহ গোপন ৰাখে আৰু ক্ষমা কৰি দিয়ে নাইবা অনুৰূপ শাস্তি প্ৰদান কৰি তাক মাফ কৰি দিয়ে। সেইজন বান্দাই পুনৰ গুনাহ কৰে, আৰু আকৌ আল্লাহৰ শৰনাপন্ন হয় আৰু কয়ঃ হে আল্লাহ! মোৰ গুনাহ ক্ষমা কৰি দিয়া। তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই গুনাহ কৰিছে আৰু সি জানে যে, তাৰ এজন ৰব্ব আছে যিয়ে গুনাহ ক্ষমা কৰে। ফলত আল্লাহে তাৰ গুনাহ গোপন কৰি ৰাখে আৰু তাক ক্ষমা কৰি দিয়ে নাইবা অনুৰূপ শাস্তি প্ৰদান কৰে আৰু কয়ঃ মোৰ বান্দাক মই ক্ষমা কৰি দিলোঁ। সেইজন বান্দাই পুনৰ গুনাহ কৰে, আৰু আকৌ আল্লাহৰ শৰনাপন্ন হয় আৰু কয়ঃ হে আল্লাহ! মোৰ গুনাহ ক্ষমা কৰি দিয়া। তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই গুনাহ কৰিছে আৰু সি জানে যে, তাৰ এজন ৰব্ব আছে যিয়ে গুনাহ ক্ষমা কৰে। ফলত আল্লাহে তাৰ গুনাহ গোপন কৰি ৰাখে আৰু তাক ক্ষমা কৰি দিয়ে নাইবা অনুৰূপ শাস্তি প্ৰদান কৰে আৰু কয়ঃ মোৰ বান্দাক মই ক্ষমা কৰি দিলোঁ। গতিকে যেতিয়ালৈকে সি গুনাহ কৰাৰ পিছত অনুতপ্ত হ'ব আৰু গুনাহ নকৰাৰ সংকল্প লব কিন্তু প্ৰবৃত্তিৰ প্ৰৱঞ্চনাৰ চিকাৰ হোৱাৰ কাৰণে গুনাহত বাৰে বাৰে লিপ্ত হয় তেতিয়ালৈকে আল্লাহে তাক স্বাধীনতা প্ৰদান কৰিব যে, তুমি যি ইচ্ছা সেইটোৱে কৰা। এতেকে যেতিয়ালৈকে সি গুনাহ কৰি অনুতপ্ত হৈ তাওবা কৰিব ময়ো তাক ক্ষমা কৰি যাম। কাৰণ তাওবাই পূৰ্বৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়ে।
আব্দুল্লাহ ইবনু আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ নিশ্চয় ইনচাফকাৰীসকল আল্লাহৰ ওচৰত নূৰৰ মিম্বৰৰ ওপৰত থাকিব। সৰ্বশক্তিমান দয়াময় আল্লাহৰ সোঁফালে অৱস্থান কৰিব। আল্লাহৰ দুয়ো হাতেই হৈছে সোঁ হাত। যিসকলে নিজৰ পৰিয়াল আৰু অধীনস্থ লোকসকলৰ মাজত ন্যায় তথা ইনচাফ আৰু সততাৰ সৈতে শাসনকাৰ্য পৰিচালনা কৰিছিল।
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিসকলে মানুহৰ মাজত অৰ্থাৎ নিজৰ অধীনস্থ লোকসকল আৰু পৰিয়ালবৰ্গৰ মাজত ন্যায়নীতিৰে ফয়চালা কৰে, তেওঁলোকে কিয়ামতৰ দিনা সসন্মানে সুউচ্চ আসনত বহিব, যি আসনসমূহ নূৰৰ দ্বাৰা নিৰ্মিত। এই আসনবোৰ অসীম দয়ালু মহান আল্লাহৰ সোঁফালে থাকিব। মহান আল্লাহৰ দুয়ো হাতেই হৈছে সোঁ হাত।
জাৰীৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে নম্ৰতাৰ পৰা বঞ্চিত হয়, সি দৰাচলতে কল্যাণৰ পৰা বঞ্চিত হয়।"
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে নম্ৰতাৰ পৰা বঞ্চিত হৈছে, সি দ্বীন আৰু দুনিয়াৰ বিষয়বোৰত সফল হ'ব নোৱাৰে, নিজৰ ক্ষেত্ৰতে হওক বা আনৰ ক্ষেত্ৰত, কাৰণ তাক সকলো প্ৰকাৰৰ কল্যাণৰ পৰা বঞ্চিত কৰা হৈছে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “তোমালোকে জানানে, গীবত কি?” চাহাবাসকলে ক'লে, আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেখেতে ক'লে:“ (গীবত হৈছে) তুমি তোমাৰ ভাতৃৰ বিষয়ে এনেকুৱা কোনো বিষয় আলোচনা কৰা, যিটোক সি অপছন্দ কৰে।” প্রশ্ন কৰা হ'ল, মই আলোচনা কৰা বিষয়টো যদি সঁচাকৈয়ে তাৰ মাজত থাকে (তথাপিও সেইটো গীবত হ'বনে)? উত্তৰত তেখেতে ক'লে: “তুমি তাৰ বিষয়ে যি আলোচনা কৰিছা সেইটো যদি তাৰ মাজত থাকে তেনেহ'লে তুমি তাৰ গীবত কৰিলা। আনহাতে যদি সেইটো তাৰ মাজত নাথাকে তেনেহ'লে তুমি তাৰ প্রতি অপবাদ আৰোপ কৰিলা।”
(মুছলিম)নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে এই হাদীছটোত হাৰাম গীবতৰ বাস্তৱতা তথা ধৰণ বৰ্ণনা কৰিছে। সেইটো হৈছে: কোনো অনুপস্থিত মুছলিম ব্যক্তিৰ বিষয়ে এনেকুৱা কোনো কথা আলোচনা কৰা যিটোক তেওঁ অপছন্দ কৰে। সেই দোষটো তাৰ দৈহিক হওক বা চাৰিত্রিক। উদাহৰণস্বৰূপে: অন্ধ, প্রতাৰক, মিছলীয়া ইত্যাদি বেয়া দোষ। যদিও সেইবোৰ দোষ তাৰ মাজত থাকে। আনহাতে যদি সেই দোষ তাৰ মাজত নাথাকে, তেন্তে এইটো হ'ব নিকৃষ্ট স্তৰৰ এটা গীবত, যিটোক বুহতান তথা অপবাদ বুলি কোৱা হয়। অৰ্থাৎ কোনো ব্যক্তিক এনেকুৱা দোষেৰে দোষাৰোপ কৰা যিটো তাৰ ভিতৰত নাই।