





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে ৰোজা অৱস্থাত ভুলবশতঃ কিবা খাইছে অথবা সেৱন কৰিছে, সি ৰোজা পূৰ্ণ কৰা উচিত। কাৰণ আল্লাহেই তাক খুৱাইছে আৰু পান কৰোৱাইছে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, যদি কোনো ব্যক্তিয়ে ৰোজা অৱস্থাত ফৰজ ৰোজা হওক বা নফল ৰোজা, ভুলতে কিবা খায় বা পান কৰে তেন্তে তাৰ সেই ৰোজা ভংগ নহ'ব বৰং সি সেই ৰোজাটো পূৰ্ণ কৰা উচিত। কিয়নো সি ইচ্ছাকৃতভাৱে ভংগ কৰা নাই। এইটো হৈছে এনেকুৱা এটা জীৱিকা, যিটো আল্লাহে বান্দাৰ বাবে যোগান ধৰিছে তথা তাক খুৱাইছে আৰু পান কৰোৱাইছে।
ইবনে আঝহাৰৰ আজাদকৃত দাস আবু উবাইদে বৰ্ণনা কৰিছে, তেওঁ কৈছেঃ মই এবাৰ ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে ঈদগাহত উপস্থিত হ'লোঁ, তেতিয়া তেখেতে (লোকসকলক সম্বোধন কৰি) ক'লেঃ এই দুই (ঈদৰ) দিনত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰোজা ৰাখিবলৈ নিষেধ কৰিছে। এটা হৈছে (ৰমাজানৰ) ৰোজাৰ পিছত ঈদুল ফিতৰৰ দিন, আৰু আনটো হৈছে (ঈদুল আজহাৰ দিন) যিদিনা তোমালোকে কুৰবানীৰ মাংস ভক্ষণ কৰা।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঈদুল ফিতৰ আৰু ঈদুল আজহাৰ দিনা ৰোজা ৰাখিবলৈ নিষেধ কৰিছে। কাৰণ ঈদুল ফিতৰ হৈছে গোটেই ৰমাজান মাহ ৰোজা ৰখাৰ পিছত খোৱা বোৱাৰ দিন। এইদৰে ঈদুল আজহা হৈছে কুৰবানীৰ মাংস খোৱাৰ দিন।
আব্দুল্লাহ ইবনে ওমৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এইদৰে তালবীয়াহ পাঠ কৰিছিল। "লাব্বাইক আল্লাহুম্মা লাব্বাইক, লাব্বাইকা লা শ্বাৰীকা লাকা লাব্বাইক, ইন্নাল হামদা অন নি'মাতা লাকা অলমুল্ক, লা শ্বাৰীকা লাক।" বৰ্ণনাকাৰীয়ে কৈছেঃ আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই ইয়াতকৈ অতিৰিক্ত আৰু কৈছিলঃ লাব্বাইক লাব্বাইক, অছাদাইক, অলখাইৰু বিয়াদাইক, লাব্বাইক অৰ ৰাগবা ইলাইকা অল আমাল।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হজ্জ আৰু ওমৰাত প্ৰৱেশ কৰি এইদৰে তালবীয়া পাঠ কৰিছিল। (لبيك اللهم لبيك) অৰ্থাৎ মই উপস্থিত হৈছোঁ হে আল্লাহ! মই উপস্থিত হৈছোঁ। ইখলাচ, তাওহীদ আৰু হজ্জৰ যি আহ্বান তুমি কৰিছা, সেই আহ্বানত মই সঁহাৰি দিছোঁ। (لبيك لا شريك لك لبيك) অৰ্থাৎ মই উপস্থিত হৈছোঁ, তুমিয়ে একমাত্ৰ ইবাদতৰ যোগ্য, তোমাৰ ৰুবুবিয়্যত (প্ৰভুত্বত), উলুহিয়্যত (ইবাদতত) আৰু আছমা (নাম) অছিফাতত (গুণাৱলীত) কোনো অংশীদাৰ নাই। (إن الحمد) প্ৰশংসা কেৱল তোমাৰেই। (والنعمة) নিয়ামত অনুগ্ৰহ আদি একমাত্ৰ তুমিয়ে প্ৰদান কৰা। (لك) তুমি যিদৰে বিচৰা সেইদৰে ব্যয় কৰা। (والملك) এইদৰে সাৰ্বভৌমত্বও একমাত্ৰ তোমাৰেই। (لا شريك لك) এই সকলোবোৰ একমাত্ৰ তোমাৰেই, তোমাৰ কোনো অংশীদাৰ নাই। ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই অতিৰিক্ত আৰু কৈছিলঃ (لبيك لبيك وسعديك) অৰ্থাৎ হে আল্লাহ! তুমি মোক সুখ শান্তিৰ পিছত সুখ শান্তি দান কৰা। (والخير بيديك) সকলো প্ৰকাৰ কল্যাণ তোমাৰেই হাতত। (لبيك والرغباء إليك) আশা ভৰসা একমাত্ৰ তোমাৰ ওপৰতেই। (والعمل) ইবাদতৰ হকদাৰ একমাত্ৰ তুমিয়েই।
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে ৰমাজান মাহৰ শেষ দশকৰ বিযোৰ ৰাতিসমূহত লাইলাতুল ক্বদৰ অনুসন্ধান কৰা।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে লাইলাতুল ক্বদৰ অনুসন্ধানৰ উদ্দেশ্যে বেছি বেছি নেক আমল কৰিবলৈ উৎসাহিত কৰিছে। অৰ্থাৎ প্ৰত্যেক বছৰ ৰমাজান মাহৰ শেষ দহ দিনৰ বিযোৰ ৰাতিসমূহত বেছি বেছি নেক আমল কৰি লাইলাতুল ক্বদৰ অনুসন্ধান কৰিব লাগে। সেয়া হৈছেঃ একৈশ, তেইছ, পঁচিছ, সাতাইশ, আৰু ঊনত্ৰিশ।
ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কেইজনমান চাহাবাই সপোনত দেখা পালে যে, লাইলাতুল ক্বদ্ৰ হৈছে শেষৰ সাত ৰাতিত। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "মই দেখি আছোঁ শেষৰ সাত ৰাতি সম্পৰ্কে তোমালোকৰ সপোনবোৰৰ মাজত মিল আছে। গতিকে শুনা! যিয়ে ইয়াক অনুসন্ধান কৰিব বিচাৰে, তেওঁ শেষৰ সাত ৰাতিত অনুসন্ধান কৰা উচিত।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কিছুমান চাহাবাই সপোনত দেখা পাইছিল যে, লাইলাতুল ক্বদ্ৰ হ'ব ৰমাজান মাহৰ শেষৰ সাত ৰাতিত। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক কৈছিলঃ মই দেখি আছোঁ, ৰমাজানৰ শেষ সাত ৰাতি সম্পৰ্কীয় বিষয়টোত তোমালোকৰ সপোনবোৰ মিলিছে। গতিকে যিয়ে এই ৰাতিটো পাব বিচাৰে তথা এইটো পোৱাৰ বাবে আগ্ৰহী, তেওঁ এই সাতটা ৰাতিত বেছি বেছি নেক আমল কৰা উচিত, কাৰণ এই সাতটা ৰাতিত ইয়াক বিচাৰি পোৱাৰ সম্ভাৱনা অধিক। এতেকে এই ৰাতি আৰম্ভ হয় ৰমাজান মাহৰ চৌবিশ তাৰিখৰ পৰা, যদি ৰমাজান মাহ ত্ৰিছ দিনীয়া হয়। আনহাতে যদি ঊনত্ৰিশ দিনীয়া হয় তেন্তে এইটো আৰম্ভ হয় তেইশ তাৰিখৰ পৰা।
আবু জৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, "হে আল্লাহৰ ৰাছুল! বিত্তবান লোকসকলে প্ৰতিফল আৰু ছোৱাবৰ দিশত আগুৱাই গৈছে। আমি যেনেকৈ ছালাত আদায় কৰোঁ তেওঁলোকেও সেইদৰেই ছালাত আদায় কৰে, আমি যিদৰে ছওম পালন কৰোঁ তেওঁলোকেও সেই দৰেই ছওম পালন কৰে, লগতে তেওঁলোকে প্ৰয়োজনৰ অতিৰিক্ত অৰ্থ ছাদাকাহ কৰে। তেখেতে ক’লে: "আল্লাহে তোমালোকৰ বাবে এনে বস্তু ৰখা নাইনে যে, তোমালোকে ছাদাকাহ কৰিব পাৰিবা? প্ৰত্যেক তাছবীহ (ছুবহান আল্লাহ) পাঠ হৈছে ছাদাকাহ, প্ৰত্যেক তাকবীৰ (আল্লাহু আকবাৰ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক তাহমীদ (আলহামদুলিল্লাহ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক তাহলীল (লা ইলা-হা ইল্লাল্লাহ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক ভাল কামৰ আদেশ দিয়াটো হৈছে ছাদাকাহ আৰু বেয়া কামৰ পৰা বিৰত কৰাটোও হৈছে ছাদাকাহ, আৰু তোমালোকৰ প্ৰত্যেকে নিজৰ স্ত্ৰীৰ লগত সহবাস কৰাটোও হৈছে ছাদাকাহ।" তেওঁলোকে সুধিলে: হে আল্লাহৰ ৰাছুল! আমাৰ মাজৰ কোনোবাই যেতিয়া যৌন আকাংক্ষা সহকাৰে স্ত্ৰীৰ লগত সম্ভোগ কৰে, তথাপিও সি ছোৱাব পাবনে? তেখেতে ক’লে: "তোমালোকে এই বিষয়ে কি কোৱা, যেতিয়া সি হাৰাম পদ্ধতিত সেয়া সম্পাদন কৰে, তেতিয়া সি গুনাহগাৰ নহ’বনে? এতেকে সেইদৰে যেতিয়া সি সেই কৰ্ম বৈধভাৱে কৰে তেতিয়া সি তাৰ বাবে প্ৰতিফল আৰু ছোৱাব পাব।"
(মুছলিম)কেইজনমান দৰিদ্ৰ চাহাবাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত তেওঁলোকৰ অৱস্থা সম্পৰ্কে অভিযোগ কৰিলে যে, তেওঁলোকে দৰিদ্ৰতা তথা অভাৱ অনাটনৰ কাৰণে দান খয়ৰাত কৰিব পৰা নাই, যাৰ ফলত তেওঁলোক বহুত ছোৱাবৰ পৰা বঞ্চিত হৈছে। পক্ষান্তৰে তেওঁলোকৰ সতীৰ্থসকলৰ ওচৰত আছে বহুতো ধন সম্পদ, ফলত তেওঁলোকে সেইবোৰৰ পৰা বেছি বেছি দান খয়ৰাত কৰি ছোৱাব অৰ্জন কৰি আছে, ইয়াৰ উপৰিও তেওঁলোকে নামাজ পঢ়ে আমিও নামাজ পঢ়োঁ, তেওঁলোকেও ৰোজা ৰাখে আমিও ৰোজা ৰাখোঁ, তেওঁলোকে অতিৰিক্ত সম্পদ দান খয়ৰাত কৰিব পাৰে, কিন্তু আমি দান খয়ৰাত কৰিব নোৱাৰোঁ। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক চাদাক্বাহ কৰাৰ পথ দেখুৱাই নিৰ্দেশনা দি ক'লে যে, আল্লাহে তোমালোকক এনেকুৱা সুবিধা দিয়া নাইনে যে, তোমালোকেও দান খয়ৰাত কৰিব পাৰিবা? শুনা! তোমালোকে "ছুবহানাল্লাহ" বুলি ক'লেও দান খয়ৰাতৰ ছোৱাব লাভ কৰিবা। এইদৰে "আল্লাহু আকবাৰ" বুলি কোৱাটোও হৈছে চাদাক্বাহ, "আলহাম্দুলিল্লাহ" বুলি কোৱাটোও হৈছে চাদাক্বাহ, "লা ইলাহা ইল্লাল্লাহ" বুলি কোৱাটোও হৈছে চাদাক্বাহ, "সৎকৰ্মৰ নিৰ্দেশ" দিয়াটোও হৈছে চাদাক্বাহ, "অসৎকৰ্মৰ পৰা বিৰত" ৰখাটোও হৈছে চাদাক্বাহ, আনকি স্ত্ৰী সৈতে যৌন মিলন কৰাটোও হৈছে চাদাক্বাহ। এই কথা শুনি চাহাবাসকলে আশ্চৰ্য্য প্ৰকাশ কৰিলে আৰু ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাৰ মাজৰ কোনোবাই নিজৰ চাহিদা পূৰণ কৰিবলৈ স্ত্ৰীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰে, ইয়াৰ ফলতো ছোৱাব পোৱা যাবনে? তেতিয়া তেখেতে ক'লেঃ যদি তেওঁ এই কৰ্মটো বৈধ ঠাইত (অৰ্থাৎ স্ত্ৰীৰ সৈতে) নকৰি কোনো হাৰাম পন্থাত কৰিলেহেঁতেন অথবা ব্যভিচাৰ কৰিলেহেঁতেন তেন্তে গুনাহ নহ'লহেঁতেন নে? সেইকাৰণেই যিহেতু তেওঁ হালাল উপায়েৰে এইটো কৰিছে, সেয়ে ইয়াৰ ছোৱাব লাভ কৰিব।
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰমাজান মাহৰ শেষ দশক যেতিয়া আৰম্ভ হৈছিল তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজেও ৰাতি জাগৰণ কৰিছিল আৰু তেখেতৰ পৰিয়ালকো সজাগ ৰাখিছিল, তেখেতে কঠোৰ পৰিশ্ৰম কৰিছিল তথা কঁকালৰ কাপোৰ মজবুতকৈ বান্ধি লৈছিল।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})ৰমাজান মাহৰ শেষ দশক আৰম্ভ হোৱাৰ লগে লগে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গোটেই ৰাতি বিভিন্ন ধৰণৰ ইবাদত কৰি পাৰ কৰিছিল। আনকি নামাজৰ বাবে তেখেতৰ পৰিয়ালবৰ্গকো সজাগ কৰিছিল। সাধাৰণতে কৰা ইবাদতকৈ আৰু অধিক ইবাদত কৰিবলৈ তেখেতে কঠোৰ পৰিশ্ৰম কৰিছিল। স্ত্ৰীসকলৰ পৰা দূৰত্ব অৱলম্বন কৰি ইবাদতৰ বাবে অধিক সময় উলিয়াইছিল।
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ছুৰা নচৰ {إِذَا جَاءَ نَصْرُ اللَّهِ وَالفَتْحُ} অৱতীৰ্ণ হোৱাৰ পিছত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতিটো নামাজতে এই দুআ পাঠ কৰিছিলঃ ছুবহানাকা ৰাব্বানা অবিহামদিকা আল্লাহুম্মাগ ফিৰলী।" (অৰ্থঃ হে আমাৰ প্ৰতিপালক! তুমি পৱিত্ৰ, প্ৰশংসা কেৱল তোমাৰেই। হে আল্লাহ! মোক ক্ষমা কৰি দিয়া।) আন এটা বৰ্ণনাত তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰূকু আৰু ছাজদাত এই দুআটো বেছি বেছি পাঠ কৰিছিলঃ "ছুবহানাকা আল্লাহুম্মা ৰাব্বানা অবিহামদিক, আল্লাহুম্মাগফিৰলী।" (অৰ্থঃ হে আল্লাহ! আমাৰ প্ৰতিপালক, তুমি পৱিত্ৰ আৰু সকলো প্ৰশংসা একমাত্ৰ তোমাৰেই। হে আল্লাহ! মোক ক্ষমা কৰি দিয়া।) ইয়াৰ দ্বাৰা তেখেতে কোৰআনৰ নিৰ্দেশ পালন কৰিছিল।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই জনাইছে যে, ছুৰা নচৰ {إذا جاء نصر الله والفتح} অৱতীৰ্ণ হোৱাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই ছুৰাত থকা কোৰআনৰ এই নিৰ্দেশ অনুসৰি {فسبح بحمد ربك واستغفره} (অৰ্থঃ প্ৰশংসাৰ সৈতে তুমি তোমাৰ প্ৰতিপালকৰ তাছবীহ পাঠ কৰা আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা।) নামাজৰ ৰূকু আৰু ছাজদাত বেছি বেছি তাছবীহ আৰু ইস্তিগফাৰ পাঠ কৰিছিল। «سبحانك» ইয়াৰ অৰ্থ হৈছে, তুমি সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ। «اللهم ربنا وبحمدك» হে আল্লাহ আমাৰ প্ৰতিপালক, সকলো প্ৰশংসা তোমাৰেই, তুমি সত্ত্বাগতভাৱে, গুণগতভাৱে আৰু কৰ্মগতভাৱে পূৰ্ণাংগ। «اللهم اغفر لي» হে আল্লাহ! তুমি মোৰ গুনাহসমূহ ক্ষমা কৰি দিয়া তথা মাৰ্জনা কৰি দিয়া।
আবু উমামা ইয়াছ বিন ছা'লাবা আল-হাৰিছী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে মিছা শপত খাই কোনো মুছলিমৰ অধিকাৰ খৰ্ব কৰিছে, আল্লাহে তাৰ ওপৰত জাহান্নাম ওৱাজিব কৰিছে আৰু জান্নাত হাৰাম কৰিছে।" তেতিয়া এজনে সুধিলেঃ হে আল্লাহৰ ৰাছুল! সেয়া যদি কিবা সৰু সুৰা বস্তু হয়? তেখেতে ক'লেঃ "মিছৱাকৰ সমান বস্তু হ'লেও।"
(মুছলিম)কোনো মুছলিমৰ অধিকাৰ খৰ্ব কৰিবলৈ জানি বুজি মিছা শপত খাবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে। কাৰণ ইয়াৰ ফলত ব্যক্তি জাহান্নামৰ উপযুক্ত হয় আৰু জাহান্নামৰ পৰা বঞ্চিত হয়। এইটো হৈছে কাবীৰাহ গুনাহ বা মহাপাপ। এই কথা শুনি এজন ব্যক্তিয়ে সুধিলে, হে আল্লাহৰ ৰাছুল! যদি সৰু সুৰা কোনো বস্তুৰ কাৰণে এনেকুৱা কৰিছে তেন্তে ইয়াৰ বিধান কি? তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যদি আৰাক গছৰ ডালেৰে বনোৱা এটা মিছৱাকৰ সমান বস্তুও হয় তথাপিও সেই একেই শাস্তি বিহা হ'ব।