





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া কোনো বেমাৰী ব্যক্তিৰ ওচৰলৈ আহিছিল, তেতিয়া তেখেতে তাৰ বাবে এই দুআ কৰিছিলঃ "আজহাবিল বা'ছ, ৰাব্বান্না-ছ, অশ্বফি আনতাশ্ব শ্বা-ফী, লা শ্বিফা-আ ইল্লা শ্বিফা-উক, শ্বিফা-আন লা ইগাদিৰু ছাক্বামা।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া কোনো বেমাৰী ব্যক্তিক চাবলৈ গৈছিল, তেতিয়া তেখেতে তাৰ বাবে দুআ কৰি কৈছিলঃ ভাৱাৰ্থঃ হে আল্লাহ! বেমাৰৰ এই কষ্ট দূৰ কৰি দিয়া। হে মানুহৰ প্ৰতিপালক! এই বেমাৰৰ পৰা তাক আৰোগ্য প্ৰদান কৰা। হে আৰোগ্য প্ৰদানকাৰী মহান আল্লাহ! তুমিয়েই শ্বিফা দানকাৰী, তোমাৰ শ্বিফাৰ বাহিৰে কাৰো শ্বিফা প্ৰদান কৰাৰ ক্ষমতা নাই। তুমি এনেকৈ শ্বিফা প্ৰদান কৰা, যাতে কোনো বেমাৰ বাকী নাথাকে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "দীনাৰ যিটো তুমি আল্লাহৰ পথত ব্যয় কৰিছা, দীনাৰ যিটো তুমি দাস মুক্ত কৰিবলৈ ব্যয় কৰিছা, আৰু সেই দীনাৰ যিটো তুমি ফকীৰ মিছকিনক দান কৰিছা, লগতে সেই দীনাৰ যিটো তুমি তোমাৰ পৰিয়ালৰ ওপৰত ব্যয় কৰিছা, এইবোৰৰ মাজত আটাইতকৈ বেছি ছোৱাব হৈছে সেইটোত, যিটো তুমি তোমাৰ পৰিয়ালৰ ওপৰত ব্যয় কৰিছা।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত ব্যয়ৰ কেইটামান শিতান উল্লেখ কৰি কৈছে যে, যিটো দীনাৰ তুমি আল্লাহৰ পথত জিহাদৰ বাবে ব্যয় কৰিছা, এইদৰে যিটো দীনাৰ তুমি দাস মুক্ত কৰিবলৈ ব্যয় কৰিছা, আৰু যিটো দীনাৰ তুমি অভাৱী মিছকিনক দান কৰিছা, আৰু যিটো দীনাৰ তুমি নিজৰ পৰিয়ালবৰ্গ তথা সন্তান-সন্ততিৰ ওপৰত ব্যয় কৰিছা, ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, এই সকলোবোৰ শিতানৰ মাজত আল্লাহৰ ওচৰত আটাইতকৈ বেছি ছোৱাব হৈছে সেইটো ব্যয়ৰ যিটো ব্যয় তুমি তোমাৰ পৰিয়ালবৰ্গ আৰু সন্তান-সন্ততিৰ ওপৰত কৰিছা, আৰু যিটো তুমি তোমাৰ প্ৰয়োজন পূৰণ কৰিবলৈ কৰিছা।
আব্দুল্লাহ বিন আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে (তেওঁক) কৈছিল যে, "তুমি বোলে সদায় ৰোজা ৰখা আৰু ওৰে ৰাতি নামাজ পঢ়া?" তেতিয়া মই ক'লোঁ, হয়। তেখেতে ক'লেঃ "তুমি এনেকৈ কৰিলে তোমাৰ চকু বহি পৰিব আৰু তোমাৰ শৰীৰ দুৰ্বল হ'ব। যিয়ে গোটেই বছৰ ৰোজা পালন কৰে, তাৰ ৰোজাই নহয়। মাহত তিনিটা ৰোজা পালন কৰিলেই গোটেই বছৰৰ ৰোজা পালন কৰাৰ ছোৱাব অৰ্জন হয়।" তেতিয়া মই ক'লোঁ, মই ইয়াতকৈ বেছি ৰাখিবলৈ সক্ষম। তেতিয়া তেখেতে ক'লেঃ "তেন্তে তুমি দাঊদ আলাইহিচ্ছালামৰ দৰে ৰোজা পালন কৰা, তেওঁ এদিন ৰোজা ৰাখিছিল আৰু এদিন ৰখা নাছিল। লগতে তেওঁ যেতিয়া শত্ৰুৰ সন্মুখীন হৈছিল তেতিয়া পলায়ন কৰা নাছিল।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে খবৰ পালে যে, আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাই গোটেই বছৰ ৰোজা পালন কৰে, এদিনো ৰোজা নৰখাকৈ নাথাকে। এইদৰে ওৰে ৰাতি নামাজ পঢ়ি অতিবাহিত কৰে, ৰাতি নুশুৱে। ফলত তেখেতে তেওঁক মাতি আনি ইয়াৰ পৰা নিষেধ কৰিলে আৰু ক'লে যে, এদিন ৰোজা ৰাখিবা আৰু এদিন এৰি দিবা, ৰাতিত নামাজো পঢ়িবা আৰু টোপনিও যাবা। লগতে তেখেতে তেওঁক একেলেঠাৰিয়ে ৰোজা ৰাখিবলৈ আৰু গোটেই ৰাতি নামাজ পঢ়িবলৈ নিষেধ কৰিছে। তেওঁক উপদেশ দি কৈছেঃ যদি তুমি এনেকৈ কৰি থাকা তেন্তে তোমাৰ দৃষ্টিশক্তি দুৰ্বল হৈ পৰিব আৰু চকু ভিতৰ ফালে সোমাই পৰিব আৰু তোমাৰ শৰীৰ দুৰ্বল হৈ পৰিব আৰু তুমি ক্লান্ত হৈ পৰিবা। শুনা! কোনো দিন ৰোজা এৰি নিদিয়াকৈ যিয়ে গোটেই বছৰ ৰোজা ৰাখে, তাৰ কোনো ৰোজাই নহয়। কাৰণ নিষেধাজ্ঞাক অমান্য কৰি ৰোজা ৰাখিলে সেই ৰোজাৰ কোনো ছোৱাব নাই। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক প্ৰত্যেক মাহত তিনিটাকৈ ৰোজা ৰখাৰ উপদেশ দিলে যে, ইয়াৰ ফলত গোটেই বছৰৰ ৰোজাৰ ছোৱাব পোৱা যাব। কাৰণ প্ৰতিটো ৰোজাৰ ছোৱাব, দহটা ৰোজাৰ সমপৰিমাণ। এইটো হৈছে ছোৱাব বৃদ্ধিৰ নূন্যতম উদাহৰণ। তেতিয়া আব্দুল্লাহে ক'লেঃ মই ইয়াতকৈও অধিক ৰাখিবলৈ সক্ষম। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তেন্তে তুমি চওমে দাঊদ পালন কৰা। এইটো হৈছে উত্তম চিয়াম। তেওঁ এদিন ৰোজা ৰাখিছিল আৰু এদিন এৰি দিছিল। লগতে তেওঁ যেতিয়া শত্ৰুৰ মুখামুখি হৈছিল, তেতিয়া পলায়ন কৰা নাছিল। কাৰণ এনেকুৱা ৰোজাৰ ফলত শৰীৰ দুৰ্বল নহয়।
নুমান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, তেওঁৰ মা আমৰা বিন্তু ৰাৱাহা তেওঁৰ পিতৃৰ ওচৰত নিজৰ পুত্ৰৰ বাবে কিছু পৰিমাণ সম্পদ হিবা কৰিবলৈ অনুৰোধ কৰিলে। কিন্তু তেওঁ এবছৰলৈকে বিষয়টোক আওকাণ কৰিলে। ইয়াৰ পিছত তেওঁ দিবলৈ মনস্থ কৰিলে। তেতিয়া তেওঁৰ মাকে ক'লেঃ আপুনি মোৰ পুত্ৰক যিখিনি সম্পদ হিবা কৰিব, এই ক্ষেত্ৰত আপুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সাক্ষী নৰখালৈকে মই সন্তুষ্ট নহওঁ। তেতিয়া মোৰ পিতৃয়ে মোৰ হাতত ধৰি মোক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ লৈ আহিল, সেই সময়ত মই শিশু আছিলোঁ। তেওঁ উপস্থিত হৈ ক'লেঃ হে আল্লাহৰ ৰাছুল! ইয়াৰ মাকৰ ইচ্ছা যে, মই ইয়াক যি হিবা কৰিছোঁ সেই ক্ষেত্ৰত যাতে মই আপোনাক সাক্ষী কৰি লওঁ। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "হে বাশ্বীৰ! ইয়াৰ বাহিৰেও তোমাৰ কোনো পুত্ৰ আছে নেকি?" তেওঁ ক'লেঃ হয়। তেতিয়া তেখেতে ক'লেঃ "তুমি সকলোকে এইদৰে হিবা কৰিছানে?" তেওঁ ক'লেঃ নহয়। তেখেতে ক'লেঃ "তেতিয়াহ'লে মোক সাক্ষী নকৰিবা। কাৰণ অন্যায়ৰ ক্ষেত্ৰত মই সাক্ষী নহওঁ।" মুছলিমৰ আন এটা বৰ্ণনাত আছে যে, "মোৰ বাহিৰে বেলেগ কাৰোবাক সাক্ষী কৰি লোৱাগৈ।"
متفق عليه، وله ألفاظ عديدةনুমান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, তেওঁৰ মা আমৰাহ বিন্তে ৰাৱাহা ৰাদ্বিয়াল্লাহু আনহাই তেওঁৰ বাবে কিছু সম্পদ হিবা কৰিবলৈ তেওঁৰ পিতাৰ ওচৰত অনুৰোধ কৰিলে। বিষয়টোক বাশ্বীৰে গধুৰ বোজা অনুভৱ কৰি এবছৰলৈকে টালিবাজি কৰি পাৰ কৰিলে। অৱশেষত তেওঁ মান্তি হ'ল আৰু নুমানক সম্পদৰ কিছু অংশ হিবা কৰিবলৈ সন্মতি দিলে। তেতিয়া তেওঁৰ মাকে ক'লেঃ আপুনি মোৰ পুত্ৰক যি হিবা কৰিছে, এই ক্ষেত্ৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সাক্ষী নৰখালৈকে মই সন্তুষ্ট নহওঁ। এই কথা শুনি মোৰ পিতৃয়ে মোক হাতত ধৰি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ লৈ গ'ল, সেই সময়ত মই শিশু আছিলোঁ। তেওঁ ক'লেঃ হে আল্লাহৰ ৰাছুল! ইয়াৰ মা বিন্তু ৰাৱাহাৰ ইচ্ছা যে, মই তেওঁৰ পুত্ৰক যি হিবা কৰিছোঁ সেই ক্ষেত্ৰত যেন মই আপোনাক সাক্ষী কৰি থওঁ। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ হে বাশ্বীৰ! ইয়াৰ বাহিৰেও তোমাৰ আৰু কোনো সন্তান আছেনে? তেওঁ ক'লেঃ হয়। তেখেতে ক'লেঃ তুমি সকলোকে এনেকৈ সম্পদ অৰ্পণ কৰিছানে? তেওঁ ক'লেঃ নহয়। তেখেতে ক'লেঃ তেন্তে মোক এই ক্ষেত্ৰত সাক্ষী নাৰাখিবা। কাৰণ মই অন্যায়-অত্যাচাৰৰ সপক্ষে সাক্ষী নহওঁ। মুছলিমৰ এটা বৰ্ণনাত আছে যে, তেখেতে ভৰ্ৎসনা কৰি তেওঁক কৈছেঃ এই অন্যায়ৰ ক্ষেত্ৰত তুমি মোৰ বাহিৰে বেলেগক সাক্ষী কৰাগৈ।
আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে কোনো এনেকুৱা বেমাৰী ব্যক্তিক সাক্ষাৎ কৰিবলৈ যায়, যাৰ মৃত্যুৰ সময় উপস্থিত হোৱা নাই, তেনেকুৱা বেমাৰীৰ ওচৰত এই দুআটো সাতবাৰ পাঠ কৰিব লাগেঃ আছআলুল্লাহাল আজীম, ৰাব্বাল আৰশ্বিল আজীম, আঁইয়্যাশ্বফীক। ফলত আল্লাহে তাক সেই বেমাৰৰ পৰা শ্বিফা দান কৰিব।"
(আবু দাঊদ, তিৰমিজী, আৰু আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যিয়ে কোনো মুছলিম বেমাৰী ব্যক্তিক চাবলৈ যায়, যিয়ে মৃত্যুশয্যাত উপনীত হোৱা নাই, তেনেকুৱা ব্যক্তিক চাবলৈ গৈ যদি উক্ত দুআটো সাতবাৰ পাঠ কৰে, তেন্তে আল্লাহে তাক সেই বেমাৰৰ পৰা সুস্থ কৰি দিয়ে তথা আৰোগ্য প্ৰদান কৰে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী উম্মুল মুমিনীন উম্মে ছালামা ৰাদ্বিয়াল্লাহু আনহাৰ সূত্ৰত বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যাৰ ওচৰত কুৰাবানীৰ পশু আছে, যিটোক তেওঁ কুৰবানী কৰিব, তেনেকুৱা ব্যক্তিয়ে জুলহিজ্জা মাহৰ জোন উঠাৰ পিছত কুৰবানী নকৰালৈকে নিজৰ শৰীৰৰ নোম বা চুলি আৰু (হাত ভৰিৰ) নখ আদি কটা উচিত নহয়।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত নিৰ্দেশ দিছে যে, যিয়ে কুৰবানী কৰিব বিচাৰে তেওঁ যেন, জুলহিজ্জা মাহৰ জোন উঠাৰ পিছৰ পৰা কুৰবানী নকৰালৈকে মূৰৰ চুলি, দুয়ো কাষলতিৰ নোম, মোচ আদিৰ লগতে হাত ভৰিৰ নখ আদি যেন নাকাটে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ৰমাজান অহাৰ লগে লগে জান্নাতৰ দুৱাৰসমূহ খুলি দিয়া হয়, আৰু জাহান্নামৰ দুৱাৰসমূহ বন্ধ কৰি দিয়া হয়, আৰু চয়তানবোৰক শিকলিবদ্ধ কৰা হয়।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, ৰমাজান মাহ আৰম্ভ হোৱাৰ লগে লগে তিনিটা বিষয় সংঘটিত হয়। প্ৰথমঃ জান্নাতৰ দুৱাৰসমূহ খুলি দিয়া হয়, কোনো দুৱাৰেই বন্ধ নাথাকে। দ্বিতীয়ঃ জাহান্নামৰ দুৱাৰসমূহ বন্ধ কৰি দিয়া হয়, কোনো দুৱাৰেই খোলা নাথাকে। তৃতীয়ঃ চয়তান আৰু স্বৈৰাচাৰী জিনবোৰক শিকলিৰে বান্ধি থোৱা হয়। সিহঁতক এৰি দিয়া নহয়, যিদৰে ৰমাজানৰ বাহিৰত সিহঁতক এৰি থৈ দিয়া হয়। এইবোৰ সংঘটিত হয় কেৱল এই মাহৰ সন্মানৰ কাৰণে। লগতে আমলকাৰীসকলক উৎসাহিত কৰাৰ কাৰণে। যাতে বেছি বেছি নেক কাম কৰিব পাৰে, নামাজ, চাদাক্বাহ, জিকৰ-আজকাৰ আৰু কোৰআন তিলাৱত আদি কৰিব পাৰে। এইদৰে গুনাহ আৰু পাপকৰ্মৰ পৰা বিৰত থাকিব পাৰে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আজান আৰু নামাজৰ প্ৰথম শাৰীৰ যি ফজীলত আছে, সেয়া যদি মানুহে জানিলেহেঁতেন, আৰু লটাৰিৰ বাহিৰে বেলেগ কোনো উপায়ে যদি এই সুযোগ লাভ কৰাটো সম্ভৱ নহ'লহেঁতেন তেন্তে সিহঁতে নিশ্চয় লটাৰিয়ে কৰিলেহেঁতেন। জোহৰৰ নামাজ আওৱাল ওৱাক্তত আদায় কৰাৰ যি ছোৱাব আছে, সেয়া যদি সিহঁতে জানিলেহেঁতেন তেন্তে সিহঁতে ইয়াৰ বাবে প্ৰতিযোগিতা কৰিলেহেঁতেন। এইদৰে ঈশ্বা আৰু ফজৰৰ নামাজ (জামাত)ত পঢ়াৰ যি ছোৱাব আছে, সেয়া যদি সিহঁতে জানিলেহেঁতেন তেন্তে সিহঁতে শিশুৰ দৰে আঠুৰ ওপৰত ভৰ কৰি চোঁচৰি হ'লেও আহিলহেঁতেন।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যদি মানুহে আজান আৰু নামাজৰ প্ৰথম শাৰীৰত থকা ফজীলত, খাইৰ তথা বৰকত সম্পৰ্কে জানিলেহেঁতেন, তেন্তে সিহঁতে এই সুযোগ লাভ কৰিবলৈ লটাৰি কৰিবলগীয়া হ'লেও কৰিলেহেঁতেন যে, লটাৰিত যাৰ যাৰ নাম ওলাব সিয়ে এই স্থান লাভ কৰিব। এইদৰে সিহঁতে যদি আওৱাল ওৱাক্তৰ ফজীলত সম্পৰ্কে গম পালেহেঁতেন তেন্তে সিহঁতে প্ৰতিযোগিতা কৰিলেহেঁতেন। এইদৰে সিহঁতে যদি ঈশ্বা আৰু ফজৰৰ চালাতত চামিল হোৱাৰ ছোৱাব সম্পৰ্কে অৱগত হ'লহেঁতেন তেন্তে সিহঁতে আগভাগ ল'বলৈ শিশুৰ দৰে চোঁচৰি আহিব লগা হ'লেও আহিলহেঁতেন।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে পাহাৰৰ ওপৰৰ পৰা জাপ মাৰি আত্মহত্যা কৰে, সি জাহান্নামত থাকিব, তাত সি চিৰকাল সেইদৰে জঁপিয়াই থাকিব। যিয়ে বিষ খাই আত্মহত্যা কৰিব, জাহান্নামত এই বিষ তাৰ হাতত থাকিব, চিৰকাল সি সেই বিষ তাত সেৱন কৰিব। এইদৰে যিয়ে লোহাৰ অস্ত্ৰৰে আত্মহত্যা কৰিব, জাহান্নামত সেই অস্ত্ৰ তাৰ হাতত থাকিব, আৰু তাত সি সেইটোৰে চিৰকাল নিজৰ পেটত আঘাত কৰিব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সতৰ্ক কৰিছে যে, পৃথিৱীত যিয়ে জানি বুজি আত্মহত্যা কৰিব, আখিৰাতত তাক জাহান্নামত সেই পদ্ধতিৰেই শাস্তি বিহা হ'ব, যাতে সি পূৰ্ণাংগ শাস্তি লাভ কৰে। এতেকে যিয়ে পাহাৰৰ পৰা জঁপিয়াই আত্মহত্যা কৰিব, জাহান্নামত সি চিৰকাল জাহান্নামৰ পাহাৰৰ পৰা জঁপিয়াই থাকিব। এইদৰে যিয়ে বিষ পান কৰি আত্মহত্যা কৰিব, জাহান্নামত তাৰ হাতত বিষ থাকিব, আৰু চিৰকাল সি সেই বিষ খাই থাকিব। যিয়ে নিজৰ পেটত ছুৰীৰে আঘাত কৰি আত্মহত্যা কৰিব, জাহান্নামত তাৰ হাতত তেনেকুৱাই অস্ত্ৰ থাকিব আৰু সি সেইটোৰে নিজৰ পেটত চিৰকাল ঘপিয়াই থাকিব।