





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিদিনা আল্লাহৰ (ৰহমতৰ) ছাঁৰ বাহিৰে আন কোনো ছাঁ নাথাকিব। সেইদিনা মহান আল্লাহে তেওঁৰ (আৰচৰ) ছাঁত সাত প্ৰকাৰ লোকক আশ্ৰয় প্ৰদান কৰিব। ন্যায়পৰায়ণ শাসক। এনেকুৱা যুৱক যাৰ জীৱন গঢ়ি উঠিছে আল্লাহৰ ইবাদতৰ মাধ্যমত। এনেকুৱা ব্যক্তি যাৰ অন্তৰ সদায় মছজিদৰ সৈতে সম্পৃক্ত থাকে। এনেকুৱা দুজন ব্যক্তি, যি দুজনে আল্লাহৰ ওৱাস্তে ইজনে সিজনক ভালপায়, আৰু আল্লাহৰ বাবেই ইজনে সিজনৰ পৰা পৃথক হয়। এনেকুৱা ব্যক্তি, যাক উচ্চ বংশীয় জীয়াগাভৰু ৰূপহী নাৰীয়ে (বাসনা পূৰণৰ বাবে) আহ্বান কৰে, কিন্তু তেওঁ এই বুলি কৈ প্ৰত্যাখ্যান কৰে যে, মই আল্লাহক ভয় কৰোঁ। এইদৰে সেই ব্যক্তি, যিয়ে এনেকৈ গোপনে দান কৰে যে, তাৰ সোঁহাতে যি দান কৰে সেয়া তাৰ বাওঁ হাতেও নাজানে। লগতে সেই ব্যক্তি, যিয়ে নিৰ্জনত আল্লাহক স্মৰণ কৰে আৰু তাৰ দুচকুৰে অশ্ৰু নিগৰি পৰে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সাত প্ৰকাৰ মুমিন ব্যক্তিক সুসংবাদ দিছে যে, আল্লাহে তেওঁলোকক সেইদিনা তেওঁৰ আৰচৰ ছাঁৰ তলত আশ্ৰয় দিব, যিদিনা তেওঁৰ সেই ছাঁৰ বাহিৰে আন কোনো ছাঁ নাথাকিব। প্ৰথমঃ ন্যায়পৰায়ণ শাসক, যিজন সৰ্বোচ্চ কৰ্তৃত্বৰ অধিকাৰী, যিজন পাপকৰ্মত লিপ্ত নাথাকে। নাগৰিকৰ প্ৰতি ন্যায়-নীতি অৱলম্বন কৰে, অন্যায় নকৰে। এইদৰে প্ৰত্যেক সেই ব্যক্তি ইয়াৰ অন্তৰ্ভুক্ত, যিয়ে মুছলিম সমাজৰ কিবা দায়িত্বত থাকে আৰু ন্য়ায় নীতি অৱলম্বন কৰে। দ্বিতীয়ঃ এনেকুৱা যুৱক, যিয়ে নিজকে আল্লাহৰ ইবাদতৰ মাধ্যমত গঢ়ি তোলে, তথা নিজৰ যৌৱন আৰু সক্ৰিয়তা আল্লাহৰ ইবাদতত ব্যয় কৰে। অৱশেষত এই পথতে তাৰ মৃত্যু হয়। তৃতীয়ঃ এনেকুৱা ব্যক্তি, যাৰ অন্তৰ সদায় মছজিদৰ সৈতে সম্পৃক্ত থাকে। মছজিদৰ পৰা যেতিয়া তেওঁ ওলাই যায়, যিমান সোনকালে পাৰে পুনৰ মছজিদলৈ গুচি আহে, কাৰণ মছজিদৰ সৈতে তেওঁৰ গভীৰ মুহাব্বত আছে, তেওঁৰ অন্তৰ যেনিবা মছজিদত ওলমি থাকে, যদিও কাৰণবশতঃ তেওঁৰ শৰীৰ বাহিৰলৈ যায়। চতুৰ্থঃ এনেকুৱা দুজন ব্যক্তি, যিসকলে ইজনে সিজনক কেৱল আল্লাহৰ ওৱাস্তে ভাল পায়। লগতে দ্বীনি কাৰণতেই এই মুহাব্বতত অটল থাকে। দুনিয়াৱী কোনো কাৰণতে এই বন্ধুত্ব ছিন্ন নকৰে। বাস্তৱত তেওঁলোকে সাক্ষাৎ কৰক বা নকৰক। অৱশেষত মৃত্যুৱে তেওঁলোকক পৃথক কৰি দিয়ে। পঞ্চমঃ এনেকুৱা ব্যক্তি যাক এজনী ৰূপৱতী, উচ্চ বংশীয়, সম্ভ্ৰান্ত, ঐশ্বৰ্যশীল নাৰীয়ে অশ্লীল কাৰ্য্য কৰিবলৈ প্ৰস্তাৱ দিয়ে, আৰু তেওঁ সেই প্ৰস্তাৱ নাকচ কৰে, লগতে তেওঁ এই বুলি কয় যে, মই আল্লাহক ভয় কৰোঁ। ষষ্ঠঃ এনেকুৱা ব্যক্তি, যিয়ে কম হওক বা বেছি, দান কৰিলে সেই দান মানুহক দেখুৱাবলৈ নকৰে, বৰং গোপনে কৰে। আনকি তেওঁৰ সোঁ হাতে কি দান কৰিছে সেয়া তেওঁৰ বাওঁ হাতেও গম নাপায়। সপ্তমঃ এনেকুৱা ব্যক্তি যিয়ে নিৰ্জনতাত আল্লাহক অন্তৰেৰে স্মৰণ কৰে অথবা মৌখিকভাৱে জিকৰ-আজকাৰ পাঠ কৰে আৰু আল্লাহৰ ভয়ত তেওঁৰ দুয়ো চকুৰে অশ্ৰু নিগৰি পৰে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ কোনেও যেন তাৰ কোনো ভাতৃৰ প্ৰতি অস্ত্ৰ টোঁৱাই ইংগিত নকৰে। কাৰণ সি নাজানে, চয়তানে হয়তো তাৰ হাতত হেঁচা দিব পাৰে। ফলত সি (মুছলিম এজনক হত্যাৰ কাৰণে) জাহান্নামৰ গাঁতত পতিত হ'ব পাৰে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত এজন মুছলিমে আন এজন মুছলিমক যিকোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ টোঁৱাই কথা ক'বলৈ নিষেধ কৰিছে। কিয়নো সি নাজানে যে, চয়তানে হয়তো সেই অস্ত্ৰটো তাৰ হাতত থকা অৱস্থাতে সঞ্চালন কৰিব পাৰে। ফলত ইয়াৰ দ্বাৰা তাৰ ভাতৃ নিহত হ'ব পাৰে নাইবা আঘাত পাব পাৰে। এতেকে এই গুনাহৰ কাৰণে সি জাহান্নামত নিক্ষিপ্ত হ'ব পাৰে।
আবু শ্বুৰাইহ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়। আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়। আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়।" প্ৰশ্ন কৰা হ'লঃ হে আল্লাহৰ ৰাছুল কোন ব্যক্তি মুমিন নহয়? তেখেতে ক'লেঃ "যাৰ অনিষ্টৰ পৰা তাৰ প্ৰতিৱেশী সুৰক্ষিত নহয়।"
(বুখাৰী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত শপত খাইছে, আৰু গুৰুত্ব প্ৰদান কৰিবলৈ তিনিবাৰকৈ শপত খাইছে। তেখেতে কৈছেঃ আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়। আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়। আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়। এই শুনি চাহাবাসকলে প্ৰশ্ন কৰিলেঃ হে আল্লাহৰ ৰাছুল, কোনজন ব্যক্তি মুমিন নহয়? তেখেতে ক'লেঃ যাৰ ভয়ত তথা অনিষ্টত আৰু অন্যায়-অত্যাচাৰত তাৰ প্ৰতিৱেশী শান্তিত থাকিব নোৱাৰে।
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ সময়ত তেখেতৰ সাধাৰণ অচিয়ত আছিল এই যে, "নামাজ আদায় কৰিবা আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীৰ সৈতে সদ্ব্যৱহাৰ কৰিবা। নামাজ আদায় কৰিবা আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীৰ সৈতে সদ্ব্যৱহাৰ কৰিবা।" অৱশেষত তেখেতৰ শ্বাসকষ্ট আৰম্ভ হৈছিল, আৰু বাৰে বাৰে এই কথা কৈ আছিল, এটা সময়ত তেখেতৰ জিভা গোট খাই যোৱাৰ উপক্ৰম হৈছিল।"
رواه النسائي في السنن الكبرى وابن ماجهনবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ মৃত্যুৰ সময়ত উম্মতৰ বাবে দিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ অচিয়তটো হৈছে, তোমালোকে নামাজক মজবুতভাৱে ধাৰণ কৰা, নিয়মিত নামাজ আদায় কৰা, নামাজৰ পৰা কেতিয়াও অৱহেলা নকৰিবা। লগতে তেখেতে এই উপদেশ দিছে যে, যিসকল দাস-দাসী আৰু কৰ্মচাৰী তোমালোকৰ অধীনত আছে, সিহঁতক সিহঁতৰ অধিকাৰ প্ৰদান কৰিবা, আৰু সিহঁতৰ সৈতে সদ্ব্যৱহাৰ কৰিবা। তেখেতে এইবোৰ কথা বাৰে বাৰে কৈ আছিল, অৱশেষত তেখেতৰ প্ৰাণ কণ্ঠাগত হৈছিল আৰু শ্বাসকষ্ট আৰম্ভ হৈছিল আৰু জিভাৰে ভালকৈ উচ্চাৰণ কৰিব পৰা নাছিল।
উবাদাহ বিন চামিত ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "সোণৰ বিনিময়ত সোণ, ৰূপৰ বিনিময়ত ৰূপ, ঘেঁহুৰ বিনিময়ত ঘেঁহু, যৱৰ বিনিময়ত যৱ, খেজুৰৰ বিনিময়ত খেজুৰ, নিমখৰ বিনিময়ত নিমখ, সমপৰিমাণে হ'ব লাগিব, হাতে হাতে (নগদ) আদান-প্ৰদান হ'ব লাগিব। যদি দ্ৰৱ্য বেলেগ বেলেগ হয়, আৰু নগদ ক্ৰয়-বিক্ৰয় হয় তেন্তে তোমালোকে যিদৰে ইচ্ছা সেইদৰেই ক্ৰয়-বিক্ৰয় কৰিব পাৰা।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সুদত জৰিত হ'ব পৰা ছয়টা দ্ৰৱ্যৰ সঠিক ক্ৰয়-বিক্ৰয়ৰ পদ্ধতি শিকাইছে। সেই ছয়টা দ্ৰৱ্য হৈছে, সোণ, ৰূপ, ঘেঁহু, যৱ, খেজুৰ আৰু নিমখ। এতেকে এইবোৰ দ্ৰৱ্য যদি একে জাতীয় দ্ৰৱ্যৰে ক্ৰয়-বিক্ৰয় কৰা হয়, যেনে- সোণৰ জৰিয়তে সোণ, ৰূপৰ জৰিয়তে ৰূপ, তেনে ক্ৰয়-বিক্ৰয়ত দুটা চৰ্ত আৱশ্যকঃ প্ৰথমঃ ওজনকৃত দ্ৰৱ্যৰ ওজন সমান হ'ব লাগিব, যেনে- সোণ, ৰূপ আদি। জোখি ল'বলগীয়া দ্ৰৱ্যৰ পৰিমাণো সমান হ'ব লাগিব, যেনে- ঘেঁহু, যৱ, খেজুৰ, নিমখ আদি। দ্বিতীয়ঃ ক্ৰয়-বিক্ৰয়ৰ বৈঠকতে দ্ৰৱ্য আৰু মূল্য আদান প্ৰদান হ'ব লাগিব। কিন্তু যদি একে জাতীয় দ্ৰৱ্যৰ দ্বাৰা ক্ৰয়-বিক্ৰয় কৰা নহয়, উদাহৰণস্বৰূপে যদি ৰূপৰ দ্বাৰা সোণ ক্ৰয় কৰা হয় বা ঘেঁহুৰ দ্বাৰা খেজুৰ ক্ৰয় কৰা হয় তেন্তে ইয়াৰ বাবে কেৱল এটা চৰ্তই যথেষ্ট, সেয়া হৈছেঃ ক্ৰয়-বিক্ৰয়ৰ বৈঠকতে ক্ৰেতাই দ্ৰৱ্য বুজি ল'ব আৰু বিক্ৰেতাই মূল্য গ্ৰহণ কৰিব লাগিব। অন্যথা সেই ক্ৰয়-বিক্ৰয় বাতিল বুলি গণ্য হ'ব। লগতে ক্ৰেতা আৰু বিক্ৰেতা উভয়ে সুদৰ সৈতে জৰিত হ'ব, যিটোক হাৰাম কৰা হৈছে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ইঝাৰ বা পৰিধেয় কাপোৰৰ যিটো অংশ ভৰিৰ সৰু গাঁঠিৰ তলত থাকিব, সেই অংশ জাহান্নামত যাব।
(বুখাৰী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পুৰুষসকলক শৰীৰৰ তলৰ ভাগত পৰিধান কৰা কাপোৰ, সেয়া লুঙ্গী হওক বা পায়জামা অথবা পেণ্ট, ভৰিৰ খাৰগাঁঠিৰ তললৈ পিন্ধিবলৈ নিষেধ কৰিছে তথা সতৰ্ক কৰিছে। যিয়ে ভৰিৰ খাৰগাঁঠিৰ তললৈ কাপোৰ পৰিধান কৰিব, সেই ব্যক্তিক জাহান্নামৰ শাস্তি বিহা হ'ব।
আমীৰুল মুমিনীন আবু হাফছ ওমৰ ইবনুল-খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে - মই ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ “সকলো কাম (ৰ প্রাপ্য) হ’ব নিয়্যত অনুযায়ী, আৰু মানুহে তাৰ নিয়্যত অনুযায়ী প্রতিফল পাব। গতিকে যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ উদ্দেশ্যে হিজৰত কৰিব, তাৰ হিজৰত সেই উদ্দেশ্যেই গৃহীত হ'ব। আনহাতে যিয়ে পাৰ্থিৱ লাভৰ আশাত অথবা কোনো মহিলাক বিবাহ কৰাৰ উদ্দেশ্যে হিজৰত কৰিব, তেন্তে তাৰ হিজৰত সেই উদ্দেশ্যেই কবূল হ’ব, যি উদ্দেশ্যত সি হিজৰত কৰিছে।"
رواه إماما المحدثين أبو عبد الله محمد بن إسماعيل بن إبراهيم بن المغيرة بن بردزبه البخاري وأبو الحسين مسلم بن الحجاج بن مسلم القشيري النيسابوري في صحيحيهما اللذين هما أصح الكتب المصنفةনবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, প্ৰতিটো আমল নিয়্যত অনুযায়ীহে নিৰ্ভৰযোগ্য হয়। দৈনন্দিন জীৱনৰ সকলো কৰ্ম আৰু সকলো আমলৰ ক্ষেত্ৰতে এই বিধান প্ৰযোজ্য। গতিকে যদি কোনোবাই কোনো স্বাৰ্থ লাভৰ বাবে কোনো আমল কৰে তেন্তে তেওঁ সেই আমলৰ জৰিয়তে সেই স্বাৰ্থটোকে পাব, যি স্বাৰ্থত তেওঁ আমলটো কৰিছে, কোনো ছোৱাব নাপাব। আনহাতে যদি কোনোবাই কোনো আমল আল্লাহৰ নৈকট্য লাভ কৰাৰ উদ্দেশ্যে কৰে তেন্তে তেওঁ সেইটোৰ ছোৱাব পাব আৰু প্ৰতিদান লাভ কৰিব, যদিও সেইটো তাৰ কোনো অভ্যাসগত আমল হয়, যেনে- পানাহাৰ কৰা। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমলৰ ক্ষেত্ৰত নিয়্যতৰ প্ৰভাৱ বুজাবলৈ এটা উদাহৰণ দিছে। তেখেতে কৈছেঃ যিয়ে প্ৰতিপালকৰ সন্তুষ্টি অৰ্জন কৰিবলৈ নিজৰ দেশ ত্যাগ কৰিব বা হিজৰত কৰিব, তেন্তে তাৰ সেই হিজৰতক গ্ৰহণযোগ্য হিজৰত হিচাপে মানি লোৱা হ'ব। লগতে সঠিক নিয়্যত পোষণ কৰাৰ বাবে তাক ইয়াৰ উত্তম প্ৰতিদানো দিয়া হ'ব। আনহাতে যিয়ে দুনিয়াৱী স্বাৰ্থ লাভৰ বাবে হিজৰত কৰিব, যেনে- ধন-সম্পদৰ আশাত, বা মৰ্যাদা লাভৰ আশাত, নাইবা ব্যৱসায়-বাণিজ্যৰ আশাত, অথবা বিবাহৰ উদ্দেশ্যে, তেন্তে তেওঁ সেই স্বাৰ্থই লাভ কৰিব যিটো স্বাৰ্থত তেওঁ হিজৰত কৰিছে। তাক কোনো ছোৱাব বা নেকী প্ৰদান কৰা নহয়।
আবু আব্দিল্লাহ আন-নু‘মান ইবনে বাশ্বীৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ- মই ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ “হালাল স্পষ্ট আৰু হাৰামো স্পষ্ট, আৰু এই দুটাৰ মাজত আছে কিছুমান সন্দেহজনক বিষয়- যিবোৰ বহুতেই নাজানে। যি ব্যক্তিয়ে সেই সন্দেহজনক বিষয়সমূহৰ পৰা আঁতৰি থাকিব, সি তাৰ দ্বীন আৰু মর্যাদা ৰক্ষা কৰিব পাৰিব, আৰু যিয়ে সেই সন্দেহযুক্ত বিষয়সমূহত লিপ্ত হ’ব, সি হাৰামত লিপ্ত হ’ব। যেনে- ৰখীয়া এজনে যেতিয়া সংৰক্ষিত চাৰণভূমিৰ আশে-পাশে পশু চৰায়, তেতিয়া পশুবোৰ তাত সোমাই পৰাৰ আশংকা থাকে। জানি থোৱা, প্রত্যেক বাদশ্বাহৰেই একোটাকৈ সংৰক্ষিত এলেকা আছে, আৰু জানি থোৱা, আল্লাহৰ সংৰক্ষিত এলেকা হৈছে তেওঁৰ নিষিদ্ধ কৰ্মসমূহ। জানি থোৱা, শৰীৰত এটি মাংসৰ টুকুৰা আছে, সেইটো যেতিয়া ঠিক থাকে, গোটেই শৰীৰ ঠিক থাকে, আৰু সেইটো যেতিয়া বেয়া হৈ যায়, তেতিয়া গোটেই শৰীৰেই বেয়া হৈ যায়। সেই মাংসৰ টুকুৰাটো হৈছে ‘হৃদপিণ্ড বা অন্তৰ’।”
رواه البخاري ومسلمনবী চাল্লাল্লাহু আলাইহি অছাল্লামে সকলো বস্তুৰ বাবে এটা সাধাৰণ নিয়ম উল্লেখ কৰিছে যে, চৰীয়তত সকলো বস্তুক তিনিটা ভাগত ভাগ কৰা হৈছে। হালাল স্পষ্ট আৰু হাৰামো স্পষ্ট আৰু ইয়াৰ মাজত আছে কিছুমান সন্দেহজনক বস্তু, যিবোৰৰ বিধান স্পষ্ট নহয়, যিবোৰ হালাল নে হাৰাম সেই বিষয়ে বহুতেই নাজানে। গতিকে যিয়ে এইবোৰ সন্দেহযুক্ত বিষয়ৰ পৰা আঁতৰি থাকিব তেওঁ হাৰামত লিপ্ত হোৱাৰ পৰা সুৰক্ষিত থাকিব। আনকি মানুহৰ ককৰ্থনাৰ পৰাও সুৰক্ষিত থাকিব, কাৰণ এইবোৰত পতিত হ'লে বিভিন্নজনে বিভিন্ন কথাৰ জৰিয়তে তাক আঘাত কৰিব। আনহাতে যিয়ে এইবোৰ সন্দেহযুক্ত বিষয়ৰ পৰা আঁতৰি নাথাকিব, সি হয়তো হাৰামত লিপ্ত হ'ব নাইবা মানুহৰ ককৰ্থনাৰ সন্মুখীন হ'ব। এইদৰে ৰাছুলুল্লাল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সন্দেহযুক্ত বিষয়ত লিপ্ত হোৱা ব্যক্তিৰ অৱস্থা সম্পৰ্কে এটা স্পষ্ট উদাহৰণ দিছে। যেনে- এজন গৰখীয়াই যদি কোনো সংৰক্ষিত এলেকাৰ ওচৰে পাঁজৰে নিজৰ পশুবোৰ চৰিবলৈ দিয়ে, তেন্তে তাৰ পশুবোৰ সেই সংৰক্ষিত এলেকাত সোমাই যোৱাৰ অধিক সম্ভাৱনা থাকে। ঠিক সেইদৰে যিয়ে সন্দেহযুক্ত কোনো বিষয়ত লিপ্ত থাকে সি হাৰামত লিপ্ত হোৱাৰ অধিক নিকটৱৰ্তী হয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, শৰীৰৰ ভিতৰত এটুকুৰা মাংসপিণ্ড আছে (অৰ্থাৎ হৃদপিণ্ড) যিটো ঠিক থাকিলে গোটেই শৰীৰেই ঠিক থাকে আৰু সেইটো বেয়া হ'লে গোটেই শৰীৰেই বেয়া হয়।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ খাদিম (সেৱক) আবু হামঝাহ আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ কোনেও তেতিয়ালৈকে প্ৰকৃত মুমিন হ'ব নোৱাৰে, যেতিয়ালৈকে সি নিজৰ বাবে যিটো পছন্দ কৰে, সেইটো তাৰ ভাতৃৰ বাবে পছন্দ নকৰিব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, কোনো এজন মুছলিমেই তেতিয়ালৈকে পৰিপূৰ্ণ ঈমান লাভ কৰিব নোৱাৰে, যেতিয়ালৈকে তেওঁ নিজৰ বাবে যিটো পছন্দ কৰে সেইটো তেওঁৰ মুছলিম ভাতৃৰ বাবে পছন্দ নকৰিব, আনুগত্যৰ ক্ষেত্ৰতে হওক বা দ্বিনী আৰু দুনিয়াৱী যিকোনো কল্যাণৰ ক্ষেত্ৰতে হওক। লগতে তেওঁ নিজৰ বাবে যিটো অপছন্দ কৰে, সেইটো আনৰ বাবে যেতিয়ালৈকে অপছন্দ নকৰিব। গতিকে তেওঁ নিজৰ মুছলিম ভাতৃৰ মাজত কোনো দ্বিনী ত্ৰুটি দেখিলে, সেইটো সংশোধন কৰিবলৈ চেষ্টা কৰা উচিত। আনহাতে কোনো কল্যাণ দেখিলে, সেই ক্ষেত্ৰত সহায়-সহযোগিতা কৰা উচিত। লগতে দ্বিনী আৰু দুনিয়াৱী ক্ষেত্ৰত সৎ পৰামৰ্শ দিয়া উচিত।