





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
ইবনে মাছউদ উকবাহ ইবনে আমৰ আল-আনচাৰী আল-বাদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত- তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে: "অতীতৰ নবীসকলৰ পৰা মানুহে এই কথা জানিব পাৰিছে যে, যদি তোমাৰ লাজ নাথাকে তেনেহ’লে যি ইচ্ছা সেইটোৱে কৰা।"
(বুখাৰী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত পূৰ্বৱৰ্তী নবীসকলৰ উপদেশ উল্লেখ কৰিছে। যিটো উপদেশ মানুহে যুগে যুগে পৰস্পৰে পৰস্পৰক আদান প্ৰদান কৰিছিল। অৱশেষত সেই উপদেশ এই উম্মতৰ প্ৰথম সময়ছোৱাত আহি পাইছে। সেয়া হৈছে এই যে, তুমি কৰিব বিচৰা কামটোৰ পিনে চোৱা, যদি সেইটো কোনো লাজ পাবলগীয়া বিষয় নহয় তেন্তে সেইটো কৰা। আনহাতে যদি সেই কামটো এনেকুৱা হয় যে, সেইটো কৰিলে লাজ পাবলগীয়া হ'ব পাৰে তেন্তে সেইটো নকৰিবা। কাৰণ লাজেই মানুহক বেয়া কামৰ পৰা বিৰত ৰাখে। এতেকে যদি লাজ নাইকিয়া হৈ যায় তেন্তে মানুহে সকলো প্ৰকাৰৰ অশ্লীল কৰ্ম কৰাত কোনো কুণ্ঠাবোধ নকৰে।
ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে যদি যথাযথভাৱে আল্লাহ তা'আলাৰ ওপৰত তাৱাক্কুল কৰা তেন্তে তেওঁ তোমালোকক তেনেকৈয়ে জীৱিকা দান কৰিব, যিদৰে চৰাই-চিৰিকটিক জীৱিকা দিয়ে। চৰাই-চিৰিকটিয়ে পুৱাৰ ভাগত খালী পেটত ওলাই যায় আৰু গধূলি উদৰ ভৰাই উভতি আহে।"
رواه الإمام أحمد والترمذي والنسائي وابن ماجه وابن حبان في صحيحه والحاكمএই হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক সকলো কৰ্মতে আল্লাহৰ ওপৰত তাৱাক্কুল (ভৰসা) কৰিবলৈ উৎসাহিত কৰিছে। তাৱাক্কুল হৈছে, দ্বীনি আৰু দুনিয়াৱী কামত কল্যাণ লাভ কৰাৰ বাবে আৰু অনিষ্ট দূৰ কৰাৰ বাবে আল্লাহ তা‘আলাৰ ওপৰত নিৰ্ভৰ কৰা। কিয়নো, আল্লাহেই প্ৰদান কৰে, তেৱেঁই বঞ্চিত কৰে, ক্ষতি আৰু উপকাৰ তেওঁৰ ফালৰ পৰাই হয়। গতিকে আমি আল্লাহৰ ওপৰত সঠিকৰূপে ভৰসা কৰি এনেকুৱা উপায় অৱলম্বন কৰিব লাগে যাৰ দ্বাৰা উপকাৰ সাধন হ'ব আৰু বিপদ-আপদ দূৰ হ'ব। এতেকে যেতিয়া আমি এইটো কৰিম তেতিয়া আল্লাহে আমাক সেইদৰেই জীৱিকা দান কৰিব যিদৰে তেওঁ চৰাই-চিৰিকটি বিলাকক জীৱিকা দিয়ে। চৰাই-চিৰিকটিয়ে পুৱাৰ ভাগত খালী পেটত ওলাই যায় আৰু সন্ধিয়া উদৰ ভৰাই গুচি আহে। চৰাই-চিৰিকটিৰ এই কৰ্মটো হৈছে কোনো ধৰণৰ সংকোচ আৰু অৱহেলা নকৰাকৈ জীৱিকা অৰ্জনৰ অন্যতম এটা উপায়।
নাওৱাছ বিন ছামআন ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "উত্তম চৰিত্ৰই হৈছে নেকী, আৰু গুনাহ সেইটোক কোৱা হয় যিটোৱে তোমাৰ মনক সংশয়ৰ মাজত পেলায়, আৰু তুমি অপছন্দ কৰা যে, মানুহে সেয়া গম পাওক।" ওৱাবিছা ইবনে মা'বাদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, মই এবাৰ ৰাছুল চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰলৈ আহিলোঁ, তেতিয়া তেখেতে ক’লে: "তুমি নেকী সম্পৰ্কে সুধিবলৈ আহিছা নেকি?" মই ক’লোঁ: হয়। তেখেতে ক’লে: "নিজৰ মনক সুধি চোৱা; যিটোৰ ক্ষেত্ৰত তোমাৰ আত্মা বা মন আশ্বস্ত থাকে সেয়া হৈছে নেকী, আৰু গুনাহ হৈছে সেইটো, যিয়ে তোমাৰ আত্মাক অস্বস্তিত পেলায় আৰু মনত সংশয় সৃষ্টি কৰে, যদিও মানুহে (তাৰ সপক্ষে) ফতোৱা দিয়ে।"
الحديث الأول: رواه مسلم، والحديث الثاني: رواه أحمد والدارميহাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গুনাহ আৰু নেকী সম্পৰ্কে জনাইছে। তেখেতে কৈছেঃ নেকীৰ আটাইতকৈ ডাঙৰ গুণ হৈছে তাক্বৱাৰ জৰিয়তে আল্লাহৰ সৈতে সদাচৰণ কৰা, আৰু সৃষ্টিক কষ্ট দিয়াৰ পৰা বিৰত থকা, খং নকৰা, হাঁহিমুখে সাক্ষাৎ কৰা, ভাল কথা কোৱা, সহায়-সহযোগ কৰা, আনুগত্য কৰা, নম্ৰতা, ভদ্ৰতা অৱলম্বন কৰা, সংগী-সাৰথিৰ সৈতে সদাচৰণ কৰা আদি। নেকী হৈছে সেইটো, যাৰ দ্বাৰা অন্তৰে প্ৰশান্তি লাভ কৰে। গুনাহ সেইটোক কোৱা হয়, যিটো কৰিলে অন্তৰ কঁপে আৰু অন্তৰত অশান্তি বিৰাজ কৰে। যেতিয়া কোনো কাম সম্পৰ্কে মনত সন্দেহ হয় বা ভয় হয় যে, সেইটো চাগে গুনাহ হ’ব পাৰে, আৰু সি সেইটোক বেয়া বুলি গণ্য কৰি আনৰ আগত প্ৰকাশ কৰিব নিবিচাৰে, বিশেষকৈ সন্মানীয় মানুহৰ সন্মুখত, তেন্তে এইটোৱে প্ৰমাণ কৰে যে, সেইটো হৈছে এটা গুনাহৰ কাম। কাৰণ মানুহৰ স্বভাৱে এইটো বিচাৰে যে, মানুহে কেৱল তাৰ ভাল কামবোৰ চাওক। এতেকে যেতিয়া কোনো ব্যক্তিয়ে এইটো বিচাৰে যে, তাৰ কিছুমান কাম জনসাধাৰণৰ দৃষ্টিৰ পৰা গোপন থাকক, তেন্তে ইয়াৰ দ্বাৰা স্পষ্ট হয় যে, সেইটো হৈছে এটা গুনাহ, যিটোৰ মাজত কোনো কল্যাণ নাই। যেতিয়ালৈকে অন্তৰত অস্থিৰতা থাকিব, তেতিয়ালৈকে মানুহে সেই বিষয়ে ফতোৱা দিলেও সেইটো গ্ৰহণ নকৰিবা। কাৰণ যদি সন্দেহ সঠিক ক্ষেত্ৰত থাকে তেন্তে ফতোৱা দিলেও সেইটো দূৰ নহয়। কাৰণ মুফতিয়ে নাজানিও ফতোৱা দিব পাৰে। আনহাতে যদি ফতোৱা দলিল ভিত্তিক হয় তেন্তে ফতোৱা বিচৰা ব্যক্তিয়ে সেইটো মানি লোৱা উচিত, যদিও অন্তৰে সেইটো মানি নলয়।
আব্দুল্লাহ বিন বুছৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাৰ ওপৰত ইছলামী চৰীয়তৰ বিধান বহুত বেছি। গতিকে আমাক এনেকুৱা এটা জামে বিষয় শিকাই দিয়ক যিটো আমি মজবুতভাৱে ধৰি ৰাখিম। তেখেতে ক'লেঃ "সৰ্বশক্তিমান আল্লাহৰ জিকৰৰ দ্বাৰা তোমাৰ জিভা সদায় সিক্ত ৰাখিবা।" মুআজ বিন জাবাল ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আন এটা বৰ্ণনাত আছে যে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শেষ বিদায় লোৱাৰ সময়ত যিটো কথা সুধিছিলোঁ, সেয়া আছিল এই যে, কোনটো আমল বেছি উত্তম আৰু আল্লাহৰ অধিক নিকটৱৰ্তী? তেখেতে কৈছিলঃ "সদায় যেন তোমাৰ জিভা আল্লাহৰ জিকৰৰ দ্বাৰা সিক্ত হৈ থাকে আৰু সেই অৱস্থাতে যেন তোমাৰ মৃত্যু হয়।"
رواه أحمد والترمذي وابن ماجه وابن حبانএজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি অভিযোগ কৰিলে যে, নফল ইবাদতৰ সংখ্যা অধিক হৈছে, গতিকে কোনটো এৰি কোনটো কৰিম ভাবি পোৱা নাই। সেয়ে ব্যক্তিজনে নিজৰ দুৰ্বলতাৰ কথা উল্লেখ কৰি অপাৰগতা প্ৰকাশ কৰিলে। ইয়াৰ পিছত তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে যে, তেখেতে যেন তেওঁক এনেকুৱা কোনো সহজ আমল সম্পৰ্কে জনায় যিটো কৰিলে অধিক ছোৱাব অৰ্জন হ'ব আৰু তেওঁ যাতে সেইটোক মজবুতভাৱে ধৰি ৰাখিব পাৰে। এই কথা শুনি তেখেতে তেওঁক নিৰ্দেশনা দি ক'লে যে, আল্লাহৰ জিকৰৰ দ্বাৰা তুমি তোমাৰ জিভাক সকলো সময়তে আৰু সকলো অৱস্থাতে সিক্ত ৰাখিবা। তাছবীহ (ছুবহানাল্লাহ), তাহমীদ (আলহাম্দুলিল্লাহ), ইস্তিগফাৰ (আস্তাগফিৰুল্লাহ) আৰু দুআ আদিৰ জৰিয়তে।
আবু বাকৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “মই তোমালোকক আটাইতকৈ ডাঙৰ (কবীৰাহ) গুনাহ সম্পৰ্কে সংবাদ নিদিমনে?” এই কথা তেখেতে তিনিবাৰ ক'লে। চাহাবাসকলে ক'লেঃ নিশ্চয় দিয়ক, হে আল্লাহৰ ৰাছুল। তেখেতে ক'লেঃ সেয়া হৈছে, “আল্লাহৰ সৈতে শ্বিৰ্ক কৰা আৰু পিতৃ-মাতৃৰ অবাধ্য হোৱা", তেখেত আউজি বহি আছিল, ইয়াৰ পিছত পোন হৈ বহি ক'লে, "সাৱধান! মিছা কথা কোৱা আৰু মিছা সাক্ষ্য দিয়াও কবীৰাহ গুনাহ।” তেখেতে এই কথাষাৰ বাৰে বাৰে কৈ আছিল। অৱশেষত আমি মনে মনে ক'বলৈ বাধ্য হ'লোঁ যে, তেখেত যদি চুপ হ'লহেঁতেন।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক মহা কাবীৰাহ গুনাহ সম্পৰ্কে কৈ এই তিনিটা কথা উল্লেখ কৰিছেঃ ১. আল্লাহৰ সৈতে শ্বিৰ্ক কৰাঃ অৰ্থাৎ ইবাদতৰ যিমান প্ৰকাৰ আছে সেইবোৰৰ যিকোনো এটা প্ৰকাৰক আল্লাহৰ বাহিৰে আনৰ বাবে কৰা, অথবা আল্লাহৰ বাহিৰে কোনো সত্তাক আল্লাহৰ উলুহিয়্যত, ৰুবুবিয়্য়ত, আছমা অচিফাত আদিৰ ক্ষেত্ৰত সমতুল্য বুলি জ্ঞান কৰা। ২. পিতৃ-মাতৃৰ অবাধ্য হোৱাঃ অৰ্থাৎ পিতৃ-মাতৃক কোনো ধৰণৰ কষ্ট দিয়া, কথাৰ দ্বাৰাই হওক বা কৰ্মৰ দ্বাৰা। এইদৰে তেওঁলোকৰ সৈতে সদ্ব্যৱহাৰ নকৰা আদি ইয়াৰ অন্তৰ্ভুক্ত। ৩. মিছা কথা কোৱা আৰু মিছা সাক্ষ্য দিয়াঃ অৰ্থাৎ যিকোনো প্ৰকাৰৰ মিছা কথা আৰু মিছা কৰ্ম যাৰ দ্বাৰা কাৰোবাৰ সন্মান হানি কৰা হয় বা কাৰোবাৰ সম্পদ গ্ৰাস কৰা হয়। মিছা কথা অতিকৈ জঘন্য আৰু সমাজত ইয়াৰ খুবেই বেয়া প্ৰভাৱ পৰে, সেইকাৰণেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰ পৰা বাৰে বাৰে সতৰ্ক কৰিছে। অৱশেষত চাহাবাসকলে মনে মনে তেখেতৰ মৌনতা কামনা কৰিছিল, কাৰণ তেখেতৰ প্ৰতি তেওঁলোকৰ পূতৌ জন্মিছিল, এইকাৰণে যে, এনেকুৱা ঘৃণনীয় বিষয় এটাই তেখেতক আমনি কৰি আছে।
মিক্বদাদ বিন মাদি কাৰিব ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰি কৈছেঃ যেতিয়া কোনো ব্যক্তিয়ে তাৰ কোনো ভাতৃক ভালপায়, তেতিয়া সি তাক বিষয়টো জনাই দিয়া উচিত যে, সি তাক ভাল পায়।
(আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, আহমদ)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা উপায় বৰ্ণনা কৰিছে যিটোৰ দ্বাৰা মুমিনসকলৰ মাজৰ সম্পৰ্ক শক্তিশালী হয় আৰু তেওঁলোকৰ মাজত মুহাব্বত প্ৰসাৰিত হয়। সেই উপায়টো হৈছে, যদি কোনো ব্যক্তিয়ে কাৰোবাক ভালপায় তেন্তে তেওঁ সেই কথাটো তাক জনাই দিয়া উচিত যে, তেওঁ তাক ভালপায়।
আব্দুল্লাহ বিন আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ কাবীৰাহ গোনাহ হৈছে: আল্লাহৰ সৈতে শ্বিৰ্ক কৰা, পিতা-মাতাৰ সৈতে অবাধ্যাচৰণ কৰা, কাৰোবাক হত্যা কৰা আৰু মিছা শপত খোৱা।
(বুখাৰী)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেইটিমান গুনাহৰ কথা উল্লেখ কৰিছে, যিবোৰক কবীৰাহ গুনাহ বুলি কোৱা হয়। কাৰণ এনেকুৱা গুনাহকাৰীৰ বিষয়ে দুনিয়া আৰু আখিৰাতত কঠোৰ শাস্তিৰ সতৰ্কবাণী দিয়া হৈছে। তাৰে প্ৰথমটো হৈছে "আল্লাহৰ সৈতে শ্বিৰ্ক কৰা"। অৰ্থাৎ যিকোনো প্ৰকাৰৰ ইবাদত আল্লাহৰ বাহিৰে আন কাৰো বাবে কৰা, আৰু আল্লাহৰ বিশেষত্বৰ সৈতে আন কাৰোবাক সমতুল্য কৰা, উলুহিয়্যাততে হওক বা ৰুবুবিয়্যতত নাইবা আচমা অচিফাতত। দ্বিতীয়টো হৈছে, “পিতৃ-মাতৃৰ সৈতে অবাধ্য আচৰণ কৰা”। অৰ্থাৎ, পিতৃ-মাতৃৰ সৈতে বা তেওঁলোকৰ যিকোনো এজনৰ সৈতে এনেকুৱা কোনো আচৰণ কৰা যিটোৱে তেওঁলোকক কষ্ট দিয়ে। এইদৰে তেওঁলোকৰ অধিকাৰ আদায় নকৰাটোও অবাধ্য আচৰণৰ অন্তৰ্ভুক্ত। তৃতীয়টো হৈছে, "কাৰোবাক হত্যা কৰা"। উচিত কাৰণ নোহোৱাকৈ, অৰ্থাৎ অন্যায়ভাৱে বা সীমালংঘন কৰি। চতুৰ্থটো হৈছে, মিছা শপত খোৱা। অৰ্থাৎ জানি বুজি মিছা শপত খোৱা। আৰবীত ইয়াক য়ামীনে গামূছ বোলে। গামূছ শব্দৰ অৰ্থ হৈছে ডুবি যোৱা। এই নাম দিয়াৰ কাৰণ হৈছে, মিছা শপত খোৱা ব্যক্তি পাপকৰ্মত অথবা জাহান্নামৰ জুইত ডুবি যাব, কাৰণ সি জানি বুজি মিছা শপত খাইছিল।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "বিধৱা আৰু দুখীয়াৰ বাবে খাদ্য যোগান ধৰিবলৈ চেষ্টা কৰা ব্যক্তি হৈছে আল্লাহৰ পথত জিহাদ কৰা ব্যক্তিৰ দৰে, অথবা ৰাতিত চালাত আদায় কৰা আৰু দিনত চিয়াম পালন কৰা ব্যক্তিৰ দৰে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})উক্ত হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে বিধৱা নাৰী অৰ্থাৎ এনেকুৱা নাৰী যাৰ স্বামী মৃত্যুবৰণ কৰিছে, যাৰ পৰিয়াল চলাবলৈ কোনো নাই, তেনেকুৱা নাৰীক সহায়-সহযোগিতা কৰিব, লগতে অসহায় দৰিদ্ৰ লোকৰ কল্যাণৰ হকে কাম কৰিব আৰু আল্লাহৰ ওচৰত ছোৱাব কামনা কৰিব, সেই ব্যক্তিয়ে আল্লাহৰ পথত যুদ্ধ কৰাৰ দৰে ছোৱাব অৰ্জন কৰিব, অথবা ৰাতি ক্লান্ত নোহোৱাকৈ তাহাজ্জুদ পঢ়াৰ দৰে আৰু দিনত ৰোজা পালন কৰা ব্যক্তিৰ দৰে ছোৱাব লাভ কৰিব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে সাতটা ধ্বংসকাৰী বিষয়ৰ পৰা আঁতৰত থাকিবা"। তেওঁলোকে ক'লেঃ "হে আল্লাহৰ ৰাছুল! সেইবোৰ কি কি"? তেখেতে ক'লেঃ "আল্লাহৰ লগত শ্বিৰ্ক কৰা, যাদু কৰা, নিৰ্দোষী লোকক হত্যা কৰা যিটোক আল্লাহে হাৰাম কৰিছে, সুত খোৱা, অনাথৰ সম্পদ আত্মসাৎ কৰা, যুদ্ধ ক্ষেত্ৰৰ পৰা পলায়ন কৰা, সতী-সাধ্বী বিশ্বাসী সহজ-সৰল নাৰীৰ প্ৰতি অপবাদ দিয়া"।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ উম্মতক সাতটা ধ্বংসকাৰী পাপ কৰ্মৰ পৰা দূৰত থাকিবলৈ নিৰ্দেশ দিছে। যেতিয়া তেখেতক সোধা হ'ল যে, সেইবোৰ কি কি? তেতিয়া তেখেতে ক'লে যে সেইবোৰ হৈছে যেনেঃ প্ৰথমঃ আল্লাহৰ সৈতে শ্বিৰ্ক কৰা, যি উপায়ে নহওক কিয়, কাৰোবাক আল্লাহৰ সমকক্ষ নিৰ্ধাৰণ কৰা তথা কাৰোবাক তেওঁৰ সমান বুলি গণ্য কৰা, অথবা যিকোনো প্ৰকাৰৰ ইবাদত আল্লাহৰ বাহিৰে আন কাৰোবাৰ বাবে কৰা। তেখেতে প্ৰথমেই শ্বিৰ্কৰ কথাটো এইকাৰণে উল্লেখ কৰিছে যে, শ্বিৰ্ক হৈছে আটাইতকৈ ডাঙৰ গুনাহ। দ্বিতীয়ঃ যাদু কৰা। যাদু হৈছে গাঁঠি, জৰাফুঁকা, বিভিন্ন জীৱ-জন্তুৰ হাড় আৰু ধুঁৱা আদিৰ সমষ্টিৰে কৰা এক প্ৰকাৰ মন্ত্ৰ। যিয়ে যাদুকৃত ব্যক্তিৰ শৰীৰত প্ৰভাৱ পেলায়, ফলত সি মৃত্যুবৰণ কৰে অথবা অসুস্থ হৈ পৰে, নাইবা ইয়াৰ দ্বাৰা স্বামী স্ত্ৰীৰ মাজত বিচ্ছেদ ঘটাবলৈ ব্যৱহাৰ কৰা হয়। এইটো হৈছে চয়তানৰ কৰ্ম। অধিকাংশ ক্ষেত্ৰতে যাদুকাৰীয়ে শ্বিৰ্কৰ আশ্ৰয় লয় আৰু দুষ্ট আত্মাৰ সহায় বিচাৰি সেইবোৰে পছন্দ কৰা বস্তুৰ জৰিয়তে সিহঁতক ভোগ দিয়ে। তৃতীয়ঃ কোনো ব্যক্তি বা কোনো প্ৰাণীক হত্যা কৰা, যাক হত্যা কৰিবলৈ আল্লাহে হাৰাম কৰিছে। কিন্তু বিচাৰপতিয়ে চৰীয়তৰ বিধান অনুযায়ী দিয়া ফয়চালা অনুসাৰে মৃত্যুদণ্ড প্ৰদান কৰাটো সুকীয়া বিষয়। চতুৰ্থঃ সুত গ্ৰহণ কৰা, ভক্ষণ কৰাৰ মাধ্যমত হওক অথবা আন কোনো উপায়েৰে স্বাৰ্থ অৰ্জন কৰাৰ মাধ্যমতেই হওক। পঞ্চমঃ পিতা-মাতা মৃত্যুবৰণ কৰা অনাথ শিশু তথা অপ্ৰাপ্তবয়স্ক শিশুৰ ধন-সম্পদ আত্মসাৎ কৰা। ষষ্ঠঃ কাফিৰসকলৰ সৈতে চলি থকা যুদ্ধৰ সময়ত যুদ্ধ ক্ষেত্ৰৰ পৰা পলায়ন কৰা। সপ্তমঃ সহজ-সৰল সতী-সাধ্বী পৱিত্ৰ নাৰীৰ প্ৰতি ব্যভিচাৰৰ অপবাদ জাপি দিয়া। অনুৰূপ পুৰুষৰ ক্ষেত্ৰতো।