





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আবু উমামা আল-বাহিলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই শুনিছোঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে কোৰআন তিলাৱত কৰা, কিয়নো ই কিয়ামতৰ দিনা ইয়াৰ তিলাৱতকাৰী সকলৰ হৈ ছুপাৰিছ কৰিব। তোমালোকে দুটা উজ্জ্বল ছুৰা অৰ্থাৎ ছুৰা আল-বাক্বাৰাহ আৰু ছুৰা আলে-ইমৰান (যাক 'ঝাহৰাৱাইন' বোলা হয়) তিলাৱত কৰা। কিয়নো কিয়ামতৰ দিনা এই দুটা ছুৰা এনেকৈ আহিব যেনিবা দুডোখৰ মেঘ খণ্ড, অথবা দুটা ছাঁ, নাইবা শাৰী পাতি উৰি থকা চৰাইৰ জাক। এই দুটাই নিজৰ তিলাৱতকাৰীৰ সপক্ষে প্ৰমাণ দাঙি ধৰিব। তোমালোকে ছুৰা আল-বাক্বাৰাহ তিলাৱত কৰা, কিয়নো এইটো হৈছে বৰকতপূৰ্ণ, আৰু ইয়াক এৰি দিয়াটো হৈছে হতাশাজনক। বাতিল পন্থীয়ে ইয়াৰ মুকাবিলা কৰিবলৈ সক্ষম নহয়।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত নিয়মীয়াকৈ কোৰআন পঢ়িবলৈ উৎসাহিত কৰিছে। কিয়নো কিয়ামতৰ দিনা এই ছুৰা দুটাই ইয়াৰ পঢ়ুৱৈ আৰু অনুসৰণকাৰীসকলৰ বাবে ছুপাৰিছ কৰিব। ইয়াৰ পিছত তেখেতে বিশেষভাৱে ছুৰা আল-বাক্বাৰাহ আৰু আলে-ইমৰান পঢ়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে, লগতে তেখেতে এই ছুৰা দুটাক "ঝাহৰাৱাইন" (দুটা উজ্জ্বল ছুৰা) বুলি নামকৰণ কৰিছে। ইয়াৰ পোহৰ আৰু হিদায়তৰ বাবে। এই ছুৰা দুটা পঢ়াৰ, ইয়াৰ অৰ্থৰ প্ৰতি চিন্তা চৰ্চা কৰাৰ আৰু সেইমতে আমল কৰাৰ ছোৱাব তথা প্ৰতিদান কিয়ামতৰ দিনা দুডোখৰ ডাৱৰৰ দৰে আগমন কৰিব, অথবা দুটা চৰাইৰ জাকৰ দৰে (যিয়ে নিজৰ পাখি মেলি উৰি থাকে আৰু ইটোৱে সিটোৰ লগত সংলগ্ন হৈ থাকে) আহিব, যিবোৰে ইয়াৰ অনুসৰণকাৰীক ছাঁ দিব আৰু তেওঁলোকৰ পক্ষত যুক্তি দৰ্শাব। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছুৰা আল-বাক্বাৰাহ নিয়মীয়াকৈ পঢ়িবলৈ, ইয়াৰ অৰ্থৰ প্ৰতি চিন্তা চৰ্চা কৰিবলৈ আৰু ইয়াৰ ভিতৰত থকা বিধি-বিধান মতে আমল কৰিবলৈ বিশেষ গুৰুত্ব প্ৰদান কৰিছে। তেখেতে কৈছে, ইয়াৰ মাজত নিহিত আছে ইহকাল আৰু পৰকালৰ বহুতো বৰকত আৰু উপকাৰ। ইয়াক পৰিত্যাগ কৰিলে কিয়ামতৰ দিনা হতাশ আৰু নিৰাশ হৈ অনুতপ্ত হ'বলগীয়া হ'ব। এই ছুৰাৰ অন্যতম আন এটা বিশেষত্ব হৈছে এই যে, যাদুকৰসকলে ইয়াৰ পঢ়ুৱৈক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰিব।
জুন্দুব বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ, আৰু আমি আছিলোঁ শক্তিশালী তথা সক্ষম এদল যুৱক। আমি কোৰআন শিকাৰ আগতে ঈমান শিকিছিলোঁ। তাৰ পিছতহে কোৰআন শিকিছোঁ। ফলত আমাৰ ঈমান বৃদ্ধি পাইছিল।
(ইবনে মাজাহ)হাদীছটোত জুন্দুব বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে যে, আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সাহচৰ্য্যত আছিলোঁ, আৰু আমি আছিলোঁ প্ৰাপ্তবয়স্কত উপনীত হোৱাৰ বয়সত, শক্তিশালী তথা মজবুত আছিলোঁ। সেই সময়ছোৱাত আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কোৰআন শিকাৰ আগতে ঈমান সম্পৰ্কে শিকিছিলোঁ। ইয়াৰ পিছত আমি কোৰআন শিকিছিলোঁ, ফলত আমাৰ ঈমান বৃদ্ধি হৈছিল।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "প্ৰত্যেক নবীকেই তেওঁৰ যুগৰ প্ৰয়োজন মুতাবিক কিছুমান মুজিঝা প্ৰদান কৰা হৈছিল, যিবোৰ দেখি মানুহে তেওঁৰ ওপৰত ঈমান আনিছিল। পক্ষান্তৰে মোক যি মুজিঝা প্ৰদান কৰা হৈছে, সেয়া হৈছে অহী, যিটো আল্লাহে মোৰ প্ৰতি অৱতীৰ্ণ কৰিছে, (অৰ্থাৎ কোৰআন)। গতিকে মই আশা কৰোঁ কিয়ামতৰ দিনা তেওঁলোকৰ অনুসাৰীসকলৰ তুলনাত মোৰ অনুসাৰীসকলৰ সংখ্যা অধিক হ'ব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, মহান আল্লাহে প্ৰতিজন নবীকেই কিছুমান নিদৰ্শন আৰু মুজিঝা তথা অলৌকিকতা প্ৰদান কৰিছিল, যিবোৰৰ দ্বাৰা তেওঁলোকৰ নুবুওৱতৰ প্ৰমাণ সাব্যস্ত কৰিছে, যাতে যিসকলে এইবোৰ দেখিব তেওঁলোকে যেন ঈমান পোষণ কৰে। এইবোৰ আছিল এক প্ৰকাৰ প্ৰত্যাহ্বান, যিবোৰৰ কোনেও মোকাবিলা কৰিব নোৱাৰে। তথাপিও কিছুমানে স্বৈৰাচাৰিতা আৰু হঠকাৰিতা অৱলম্বন কৰি অস্বীকাৰ কৰিছিল। আনহাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰদান কৰা আটাইতকৈ ডাঙৰ মুজিঝাটো হৈছে আল-কোৰআন, যিখন তেখেতৰ প্ৰতি অহী কৰা হৈছে। ইয়াৰ ভিতৰত আছে স্পষ্ট তথা চিৰস্থায়ী মুজিঝা, ইয়াৰ ওপৰিও বহুতো উপকাৰ, ব্যাপক কল্যাণ, আহ্বান, দলীল-প্ৰমাণ, পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী বহুতো দুৰ্লভ সংবাদ। উপস্থিত অনুপস্থিত সকলোৰে বাবে তথা যিয়ে পাইছে আৰু যিয়ে পাব সেই সকলোৰে বাবে এইখন অত্যন্ত উপকাৰী। ইয়াৰ পিছত তেখেতে কৈছেঃ আশা কৰোঁ কিয়ামতৰ দিনা তেওঁলোকৰ তুলনাত মোৰ অনুসাৰীসকলৰ সংখ্যা অধিক হ'ব।
ক্বাতাদাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আনাছ ৰাদ্বিয়াল্লাহু আনহুক প্ৰশ্ন কৰা হ'ল যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেনেকৈ কিৰাআত কৰিছিল? তেওঁ ক'লেঃ তেখেতে টানি টানি কিৰাআত কৰিছিল। ইয়াৰ পিছত তেওঁ কিৰাআত কৰি দেখুৱাই ক'লেঃ {بِسْمِ اللَّهِ الرَّحْمَنِ الرَّحِيمِ} (ছুৰা আল-ফাতিহাঃ ১) তেখেতে বিছমিল্লাহ টানিছিল, তাৰ পিছত ৰাহমান টানিছিল, ইয়াৰ পিছত ৰাহীম টানি পাঠ কৰিছিল।
(বুখাৰী)আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুক প্ৰশ্ন কৰা হ'ল যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেনেকৈ কোৰআন তিলাৱত কৰিছিল। তেওঁ উত্তৰত ক'লে যে, তেখেতে ধীৰ স্থিৰে টানি টানি কোৰআন তিলাৱত কৰিছিল। তেখেতে বিছমিল্লাহৰ লাম টানিছিল, আৰু ৰাহমানত থকা মীম টানিছিল, এইদৰে ৰাহীমত থকা হা টানি পঢ়িছিল।
ইবনু আবী মুলাইকাৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কোনো এজনী স্ত্ৰীৰ পৰা বৰ্ণিত, আবু আমীৰে কৈছে যে, নাফে কৈছেঃ মোৰ ধাৰণা মতে তেওঁ চাগে হাফচা ৰাদ্বিয়াল্লাহু আনহা। তেওঁক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কিৰাআত সম্পৰ্কে প্ৰশ্ন কৰা হৈছিল, তেওঁ কৈছেঃ তোমালোকে তেনেকৈ পঢ়িব নোৱাৰিবা। বৰ্ণনাকাৰীয়ে কৈছেঃ তেওঁক কোৱা হ'ল যে, আমাক জনাই দিয়ক, তেখেতে কেনেকৈ পঢ়িছিল। বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত তেওঁ অত্যন্ত ধীৰ স্থিৰতাৰ সৈতে অতি সুন্দৰভাৱে তিলাৱত কৰি শুনালে। আবু আমিৰে কৈছে, নাফে কৈছে যে, ইবনু আবি মুলাইকাই আমাক ইয়াৰ পদ্ধতি দেখুৱাই কৈছেঃ তেখেতে {الحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ} পাঠ কৰি ৰৈ দিছিল, তাৰ পিছত {الرَّحْمَنِ الرَّحِيمِ} পাঠ কৰি ৰৈ দিছিল, তাৰ পিছত {مَالِكِ يَوْمِ الدِّينِ} পাঠ কৰি ৰৈ দিছিল।
(আহমদ)উম্মুল মুমিনীন হাফচা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰা হৈছিল যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কিদৰে কোৰআন তিলাৱত কৰিছিল? তেওঁ ইয়াৰ উত্তৰত কৈছিল যে, তোমালোকে তেনেদৰে পাঠ কৰিব নোৱাৰিবা। তেওঁক কোৱা হ'ল যে, তথাপিও আমাক জনাই দিয়ক। নাফে কৈছে যে, ইবনু আবি মুলাইকাই আমাক তিলাৱত কৰি শুনাইছিল, য'ত তেওঁ অত্যন্ত ধীৰ স্থিৰতাৰে অতি সুন্দৰভাৱে তিলাৱত কৰিছিল। যাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ তিলাৱত পদ্ধতি দেখুৱাব পাৰে। তেওঁ তিলাৱত কৰাৰ সময়ত {الحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ} পাঠ কৰি ৰৈ দিছিল, তাৰ পিছত {الرَّحْمَنِ الرَّحِيمِ} পাঠ কৰি ৰৈ দিছিল, তাৰ পিছত {مَالِكِ يَوْمِ الدِّينِ} পাঠ কৰিছিল।
আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ গোছল ফৰজ হোৱা অৱস্থাৰ বাহিৰে, বেলেগ সৰ্বাৱস্থাতেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক কোৰআন তিলাৱত কৰোৱাইছিল।
رواه أبو داود والترمذي والنسائي وابن ماجه وأحمدনবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক কোৰআন শিকাইছিল, আৰু তেওঁলোকক সকলো অৱস্থাতে কোৰআন পঢ়াইছিল, কিন্তু জুনুবী (গোছল ফৰজ হোৱা) অৱস্থাত পঢ়োৱা নাছিল।
আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, এজন ব্যক্তিয়ে আন এজন ব্যক্তিক (ক্বুল হুৱাল্লাহু আহাদ) বাৰে বাৰে পাঠ কৰা শুনিলে। পিছদিনা পুৱাৰ ভাগত তেওঁ বিষয়টো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক জনালে। ব্যক্তিজনে বিষয়টোক নগণ্য জ্ঞান কৰিছিল। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "সেই সত্তাৰ শপত! যাৰ হাতত মোৰ প্ৰাণ আছে। এই ছুৰাটো হৈছে সমগ্ৰ কোৰআনৰ এক তৃতীয়াংশৰ সমান।"
(বুখাৰী)হাদীছটোত আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে যে, এজন ব্যক্তিয়ে আন এজন ব্যক্তিক (ক্বুল হুৱাল্লাহু আহাদ) প্ৰত্যেক ৰাতিত বাৰে বাৰে পাঠ কৰা শুনা পায়, তেওঁ ইয়াতকৈ বেছি নপঢ়ে। পিছদিনা পুৱাৰ ভাগত তেওঁ বিষয়টো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক জনালে। ব্যক্তিজনে বিষয়টোক একেবাৰে কম বুলি জ্ঞান কৰিছিল। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বিষয়টোৰ গুৰুত্ব বুজাই ক'লেঃ সেই সত্তাৰ শপত! যাৰ হাতত মোৰ প্ৰাণ আছে। এই ছুৰাটো হৈছে সমগ্ৰ কোৰআনৰ এক তৃতীয়াংশৰ সমান।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ যেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত এই আয়াত অৱতীৰ্ণ হ'লঃ অৰ্থ- "আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰ হৈছে আল্লাহৰেই। তোমালোকৰ মনত যি আছে তোমালোকে সেয়া প্ৰকাশ কৰা বা গোপন কৰা, আল্লাহে তোমালোকৰ পৰা সেই সকলোবোৰৰ হিচাপ গ্ৰহণ কৰিব। তাৰ পিছত তেওঁ যাক ইচ্ছা কৰিব ক্ষমা কৰিব আৰু যাক ইচ্ছা কৰিব শাস্তি বিহিব; আৰু আল্লাহ সকলো বস্তুৰ ওপৰতে পূৰ্ণ ক্ষমতাৱান।" [আল-বাক্বাৰা, আয়াত: ২৮৪] বৰ্ণনাকাৰীয়ে কৈছেঃ তেতিয়া এই বিষয়টো চাহাবাসকলৰ বাবে বৰ কঠিন অনুভৱ হ'ল, আৰু তেওঁলোকে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি আঁঠু পাৰি বহি ক'লেঃ হে আল্লাহৰ ৰাছুল! চালাত, চিয়াম, জিহাদ, চাদাক্বাহ আদি যিবোৰ আমল আমাৰ সামৰ্থ অনুযায়ী আছিল এতিয়ালৈকে আমাক সেইবোৰ আমলৰহে নিৰ্দেশ দিয়া হৈছিল, কিন্তু বৰ্তমান যিটো আয়াত অৱতীৰ্ণ হৈছে, এইটো দেখোন আমাৰ সাধ্যাতীত। এই কথা শুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকেও সেইদৰেই ক'ব বিচৰা নেকি যিদৰে তোমালোকৰ পূৰ্বে আহলে কিতাব (ইয়াহুদী আৰু খৃষ্টান)সকলে কৈছিল যে, আমি শুনিলোঁ কিন্তু পালন নকৰোঁ। বৰং তোমালোকে কোৱা যে, ‘আমি শুনিলোঁ আৰু মানি ল'লোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ পিনেই আমাৰ প্ৰত্যাৱৰ্তনস্থল’। তেতিয়া তেওঁলোকে ক'লেঃ ‘আমি শুনিলোঁ আৰু মানি ল'লোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ পিনেই আমাৰ প্ৰত্যাৱৰ্তনস্থল’। এই বুলি কৈ চাহাবাসকলে আয়াতটো পাঠ কৰিলে আৰু মনে প্ৰাণে মানি ল'লে। ইয়াৰ পিছত মহান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ "ৰাছুলে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা যি তেওঁৰ প্ৰতি অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান আনিছে আৰু মুমিনসকলেও ঈমান পোষণ কৰিছে। প্ৰত্যেকেই ঈমান আনিছে আল্লাহৰ ওপৰত, তেওঁৰ ফিৰিস্তাসকলৰ ওপৰত, তেওঁৰ কিতাবসমূহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত। আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰোঁ; আৰু এওঁলোকে কয়, ‘আমি শুনিছোঁ আৰু মানি লৈছোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ পিনেই প্ৰত্যাৱৰ্তনস্থল’।" [আল-বাক্বাৰা, আয়াত: ২৮৫] যেতিয়া তেওঁলোকে সৰ্বতো প্ৰকাৰে আনুগত্য প্ৰকাশ কৰিলে, তেতিয়া উক্ত আয়াতৰ বিধান ৰহিত কৰি সৰ্বশক্তিমান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ "আল্লাহে কাৰো ওপৰত তাৰ সাধ্যাতীত কোনো কামৰ দায়িত্ব নিদিয়ে, যিয়ে ভাল কাম কৰিছে তাৰ বাবে সুফল আছে আৰু যিয়ে বেয়া কাম কৰিছে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। হে আমাৰ প্ৰতিপালক! যদি আমি বিস্মৃত হওঁ অথবা ভুল কৰো তেন্তে তুমি আমাক সোধ-পোচ নকৰিবা।" [আল-বাক্বাৰা, আয়াত: ২৮৬] মহান আল্লাহে জনাই দিলেঃ ঠিক আছে। ইয়াৰ পিছত ক'লেঃ "হে আমাৰ প্ৰতিপালক! আমাৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত যেনেকৈ তুমি বোজা অৰ্পণ কৰিছিলা আমাৰ ওপৰত তেনেকুৱা বোজা অৰ্পণ নকৰিবা।" মহান আল্লাহে জনাই দিলেঃ ঠিক আছে। ইয়াৰ পিছত ক'লেঃ "হে আমাৰ প্ৰতিপালক! তুমি আমাক এনেকুৱা বোজা বহন নকৰাবা যিটো বহন কৰাৰ আমাৰ সামৰ্থ নাই।" মহান আল্লাহে জনাই দিলেঃ ঠিক আছে। ইয়াৰ পিছত ক'লেঃ "আৰু তুমি আমাৰ পাপসমূহ মোচন কৰি দিয়া, আমাক ক্ষমা কৰি দিয়া, আমাৰ প্ৰতি দয়া কৰা, তুমিয়েই আমাৰ অভিভাৱক। এতেকে কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক সহায় কৰা।" মহান আল্লাহে জনাই দিলেঃ ঠিক আছে।
(মুছলিম)মহান আল্লাহে যেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত এই আয়াত অৱতীৰ্ণ কৰিলেঃ {لِلَّهِ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ} অৰ্থাৎ আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰক আল্লাহেই সৃষ্টি কৰিছে আৰু তেৱেঁই ইয়াৰ মালিক, তেৱেঁই এইবোৰক নিয়ন্ত্ৰণ কৰে আৰু পৰিচালনা কৰে। {وَإِنْ تُبْدُوا} যদি তোমালোকে প্ৰকাশ কৰা। {مَا فِي أَنْفُسِكُمْ} তোমালোকৰ অন্তৰত যি আছে। {أَوْ تُخْفُوهُ} অথবা গোপন কৰা তথা অন্তৰত লুকুৱাই ৰখা। {يُحَاسِبْكُمْ بِهِ اللَّهُ} তথাপিও আল্লাহে কিয়ামতৰ দিনা লোকক জবাবদিহি কৰিব, হিচাপ ল'ব। {فَيَغْفِرُ لِمَنْ يَشَاءُ} তেওঁ নিজ ৰহমত আৰু অনুগ্ৰহৰ দ্বাৰা যাক ইচ্ছা কৰিব তাক ক্ষমা কৰি দিব। {وَيُعَذِّبُ مَنْ يَشَاءُ} আনহাতে যাক ইচ্ছা কৰিব ন্যায়ৰ ভিত্তিত শাস্তি বিহিব। {وَاللَّهُ عَلَى كُلِّ شَيْءٍ قَدِيرٌ} আল্লাহ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। উক্ত আয়াতটো যেতিয়া চাহাবাসকলে শুনিলে যে, অন্তৰত কৰা পৰিকল্পনা তথা চিন্তা ভাৱনা সম্পৰ্কেও আল্লাহে জবাবদিহি কৰিব, তেতিয়া তেওঁলোকে বিষয়টোক কঠিন বুলি ভাবিলে। ইয়াৰ পিছত তেওঁলোকে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিলে। তেওঁলোকে আঁঠু পাৰি ভদ্ৰভাৱে বহিলে। ইয়াৰ পিছত ক'লেঃ হে আল্লাহৰ ৰাছুল! ইতিপূৰ্বে আমাক যিবোৰ আমলৰ নিৰ্দেশ দিয়া হৈছিল সেইবোৰ আছিল আমাৰ সাধ্যৰ ভিতৰত, যেনে- নামাজ ৰোজা, জিহাদ আৰু দান খয়ৰাত। কিন্তু আপোনাৰ প্ৰতি এতিয়া যিটো আয়াত অৱতীৰ্ণ হৈছে, সেইটো আমাৰ সাধ্যৰ বাহিৰত। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকেও সেইদৰেই ক'ব বিচৰা নেকি যিদৰে ইয়াহুদী আৰু নাচাৰাসকলে কৈছিলঃ{سَمِعْنَا وَعَصَيْنَا} যে, আমি শুনিলোঁ কিন্তু নামানো। বৰং তোমালোকে এইদৰে কোৱা যে, {سَمِعْنَا وَأَطَعْنَا غُفْرَانَكَ رَبَّنَا وَإِلَيْكَ المَصِيرُ} আমি শুনিলোঁ আৰু মানিলোঁ, তথা হে আমাৰ প্ৰতিপালক! আমাক ক্ষমা কৰি দিয়া, কাৰণ তোমাৰ ওচৰতেই আমি প্ৰত্যাৱৰ্তন কৰিব লাগিব। লগে লগে চাহাবাসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ মানি ল'লে আৰু ক'লেঃ আমি শুনিলোঁ আৰু মানিলোঁ, তথা হে আমাৰ প্ৰতিপালক! আমাক ক্ষমা কৰি দিয়া, কাৰণ তোমাৰ ওচৰতেই আমি প্ৰত্যাৱৰ্তন কৰিব লাগিব। যেতিয়া চহাবাসকলে এইটো মুখেৰে উচ্চাৰণ কৰিলে আৰু তেওঁলোকে মনে প্ৰাণে বিষয়টোক মানি ল'লে, তেতিয়া আল্লাহে নবী আৰু তেখেতৰ উম্মতৰ কথা উল্লেখ কৰি এই আয়াত অৱতীৰ্ণ কৰিলেঃ {آمَنَ الرَّسُولُ بِمَا أُنْزِلَ إِلَيْهِ مِنْ رَبِّهِ وَالمُؤْمِنُونَ} যে, মুমিনসকলে মুখেৰে বিষয়টো স্বীকাৰ কৰিছে আৰু তেওঁলোকৰ অন্তৰে মানি লৈছে। {كُلٌّ آمَنَ بِاللَّهِ وَمَلَائِكَتِهِ وَكُتُبِهِ وَرُسُلِهِ لَا نُفَرِّقُ بَيْنَ أَحَدٍ مِنْ رُسُلِهِ} প্ৰত্যেকেই ঈমান আনিছে আল্লাহৰ ওপৰত, তেওঁৰ ফিৰিস্তাসকলৰ ওপৰত, তেওঁৰ কিতাবসমূহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত। আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰোঁ। বৰং আমি সকলোৰে প্ৰতি ঈমান আনিছোঁ, আমি আপোনাৰ কথা শুনিছোঁ আৰু আদেশ মানি লৈছোঁ। আমি আমাৰ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰোঁ, তেওঁ যেন আমাক ক্ষমা কৰি দিয়ে। কাৰণ হিচাপ-নিকাচৰ দিনা আমি তেওঁৰ ওচৰতেই উপস্থিত হ'ব লাগিব। যেতিয়া তেওঁলোকে এইটো কৰিলে, অৰ্থাৎ আল্লাহৰ আদেশ অনুসৰি আনুগত্য স্বীকাৰ কৰিলে, তেতিয়া আল্লাহে এই উম্মতৰ পৰা এই বিষয়টো লাঘৱ কৰি দিলে। তথা সেই আয়াতটোক মনছুখ তথা ৰহিত কৰি দিলে, আৰু এই আয়াত অৱতীৰ্ণ কৰিলে যে, আল্লাহে কাৰো ওপৰত সেই ব্যক্তিৰ সাধ্যাতীত কোনো বোজা অৰ্পণ নকৰে। অৰ্থাৎ প্ৰত্যেকৰে ওপৰত সেই পৰিমাণ দায়িত্ব তথা বোজা অৰ্পণ কৰা হয়, যিমানখিনি সি বহন কৰিবলৈ সক্ষম। যিয়ে ভাল কাম কৰিব, সি উত্তম ছোৱাব অৰ্জন কৰিব। আনহাতে যিয়ে বেয়া কাম কৰিব, সি গুনাহগাৰ হ'ব আৰু ইয়াৰ শাস্তি সি নিজেই ভোগ কৰিব। বেলেগৰ গুনাহৰ বাবে আন কাকো জবাবদিহি নকৰিব। এইদৰে অন্তৰত হঠাৎ সৃষ্টি হোৱা কুমন্ত্ৰণাৰ বাবেও আল্লাহে জবাবদিহি নকৰিব, যিটোক বাস্তৱ ৰূপ দিয়া নহয়। হে আমাৰ প্ৰতিপালক, যদি আমি পাহৰি তথা অজানিতে কিবা ভুল কৰোঁ তেন্তে তুমি আমাক শাস্তি নিদিবা। মহান আল্লাহে তেওঁলোকৰ এই দাবী মানি ল'লে আৰু ক'লেঃ ঠিক আছে, এইটোৱে কৰিম। হে আমাৰ প্ৰতিপালক! আমাৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত তুমি যিদৰে ভাৰি বোজা অৰ্পণ কৰিছিলা, যেনে- বনী ইছৰাঈল আৰু অন্যান্য সম্প্ৰদায়ৰ ওপৰত, সেইদৰে আমাৰ ওপৰত বোজা অৰ্পণ নকৰিবা। মহান আল্লাহে তেওঁলোকৰ এই দুআও কবূল কৰিলে আৰু ক'লেঃ ঠিক আছে, এইটোৱে কৰিম। ইয়াৰ পিছত ক'লেঃ হে আমাৰ প্ৰতিপালক! তুমি আমাৰ ওপৰত বিপদ-আপদকে আদি কৰি এনেকুৱা কঠিন বোজা অৰ্পণ নকৰিবা, যিটো বহন কৰাৰ আমাৰ ওচৰত শক্তি সামৰ্থ্য নাই, যিটো বহন কৰিবলৈ আমি অপাৰগ। মহান আল্লাহে ক'লেঃ ঠিক আছে। ইয়াৰ পিছত ক'লেঃ তুমি আমাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া, মাফ কৰি দিয়া, সেইবোৰৰ ওপৰত পৰ্দা জাপি দিয়া আৰু সেইবোৰক আওকাণ কৰা। তুমি তোমাৰ প্ৰশস্ত ৰহমতৰ দ্বাৰা আমাৰ ওপৰত ৰহম কৰা, তুমিয়ে আমাৰ অভিভাৱক, দলীল-প্ৰমাণ সাব্যস্ত কৰিবলৈ আৰু কাফিৰসকলৰ বিপক্ষে মোকাবিলা কৰিবলৈ তুমি আমাক সহায় কৰা। মহান আল্লাহে তেওঁলোকৰ এই কথাও মানি ল'লে আৰু ক'লেঃ ঠিক আছে, কৰি দিলোঁ।
ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, এজন ইয়াহুদীয়ে তেওঁক ক'লেঃ হে আমীৰুল মুমিনীন! আপোনালোকৰ কিতাবত এটা আয়াত আছে, যিটো আপোনালোকে পাঠ কৰি থাকে, সেই আয়াতটো যদি আমাৰ ইয়াহুদীসকলৰ ওপৰত অৱতীৰ্ণ হ'লহেঁতেন তেন্তে আমি সেই দিৱসটোক উৎসৱ হিচাপে পালন কৰিলোঁহেঁতেন। তেওঁ ক'লেঃ কোনটো আয়াত? ব্যক্তিজনে ক'লেঃ {اليَوْمَ أَكْمَلْتُ لَكُمْ دِينَكُمْ وَأَتْمَمْتُ عَلَيْكُمْ نِعْمَتِي وَرَضِيتُ لَكُمُ الإِسْلاَمَ دِينًا} অৰ্থঃ আজি মই তোমালোকৰ বাবে তোমালোকৰ ধৰ্মক পূৰ্ণাঙ্গ কৰিলোঁ, আৰু তোমালোকৰ ওপৰত মোৰ নিয়ামত সম্পূৰ্ণ কৰিলোঁ, লগতে ইছলামক মই তোমালোকৰ বাবে দ্বীন হিচাপে মনোনীত কৰিলোঁ। (ছুৰা আল-মায়িদাহঃ ৩) তেতিয়া ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ আমি সেই দিৱস সম্পৰ্কেও অৱগত, আৰু সেই ঠাই সম্পৰ্কেও অৱগত যি ঠাইত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত এই আয়াতটো অৱতীৰ্ণ হৈছিল। (সেই সময়ছোৱাত) তেখেতে আৰাফাত থিয় হৈ আছিল আৰু দিনটো আছিল জুমুআৰ দিন।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})এজন ইয়াহুদী ব্যক্তি আমীৰুল মুমিনীন ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰলৈ আহি ক'লেঃ আপোনালোকৰ গ্ৰন্থত এটা আয়াত আছে, যিটো আপোনালোকে পাঠ কৰি থাকে, সেই আয়াতটো যদি আমি ইয়াহুদীসকলৰ তাওৰাতত থাকিলহেঁতেন তেন্তে আমি সেই দিৱসটোক উৎসৱ হিচাপে পালন কৰিলোঁহেঁতেন। এই মহান আয়াতটো অৱতীৰ্ণ হোৱাৰ চুকৰিয়া হিচাপে আমি এইটো কৰিলোঁহেঁতেন। তেতিয়া ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে সুধিলেঃ তুমি কোনটো আয়াতৰ কথা কৈ আছা? ব্যক্তিজনে ক'লেঃ "আজি মই তোমালোকৰ বাবে তোমালোকৰ ধৰ্মক পূৰ্ণাঙ্গ কৰিলোঁ, আৰু তোমালোকৰ ওপৰত মোৰ নিয়ামত সম্পূৰ্ণ কৰিলোঁ, লগতে ইছলামক মই তোমালোকৰ বাবে দ্বীন হিচাপে মনোনীত কৰিলোঁ।" ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ আমি সেই দিনটোৰ বিষয়েও জানো আৰু স্থানটোৰ বিষয়ে জানো, যিদিনা এই আয়াতটো অৱতীৰ্ণ হৈছিল। এই আয়াতটো ঈদৰ দিনা অৱতীৰ্ণ হৈছিল আৰু দিনটো আছিল জুমুআৰ দিন, সেইদিনা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰাফাত থিয় হৈ আছিল। দুয়োটা দিৱসেই হৈছে মুছলিমসকলৰ ওচৰত মহান দিন।