





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মোৰ ফালৰ পৰা পৌঁচাই দিয়া, সেয়া যদি এটা আয়াতো হয়, আৰু বনী ইছৰাঈলৰ পৰা বর্ণনা কৰা, ইয়াত কোনো দোষ নাই; কিন্তু যি ব্যক্তিয়ে ইচ্ছাকৃতভাৱে মোৰ বিষয়ে মিছা কথা ক’ব, সি যেনিবা জাহান্নামকেই নিজৰ ঠিকনা নির্ধাৰিত কৰি ল’লে।
(বুখাৰী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কোৰআন হাদীছৰ জ্ঞান প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিছে। পৰিমাণ যিমানেই কম নহওক কিয়, এটা আয়াত বা এটা হাদীছ হ'লেও কথা নাই। কিন্তু চৰ্ত হৈছে সেই বিষয়ে তেওঁ নিজে জনা হ'ব লাগিব আৰু তাৰ পিছতহে প্ৰচাৰ কৰিব। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, বনী ইছৰাঈলৰ পৰা সেইবোৰ ঘটনা বৰ্ণনা কৰাত কোনো অসুবিধা নাই যিবোৰ ঘটনা সিহঁতৰ সৈতে সংঘটিত হৈছে তথা যিবোৰৰ লগত আমাৰ চৰীয়তৰ কোনো অমিল নাই। ইয়াৰ পিছত তেখেতে মিছা কথাৰ পৰা সতৰ্ক কৰিছে, এতেকে যিয়ে জানি বুজি তেখেতৰ বিষয়ে মিছা কথা ক'ব, সি যেন জাহান্নামত নিজৰ ঠিকনা বনাই লয়।
মিক্বদাম ইবনু মা‘দী কাৰিব ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “সাৱধান! অনতিপলমে এনেকুৱা সময় আহিব যে, এজন ব্যাক্তিয়ে নিজৰ আসনত আউজি বহি থকা অৱস্থাত তাৰ ওচৰলৈ যেতিয়া কোনো হাদীছ গৈ পাব, তেতিয়া সি ক'ব: আমাৰ আৰু তোমালোকৰ মাজত আল্লাহৰ কিতাব আছে। গতিকে আমি তাত যি হালাল বুলি পাম সেইখিনিকে হালাল বুলি গণ্য কৰিম আৰু তাত যি হাৰাম বুলি পাম সেইখিনিকে হাৰাম বুলি গণ্য কৰিম। (সেই ব্যক্তিয়ে জানি থোৱা উচিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:) নিশ্চয় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যি হাৰাম কৰিছে সেইখিনিও আল্লাহে হাৰাম কৰাৰ দৰেই।”
(আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, এনেকুৱা এটা সময় অচিৰেই আহিব যেতিয়া এক প্ৰকাৰ মানুহ এনেকুৱা হ'ব যে, নিজৰ আসনত বহি থকা অৱস্থাত সিহঁতৰ মাজৰ কাৰোবাৰ ওচৰলৈ হাদীছ গৈ পালে ক'ব যে, আমাৰ আৰু তোমালোকৰ মাজত দ্বীনি বিষয়বোৰ বিতংভাৱে ফয়চালা কৰিবলৈ কোৰআনেই যথেষ্ট। আমি তাত যি হালাল বুলি পাম, সেইটোৰ ওপৰতে আমল কৰিম আৰু তাত যি আমি হাৰাম বুলি পাম সেইটোৰ পৰাহে আমি বিৰত থাকিম। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা স্পষ্ট কৰিছে যে, তেখেতে হাদীছৰ মাধ্যমত যিবোৰ বস্তু হাৰাম কৰিছে বা যিবোৰৰ পৰা নিষেধ কৰিছে, বিধানৰ ক্ষেত্ৰত সেইবোৰো কোৰআনত আল্লাহে হাৰাম কৰা বিধানৰ দৰেই। কাৰণ তেখেত হৈছে আল্লাহৰ ফালৰ পৰা বাৰ্তাবাহক।
ইৰবাজ বিন ছাৰিয়া ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এদিনাখন ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আমাৰ মাজত থিয় হৈ গাম্ভীৰ্যপূৰ্ণ হৃদয়গ্ৰাহী ভাষণ দিলে, যাৰ ফলত অন্তৰ কঁপি উঠিল আৰু চকুত চকুলো আহি গ'ল। এজনে সুধিলে, হে আল্লাহৰ ৰাছুল! এই ভাষণ দেখোন বিদায়ী ভাষণৰ নিচিনা। গতিকে আমাক কিবা উপদেশ দিয়ক। তেখেতে ক'লেঃ "মই তোমালোকক আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ আৰু (নেতৃবৃন্দৰ) কথা শুনিবলৈ আৰু মানিবলৈ উপদেশ দিলোঁ, যদিও তেওঁ (সেই নেতা) হাবশ্বী ক্ৰীতদাসে নহওক কিয়। মোৰ (মৃত্যুৰ) পিছত তোমালোকে অত্যন্ত মতভেদ দেখিবলৈ পাবা। গতিকে সেই সময়ত তোমালোকে মোৰ ছুন্নতক আৰু মোৰ খুলাফায়ে ৰাশ্বিদীনৰ ছুন্নতক মজবুতভাৱে ধাৰণ কৰি তাৰ ওপৰত অবিচল থাকিবা। তোমালোকে এইবোৰ ছুন্নতক দাঁতেৰে খামুচি ধৰাৰ দৰে খামুচি ধৰিবা, লগতে (দ্বীনৰ ক্ষেত্ৰত) নতুনত্বৰৰ পৰা বিৰত থাকিবা, কাৰণ প্ৰত্যেক বিদআতেই হৈছে পথভ্ৰষ্টতা।"
(আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সম্বোধন কৰি এটা গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰিলে, ফলত চাহাবাসকলৰ অন্তৰ ভীত-সন্ত্ৰস্থ হৈ পৰিল আৰু চকু অশ্ৰুসিক্ত হৈ পৰিল। তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! এইটো যেনিবা বিদায়ী ভাষণ, দৰাচলতে তেওঁলোকে ভাষণৰ গুৰুত্ব বুজি এই কথাষাৰ কৈছিল। সেয়ে তেওঁলোকে উপদেশ বিচাৰি আবেদন কৰিলে যাতে তেখেতৰ (মৃত্যুৰ) পিছত সেইমতে জীৱন-যাপন কৰিব পাৰে। তেখেতে ক'লেঃ মই তোমালোকক সৰ্বশক্তিমান আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ উপদেশ দিওঁ। এই তাক্বৱা অৰ্জন হ'ব তেওঁৰ ওৱাজিবাতসমূহ পালন কৰিলে আৰু তেওঁৰ নিষেধকৃত বস্তুসমূহৰ পৰা বিৰত থাকিলে। শ্ৰৱণ কৰা আৰু আনুগত্য কৰা, অৰ্থাৎ শাসকসকলৰ। যদি কোনো ক্ৰীতদাসেও তোমালোকৰ ওপৰত শাসন কৰে বা ৰাজত্ব কৰে অৰ্থাৎ তোমালোকৰ মাজৰ নিম্ন মানৰ ব্যক্তিও যদি তোমালোকৰ আমীৰ হয় তথাপিও তোমালোকে তেওঁৰ আনুগত্য কৰাত দ্বিধাবোধ নকৰিবা আৰু তেওঁৰ কথা মানি চলিবা, যাতে ফিতনা-ফাছাদ সৃষ্টি নহয়। কাৰণ মোৰ পিছত তোমালোকৰ মাজৰ যিসকলে জীয়াই থাকিব তেওঁলোকে অত্যন্ত মতভেদ দেখিবলৈ পাব। এইখিনি কথা কোৱাৰ পিছত তেখেতে সেই মতভেদৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়ো বৰ্ণনা কৰিছে। অৰ্থাৎ তেখেতৰ আৰু খুলাফায়ে ৰাশ্বিদীনৰ ছুন্নতক খামুচি ধৰি ৰাখিবলৈ নিৰ্দেশ দিছে। খুলাফায়ে ৰাশ্বিদীন অৰ্থাৎ আবু বকৰ চিদ্দীক্ব, ওমৰ ইবনুল খাত্তাব, উছমান বিন আফ্ফান, আলী ইবনে আবি তালিব ৰাদ্বিয়াল্লাহু আনহুম আজমাঈন। আনকি পেষক দাঁতেৰে সেই ছুন্নতক মজবুতভাৱে ধাৰণ কৰাৰ নিৰ্দেশনা দিছে। লগতে তেখেতে তেওঁলোকক ধৰ্মীয় ক্ষেত্ৰত নতুনত্বৰ (বিদআত)ৰ পৰা সাৱধান কৰিছে। কিয়নো ধৰ্মীয় ক্ষেত্ৰত সকলো প্ৰকাৰ বিদআতেই হৈছে পথভ্ৰষ্টতা।
ছামুৰাহ বিন জুনদাব আৰু মুগীৰাহ বিন শ্বুবাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ দ্বাৰা বৰ্ণিত, তেওঁলোক উভয়ে কৈছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে মোৰ নামেৰে হাদীছ বৰ্ণনা কৰে, অথচ সি জানে যে, সেইটো মিছা, তেন্তে সিও হৈছে এজন মিছলীয়া।"
رواه مسلم في مقدمتهহাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে তেওঁৰ নামত এনেকুৱা হাদীছ প্ৰচাৰ কৰে যিটো সম্পৰ্কে সি জানে অথবা তাৰ ধাৰণা আছে নাইবা সি নিশ্চিত যে সেইটো তেখেতৰ নামত মিছা প্ৰচাৰ কৰা হৈছে, তেন্তে বৰ্ণনাকাৰী আৰু প্ৰচাৰকাৰীও মিছলীয়া বুলি গণ্য হ'ব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে জানি বুজি মোৰ বিষয়ে মিছা কথা ক'ব, সি যেন নিজৰ ঠিকনা জাহান্নামত বনাই লয়।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কৈছে যে, যিয়ে জানি বুজি কোনো কথা বা কৰ্ম মিছাতে তেখেতে কৰা বুলি প্ৰচাৰ কৰিব, আখিৰাতত তাৰ ঠিকনা হ'ব জাহান্নাম। এইটো হৈছে তেখেতৰ সৈতে মিছা কথা সম্পৃক্ত কৰাৰ প্ৰতিফল।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ শেষ জামানাত মোৰ উম্মতৰ মাজত এনেকুৱা কিছুমান লোকৰ আৱিৰ্ভাৱ ঘটিব, যিসকলে তোমালোকক এনেকুৱা এনেকুৱা হাদীছ শুনাব যিবোৰ তোমালোকেও শুনা নাই আৰু তোমালোকৰ পূৰ্বপূৰুষেও শুনা নাই। গতিকে তোমালোকে সিহঁতৰ পৰা আঁতৰি থাকিবা আৰু সিহঁতকো তোমালোকৰ পৰা দূৰত ৰাখিবা।
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, শেষ জামানাত তেখেতৰ উম্মতৰ মাজত এনেকুৱা কিছুমান লোকৰ আৱিৰ্ভাৱ ঘটিব, যিসকলে হাদীছৰ নামত মিছা কথা প্ৰচাৰ কৰিব, যিবোৰ কথা পূৰ্বৱৰ্তী কোনেও কোৱা নাছিল। সিহঁতে নিজে হাদীছ গঢ়িব আৰু সেইবোৰ মিছা কথা মানুহৰ মাজত প্ৰচাৰ কৰিব। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক এনেকুৱা লোকৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছে, লগতে সিহঁতৰ বৈঠকত বহিবলৈ আৰু সিহঁতৰ মিছা প্ৰচাৰ শুনিবলৈ নিষেধ কৰিছে, যাতে সেইবোৰ মিছা হাদীছ আমাৰ অন্তৰত গাঁথি নপৰে, অন্যথা সেইবোৰৰ পৰা ৰক্ষা পোৱা টান হ'ব।
আব্দুল্লাহ ইবনে আমৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা যি শুনিছিলোঁ তাকেই লিখি ৰাখিছিলোঁ, যাতে মুখস্থ কৰিব পাৰোঁ। কুৰাইশ্বে মোক নিষেধ কৰিলে আৰু ক'লেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা যি শুনা তাকেই কিয় লিখি ৰাখা? ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে এজন মানুহ, তেখেতে খং আৰু শান্ত উভয় অৱস্থাতে কথা কয়। এইটো শুনি মই লিখা বন্ধ কৰিলোঁ। এদিন মই বিষয়টো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত উপস্থাপন কৰিলোঁ, তেতিয়া তেখেতে নিজৰ আঙুলিৰে নিজৰ মুখৰ প্ৰতি ইংগিত কৰি ক'লেঃ "লিখা, শপত সেই সত্ত্বাৰ যাৰ হাতত মোৰ প্ৰাণ আছে, ইয়াৰ পৰা যি ওলায় সত্য কথাহে ওলায়।"
(আবু দাঊদ)হাদীছটোত আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা যি যি শুনিছিলোঁ তাকেই লিখি ৰাখিছিলোঁ, যাতে মই মুখস্থ কৰিব পাৰোঁ। কিন্তু এই দেখি কুৰাইশ্বৰ কিছুমান লোকে মোক নিষেধ কৰিলে আৰু ক'লেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আালইহি অছাল্লাম হৈছে এজন মানুহ, তেখেতে কেতিয়াবা খঙত কথা কয় আৰু কেতিয়াবা শান্ত অৱস্থাত। গতিকে খঙত ভুল কথাও ক'ব পাৰে, সেয়ে মই লিখা বন্ধ কৰিলোঁ। এদিনাখন মই তেওঁলোকে কোৱা কথাখিনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক জনালোঁ, তেতিয়া তেখেতে নিজৰ আঙুলিৰে তেখেতৰ মুখৰ ফালে ইংগিত কৰি ক'লে যে, লিখা, শপত সেই সত্ত্বাৰ যাৰ হাতত মোৰ প্ৰাণ আছে, এই মুখৰ পৰা সৰ্বাৱস্থাতেই সত্য কথা ওলায়, শান্ত অৱস্থা হওক বা ক্ৰোধ অৱস্থা। পৱিত্ৰ কোৰআনত মহান আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিষয়ে কৈছেঃ "আৰু তেওঁ মনে সজা কথা নকয়। * এয়া হৈছে কেৱল অহী, যিটো তেওঁৰ প্ৰতি অহীৰূপে প্ৰেৰণ কৰা হয়।" (ছুৰা আন-নজমঃ ৩-৪)
আবু আব্দুৰ ৰহমান আব্দুল্লাহ ইবনে ওমৰ ইবনুল-খাত্তাব ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছে- মই ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামক কওঁতে শুনিছোঁ, তেখেতে কৈছেঃ "ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। চালাত প্ৰতিষ্ঠা কৰা। যাকাত আদায় কৰা। বাইতুল্লাহৰ হজ্জ কৰা। ৰমাজান মাহৰ চিয়াম পালন কৰা।"
رواه البخاري ومسلمনবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইছলামক এটা মজবুত স্থাপনাৰ সৈতে তুলনা কৰিছে, যিটো স্থাপনা পাঁচটা স্তম্ভৰ ওপৰত স্থাপিত। ইছলামৰ অন্যান্য বিধি-বিধানবোৰ হৈছে সেই স্থাপনাটোৰ পৰিপূৰক। সেই স্তম্ভসমূহৰ প্ৰথম স্তম্ভটো হৈছে, এই সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে তেওঁৰ ৰাছুল। এই দুটা মিলি এটাই ৰূকুন। এটাক আনটোৰ পৰা পৃথক কৰিব নোৱাৰি। এই সাক্ষ্য দিয়াৰ সময়ত বান্দাই আল্লাহৰ একত্বক স্বীকাৰ কৰিব লাগিব আৰু এই কথা বিশ্বাস কৰিব লাগিব যে, একমাত্ৰ তেৱেঁই হৈছে ইবাদতৰ যোগ্য, লগতে সেইমতে আমলো কৰিব লাগিব। ইয়াৰ লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল হিচাপে মানিব লাগিব আৰু তেওঁৰ অনুসৰণ কৰিব লাগিব। দ্বিতীয় স্তম্ভ হৈছে নামাজ প্ৰতিষ্ঠা কৰা। অৰ্থাৎ দিনে ৰাতি পাঁচ ওৱাক্ত ফৰজ নামাজ ইয়াৰ চৰ্তসমূহ, ৰুকনসমূহ আৰু ওৱাজিবাত সহকাৰে আদায় কৰা। যেনে- ফজৰ, জোহৰ, আচৰ, মাগৰিব আৰু ঈশ্বা। তৃতীয় স্তম্ভ হৈছে, ফৰজ জাকাত প্ৰদান কৰা। এইটো হৈছে আৰ্থিক ওৱাজিব ইবাদত, চৰীয়তে নিৰ্ধাৰণ কৰা এটা নিৰ্দিষ্ট পৰিমাণত উপনীত হ'লে সেই সম্পদৰ পৰা এটা নিৰ্দিষ্ট পৰিমাণৰ ধন হিতাধিকাৰীসকলক প্ৰদান কৰিব লাগে। চতুৰ্থ স্তম্ভ হৈছে হজ্জ। অৰ্থাৎ আল্লাহৰ ইবাদত কৰাৰ উদ্দেশ্যে মক্কালৈ গৈ হজ্জৰ যাৱতীয় নিয়ম-নীতি পালন কৰা। পঞ্চম স্তম্ভ হৈছে ৰমাজান মাহৰ ৰোজা ৰখা। অৰ্থাৎ আল্লাহৰ ইবাদতৰ নিয়্যতেৰে ফজৰ উদয় হোৱাৰ পিছৰ পৰা সূৰ্য অস্ত যোৱালৈকে পানাহাৰ আদি ৰোজা ভংগকাৰী বিষয়ৰ পৰা বিৰত থকা।
আবু আব্দুৰ ৰহমান আব্দুল্লাহ বিন মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে— অৰ্থাৎ যিজন সত্যবাদী আৰু যাৰ কথাক সত্য বুলি মানি লোৱা হয়— তেখেতে আমাক কৈছে: "তোমালোকৰ সৃষ্টি মাতৃগৰ্ভত চল্লিশ দিনলৈকে শুক্ৰৰূপে জমা হোৱাৰ মাধ্যমত আৰম্ভ হয়, পৰৱৰ্তী চল্লিশ দিনলৈকে গোটখোৱা তেজৰূপে থাকে, তাৰ পিছৰ চল্লিশ দিনলৈকে মাংস-পিণ্ডৰূপে থাকে, তাৰ পিছত তাৰ ওচৰলৈ ফিৰিস্তা প্ৰেৰণ কৰা হয়। এতেকে তেওঁ তাৰ মাজত ৰূহ প্ৰৱেশ কৰায় আৰু তেওঁক চাৰিটা বিষয় লিখি দিয়াৰ বাবে আদেশ দিয়া হয়- তাৰ জীৱিকা, বয়স, কৰ্ম আৰু সৌভাগ্যৱান হ'ব নে দুৰ্ভগীয়া। এতেকে, আল্লাহৰ শপত! যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই-তোমালোকৰ মাজত এজনে জান্নাতবাসীৰ দৰে কাম কৰে, আনকি তাৰ আৰু জান্নাতৰ মাজত কেৱল এক হাত মান ব্যৱধান থাকে, এনে অৱস্থাত তাৰ (ভাগ্যৰ) লিখনে তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, ফলত সি জাহান্নামীসকলৰ দৰে কাম কৰা আৰম্ভ কৰে আৰু ইয়াৰ ফলত সি তাত প্ৰৱেশ কৰে। আনহাতে তোমালোকৰ মাজত আন এজন ব্যক্তি জাহান্নামীসকলৰ দৰে কাম কৰা আৰম্ভ কৰে- আনকি তাৰ আৰু জাহান্নামৰ মাজত মাত্ৰ এক হাত মান ব্যৱধান থাকে, এনে অৱস্থাত তাৰ (ভাগ্যৰ) লিখনে তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, ফলত সি জান্নাতবাসীসকলৰ দৰে কাম কৰা আৰম্ভ কৰে আৰু সি তাত প্ৰৱেশ কৰে।"
رواه البخاري ومسلمইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক হাদীছ বৰ্ণনা কৰিছে, তেখেত হৈছে সত্যবাদী, লগতে তেখেত সত্যবাদী হিচাপে স্বীকৃত, সত্যবাদী হিচাপে আল্লাহে তেখেতক স্বীকৃতি দিছে। তেখেতে কৈছেঃ তোমালোকৰ সৃষ্টিৰ প্ৰথম অৱস্থা একত্ৰিত ৰূপত থাকে। অৰ্থাৎ পুৰুষ এজনে যেতিয়া স্ত্ৰীৰ সৈতে সহবাসত মিলিত হয়, তেতিয়া সেই বিক্ষিপ্ত বীৰ্য নাৰীৰ ৰেহেমত নুতফা আকাৰত ৰখা হয়। ইয়াৰ পিছত দ্বিতীয় চল্লিশ দিনলৈকে জমাট বন্ধা তেজ বা ৰক্তপিণ্ড হিচাপে থাকে। ইয়াৰ পিছত তৃতীয় চল্লিশ দিনলৈকে মুজগাহ হিচাপে বা মাংসপিণ্ড হিচাপে থাকে। এই তৃতীয় চল্লিশ দিন পাৰ হোৱাৰ পিছত আল্লাহে তাৰ ওচৰলৈ এজন ফিৰিস্তা প্ৰেৰণ কৰে, তেওঁ তাৰ মাজত ৰূহ ফুঁ মাৰি দিয়ে বা প্ৰাণ সঞ্চাৰ কৰে। আৰু সেই ফিৰিস্তাজনক চাৰিটা বিষয় লিখিবলৈ নিৰ্দেশ দিয়া হয়, সেয়া হৈছেঃ তাৰ জীৱিকা, অৰ্থাৎ সি জীৱনত কিমান নিয়ামত অৰ্জন কৰিব তথা কিমান পৰিমাণ উপাৰ্জন কৰিব সেয়া লিখি দিয়ে। এইদৰে তাৰ বয়স লিখি দিয়া হয়, অৰ্থাৎ পৃথিৱীত কিমান দিনলৈ জীৱিত থাকিব সেয়া লিখি দিয়া হয়। এইদৰে সি কি কৰ্ম কৰিব সেইটোও লিখি দিয়ে। লগতে সৌভাগ্যৱান হ'ব নে দুৰ্ভগীয়া হ'ব সেই কথাও লিপিবদ্ধ কৰে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শপত খাই কৈছে যে, কোনোবাই জান্নাতীসকলৰ দৰে আমল কৰে অৰ্থাৎ নেক আমল কৰে আৰু মানুহৰ দৃষ্টিত তেওঁ এজন পূণ্যৱান মানুহ হিচাপে পৰিগণিত হয়। আনকি সি ধাৰাবাহিকভাৱে এনেকৈ নেক আমল কৰি থাকে, অৱশেষত তাৰ আৰু জান্নাতৰ মাজত যেতিয়া এক হাত পৰিমাণ ব্যৱধান থাকে, তেতিয়া তাৰ ওপৰত ভাগ্যৰ লিখনে প্ৰাধান্য লাভ কৰে যিটো তাৰ ভাগ্যত লিখা হৈছে, ফলত তেতিয়া সি জাহান্নামীসকলৰ দৰে আমল কৰা আৰম্ভ কৰে আৰু সেই কৰ্মৰ ওপৰতেই তাক মোহৰ মাৰি দিয়া হয়, সেয়ে সি জাহান্নামত প্ৰৱেশ কৰে। কাৰণ আমল কবূল হোৱাৰ চৰ্ত হৈছে, সেই পথত অবিচল থকা আৰু গতিপথ পৰিবৰ্তন নকৰা। আন এক প্ৰকাৰ ব্যক্তি হৈছে যিয়ে জাহান্নামীসকলৰ দৰে আমল কৰে, অৱশেষত তেওঁ জাহান্নামত প্ৰৱেশ কৰাৰ উপক্ৰম হয় অৰ্থাৎ তেওঁৰ আৰু জাহান্নামৰ মাজত মাত্ৰ এক হাত পৰিমাণ ব্যৱধান থাকে। তেতিয়া তেওঁৰ ওপৰত ভাগ্যৰ লিখনে প্ৰাধান্য লাভ কৰে যিটো তেওঁৰ ভাগ্যত লিখা হৈছিল। ফলত তেওঁ জান্নাতীসকলৰ দৰে আমল কৰা আৰম্ভ কৰে আৰু অৱশেষত জান্নাতত প্ৰৱেশ কৰে।