





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যিয়ে আমাৰ দৰে চালাত আদায় কৰে, আমাৰ কিবলাৰ অনুসৰণ কৰে, আমি জবেহ কৰা জীৱৰ মাংস ভক্ষণ কৰে, তেৱেঁই হৈছে মুছলিম, যাৰ বাবে আল্লাহ আৰু তেওঁৰ ৰাছুলে দায়িত্ব লৈছে। গতিকে তোমালোকে আল্লাহৰ দায়িত্বত বিশ্বাসঘাতকতা নকৰিবা।"
(বুখাৰী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যিয়ে দ্বীনৰ প্ৰকাশ্য বিষয়বোৰ মানি চলিব, যেনে- আমাৰ দৰে নামাজ পঢ়িব, আমাৰ কিবলাৰ ফালে মুখ কৰিব আৰু আমি জবেহ কৰা পশুৰ মাংসক হালাল বুলি মানি ভক্ষণ কৰিব, সেই ব্যক্তিয়ে হৈছে মুছলিম। সেই ব্যক্তিৰ ক্ষেত্ৰত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ফালৰ পৰা নিৰাপত্তা আৰু অংগীকাৰ আছে। গতিকে তোমালোকে আল্লাহৰ নিৰপত্তা আৰু অংগীকাৰ ভংগ নকৰিবা।
উম্মে ছালামাহ উম্মুল মুনিনীন ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "যেতিয়া কোনো মুছলিমক কোনো বিপদে স্পৰ্শ কৰে, তেতিয়া তেওঁ যদি, আল্লাহে যি হুকুম কৰিছে সেইটোৱে হৈছে বুলি কৈ ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিঊন। (ছুৰা আল-বাক্বাৰাহঃ ১৫৬) (অৰ্থাৎ আমি আল্লাহৰ বাবেই আৰু আল্লাহৰ ওচৰতেই আমাৰ প্ৰত্যাৱৰ্তন।) পাঠ কৰে আৰু এই দুআটো পঢ়েঃ আল্লা-হুম্মা জুৰনী ফী মুচীবাতি ওৱা আখলিফ লী খয়ৰাম মিনহা। (অৰ্থাৎ হে আল্লাহ, মোক মোৰ এই বিপদৰ বিনিময়ত ছোৱাব দান কৰা, লগতে ইয়াৰ বিনিময়ত ইয়াতকৈ উত্তম বস্তু দান কৰা।) তেতিয়া মহান আল্লাহে তাক ইয়াতকৈও উত্তম বস্তু দান কৰে।" উম্মু ছালামাই কৈছেঃ আবু ছালামাৰ মৃত্যুৰ পিছত মই মনে মনে ভাবিলোঁ, আবু ছালামাতকৈ উত্তম আৰুনো কাক পাম? তেৱেঁই প্ৰথম ব্যক্তি যিয়ে সপৰিয়ালে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ হিজৰত কৰিছিল। ইয়াৰ পিছতো মই দুআটো নিয়মিত পাঠ কৰিলোঁ, ফলত আল্লাহে মোক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দৰে স্বামী দান কৰিলে।
(মুছলিম)উম্মুল মুমিনীন উম্মে ছালামা ৰাদ্বিয়াল্লাহু আনহাই উল্লেখ কৰিছে যে, তেওঁ এবাৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক এই কথা কওঁতে শুনিছে যে, যেতিয়া কোনো মুছলিমৰ ওপৰত মুচীবত আহে, তেতিয়া তেওঁ সেইটোৱে ক'ব লাগে যিটো আল্লাহে তেওঁৰ বাবে পছন্দ কৰিছেঃ ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিঊন। (ছুৰা আল-বাক্বাৰাহঃ ১৫৬) (অৰ্থাৎ আমি আল্লাহৰ বাবেই আৰু আল্লাহৰ ওচৰতেই আমাৰ প্ৰত্যাৱৰ্তন।) লগতে এই দুআ পঢ়েঃ আল্লা-হুম্মা জুৰনী ফী মুচীবাতি ওৱা আখলিফ লী খয়ৰাম মিনহা। (অৰ্থাৎ হে আল্লাহ, মোক এই বিপদৰ সময়ত ধৈৰ্য্যৰ বিনিময়ত ছোৱাব দান কৰা, লগতে ইয়াৰ বিনিময়ত তুমি মোক ইয়াতকৈও উত্তম বস্তু দান কৰা।) সেই ব্যক্তিক মহান আল্লাহে সেই বস্তুতকৈ উত্তম বস্তু প্ৰদান কৰে। উম্মু ছালামাই কৈছেঃ আবু ছালামাৰ মৃত্যুৰ পিছত মই মনে মনে ভাবিলোঁ, মুছলিমসকলৰ মাজত আবু ছালামাতকৈ উত্তম মইনো আৰু কাক পাম? ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ তেৱেঁই প্ৰথম হিজৰত কৰি আহিছিল। ইয়াৰ পিছত আল্লাহে মোক সহায় কৰিলে আৰু মই দুআটো পাঠ কৰিলোঁ। ফলত আল্লাহে মোক আবু ছালামাতকৈ উত্তম ব্যক্তি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক স্বামী হিচাপে দান কৰিলে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ সময়ত বিলালক ক'লে যে, হে বিলাল! তুমি মোক কোৱাচোন, ইছলাম গ্ৰহণৰ পিছত তুমি সৰ্বাধিক সন্তুষ্টিমূলক কোনটো আমল কৰিছা? কাৰণ মই জান্নাতত মোৰ সন্মুখত তোমাৰ ভৰিৰ খোজৰ শব্দ শুনিছোঁ। তেওঁ ক'লেঃ মই ইয়াতকৈ সন্তুষ্টিমূলক বেলেগ আন কোনো কাম কৰা নাই, সেইটো হৈছে এই যে, মই দিনে ৰাতি যেতিয়াই পৱিত্ৰতা অৰ্জন (অজু) কৰিছোঁ, তেতিয়াই সেইটোৰ দ্বাৰা তাক্বদীৰত লিখিত অনুসৰি মহান আল্লাহৰ তাওফীক অনুযায়ী নামাজ আদায় কৰিছোঁ।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ সপোনত দেখিলে যে, তেখেত জান্নাতত আছে। তেখেতে বিলালক মাতি ক'লেঃ হে বিলাল! তুমি ইছলাম গ্ৰহণৰ পিছত নফল ইবাদতৰ ভিতৰত আটাইতকৈ আশাব্যঞ্জক কোনটো আমল কৰিছা? কাৰণ মই জান্নাতত মোৰ সন্মুখত তোমাৰ জোতাৰ মৃদু শব্দ শুনিছোঁ। বিলাল ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ মই এনেকুৱা কোনো কাম কৰিছোঁ বুলি মোৰ ধাৰণা নহয়, কিন্তু দিনে ৰাতি মই যেতিয়াই মোৰ অজু ভংগ হৈছে, লগে লগে মই অজু কৰি মহান আল্লাহে প্ৰদান কৰা তাওফীক অনুযায়ী নফল নামাজ আদায় কৰিছোঁ।
আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, (তেওঁ কৈছেঃ) যেতিয়া মই তোমালোকৰ ওচৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছ বৰ্ণনা কৰোঁ, তেতিয়া এই কথা জানি থবা যে, তেখেতৰ প্ৰতি মিছা আৰোপ কৰাতকৈ মই আকাশৰ পৰা পৰি ধ্বংস হৈ যাওঁ এইটোৱে মোৰ ওচৰত বেছি পছন্দনীয়। পক্ষান্তৰে আমাৰ পাৰস্পৰিক কোনো বিষয়ত যদি আমি আলোচনা কৰোঁ, তেন্তে জানি থোৱা, যুদ্ধ হৈছে এটা প্ৰৱঞ্চনা। মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "শেষ যামানাত এদল যুৱকৰ আবিৰ্ভাৱ হ'ব, যিসকল হ'ব স্বল্পবুদ্ধি সম্পন্ন। সিহঁতে কথা কোৱাত পাকৈত হ'ব। সিহঁতে ইছলামৰ পৰা এনেকৈ ওলাই যাব, যেনেকৈ ধেনুৰ পৰা কাঁড় ওলাই যায়। সিহঁতৰ ঈমান ডিঙিৰ তললৈ প্ৰৱেশ নকৰিব। সিহঁতক য'তেই লগ পাবা হত্যা কৰিবা। সিহঁতক যিয়ে হত্যা কৰিব, কিয়ামতৰ দিনা তাক পুৰস্কৃত কৰা হ'ব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})আমীৰুল মুমিনীন আলী বিন আবি তালিব ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত উল্লেখ কৰিছে যে, তোমালোকে মোক যেতিয়া হাদীছ বৰ্ণনা কৰা দেখিবা, তেতিয়া জানি থ'বা যে, মই কেতিয়াও তেখেতৰ কোনো কথা গোপন নকৰোঁ, আৰু অস্পষ্টও এৰি নিদিওঁ। বৰং মই স্পষ্টৰূপে বৰ্ণনা কৰোঁ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি মিছা কথা আৰোপ কৰাৰ তুলনাত, মই আকাশৰ পৰা পৰি ধ্বংস হোৱাটো মোৰ বাবে বেছি সহজ। পক্ষান্তৰে মানুহৰ পাৰস্পৰিক বিষয়ত যেতিয়া কথা কওঁ, তেতিয়া জানি থোৱা, যুদ্ধ হৈছে এক প্ৰকাৰ প্ৰৱঞ্চনা। এনেকুৱা ক্ষেত্ৰত ইংগিত কৰিব পাৰোঁ, আৰু কোনো কথা গোপন কৰিব পাৰোঁ। এতেকে শুনা! মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ শেষ যামানাত এদল যুৱকৰ আবিৰ্ভাৱ হ'ব, যিসকলৰ বয়স কম থাকিব, বিবেক বুদ্ধিত সিহঁত অতি দুৰ্বল হ'ব। সিহঁতে কোৰআনৰ কথা কোৱাত পাকৈত হ'ব, বেছি বেছি কোৰআন তিলাৱত কৰিব। সিহঁতে ইছলামৰ পৰা এনেকৈ ওলাই যাব তথা এনেকৈ চৰীয়তৰ সীমা অতিক্ৰম কৰিব, যেনেকৈ ধেনুৰ পৰা কাঁড় ওলাই যায়। ঈমান সিহঁতৰ ডিঙিৰ তললৈ প্ৰৱেশ নকৰিব। এতেকে তোমালোকে সিহঁতক য'তেই লগ পাবা হত্যা কৰিবা। সিহঁতক যিয়ে হত্যা কৰিব, কিয়ামতৰ দিনা তাক পুৰস্কৃত কৰা হ'ব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "নিশ্চয় মহান আল্লাহে তোমালোকৰ তিনিটা বস্তুৰ প্ৰতি সন্তুষ্ট হয় তথা পছন্দ কৰে আৰু তিনিটা বস্তুক অপছন্দ কৰে। তেওঁ তোমালোকৰ পৰা পছন্দ কৰে যে, তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰিবা, আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ নকৰিবা, লগতে সকলোৱে মিলি আল্লাহৰ ৰছীক মজবুতভাৱে ধাৰণ কৰিবা তথা বহুধা বিভক্ত নহ'বা। তেওঁ তোমালোকৰ পৰা অপছন্দ কৰে, অনৰ্থক কথা বতৰা, অত্যাধিক প্ৰশ্ন কৰা, আৰু সম্পদ বিনষ্ট কৰা।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মহান আল্লাহে বান্দাসকলৰ তিনিটা বৈশিষ্ট্য পছন্দ কৰে আৰু তিনিটা বৈশিষ্ট্যক অপছন্দ কৰে। তেওঁ পছন্দ কৰা বৈশিষ্ট্য তিনিটা হৈছেঃ আল্লাহক একক বুলি স্বীকাৰ কৰি একমাত্ৰ তেওঁৰেই ইবাদত কৰা আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰা। মহান আল্লাহৰ অঙ্গীকাৰ মজবুতভাৱে পূৰণ কৰা, তথা সকলোৱে কোৰআন আৰু নবীৰ ছুন্নত মুতাবিক আমল কৰা। এইদৰে মুছলিমসকলৰ জামাআতৰ পৰা বিচ্ছিন্ন নোহোৱা। তেওঁ অপছন্দ কৰেঃ বান্দাসকলে যাতে অনৰ্থক কথা বতৰা তথা অপ্ৰয়োজনীয় বিষয়ত লাগি নাথাকে। এনেকুৱা বিষয়ে প্ৰশ্ন কৰা যিটো সংঘটিত হোৱা নাই অথবা মানুহৰ ওচৰত সিহঁতৰ ধন সম্পদ বিচৰা বা সিহঁতৰ ওচৰত যি আছে সেয়া বিচৰা, কোনো প্ৰয়োজন নোহোৱাকৈ। এইদৰে সম্পদ বিনষ্ট কৰা, চৰীয়তি কোনো শিতানৰ বিপৰীতে অযথা তথা অপচয় কৰি সম্পদ বিনষ্ট কৰা, ধ্বংসাত্মক শিতানত ব্যয় কৰা।
আবু মুছা আশ্বআৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যিয়ে আমাৰ বিৰুদ্ধে অস্ত্র ধাৰণ কৰে, সি আমাৰ অন্তর্ভুক্ত নহয়।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুছলিমসকলক ভয় দেখুৱাবলৈ বা তেওঁলোকৰ সম্পদ আদি লুটপাত কৰিবলৈ তেওঁলোকৰ ওপৰত অস্ত্ৰ ধাৰণ কৰাৰ পৰা সতৰ্ক কৰিছে। যিয়ে অন্যায়ভাৱে এইটো কৰিব, সি মহা অপৰাধ কৰিব, লগতে সি এই কাবীৰাহ গুনাহৰ চিকাৰ হৈ কঠোৰ শাস্তিৰ সন্মুখীন হ'ব।
ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, তেওঁ হাজাৰে আছৱাদৰ ওচৰলৈ আহি চুমা খাই কৈছিলঃ মই নিশ্চিতভাৱে জানো যে, তুমি হৈছা এডোখৰ শিল। অপকাৰো কৰিব নোৱাৰা আৰু উপকাৰো কৰিব নোৱাৰা। মই যদি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক তোমাক চুমা খোৱা নেদেখিলোঁহেঁতেন তেন্তে মই কেতিয়াও তোমাক চুমা নাখালোঁহেঁতেন।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})আমিৰুল মুমিনীন ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৱে কাবা গৃহৰ কোণত থকা হাজাৰে আছৱাদৰ ওচৰলৈ আহি চুমা খাই কৈছিলঃ মই এই কথা নিশ্চিতভাৱে জানো যে, তুমি হৈছা এডোখৰ শিল, তুমি কাৰো ক্ষতিও কৰিব নোৱাৰা আৰু উপকাৰো কৰিব নোৱাৰা। কিন্তু মই যদি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক তোমাক চুমা খোৱা নেদেখিলোঁহেঁতেন তেন্তে মই কেতিয়াও তোমাক চুমা নাখালোঁহেঁতেন।
আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মুৰ্দা ব্যক্তিক কাফন কৰি যেতিয়া তৈয়াৰ কৰা হয়, আৰু মানুহে নিজৰ কান্ধত তুলি লয়, যদি শৱদেহটো নেক ব্যক্তিৰ হয়, তেতিয়া মুৰ্দাই কয়ঃ মোক সোনকালে লৈ যোৱা। আনহাতে যদি অসৎ ব্যক্তিৰ হয়, তেতিয়া কয়ঃ হায় আফচোচ! ইহঁতে মোক ক'লৈ লৈ গৈ আছে? মানুহৰ বাহিৰে তাৰ এই আৰ্তনাদ প্ৰত্যেকেই শুনিবলৈ পায়। যদি মানুহে শুনা পালেহেঁতেন তেন্তে বেহুঁচ হৈ পৰিলহেঁতেন।"
(বুখাৰী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মুৰ্দাক যেতিয়া গা-গোছল কৰাই কাফন কৰি পাল্কীত ৰখা হয়, আৰু মানুহে কান্ধত তুলি লয়, যদি সেই মুৰ্দা ব্যক্তিজন নেক হয় তেন্তে কয়ঃ মোক সোনকালে লৈ যোৱা, কাৰণ তেওঁ সন্মুখত থকা নিয়ামতবোৰ দেখা পায়। পক্ষান্তৰে যদি মুৰ্দা ব্যক্তিজন অসৎ হয়, তেন্তে চিঞৰি চিঞৰি কয়ঃ হায় মোৰ ধ্বংস! মোক ক'লৈ লৈ যোৱা? কাৰণ সি সন্মুখত থকা শাস্তি দেখিবলৈ পায়। তাৰ এই চিঞৰ বাখৰ প্ৰত্যেকেই শুনা পায় কেৱল মানুহৰ বাহিৰে। যদি সিহঁতে শুনা পালেহেঁতেন তেন্তে ইয়াৰ বিকট শব্দ শুনি সিহঁত বেহুঁচ হৈ গ'লহেঁতেন।
মিক্বদাদ বিন আছৱাদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "কিয়ামতৰ দিনা সূৰ্য্যক সৃষ্টিৰ একেবাৰে নিকটৱৰ্তী কৰা হ'ব। ইমান নিকটৱৰ্তী কৰা হ'ব যে, কেৱল এক মাইল দূৰত্ব থাকিব।" বৰ্ণনাকাৰী ছুলাইম বিন আমিৰে মিক্বদাদৰ পৰা বৰ্ণনা কৰি কৈছেঃ আল্লাহৰ শপত! মই সঠিকভাৱে ক'ব নোৱাৰোঁ (الْمِيلِ) শব্দৰ দ্বাৰা কোনটো বুজোৱা হৈছে, ভূমিৰ দূৰত্ব মাইল নে চকুত চুৰমা (কাজল) ব্যৱহাৰ কৰিবলৈ ব্য়ৱহাৰ কৰা মীল। তেখেতে কৈছেঃ "সেইদিনা মানুহে নিজৰ আমল অনুপাতে ঘামৰ ভিতৰত থাকিব। কিছুমানৰ ঘাম খাৰগাঁঠি পৰ্যন্ত থাকিব, আকৌ কিছুমানৰ ঘাম আঁঠুৰ সমান থাকিব, আন কিছুমানৰ ঘাম কঁকাল পৰ্যন্ত থাকিব, এইদৰে কিছুমানৰ ঘাম মুখ পৰ্যন্ত লেকাম লগাৰ দৰে থাকিব। ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মুখৰ ফালে ইংগিত কৰি দেখুৱাইছিল এই পৰ্যন্ত থাকিব।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, কিয়ামতৰ দিনা সূৰ্য্যক সৃষ্টিৰ একেবাৰে নিকটৱৰ্তী কৰা হ'ব। আনকি মানুহৰ মূৰৰ ওপৰত এক মাইল দূৰত্বত থাকিব। তাবেয়ী ছুলাইম বিন আমিৰে কৈছেঃ মই নাজানো ইয়াত কোনটো অৰ্থ লোৱা হৈছে, কিয়নো আৰবীৰ এই (الميل) শব্দটোৰ দুটা অৰ্থ আছে, এটাৰ দ্বাৰা ভূমিৰ দূৰত্বক বুজোৱা হয়, আৰু আনটো অৰ্থৰ দ্বাৰা চকুত কাজল দিবলৈ ব্যৱহাৰ কৰা শলাক বুজোৱা হয়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ সেইদিনা সকলো মানুহে নিজৰ নিজৰ আমল অনুপাতে ঘামৰ মাজত থাকিব। কিছুমানৰ ঘাম সিহঁতৰ ভৰিৰ খাৰগাঁঠি পৰ্যন্ত থাকিব। আন কিছুমানৰ ঘাম থাকিব সিহঁতৰ আঁঠু পৰ্যন্ত। এইদৰে কিছুমানৰ ঘাম থাকিব কঁকাল পৰ্যন্ত, য'ত লুংগী, পেণ্ট তথা পায়জামা বান্ধি ৰখা হয়। আন কিছুমানৰ ঘাম থাকিব সিঁহতৰ মুখ পৰ্যন্ত, ফলত সিহঁতে কোনো কথা ক'ব নোৱাৰিব। বৰ্ণনাকাৰীয়ে কৈছেঃ এই কথা কোৱাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিজৰ মুখৰ ফালে ইংগিত কৰি দেখুৱাইছিল।