





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "কিয়ামতৰ দিনা মানুহক নগ্নপদ, উলংগ অৱস্থাত, খতনাবিহীনভাৱে পুনৰুত্থিত কৰা হ'ব।" মই সুধিলোঁ: হে আল্লাহৰ ৰাছুল, তেতিয়া নাৰী-পুৰুষ সকলোৱে ইজনে সিজনৰ প্ৰতি দৃষ্টিপাত কৰিব নেকি?" তেখেতে ক'লে: "হে আঈশ্বা, পৰিস্থিতি ইমান ভয়ংকৰ হ'ব যে, ইজনে সিজনৰ প্ৰতি চোৱাতো দূৰৈৰ কথা, (কল্পনা কৰাও সম্ভৱ নহয়)।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উক্ত হাদীছটোত কিয়ামতৰ দিনা হ'বলগীয়া অৱস্থাৰ বিৱৰণ দাঙি ধৰিছে যে, সেইদিনা মানুহক কবৰৰ পৰা উঠাই হিচাপ-নিকাচৰ বাবে একত্ৰিত কৰা হ'ব। তেতিয়া সিহঁতৰ অৱস্থা হ'ব নগ্নপদ- ভৰিত কোনো জোতা চেণ্ডেল নাথাকিব, শৰীৰ থাকিব উলংগ, কোনো কাপোৰ বা কোনো আৱৰণ নাথাকিব, তেওঁলোকক উত্থিত কৰা হ'ব খতনাবিহীন অৱস্থাত, যিদৰে মাকৰ পেটৰ পৰা ভূমিষ্ট হোৱাৰ সময়ত আছিল। উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই যেতিয়া এই বিৱৰণ শুনিলে, তেতিয়া তেওঁ আচৰিত হৈ ক'লে: হে আল্লাহৰ ৰাছুল! নাৰী পুৰুষ উভয়ে যদি এই অৱস্থাত থাকে, তেন্তে ইজনে সিজনৰ প্ৰতি লক্ষ্য নকৰিবনে? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক বুজাই ক'লে যে, পুনৰুত্থানৰ পিছত হিচাপ-নিকাচৰ স্থানত এনেকুৱা ভয়ংকৰ ঘটনা সংঘটিত হ’ব যে, মানুহে ইজনে সিজনৰ লজ্জাস্থানৰ প্ৰতি চাবলৈকেও সুযোগ নাপাব – সিহঁতৰ সকলো ধ্যান-ধাৰণা আৰু দৃষ্টি সেই মহা ভয়ংকৰ ঘটনাবোৰৰ ফালেহে কেন্দ্ৰিত হ’ব।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আব্দুল কাইছ (গোত্ৰ)ৰ আহত ব্যক্তিক ক'লেঃ "তোমাৰ মাজত এনেকুৱা দুটা গুণ আছে, যিটো আল্লাহে ভালপায়, সেয়া হৈছেঃ সহনশীলতা আৰু স্থিৰতা।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আব্দুল কাইছ গোত্ৰৰ আহত দলপতি মুনজিৰ ইবনু আয়েজ ৰাদ্বিয়াল্লাহু আনহুক কৈছিল যে, তোমাৰ মাজত এনেকুৱা দুটা বৈশিষ্ট্য আছে, যিটোক আল্লাহে ভাল পায়। সেই বৈশিষ্ট্য দুটা হৈছেঃ সহনশীল বুদ্ধিমত্তা তথা গাম্ভীৰ্যতা আৰু ধীৰ স্থিৰতা।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "নিশ্চয় আল্লাহে যেতিয়া কোনো বান্দাক ভাল পায়, তেতিয়া জিব্ৰীল আলাইহিচ্ছালামক মাতি কয়: 'মই অমুক বান্দাক ভাল পাওঁ, তুমিও তাক ভাল পোৱা'। তেখেতে কৈছেঃ তেতিয়া জিব্ৰীলেও তাক ভাল পায়। ইয়াৰ পিছত তেওঁ আকাশমণ্ডলত ঘোষণা দি কয়: নিশ্চয় 'আল্লাহে অমুক বান্দাক ভাল পায়, তোমালোকে তাক ভাল পোৱা'। তেতিয়া আকাশবাসীসকলে তাক ভাল পায়। তেখেতে কৈছেঃ ইয়াৰ পিছত তাক পৃথিৱীত নন্দিত সমাদৃত কৰা হয়। পক্ষান্তৰে আল্লাহে যেতিয়া কোনো বান্দাক অপছন্দ কৰে, তেতিয়া জিব্ৰীল আলাইহিচ্ছালামক মাতি কয়: 'মই অমুক বান্দাক অপছন্দ কৰোঁ, তুমিও তাক অপছন্দ কৰা'। তেখেতে কৈছেঃ তেতিয়া জিব্ৰীলেও তাক অপছন্দ কৰে। ইয়াৰ পিছত তেওঁ আকাশবাসীসকলৰ মাজত ঘোষণা কৰি দিয়ে যে, 'আল্লাহে অমুক বান্দাক অপছন্দ কৰে, তোমালোকেও তাক অপছন্দ কৰা'। তেখেতে কৈছেঃ তেতিয়া তেওঁলোকেও তাক অপছন্দ কৰে, আৰু পৃথিৱীত তাক সকলোৱে ঘৃণা কৰিবলৈ ধৰে।"
صحيح مسلمনবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, মহান আল্লাহে যেতিয়া কোনো মুমিন বান্দাক ভালপায়, যিয়ে তেওঁৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বিষয়সমূহৰ পৰা আঁতৰি থাকে, তেতিয়া তেওঁ জিব্ৰীলক মাতি কয়ঃ আল্লাহে অমুক ব্যক্তিক ভালপায়, গতিকে তুমিও তাক ভালপোৱা। তেতিয়া ফিৰিস্তাসকলৰ চৰ্দাৰ জিব্ৰীল আলাইহিচ্ছালামেও তাক মুহাব্বত কৰে। লগতে জিব্ৰীলে আকাশমণ্ডলত থকা ফিৰিস্তাসকলৰ মাজত ঘোষণা কৰি দিয়ে যে, তোমালোকৰ প্ৰতিপালকে অমুক ব্যক্তিক ভালপায়, গতিকে তোমালোকেও তাক মুহাব্বত কৰা। তেতিয়া আকাশৰ অধিবাসীসকলেও তেওঁক ভালপোৱা আৰম্ভ কৰে। ইয়াৰ পিছত মুমিনসকলৰ অন্তৰত তেওঁৰ মুহাব্বত আৰু তেওঁৰ প্ৰতি আকৰ্ষণ আৰু সন্তুষ্টি স্থাপন কৰা হয়। আনহাতে যেতিয়া আল্লাহে কোনো বান্দাক অপছন্দ কৰে, তেতিয়া জিব্ৰীলক মাতি কয়ঃ মই অমুকক অপছন্দ কৰোঁ, তুমিও তাক অপছন্দ কৰা। ফলত জিব্ৰীলেও তাক অপছন্দ কৰে। ইয়াৰ পিছত জিব্ৰীলে আকাশমণ্ডলৰ অধিবাসীসকলক মাতি কয়ঃ তোমালোকৰ প্ৰতিপালকে অমুক ব্যক্তিক অপছন্দ কৰে, গতিকে তোমালোকেও তাক অপছন্দ কৰা। তেতিয়া তেওঁলোকেও তাক অপছন্দ কৰে। ইয়াৰ পিছত মুমিনসকলৰ হৃদয়ত সেই ব্যক্তিৰ প্ৰতি অসন্তুষ্টি আৰু ঘৃণা স্থাপন কৰি দিয়ে।
ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ কিছুমান যুদ্ধবন্দী অনা হ'ল। তাৰে এগৰাকী আছিল মহিলা, যাৰ স্তন গাখীৰেৰে পূৰ্ণ আছিল। সেই মহিলাজনীয়ে বন্দীসকলৰ মাজত কোনো শিশু পালেই তাক কোলাত তুলি লৈ পিয়াহ খুওৱাইছিল। এই দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক কলেঃ "তোমালোকে ভাবানে এই মহিলাগৰাকীয়ে নিজৰ সন্তানক জুইত পেলাই দিব?" আমি উত্তৰ দিলোঁ: "নাই, তাইৰ ক্ষমতা থাকিলেও তাই এই কাম নকৰিব।" তেতিয়া তেখেতে ক'লে: "এই মহিলাজনী নিজৰ সন্তানৰ প্ৰতি যিমান দয়ালু, মহান আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি তাতকৈও অধিক দয়ালু।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাৱাঝিন গোত্ৰৰ কিছুমান যুদ্ধবন্দী নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ অনা হ’ল। তাৰে এগৰাকী মহিলাই নিজৰ শিশুৰ সন্ধানত ইফালে-সিফালে ঘূৰি আছিল। যেতিয়া তাই কোনো শিশুক দেখা পাইছিল, তাই তাক কোলাত লৈ স্তন্যপান কৰাইছিল – কাৰণ স্তনত গাখীৰ জমা হৈ তাইৰ অসুবিধা হৈছিল। শেষত তাই যুদ্ধবন্দীসকলৰ মাজত নিজৰ সন্তানটোক বিচাৰি পালে, তেতিয়া তাই তাক সজোৰে সাৱটি ধৰি নিজৰ পেটৰ সৈতে লগাই স্তন্যপান কৰাবলৈ ধৰিলে। এই দৃশ্য দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সুধিলে: তোমালোকৰ ধাৰণা কি, এই মহিলাজনীয়ে নিজৰ সন্তানক অগ্নিত নিক্ষেপ কৰিবনে? আমি ক'লোঁঃ নহয়, ইচ্ছাকৃতভাৱে তাই এইটো কেতিয়াও নকৰিব। তেতিয়া তেখেতে ক'লেঃ এই মহিলাজনীয়ে নিজৰ সন্তানক যিমান ভাল পায়, মহান আল্লাহ তেওঁৰ মুছলিম বান্দাসকলৰ প্ৰতি তাতকৈও অধিক দয়ালু।
মুআৱিয়া ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ 'কিয়ামতৰ দিনা মুআজ্জিনসকলৰ ডিঙি সকলো লোকতকৈ দীঘল হ'ব।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, কিয়ামতৰ দিনা মুআজ্জিনসকলৰ অৰ্থাৎ যিসকলে নামাজৰ বাবে আজান দিয়ে তেওঁলোকৰ ডিঙি সৰ্বোচ্চ দীঘল হ'ব, কাৰণ তেওঁলোকে মৰ্যাদাপূৰ্ণ আমলৰ সৈতে জৰিত আছিল, লগতে অত্যাধিক কল্যাণ আৰু মহা প্ৰতিদানস্বৰূপে তেওঁলোকক এই মৰ্যাদা প্ৰদান কৰা হ'ব।
আব্দুল্লাহ ইবনু আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যি ব্যক্তিয়ে শ্বিৰ্ক নকৰাকৈ আল্লাহক সাক্ষাৎ কৰিব, তাৰ কোনো পাপকৰ্মই তাক কোনো ক্ষতি কৰিব নোৱাৰিব। আনহাতে যি ব্যক্তিয়ে মুশ্বৰিক অৱস্থাত আল্লাহৰ সৈতে সাক্ষাৎ কৰিব, সেই ব্যক্তিৰ কোনো নেক আমলেই তাৰ কোনো উপকাৰ নকৰিব।"
(আহমদ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যি ব্যক্তিয়ে তাওহীদৰ ওপৰত মৃত্যুবৰণ কৰিব, আৰু আল্লাহৰ সৈতে কাকো অংশীদাৰ স্থাপন নকৰাকৈ তেওঁক সাক্ষাৎ কৰিব, সেই ব্যক্তি হৈছে জান্নাতী, যদিও তেওঁ নিজৰ কিছু গুনাহৰ বাবে জাহান্নামত শাস্তি পাবলগীয়া হয়। পক্ষান্তৰে যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰা অৱস্থাত মৃত্যুবৰণ কৰিব, তেনেকুৱা ব্যক্তিৰ কোনো নেক আমলেই উপকাৰ নকৰিব। তাৰ ওপৰত জান্নাত হাৰাম।
আবূ মুছা ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ মাজত থিয় হৈ পাঁচটা কথাৰ উপদেশ দি ক'লেঃ "নিশ্চয় মহান আল্লাহে কেতিয়াও টোপনি নাযায়, আনকি টোপনি যোৱাটো তেওঁৰ বাবে সমীচীনো নহয়। তেওঁ (নিজৰ ইচ্ছা মতে) ন্যায়ৰ তুলাচনী উত্তোলন কৰে আৰু নমায়। দিনৰ আমলৰ আগতে তেওঁৰ ওচৰত ৰাতিৰ আমল উপস্থাপন কৰা হয়, এইদৰে ৰাতিৰ আমলৰ আগতে দিনৰ আমল তেওঁৰ ওচৰত উপস্থাপন কৰা হয়। তেওঁৰ পৰ্দা হৈছে নূৰ, বেলেগ এটা বৰ্ণনাত আছে যে, জুই। যদি তেওঁ সেই পৰ্দা আঁতৰাই দিয়ে তেন্তে তেওঁৰ মুখমণ্ডলৰ জ্যোতিৰে তেওঁৰ দৃষ্টি যিমান পৰ্যন্ত যায় সেই সকলো মখলুক্ব পুৰি ছাৰখাৰ হৈ যাব।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সম্বোধন কৰি ভাষণ দিবলৈ থিয় হ'ল আৰু তেখেতে সেই ভাষণৰ মাজতে পাঁচটা বিষয় উল্লেখ কৰি ক'লে যে, প্ৰথমঃ সৰ্বশক্তিমান আল্লাহে কেতিয়াও টোপনি নাযায়। দ্বিতীয়ঃ কিয়নো টোপনি তেওঁৰ সত্ত্বাৰ বাবে উপযুক্ত নহয়। কাৰণ তেওঁ সৰ্বসত্ত্বাৰ ধাৰক, চিৰঞ্জীৱ। তৃতীয়ঃ মহান আল্লাহে বান্দাসকলৰ আমল অনুপাতে তুলাচনী উঠায় আৰু নমায়। বান্দাসকলৰ সেইবোৰ আমলক ওজন কৰা হয় যিবোৰ আমল তেওঁৰ ফালে আৰোহণ কৰে, আৰু বান্দাসকলৰ ফালে নামি অহা সিহঁতৰ জীৱিকাকো ওজন কৰা হয়। এতেকে জীৱিকা যিহেতু প্ৰতিটো মখলুকৰ নিৰ্ধাৰিত অংশ, সেয়ে তেওঁ কেতিয়াবা ইয়াক হ্ৰাস কৰি সিহঁতক অভাৱ অনাটনত পেলায় আৰু কেতিয়াবা অধিক প্ৰদান কৰি প্ৰশস্ততা প্ৰদান কৰে। চতুৰ্থঃ বান্দাসকলৰ ৰাতিৰ প্ৰতিটো আমল দিন হোৱাৰ আগতে তেওঁৰ ফালে উঠাই লোৱা হয়। এইদৰে দিনৰ প্ৰতিটো আমল ৰাতি হোৱাৰ আগতেই উঠাই লোৱা হয়। এতেকে দায়িত্বত থকা ফিৰিস্তাসকলে দিনৰ আৰম্ভণিতে ৰাতিৰ আমলসমূহ লৈ আৰোহণ কৰে, এইদৰে ৰাতিৰ আৰম্ভণিতে দিনৰ আমলসমূহ লৈ ওপৰলৈ উঠে। পঞ্চমঃ মহান আল্লাহক দীদাৰৰ পৰা বাধা প্ৰদানকাৰী পৰ্দাটো হৈছে নূৰ (জ্যোতি) অথবা নাৰ (অগ্নি)। যদি তেওঁ সেইটো উন্মুক্ত কৰি দিয়ে তেন্তে তেওঁৰ নূৰৰ তাজাল্লীয়ে সৃষ্টি জগতৰ যিমান দূৰলৈ দৃষ্টি যাব, জ্বলি-পুৰি ছাই হৈ যাব। গতিকে সৰ্বশক্তিমান আল্লাহৰ মুখমণ্ডলৰ জ্যোতি হৈছে নূৰ, আৰু এইটোৱে হৈছে তেওঁৰ সৌন্দৰ্য্য। আৰু ইয়াৰ অৰ্থ হ'ল যে, যদি তেওঁ সৃষ্টিৰ সন্মুখত নিজৰ পৰ্দা আঁতৰাই দিয়ে তেন্তে তেওঁৰ মুখমণ্ডলৰ নূৰৰ ফলত তেওঁৰ দৃষ্টি সীমালৈকে সকলো বস্তুকে পুৰি ছাই কৰি পেলাব; আৰু জানি থোৱা উচিত যে, তেওঁৰ দৃষ্টিয়ে সমগ্ৰ বিশ্বজগতকে সামৰি আছে।
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক যেতিয়া কোনো কামৰ নিৰ্দেশ দিছিল, তেতিয়া তেখেতে তেওঁলোকক সামৰ্থ অনুযায়ী নিৰ্দেশ প্ৰদান কৰিছিল। এবাৰ তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! আমি আপোনাৰ দৰে নহয়। মহান আল্লাহে আপোনাৰ আগৰ পিছৰ সকলো গুনাহ ক্ষমা কৰি দিছে। এই কথা শুনি তেখেতে ক্ৰোধান্বিত হ'ল, আনকি তেখেতৰ মুখমণ্ডলত ক্ৰোধৰ প্ৰভাৱ প্ৰস্ফুটিত হ'ল। ইয়াৰ পিছত তেখেতে ক'লেঃ "তোমালোকতকৈ মইহে আল্লাহক বেছি ভয় কৰোঁ আৰু আল্লাহ সম্পৰ্কে বেছি অৱগত।"
(বুখাৰী)উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই হাদীছটোত জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া চাহাবাসকলক কোনো আমল কৰাৰ নিৰ্দেশ দিছিল, তেতিয়া তেখেতে তেওঁলোকৰ সাধ্যানুযায়ী সহজ আমলৰ নিৰ্দেশ দিছিল, যাতে তেওঁলোকৰ বাবে কঠিন নহয়, এই আশংকাত যে, তেওঁলোকে যেন পালনৰ ক্ষেত্ৰত অপাৰগ হৈ নপৰে। লগতে তেখেতে নিজেও সেই আমলটো কৰিছিল। কিন্তু চাহাবাসকলে ইয়াতকৈও কঠিন আমলৰ আবেদন কৰিলে। এই উদ্দেশ্যত যে, বেছি কঠিন আমল কৰিলেহে অধিক উন্নত মৰ্যাদা লাভ হয়। তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! আমি আপোনাৰ দৰে নহয়। মহান আল্লাহে আপোনাৰ আগৰ পিছৰ সকলো গুনাহ ক্ষমা কৰি দিছে, আপুনি সহজ আমল কৰিলেই যথেষ্ট। এই কথা শুনি তেখেতে ক্ৰোধান্বিত হৈ পৰিল, তেখেতৰ ক্ৰোধ মুখমণ্ডলত প্ৰস্ফুটিত হৈ পৰিল। ইয়াৰ পিছত তেখেতে ক'লেঃ শুনা! তোমালোকতকৈ মইহে আল্লাহক বেছি ভয় কৰোঁ, আৰু আল্লাহ সম্পৰ্কে মইহে বেছি অৱগত। গতিকে মই তোমালোকক যিটো নিৰ্দেশ দি আছোঁ, সেইটো কৰা।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আমি হৈছোঁ সৰ্বশেষ উম্মত, কিন্তু সৰ্বপ্ৰথম আমাৰেই হিচাপ গ্ৰহণ কৰা হ'ব। ঘোষণা হ'বঃ উম্মী নবীৰ উম্মত আৰু সিহঁতৰ নবীজন ক'ত? সেয়ে আমি হৈছোঁ (পৃথিৱীলৈ আগমনৰ ক্ষেত্ৰত) সৰ্বশেষ, তথা (জান্নাতত প্ৰৱেশৰ ক্ষেত্ৰত) সৰ্বপ্ৰথম।"
(ইবনে মাজাহ)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, পৃথিৱীত আগমনৰ দিশৰ পৰা তেখেতৰ এই উম্মত হৈছে সৰ্বশেষ, আনহাতে কিয়ামতৰ দিনা হিচাপ নিকাচৰ ফালৰ পৰা এই উম্মত হৈছে সৰ্বপ্ৰথম। কিয়ামতৰ দিনা এইদৰে ঘোষণা কৰা হ'বঃ উম্মী নবীৰ উম্মত আৰু সিহঁতৰ নবীজন ক'ত? যিহেতু নবী চাল্লাল্লাহু আলাইহি অছাল্লাম নিৰক্ষৰ আছিল, লিখিব অথবা পঢ়িব পৰা নাছিল, সেয়ে তেখেতক উম্মী বুলি কৈ তেখেতৰ উম্মতক উম্মীয়া বুলি কোৱা হৈছে। এতেকে তেওঁলোকক প্ৰথমে হিচাপ-নিকাচৰ বাবে আহ্বান কৰা হ'ব। গতিকে পৃথিৱীত আমাৰ অস্তিত্বৰ ক্ষেত্ৰত আমি হৈছোঁ সৰ্বশেষ। আনহাতে কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু জান্নাতত প্ৰৱেশৰ ক্ষেত্ৰত আমি হৈছোঁ সৰ্বপ্ৰথম।