





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সময়ত এজন ব্যক্তি আছিল, যাৰ নাম আছিল আব্দুল্লাহ। মানুহে তাক হিমাৰ উপনামেৰে মাতিছিল। সেই ব্যক্তিজনে মাজে মাজে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক হঁহুৱাইছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাক শ্বাৰাব (সুৰা) সেৱনৰ অপৰাধত শাস্তি বিহিছিল। এদিন তাক নিচাগ্ৰস্ত অৱস্থাত উপস্থিত কৰা হ'ল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তাক বেত্ৰাঘাত কৰাৰ নিৰ্দেশ প্ৰদান কৰিলে। ফলত তাক বেত্ৰাঘাত কৰা হ'ল। তেতিয়া উপস্থিত লোকসকলৰ এজনে ক'লেঃ আল্লাহে ইয়াৰ ওপৰত অভিসম্পাত কৰক, নিচাগ্ৰস্ত অৱস্থাত তাক কিমান বাৰ যে অনা হ'ল। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তাৰ ওপৰত অভিসম্পাত নকৰিবা। আল্লাহৰ শপত! মই জনামতে সি আল্লাহ আৰু তেওঁৰ ৰাছুলক অত্যন্ত ভালপায়।"
(বুখাৰী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত এজন ব্যক্তি আছিল, যাৰ নাম আছিল আব্দুল্লাহ, তাৰ উপনাম আছিল হিমাৰ। সেই ব্যক্তিজনে মাজে সময়ে এনেকুৱা কথা কৈছিল, যাৰ ফলত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাঁহিছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাক কেইবাবাৰো মাদক দ্ৰৱ্য সেৱনৰ অপৰাধত শাস্তি বিহিছিল। এদিন তাক নিচাগ্ৰস্ত অৱস্থাত ধৰি অনা হয়। তেখেতে তাৰ ওপৰত হদ জাৰি কৰাৰ নিৰ্দেশ দিয়ে, ফলত তাক বেত্ৰাঘাত কৰা হয়। উপস্থিতসকলৰ এজনে তাক নিন্দা কৰি আৰু ভৰ্ৎসনা কৰি কয়ঃ আল্লাহে তাৰ ওপৰত অভিসম্পাত বৰ্ষণ কৰক, ইয়াক কিমান বাৰ যে এইদৰে নিচাগ্ৰস্ত অৱস্থাত অনা হ'ল। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ আল্লাহৰ ৰহমতৰ পৰা বিতাৰণৰ উদ্দেশ্যে তাৰ ওপৰত এইদৰে বদ্দুআ নকৰিবা। আল্লাহৰ শপত! মই জনামতে এওঁ আল্লাহ আৰু তেওঁৰ ৰাছুলক ভাল পায়।
আবুদ দাৰদা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মই তোমালোকক ৰোজা, নামাজ আৰু দান-খয়ৰাততকৈও অধিক উত্তম আমলৰ বিষয়ে অৱগত নকৰিমনে?" তেওঁলোকে ক'লেঃ হয় নিশ্চয় জনাওক। তেখেতে ক'লেঃ "পৰস্পৰৰ মাজত মীমাংসা কৰা, কাৰণ পৰস্পৰৰ মাজত কাজিয়া লগোৱাটো হৈছে ধ্বংসৰ কাৰণ।"
(আবু দাঊদ, তিৰমিজী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সুধিলে যে, মই তোমালোকক এনেকুৱা এটা আমলৰ বিষয়ে অৱগত নকৰিমনে, যিটো আমল নফল ৰোজা, নফল নামাজ আৰু দান-খয়ৰাততকৈও উত্তম? তেওঁলোকে ক'লেঃ হয়, নিশ্চয় কওক। তেখেতে ক'লেঃ সেইটো হৈছে দুই বিবাদকাৰীৰ মাজত মীমাংসা কৰি দিয়া। কাৰণ বিবাদৰ ফলত মানুহৰ মাজত বিভেদ, শত্ৰুতা, ঘৃণা আৰু বিচ্ছিন্নতা সৃষ্টি কৰে। মানুহৰ মাজত সম্পৰ্কৰ অৱনতিৰ ফলত যি ঘৃণাৰ সৃষ্টি হয়, সেইটো হৈছে এনেকুৱা এটা বৈশিষ্ট্য, যিয়ে দ্বীন আৰু দুনিয়া ধ্বংস কৰি দিয়ে তথা মচি দিয়ে, যিদৰে ক্ষুৰ আদিৰ দ্বাৰা চুলি খোৰোৱা হয়।
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "এক চতুৰ্থাংশ দীনাৰ অথবা তাতোকৈ অধিক পৰিমাণৰ বস্তু চুৰি কৰিলে হাত কৰ্তন কৰা হ'ব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, এক চতুৰ্থাংশ দীনাৰ অথবা তাতোকৈ বেছি পৰিমাণৰ কোনো বস্তু চুৰি কৰিলে চোৰৰ হাত কৰ্তন কৰা হ'ব। অৰ্থাৎ ইয়াৰ মূল্য হৈছে ১.০৬ গ্ৰাম সোণৰ সমপৰিমাণ মূল্য।
আবু বুৰদা আল-আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ "আল্লাহে নিৰ্ধাৰণ কৰা দণ্ডবিধিৰ বাহিৰে, বেলেগ কোনো ক্ষেত্ৰতে দহটাতকৈ অধিক বেত্ৰাঘাত কৰা উচিত নহয়।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কাৰোবাক দহটাতকৈ অধিক বেত্ৰাঘাত কৰিবলৈ নিষেধ কৰিছে, কেৱল গুনাহৰ বাহিৰে। চৰীয়তে বিভিন্ন সীমালংঘনৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰা নিৰ্দিষ্ট বেত্ৰাঘাত বা নিৰ্দিষ্ট শাস্তি ইয়াৰ অন্তৰ্ভুক্ত নহয়। ইয়াত বুজোৱা হৈছে যে, শাসনমূলক শাস্তিৰ ক্ষেত্ৰত দহটাতকৈ অধিক বেত্ৰাঘাত কৰা উচিত নহয়। যেনে- স্ত্ৰী বা সন্তান-সন্ততিক দিয়া শাসনমূলক শাস্তি।
ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে কোনো এনেকুৱা কুকুৰ লালন-পালন কৰে, যিটো চিকাৰ কৰাৰ বাবেও ব্যৱহাৰ নহয় আৰু পোহনীয়া পশুৰ সুৰক্ষাৰ বাবেও ব্যৱহাৰ নহয়, তেনে ব্যক্তিৰ আমলৰ পৰা দৈনিক দুই কিৰাতকৈ ছোৱাব হ্ৰাস কৰা হয়।" ছালিমে কৈছে, আবু হুৰাইৰাহ এই কথাও কৈছিল যে, "অথবা যিটোৰ দ্বাৰা খেতি-বাতিৰ চোৱাচিতাও কৰা নহয়।" কিয়নো আবু হুৰাইৰাহ আছিল এজন খেতিয়ক।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কুকুৰ পোহ পাল দিয়াৰ ক্ষেত্ৰত সতৰ্ক কৰিছে। কিন্তু বিশেষ প্ৰয়োজন হ'লে যেনে- চিকাৰ কৰিবলৈ, খেতি-বাতি আৰু পশু আদিৰ চোৱাচিতা কৰিবলৈ পুহিব পাৰে। ইয়াৰ বাহিৰে বিনা কাৰণত কুকুৰ পুহিলে দৈনিক নিজৰ আমলৰ পৰা দুই কিৰাতকৈ ছোৱাব হ্ৰাস হয়। আল্লাহৰ ওচৰত এইটো হৈছে এটা নিৰ্দিষ্ট পৰিমাণ।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মছজিদত প্ৰৱেশ কৰিলে আৰু তেখেতৰ লগত আৰু এজন ব্যক্তিয়ে প্ৰৱেশ কৰিলে। সেই ব্যক্তিজনে নামাজ পঢ়ি আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ছালাম কৰিলে। তেখেতে ছালামৰ উত্তৰ দি ক'লেঃ "যোৱা নামাজ পঢ়াগৈ, তোমাৰ নামাজ হোৱা নাই।" সেই ব্যক্তিজন উভতি গৈ পুনৰ আগৰ দৰে নামাজ পঢ়িলে। ইয়াৰ পিছত আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ছালাম কৰিলে। তেখেতে আকৌ ক'লেঃ "যোৱা নামাজ পঢ়াগৈ, তোমাৰ নামাজ হোৱা নাই।" এনেকৈ তিনিবাৰ পুনৰাবৃত্তি হোৱাৰ পিছত, ব্যক্তিজনে ক'লেঃ সেই সত্ত্বাৰ শপত, যিয়ে আপোনাক সত্য সহকাৰে প্ৰেৰণ কৰিছে, মই ইয়াতকৈ আৰু অধিক সুন্দৰভাৱে পঢ়িব নোৱাৰোঁ। এতেকে আপুনিয়ে মোক শিকাই দিয়ক। তেতিয়া তেখেতে ক'লেঃ "যেতিয়া তুমি নামাজত থিয় হ'বা তেতিয়া তাকবীৰ দিবা। ইয়াৰ পিছত নিজৰ সাধ্যানুযায়ী কোৰআন তিলাৱত কৰিবা। ইয়াৰ পিছত ৰূকু কৰিবা আৰু ধীৰস্থিৰভাৱে ৰূকু কৰিবা। ইয়াৰ পিছত ৰূকুৰ পৰা মূৰ তুলি পৰিপূৰ্ণৰূপে পোনহৈ থিয় দিবা। তাৰ পিছত ছাজদাহ কৰিবা আৰু শান্ত হৈ ধীৰ স্থিৰভাৱে ছাজদাহ কৰিবা। তাৰ পিছত ছাজদাৰ পৰা মূৰ তুলি শান্তহৈ বহিবা। এইদৰে তুমি সম্পূৰ্ণ নামাজতে কৰিবা।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মছজিদত প্ৰৱেশ কৰিলে। তেখেতৰ পিছতে আৰু এজন লোক প্ৰৱেশ কৰিলে। সেই ব্যক্তিজনে লৰালৰিকৈ দুই ৰাকাত নামাজ পঢ়িলে। কিন্তু সেই ব্যক্তিজনে ৰূকু ছাজদা আৰু কিয়াম ধীৰস্থিৰে কৰা নাছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ব্যক্তিজনৰ নামাজ প্ৰত্যক্ষ কৰি আছিল। ব্যক্তিজনে নামাজ শেষ কৰি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল, তেখেত মছজিদতে বহি আছিল, আহি তেখেতক ছালাম কৰিলে আৰু তেখেতে ছালামৰ উত্তৰ দিলে, লগতে তাক ক'লেঃ তুমি উভতি যোৱা, পুনৰ নামাজ পঢ়াগৈ। কাৰণ তুমি নামাজ পঢ়া নাই। সি উভতি গৈ পুনৰ খৰখেদাকৈ নামাজ পঢ়িলে যিদৰে পূৰ্বে পঢ়িছিল। ইয়াৰ পিছত আকৌ ঘূৰি আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ছালাম কৰিলে। তেখেতে তাক আকৌ ক'লেঃ তুমি উভতি যোৱা, নামাজ পঢ়াগৈ। কাৰণ তুমি নামাজ পঢ়া নাই। এনেকৈ তিনিবাৰ হোৱাৰ পিছত, ব্য়ক্তিজনে ক'লেঃ সেই সত্ত্বাৰ শপত, যিয়ে আপোনাক সত্য সহকাৰে প্ৰেৰণ কৰিছে, ইয়াতকৈ সুন্দৰভাৱে নামাজ পঢ়াটো মোৰ পক্ষে সম্ভৱ নহয়। গতিকে আপুনি মোক শিকাই দিয়ক। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে তাক ক'লেঃ যেতিয়া তুমি নামাজত থিয় হ'বা, তেতিয়া তাকবীৰে তাহৰীমা দি আল্লাহু আকবাৰ বুলি ক'বা। ইয়াৰ পিছত ছুৰা ফাতিহাৰ পিছত সাধ্যানুযায়ী কোৰআন তিলাৱত কৰিবা। ইয়াৰ পিছত ধীৰস্থিৰে ৰূকু কৰিবা, ৰূকুত পিঠি সমতল ৰাখিবা, হাতেৰে ভালকৈ আঁঠু খামুচি ধৰিবা। তাৰ পিছত ৰূকুৰ পৰা উঠি পোন হৈ থিয়া হ'বা, যাতে প্ৰতিটো হাড়ে নিজ নিজ স্থান গ্ৰহণ কৰে, আৰু তুমি শান্ত হৈ পোনহৈ থিয় হ'বা। ইয়াৰ পিছত ছাজদাহ কৰিবা ধীৰস্থিৰভাৱে। ছাজদাত যাতে তোমাৰ কপাল আৰু নাক ছাজদাৰ ঠাই স্পৰ্শ কৰে, এইদৰে তোমাৰ দুয়ো হাত, দুয়ো আঁঠু আৰু দুয়ো ভৰিৰ আঙুলিবোৰ মাটিত স্পৰ্শ কৰে। ইয়াৰ পিছত মূৰ তুলি দুই ছাজদাৰ মাজত শান্ত হৈ বহিবা। এইদৰে তুমি নামাজৰ প্ৰতিটো ৰাকাততে কৰিবা।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যেতিয়া কোনো মুছলিম- বা মুমিন- ব্যক্তিয়ে অজু কৰে, সেই সময়ত তেওঁ যেতিয়া নিজৰ মুখ ধোৱে, তেতিয়া তেওঁৰ মুখমণ্ডলৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে প্ৰত্যেক সেই গুনাহ নিগৰি পৰে যিটো তেওঁ নিজৰ দুচকুৰে কৰিছিল।, আৰু যেতিয়া তেওঁ দুহাত ধোৱে, তেতিয়া তেওঁৰ দুই হাতৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে প্ৰত্যেক সেই গুনাহ সৰি পৰে যিটো তেওঁ নিজৰ দুহাতেৰে কৰিছিল। এইদৰে যেতিয়া তেওঁ নিজৰ দুই ভৰি ধোৱে, তেতিয়া তেওঁৰ দুয়ো ভৰিৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে ভৰিৰে খোজকাঢ়ি কৰা প্ৰতিটো পাপ সৰি পৰে। অৱশেষত তেওঁ সকলো গুনাহৰ পৰা পৱিত্ৰ হৈ ওলাই আহে।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, যেতিয়া কোনো মুছলিম অথবা মুমিন ব্যক্তিয়ে অজু কৰে, আৰু অজু কৰাৰ সময়ত যেতিয়া মুখমণ্ডল ধোৱে, তেতিয়া তাৰ মুখমণ্ডলৰ পৰা প্ৰতিটো সৰু গুনাহ পানীৰ সৈতে সৰি পৰে, যিটো সি নিজৰ দুই চকুৰে কৰিছে, অথবা পানীৰ শেষৰ টোপালৰ সৈতে সৰি পৰে। এইদৰে যেতিয়া দুয়ো হাত ধোৱে, তেতিয়া তাৰ দুই হাতৰ পৰা প্ৰতিটো সৰু গুনাহ অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে সৰি পৰে, যিটো গুনাহ সি তাৰ নিজৰ দুহাতেৰে কৰিছিল। এইদৰে সি যেতিয়া নিজৰ দুই ভৰি ধোৱে, তেতিয়া তাৰ দুয়ো ভৰিৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে প্ৰতিটো গুনাহ সৰি পৰে, যিটো সি নিজৰ ভৰিৰে খোজকাঢ়ি গৈ কৰিছিল। অৱশেষত সেই ব্যক্তি অজু শেষ কৰি প্ৰতিটো সৰু গুনাহৰ পৰা পৱিত্ৰ হৈ ওলাই আহে।
জাবিৰ বিন আব্দুল্লাহ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক যাৱতীয় কামৰ ক্ষেত্ৰতে ইস্তিখাৰা কৰিবলৈ শিকাইছিল, যিদৰে তেখেতে আমাক কোৰআনৰ ছুৰা শিকাইছিল। তেখেতে কৈছেঃ "তোমালোকৰ মাজৰ যিয়ে কোনো বিশেষ কাম কৰিবলৈ ইচ্ছা কৰে তেওঁ যেন ফৰজ নামাজৰ বাহিৰে দুই ৰাকাত নামাজ পঢ়ি এই দুআ পাঠ কৰেঃ اللَّهُمَّ إِنِّي أَسْتَخِيرُكَ بِعِلْمِكَ وَأَسْتَقْدِرُكَ بِقُدْرَتِكَ، وَأَسْأَلُكَ مِنْ فَضْلِكَ الْعَظِيمِ، فَإِنَّكَ تَقْدِرُ وَلَا أَقْدِرُ، وَتَعْلَمُ وَلَا أَعْلَمُ، وَأَنْتَ عَلَّامُ الْغُيُوبِ، اللَّهُمَّ إِنْ كُنْتَ تَعْلَمُ أَنَّ هَذَا الْأَمْرَ خَيْرٌ لِي فِي دِينِي، وَمَعَاشِي، وَعَاقِبَةِ أَمْرِي» أَوْ قَالَ: «عَاجِلِ أَمْرِي وَآجِلِهِ، فَاقْدُرْهُ لِي وَيَسِّرْهُ لِي ثُمَّ بَارِكْ لِي فِيهِ، وَإِنْ كُنْتَ تَعْلَمُ أَنَّ هَذَا الْأَمْرَ شَرٌّ لِي فِي دِينِي وَمَعَاشِي وَعَاقِبَةِ أَمْرِي» أَوْ قَالَ: «فِي عَاجِلِ أَمْرِي وَآجِلِهِ، فَاصْرِفْهُ عَنِّي وَاصْرِفْنِي عَنْهُ، وَاقْدُرْ لِي الْخَيْرَ حَيْثُ كَانَ، ثُمَّ أَرْضِنِي» قَالَ: «وَيُسَمِّي حَاجَتَه». আল্লাহুম্মা ইন্নী আছতাখীৰুকা বিইল্মিক, ওৱা আছতাক্বদিৰুকা বিক্বুদৰাতিক, ওৱা আছআলুকা মিন ফাজলিকাল আজীম, ফা ইন্নাকা তাক্বদিৰ অলা আক্বদিৰ, অতা'লাম অলা আ'লাম, ওৱা আনতা আল্লা-মুল গুয়ূব। আল্লাহুম্মা ইন কুনতা তা'লাম আন্না হা-জাল আমৰা খাইৰুন লী ফী দ্বীনী, অমাআশ্বী, ওৱা আক্বিবাতি আমৰি।" অথবা এইটো ক'বঃ "আ-জিলি আমৰি ওৱা আ-জিলিহি, ফাক্বদুৰহু লী অয়াচ্ছিৰহু লী ছুম্মা বা-ৰিকলী ফীহ, ওৱা ইন কুনতা তা'লাম আন্না হা-জাল আমৰা শ্বাৰ্ৰুন লী ফী দ্বীনী, অমাআশ্বী ওৱা আক্বিবাতি আমৰী।" অথবা এইটো ক'বঃ "ফী আ-জিলি আমৰি ওৱা আ-জিলিহি, ফাচৰিফহু আন্নী অচৰিফনী আনহু। অক্বদুৰ লী আলখাইৰা হাইছু কা-ন। ছুম্মাৰজিনি।" তেখেতে কৈছেঃ "ইয়াৰ পিছত নিজৰ প্ৰয়োজনটো উল্লেখ কৰিব।"
(বুখাৰী)যেতিয়া মুছলিম ব্যক্তিয়ে এনেকুৱা কোনো কাম কৰিব বিচাৰে, যিটোৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লোৱাত দোধৰ-মোধৰ সৃষ্টি হয়, তেনে ক্ষেত্ৰত তেওঁ চালাতুল ইস্তিখাৰা পঢ়িব লাগে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক এইটো নামাজ এনেকৈ শিকাইছিল, যেনেকৈ তেখেতে কোৰআনৰ ছুৰা শিকাইছিল। তেখেতে ফৰজ নামাজৰ বাহিৰে দুই ৰাকাত নামাজ পঢ়ি, এইদৰে আল্লাহৰ ওচৰত দুআ কৰিছিল। হে আল্লাহ! মই তোমাৰ সেই জ্ঞানৰ অছিলাৰে তোমাৰ ওচৰত কল্যাণ কামনা কৰোঁ, যি জ্ঞানে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে। মই তোমাৰ কুদৰতৰ সহায়ত শক্তি কামনা কৰোঁ, তোমাৰ শক্তিৰ বাহিৰে আন কাৰো শক্তি নাই, তোমাক কোনেও অপাৰগ কৰিব নোৱাৰে। মই তোমাৰ ওচৰত তোমাৰ মহা অনুগ্ৰহ প্ৰাৰ্থনা কৰোঁ, তুমি অসীম অনুগ্ৰহৰ অধিকাৰী, তুমিয়েই নিজ অনুগ্ৰহত প্ৰদান কৰা। তুমি সকলো ক্ষেত্ৰতে সক্ষম। মই দুৰ্বল অপাৰগ, অসহায়। তোমাৰ সহায় অবিহনে মই একো কৰিব নোৱাৰোঁ। তুমি তোমাৰ জ্ঞানৰ জৰিয়তে প্ৰকাশ্য হওক বা অপ্ৰকাশ্য, ভাল হওক বা বেয়া সকলো বিষয় সম্পৰ্কে অৱগত। তোমাৰ তাওফীক আৰু হিদায়ত অবিহনে মই একো নাজানো। তুমি গায়েব সম্পৰ্কে সৰ্বজ্ঞ। তোমাৰ বাহিৰে কোনেও গায়েব নাজানে, কেৱল সেইখিনিয়ে জানে যিখিনি তুমি অৱগত কৰা। ইয়াৰ পিছত নিজৰ প্ৰয়োজনৰ কথা উল্লেখ কৰি আল্লাহৰ ওচৰত দুআ কৰিব লাগে। হে আল্লাহ! মই মোৰ সকলো কৰ্ম তোমাৰ ওচৰত সমৰ্পন কৰিছোঁ। যদি মোৰ এই কামটো, উদাহৰণস্বৰূপে এই ঘৰ ক্ৰয় কৰাটো, বা গাড়ী ক্ৰয় কৰাটো নাইবা অমুক নাৰীক বিবাহ কৰাটো.... মোৰ দ্বীনি আৰু দুনিয়াৱী ক্ষেত্ৰত কল্যাণকৰ হয়, আৰু মোৰ শেষ পৰিণতিৰ বাবে কল্যাণকৰ হয়, অথবা এইদৰে ক'ব যে, দুনিয়া আৰু আখিৰাতৰ বাবে কল্যাণকৰ হয়, তেন্তে এইটো মোৰ বাবে সহজ কৰি দিয়া, আৰু এই ক্ষেত্ৰত মোক বৰকত দান কৰা। আনহাতে হে আল্লাহ! এই কামটো যদি মোৰ পক্ষে বেয়া হয়, মোৰ দ্বীনি, দুনিয়াৱী আৰু শেষ পৰিণতিৰ বাবে বেয়া হয়, তেন্তে এইটো মোৰ পৰা আঁতৰাই দিয়া, আৰু মোক সেইটোৰ পৰা আঁতৰাই দিয়া। লগতে য'ত কল্যাণ আছে সেইটো মোক নচীব কৰা। তাৰ পিছত মোৰ প্ৰতি সন্তুষ্ট হোৱা, সকলো ক্ষেত্ৰতে যিটোক মই পছন্দ কৰোঁ আৰু যিটোক মই অপছন্দ কৰোঁ।
আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "হে আবু ছাঈদ! যিয়ে আল্লাহক ৰব্ব হিচাপে আৰু ইছলামক দ্বীন হিচাপে আৰু মুহাম্মদক নবী হিচাপে পাই সন্তুষ্ট হৈছে, তাৰ বাবে জান্নাত অনিবাৰ্য্য।" আবু ছাঈদে এই কথা শুনি আশ্চৰ্য্য প্ৰকাশ কৰি ক'লেঃ হে আল্লাহৰ ৰাছুল! কথাটো পুনৰ কওকচোন। তেখেতে কথাটো পুনৰ ক'লে। ইয়াৰ পিছত তেখেতে ক'লেঃ "আৰু এটা আমল আছে, যিটোৰ ফলত জান্নাতত বান্দাৰ এশটা স্তৰ উন্নীত কৰা হয়। প্ৰত্যেক দুই স্তৰৰ মাজৰ দূৰত্ব হৈছে আকাশমণ্ডল আৰু পৃথিৱীৰ মাজৰ দূৰত্বৰ সমান।" তেওঁ সুধিলেঃ হে আল্লাহৰ ৰাছুল! সেইটোনো কি আমল? তেখেতে ক'লেঃ আল্লাহৰ পথত জিহাদ কৰা, আল্লাহৰ পথত জিহাদ কৰা।
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আবু ছাঈদ ৰাদ্বিয়াল্লাহু আনহুক জনাইছে যে, যিয়ে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিব আৰু তেওঁক ৰব্ব হিচাপে, উপাস্য হিচাপে, মালিক হিচাপে, পৰিচালক হিচাপে মানিলৈ সন্তুষ্ট হ'ব, লগতে ইছলামক দ্বীন হিচাপে মানিলৈ ইয়াৰ যাৱতীয় আদেশ নিষেধৰ প্ৰতি আমল কৰি সন্তুষ্ট হ'ব, এইদৰে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নবী হিচাপে গ্ৰহণ কৰি তথা তেখেতে লৈ অহা প্ৰতিটো বিষয়ক সত্য বুলি স্বীকাৰ কৰি সন্তুষ্ট হ'ব, তাৰ বাবে জান্নাত অনিবাৰ্য্য। আবু ছাঈদে এই কথা শুনি আশ্চৰ্য্য প্ৰকাশ কৰি ক'লেঃ হে আল্লাহৰ ৰাছুল! কথাটো পুনৰ কওকচোন। তেখেতে কথাটো পুনৰ ক'লে। ইয়াৰ পিছত তেখেতে ক'লেঃ আৰু এটা আমল আছে, যিটোৰ ফলত জান্নাতত বান্দাৰ এশটা স্তৰ উন্নীত কৰা হয়। প্ৰত্যেক দুই স্তৰৰ মাজৰ দূৰত্ব হৈছে আকাশমণ্ডল আৰু পৃথিৱীৰ মাজৰ দূৰত্বৰ সমান। আবু ছাঈদে সুধিলেঃ হে আল্লাহৰ ৰাছুল! সেইটোনো কি আমল? তেখেতে ক'লেঃ আল্লাহৰ পথত জিহাদ কৰা, আল্লাহৰ পথত জিহাদ কৰা।