





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ঈমানৰ সত্তৰতকৈও অধিক অথবা ষাঠিতকৈও অধিক শাখা-প্ৰশাখা আছে। তাৰে ভিতৰত সৰ্বশ্ৰেষ্ঠ শাখাটো হৈছে লা ইলা-হা ইল্লাল্লাহ কোৱা, আৰু সৰ্বনিম্ন শাখাটো হৈছে পথৰ পৰা কষ্টদায়ক বস্তু আঁতৰাই দিয়া। হায়া বা লাজো হৈছে ঈমানৰ এটা শাখা।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, ঈমানৰ বহুতো শাখা-প্ৰশাখা আছে আৰু অনেক বৈশিষ্ট্য আছে। যাৰ মাজত আক্বীদাহ বা বিশ্বাস, লগতে কথা আৰু কৰ্ম আদিক সামৰি লোৱা হৈছে। ঈমানৰ সৰ্বোচ্চ তথা সৰ্বোত্তম শাখাটো হৈছে লা ইলাহা ইল্লাল্লাহ কোৱা, ইয়াৰ অৰ্থ জনা আৰু সেইমতে আমল কৰা। অৰ্থাৎ এই কথাৰ স্বীকৃতি দিয়া যে, আল্লাহ হৈছে একক তথা অদ্বিতীয়, একমাত্ৰ তেৱেঁই ইবাদতৰ উপযুক্ত, তেওঁৰ বাহিৰে কোনেও ইবাদতৰ যোগ্য নহয়। ঈমানৰ সৰ্বনিম্ন শাখাটো হৈছে, মানুহক কষ্ট দিব পৰা প্ৰতিটো বস্তু ৰাস্তাৰ পৰা আঁতৰাই দিয়া। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, হায়া বা লাজো হৈছে ঈমানৰ এটা বৈশিষ্ট্য। এইটো এনেকুৱা এটা চৰিত্ৰ, যিয়ে মানুহক সৎকৰ্ম কৰিবলৈ উৎসাহিত কৰে আৰু বেয়া কৰ্মৰ পৰা বিৰত ৰাখে।
আবু বাশ্বীৰ আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিতঃ তেওঁ কোনো এটা ভ্ৰমণত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিল। তেওঁ কৈছে, লোকসকল টোপনিত থকা অৱস্থাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন বাৰ্তাবাহক প্ৰেৰণ কৰি নিৰ্দেশ দিলে যে, "কোনো উটৰ ডিঙিতে যেন ধেনুৰ ৰছীৰ হাৰ নাথাকে অথবা বেলেগ কোনো হাৰো যাতে নাথাকে, আৰু যদি থাকে তেন্তে সেইটো যাতে কাটি পেলোৱা হয়।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লাম কোনো এটা ভ্ৰমণত আছিল আৰু তেখেতৰ সৈতে থকা লোকসকল নিজৰ নিজৰ শোৱনি কোঠা তথা তম্বুৰ ভিতৰত শুই আছিল, সেই সময়তে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন লোকক বাৰ্তাবাহক হিচাপে প্ৰেৰণ কৰি নিৰ্দেশ পঠিয়ালে যে, উটৰ ডিঙিত ওলমি থকা প্ৰতিটো বস্তু যেন কাটি পেলায়, ধেনুৰ ৰছীৰ হাৰ হওক বা বেলেগ কোনো হাৰ নাইবা ঘণ্টা বা জোতা আদি, যিবোৰ সাধাৰণতে মানুহে কুঃদৃষ্টিৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে ওলমাই দিয়ে। সেইবোৰক তেখেতে কাটি পেলাবলৈ নিৰ্দেশ দিছে। কাৰণ এইবোৰৰ দ্বাৰা কোনো উপকাৰ নহয়। ক্ষতি আৰু উপকাৰৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই।
আব্দুল্লাহ ইবনে উকাইম ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফূ‘ হিচাপে বৰ্ণিত, “(উপকাৰ লাভৰ উদ্দেশ্যৰে) যিয়েই কিবা ওলমাব, তাক সেইটোৰ ওপৰতে নিৰ্ভৰশীল কৰি দিয়া হ’ব।”
(তিৰমিজী) - (আহমদ)যি ব্যক্তিয়ে অন্তৰ অথবা কর্ম নাইবা উভয়ৰ দ্বাৰা এনেকুৱা কোনো বস্তুৰ পিনে ধাৱিত হয় আৰু সেইটোৰ পৰা উপকাৰ লাভ কৰাৰ আশা কৰে অথবা ক্ষতি প্রতিহত কৰাৰ আশা কৰে, আল্লাহ তা‘আলাই সেই ব্যক্তিক সেই বস্তুটোৰ ওপৰতেই নিৰ্ভৰশীল কৰি দিয়ে যিটোৰ প্ৰতি সি ধাৱিত হৈছে। আনহাতে যিয়ে আল্লাহৰ সৈতে সম্পৰ্ক স্থাপন কৰিব, তাৰ বাবে আল্লাহেই যথেষ্ট হ’ব আৰু আল্লাহে তাৰ বাবে সকলো কঠিন কাম সহজ কৰি দিব। পক্ষান্তৰে যি ব্যক্তিয়ে গাইৰুল্লাহৰ সৈতে সম্পৃক্ত স্থাপন কৰিব, আল্লাহ তা‘আলাই তাক তাৰেই শৰণাপন্ন কৰি দিব আৰু অপমান অপদস্থ কৰিব।
তাৰিক বিন আশ্বয়াম আল-আশ্বজায়ী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ যি ব্যক্তিয়ে লা ইলাহা ইল্লাল্লাহৰ স্বীকৃতি দিছে, লগতে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰা হয়, সেই সকলোবোৰক অস্বীকাৰ কৰিছে, সেই ব্যক্তিৰ ধন-সম্পদ আৰু তেজ আদি নিৰাপদ আৰু তাৰ হিচাপ-নিকাচ হৈছে আল্লাহৰ জিম্মাত।
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যি ব্যক্তিয়ে (লা ইলাহা ইল্লাল্লাহ) বাক্য উচ্চাৰণ কৰিব তথা ইয়াৰ স্বীকৃতি দিব, অৰ্থাৎ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই এই কথাৰ স্বীকৃতি দিব আৰু আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰা হয় সেই সকলোবোৰক অস্বীকাৰ কৰিব, আনকি ইছলামৰ বাহিৰে আন সকলো ধৰ্মৰ পৰা নিজকে আঁতৰাই ৰাখিব, তেনেকুৱা ব্যক্তিৰ জান মাল আল্লাহে মুছলিমসকলৰ ওপৰত হাৰাম কৰি দিছে। আমি কেৱল প্ৰকাশ্য দিশটোকহে প্ৰাধান্য দিয়া উচিত। গতিকে সেই ব্যক্তিৰ সম্পদ জব্দ কৰা বা তাৰ ৰক্তপাত কৰা উচিত নহয়। আনহাতে যদি সেই ব্যক্তিজনে কোনো এনেকুৱা অপৰাধ কৰে যাৰ ফলত সি ইছলামিক বিধান অনুযায়ী মৃত্যুদণ্ডপ্ৰাপ্ত হয় তেন্তে সেইটো বিষয় সুকীয়া। কিয়ামতৰ দিনা আল্লাহে তাৰ হিচাপ-নিকাচ গ্ৰহণ কৰিব, যদি সি স্বীকৃতি প্ৰদানত সত্যবাদী হয় তেন্তে ছোৱাব পাব, আনহাতে যদি মুনাফিক হয় তেন্তে শাস্তি পাব।
আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ দয়াশীলসকলৰ ওপৰত কৰুণাময় আল্লাহে দয়া কৰে। তোমালোকে পৃথিৱীবাসীসকলৰ ওপৰত দয়া কৰা, তেতিয়াহে সেই সত্ত্বাই তোমালোকৰ ওপৰত দয়া কৰিব যিজন আকাশত আছে।
(আবু দাঊদ, তিৰমিজী, আৰু আহমদ)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, যিসকল লোকে আনৰ প্ৰতি দয়া কৰে, তেওঁলোকৰ প্ৰতি দয়াময় আল্লাহে দয়া কৰে, যাৰ দয়া সকলো বস্তুকে আবৰি আছে। এইটোৱে উপযুক্ত প্ৰতিফল। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে পৃথিৱীৰ বুকুত থকা সকলোৰে প্ৰতি দয়া কৰিবলৈ নিৰ্দেশ দিছে, সেয়া মানৱ হওক বা জীৱ-জন্তু অথবা চৰাই-চিৰিকটি বা অন্য কোনো বস্তু, লগতে তেখেতে কৈছে- ইয়াৰ বিনিময়ত আকাশৰ ওপৰত থকা মহান আল্লাহে তোমালোকৰ প্ৰতি ৰহম কৰিব।
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মহান আল্লাহে কিয়ামতৰ দিনা জাহান্নামত একেবাৰে লঘু শাস্তি লাভ কৰা ব্যক্তিক ক'বঃ পৃথিৱীত থকা সকলো বস্তু যদি তোমাৰ হ'লহেঁতেন, তেন্তে এই শাস্তিৰ পৰা মুক্তি পাবলৈ তুমি সেই সকলোবোৰ বস্তু মুক্তিপণ হিচাপে দিলাহেঁতেন নে? সেই ব্যক্তিজনে ক'বঃ হয়। তেতিয়া আল্লাহে ক'বঃ তুমি যেতিয়া আদমৰ পিঠিত আছিলা, তেতিয়া মই তোমাৰ পৰা ইয়াতকৈও অতি সহজ এটা বস্তু বিচাৰিছিলোঁ যে, তুমি মোৰ লগত শ্বিৰ্ক নকৰিবা, কিন্তু তথাপিও তুমি মোৰ লগত শ্বিৰ্ক কৰিছা।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, জাহান্নামত একেবাৰে লঘু শাস্তিপ্ৰাপ্ত ব্যক্তিক মহান আল্লাহে ক'ব, যদি পৃথিৱীখন আৰু ইয়াৰ মাজৰ সকলো বস্তু তোমাৰ হ'লহেঁতেন তেন্তে তুমি এই শাস্তিৰ পৰা মুক্তি পাবলৈ সেই সকলোবোৰ সা-সম্পত্তি মুক্তিপণ হিচাপে আদায় দিলাহেঁতেননে? তেতিয়া সেই ব্যক্তিজনে ক'বঃ হয় নিশ্চয়। তেতিয়া মহান আল্লাহে ক'বঃ মই তোমাৰ ওচৰত ইয়াতকৈও সহজ এটা বস্তু বিচাৰিছিলোঁ আৰু একেবাৰে উজু এটা নিৰ্দেশ দিছিলোঁ যেতিয়া তুমি আদমৰ পিঠিত আছিলা, তেতিয়া মই তোমাৰ পৰা প্ৰতিশ্ৰুতি লৈছিলোঁ যে, মোৰ লগত শ্বিৰ্ক নকৰিবা। কিন্তু তুমি সেই প্ৰতিশ্ৰুতি ভংগ কৰিছা, আৰু পাৰ্থিৱ জীৱনত শ্বিৰ্ক কৰিছা।
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ কিছুমান লোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক জ্যোতিষিৰ বিষয়ে প্ৰশ্ন কৰিলে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক ক'লেঃ "সিহঁতৰ কথাত কোনো সত্যতা নাই।" তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! সিহঁতে কোৱা কিছুমান কথা কেতিয়াবা কেতিয়াবা সত্য প্ৰমাণিত হয়। এই কথা শুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "সিহঁতৰ সেই সত্য কথাটো জিনে (ফিৰিস্তাসকলৰ পৰা) অকস্মাৎ চোৰকৈ শুনি লৰ মাৰে আৰু সেইটো মানুহৰ মাজত থকা তাৰ প্ৰিয়জনক মুৰ্গীৰ মাতৰ দৰে শব্দৰে জনাই দিয়ে। ফলত সেই ব্যক্তিজনে এই এটা সত্য কথাৰ সৈতে আৰু এশটা মিছা কথা মিশ্ৰিত কৰি প্ৰচাৰ কৰে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামক এনেকুৱা লোকৰ বিষয়ে প্ৰশ্ন কৰা হল, যিসকলে ভৱিষ্যৎ সম্পৰ্কীয় বিষয়ত আগজাননী দিয়ে। সেই প্ৰশ্নৰ উত্তৰত তেখেতে কৈছে যে, তোমালোকে সিহঁতৰ কথাক গুৰুত্ব নিদিবা, সিহঁতৰ কথাক গ্ৰহণ নকৰিবা, আনকি সিহঁতৰ প্ৰতি ভ্ৰূক্ষেপো নকৰিবা। এই কথা শুনি চাহাবাসকলে ক'লে যে, কেতিয়াবা সিহঁতৰ কথাৰ সৈতে বাস্তৱতাৰ মিল পোৱা যায়। অৰ্থাৎ কেতিয়াবা সিহঁতে কয় যে, অমুক মাহৰ অমুক তাৰিখে এইটো ঘটনা ঘটিব আৰু সেইটো সঁচাকৈয়ে হয়। ইয়াৰ উত্তৰত তেখেতে কৈছেঃ দৰাচলতে জিনসকলে আকাশৰ পৰা কিছুমান কথা কাণ পাতি শুনাৰ চেষ্টা কৰে, তাৰে দুই এটা কথা শুনি সিহঁতে সিহঁতৰ মানৱ বন্ধুৰ মাজৰ পৰা জ্যোতিষিসকলক জনাই দিয়ে, ইপিনে সেই জ্যোতিষিয়ে সেই এটা সঁচা কথাৰ লগতে আৰু এশটা মিছা কথা মিশ্ৰিত কৰি প্ৰচাৰ কৰি দিয়ে।
আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ বাহনত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে মুআজ ৰাদ্বিয়াল্লাহু আনহু বহি থকা অৱস্থাতে তেখেতে তেওঁক সুধিলেঃ হে মুআজ বিন জবল! তেওঁ ক'লেঃ উপস্থিত আছোঁ হে আল্লাহৰ ৰাছুল। তেখেতে তেওঁক আকৌ মাতিলে, হে মুআজ! তেওঁ ক'লেঃ উপস্থিত আছোঁ হে আল্লাহৰ ৰাছুল। এনেকৈ তিনিবাৰ মাতিলে। তাৰ পিছত তেখেতে ক'লেঃ "যিয়ে সঁচা অৰ্থত আন্তৰিকতাৰে এই কথাৰ সাক্ষ্য দিছে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, আল্লাহে তাক জাহান্নামৰ বাবে হাৰাম কৰি দিছে।" তেওঁ ক'লেঃ হে আল্লাহৰ ৰাছুল! মই এই কথাটো মানুহক জনাই দিওঁনে, যাতে সিহঁতে কথাটো শুনি আনন্দিত হয়। তেখেতে ক'লেঃ "তেতিয়া সিহঁতে এই কথাৰ ওপৰতে ভৰসা কৰি বহি থাকিব।" এই হাদীছটো মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে মৃত্যুৰ সময়ত বৰ্ণনা কৰি গৈছে, এই আশংকাত যে যাতে ইল্ম গোপন কৰাৰ গুনাহ নহয়।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})মুআজ বিন জবল ৰাদ্বিয়াল্লাহ আনহু বাহনত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে বহি আছিল, সেই সময়তে তেখেতে তেওঁক মাতিলে: হে মুআজ! এনেকৈ তেওঁক তিনিবাৰ মাতিলে, তেখেতে তেওঁক এনেকৈ বাৰে বাৰে নাম কাঢ়ি মাতাৰ উদ্দেশ্য আছিল তেওঁৰ মনোযোগ আকৰ্ষণ কৰা আৰু ক'বলগীয়া কথাটোৰ গুৰুত্ব বুজোৱা। প্ৰত্যেক বাৰেই মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে এনেকৈ উত্তৰ দিছিল (لبيك يا رسول الله وسعديك) অৰ্থাৎ হে আল্লাহৰ ৰাছুল! মই উপস্থিত আছোঁ, আৰু আপোনাৰ আহ্বানত সঁহাৰি দিয়াটো মোৰ সৌভাগ্য। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক জনালে যে, যি ব্যক্তিয়েই আন্তৰিকতাৰে সঁচা অৰ্থত লা ইলাহা ইল্লাল্লাহৰ সাক্ষ্য দিব, অৰ্থাৎ এই সাক্ষ্য দিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, যদি এই সাক্ষ্যৰ ওপৰত অটল থকা অৱস্থাতে তাৰ মৃত্যু হয় তেন্তে আল্লাহে তাক জাহান্নামৰ বাবে হাৰাম কৰিব দিব। এই কথা শুনি মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা মানুহক জনাই দিয়াৰ অনুমতি বিচাৰিলে, যাতে মানুহে খবৰটো শুনি আনন্দিত হয়। কিন্তু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আশংকা কৰিলে যে, হয়তো মানুহে ইয়াৰ ওপৰতে ভৰসা কৰি বহি থাকিব আৰু আমল কৰা বাদ দিব। ফলত মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটো মৃত্যুৰ আগমুহুৰ্ত পৰ্যন্ত বৰ্ণনা কৰা নাছিল। কিন্তু মৃত্যুৰ আগত বৰ্ণনা কৰিছে, যাতে ইল্ম গোপন কৰাৰ গুনাহত জৰিত নহয়।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ৰাতিৰ শেষ তৃতীয়াংশ বাকী থাকোঁতে দৈনিক ৰাতি আমাৰ বৰকতময় মহান প্ৰতিপালকে পৃথিৱীৰ আকাশত অৱতৰণ কৰি কয়, আছেনে কোনোবা যিয়ে মোৰ ওচৰত দুআ কৰিব মই তাৰ দুআ কবূল কৰিম? যিয়ে মোৰ ওচৰত কিবা বিচাৰিব মই তাক দান কৰিম? আছেনে কোনোবা যিয়ে মোৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব মই তাক ক্ষমা কৰিম?
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মহান আল্লাহে প্ৰত্যেক ৰাতিৰ শেষ তৃতীয়াংশত পৃথিৱীৰ আকাশলৈ নামি আহে আৰু তেওঁৰ বান্দাসকলক দুআ কৰিবলৈ উৎসাহিত কৰে যে তেওঁ দুআকাৰীৰ দুআ কবূল কৰিবলৈ প্ৰস্তুত, লগতে সিহঁতক নিজৰ প্ৰয়োজন পূৰণৰ বাবে আবেদন কৰিবলৈ উৎসাহিত কৰি কয় যে, যিয়ে তেওঁৰ ওচৰত কিবা খুজিব, তেওঁ তাক প্ৰদান কৰিব। এইদৰে তেওঁ সিহঁতক গুনাহৰ পৰা ক্ষমা প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত কৰি কয় যে, তেওঁ মুমিন বান্দাসকলক ক্ষমা কৰি দিয়ে।