





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ এজন ব্যক্তিক এইদৰে কোৱা শুনিলে যে, কা'বাৰ শপত। তৎক্ষণাত ইবনে ওমৰে ক'লেঃ আল্লাহৰ বাহিৰে আন কাৰো শপত খোৱা উচিত নহয়। কিয়নো মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ যি ব্যক্তিয়ে আল্লাহৰ বাহিৰে আনৰ নামত শপত কৰিছে, সি দৰাচলতে কুফৰী কৰিছে অথবা শ্বিৰ্ক কৰিছে।
(আবু দাঊদ, তিৰমিজী, আৰু আহমদ)হাদীছটোৰ জৰিয়তে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সংবাদ দিছে যে, যিয়ে আল্লাহৰ বাহিৰে তথা তেওঁৰ নাম আৰু গুণাৱলীৰ বাহিৰে আন কাৰো শপত কৰে, সি দৰাচলতে কুফৰী কৰে নাইবা শ্বিৰ্ক কৰে। কাৰণ শপত খোৱাৰ অৰ্থ হৈছে শপতকাৰীয়ে তাক অত্যন্ত তাজীম কৰে তথা খুবেই মহান বুলি গণ্য কৰে। পক্ষান্তৰে সৰ্বোচ্চ মহান সত্ত্বা তথা তাজীমৰ একমাত্ৰ হকদাৰ হৈছে আল্লাহ তাআলা। গতিকে আল্লাহৰ বাহিৰে তথা তেওঁৰ আচমা (নাম) অচ্ছিফাত (গুণাৱলী)ৰ বাহিৰে আন কাৰো নামত শপত খোৱা বৈধ নহয়। এই শপত হৈছে শ্বিৰ্কে আচগৰ বা সৰু শ্বিৰ্ক হিচাপে বিবেচিত। কিন্তু যদি কোনোবাই শপত খোৱা বস্তুটোক আল্লাহৰ সমান অথবা তাতকৈ বেছি সন্মান কৰে তেন্তে তেতিয়া সেইটো শ্বিৰ্কে আকবৰ বা ডাঙৰ শ্বিৰ্ক হিচাপে গণ্য হয়।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মুনাফিকসকলৰ ওপৰত আটাইতকৈ কঠিন চালাত হৈছে, ঈশ্বা আৰু ফজৰৰ চালাত। সিহঁতে যদি এই দুই চালাতৰ ফজিলত সম্পর্কে জানিলেহেঁতেন তেনেহ’লে চুঁচৰি হ’লেও তাত উপস্থিত হ’লহেঁতেন। মোৰ এনেকুৱা লাগে যে, মই চালাত আদায় কৰাৰ আদেশ দিওঁ ফলত ইকামত দিয়া হওক, আৰু ইয়াৰ পিছত কাৰোবাক নামাজ পঢ়াবলৈ নিৰ্দেশ দিওঁ যেন তেওঁ মানুহকলৈ চালাত আদায় কৰে। আৰু মই এনেকুৱা কিছুমান মানুহক লগত লৈ যাম যিসকলৰ লগত থাকিব খৰিৰ বোজা, সেইসকল লোকৰ ঘৰলৈ যাম যিসকলে চালাতত উপস্থিত হোৱা নাই, ফলত সেই খৰিৰে সিহঁতৰ ঘৰত জুই লগাই দিম।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুনাফিকসকলৰ বিষয়ে সংবাদ দিছে যে, সিহঁতে নামাজত উপস্থিত হোৱাৰ ক্ষেত্ৰত অৱহেলা কৰে, বিশেষকৈ ঈশ্বা আৰু ফজৰৰ নামাজত। এই দুটা নামাজ জামাতৰ সৈতে পঢ়িলে যি ছোৱাব পোৱা যায় সেইটো যদি সিহঁতে জানিলেহেঁতেন তেন্তে কেঁচুৱাৰ দৰে হাত আৰু আঠুৰ সহায়ত চুঁচৰি হ'লেও আহিলহেঁতেন। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই প্ৰতিজ্ঞা লবলৈ মনস্থ কৰিছিল যে, তেখেতে ইমামৰ স্থানত কাৰোবাক নামাজ আৰম্ভ কৰিবলৈ দি তেখেতে সেইসকল লোকৰ ঘৰ জলাই দিবলৈ যাব, যিসকলে জামাআতত নামাজ পঢ়িবলৈ উপস্থিত হোৱা নাই। ইয়াৰ দ্বাৰা তেখেতে এইটো স্পষ্ট কৰিব বিচাৰিছে যে, এইটো কিমান ভয়াৱহ গুনাহ। কিন্তু তেখেতে সেইটো কৰা নাছিল, কাৰণ ঘৰত মহিলা, নিৰ্দোষী শিশু আৰু উচিত কাৰণ থকা লোকসকলো থাকে, জামাতত উপস্থিত নহ'লে যিসকলৰ কোনো গুনাহ নাই।
আব্দুল্লাহ ইবনে মাছ‘ঊদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছে: “নিশ্চয় সৱাতোকৈ নিকৃষ্ট লোক হৈছে সেইসকল, যিসকলৰ জীৱনকালত কিয়ামত সংঘটিত হ’ব আৰু যিসকলে কবৰসমূহক ছাজদাৰ ঠাই বনাই লৈছে।”
(আহমদ)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সৱাতোকৈ নিকৃষ্ট লোকসকলৰ বিষয়ে সংবাদ দিছে। তেখেতে কৈছে, যিসকল লোক জীৱিত থকাৰ সময়ত কিয়ামত সংঘটিত হ'ব সিহঁত হৈছে আটাইতকৈ নিকৃষ্ট লোক, লগতে সেইসকল লোক যিসকলে কবৰৰ ওপৰত মছজিদ নিৰ্মাণ কৰে বা কবৰৰ ওচৰত তথা কবৰৰ ফালে মুখ কৰি নামাজ পঢ়ে।
মাহমূদ বিন লাবীদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “মই তেমালোকৰ ওপৰত যিটো বিষয়ক আটাইতকৈ বেছি ভয় কৰোঁ সেইটো হৈছে সৰু শ্বিৰ্ক।" উপস্থিত লোকসকলে ক'লেঃ হে আল্লাহৰ ৰাছুল! সৰু শ্বিৰ্ক আকৌ কি? তেখেতে ক'লেঃ "সেইটো হৈছে ৰিয়া (লোকক দেখুৱাবলৈ কৰা আমল)। কিয়ামতৰ দিনা যেতিয়া মানুহক সিহঁতৰ আমলৰ প্ৰতিফল প্ৰদান কৰা হ'ব তেতিয়া সিহঁতক আল্লাহে ক'বঃ যোৱা তোমালোকে সিহঁতৰ ওচৰলৈ যোৱা যিসকলক দেখুৱাবলৈ তোমালোকে আমল কৰিছিলা, গৈ চোৱাচোন সিহঁতৰ ওচৰত তোমালোকে কিবা প্ৰতিদান পোৱানে নাই?”
(আহমদ)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, তেখেতে উম্মতৰ প্ৰতি যিটো বিষয়কলৈ আটাইতকৈ বেছি আশংকা কৰিছে সেইটো হৈছে সৰু শ্বিৰ্ক, অৰ্থাৎ ৰিয়া বা লোকক দেখুৱাবলৈ কৰা আমল। ইয়াৰ পিছত তেখেতে উল্লেখ কৰিছে যে, লোকক দেখুৱাবলৈ কৰা আমলৰ গৰাকীসকলক কিয়ামতৰ দিনা শাস্তি স্বৰূপে কোৱা হ'ব যে, তোমালোকে যিসকল লোকক দেখুৱাবলৈ আমল কৰিছিলা আজি সিহঁতৰ ওচৰলৈ গৈ প্ৰতিদান বিচৰাগৈ, সিহঁতে তোমালোকক সেইবোৰ আমলৰ প্ৰতিদান দিব পাৰিবনে?
আদী ইবনে হাতিম ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক এই আয়াত “সিহঁতে আল্লাহৰ বাহিৰে সিহঁতৰ পণ্ডিত আৰু সংসাৰ-বিৰাগীসকলক সিহঁতৰ ৰব্বৰূপে গ্ৰহণ কৰিছে আৰু মাৰইয়ামৰ পুত্ৰ মছীহকো। অথচ এক ইলাহৰ ইবাদত কৰাৰ বাবেই তেওঁলোক আদিষ্ট হৈছিল। যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। সিহঁতে যি অংশী স্থাপন কৰে তাৰ পৰা তেওঁ অতি পৱিত্ৰ!” [ছুৰা আত-তাওবাহ, আয়াত: 31] তিলাৱত কৰা শুনিছে। ইয়াৰ পিছত তেওঁ তেখেতক ক’লেঃ আমিতো সিহঁতৰ ইবাদত কৰা নাই। তেখেতে ক’লেঃ এইটো সঁচা নহয়নে যে, আল্লাহে যিটোক হালাল কৰিছে সেইটোক সিহঁতে হাৰাম কৰিলে তোমালোকে সেইটোক হাৰাম বুলি মানি লৈছিলা? লগতে আল্লাহে যিটোক হাৰাম কৰিছে সিহঁতে সেইটোক হালাল কৰিলে তোমালোকে সেইটোক হালাল বুলি মানি লৈছিলা? মই ক’লোঁ, হয় নিশ্চয়। তেখেতে ক’লেঃ এইটোকেই সিহঁতৰ ইবাদত কৰা বুজাইছে। ছহীহ – এই হাদীছটোক তিৰমিজীয়ে বর্ণনা কৰিছে।
(তিৰমিজী)যেতিয়া এই বিশিষ্ট চাহাবীজনে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ মুখত এনেকুৱা এটা আয়াত তিলাৱত শুনিলে যি আয়াতত ইয়াহূদী আৰু খ্ৰীষ্টানসকলৰ বিষয়ে আলোচনা কৰা হৈছে যে, সিহঁতে সিহঁতৰ পাদ্রীসকলক আৰু আলিমসকলক ইলাহ সাব্যস্ত কৰিছে, সেই পাদ্ৰীসকলে সিহঁতৰ বাবে আল্লাহৰ বিধানৰ পৰিপন্থী বিধান দিয়ে যাৰ অনুকৰণ সিহঁতে কৰে, এই আয়াতটো শুনাৰ পিছত তেওঁৰ বাবে আয়াতৰ ব্যাখ্যাটো কঠিন হৈ পৰে। কাৰণ, তেওঁ ধাৰণা কৰিছিল যে, ইবাদত কেৱল ছাজদাহ কৰা ইত্যাদিৰ মাজতেই সীমাবদ্ধ। ফলত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক জনাই দিলে যে, আল্লাহ আৰু তেওঁ ৰাছুলৰ বিধানৰ বিপৰীতে হালালক হাৰাম আৰু হাৰামক হালাল সাব্যস্ত কৰাৰ ক্ষেত্রত আলিম আৰু পাদ্রীসকলৰ অনুকৰণ কৰাটোও হৈছে সিহঁতৰ ইবাদত কৰা।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মুআজ ৰাদ্বিয়াল্লাহু আনহুক য়ামানলৈ প্ৰেৰণ কৰিছিল তেতিয়া তেওঁক কৈছিলঃ শুনা! তুমি আহলে কিতাবসকলৰ ওচৰলৈ অৰ্থাৎ ইয়াহুদী আৰু খৃষ্টানসকলৰ ওচৰলৈ গৈ আছা। গতিকে তুমি সিহঁতৰ ওচৰলৈ যোৱাৰ পিছত সিহঁতক প্ৰথমে এই কথাৰ সাক্ষ্য প্ৰদান কৰিবলৈ আহ্বান কৰিবা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ প্ৰেৰিত ৰাছুল। যদি সিহঁতে তোমাৰ এই কথা মানি লয় তেন্তে তুমি সিহঁতক জনাই দিবা যে, আল্লাহে সিহঁতৰ ওপৰত দিনে ৰাতি পাঁচ ওৱাক্ত নামাজ ফৰজ কৰিছে। তোমাৰ এই কথাও যদি সিহঁতে মানি লয় তেন্তে তুমি সিহঁতক জনাই দিবা যে, আল্লাহে সিহঁতৰ সম্পদত জাকাত ফৰজ কৰিছে, যিটো সিহঁতৰ মাজৰ ধনীসকলৰ পৰা সংগ্ৰহ কৰি দুখীয়াসকলৰ মাজত বিতৰণ কৰা হ'ব। এইটোও যদি সিহঁতে মানি লয় তেন্তে সাৱধান! সিহঁতৰ উত্তম সম্পদ লোৱাৰ পৰা বিৰত থাকিবা। তথা তুমি নিজকে নিৰ্যাতিত লোকৰ অভিশাপৰ পৰা আঁতৰাই ৰাখিবা, কিয়নো সিহঁতৰ প্ৰাৰ্থনা আৰু আল্লাহৰ মাজত কোনো ধৰণৰ প্ৰতিবন্ধকতা নাথাকে।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মুআজ বিন জাবাল ৰাদ্বিয়াল্লাহু আনহুক আল্লাহৰ প্ৰতি আহ্বানকাৰী হিচাপে তথা শিক্ষক হিচাপে য়ামানলৈ প্ৰেৰণ কৰিছিল, তেতিয়া তেখেতে তেওঁক এই কথা বৰ্ণনা কৰিছিল যে, তেওঁ খৃষ্টান সংখ্যাগৰিষ্ঠ ঠাইলৈ গৈ আছে, সেয়ে তেওঁ আগতীয়াকৈ তাৰ বাবে প্ৰস্তুতি লোৱা উচিত। তেওঁ সিহঁতক আহ্বান কৰাৰ ক্ষেত্ৰত যেন অধিক গুৰুত্বপূৰ্ণ বিষয়ক অগ্ৰাধিকাৰ দিয়ে। গতিকে প্ৰথমেই সিহঁতক আক্বীদাহ সংশোধন কৰিবলৈ আহ্বান কৰা উচিত। সেয়ে সিহঁতে যেন এই কথাৰ সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল। কাৰণ ইয়াৰ দ্বাৰাইহে সিহঁতে ইছলামত প্ৰৱেশ কৰিব পাৰিব। যেতিয়া সিহঁতে এইটো মানি লব, তেতিয়া সিহঁতক নামাজ প্ৰতিষ্ঠা কৰিবলৈ আদেশ দিবা, কিয়নো তাওহীদৰ পিছত এইটোৱে হৈছে আটাইতকৈ ডাঙৰ ওৱাজিব বিষয়। যেতিয়া সিহঁতে নামাজ প্ৰতিষ্ঠা কৰিব, তেতিয়া সিহঁতৰ মাজৰ ধনীসকলক সিহঁতৰ ধন-সম্পদৰ জাকাত আদায় কৰিবলৈ নিৰ্দেশ দিবা, সিহঁতে যেন সেয়া দুখীয়া-দৰিদ্ৰসকলৰ মাজত বিলাই দিয়ে। ইয়াৰ পিছত তেখেতে তেওঁক উৎকৃষ্ট সম্পদ বাচি লবলৈ সতৰ্ক কৰিছে। কিয়নো অনিবাৰ্য হৈছে মধ্যম পন্থা। ইয়াৰ পিছত তেওঁক অন্যায়ৰ পৰা আঁতৰি থাকিবলৈ উপদেশ দিছে, যাতে তেওঁৰ বিৰুদ্ধে কোনো নিৰ্যাতিত ব্যক্তিয়ে বদ্দুআ নকৰে। কিয়নো নিৰ্যাতিত ব্যক্তিৰ দুআ নিশ্চিতভাৱে গ্ৰহণযোগ্য।
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত: “ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক নুশ্বৰাহ সম্পৰ্কে প্ৰশ্ন কৰাত তেখেতে ক’লেঃ সেইটো হৈছে চয়তানৰ কাম”। ছহীহ – এই হাদীছটোক আবু দাঊদে বর্ণনা কৰিছে।
(আবু দাঊদ) - (আহমদ)অজ্ঞতা যুগত যাদুগ্ৰস্থ ব্যক্তিক যিদৰে চিকিৎসা কৰা হৈছিল সেই বিষয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰা হ’ল, উদাহৰণস্বৰূপে যাদুক যাদুৰ দ্বাৰা চিকিৎসা কৰা, এতেকে তেখেতে উত্তৰত ক’লেঃ এইটো হৈছে চয়তানৰ কৰ্ম বা চয়তানৰ মাধ্যমত সংগঠিত হোৱা কৰ্ম। কিয়নো, এইটো সাধাৰণতে বিভিন্ন প্ৰকাৰৰ যাদু আৰু চয়তানী কৰ্মৰ দ্বাৰা সম্পাদন কৰা হয়। এই সকলোবোৰ হৈছে শ্বিৰ্ক তথা হাৰাম। আনহাতে বৈধ নুশ্বৰাহ হৈছে জৰা-ফুঁকাৰ মাধ্যমত অথবা যাদু অনুসন্ধান কৰি সেইটো কোৰআন তিলাৱত কৰি হাতৰ দ্বাৰা বিনষ্ট কৰা অথবা বৈধ ঔষধৰ দ্বাৰা যাদুৰ চিকিৎসা কৰা।
ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, মই শুনিছোঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকে মোৰ প্ৰশংসাত সীমালংঘন নকৰিবা, যিদৰে খৃষ্টানসকলে ঈছা ইবনে মৰিয়ম সম্পৰ্কে সীমালংঘন কৰিছিল। মই হৈছোঁ আল্লাহৰ বান্দা। গতিকে তোমালোকে মোক আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল বুলিহে কোৱা।
(বুখাৰী)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ প্ৰশংসাত আৰু গুণাৱলীত সীমালংঘন কৰিবলৈ তথা চৰীয়তৰ সীমা অতিক্ৰম কৰিবলৈ নিষেধ কৰিছে, উদাহৰণস্বৰূপে আল্লাহৰ বাবে নিৰ্দিষ্ট কোনো গুণ বা কৰ্ম তেখেতৰ বুলি দাবী কৰা, অথবা তেখেতে গায়েব জানে বুলি দাবী কৰা, নাইবা আল্লাহৰ সৈতে তেওঁকো প্ৰাৰ্থনা কৰা, যিদৰে খৃষ্টানসকলে ঈছা ইবনে মৰিয়মৰ সৈতে কৰিছিল। তাৰ পিছত তেখেতে বৰ্ণনা কৰিছে যে, তেখেত হৈছে আল্লাহৰ বান্দা। লগতে তেখেতে নিৰ্দেশ দিছে যে, আমি যেন তেখেতক আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল বুলিয়ে কওঁ।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেখেতে কৈছেঃ প্ৰশ্ন কৰা হ'ল, হে আল্লাহৰ ৰাছুল! কিয়ামতৰ দিনা আপোনাৰ ছুপাৰিছ পোৱাৰ সৌভাগ্য কোনে কোনে লাভ কৰিব? ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ হে আবু হুৰাইৰাহ! হাদীছৰ প্ৰতি মই তোমাৰ আগ্ৰহ দেখিয়ে গম পাইছিলোঁ যে, এই বিষয়ে সৰ্বপ্ৰথম তুমিয়ে সুধিবা। শুনা, কিয়ামতৰ দিনা মোৰ ছুপাৰিছ পোৱাৰ সৌভাগ্য সেই ব্যক্তিয়ে লাভ কৰিব, যিয়ে নিষ্ঠা সহকাৰে আন্তৰিকতাৰে লা ইলাহা ইল্লাল্লাহক স্বীকাৰ কৰিব।
(বুখাৰী)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সংবাদ দিছে যে, কিয়ামতৰ দিনা তেখেতৰ ছুপাৰিছ পোৱাৰ সৌভাগ্য সেই ব্যক্তিয়ে লাভ কৰিব, যিয়ে নিষ্ঠা সহকাৰে আন্তৰিকতাৰে লা ইলাহা ইল্লাল্লাহক স্বীকাৰ কৰিব, অৰ্থাৎ এই কথাৰ সাক্ষ্য দিব আৰু মনে প্ৰাণে মানি লব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, লগতে যিয়ে শ্বিৰ্ক আৰু লোকক দেখুৱা আমলৰ পৰা বিৰত থাকিব।