





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
মুগীৰাহ বিন শ্বুবাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মোৰ উম্মতৰ এটা দল সদায় বিজয়ী থাকিব, অৱশেষত আল্লাহৰ নিৰ্দেশ (কিয়ামত) আহি পৰিব আৰু তেওঁলোক বিজয়ী অৱস্থাতে থাকিব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মোৰ উম্মতৰ এটা দল সদায় মানুহৰ ওপৰত বিজয়ী হৈ থাকিব, শত্ৰুসকলক পৰাস্ত কৰিব, তেওঁলোকৰ এই ধাৰাবাহিকতা কিয়ামত পৰ্যন্ত থাকিব, অৱশেষত শেষ জামানাত কিয়ামতৰ পূৰ্বে আল্লাহে তেওঁলোকৰ প্ৰাণ হৰণ কৰিব।
ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যদি কোনোবাই তাৰ ভাতৃক হে কাফিৰ বুলি সম্বোধন কৰে, তেন্তে উভয়ৰ মাজৰ যিকোনো এজনৰ ওপৰলৈ সেইটো উভতি আহিব। যাক কোৱা হৈছে, সি যদি সঁচাই কাফিৰ হয় তেন্তে কোনো কথা নাই। অন্যথা যিয়ে সম্বোধন কৰিছে, তাৰ ওপৰতে সেইটো উভতি আহিব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সতৰ্ক কৰিছে যে, কোনো মুছলিমে যেন কোনো মুছলিম ব্যক্তিক হে কাফিৰ বুলি সম্বোধন নকৰে। কাৰণ এনেকৈ সম্বোধন কৰিলে, উভয়ৰ মাজৰ যিকোনো এজন কাফিৰ হৈ যাব। যাক সম্বোধন কৰা হৈছে, সি যদি সঁচাই কাফিৰ হয় তেনেহ'লেতো কোনো কথাই নাই, অন্যথা যিয়ে সম্বোধন কৰিছে সি নিজেই কাফিৰ হৈ যাব।
ইমৰাণ বিন হুচাইন ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "মোৰ প্ৰজন্মৰ লোকসকলেই হৈছে তোমালোকৰ মাজত সৰ্বোত্তম। ইয়াৰ পিছত সেইসকল লোক, যিসকল ইয়াৰ পিছৰ প্ৰজন্মৰ। তাৰ পিছত সেইসকল লোক, যিসকল তাৰ পিছৰ প্ৰজন্মৰ।" ইমৰাণে কৈছেঃ মোৰ মনত নাই, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ প্ৰজন্মৰ পিছত দুটা প্ৰজন্মৰ কথা কৈছে নে তিনিটা প্ৰজন্মৰ কথা। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ পিছত এনেকুৱা লোকৰ আবিৰ্ভাৱ হ'ব, যিসকলে বিশ্বাসঘাতকতা কৰিব, আমানত ৰক্ষা নকৰিব। সাক্ষ্য দিবলৈ নামাতিলেও উপযাচি সাক্ষ্য দিব। সিহঁতে মান্নত কৰিব কিন্তু পূৰণ নকৰিব। সিহঁতৰ মাজত মেদবহুলতাৰ প্ৰকাশ ঘটিব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মানুহৰ মাজত সৰ্বোত্তম শ্ৰেণীৰ লোক হৈছে সেইসকল লোক, তথা সৰ্বোত্তম যুগ হৈছে সেইটো যুগ, যিটো যুগত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেখেতৰ চাহাবাসকল আছিল। ইয়াৰ পিছৰ শ্ৰেণীটো হৈছে সেই যুগৰ লোক, যিসকলে চাহাবাসকলক লগ পাইছিল কিন্তু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক লগ পোৱা নাছিল। ইয়াৰ পিছৰ সৰ্বোত্তম যুগটো হৈছে তাবে তাবেঈনসকলৰ। কিন্তু ইয়াৰ পিছত চতুৰ্থ যুগ সম্পৰ্কে বৰ্ণনাকাৰী চাহাবীয়ে নিশ্চিত নাছিল যে, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে চতুৰ্থ যুগ সম্পৰ্কে উল্লেখ কৰিছিল নে নাই। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, এই কেইটা যুগ অতিক্ৰম কৰাৰ পিছত এনেকুৱা লোকৰ আবিৰ্ভাৱ হ'ব, যিসকলৰ মাজত বিশ্বাসঘাতকতা বিয়পি পৰিব, মানুহৰ মাজত সততা লুপ্ত হ'ব। সাক্ষ্য দিবলৈ নোকোৱাৰ আগতে সাক্ষ্য দিবলৈ উপস্থিত হ'ব। সিহঁতে মান্নত কৰিব, কিন্তু মান্নত পূৰণ নকৰিব। সিহঁতে খোৱা-বোৱাৰ ক্ষেত্ৰত অভাৱ অনাটনৰ সন্মুখীন নহ'ব, ফলত সিহঁতৰ শৰীৰত চৰ্বী দেখা দিব।
আবূ ছা'লাবাহ আল-খুশ্বানী জুৰছুম ইবনে নাশ্বিৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে: "নিশ্চয় মহান আল্লাহে ফৰজসমূহক অৱশ্য পালনীয় কৰি দিছে, গতিকে এই ক্ষেত্ৰত তোমালোকে অৱহেলা নকৰিবা, লগতে তেওঁ কিছুমান সীমা নিৰ্ধাৰণ কৰি দিছে, গতিকে তোমালোকে সেইবোৰ লঙ্ঘন নকৰিবা। তেওঁ কিছুমান বস্তুক হাৰাম কৰিছে, গতিকে সেইবোৰ অমান্য নকৰিবা। তেওঁ কিছুমান বিষয়ত জানি বুজি নিৰৱতা অৱলম্বন কৰিছে- তোমালোকৰ বাবে ৰহমত হিচাপে; গতিকে সেইবোৰৰ বিষয়ে বেছি অনুসন্ধান নকৰিবা।"
رواه الدارقطني في سننه وغيرهনবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মহান আল্লাহে কিছুমান বিষয় ফৰজ তথা বাধ্যতামূলক কৰিছে, গতিকে সেইবোৰৰ ক্ষেত্ৰত তোমালোকে অৱহেলা নকৰিবা বা সেইবোৰক পৰিত্যাগ নকৰিবা। এইদৰে তেওঁ তোমালোকৰ বাবে এটা সীমাৰেখা নিৰ্ধাৰণ কৰিছে, যিয়ে তোমালোকক সেইবোৰ বস্তুৰ পৰা বিৰত ৰাখে, যিবোৰ বস্তুক তেওঁ অপছন্দ কৰে। গতিকে চৰীয়তে নিৰ্ধাৰণ কৰা সীমা অতিক্ৰম কৰা উচিত নহয়। এইদৰে তেওঁ কিছুমান বস্তুক হাৰাম কৰিছে, গতিকে সেইবোৰ তোমালোকে ভক্ষণ নকৰিবা, আনকি সেইবোৰৰ নিকটৱৰ্তীও নহ'বা। ইয়াৰ বাহিৰে তেওঁ যিবোৰ বস্তু সম্পৰ্কে মৌনতা অৱলম্বন কৰিছে, সেয়া হৈছে বান্দাসকলৰ প্ৰতি এক প্ৰকাৰ অনুগ্ৰহ। সেয়ে এইবোৰৰ মৌলিক বিধান হৈছে বৈধ, গতিকে সেইবোৰৰ বিষয়ে অনুসন্ধান নকৰিবা।
ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ স্নেহাস্পদ দৌহিত্ৰ আবু মুহাম্মদ হাছান ইবনে আলী ইবনে আবী তালিব ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছে: মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এইটো হাদীছ মুখস্থ কৰিছোঁ। "সন্দেহযুক্ত বিষয় পৰিত্যাগ কৰি যিটোত সন্দেহ নাই সেইটো গ্ৰহণ কৰা।"
رواه الترمذي والنسائيনবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক সেই কথা আৰু কৰ্ম পৰিত্যাগ কৰিবলৈ নিৰ্দেশ দিছে, যিটোত সন্দেহ-সংশয় আছে যে, আচলতে সেইটো নিষেধকৃত হয়নে নহয়, অথবা সেইটো হালাল নে হাৰাম। পক্ষান্তৰে সেইটোক গ্ৰহণ কৰিবলৈ কৈছে, যিটোৰ হালাল হোৱাৰ ক্ষেত্ৰত নিশ্চয়তা আছে তথা য'ত কোনো সন্দেহ নাই।
আবূ ইয়া‘লা শ্বাদ্দাদ ইবনে আওছ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে: "মহান আল্লাহে প্ৰতিটো বস্তুৰ প্ৰতি সদয় আচৰণ (ইহছান) ফৰজ কৰিছে। গতিকে তোমালোকে যেতিয়া হত্যা কৰিবা, তেতিয়া উত্তমৰূপে হত্যা কৰিবা আৰু যেতিয়া (জন্তু) জবেহ কৰিবা, তেতিয়া উত্তম পন্থাত জবেহ কৰিবা। তোমালোকৰ প্ৰত্যেকে যেন (জবেহ কৰাৰ সময়ত) ছুৰী চোকা কৰি লয় আৰু জবেহকৃত জন্তুক যাতে শীতল হ’বলৈ এৰি দিয়ে।"
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আল্লাহে আমাৰ ওপৰত প্ৰতিটো বস্তুৰ প্ৰতি ইহছান কৰিবলৈ অনিবাৰ্য কৰিছে। ইহছান হৈছেঃ এই কথা মনত ৰখা যে, আল্লাহে আমাক চাই আছে। এই কথাটো প্ৰত্যেক ক্ষেত্ৰতে মনত ৰাখিব লাগিব, ইবাদতৰ ক্ষেত্ৰতেই হওক, কোনো কল্যাণকৰ কাম কৰাৰ ক্ষেত্ৰতেই হওক বা সৃষ্টিক বিপদৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰতেই হওক। এইদৰে হত্যা আৰু জবেহ কৰাৰ ক্ষেত্ৰতো মনত ৰখা উচিত যে, আল্লাহে আমাক চাই আছে। কিচাচ বা মৃত্যুদণ্ড প্ৰদান কৰাৰ সময়তো এই কথা মনত ৰাখিব লাগিব, যাতে এই শাস্তি সহজে আৰু দ্ৰুততাৰে বিহা হয়, দণ্ডপ্ৰাপ্ত ব্যক্তিয়ে যাতে অধিক কষ্ট অনুভৱ কৰিব নোৱাৰে। জবেহ কৰাৰ সময়ত ইহছান কৰাৰ অৰ্থ হৈছেঃ জবেহ কৰিবলৈ লোৱা অস্ত্ৰটো চোকা হ'ব লাগিব, লগতে এই কথা মনত ৰাখিব লাগিব যে, জবেহ কৰিবলগীয়া জন্তুৰ সন্মুখত যাতে ছুৰি চোকা কৰা নহয়। লগতে অন্যান্য় জন্তুৰ সন্মুখতো যাতে জবেহ কৰা নহয়।
আবূ মালিক আল-হাৰিছ ইবনে আছিম আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে: “পৱিত্রতা হৈছে ঈমানৰ অৰ্দ্ধেক। “الحمد لله” আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰিব আৰু “سبحان الله والحمد لله” ছুবহা-নাল্লাহ অলহাম্দুলিল্লাহ শব্দটো অথবা শব্দদ্বয়ে- আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থানক পৰিপূৰ্ণ কৰিব। চালাত হৈছে নূৰ, আৰু চাদাকাহ হৈছে দলীল। ধৈৰ্য্য হৈছে জ্যোতি বা পোহৰ, আৰু "কোৰআন' তোমাৰ পক্ষে অথবা বিপক্ষে প্ৰমাণ হিচাপে থিয় দিব। প্ৰতিজন মানুহেই প্ৰভাত কৰে, ফলত সি হয়তো নিজকে বিক্ৰী কৰি (জাহান্নামৰ পৰা) মুক্তি লাভ কৰে নাইবা ধ্বংসৰ পথত খোজ দি নিজকে ধ্বংস কৰে।”
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, অজু গোছল আদি হৈছে প্ৰকাশ্য তাহাৰত বা পৱিত্ৰতা, আৰু এইটো হৈছে চালাতৰ চৰ্ত। এইদৰে তেখেতে কৈছে, আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰে, অৰ্থাৎ মহান আল্লাহক প্ৰশংসা কৰা আৰু তেওঁক পূৰ্ণাংগ বিশেষণেৰে বিশেষিত কৰা আদি কৰ্মক কিয়ামতৰ দিনা যেতিয়া ওজন কৰা হ'ব তেতিয়া ই আমলৰ পাল্লাক পৰিপূৰ্ণ তথা গধূৰ কৰিব। ছুবহানাল্লাহ আৰু আলহাম্দুলিল্লাহ’ অৰ্থাৎ আল্লাহক সকলো প্রকাৰ দোষ-ত্রুটিৰ পৰা পৱিত্ৰতা ঘোষণা কৰা আৰু মুহাব্বত আৰু সন্মান সহকাৰে তেওঁক পূৰ্ণাংগ বিশেষণেৰে বিশেষিত কৰা, যিটো তেওঁৰ বাবে প্ৰযোজ্য, এই কৰ্মই আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী ঠাইক পূৰ্ণ কৰি দিব। এইদৰে চালাত হৈছে বান্দাৰ বাবে নূৰ, এই নূৰ প্ৰকাশ পাব তেওঁৰ অন্তৰত, তেওঁৰ মুখমণ্ডলত, তেওঁৰ কবৰত আৰু হাশ্বৰত। চাদাক্বাহ হৈছে বুৰহান বা দলীল। অৰ্থাৎ মুমিনৰ প্ৰকৃত ঈমানৰ প্ৰমাণ। পক্ষান্তৰে মুনাফিকৰ বাবে এইটো প্ৰমাণ নহয়, কাৰণ মুনাফিকে ইয়াৰ পৰা বিৰত থাকে আৰু আখিৰাতক বিশ্বাস নকৰে। আৰু ধৈৰ্য্য হৈছে পোহৰ। অৰ্থাৎ ক্ৰোধ আৰু বিপদ-আপদত নিজৰ নফছক সংযত ৰখা। পোহৰৰ সৈতে উষ্ণতা আৰু জ্বলাব পৰা শক্তি থাকে। যেনে- সূৰ্য্যৰ পোহৰ। কিয়নো এইটো কঠিন আৰু ইয়াৰ বাবে প্ৰবৃত্তিৰ চাহিদাৰ বিপক্ষে যুঁজ দিব লাগে, সেইকাৰণে ধৈৰ্য্য ধাৰণ কৰা ব্যক্তিয়ে সদায় আলোৰ পথত হিদায়ত প্ৰাপ্ত হৈ সঠিক পথত অবিচল থাকে। ইয়াৰ বাবে আল্লাহৰ আনুগত্যত আৰু তেওঁৰ অবাধ্যতাৰ পৰা ধৈৰ্য্য ধাৰণ কৰিব লাগিব, লগতে পাৰ্থিৱ জীৱনৰ বিভিন্ন দুখ-কষ্ট আৰু বিপদ-আপদত ধৈৰ্য্য ধৰিব লাগিব। এইদৰে কোৰআন তোমাৰ সপক্ষে প্ৰমাণ হৈ থিয় দিব, যদি তুমি ইয়াক তিলাৱত কৰা আৰু সেইমতে আমল কৰা। অথবা তোমাৰ বিপক্ষে প্ৰমাণ হ'ব, যদি তুমি ইয়াৰ প্ৰতি আমল পৰিত্যাগ কৰা আৰু তিলাৱত নকৰা। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, প্ৰতিজন মানুহে জীৱনত চেষ্টা সাধনা কৰে, আৰু টোপনিৰ পৰা উঠি বিভিন্ন কৰ্মৰ বাবে ঘৰৰ পৰা ওলাই যায়। সিহঁতৰ মাজৰ কিছুমানে সঠিকভাৱে আল্লাহৰ আনুগত্য কৰে আৰু নিজকে জাহান্নামৰ পৰা মুক্ত কৰে, আনহাতে কিছুমানে তেওঁৰ পথৰ পৰা আঁতৰি যায় আৰু গুনাহত লিপ্ত হয়, ফলত সি ধ্বংস হৈ জাহান্নামত প্ৰৱেশ কৰে।
আবু ছাঈদ চা'দ ইবনে মালিক ইবনে ছিনান আল-খুদৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামে কৈছে: "নিজৰ ক্ষতি কৰা উচিত নহয়, আৰু আনৰ ক্ষতি কৰাও উচিত নহয়।"
رواه ابن ماجه والدارقطني وغيرهما مسندًاনবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, নিজকে আৰু আনকো সৰ্বতো প্ৰকাৰে ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা কৰা উচিত। সেয়ে নিজকে বা আন কাৰোবাক কোনো পধ্যেই ক্ষতি কৰা উচিত নহয়। এইদৰে ক্ষতিৰ জৰিয়তে ক্ষতিৰ প্ৰতিশোধ লোৱাও উচিত নহয়। কাৰণ ক্ষতিৰ জৰিয়তে কেতিয়াও ক্ষতিক দূৰ কৰিব নোৱাৰি। কিচাচৰ বিষয়টো সুকীয়া, কিয়নো সেইটো ন্যায় ভিত্তিক কৰা হয়।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যদি মানুহৰ দাবীৰ ওপৰত ভিত্তি কৰি সিহঁতক প্ৰদান কৰা হ'লহেঁতেন, তেন্তে মানুহে আনৰ প্ৰাণ আৰু ধন-সম্পদ দাবী কৰি বহিলেহেঁতেন। কিন্তু (ন্যায় হৈছে) দাবী কৰা ব্যক্তিয়ে প্ৰমাণ দিব লাগিব আৰু প্ৰতিপক্ষই শপত খাই (সেই দাবীক) অস্বীকাৰ কৰিব লাগিব।"
رواه البيهقي وغيره هكذا وبعضه في الصحيحينহাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, যদি প্ৰমাণ আদি নোলোৱাকৈ মানুহৰ দাবীৰ ভিত্তিত বিচাৰ কাৰ্য সম্পন্ন কৰি সিহঁতৰ পক্ষে ফয়চালা কৰা হ'লহেঁতেন তেন্তে বহুতেই আনৰ সম্পদ আত্মসাৎ কৰিবলৈ এই পন্থা অৱলম্বন কৰিলেহেঁতেন। কিন্তু নিয়ম হৈছে দাবীকাৰীয়ে প্ৰমাণ উপস্থিত কৰিব লাগিব। যদি সি প্ৰমাণ দিব নোৱাৰে তেন্তে গোচৰটো প্ৰতিপক্ষৰ ওচৰত উপস্থাপন কৰা হ’ব, আৰু তেওঁ যদি অস্বীকাৰ কৰে তেন্তে তেওঁ শপত খাই দোষমুক্ত হ’ব লাগিব।