





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
হাৰিছা বিন অহাব আল খুঝায়ী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "মই তোমালোকক অৱগত নকৰামনে যে, কোনসকল লোক জান্নাতী? প্ৰত্যেক দুৰ্বল ব্যক্তি, যাক দুৰ্বল বুলি গণ্য কৰা হয়। যদি সি আল্লাহৰ শপত খায় তেন্তে আল্লাহে সেইটো নিশ্চয় পূৰণ কৰে। এইদৰে মই তোমালোকক অৱগত নকৰামনে কোনসকল লোক জাহান্নামী? প্ৰত্যেক অবাধ্য, স্বৈৰাচাৰী, অহংকাৰী ব্যক্তি হৈছে জাহান্নামী।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জান্নাতী আৰু জাহান্নামীসকলৰ কেইটামান বৈশিষ্ট্য বৰ্ণনা কৰিছে। জান্নাতীসকলৰ অধিকাংশই হ'ব দুৰ্বল লোক, যিসকলক দুৰ্বল গণ্য কৰা হৈছিল। অৰ্থাৎ যিসকল আল্লাহৰ প্ৰতি বিনীত, নম্ৰ ভদ্ৰ। সেয়ে কিছুমান লোকে তেওঁলোকক দুৰ্বল বুলি গণ্য কৰে আৰু তেওঁলোকক হেও প্ৰতিপন্ন কৰে। এনেকুৱা বিনীত নম্ৰ ভদ্ৰ লোকে যদি কোনো বিষয়ত আল্লাহৰ শপত খায় তেন্তে আল্লাহে সেইটো নিশ্চয় পূৰণ কৰে আৰু তাৰ দুআ কবূল কৰি সেইটোক বাস্তৱায়ন কৰে। জাহান্নামীসকলৰ অধিকাংশই হ'ব অবাধ্য স্বৈৰাচাৰী। «عُتُل» এনেকুৱা ব্যক্তি যিজন নিষ্ঠুৰ কঠোৰ হৃদয়ৱান, যিয়ে সদায় বাদ-বিবাদ আৰু কাজিয়াত লিপ্ত থাকে, তথা যিজন পাপকৰ্মত লিপ্ত থাকে আৰু সৎকৰ্মৰ পৰা আঁতৰি থাকে। «جواظ» এনেকুৱা ব্যক্তি যিজন অহংকাৰী, লোভী, হৃষ্টপুষ্ট শৰীৰ অধিকাৰী, চাল চলনত অহংকাৰ প্ৰকাশ পায়, লগতে বেয়া চৰিত্ৰৰ অধিকাৰী। «مستكبر» এনেকুৱা ব্যক্তি যিয়ে সত্যক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে, লগতে আনক হেও প্ৰতিপন্ন কৰে আৰু তুচ্ছ জ্ঞান কৰে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, "সৰ্বশক্তিমান আল্লাহে কৈছেঃ মই মোৰ বান্দাৰ সৈতে সেইদৰেই আচৰণ কৰোঁ, যিদৰে সি মোক ধাৰণা কৰে। সি মোক যেতিয়াই স্মৰণ কৰে তেতিয়াই মই তাৰ স্মৰণত সঁহাৰি দিওঁ। সি যদি মোক মনে মনে স্মৰণ কৰে তেন্তে ময়ো তাক মনে মনে স্মৰণ কৰোঁ। আনহাতে সি যদি মোক কোনো সমাৱেশত স্মৰণ কৰে, তেন্তে মই তাক ইয়াতকৈও উত্তম সমাৱেশত স্মৰণ কৰোঁ। সি যদি মোৰ ওচৰলৈ এবেগেত পৰিমাণ নিকটৱৰ্তী হয় তেন্তে মই তাৰ ওচৰলৈ এক হাত পৰিমাণ আগুৱাই যাওঁ। এইদৰে সি যদি মোৰ ওচৰলৈ এক হাত পৰিমাণ আগুৱাই আহে, তেন্তে মই তাৰ ওচৰলৈ এক গজ পৰিমাণ আগুৱাই যাওঁ। সি যদি মোৰ ওচৰলৈ খোজকাঢ়ি আহে তেন্তে মই তাৰ ওচৰলৈ দৌৰি যাওঁ।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহে কৈছেঃ বান্দাই মোক যিদৰে ধাৰণা কৰে, মই তাৰ সৈতে সেইদৰেই আচৰণ কৰোঁ। এতেকে সি যিদৰে মোৰ প্ৰতি আশা পোষণ কৰে, তথা ক্ষমাৰ ধাৰণা কৰে মই তাক সেইটোৱে প্ৰদান কৰোঁ, বান্দাই আল্লাহৰ ওচৰত হিদায়ত ৰহমত যি কল্যাণেই কামনা কৰে, তেওঁ সেইটোৱে তাক প্ৰদান কৰে। বান্দাই যেতিয়া আল্লাহক স্মৰণ কৰে, তেতিয়া আল্লাহে তাক হিদায়ত, ৰহমত আৰু তাওফীকৰ জৰিয়তে সহায় কৰে। যদি সি মোক মনে মনে তথা নিৰ্জনতাত অকলশৰীয়াকৈ তাছবীহ তাহলীলৰ মাধ্যমত স্মৰণ কৰে তেন্তে ময়ো তাক মনতে স্মৰণ কৰোঁ। এইদৰে সি যদি মোক সমাৱেশত স্মৰণ কৰে, তেন্তে মই তাক ইয়াতকৈ উত্তম আৰু অধিক উৎকৃষ্ট সভাত স্মৰণ কৰোঁ। বান্দা আল্লাহৰ প্ৰতি এবেগেত পৰিমাণ নিকটৱৰ্তী হ'লে, আল্লাহে তাৰ ওচৰলৈ এক হাত পৰিমাণ আগুৱাই আহে। আনহাতে সি যদি এক হাত পৰিমাণ আগুৱাই আহে তেন্তে আল্লাহে তাৰ পিনে এক গজ পৰিমাণ আগুৱাই আহে। এইদৰে সি যদি আল্লাহৰ ফালে খোজকাঢ়ি আহে, তেন্তে আল্লাহে তাৰ ওচৰলৈ দৌৰি আহে। বান্দাই যদি আনুগত্য আৰু ইবাদতৰ জৰিয়তে আল্লাহৰ নৈকট্য অৱলম্বন কৰাৰ চেষ্টা কৰে, তেন্তে মহান আল্লাহে তাক তাৰ সেই আমলৰ অধিক প্ৰতিদান প্ৰদান কৰি সহায় কৰে। মুমিন ব্যক্তিয়ে ইবাদতৰ ক্ষেত্ৰত যি পৰিমাণে পূৰ্ণাংগতা লাভ কৰে, সেই পৰিমাণেই সি আল্লাহৰ নৈকট্য অৱলম্বন কৰে। আল্লাহে বান্দাক তাৰ কষ্ট আৰু আমলতকৈ অধিক ছোৱাব প্ৰদান কৰে। মুঠতে আল্লাহৰ প্ৰতিদান তথা ছোৱাব বান্দাৰ আমলতকৈ সকলো ফালৰ পৰা অধিক, সেয়া গুণগত দিশতেই হওক বা পৰিমাণৰ ক্ষেত্ৰতেই হওক। এতেকে মুমিন ব্যক্তিয়ে আল্লাহৰ প্ৰতি ভাল ধাৰণা পোষণ কৰা উচিত আৰু আমল কৰা উচিত। লগতে দ্ৰুত অগ্ৰসৰ হোৱা উচিত তথা বেছি বেছি নেক আমল কৰা উচিত, যাতে আল্লাহৰ সাক্ষাৎ লাভ কৰিব পাৰে।
তালহা বিন উবাইদুল্লাহ -ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নজদৰ পৰা এজন ব্যক্তি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল, যাৰ চুলিবোৰ আছিল অপৰিপাটি। আমি তেওঁৰ ৰিণিকি-ৰিণিকি অহা মাত শুনা পাইছিলোঁ, কিন্তু তেওঁৰ সেই মাত বুজি পোৱা নাছিলোঁ। অৱশেষত তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কাষত আহি উপস্থিত হ'ল, তেতিয়াহে বুজি পালোঁ তেওঁ ইছলাম সম্পৰ্কে সুধি আছে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "দিনে ৰাতি পাঁচ ওৱাক্ত চালাত আদায় কৰিব লাগিব।" তেতিয়া তেওঁ সুধিলেঃ ইয়াৰ বাহিৰেও মোৰ ওপৰত বেলেগ কোনো নামাজ ফৰজ আছে নেকি? তেখেতে ক'লেঃ "নহয়। কিন্তু নফল পঢ়িব পাৰা, আৰু ৰমাজান মাহৰ ৰোজা ৰাখিবা।" তেতিয়া তেওঁ সুধিলেঃ ইয়াৰ বাহিৰেও মোৰ ওপৰত বেলেগ কোনো ৰোজা ফৰজ আছে নেকি? তেখেতে ক'লেঃ "নহয়। কিন্তু নফল ৰোজা ৰাখিব পাৰা।" ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ বাবে জাকাতৰ বিষয়টো উল্লেখ কৰিলে। তেওঁ ক'লেঃ ইয়াৰ বাহিৰেও মোৰ ওপৰত কোনো জাকাত ফৰজ আছে নেকি? তেখেতে ক'লেঃ "নহয়। কিন্তু নফল দান খয়ৰাত কৰিব পাৰা।" বৰ্ণনাকাৰীয়ে কৈছেঃ এই শুনি ব্যক্তিজন এই বুলি কৈ উভতি গ'ল যে, মই ইয়াতকৈ বেছিও একো নকৰোঁ আৰু কমো নকৰোঁ। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "যদি এওঁ সত্যবাদী হয়, তেন্তে নিশ্চয় সফলতা লাভ কৰিব।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নজদবাসীসকলৰ মাজৰ পৰা এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল, যাৰ চুলিবোৰ আছিল অপৰিপাটি, ধ্বনি আছিল সুউচ্চ। কিন্তু তেওঁৰ অস্পষ্টভাৱে অহা কথা কোনেও বুজি পোৱা নাছিল। অৱশেষত তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কাষত আহি উপস্থিত হ'ল আৰু সেইবোৰ বিধান সম্পৰ্কে সুধিলে যিবোৰ বিধান ইছলামত বাধ্যতামূলক। এতেকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰথমে নামাজৰ কথা উল্লেখ কৰিলে আৰু জনালে যে, মহান আল্লাহে দিনে ৰাতি পাঁচ ওৱাক্ত নামাজ ফৰজ কৰিছে। তেওঁ সুধিলেঃ এই পাঁচ ওৱাক্ত নামাজৰ বাহিৰেও মোৰ ওপৰত বেলেগ কোনো নামাজ ফৰজ আছে নেকি? তেখেতে ক'লেঃ নহয়, যদি তুমি নফল নামাজ পঢ়িব বিচৰা তেন্তে সেয়া তোমাৰ ওপৰত। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ এইদৰে আল্লাহে ৰমাজান মাহৰ ৰোজা ফৰজ কৰিছে। তেতিয়া ব্যক্তিজনে ক'লেঃ ৰমাজানৰ ৰোজাৰ বাহিৰে বেলেগ কোনো ৰোজা মোৰ ওপৰত ফৰজ আছে নেকি ? তেখেতে ক'লেঃ নহয়। কিন্তু তুমি নফল ৰোজা ৰাখিব পাৰা। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জাকাতৰ কথা উল্লেখ কৰিলে। তেতিয়া ব্যক্তিজনে ক'লেঃ ফৰজ জাকাতৰ পিছত মোৰ ওপৰত বেলেগ কোনো দান-খয়ৰাত কৰাটো বাধ্যতামূলক নেকি? তেখেতে ক'লেঃ নহয়। কিন্তু নফল দান-খয়ৰাত কৰিব পাৰা। ব্যক্তিজনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এই ফৰজ বিধানসমূহ শুনাৰ পিছত উভতি যোৱাৰ সময়ত আল্লাহৰ শপত খাই কৈ গ'ল যে, তেওঁ এইবোৰ নিশ্চিতভাৱে পালন কৰিব, ইয়াৰ মাজত একো বৃদ্ধিও নকৰিব আৰু একো হ্ৰাসো নকৰিব। ব্যক্তিজন গুচি যোৱাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ ব্যক্তিজনে শপত কৰা মতে যদি সঁচাকৈয়ে পালন কৰে, তেন্তে তেওঁ নিশ্চয় সফলতা অৰ্জনকাৰীসকলৰ অন্তৰ্ভুক্ত হ'ব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সূৰ্য্য উদয় হোৱা দিনসমূহৰ মাজত উত্তম দিন হৈছে জুমুআৰ দিন। জুমুআৰ দিনাই আদমক সৃষ্টি কৰা হৈছে আৰু এই দিনাই তেওঁক জান্নাতত প্ৰৱেশ কৰোৱা হৈছিল, আৰু জুমুআৰ দিনাই তেওঁক তাৰ পৰা বহিষ্কাৰ কৰা হৈছে, আৰু জুমুআৰ দিনাই ক্বিয়ামত সংঘটিত হ'ব।"
(মুছলিম)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, সূৰ্য্য উদয় হোৱা দিনসমূহৰ ভিতৰত সৰ্বোত্তম দিন হৈছে জুমুআৰ দিন। ইয়াৰ বৈশিষ্ট্য হৈছে যে, এই দিনটোতে আল্লাহে আদম আলাইহিচ্ছালামক সৃষ্টি কৰিছে, আৰু এই দিনটোতে তেওঁক জান্নাতত প্ৰৱেশ কৰাইছে, লগতে এই দিনটোতে তেওঁক তাৰ পৰা বহিষ্কাৰ কৰিছে আৰু পৃথিৱীত নমাই দিছে। এইদৰে জুমুআৰ দিনাই কিয়ামত সংঘটিত হ'ব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে পৃথিৱীত কোনো ব্যক্তিৰ দোষ-ত্ৰুটি গোপন ৰাখে, কিয়ামতৰ দিনা আল্লাহে সেই ব্যক্তিৰ দোষ-ত্ৰুটি গোপন ৰাখিব।"
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, যি ব্যক্তিয়ে কোনো মুছলিম ভাতৃৰ কোনো দোষ গোপন কৰিব, কিয়ামতৰ দিনা সৰ্বশক্তিমান আল্লাহে সেই ব্যক্তিৰ ভুল-ভ্ৰান্তি গুনাহ আদি গোপন ৰাখিব। কিয়নো আমল অনুসৰিয়ে প্ৰতিদান দিয়া হয়। অৰ্থাৎ আল্লাহে তাৰ গুনাহ আদি হাশ্বৰৰ ময়দানত প্ৰকাশ নকৰিব। অথবা এনেকুৱাও হ'ব পাৰে যে, আল্লাহে তাৰ সেই গুনাহৰ বাবে জবাবদিহি নকৰিব।
আবু মুছলিম আল-খাওলানীৰ পৰা বৰ্ণিত, তেওঁ কৈছে মোক আল-হাবীব আল-আমীনে হাদীছটো বৰ্ণনা কৰিছে, তেওঁ হৈছে মোৰ প্ৰিয়পাত্ৰ আৰু মোৰ ওচৰত অতি বিশ্বস্ত। তেওঁ কৈছে আঊফ বিন মালিক আল-আশ্বযায়ী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত নজন নাইবা আঠজন অথবা সাতজন লোক উপস্থিত আছিলোঁ। তেনেতে তেখেতে ক'লেঃ "তোমালোকে আল্লাহৰ ৰাছুলৰ ওচৰত বাইআত গ্ৰহণ নকৰিবানে?" অথচ আমি কিছুদিন পূৰ্বেই তেখেতৰ ওচৰত বাইআত গ্ৰহণ কৰিছিলোঁ। সেয়ে আমি ক'লোঁ, হে আল্লাহৰ ৰাছুল! আমি আপোনাৰ ওচৰত বাইআত গ্ৰহণ কৰিছোঁ। তেখেতে আকৌ ক'লেঃ "তোমালোকে আল্লাহৰ ৰাছুলৰ ওচৰত বাইআত গ্ৰহণ নকৰিবানে?" তেতিয়া আমি ক'লোঁ, হে আল্লাহৰ ৰাছুল! আমি আপোনাৰ ওচৰত বাইআত গ্ৰহণ কৰিছোঁ। তেখেতে আকৌ ক'লেঃ "তোমালোকে আল্লাহৰ ৰাছুলৰ ওচৰত বাইআত গ্ৰহণ নকৰিবানে?" বৰ্ণনাকাৰীয়ে কৈছে, তেতিয়া আমি নিজৰ হাত প্ৰসাৰিত কৰি দিলোঁ আৰু ক'লোঁ, হে আল্লাহৰ ৰাছুল! আমি দেখোন আপোনাৰ ওচৰত বাইআত গ্ৰহণ কৰিছোঁ, এতিয়া আকৌ কিহৰ বাইআত লম? তেখেতে ক'লেঃ "এই কথাৰ প্ৰতিশ্ৰুতি দিয়া যে, একমাত্ৰ আল্লাহৰেই ইবাদত কৰিবা, তেওঁৰ সৈতে কাকো অংশীদাৰ স্থাপন নকৰিবা। পাঁচ ওৱাক্ত নামাজ নিয়মিত আদায় কৰিবা, আনুগত্য কৰিবা, -ইয়াৰ পিছত তেখেতে এটা কথা একেবাৰে লাহে লাহে ক'লে যে-, মানুহৰ ওচৰত একো নুখুজিবা।" বৰ্ণনাকাৰীয়ে কৈছেঃ উক্ত লোকসকলৰ মই কিছুমানক দেখিছোঁ, তেওঁলোকৰ কাৰোবাৰ উটৰ পিঠিৰ পৰা চাবুক পৰি গ'লেও তেওঁলোকে কাকো উঠাই দিবলৈও কোৱা নাছিল।
(মুছলিম)নবী চাল্লাল্লাহু আলাইহি অছাল্লাম কেইজনমান চাহাবাৰ মাজত উপস্থিত আছিল, সেই সময়ত তেখেতে তেওঁলোকৰ পৰা কেইটিমান বিষয়ৰ ওপৰত বাইআত লবলৈ তেওঁলোকক তিনিবাৰ কৈছিলঃ প্ৰথমঃ আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা আঁতৰি থকাৰ মাধ্যমত একমাত্ৰ তেওঁৰেই ইবাদত কৰা, আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰা। দ্বিতীয়ঃ দিনে ৰাতি ফৰজ পাঁচ ওৱাক্ত নামাজ আদায় কৰা। তৃতীয়ঃ মুছলিম শাসকৰ সৎ নিৰ্দেশনা মানি চলা আৰু তেওঁলোকৰ আনুগত্য কৰা। চতুৰ্থঃ সকলো প্ৰকাৰ প্ৰয়োজন পূৰণৰ বাবে আল্লাহৰ ওচৰতেই প্ৰাৰ্থনা কৰিবা, মানুহৰ ওচৰত একো নুখুজিবা। এই কথাষাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিম্নস্বৰে কৈছিল। চাহাবাসকলে সেইমতেই আমল কৰিছিল, যিদৰে তেওঁলোকে বাইআত লৈছিল। আনকি বৰ্ণনাকাৰীয়ে কৈছেঃ উক্ত লোকসকলৰ মই কিছুমানক দেখিছোঁ, কাৰোবাৰ উটৰ পিঠিৰ পৰা চাবুক এটা পৰি গ'লেও তেওঁলোকে কাকো উঠাই দিবলৈ কোৱা নাছিল। বৰং নিজেই নামি সেই চাবুক উঠাই লৈছিল।
বাৰা ইবনে আঝিব ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "কবৰত যেতিয়া মুছলিমক প্ৰশ্ন কৰা হ'ব তেতিয়া তেওঁ সাক্ষ্য দিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল।" এই কথাই মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ "যিসকলে ঈমান আনিছে, আল্লাহে তেওঁলোকক সুদৃঢ় বাক্যৰ দ্বাৰা পাৰ্থিৱ জীৱনত আৰু আখিৰাতত সুপ্ৰতিষ্ঠিত ৰাখিব।" (ছুৰা ইব্ৰাহীমঃ ২৭)
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})মুমিন ব্যক্তিক কবৰত প্ৰশ্ন কৰা হ'ব। দুজন ফিৰিস্তা মুনকাৰ আৰু নাকীৰে তেওঁক প্ৰশ্ন কৰিব। কেইবাটাও হাদীছত এই দুটা নাম উল্লেখ হৈছে। এতেকে তেওঁ সাক্ষ্য দিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ (উপাস্য) নাই, আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ ৰাছুল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, এইটোৱে হৈছে সুপ্ৰতিষ্ঠিত বাক্য, যিটোৰ বিষয়ে মহান আল্লাহে কৈছেঃ যিসকলে ঈমান আনিছে, আল্লাহে তেওঁলোকক সুদৃঢ় বাক্যৰ দ্বাৰা পাৰ্থিৱ জীৱনত আৰু আখিৰাতত সুপ্ৰতিষ্ঠিত ৰাখিব। (ছুৰা ইব্ৰাহীমঃ ২৭)
ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মোক নিৰ্দেশ দিয়া হৈছে, মই যেন মানুহৰ সৈতে তেতিয়ালৈকে যুদ্ধ কৰোঁ যেতিয়ালৈকে সিহঁতে এই সাক্ষ্য প্ৰদান নকৰিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল। এইদৰে যেতিয়ালৈকে সিহঁতে নামাজ প্ৰতিষ্ঠা নকৰিব আৰু জাকাত আদায় নকৰিব। যেতিয়া সিহঁতে এইখিনি কাম কৰিব, তেতিয়াহে সিহঁতৰ তেজ, ধন-সম্পদ মোৰ ফালৰ পৰা সুৰক্ষিত থাকিব। কিন্তু ইছলামৰ বিধান অনুযায়ী যদি কোনো কাৰণত কিবা হয় তেন্তে সেয়া সুকীয়া বিষয়। আনহাতে সিহঁতৰ হিচাপ নিকাচৰ দায়িত্ব হৈছে আল্লাহৰ ওপৰত।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহে তেখেতক মুশ্বৰিকসকলৰ সৈতে যুদ্ধ কৰাৰ নিৰ্দেশ দিছে, যেতিয়ালৈকে সিহঁতে এই কথাৰ সাক্ষ্য প্ৰদান নকৰিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল। লগতে এই সাক্ষ্য অনুযায়ী যেতিয়ালৈকে আমল নকৰিব তথা দিনে ৰাতি পাঁচ ওৱাক্ত চালাত আদায় নকৰিব আৰু ফৰজ জাকাত হিতাধিকাৰীলৈ আদায় নিদিব। যদি সিহঁতে এইবোৰ কাম কৰে, তেন্তে ইছলামে সিহঁতৰ তেজ আৰু ধন-সম্পদ সুৰক্ষাৰ দায়িত্ব লব। তেতিয়া সিহঁতৰ সৈতে যুদ্ধ কৰা বৈধ নহয়। কিন্তু যদি কোনো গুৰুতৰ অপৰাধ কৰে অথবা কাৰোবাক হত্যা কৰে তেন্তে ইছলামৰ বিধান অনুযায়ী সি মৃত্যুদণ্ডৰে দণ্ডিত হ'ব। তাৰ পিছত ক্বিয়ামতৰ দিনা তাৰ হিচাপ নিকাচ আল্লাহে কৰিব, কাৰণ তেৱেঁই গোপন তথ্য সম্পৰ্কে অৱগত।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মোৰ কাৰণে আল্লাহে মোৰ উম্মতৰ অনিচ্ছাকৃত ভুল-ত্ৰুটি ক্ষমা কৰি দিছে আৰু (বান্দাৰ) সেই কৰ্ম(কো ক্ষমা কৰিছে) যিটো সি কৰিবলৈ বাধ্য হৈছে।"
رواه ابن ماجه والبيهقي وغيرهماনবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মহান আল্লাহে এই উম্মতৰ তিনিটা অৱস্থাৰ ত্ৰুটিক ক্ষমা কৰিছে। প্ৰথমঃ অজানিতে হোৱা ভুল ত্ৰুটি। অৰ্থাৎ কোনো মুছলিমে এনেকুৱা কোনো কাম কৰি পেলাইছে, যিটো কৰিবলৈ তাৰ কোনো উদ্দেশ্য নাছিল। দ্বিতীয়ঃ পাহৰি কোনো ভুল কৰিছে। অৰ্থাৎ এনেকুৱা কোনো ভুল কাম কৰিছে, যিটো কৰাৰ সময়ত মনত নাছিল, তেনে অৱস্থাতো কোনো গুনাহ নহ'ব। তৃতীয়ঃ সামৰ্থ অনুযায়ী চেষ্টা কৰা সত্ত্বেও বলপূৰ্বকভাৱে কোনো কাম কৰিবলৈ বাধ্য হোৱা, এনেকৈ বাধ্য হৈ কোনো কাম কৰিলে তাৰ কোনো গুনাহ নহ'ব। ইয়াত লক্ষ্যণীয় বিষয়টো হৈছে এই যে, হাদীছৰ আলোচ্য বিষয় হৈছে— বান্দা আৰু তাৰ প্ৰতিপালকৰ মাজত কোনো নিষিদ্ধ কাম কৰি পেলোৱা। কিন্তু যদি কোনোবাই ভুলতে ফৰজ আমল পৰিত্যাগ কৰে, তেন্তে সেইটো মাফ নহয়। এইদৰে যদি তাৰ সেই কামৰ ফলত বেলেগ কাৰোবাৰ ক্ষতি হয়, তেন্তে সেইটোও মাফ নহয়। যেনে- যদি কোনোবাই ভুলতে কাৰোবাক হত্যা কৰে, তেন্তে তাৰ ওপৰত দিয়ত (বা ৰক্তপণ) আদায় দিয়াটো আৱশ্যক হ’ব; এইদৰে যদি কোনোবাই ভুলতে কাৰোবাৰ গাড়ীৰ ক্ষতি কৰিছে, তেন্তে সি তাৰ গাড়ীৰ ক্ষতিপূৰণ দিব লাগিব।