





























Hadeeth Cards
Da'wa cards that highlight great meanings from the noble prophetic hadiths in a simple style and attractive display that helps the Muslim to have a deeper understanding of his religion in an easy way
All
ইমৰাণ বিন হুচাইন ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মোৰ কেচুমূৰীয়া বেমাৰ আছিল। সেয়ে মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক নামাজ পঢ়া সম্পৰ্কে সুধিলোঁ। তেখেতে ক'লেঃ থিয় হৈ চালাত আদায় কৰা, যদি নোৱাৰা তেন্তে বহি আদায় কৰা, যদি বহিও নোৱাৰা তেন্তে কাতি হৈ শুই শুই আদায় কৰা।
(বুখাৰী)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, নামাজ মূলতে থিয় হৈ পঢ়িব লাগে, কিন্তু অক্ষমতা অৱস্থাতহে বহি পঢ়িব পাৰে। যদি বহি পঢ়িবলৈও সক্ষম নহয় তেন্তে তেওঁ কাতি হৈ শুই নামাজ পঢ়িব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেখেতে কৈছেঃ এজন অন্ধ লোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি নিবেদন কৰিলে যে, হে আল্লাহৰ ৰাছুল! মোক মছজিদত লৈ আনিব পৰা কোনো মানুহ নাই। এতেকে সেই ব্যক্তিয়ে নিজৰ ঘৰত চালাত আদায় কৰিবলৈ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত অনুমতি বিচাৰিলে। ফলত তেখেতেও তেওঁক অনুমতি প্ৰদান কৰিলে। কিন্তু যেতিয়া তেওঁ উভতি যাবলৈ ধৰিলে, তেতিয়া তেখেতে তেওঁক মাতি ক’লে, ‘‘তুমি আজান শুনা পোৱানে?’’ তেওঁ ক’লে, ‘হয়, শুনা পাওঁ।’ তেখেতে ক’লে, ‘‘তেনেহ’লে তুমি সঁহাৰি দিয়া।’’ [অর্থাৎ মছজিদলৈ আহি চালাত আদায় কৰা।]
(মুছলিম)হাদীছটোত উল্লেখ হৈছে যে, এজন দৃষ্টিহীন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! মোক সহায় কৰিব পৰা কোনো নাই, যিয়ে পাঁচ ওৱাক্ত নামাজৰ বাবে মোৰ হাতত ধৰি মোক মছজিদলৈ আনিব। সেয়ে তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত জামাতত নামাজ নপঢ়াৰ অনুমতি বিচাৰি আবেদন কৰিলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামেও তেওঁ অনুমতি প্ৰদান কৰিলে। কিন্তু ব্যক্তিজন যেতিয়া উভতি যাব ধৰিলে তেতিয়া তেখেতে তেওঁক মাতি ক'লেঃ তুমি আজান শুনিব পাৰানে? তেওঁ ক'লেঃ হয়। এই কথা শুনি তেখেতে ক'লেঃ তেন্তে তুমি আজানৰ প্ৰতি সঁহাৰি প্ৰদান কৰি মছজিলৈ আহিব লাগিব।
আলী ইবনে আবি তালিব আৰু মু‘আজ ইবনে জাবাল ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা মাৰফূ‘ হিচাপে বৰ্ণিত, “যেতিয়া তোমালোকৰ মাজৰ কোনোবাই চালাতত উপস্থিত হয় আৰু ইমাম নিজৰ অৱস্থাত থাকে, তেতিয়া তাৰ সেইটোৱে কৰা উচিত যিটো ইমামে কৰে।”
(তিৰমিজী)যেতিয়া তোমালোকৰ মাজৰ কোনোবাই চালাতত উপস্থিত হয় আৰু ইমাম নিজৰ অৱস্থাত থাকে, যেনে থিয় বা ৰুকূ নাইবা ছাজদাহ অথবা বহা অৱস্থাত থাকে, সেই ব্যক্তিয়েও ইমামৰ অনুসৰণ কৰা উচিত, অৰ্থাৎ থিয় হৈ থাকিলে থিয় হব লাগে আৰু ৰুকু অথবা ছাজাদত থাকিলে সেইটোৱে কৰা উচিত। ছাজদাহ অথবা ৰুকুৰ পৰা ইমাম থিয় হোৱাৰ অপেক্ষা কৰিব নালাগে, যিদৰে কিছুমানক এইদৰে অপেক্ষা কৰা দেখা যায়।
আব্দুল্লাহ বিন মাছউদ -ৰাদ্বিয়াল্লাহু আনহু-ৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক খুতবা এ হাজাত শিকাইছেঃ إِنَّ الحَمْدَ للهِ، نَسْتَعِيْنُهُ وَنَسْتَغْفِرُهُ، وَنَعُوْذُ بِهِ مِنْ شُرُوْرِ أَنْفُسِنَا، مَنْ يَهْدِ اللهُ فَلَا مُضِلَّ لَهُ، وَمَنْ يُضْلِلْ فَلَا هَادِيَ لَهُ، وَأَشْهَدُ أَنْ لَا إِلَهَ إِلَّا الله، وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُوْلُهُ، {يَا أَيُّهَا النَّاسُ اتَّقُوا رَبَّكُمُ الَّذِي خَلَقَكُمْ مِنْ نَفْسٍ وَاحِدَةٍ وَخَلَقَ مِنْهَا زَوْجَهَا وَبَثَّ مِنْهُمَا رِجَالًا كَثِيرًا وَنِسَاءً وَاتَّقُوا اللَّهَ الَّذِي تَسَاءَلُونَ بِهِ والأرحام إن الله كان عليكم رقيبا} [النساء: 1]، {يَا أَيُّهَا الَّذِينَ آمَنُوا اتَّقُوا اللَّهَ حَقَّ تُقَاتِهِ وَلَا تَمُوتُنَّ إِلَّا وَأَنْتُمْ مُسْلِمُونَ} [آل عمران: 102]، {يَا أَيُّهَا الَّذِينَ آمَنُوا اتَّقُوا اللَّهَ وَقُولُوا قَوْلًا سَدِيدًا (70) يُصْلِحْ لَكُمْ أَعْمَالَكُمْ وَيَغْفِرْ لَكُمْ ذُنُوبَكُمْ وَمَنْ يُطِعِ اللَّهَ وَرَسُولَهُ فَقَدْ فَازَ فَوْزًا عَظِيمًا} [الأحزاب:70 - 71] নিশ্চয় সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰেই প্ৰাপ্য, আমি তেওঁৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰোঁ আৰু তেওঁৰ ওচৰতেই ক্ষমা প্ৰাৰ্থনা কৰোঁ, লগতে আমি আমাৰ নফছৰ অনিষ্টতাৰ পৰা তেওঁৰ ওচৰতেই আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। যাক আল্লাহে হিদায়ত প্ৰদান কৰে, তাক কোনেও পথভ্ৰষ্ট কৰিব নোৱাৰে। আনহাতে যাক তেওঁ পথভ্ৰষ্ট কৰে, তাক কোনেও হিদায়ত দিব নোৱাৰে। মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, লগতে আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল আৰু তেওঁৰ বান্দা। "হে মানৱ! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা, যিজনে তোমালোকক এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে আৰু তাৰ পৰা তেওঁৰ স্ত্ৰী সৃষ্টি কৰিছে আৰু তেওঁলোক দুজনৰ পৰা বহুতো নৰ-নাৰী বিস্তাৰ কৰিছে; তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যাৰ নামৰ দোহাই দি তোমালোকে পৰস্পৰে অধিকাৰ সাব্যস্ত কৰা, লগতে তেজ-সম্পৰ্কীয় আত্মীয়তা ছিন্ন কৰাৰ ক্ষেত্ৰতো ভয় কৰা। নিশ্চয় আল্লাহ তোমালোকৰ ওপৰত পৰ্যবেক্ষক।" (ছুৰা নিছাঃ ১) "হে ঈমান্দাৰসকল! তোমালোকে যথাৰ্থভাৱে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু তোমালোকে মুছলিম (পৰিপূৰ্ণ আত্মসমৰ্পণকাৰী) নোহোৱালৈকে মৃত্যুবৰণ নকৰিবা।" (ছুৰা আলে ইমৰাণঃ ১০২) "হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু সঠিক কথা কোৱা; তেতিয়াহে তেওঁ তোমালোকৰ বাবে তোমালোকৰ আমলসমূহ সংশোধন কৰিব আৰু তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব। যি ব্যক্তিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে, তেওঁ নিশ্চয় মহা সফলতা অৰ্জন কৰিব।" (ছুৰা আহযাবঃ ৭০-৭১)
رواه أبو داود والترمذي والنسائي وابن ماجه وأحمدআব্দুল্লাহ ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক খুতবা এ হাজাত শিকাইছে। খুতবায়ে হাজাতৰ দ্বাৰা দৰাচলতে সেইবোৰ বাক্যক বুজোৱা হৈছে যিবোৰ শব্দ ভাষণ তথা কোনো গুৰুত্বপূৰ্ণ কামৰ পূৰ্বে কোৱা হয়। উদাহৰণস্বৰূপে খুতবায়ে নিকাহ আৰু খুতবায়ে জুমুআহ আদি। এই খুতবাটোৰ ভিতৰত কেইবাটাও গুৰুত্বপূৰ্ণ কথা নিহিত হৈ আছে। যেনে- এই কথা বৰ্ণনা কৰা হৈছে যে, সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰেই প্ৰাপ্য। একমাত্ৰ তেওঁৰ ওচৰতে সহায় প্ৰাৰ্থনাৰ কথা কোৱা হৈছে। তেওঁ একক তথা অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই। গুনাহ মাৰ্জনা কৰিবলৈ তথা আওকাণ কৰিবলৈ কোৱা হৈছে। এইদৰে নফছৰ অনিষ্টতাৰ লগতে সকলো প্ৰকাৰ অনিষ্টতাৰ পৰা তেওঁৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰাৰ কথা কোৱা হৈছে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, হিদায়ত হৈছে আল্লাহৰ হাতত। তেওঁ যাক হিদায়ত দিয়ে, তাক পথভ্ৰষ্ট কৰিব পৰা কোনো নাই, আনহাতে তেওঁ যাক পথভ্ৰষ্ট কৰে, তাক হিদায়ত দিব পৰা কোনো নাই। ইয়াৰ পিছত তাওহীদৰ সাক্ষ্য দানৰ কথা কোৱা হৈছে। অৰ্থাৎ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। লগতে এই সাক্ষ্য প্ৰদান কৰা যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। ইয়াৰ পিছত তেখেতে তিনিটা আয়াতৰ জৰিয়তে এই খুতবা সমাপ্ত কৰিছে। য'ত প্ৰথমেই সৰ্বশক্তিমান আল্লাহৰ তাক্বৱা অৱলম্বনৰ কথা কোৱা হৈছে, তথা তেওঁৰ সন্তুষ্টি অৰ্জন কৰাৰ লক্ষৰে তেওঁৰ আদেশ পালন কৰিবলৈ আৰু তেওঁৰ নিষেধকৃত বিষয়সমূহৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছে। ইয়াৰ প্ৰতিদান হিচাপে কোৱা হৈছে যে, যিয়ে এইখিনি কাম কৰিব ইয়াৰ বিনিময়ত তাৰ কথা আৰু কৰ্ম সংশোধন হ'ব, পাপকৰ্ম মোচন হ'ব আৰু গুনাহসমূহ ক্ষমা হ'ব, লগতে পৃথিৱীত পৱিত্ৰ জীৱন লাভ কৰিব আৰু কিয়ামতৰ দিনা জান্নাতত প্ৰৱেশ কৰি সফলতা লাভ কৰিব।
আবু মুছা ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ অভিভাৱক অবিহনে বিবাহ নহয়।
(আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, অলী (অভিভাৱক) নোহোৱাকৈ নাৰীৰ বিবাহ শুদ্ধ নহয়, অলী হৈছে সেই ব্যক্তি, যাৰ হাতত নিকাহৰ বৈঠক অনুষ্ঠিত কৰাৰ অধিকাৰ আছে।
আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে কোনো চুক্তিবদ্ধ ব্যক্তিক হত্যা কৰিব, সি জান্নাতৰ ঘ্রাণো নাপাব। অথচ ইয়াৰ ঘ্রাণ চল্লিশ বছৰ দূৰত্বৰ পৰা পোৱা যায়।"
(বুখাৰী)হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা কঠোৰ সতৰ্কবাণী দিছে যে, যিয়ে কোনো চুক্তিবদ্ধ ব্যক্তিক হত্যা কৰিব, সি জান্নাতৰ ঘ্ৰাণো নাপাব, অথচ জান্নাতৰ সুগন্ধি চল্লিশ বছৰ দূৰত্বৰ পৰাও পোৱা যায়। চুক্তিবদ্ধ ব্যক্তিৰ দ্বাৰা সেই অমুছলিম ব্যক্তিক বুজোৱা হৈছে, যিয়ে নিৰাপত্তাৰ চুক্তিৰ অধীনত মুছলিম দেশত বাস কৰে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেখেতে কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উৎকোচ প্ৰদানকাৰী আৰু উৎকোচ গ্ৰহণকাৰী উভয়কে অভিশাপ কৰিছে।
(তিৰমিজী, আহমদ)উৎকোচ প্ৰদানকাৰী আৰু উৎকোচ গ্ৰহণকাৰী উভয়কে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বদ্দুআ কৰিছে, আৰু আল্লাহৰ ৰহমতৰ পৰা আঁতৰি থকাৰ অভিশাপ কৰিছে। উদাহৰণস্বৰূপে বিচাৰ প্ৰক্ৰিয়াত বিচাৰকক এই উদ্দেশ্যে উৎকোচ প্ৰদান কৰা, যাতে ফয়চালা উৎকোচ প্ৰদানকাৰীৰ পক্ষত হয়।
আব্দুল্লাহ ইবনে আমৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে মক্কাৰ পৰা মদীনালৈ উভতি অহাৰ পথত এটি পানী থকা কুঁৱাৰ ওচৰত আহি উপস্থিত হ'লোঁ। আমাৰ মাজৰ কিছুমানে আচৰৰ সময়ত সোনকালে অজু কৰিবলৈ গ'ল আৰু খৰখেদাকৈ অজু কৰিলে, ঠিক সেই সময়তে আমিও সিহঁতৰ ওচৰত গৈ উপস্থিত হ'লোঁ। তাত গৈ দেখিলোঁ, খৰখেদাকৈ অজু কৰাৰ কাৰণে সিহঁতৰ কিছুমানৰ ভৰিৰ গোৰোহা জিকাই নাছিল। এই দেখি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "সৰ্বনাশ! তোমালোকে পৰিপূৰ্ণৰূপে অজু কৰা, ভৰিৰ গোৰোহা (নিজিকা)ৰ কাৰণেও জাহান্নামৰ শাস্তি আছে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})নবী চাল্লাল্লাহু আলাইহি অছাল্লাম মক্কাৰ পৰা মদীনাৰ ছফৰত আছিল, তেখেতৰ সৈতে কিছুমান চাহাবাও আছিল। ভ্ৰমণকালত তেওঁলোকে পানীৰ এটা স্থান পালে। সেয়ে কিছুমান চাহাবাই আচৰৰ চালাতৰ কাৰণে অজু কৰাৰ উদ্দেশ্যে খৰধৰকৈ অজু কৰিবলৈ গ'ল। কিন্তু তেওঁলোকে খৰখেদাকৈ অজু কৰাৰ কাৰণে ভৰিৰ শেষৰ অংশখিনিত পানী ঢুকি পোৱা নাছিল। এই দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ ভৰিৰ গোৰোহা ধোৱাৰ ক্ষেত্ৰত অৱহেলা কৰাৰ কাৰণেও জাহান্নামত শাস্তি আছে তথা ধ্বংস আছে। লগতে তেখেতে নিৰ্দেশ দিছে যে, তোমালোকে পৰিপূৰ্ণৰূপে অজু কৰা।
ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: যেতিয়া মুআজ্জিনে কয়ঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, তেতিয়া তোমালোকেও কোৱাঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ। ইয়াৰ পিছত যেতিয়া আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ কয়, তেতিয়া তোমালোকেও কোৱাঃ আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ। ইয়াৰ পিছত যেতিয়া আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ কয়, তেতিয়া তোমালোকেও কোৱাঃ আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ। ইয়াৰ পিছত যেতিয়া হাই আলাচ্ছালাহ কয়, তেতিয়া কোৱাঃ লা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহ। ইয়াৰ পিছত যেতিয়া হাই আলাল ফালাহ কয়, তেতিয়াও কোৱাঃ লা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহ। ইয়াৰ পিছত যেতিয়া আল্লাহু আকবাৰ, আল্লাহু আকবাৰ কয়, তেতিয়া তোমালোকেও কোৱাঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ। ইয়াৰ পিছত যেতিয়া লা ইলা-হা ইল্লাল্লাহ কয়, তেতিয়া তোমালোকেও কোৱাঃ লা ইলা-হা ইল্লাল্লাহ। যিয়ে আন্তৰিকতাৰে এই উত্তৰ প্ৰদান কৰিব, তেওঁ জান্নাতত প্ৰৱেশ কৰিব।
(মুছলিম)আজান হৈছে মানুহক দিয়া এটা জাননী যে, নামাজৰ সময় হৈছে। আজানৰ শব্দবোৰত আক্বীদাৰ বিষয়খিনিকো সামৰি লোৱা হৈছে। উক্ত হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, মুআজ্জিনে যিবোৰ বাক্য উচ্চাৰণ কৰে সেইবোৰ বাক্যৰ জৰিয়তেই আজানৰ উত্তৰ দিব লাগে। উদাহৰণস্বৰূপে মুআজ্জিনে যেতিয়া কয়ঃ "আল্লাহু আকবাৰ", তেতিয়া শ্ৰৱণকাৰীয়েও কোৱা উচিত "আল্লাহু আকবাৰ"। কেৱল হাই আলাচ্ছালাহ আৰু হাই আলাল ফালাহৰ উত্তৰত "লা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহ" ক'ব লাগে। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথাও উল্লেখ কৰিছে যে, যিয়ে আজানৰ উত্তৰ আন্তৰিকতাৰে দিব, তেওঁ জান্নাতত প্ৰৱেশ কৰিব। আজানৰ শব্দবোৰৰ অৰ্থঃ "আল্লাহু আকবাৰ"। অৰ্থাৎ সৰ্বশক্তিমান আল্লাহ আটাইতকৈ মহান, সৱাতোকৈ ডাঙৰ। "আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ"। অৰ্থাৎ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। "আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ"। অৰ্থাৎ মই আন্তৰিক আৰু মৌখিক স্বীকাৰোক্তি দিওঁ যে, মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল। সৰ্বশক্তিমান আল্লাহে তেওঁক প্ৰেৰণ কৰিছে। তেখেতৰ আনুগত্য কৰা ওৱাজিব। "হাই আলাচ্ছালাহ"। অৰ্থাৎ নামাজলৈ আহা। ইয়াৰ উত্তৰত শ্ৰৱণকাৰীয়ে ক'ব লাগেঃ "লা হাওলা অলা কুওৱাতা ইল্লা বিল্লাহ"। অৰ্থাৎ তেওঁৰ শক্তি অবিহনে আনুগত্যৰ পথত থকা বাধাৰ পৰা ৰক্ষা পোৱাৰ কোনো উপায় নাই, লগতে তেওঁৰ ক্ষমতা আৰু তাওফীক অবিহনে কোনো কাম কৰাৰো সামৰ্থ নাই। "হাই আলাল ফালাহ"। অৰ্থাৎ সফলতাৰ ফালে আহা। সেয়া হৈছে জান্নাত লাভৰ সফলতা আৰু জাহান্নামৰ পৰা মুক্তি পোৱাৰ সফলতা।